31.05.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে পঢ়িব আৰু পঢ়াব লাগে, আনন্দ আৰু পদৰ আধাৰ হৈছে পঢ়া”

প্ৰশ্ন:
সেৱাৰ সফলতাৰ কাৰণে কোনটো মুখ্য গুণ লাগে?

উত্তৰ:
সহনশীলতাৰ। প্ৰত্যেক কথাতে সহনশীল হৈ পৰস্পৰ সংগঠিত হৈ সেৱা কৰা। ভাষণ আদিৰ কাৰ্যসূচী হাতত লোৱা। মনুষ্যক নিদ্ৰাৰ পৰা জগাবৰ কাৰণে অনেক ব্যৱস্থা ওলাব। যিসকল ভাগ্যৱান হ’বলগীয়া আছে তেওঁলোকে পঢ়াও ৰুচীৰে পঢ়িব।

গীত:
হমে্ উন ৰাহো পৰ্ চলনা হে..... (আমি সেইটো মাৰ্গত চলিব লাগে…..)

ওঁম্শান্তি।
তোমালোক সন্তানসকল কি বিচাৰ কৰি ইয়াত মধুবনলৈ আহা! কি পাঠ পঢ়িবলৈ আহা? কাৰ ওচৰত? (বাপদাদাৰ ওচৰত) এয়া হৈছে নতুন কথা। কেতিয়াবা এনেকৈও শুনিছানে যে বাপদাদাৰ ওচৰত পঢ়িবলৈ যায়, সেয়াও বাপদাদা দুয়ো একত্ৰিত হৈ আছে। আচৰিত হয় নহয়। তোমালোক হৈছা বিস্ময়কৰ পিতাৰ সন্তান। তোমালোক সন্তানসকলেও ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানিছিলা। এতিয়া সেই ৰচয়িতা আৰু ৰচনাক তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। যিমান জানিছা আৰু যিমানে আনক বুজোৱা সিমানে আনন্দিত হ’বা আৰু সেই অনুসৰিয়ে ভৱিষ্যতৰ পদ হ'ব। মূল কথা হৈছে এতিয়া আমি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানো। কেৱল আমি ব্ৰাহ্মণ-ব্ৰাহ্মণীসকলেহে জানো। যেতিয়ালৈকে জীয়াই থাকিবা, এইটো নিশ্চয়তা থাকিব লাগে যে আমি বি.কে. আৰু শিৱবাবাৰ পৰা গোটেই বিশ্বৰ উত্তৰাধিকাৰ লৈ আছোঁ। পূৰা ৰীতিৰে পঢ়ে বা কমকৈ পঢ়ে, সেইটো কথা বেলেগ, তথাপিও জানাতো নহয়। আমি তেওঁৰ সন্তান আকৌ তাৰ পাছত পঢ়া অথবা নপঢ়াৰ কথা আহে। সেই অনুসৰিহে পদ প্ৰাপ্ত হ'ব। কোলাত আহিছা নিশ্চয়তাতো থাকিব যে আমি বাদশ্বাহীৰ অধিকাৰী হওঁ। আকৌ পঢ়াৰ ক্ষেত্ৰতো ৰাতি-দিনৰ পাৰ্থক্য হৈ যায়। কোনোৱেতো যথা ৰীতিৰে পঢ়ে আৰু পঢ়ায় আৰু অন্য একো নাভাবেই। বচ্ পঢ়িব আৰু পঢ়াব লাগে, এয়া অন্তিমলৈকে চলিব। বিদ্যাৰ্থী জীৱনত কেতিয়াও অন্তিমলৈকে পঢ়া নচলে। সময় থাকে। তোমালোকেতো যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে পঢ়িব আৰু পঢ়াব লাগে। নিজক সুধিব লাগে কিমানক ৰচয়িতা পিতাৰ পৰিচয় দিওঁ? মনুষ্যতো মনুষ্যই হয়। দেখাত একো পাৰ্থক্য নাথাকে। শৰীৰৰ ক্ষেত্ৰত পাৰ্থক্য নাই। এয়া ভিতৰত বুদ্ধিত পঢ়া ধ্বনিত হৈ থাকে। যিয়ে যিমান পঢ়িব, সিমান তেওঁ আনন্দিতও হৈ থাকিব। অন্তৰত এইটো থাকে যে মই নতুন বিশ্বৰ মালিক হ'মগৈ। এতিয়া আমি স্বৰ্গৰ দ্বাৰলৈ যাওঁ। নিজৰ অন্তৰক সদায় সুধি থাকিবা, আমাৰ মাজত কিমান পাৰ্থক্য আছে? পিতাই আমাক নিজৰ কৰি ল'লে, আমি কিহৰ পৰা কি হৈ যাওঁ। পঢ়াৰ ওপৰতেই সকলো নিৰ্ভৰ কৰে। পঢ়াৰ দ্বাৰা মনুষ্য কিমান উচ্চ হৈ যায়। সেয়াতো (লৌকিকৰ) সকলো অল্পকালৰ ক্ষণভংগুৰ পদবী। তাত একোৱেই নাই। যেন একো কামৰে নহয়। লক্ষণ একোৱেই নাছিল। এতিয়া এই পঢ়াৰ দ্বাৰা কিমান উচ্চ হৈ যোৱা। গোটেই মনোযোগ পঢ়াৰ প্ৰতি দিব লাগে। যাৰ ভাগ্যত আছে তেওঁলোকৰ অন্তৰ পঢ়াত লাগি থাকে। অন্যকো পঢ়াৰ কাৰণে ভিন্ন ভিন্ন ৰীতিৰে পুৰুষাৰ্থ কৰাই থাকে। অন্তৰে বিচাৰে তেওঁলোকক পঢ়াই বৈকুণ্ঠৰ মালিক কৰি তোলোঁ। মনুষ্যক নিদ্ৰাৰ পৰা জগাবৰ কাৰণে কিমান মগজ খটুৱাই থাকে আৰু খটুৱাই থাকিব। এই প্ৰদৰ্শনী আদিতো একোৱেই নহয়, আগলৈ গৈ বুজাবৰ কাৰণে আৰু ব্যৱস্থা ওলাব। এতিয়া পিতাই পাৱন কৰি আছে গতিকে পিতাৰ শিক্ষাৰ প্ৰতি ধ্যান দিব লাগে। প্ৰত্যেক কথাত সহনশীলো হ'ব লাগে। পৰস্পৰ মিলি সংগঠিত হৈ ভাষণ আদিৰ কাৰ্যসূচী হাতত ল’ব লাগে। এক ‘অল্ফ’ অৰ্থাৎ ঈশ্বৰৰ ওপৰতো আমি বহুত ভালকৈ বুজাব পাৰোঁ। উচ্চতকৈও উচ্চ ভগৱান কোন হয়? এক ‘অল্ফ’ৰ ওপৰত তোমালোকে দুঘণ্টা ভাষণ দিব পাৰা। এইটোও তোমালোকে জানা যে ‘অল্ফ’ক স্মৰণ কৰিলে আনন্দিত হৈ থকা যায়। যদি সন্তানসকলৰ স্মৃতিৰ যাত্ৰাৰ প্ৰতি মনোযোগ কম, ‘অল্ফ’ক স্মৰণ নকৰে তেন্তে লোকচান নিশ্চয় হয়। সকলো স্মৃতিত থকাৰ ওপৰতে নিৰ্ভৰ কৰে। স্মৰণ কৰিলে একেবাৰে স্বৰ্গলৈ গুচি যায়। স্মৃতি পাহৰি যোৱাৰ কাৰণেই অৱনমিত হৈ যায়। এই কথাবোৰ অন্য কোনেও বুজিব নোৱাৰে। শিৱবাবাকতো নাজানেই। কোনোবাই যিমানেই জাকজমকতাৰে পূজা নকৰক, স্মৰণ নকৰক তথাপিও বুজি নাপায়।

তোমালোকে পিতাৰ পৰা বহুত শ্ৰেষ্ঠ সম্পত্তি পোৱা। ভক্তিমাৰ্গত কৃষ্ণৰ সাক্ষাৎকাৰ কৰিবৰ কাৰণে কিমান মগজ খটুৱায়, বাৰু দৰ্শন হ'ল যেনিবা তাৰ পাছত কি? লাভতো একোৱেই নহ'ল। জগতখনক চোৱা কোনবোৰ কথাক লৈ চলি আছে। তোমালোকে যেন কুঁহিয়াৰৰ মিঠা ৰস পান কৰা, বাকী সকলো মনুষ্যই বাকলি চুহি থাকে। তোমালোকে এতিয়া মিঠা ৰস পান কৰি পেট ভৰপূৰ কৰি আধাকল্প সুখ পোৱা, বাকী সকলোৱে ভক্তিমাৰ্গৰ বাকলি চুহি অৱনমিত হৈ আহে। এতিয়া পিতাই কিমান মৰমেৰে পুৰুষাৰ্থ কৰায়। কিন্তু ভাগ্যত নাথাকিলে মনোযোগ নিদিয়ে। নিজেও মনোযোগ নিদিয়ে আৰু আনকো দিবলৈ নিদিয়ে। নিজেও অমৃত পান নকৰে, আনকো পান কৰিবলৈ নিদিয়ে। বহুতৰে এনেকুৱা কৰ্মকাণ্ড চলে। যদি পূৰ্ণ ৰীতিৰে নপঢ়ে, দয়াশীল নহয়, কাৰো কল্যাণ নকৰে তেন্তে তেওঁ কি পদ পাব! পঢ়োঁতা আৰু পঢ়াওঁতাসকলে কিমান উচ্চ পদ পায়। যদি নপঢ়ে তেন্তে কি পদ হ'ব – তাৰ ফলাফলো আগলৈ গম পোৱা যাব। তেতিয়া বুজিব – যথাযথ বাবাই আমাক কিমান সাৱধান কৰি দিছিল। ইয়াত বহি আছা, বুদ্ধিত থাকিব লাগে - আমি বেহদৰ পিতাৰ ওচৰত বহি আছোঁ। তেওঁ আমাক কল্প পূৰ্বৰ দৰে ওপৰৰ পৰা আহি এই শৰীৰৰ দ্বাৰা পঢ়ায়। এতিয়া আমি পুনৰ পিতাৰ সন্মুখত বহি আছোঁ। তেওঁৰ সৈতেই আমি চলিব লাগে। এৰি থৈ যাব নালাগে। পিতাই আমাক লগত লৈ যাব। এই পুৰণি সৃষ্টি বিনাশ হৈ যাব। এই কথাবোৰ অন্য কোনেও নাজানে। আগলৈ গৈ জানিব, যথাযথ পুৰণি সৃষ্টি নাশ হৈ যাব। প্ৰাপ্তিতো একোৱেই নহ'ব। এই কথাবোৰ অন্য কোনেও নাজানে। বহুত পলম হৈ যাব। হিচাপ-নিকাচ নিষ্পত্তি কৰি সকলোৱে উভতি যাব লাগিব। এয়াও যিসকল বিচাৰ বুদ্ধি সম্পন্ন সন্তান আছে তেওঁলোকেহে জানে। সন্তান সেইসকল যিসকল সেৱাত উপস্থিত আছে। মাতা-পিতাক অনুসৰণ কৰে। যেনেকৈ পিতাই আত্মিক সেৱা কৰে তেনেকৈ তোমালোকেও কৰিব লাগে। বহুত সন্তান আছে যিসকলৰ এইটো চিন্তন চলি থাকে, যিসকলৰ বাবাই মহিমা গায়, তেওঁলোকৰ দৰে হ'ব লাগে। শিক্ষকতো সকলোৱে পায়। ইয়ালৈও সকলো আহে। ইয়াততো ডাঙৰ শিক্ষক বহি আছে। যদি পিতাক স্মৰণেই নকৰে তেন্তে শুধৰণি কেনেকৈ হ'ব। জ্ঞানতো বহুত সহজ। 84 জন্মৰ চক্ৰ, কিমান সহজ। কিন্তু কিমান মগজ খটুৱাবলগীয়া হয়। পিতাই কিমান সহজ কথা বুজায়। পিতাক আৰু 84ৰ চক্ৰক স্মৰণ কৰিলে নাও পাৰ হৈ যাব। এইটো বাৰ্তা সকলোকে দিব লাগে। নিজৰ অন্তৰক সোধা - কিমানলৈকে বাৰ্তাবাহক হৈছোঁ? যিমানে বহুতকে জগাই তুলিবা সিমানে পুৰস্কাৰ পাবা, যদি নজগাওঁ তেন্তে নিশ্চয় ক'ৰবাত শুই আছোঁ তেনেস্থলত মই ইমান উচ্চ পদতো নাপাম। বাবাই নিতৌ কয় - সন্ধিয়া নিজৰ গোটেই দিনটোৰ খতিয়ান উলিওৱা। সেৱাতো থাকিব লাগে। মূল কথা হৈছে পিতাৰ পৰিচয় দিয়া। পিতাইহে ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিছিল। এতিয়া নৰক পুনৰ স্বৰ্গ হ'ব। চক্ৰতো ঘূৰিবই। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। পিতাক স্মৰণ কৰা তেতিয়া বিকাৰ আঁতৰি যাব। সত্যযুগত বহুত কমসংখ্যক থাকে। আকৌ ৰাৱণৰ ৰাজ্যত কিমান বৃদ্ধি হয়। সত্যযুগত 9 লাখ আকৌ লাহে লাহে বাঢ়ি গৈ থাকিব। যিসকল আগতে পাৱন আছিল তেওঁলোকেই আকৌ পতিত হৈ যায়। সত্যযুগত দেৱতাসকলৰ পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল। তেওঁলোকেই পুনৰ অপৱিত্ৰ প্ৰবৃত্তিধাৰী হৈ যায়। ড্ৰামা অনুসৰি এই চক্ৰ ঘূৰিবই। এতিয়া পুনৰ তোমালোক পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ হৈ আছা। পিতাহে আহি পৱিত্ৰ কৰি তোলে। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। তোমালোক আধাকল্প পৱিত্ৰ আছিলা আকৌ ৰাৱণৰ ৰাজ্যত তোমালোক পতিত হৈ গৈছা। এয়াও তোমালোকে এতিয়া বুজি পোৱা। আমিও একেবাৰে মূল্যহীন আছিলোঁ। এতিয়া কিমান জ্ঞান প্ৰাপ্ত হৈছে। যাৰ দ্বাৰা আমি কিহৰ পৰা কি হৈ যাওঁ! বাকী ইমানবিলাক যি ধৰ্ম আছে, এইবোৰ সকলো নাশ হৈ যাব। সকলো এনেকৈ মৰিব যেনেকৈ জীৱ-জন্তু মৰে। যেনেকৈ বৰফ পৰিলে কিমান জন্তু-পক্ষী আদি মৰি যায়। প্ৰাকৃতিক দুৰ্যোগো আহিব। এই সকলোবোৰ নাশ হৈ যাব। এই সকলোবোৰ মৃতকৰ দৰে পৰি আছে। এই দুচকুৰে তোমালোকে যি দেখিবলৈ পোৱা সেয়া আগলৈ নাথাকিবগৈ। নতুন সৃষ্টিত একেবাৰে কমসংখ্যকহে থাকিব। এই জ্ঞান তোমালোকৰ বুদ্ধিত আছে, জ্ঞানৰ সাগৰ পিতাইহে তোমালোকক জ্ঞানৰ উত্তৰাধিকাৰ প্ৰদান কৰি আছে। তোমালোকে জানা যে গোটেই সৃষ্টিত মাথো আৱৰ্জনাই আছে। আমিও আৱৰ্জনাৰ মাজত মলিয়ন হৈ পৰি আছিলোঁ। বাবাই আৱৰ্জনাৰ পৰা উলিয়াই এতিয়া কিমান ফুলৰ দৰে গঢ়ি আছে। আমি এই শৰীৰ এৰিম, আত্মা পৱিত্র হৈ যাব।

পিতাই সকলোকে একে ৰসতে পাঠ পঢ়ায় কিন্তু বহুতৰে বুদ্ধি একেবাৰে জড়, একোৱে বুজিব নোৱাৰে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাই কয় - এওঁলোকৰ ভাগ্যত নাই তেন্তে ময়ো কি কৰিব পাৰোঁ। মইতো সকলোকে একে ৰসতে পঢ়াওঁ। পঢ়োঁতাসকলে ক্ৰমানুসৰি পঢ়ে। কোনোৱে যথা ৰীতিৰে বুজি লৈ আনক বুজায়, অন্যৰো জীৱন হীৰাতুল্য কৰি তোলে। কোনোৱেতো আনক গঢ়ি নোতোলেই। ওলোটা অহংকাৰ কিমান। যেনেকৈ বিজ্ঞানীসকলৰ বুদ্ধিমত্তাৰ কিমান অহংকাৰ থাকে, দূৰৈৰ আকাশ, সমুদ্ৰক চাব বিচাৰে। পিতাই কয় - ইয়াৰ দ্বাৰা একো লাভ নহয়। বিজ্ঞানৰ অহংকাৰীসকলে অবাবতে নিজৰ মগজ নষ্ট কৰি আছে। তেওঁলোকে বহুত বহুত দৰমহা পায়, সকলো নষ্ট কৰি থাকে। এনেকুৱা নহয় যে সোণৰ দ্বাৰকা তলৰ পৰা ওলাই আহিব। এয়াতো ড্ৰামাৰ চক্ৰ যি ঘূৰি থাকে। আকৌ আমি সময়ত গৈ নতুন সৃষ্টিত নিজৰ মহল সাজিম। কিছুমান আচম্বিত হয়, কি এনেকুৱাই ঘৰ পুনৰাই নিৰ্মাণ হ’ব। নিশ্চয়, পিতাই দেখুৱায় তোমালোকে পুনৰ এনেকুৱা সোণৰ মহল নিৰ্মাণ কৰিবা। তাততো সোণ বহুত থাকে। এতিয়ালৈকে কোনো কোনো ঠাইত সোণৰ পাহাৰ বহুত আছে কিন্তু সোণ উলিয়াব নোৱাৰে। নতুন সৃষ্টিততো সোণৰ অনেক খনি আছিল, সেইবোৰ শেষ হৈ গ'ল। এতিয়া চোৱা হীৰাৰ দাম কিমান। আজি ইমান দাম, কাইলৈ পাথৰ সদৃশ হৈ যাব। পিতাই তোমালোক সন্তানসকলক বহুত আশ্চৰ্যজনক কথা শুনায় আৰু সাক্ষাৎকাৰো কৰায়। তোমালোক সন্তানসকলৰ বুদ্ধিত এতিয়া এইটোৱেই থাকিব লাগে - আমি আত্মাসকলে নিজৰ ঘৰ এৰাৰ 5 হাজাৰ বছৰ হ'ল যাক মুক্তিধাম বুলি কয়। ভক্তিমাৰ্গত মুক্তিৰ কাৰণে কিমান মগজ খটুৱায় কিন্তু এতিয়া তোমালোকে বুজি পোৱা যে পিতাৰ বাহিৰে কোনেও মুক্তি দিব নোৱাৰে। লগত লৈ যাব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত নতুন সৃষ্টি আছে, এইটো জানা যে এই চক্ৰ ঘূৰিব, অন্য কোনো কথাত যাব নালাগে। কেৱল পিতাক স্মৰণ কৰিব লাগে, সকলোকে এইটোৱেই কৈ থাকা - পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। পিতাই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিছিল নহয়। তোমালোকে মোৰ শিৱ জয়ন্তীও পালন কৰা। কিমান বছৰ হ'ল? 5 হাজাৰ বছৰৰ কথা। তোমালোক স্বৰ্গবাসী হৈছিলা পুনৰ 84ৰ চক্ৰ পৰিক্ৰমা লগালা। এয়াও ড্ৰামা ৰচি থোৱা আছে। মই আহি তোমালোকক এই সৃষ্টি চক্ৰৰ বিষয়ে বুজাওঁ। এতিয়া তোমালোক সন্তানসকলৰ বহুত ভালকৈ স্মৃতি উদয় হৈছে। আমি সকলোতকৈ উচ্চ ভূমিকা পালন কৰোঁতা হওঁ। আমাৰ ভূমিকা পিতাৰ সৈতে, আমি বাবাৰ শ্ৰীমতত বাবাৰ স্মৃতিত থাকি অন্যকো নিজৰ সমান কৰি গঢ়ি তোলোঁ। যিসকল কল্প পূৰ্বে আছিল তেওঁলোকেই হ'ব। সাক্ষী হৈ চাই থাকিব আৰু পুৰুষাৰ্থও কৰাই থাকিব। সদায় উৎসাহিত হৈ থাকিবলৈ নিতৌ একান্তত বহি নিজৰ সৈতে কথা পাতিবা। বাকী কিছু সময় এই অশান্ত সৃষ্টিত আছোঁ, পাছততো অশান্তিৰ নাম নাথাকিব। কোনেও মুখেৰে ক'ব নোৱাৰে যে মনৰ শান্তি কেনেকৈ পাম। শান্তিৰ কাৰণেতো যায় কিন্তু শান্তিৰ সাগৰতো এজন পিতাহে, অন্য কাৰো ওচৰত এই বস্তুটি নাই। তেনেকৈ তোমালোক সন্তানসকলৰ বুদ্ধিত ধ্বনিত হৈ থাকিব লাগে - ৰচয়িতা আৰু ৰচনাক জনা - এয়া হৈছে জ্ঞান। এটা শান্তিৰ কাৰণে, আনটো সুখৰ কাৰণে। সুখ হয় ধনেৰে। ধন নাথাকিলে মনুষ্য কোনো কামৰ নহয়। ধনৰ কাৰণে মনুষ্যই কিমান পাপ কৰে। পিতাই প্ৰচুৰ ধন দিছে। স্বৰ্গ হৈছে সোণৰ, নৰক হৈছে পাথৰৰ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সময় উলিয়াই একান্তত নিজে নিজৰ সৈতে কথা পাতি নিজক উৎসাহিত কৰিব লাগে। নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱাৰ লগতে সাক্ষী হৈ প্ৰত্যেকৰে ভূমিকা প্ৰত্যক্ষ কৰাৰ অভ্যাস কৰিব লাগে।

(2) পিতাক স্মৰণ কৰি নিজে নিজক শুধৰাব লাগে। নিজৰ অন্তৰক সুধিব লাগে যে মই বাৰ্তাবাহক হৈছোঁনে, কিমানক নিজৰ সমান কৰি গঢ়ি তোলোঁ?

বৰদান:
শ্ৰেষ্ঠ পুৰুষাৰ্থৰ দ্বাৰা চুড়ান্ত ফলাফলত প্ৰথম নম্বৰ লওঁতা উৰন্ত পখী হোৱা

চুড়ান্ত ফলাফলত প্ৰথম নম্বৰ ল’বলৈ – 1) অন্তৰৰ অবিনাশী বৈৰাগ্যৰ দ্বাৰা পাৰ হৈ যোৱা কথাবোৰ, সংস্কাৰ ৰূপী বীজ জ্বলাই দিয়া। 2) অমৃতবেলাৰ পৰা ৰাতিলৈকে ঈশ্বৰীয় নিয়ম আৰু মৰ্যাদাসমূহ সদায় পালন কৰাৰ ব্ৰত লোৱা আৰু 3) মনৰ দ্বাৰা, বাণীৰ দ্বাৰা আৰু সম্বন্ধ- সম্পৰ্কৰ দ্বাৰা নিৰন্তৰ মহাদানী হৈ, পুণ্য আত্মা হৈ দান পুণ্য কৰি থাকা। যেতিয়া এনেকুৱা শ্ৰেষ্ঠ উচ্চলৈ জপিওৱা পুৰুষাৰ্থ হ’ব তেতিয়া উৰন্ত পখী হৈ চুড়ান্ত ফলাফলত এক নম্বৰ হ’ব পাৰিবা।

স্লোগান:
বৃত্তিৰ দ্বাৰা বায়ুমণ্ডল শক্তিশালী কৰি তোলা এয়াই অন্তিমৰ পুৰুষাৰ্থ তথা সেৱা।


আত্মিক আভিজাত্য আৰু পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বিশেষ আত্মাসকলক বা মহান আত্মাসকলক দেশৰ বা বিশ্বৰ ব্যক্তিত্ব বুলি কোৱা হয়। পৱিত্ৰতাৰ ব্যক্তিত্ব অৰ্থাৎ প্ৰতিটো কৰ্মত মহানতা আৰু বিশেষত্ব। আত্মিক ব্যক্তিত্বধাৰী আত্মাই নিজৰ শক্তি, সময়, সংকল্প ব্যৰ্থত খৰচ নকৰে, সফল কৰে। এনেকুৱা ব্যক্তিত্বধাৰীয়ে কেতিয়াও সৰু সৰু কথাত নিজৰ মন-বুদ্ধি ব্যস্ত কৰি নাৰাখে।