31.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ সময় নষ্ট কৰিব নালাগে, ভিতৰি জ্ঞান মন্থন কৰি থাকা তেতিয়া নিদ্ৰাজিৎ হৈ যাবা, হামি আদি নাহিব ”

প্ৰশ্ন:
তোমালোক সন্তানসকল পিতাৰ প্ৰতি কিয় উৎসৰ্গিত হৈছা? উৎসৰ্গিত হোৱাৰ অৰ্থ কি?

উত্তৰ:
উৎসৰ্গিত হোৱা অৰ্থাৎ পিতাৰ স্মৃতিত সমাহিত হৈ যোৱা। যেতিয়া স্মৃতিত সমাহিত হৈ যোৱা তেতিয়া আত্মাৰূপী বেটাৰী চাৰ্জ হৈ যায়। আত্মাৰূপী বেটাৰীৰ সংযোগ নিৰাকাৰ পিতাৰ সৈতে স্থাপন হয় তেতিয়া বেটাৰী চাৰ্জ হৈ যায়, বিকৰ্ম বিনাশ হৈ যায়। উপাৰ্জন জমা হৈ যায়।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, এতিয়া তোমালোক শৰীৰসহিত বহি আছা। এইটো জানা যে মৃত্যুলোকত এয়া অন্তিম শৰীৰ। তাৰপাছত কি হ’ব? আকৌ পিতাৰ লগত শান্তিধামত একত্ৰিত হ’বাগৈ। এই শৰীৰ নাথাকিব পুনৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্বৰ্গলৈ আহিবা, সকলোতো একেলগে নাহে। এয়া ৰাজধানী স্থাপনা হৈ আছে। যেনেকৈ পিতা শান্তিৰ সাগৰ, সুখৰ সাগৰ, সন্তানসকলকো তেনেকুৱা শান্তিৰ, সুখৰ সাগৰ কৰি আছে আকৌ গৈ শান্তিধামত বিৰাজমান হ’ব লাগে। সেয়েহে পিতাক, ঘৰক আৰু সুখধামক স্মৰণ কৰিব লাগে। ইয়াত তোমালোকে যিমানে এইটো অৱস্থাত বহা সিমানে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হয়, ইয়াকে যোগাগ্নি বুলি কোৱা হয়। সন্ন্যাসীসকলে কোনো সৰ্বশক্তিমানৰ লগত যোগসূত্ৰ নগঢ়ে। তেওঁলোকেতো বাস কৰা ঠাই ব্ৰহ্মৰ লগত যোগসূত্ৰ গঢ়ে। তেওঁলোক তত্ব যোগী, ব্ৰহ্ম অথবা তত্বৰ লগত যোগসূত্ৰ গঢ়োঁতা। ইয়াত জীৱ আত্মাসকলৰ খেলা হয়, তাত মৰমৰ ঘৰত কেৱল আত্মাসকল থাকে। সেই মৰমৰ ঘৰলৈ যাবৰ বাবে গোটেই জগতে পুৰুষাৰ্থ কৰে। সন্ন্যাসীসকলেও কয় – আমি ব্ৰহ্মত লীন হৈ যাম। এনেকৈ নকয় যে আমি ব্ৰহ্মত গৈ নিবাস কৰিম। এয়াতো তোমালোক সন্তানসকলে বুজি পাইছা। ভক্তিমাৰ্গত কিমান পৰস্পৰ বিৰোধী কথা শুনি থাকে। ইয়াততো পিতা আহি কেৱল দুটা শব্দ বুজায়। যেনেকৈ মন্ত্ৰ জপে নহয়। কোনোবাই গুৰুক স্মৰণ কৰে, কোনোবাই আন কাৰোবাক স্মৰণ কৰে। বিদ্যাৰ্থীয়ে শিক্ষকক স্মৰণ কৰে। এতিয়া তোমালোক সন্তানসকলৰ কেৱল পিতা আৰু ঘৰহে স্মৃতিত আছে। পিতাৰ পৰা তোমালোকে শান্তিধাম আৰু সুখধামৰ উত্তৰাধিকাৰ লোৱা। তাৰেই স্মৃতি অন্তৰত থাকে। মুখেৰে একো ক’ব নালাগে। বুদ্ধিৰে তোমালোকে জানা শান্তিধামৰ পাছত হৈছে সুখধাম। আমি প্ৰথমতে মুক্তিত তাৰপাছত জীৱনমুক্তিত যাম। মুক্তি-জীৱনমুক্তিদাতা এজনেই পিতা। পিতাই সন্তানসকলক বাৰে বাৰে বুজায় – সময় নষ্ট কৰা উচিত নহয়। জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে। এইটো জন্মৰ পাপ আদিতো স্মৃতিত থাকে। সত্যযুগত এনেকুৱা কথা নাথাকে। ইয়াত সন্তানসকলে জানে জন্ম-জন্মান্তৰৰ পাপৰ বোজা আছে। প্ৰথম নম্বৰত হ’ল কাম বিকাৰৰ বিকৰ্ম, যিটো জন্ম-জন্মান্তৰ কৰি আহিছা আৰু পিতাৰ নিন্দাও বহুত কৰিছা। যিজন পিতাই সকলোকে সৎগতি দিয়ে, তেওঁৰ কিমান নিন্দা কৰিছে, এই সকলোবোৰৰ প্ৰতি ধ্যান দিব লাগে। এতিয়া যিমান সম্ভৱ পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। বাস্তৱত “বাঃ সৎগুৰু!” বুলি কোৱা হয়, গুৰু বুলিও নকয়। “বাঃ গুৰু!”ৰ কোনো অৰ্থ নাই। “বাঃ সৎগুৰু!” মুক্তি-জীৱনমুক্তি তেৱেঁই দিয়ে নহয়। সেই গুৰুতো অনেক আছে। এয়া হ’ল এজন সৎগুৰু। তোমালোকতো বহুত গুৰুৰ শৰণাপন্ন হৈছা। প্ৰতিটো জন্মত 2-4 জন গুৰুৰ ওচৰলৈ গৈছা। গুৰুৰ শৰণাপন্ন হৈ আকৌ আন আন ঠাইলৈ যায়। কিজানি ইয়াতকৈ ভাল ৰাস্তা পোৱা যায়, আন আন গুৰুৰ ওচৰত গৈও চেষ্টা কৰি থাকে। কিন্তু একোৱে নাপায়। এতিয়া তোমালোক সন্তানসকলে জানা যে ইয়াততো থাকিব নালাগে। সকলো শান্তিধামলৈ যাব লাগে। পিতাই তোমালোকৰ নিমন্ত্ৰণ পাই আহিছে। তোমালোকক সোঁৱৰাই দিয়ে, তোমালোকে মোক ক’লা যে আহক, আমাক পতিতৰ পৰা পাৱন কৰি তোলক। পাৱন শান্তিধামো হয়, সুখধামো হয়। আহ্বান জনায় যে আমাক ঘৰলৈ লৈ যাওঁক। ঘৰ সকলোৰে স্মৃতিত আছে। আত্মাই ততালিকে ক’ব – আমাৰ নিবাস স্থান হৈছে পৰমধাম। পৰমপিতা পৰমাত্মাও পৰমধামত থাকে। আমিও পৰমধামত থাকোঁ।

এতিয়া পিতাই বুজাইছে - তোমালোকৰ বৃহস্পতিৰ দশা চলি আছে। এয়া হৈছে বেহদৰ কথা। বেহদৰ দশা সকলোৰে চলি আছে। চক্ৰ ঘূৰি থাকে। আমিয়ে সুখৰ পৰা দুখত, আকৌ দুখৰ পৰা সুখত আহোঁ। শান্তিধাম, সুখধাম আকৌ এয়া হৈছে দুখধাম। এয়াও তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা, মনুষ্যৰতো বুদ্ধিত ধাৰণ নহয়। এতিয়া পিতাই জীৱন্তে মৰিবলৈ শিকাই আছে। চগাপোক জুইৰ শিখাত জাহ যায়। কোনোবা তেওঁৰ প্ৰেমিকা হৈ জ্বলি যায়, উৎসৰ্গিত হৈ যায়, কোনোবাই আকৌ পৰিক্ৰমা লগাই গুচি যায়। এয়াও বেটাৰী নহয় জানো, সকলোৰে বুদ্ধিযোগ সেই এজনৰ লগত। নিৰাকাৰ পিতাৰ লগত যেন বেটাৰী সংযোগ হৈ আছে। এই আত্মাটিতো (ব্ৰহ্মাৰ) বহুত ওচৰত আছে সেয়েহে বহুত সহজ হয়। পিতাক স্মৰণ কৰিলে তোমালোকৰ বেটাৰী ‘চাৰ্জ’ হৈ গৈ থাকে। তোমালোক সন্তানসকলৰ অলপ কঠিন হয়, এওঁৰ বাবে (ব্ৰহ্মা) সহজ। তথাপিও এওঁ পুৰুষাৰ্থতো কৰিবলগীয়া হয়, যিমান তোমালোক সন্তানসকলে কৰিবলগীয়া হয়। এওঁ যিমান ওচৰত সিমানে আকৌ বোজাও বহুত। গায়নো আছে - যাৰ মূৰত দায়িত্ব… এওঁৰ ওপৰততো বহুত দায়িত্ব আছে নহয়। পিতাতো হয়েই সম্পূৰ্ণ, এৱোঁ সম্পূৰ্ণ হ’ব লাগে, এওঁ সকলোৰে বহুত চোৱা-চিতা কৰিব লাগে। যদিও দুয়ো একত্ৰিত হৈ আছে তথাপিও খেয়ালতো চলে নহয়। কন্যাসকলে কিমান মাৰ খাবলগীয়া হয় তেতিয়া যেন বহুত দুখ পায়। কৰ্মাতীত অৱস্থাতো অন্তিমৰ ফালে হ’ব, তেতিয়ালৈ খেয়াল চলি থাকে। কন্যাসকলৰ চিঠি নাহিলে তেতিয়াতো খেয়াল চলে – বেমাৰতো হোৱা নাই? সেৱাৰ খবৰ আহিলে পিতাই নিশ্চয় তেওঁক স্মৰণ কৰিব। বাবাই এই শৰীৰেৰে সেৱা কৰে। কেতিয়াবা মুৰুলী অলপ চলে, এনেয়েতো 2-4 দিন মুৰুলী নাহিলেও, তোমালোকৰ ওচৰত সাৰ কথাবোৰ থাকে। তোমালোকেও নিজৰ দিনলিপি চোৱা উচিত। বেজৰ ওপৰতো তোমালোকে ভালদৰে বুজাব পাৰা। যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তেতিয়া আন ধৰ্ম নাছিল। কল্পবৃক্ষৰ চিত্ৰও নিশ্চয় লগত থকা উচিত। বিভিন্ন ধৰ্মৰ ৰহস্য বুজাবলগীয়া হয়। প্ৰথমে এক অদ্বৈত ধৰ্ম আছিল। বিশ্বত শান্তি, সুখ, পৱিত্ৰতা আছিল। পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায় কিয়নো পিতা শান্তিৰ সাগৰ, সুখৰ সাগৰ নহয় জানো। আগতে তোমালোকেও একো জনা নাছিলা। এতিয়া যেনেকৈ পিতাৰ বুদ্ধিত এই সকলোবোৰ আছে, তেনেকুৱা তোমালোকো হোৱা। সুখ, শান্তিৰ সাগৰ তোমালোকো হোৱা। নিজৰ খতিয়ান চাব লাগে – কোনটো কথাত দুৰ্বলতা আছে? মই যথাযথ প্ৰেমৰ সাগৰ হওঁনে, এনেকুৱা কোনো চাল-চলনতো নাই যাৰ দ্বাৰা কোনোবা নাৰাজ হয়? নিজৰ ওপৰত নজৰ ৰাখিব লাগে। এনেকৈ ভাবিব নালাগে যে বাবাই আশীৰ্বাদ কৰিলে তেতিয়া তোমালোক এয়া হৈ যাবা। নহয়। পিতাই কয় – মই ড্ৰামা অনুসৰি নিজৰ সময়ত আহিছোঁ। এয়া মোৰ কল্প কল্পৰ কাৰ্যসূচী। এই জ্ঞান আন কোনেও দিব নোৱাৰে। সৎ পিতা, সৎ শিক্ষক, সৎগুৰু এজনেই। এইটোও যদি দৃঢ় নিশ্চয় আছে তেন্তে তোমালোকৰ বিজয় হ’ব। ইমান অনেক যি ধৰ্ম আছে, সেয়া সকলো বিনাশ হ’বই। যেতিয়া সত্যযুগী সূৰ্যবংশী কুল আছিল তেতিয়া আন কোনো কুল নাছিল আকৌ এনেকুৱাই হ’ব। গোটেই দিনটো এনেকৈ নিজৰ লগত কথা পাতি থাকা। ভিতৰত জ্ঞানৰ সাৰ কথাবোৰ নিগৰি থকা উচিত, আনন্দিত হৈ থাকিব লাগে। পিতাৰ জ্ঞান আছে, সেয়া তোমালোকে এতিয়া পাই আছা। সেয়া ধাৰণ কৰিব লাগে, এই ক্ষেত্ৰত সময় নষ্ট কৰিব নালাগে। ৰাতিও সময় পোৱা যায়। এইটো দেখা যায় যে আত্মাই কৰ্মেন্দ্ৰিয়ৰে কাম কৰি কৰি ভাগৰি পৰে তেতিয়া শুই যায়। পিতাই তোমালোকৰ ভক্তিমাৰ্গৰ সকলো ক্লান্তি দূৰ কৰি অক্লান্ত কৰি নিয়ে। যেনেকৈ ৰাতি আত্মা ভাগৰি গ’লে তেতিয়া শৰীৰৰ পৰা পৃথক হৈ যায়, যাক টোপনি বুলি কোৱা হয়। কোন শোৱে? আত্মাৰ লগতে কৰ্মেন্দ্ৰিয়বোৰো শুই পৰে। সেয়েহে ৰাতি শোৱাৰ সময়তো পিতাক স্মৰণ কৰি এনেকুৱা চিন্তন কৰি শুই যোৱা উচিত। হয়তো পাছলৈ ৰাতিয়ে-দিনে তোমালোক নিদ্ৰাজিৎ হৈ যাবাগৈ। তেতিয়া স্মৃতিতে থাকিবা, বহুত আনন্দিত হৈ থাকিবা। 84 জন্মৰ চক্ৰও ঘূৰাই থাকিবা। হামিয়াই বা কলমটিয়াই নাথাকা। হে নিদ্ৰাক জয় কৰোঁতা সন্তানসকল, উপাৰ্জন কৰাৰ সময়ত কেতিয়াও টোপনিয়াই থাকিব নালাগে। যেতিয়া জ্ঞানত মগ্ন হৈ যাবা তেতিয়া তোমালোকৰ সেইটো অৱস্থা থাকিব। ইয়াত তোমালোক অলপ সময় বহা তেতিয়া কেতিয়াও হামিয়াই বা কলমটিয়াই থাকিব নালাগে। মনোযোগ আন ফালে গ’লে হামিয়াই থাকিবা।

তোমালোক সন্তানসকলে এইটোও ধ্যানত ৰাখিব লাগে যে আমি আনকো নিজৰ সমান কৰি তুলিব লাগে। প্ৰজাতো লাগে নহয়। নহ’লে ৰজা কেনেকৈ হ’বা। ধন দিলে ধন কমি নাযায়… আনক বুজালে, দান দি থাকিলে তেতিয়া কেতিয়াও কম হৈ নাযায়। নহ’লে জমা নহ’ব। মনুষ্যতো বহুত কৃপণো হয়। ধনৰ কাৰণে বহুত হাই-কাজিয়া হৈ যায়। ইয়াত পিতাই কয় – তোমালাকক মই এয়া অবিনাশী ধন দিওঁ গতিকে তোমালোকে আকৌ আনকো দি থাকা। এই ক্ষেত্ৰত কৃপণ হ’ব নালাগে। দান নিদিয়া মানে নিজৰ নায়েই। এই উপাৰ্জন এনেকুৱা যে ইয়াত যুদ্ধ আদিৰ কথা নাই, ইয়াক গুপ্ত বুলি কোৱা হয়। তোমালোক হৈছা গুপ্ত যোদ্ধা। 5 বিকাৰৰ লগত তোমালোকে যুদ্ধ কৰা। তোমালোকক অজান যোদ্ধা বুলি কোৱা হয়। পদাতিকৰ বাহিনী বহুত থাকে। ইয়াতো এনেকুৱা, প্ৰজা বহুত, বাকী কেপ্টেইন, মেজৰ আদি সকলো আছে। তোমালোক হৈছা সেনা, তাৰ ভিতৰতো ক্ৰমানুসৰি আছে। বাবাই বুজিব এওঁ কামাণ্ডাৰ, এওঁ মেজৰ। মহাৰথী, অশ্বাৰোহী আছে নহয়। এয়াতো পিতাই জানে যে তিনি প্ৰকাৰৰ বুজাওঁতা আছে। তোমালোকে অবিনাশী জ্ঞান ৰত্নৰ বেপাৰ কৰা। যেনেকৈ তেওঁলোকেও বেপাৰ শিকায়, গুৰু গুচি গ’লে তেতিয়া তেওঁৰ পাছত শিষ্যই চলায়। সেয়া হৈছে স্থূল, এয়া আকৌ হৈছে সূক্ষ্ম। অনেক প্ৰকাৰৰ ধৰ্ম আছে। প্ৰত্যেকৰে নিজৰ নিজৰ মত আছে। তোমালোকেও গৈ তেওঁলোকৰ কথা শুনিব পাৰা – তেওঁলোকে কি শিকায়, কি কি শুনায়। পিতাইতো তোমালোকক 84 চক্ৰৰ কাহিনী বুজায়। তোমালোক সন্তানসকলকহে পিতা আহি উত্তৰাধিকাৰ দিয়ে, এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া কলিযুগৰ অন্তলৈকে এই আত্মাসকল আহি থাকে, বৃদ্ধি হৈ গৈ থাকে। যেতিয়ালৈ পিতা ইয়াত আছে, সংখ্যা বৃদ্ধি হৈয়ে থাকে। আকৌ ইমানবিলাক ক’ত থাকিব, ক’ত খাব? সকলো হিচাপ ৰাখিবলগীয়া হয় নহয়। তাততো ইমান মনুষ্য নাথাকে। খাওঁতা বহুত ক’ম, সকলোৰে নিজৰ খেতি থাকে। শস্য ৰাখি কি কৰিব। তাত বৰষুণ আদিৰ বাবে যজ্ঞ আদি কৰিবলগীয়া নহয়, যেনেকৈ ইয়াত কৰে। এতিয়া পিতাই যজ্ঞ ৰচনা কৰিছে। গোটেই পুৰণি সৃষ্টি যজ্ঞত স্বাহা হ’ব (আহুতি যাব)। এয়া বেহদৰ যজ্ঞ। তেওঁলোকে বৰষুণৰ বাবে যজ্ঞ ৰচনা কৰে। বৰষুণ আহিলে আনন্দিত হৈ যায়, যজ্ঞ সফল হ’ল। নহ’লে শস্য নহ’ব, আকাল হৈ যায়। যদিও যজ্ঞ আদি ৰচে কিন্তু বৰষুণ নাহিলে তেতিয়া কি কৰিব পাৰে। দুৰ্যোগ আদিতো হ’বই। ধাৰাসাৰ বৰষুণ, ভূমিকম্প এয়া সকলো হ’ব। ড্ৰামাৰ চক্ৰকতো তোমালোক সন্তানসকলে বুজিছা। এই চক্ৰও বহুত ডাঙৰ হোৱা উচিত। ডাঙৰ ডাঙৰ ঠাইত বিজ্ঞাপন লগালে তেতিয়া ডাঙৰ ডাঙৰ লোকে পঢ়িব। বুজি পাব যে এতিয়া যথাযথ পুৰুষোত্তম সংগমযুগ। কলিযুগত বহুত মনুষ্য আছে। সত্যযুগত কম মনুষ্য থাকে। তেন্তে বাকী ইমানবোৰ নিশ্চয় নাশ হৈ যাব। শিৱ জয়ন্তী মানে হয়েই স্বৰ্গ জয়ন্তী, লক্ষ্মী-নাৰায়ণ জয়ন্তী। কথাতো বহুত সহজ। শিৱ জয়ন্তী পালন কৰা হয়। তেওঁ হ’ল বেহদৰ পিতা, তেৱেঁই স্বৰ্গৰ স্থাপনা কৰিছিল। কালিৰ কথা, তোমালোক স্বৰ্গবাসী আছিলা। এয়াতো বহুত সহজ কথা। সন্তানসকলে ভালদৰে বুজি আনকো বুজাব লাগে। আনন্দিত হৈয়ো থাকিব লাগে। এতিয়া আমি সদাকালৰ বাবে বেমাৰ আদিৰ পৰা মুক্ত হৈ 100 শতাংশ স্বাস্থ্যৱান, ধনৱান হওঁ। বাকী অলপ সময় আছে। যিমানেই দুখ, মৃত্যু আদি নহওঁক, তোমালোক সেই সময়ত বহুত আনন্দিত হৈ থাকিবা। তোমালোকে জানা মৃত্যুতো হ’বই