31.05.26 Avyakt Bapdada
Assame
Murli
15.03.2010 Om Shanti Madhuban
“*“পৰমাত্ম প্ৰেমৰ
পাত্ৰ আত্মাসকল, দুখীসকলক সুখৰ অঞ্জলি দিয়া, ব্যৰ্থ সমাপ্ত কৰি
সমৰ্থ হোৱা আৰু সময় সমীপত আনা”*”
আজি বাপদাদাই নিজৰ
চাৰিওফালৰ পৰমাত্ম প্ৰিয় সন্তানসকলক চাই আছেহঁক। এনে পৰমাত্ম প্ৰিয় সন্তান কোটিৰ
ভিতৰত কিছুসংখ্যকহে আছে, কিয়নো এই সময়ছোৱাতহে পৰমাত্ম প্ৰেম অনুভৱ কৰিব পাৰি। গোটেই
কল্পত তোমালোকে আত্মাসকলৰ প্ৰেম, মহাত্মাসকলৰ, ধৰ্মাত্মাসকলৰ প্ৰেম অনুভৱ কৰিলা,
কিন্তু পৰমাত্ম প্ৰেম কেৱল এতিয়া এই সংগমযুগতহে প্ৰাপ্ত হয়, যিটো তোমালোক সকলো
সন্তানে অনুভৱ কৰি আছা। যদি কোনোবাই তোমালোকক সোধে পৰমাত্মা ক’ত আছে? তেন্তে কি
উত্তৰ দিবা? মোৰ সৈতে আছে। মোৰ সৈতেই বাস কৰে। মোৰ হৃদয়তেই বাস কৰে। এনেকুৱা অনুভৱ
কৰি আছা নহয়! তোমালোকে নিজেই জানা আৰু তোমালোকৰে এই প্ৰেমৰ অনুভৱ আছে যে আমাৰ হৃদয়ত
পিতাই বাস কৰে আৰু পিতাৰ হৃদয়ত আমি বাস কৰোঁ। জানা যে এই পৰমাত্ম প্ৰেমৰ নিচা অনুভৱ
কৰাৰ ভাগ্য কেৱল আমিহে লাভ কৰিছোঁ। যেতিয়া কাৰোবাৰ সৈতে প্ৰেম হৈ যায়, তেতিয়া তাৰ
চিন কি? তাৰ চিন হ’ল তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ যোৱা। গতিকে পৰমপিতা পৰমাত্মাই
তোমালোক সন্তানসকলৰ পৰা কি বিচাৰে, সেয়া তোমালোক সকলোৱেই জানা। পিতাৰ প্ৰতিগৰাকী
সন্তানৰ প্ৰতি এইটোৱেই আশা যে প্ৰতিগৰাকী সন্তান পিতাৰ সমান হওক। যেনেকুৱা পিতা,
তেনেকুৱা সন্তানৰো শ্ৰেষ্ঠ স্থিতি গঢ়ি উঠক। সেই শ্ৰেষ্ঠ স্থিতি কি? সম্পূৰ্ণ
পবিত্ৰতাৰ স্থিতি। এনে পবিত্ৰতা, যাৰ ফলত সপোনতো অপবিত্ৰতা আহিব নোৱাৰে। এনে
সম্পূৰ্ণ পবিত্ৰ স্থিতি গঢ়ি তুলিছা নহয়, এনে সম্পূৰ্ণ পবিত্ৰতা য’ত অপবিত্ৰতাৰ
নাম-গোন্ধেই নাই।
বৰ্তমান সময় সমীপত
অহাৰ বাবে বাপদাদাই এতিয়া এইটোৱেই ইংগিত দিছে যে সময়ৰ সমীপতা অনুসৰি ব্যৰ্থ সংকল্প
এয়াও অপবিত্ৰতাৰেই লক্ষণ। গোটেই দিনটোত এইটোও পৰীক্ষা কৰা যে কোনো ব্যৰ্থ সংকল্পই
অভিমান বা অপমানৰ ফালে নিজৰ পিনে টানি থকা নাইতো? কিয়নো আগবাঢ়ি গৈ থাকোঁতে যদি
পিতাৰ দ্বাৰা প্ৰদত্ত বৈশিষ্টসমূহক নিজৰ বৈশিষ্ট্য বুলি ভাবি অভিমান কৰা তেন্তে
সেইটোও ব্যৰ্থ সংকল্পই হ’ল। আৰু ‘মোৰ’ বোধৰ অশুভ সংকল্প – যেনে ‘মই কম নহয়’, ‘ময়ো
সকলো জানো’, ‘মোৰ এই সংকল্পই যথাৰ্থ, উচ্চ…’ – এই ‘মোৰ’ বোধৰ অভিমানৰ সংকল্পও
সূক্ষ্ম অপবিত্ৰতাৰ অংশ। গতিকে নিজক পৰীক্ষা কৰা যে কোনো প্ৰকাৰৰ অপবিত্ৰতাৰ ব্যৰ্থ
সংকল্পৰ কোনো অংশ ৰৈ যোৱাতো নাই? কিয়নো এতিয়া পবিত্ৰ সৃষ্টি, পবিত্ৰ ৰাজ্য ওচৰ চাপি
আহিছে। দুখ আৰু অশান্তি চাৰিওফালে ভিন্ন ভিন্ন ৰূপত বৃদ্ধি পাইছে, তাৰ বাবে
পবিত্ৰতাৰ প্ৰকম্পন অপৰিহাৰ্য। দুখ-অশান্তিৰ কাৰণ হ’ল অপবিত্ৰতা। গতিকে এতিয়া
অপবিত্ৰ আত্মাসকলৰ আৰু ভক্ত আত্মাসকলৰ দ্বৈত সেৱাৰ প্ৰয়োজন। বাণীৰ সেৱাতো বাপদাদাই
দেখিছে যে চাৰিওফালে ধুমধামেৰে চলি আছে, নিজৰ ওজৰ-আপত্তিও দূৰ কৰি আছা। কিন্তু এতিয়া
আত্মাসকলক অতিৰিক্ত শক্তিৰ কিৰণৰ প্ৰয়োজন। সেয়া হ’ল মনৰ সেৱাৰ দ্বাৰা শক্তিৰ কিৰণ
দিয়া, সাহস দিয়া, উল্লাস বা উৎসাহ-উদ্দীপনা যোগোৱা। গতিকে এই সময়ত দ্বৈত সেৱাৰ
প্ৰয়োজনীয়তা আছে। ইয়াৰ বাবে বাপদাদাই ক’লে যে প্ৰতিগৰাকী সন্তানে নিজক পূৰ্বপুৰুষ
বুলি ভাবা। তোমালোক এই কল্প-বৃক্ষৰ আধাৰ পূৰ্বপুৰুষ আৰু পূজনীয় আত্মা। বাপদাদাইতো
দুখী আত্মাসকলৰ আৰ্তনাদ শুনিয়েই থাকে। তোমালোক সন্তানসকললৈ তেওঁলোকৰ কাতৰোক্তি গৈ
পাব লাগে। যিমানেই সম্পূৰ্ণ পবিত্ৰ আত্মা হ’বা – হৈ আছা, হৈছাও, কিন্তু তাৰ সৈতে
এতিয়া মনৰ সেৱা বৃদ্ধি কৰিব লাগে।
আজি বিশ্বত সুখ-শান্তি,
সন্তোষ আত্মাসকলৰ মাজত হ্ৰাস পাইছে। গতিকে তোমালোক পৰমাত্ম প্ৰেমৰ পাত্ৰ আত্মাসকলে
এতিয়া প্ৰেমৰ, সন্তুষ্টতাৰ, আনন্দৰ অঞ্জলি দিয়াৰ প্ৰয়োজনীয়তা আছে। দুখীসকলক সুখৰ
অঞ্জলি দিব লাগে। এটা হ’ল মনৰ সেৱাৰ দ্বাৰা শক্তিৰ কিৰণ দিয়া আৰু দ্বিতীয়টো হ’ল
নিজৰ চেহেৰা আৰু চাল-চলনৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰা। এতিয়া যি সেৱা কৰি আছা আৰু
কৰিছাও, তাত বাপদাদা আনন্দিত হৈছে যে সেৱাত চাৰিওফালে উৎসাহ-উদ্দীপনা আছে, কিন্তু
এতিয়াও এটা সেৱা বাকী ৰৈ গৈছে। এতিয়ালৈকে এই কথাষাৰ হৈছে যে ব্ৰহ্মাকুমাৰীসকলে
মনুষ্য আত্মাক ভাল কৰি তোলে, এয়া যি অশুদ্ধ আচৰণ, অশুদ্ধ আচৰণৰ পৰা মুক্ত কৰি দিয়ে,
যিটো চৰকাৰে যুৱ চামৰ বাবে বিচাৰে, সেইটো সেৱা তোমালোকে বৰ ধুনিয়াকৈ কৰিছা। কিন্তু
এতিয়া পিতা আহিছে, পৰমাত্মা আহি গৈছে, পৰমাত্ম জ্ঞান এওঁলোকে দি আছে, মোৰ পিতা
উত্তৰাধিকাৰ দিবলৈ আহিছে – এতিয়া পিতাৰ ফালে দৃষ্টি গ’লে তেওঁলোককো পৰমাত্ম প্ৰেম,
পৰমাত্মাৰ আকৰ্ষণে আকৰ্ষিত কৰিব। ভাল ভাল বুলি কওঁতাতো হৈ গৈছে, কিন্তু পৰমাত্ম
পিতাৰ প্ৰত্যক্ষতাই আকৰ্ষিত কৰি ভাল কৰি তুলিব। গতিকে এতিয়া পিতাক চিনক যে যাক
স্মৰণ কৰে তেৱেঁই জ্ঞান দি আছে। তেওঁৰ পৰাই উত্তৰাধিকাৰ বা সম্পত্তি পাই থকা হৈছে।
গতিকে এতিয়া মনৰ সেৱাৰ দ্বাৰা পিতাৰ সমীপত আনা। নিজৰ চেহেৰা আৰু চাল-চলনৰ দ্বাৰা,
তোমালোকৰ নয়নত পিতা প্ৰত্যক্ষ হওক। গতিকে এতিয়া পৰস্পৰে পৰিকল্পনা কৰা।
বাপদাদাই দেখিছে যে
যি পৰিকল্পনা বাপদাদাই সময়ে সময়ে দিছে, সেয়া সন্তানসকলে বৰ বিধি পূৰ্ব্বক,
উৎসাহ-উদ্দীপনাৰে কৰিছে, কৰি আছে, ইয়াৰ বাবে বাপদাদাই সকলো সন্তানক পদম পদম গুণ
অভিনন্দন জনাই আছে। এতিয়া সংযোজন কৰা যে ভগৱানে উত্তৰাধিকাৰ দি আছে। এতিয়া যদি
উত্তৰাধিকাৰ নলয় তেন্তে কেতিয়া ল’ব। পিতাৰ দুখ অশান্তিৰ বায়ুমণ্ডল দেখি সন্তানসকলৰ
ওপৰত দয়া উপজিছে। পিতা আৰু তোমালোকে জানা যে এয়াতো অতিলৈ যাবই লাগে। অতি নহ’লে অন্ত
নহয়। এনে সময়ত আত্মাসকলক এইটো অনুভৱ কৰোৱা, কেৱল শুনোৱা নহয়, অনুভৱ কৰোৱা যে ভগৱানে
উত্তৰাধিকাৰ দি আছে। তোমালোক সকলোৱেও এইটোৱে সোধা নহয় যে এই পিতাৰ প্ৰত্যক্ষতা
কেতিয়া আৰু কেনেকৈ হ’ব। গতিকে ব্ৰহ্মাকুমাৰীসকলৰ ওচৰ পাইছেহি, কিন্তু
ব্ৰহ্মাকুমাৰীসকলক শিকায় কোনে! ব্ৰহ্মাকুমাৰীসকলৰ, ব্ৰহ্মাকুমাৰসকলৰ দাতা কোন?
প্ৰতিগৰাকী সন্তানে বুজি পায় নহয় যে ময়েই নিমিত্ত হওঁ। পিতাই এই দ্বায়িত্ব নিজৰ সৈতে
সন্তানসকলক দিছে। সন্তানে পিতাক প্ৰদৰ্শন কৰে। কোনো কোনোৱেহে যিহেতু পিতাক জানে,
তেন্তে চোৱা তোমালোক সকলোৱে পিতাক জানি কি কৰিলা? চিনি পালা, জানি ল’লা, গতিকে
সন্তান হৈ উত্তৰাধিকাৰৰ অধিকাৰী হৈ গলা। এতিয়া উত্তৰাধিকাৰ ল’বলগীয়া আত্মাসকলৰ শাৰী
লাগিব লাগে। আৰু শাৰী ৰৈ আছে কিয়? কিয়নো বহুত সন্তান এতিয়াও ব্যৰ্থ সংকল্পৰ শাৰীত
লাগি আছে। ‘কিয়’, ‘কি’, ‘কেনেকৈ’- এতিয়া এই সমাপ্তিত সময় দিয়ে, কিন্তু ব্যৰ্থ
সমাপ্ত হোৱা নাই ব্যৰ্থই সমৰ্থ হোৱাত বাধাৰ সৃষ্টি কৰে।
আজি বাপদাদাই ব্যৰ্থ
সংকল্প সমাপ্ত কৰিবৰ বাবে চাৰিওফালৰ সকলো সন্তানকে সাহস দিছে যে এতিয়াৰ পৰা ব্যৰ্থ
সমাপ্ত কৰি সদায় সমৰ্থ হোৱা আৰু সমৰ্থ কৰি তোলা। কেৱল বাৰ্তা বা বাৰ্তাবাহক হৈ
নাথাকিবা, সমৰ্থ কৰা, সমৰ্থ হোৱা, সমৰ্থ কৰি তোলা। ব্যৰ্থৰ সমাপ্তি দিৱস উদ্যাপন
কৰা, হ’ব পাৰিবানে? গতিকে বুজি পোৱানে যে ব্যৰ্থ সংকল্পই নিজৰো ক্ষতি সাধন কৰে, সময়
নষ্ট কৰে, চেহেৰাত সদায় আনন্দময় আৰু সৌভাগ্যশালী হোৱাৰ অনুভৱ কমকৈ কৰায়। সেইবাবে
এতিয়া সমাপ্তিৰ সময় সমীপত আনিব লাগে, কোনে? তোমালোক নহয় জানো। যিসকলে বুজি পায় যে
এতিয়া সমাপ্তিৰ সময় সমীপত আনিব লাগে, তাৰ বাবে ব্যৰ্থক সমাপ্ত কৰিবই লাগিব, কৰিব
লাগে নহয়, কৰিবই লাগিব, সপোনতো যাতে নাহে, সংকল্পতো বাদ দিয়া কিন্তু সপোনতো যাতে
নাহে – যিসকলে নিজকে এনেকুৱা সাহসী সন্তান বুলি ভাবা, তেওঁলোকে হাত দাঙা। মনৰ হাত
দাঙিছা নহয়। বাহুৰ হাত দঙাতো বহুত সহজ, কিন্তু মনৰ হাত দাঙিছানে? যিসকলে মনৰ হাত
দাঙিছা, তেওঁলোকে হাত দাঙা, মনৰ হাত। বাৰু।
এতিয়া বাপদাদাই সকলো
সন্তানকে এইটো বৰদান দিছে যে তোমালোক সকলোৱে আগন্তুক নতুন সৃষ্টিত 21 জন্মৰ বাবে
সদায় সুখী হৈ থাকিবা। পৰিশ্ৰম কৰিব নালাগে। সৃষ্টিৰ আউল-বাউল বা বেমেজালিবোৰত পৰিব
নালাগে। জীৱনত যি লাগে- তন, মন, ধন সকলো পাই যাবা। শৰীৰ সুস্থ, মন সুখী, ধন অপৰিসীম
– এয়া তোমালোকৰ 21 জন্মৰ অঙ্গীকাৰ। বাৰু, আজিকালিৰ দিনৰ হিচাপত বহুত কথা সলনি হৈ গৈ
আছে। চৰকাৰৰ নিয়ম-কানুনবোৰ সলনি হ’বলগীয়া আছে, মানুহৰ বৃত্তিবোৰো সলনি হ’বলগীয়া আছে।
গতিকে প্ৰত্যেকৰ জীৱনত ব্যৰ্থ কথাবোৰতো আহিবই, গতিকে ব্যৰ্থ সমাপ্ত কৰাৰ বাবে সমৰ্থ
সংকল্পৰ প্ৰয়োজন। আৱৰ্জনা শেষ কৰিবলৈ শ্ৰেষ্ঠ সংকল্প লাগে। গতিকে দৈনিক মুৰুলীত যি
বৰদান বা শ্লোগান আহে, সেয়া শুনা। এই বৰদানেই হ’ল শ্ৰেষ্ঠ সংকল্প। যেতিয়া ব্যৰ্থ
সংকল্প আহে, তেতিয়া মনক শ্ৰেষ্ঠ সংকল্পৰ প্ৰয়োজন হয়। মন খালী হৈ থাকিব নোৱাৰে। মনক
কিবা নহয় কিবা সংকল্প লাগিবই। গতিকে ব্যৰ্থ অৰ্থাৎ আৱৰ্জনাক শ্ৰেষ্ঠ কৰাৰ বাবে
তোমালোকক এই বৰদান আৰু শ্লোগান আদিৰ শব্দ মনটোক সলনি কৰিবলৈ লাগিব। দ্বিতীয়তে –
যেতিয়া ৰাতিপুৱা চকু মেলা, তেতিয়া প্ৰথমে শিৱবাবাক সুপ্ৰভাত জনোৱা। কৰিব পাৰিবানে?
চোৱা, প্ৰবাদ আছে যে ওৰে দিনটোত যদি কাৰোবাৰ ভাল মুখ দেখা যায়, তেন্তে গোটেই দিনটো
ভালকৈ পাৰ হয় আৰু যদি কোনোবা বেয়া কোনোবাক দেখে তেতিয়া কি কয়? কয় যে গম নাপাও কাৰ
মুখ দেখিলোঁ যে গোটেই দিনটোৱেই বেয়া গ’ল। তেন্তে সকলোতকৈ উত্তম বা ভাল কোন? শিৱবাবা।
শিৱবাবাৰ সৈতে প্ৰেম আছে নহয়। গতিকে চকু মেল খালেই শিৱবাবা, সুপ্ৰভাত আৰু চকু বন্ধ
কৰোঁতে অৰ্থাৎ ৰাতি যেতিয়া বিচনালৈ যাবা, তেতিয়া শিৱবাবা, শুভৰাত্ৰি। এয়াতো সহজ হয়
নহয়। তেতিয়া ওৰে দিনটো তোমালোকৰ ভাল হ’ব কাৰণ শুভ সংকল্পও লৈ ল’লা নহয়, বৰদানো শুনি
ল’লা। গতিকে এনেকুৱা কৰিবা। তোমালোকৰ প্ৰতি বাপদাদাৰ প্ৰেম আছে নহয়। গতিকে এনেকুৱা
কৰিলে তোমালোক আৰু আগবাঢ়ি যাবা। নিজৰ এই জীৱনতো আনন্দৰ অনুভৱ কৰিবা। কেতিয়াও দুখৰ
ঢৌ নাহিব। গতিকে মঞ্জুৰ আছেনে? আৰু সহজ যোগী হোৱা, বচ্। মই আত্মা, শিৱবাবাৰ সন্তান
– বচ্, এয়াই সহজযোগী। চলোঁতে ফুৰোঁতে বা কাম কৰি থাকোঁতে এইটো স্মৰণ কৰা যে মই
আত্মা, শিৱবাবাৰ সন্তান। এয়াতো স্মৰণ কৰিব পাৰা নহয়। বৰ ভাল কথা।
তোমালোক সকলো যিসকল
উত্তৰাধিকাৰী হোৱা আৰু উত্তৰাধিকাৰী হ’বলগীয়াও আছা, যিসকলে নিজক বাপদাদাৰ দৃঢ়
উত্তৰাধিকাৰী বুলি ভাবা, তেওঁলোকে হাত দাঙা। উত্তৰাধিকাৰী হোৱানে? ভি.আই.পি.সকলেও
হাত দাঙিছে। হাত চাপৰিতো বজোৱা। বাৰু। এতিয়া উত্তৰাধিকাৰী গুণসম্পন্নসকলে আজি এই
সংকল্প নিজৰ মাজত দৃঢ় কৰিবা, বাপদাদাৰ আগত এইটো সংকল্প কৰিবা যে আমি এতিয়াৰে পৰা,
কেতিয়াৰ পৰা নহয় – এতিয়াই ব্যৰ্থ সংকল্প সমাপ্ত কৰিহে ক্ষান্ত হ’ম। মঞ্জুৰ আছেনে?
মঞ্জুৰ আছেনে? যদি আছে, তেন্তে হাত দাঙা দুটা কাম আছে। এটা হ’ল সদায় সমৰ্থ হোৱা আৰু
দ্বিতীয়টো হ’ল সমৰ্থ সময় সমীপত আনা। কিয়নো বাপদাদাৰ ওচৰত মিনতি বা কাতৰোক্তি আৰু
দুখৰ হুমুনিয়াহ বৰকৈ শুনা পোৱা যায়। তোমালোকৰ ওচৰত কিয় শুনা নাযায় বাৰু। বাপদাদাই
যেতিয়া এনেকৈ শুনি থাকে, তেতিয়া তোমালোক সন্তানসকল যিসকলে নিজক উত্তৰাধিকাৰী বুলি
ভাবা, সম্পদ ল’বলগীয়া আছা, তেন্তে সম্পদ ল’বলগীয়াসকলৰ আনক সম্পদ দিয়াৰ ক্ষেত্ৰত দয়া
উপজিব লাগে নহয়। দয়া কিয় নাজাগে? বৈৰাগ্য, বেহদৰ বৈৰাগ্য আৰু দয়া ভাৱ জাগিব লাগে।
সৰু সৰু কথাবোৰত ‘কিয়’, ‘কি’ৰ শাৰীত সময় নষ্ট কৰিব নালাগে। এতিয়া হে বাপদাদাৰ কল্পৰ
পিছত পুনৰাই লগ পোৱা অতি মৰমৰ পদমা-পদম বৰদানৰ বৰদানী সন্তানসকল, এতিয়া সংকল্প দৃঢ়
কৰা আৰু দৃঢ়তাৰ চাবিকাঠী লগোৱা। কৰ্মযোগী হোৱা। কৰ্মযোগী জীৱন যাপন কৰোঁতা হোৱা।
জীৱন সদাকালৰ বাবে, কেতিয়াবা কেতিয়াবা নহয়। গতিকে এতিয়া নিজৰ কৃপালু, দয়ালু,
দুখহৰ্তা, সুখদাতা স্বৰূপ জাগ্ৰত কৰা। বাপদাদাই হঠাতে আহিবলগীয়া সময়ৰ কথা বহু সময়ৰ
পৰাই কৈ আহিছে। গতিকে সেই অকস্মাতে অহা সময়ৰ পূৰ্বে ভক্তসকলৰ কাতৰোক্তি পূৰণ কৰা।
দুখীসকলৰ দুখৰ শব্দতো শুনা। এতিয়া সৰু-বৰ প্ৰত্যেকে নিজক বিশ্ব পৰিৱৰ্তক, বিশ্বৰ
দুখ পৰিৱৰ্তন কৰি সুখৰ সৃষ্টি আনোঁতা দ্বায়িত্বশীল বুলি বুজা।
বাপদাদাৰ এই
অহা-যোৱাও বাৰু কেতিয়ালৈকে? সেইবাবে সকলো অকস্মাতে হ’বলগীয়া আছে। গতিকে এতিয়া
উত্তৰাধিকাৰী গুণসম্পন্ন হৈ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোৱা, দয়াশীল হোৱাৰ ভূমিকা পালন
কৰা। এনেকৈ নাভাবিবা যে কেতিয়ালৈকে হ’ব! অকস্মাতে হ’ব, সেইবাবে ব্যৰ্থ সমাপ্ত কৰিবই
লাগিব। হ’ব লাগে নহয়, কৰিবই লাগিব। বাপদাদাই ফলাফল দেখিলে, সকলোৰে কৰ্মৰ গতি পৰীক্ষা
কৰিলে। পুৰুষাৰ্থৰ গতি পৰীক্ষা কৰিলে। ভঁৰালত জমা হোৱাৰ খতিয়ান বা পুঁজি পৰীক্ষা
কৰিলে। তেন্তে ফলাফলত কি দেখিলে? জমা কৰাৰ পুৰুষাৰ্থ বৰ ধুনীয়াকৈ কৰে, কিন্তু যি জমা
কৰিছা তাত শতাংশৰ ভিন্নতা আছে। যিমান ভাবা যে জমা কৰিলোঁ, জমাতো হয় কিন্তু শতাংশৰ
হেৰফেৰ আছে – অলপ জমা হয়, সদাকালৰ বাবে জমা নহয়। যিমান কৰা তাৰ তুলনাত সদায়কালৰ বাবে
জমা হোৱাত পাৰ্থক্য থাকে, সেইবাবে দাপদাদাই এতিয়া একো একোটা কথাত দৃঢ় সংকল্প কৰায়।
ক্ৰোধৰ ওপৰত কৰালে, যাতে মনেৰেও কাৰো প্ৰতি অস্থিৰ নহয়। ‘কিয়’ ‘কি’ যাতে নহয়। কিন্তু
মুখেৰে কোনো কোনোৱে নিয়ন্ত্ৰণ ভালকৈ কৰিছে, কিন্তু মনৰ ভিতৰত অলপ অলপ চলি থাকে। মচি
পেলাবৰ বাবে চেষ্টা কৰি আছে, তথাপিও বাপদাদা আনন্দিত যে মনোযোগ দিছে। বুজিবলৈ লৈছে
যে ইয়াত মোৰেই ক্ষতি। বুজিলা। বাৰু।
এতিয়া চাৰিওফালৰ
পৰমাত্ম প্ৰেমী সন্তানসকলক, যিসকল সদায় পিতাৰ প্ৰেমত উৰি থাকে, তীব্ৰ পুৰুষাৰ্থী আৰু
সেৱাত নিৰ্বিঘ্ন সঁচা সেৱাধাৰী– এনেকুৱা চাৰিওফালৰ সন্তানসকলক বাপদাদায়ো চাই আছে,
লগতে দূৰৈৰসকলকো চাই আছে আৰু ইয়াত শান্তিবনতো যিসকলে ঠায়ে ঠায়ে পৰ্দাত চাই আছে, শুনি
আছে, সেই সকলো সন্তানকে বাপদাদাই “সদায় আনন্দিত হৈ থাকা আৰু আনন্দ বিলোৱা” – এইটো
বৰদান দি আছে। আনন্দময় চেহেৰা, তোমালোকৰ চেহেৰা কোনোবাই চালেই যাতে সেই চেহেৰা দেখি
আনন্দিত হৈ যায় – যেনেকুৱাই নহওক কিয়, তোমালোকৰ আনন্দময় চেহেৰা দেখি তেওঁ নিজেও যাতে
আনন্দিত হৈ যায় - এইটো বৰদান চাৰিওফালৰ সন্তান বা যিসকল সন্মুখত বহি আছে, তেওঁলোক
সকলোৰে বাবে এটাই বৰদান। কেতিয়াও যাতে চেহেৰা জঁই পৰি নাযায়। যদি তোমালোক জঁই পৰি
যোৱা, তেন্তে বিশ্বৰ অৱস্থা কি হ’ব! তোমালোক সদায় আনন্দময় চেহেৰা আৰু আনন্দময় চলনত
থাকিব লাগে আৰু আনকো তেনেকৈ ৰাখিব লাগে। এনেকুৱা সকলো তীব্ৰ পুৰুষাৰ্থী সন্তানক
বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু মৰমৰ সন্তানসকলক নমস্কাৰ।
বৰদান:
নিজৰ মূৰ্তৰ
দ্বাৰা পিতা আৰু শিক্ষকৰ চেহেৰা প্ৰত্যক্ষ কৰোঁতা অনুভৱী মূৰ্ত হোৱা
নিজৰ আচল অৱস্থাত
স্থিৰ হৈ থকা – এয়াই স্মৃতিৰ যাত্ৰা, যি হওঁ, যাৰ হওঁ – তাত স্থিৰ হৈ থকা, এইটো আচল
স্বৰূপৰ নিশ্চয়তা আৰু বহুবাৰ হোৱা বিজয়ৰ স্মৃতিৰে সদায় নিচা বা আনন্দৰ স্থিতিৰ
সাগৰত সাঁতুৰি থাকিবা। যিহেতু সুখদাতাৰ সন্তান হোৱা, তেন্তে দুখৰ ঢৌ কেনেকৈ আহিব
পাৰে, সৰ্বশক্তিমানৰ সন্তান শক্তিহীন কেনেকৈ হ’ব পাৰা। এইটো অৱস্থাৰ অনুভৱত থাকা,
তেতিয়া তোমালোকৰ মূৰ্তৰ পৰা পিতা তথা শিক্ষকৰ স্বৰূপ আপোনা-আপুনি প্ৰত্যক্ষ হ’ব।
স্লোগান:
সত্যবাদী
সেইজন যাৰ চেহেৰা আৰু চাল-চলনত দিব্যতা আছে।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
যেতিয়া তোমালোক
সন্তানসকলে নিজৰ এই ভ্ৰূকুটিৰ আসনত, অকালমূৰ্ত হৈ স্থিৰ হৈ থাকিবা তেতিয়া একৰস
স্থিতিৰ আসনত আৰু বাপদাদাৰ অন্তৰাসনত বিৰাজমান হ’ব পাৰিবা। যেতিয়া এই দৈৱী সংগঠনৰ
মূৰ্তত একৰস স্থিতিৰ প্ৰত্যক্ষ ৰূপত সাক্ষাৎকাৰ হ’ব তেতিয়া বাপদাদাৰ প্ৰত্যক্ষতা
সমীপত আহিব ইয়াৰ কাৰণে প্ৰত্যেকেই বাপদাদাৰ সংস্কাৰসমূহৰ সমান হ’ব লাগিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]