31.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শিৱবাবাৰ এইটোও লালসা নাই যে সন্তানসকল ডাঙৰ হ'লে মোৰ সেৱা কৰিব, তেওঁ কেতিয়াও বুঢ়া নহয়, পিতাই হৈছে নিষ্কাম সেৱাধাৰী”

প্ৰশ্ন:
ভোলানাথ শিৱবাবা আমাৰ অৰ্থাৎ সকলো সন্তানৰ বহুত ডাঙৰ গ্ৰাহক - কেনেকৈ?

উত্তৰ:
বাবাই কয় মই ইমানেই ভোলা (হোজা) গ্ৰাহক, যিয়ে তোমালোকৰ সকলো পুৰণি বস্তু কিনি লওঁ আৰু তাৰ বিনিময়ত সকলো নতুন নতুন বস্তু দিওঁ। তোমালোকে কোৱা বাবা এই তন-মন-ধন সকলো আপোনাৰ সেয়েহে তাৰ প্ৰতিদানত তোমালোকে সুন্দৰ শৰীৰ প্ৰাপ্ত কৰা, অপৰিসীম ধন পাই যোৱা।

গীত:
ভোলেনাথ চে নিৰালা…… (ভোলানাথতকৈ অনন্য......)

ওঁম্শান্তি।
এয়া ভক্তিমাৰ্গৰ গীত গায়। যিবোৰ গীত আছে সকলো ভক্তিমাৰ্গৰ, সেইবোৰৰ অৰ্থও পিতাই বুজায়। সন্তানসকলেও বুজি পায় যে ভোলানাথ বুলি কাক কোৱা হয়। দেৱতাসকলক ভোলানাথ বুলি কোৱা নহ'ব। গায়ন কৰা হৈছে - সুদামাই দুমুঠি অন্ন দি মহল লাভ কৰিলে। সেয়াও কিমান সময়ৰ বাবে? 21 জন্মৰ বাবে। এতিয়া সন্তানসকলে বুজি পায় যে পিতা আহি ভাৰতবাসীক যথাযথ হীৰা-মুকুতাৰ মহল দিয়ে। কিহৰ বিনিময়ত দিয়ে? সন্তানসকলে কয় - বাবা এই তন-মন-ধন সকলো আপোনাৰ। আপুনিয়েই দিছে। কাৰোবাৰ সন্তান জন্ম হ'লে তেতিয়া কয় - ভগৱানে দিলে। ধনৰ ক্ষেত্ৰতো কয় - ভগৱানে দিলে। কওঁতাজন কোন? আত্মা। ভগৱান অৰ্থাৎ পিতাই দিলে। পিতাই কয় - তোমালোকে এতিয়া সকলোবোৰ দিব লাগে। তাৰ বিনিময়ত মই তোমালোকক বহুত সুন্দৰ শৰীৰ দিম, অপৰিসীম ধন দিম। কিন্তু কাক দিম? নিশ্চয় সন্তানসকলকহে দিম। লৌকিক পিতাৰ পৰা অল্পকালৰ বাবে ধন পাইছা। বেহদৰ পিতাই আমাক বেহদৰ উত্তৰাধিকাৰ দিব। পিতাই বুজায় - জ্ঞান আৰু ভক্তিৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। ভক্তিত অল্পকালৰ বাবে পোৱা যায়। ধন থাকিলে সুখ থাকে। ধনৰ অবিহনে মনুষ্য কিমান দুখী হয়। সন্তানসকলে জানে বাবাই আমাক অপৰিসীম ধন দিয়ে সেইবাবে আনন্দিত হয়। সুখধামততো সুখৰ কোনো অভাৱ নাই। প্ৰত্যেকৰে নিজৰ নিজৰ ৰাজধানী থাকে। তাক পৱিত্ৰ গৃহস্থ আশ্ৰম বুলি কোৱা হয়। গতিকে পিতা কিমান ভোলা (হোজা), কি লয় আৰু কি দিয়ে! পিতা কিমান ভাল গ্ৰাহক! এনেয়েও সন্তানসকলৰ বাবে পিতা গ্ৰাহকেই হয়। সন্তান জন্ম হ'ল আৰু সকলো সম্পত্তি সন্তানৰ হৈ যায়। সেয়া হৈছে হদৰ গ্ৰাহক, এয়া হৈছে বেহদৰ ভোলানাথ। বেহদৰ সন্তানসকলৰ গ্ৰাহক। পিতাই কয় - মই পৰমধামৰ পৰা আহিছোঁ। তোমালোকৰ পৰা পুৰণা সকলো লৈ নতুন সৃষ্টিত সকলো দিওঁ সেইবাবে দাতা বুলি কোৱা হয়। দাতাও এওঁৰ দৰে অন্য কোনো নাই। নিষ্কাম সেৱা কৰে। পিতাই কয় - মই নিষ্কামী। মোৰ কোনো লালসা নাই। এনেকৈতো নকওঁ যে সন্তানসকলৰ কাম হৈছে - বৃদ্ধ পিতাৰ প্ৰতিপালন কৰা কিয়নো মই তোমালোকৰ প্ৰতিপালন কৰিছোঁ। নকওঁ, এইটো নিয়ম আছে - পিতা বুঢ়া হ'লে তেতিয়া সন্তানসকলে তেওঁৰ প্ৰতিপালন কৰিব। এইজন পিতাতো কেতিয়াও বুঢ়া নহয়, সদায় ডেকা। আত্মা কেতিয়াও বুঢ়া নহয়। এইটোতো জানা যে লৌকিক পিতাই সন্তানসকলৰ প্ৰতি আশা ৰাখে যে মই বুঢ়া হ'লে সন্তানসকলে মোৰ সেৱা কৰিব। যদিওবা সকলো সন্তানসকলক দি দিয়ে তথাপিও সেৱাতো হয়। এইজন শিৱবাবাই কয় - মই হওঁৱেই অভোক্তা। মই কেতিয়াও নাখাওঁ। মই আহোঁৱেই কেৱল সন্তানসকলক জ্ঞান দিবলৈ। সৰ্বোচ্চ আত্মাই আত্মাসকলক বহি বুজায়। আত্মাইহে শুনে, প্ৰতিটো কথা আত্মাইহে কৰে। সংস্কাৰো আত্মাই লৈ যায় যাৰ আধাৰত শৰীৰ প্ৰাপ্ত হয়। ইয়াত মনুষ্যৰ অনেক মত আছে। কোনোবাই কয় আত্মা পৰমাত্মাই হয়। আত্মাত কোনো লেপ নালাগে। আত্মা নিৰ্লেপ বুলি কৈ দিয়ে। যদি আত্মা নিৰ্লেপ তেন্তে এনেকৈ কিয় কয় যে পাপ আত্মা, পুণ্য আত্মা। যদি আত্মা নিৰ্লেপ হয় তেন্তে কোৱা হ’ব - পাপ শৰীৰ, পুণ্য শৰীৰ। এতিয়া তোমালোকে জানা যে সকলো আত্মাৰ আত্মিক পিতাই আমাক আত্মাসকলক পঢ়াই আছে, এই শৰীৰৰ দ্বাৰা। আত্মাক আহ্বানো জনায় নহয়। তেওঁলোকে কয় - আমাৰ পিতাৰ আত্মা আহিল, স্বাদ ল’লে। আত্মাইহে স্বাদ লয়। পিতাইতো এনেকৈ নক’ব। তেওঁতো অভোক্তা। ব্ৰাহ্মণসকলক খুৱায়, আত্মা আহে। ক’ৰবাততো নিশ্চয় বিৰাজমান হ’ব। ব্ৰাহ্মণ আদিক খুউৱাতো ভাৰতত সাধাৰণ কথা। আত্মাক আহ্বান জনায়, আত্মাক সোধে তেতিয়া আত্মাই কোৱা বহুত কথা সঁচাও হয়। এই পিণ্ড আদি খুউৱা - এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। এই ক্ষেত্ৰত কোনো আচৰিত হ’ব নালাগে। পিতাই নাটকৰ ৰহস্য চমুকৈ শুনায়। বিস্তাৰততো নাটকৰ ইমান বুজনি দিব নোৱাৰে। এটা এটা কথা বুজাওঁতেই এবছৰ লাগি যাব। তোমালোক সন্তানসকলে বহুত সহজ শিক্ষা পোৱা। গায়নো কৰে - হে পতিত-পাৱন আহা, আহি আমাক পাৱন কৰি তোলা। তেওঁৰ নামেই হৈছে পতিত-পাৱন। ব্ৰহ্মা, বিষ্ণু, শংকৰক পতিত-পাৱন বুলি ক’ব নোৱাৰি। পিতাকহে পতিত-পাৱন মুক্তিদাতা বুলি কয়। দুখ হৰ্তা, সুখ কৰ্তা বুলিও তেওঁকেই কোৱা হয়। তেওঁ হৈছে নিৰাকাৰ। শিৱ মন্দিৰত গৈ চোৱা তাত লিঙ্গ ৰাখি থৈছে। নিশ্চয় চৈতন্য ৰূপত আছিল সেইবাবেতো পূজা কৰে। এই দেৱতাসকলো কোনোবা সময়ত চৈতন্য ৰূপত আছিল সেইবাবেতো তেওঁলোকৰ মহিমা আছে। নেহেৰু চৈতন্য ৰূপত আছিল সেই বাবেতো ফটো উলিয়াই মহিমা কৰে। কোনোবাই ভাল কাম কৰি গ’লে তেতিয়া তেওঁৰ জড় চিত্ৰ তৈয়াৰ কৰি মহিমা কৰে। পৱিত্ৰৰহে পূজা কৰে। কোনো মনুষ্যৰ পূজা কৰিব নোৱাৰে। বিকাৰেৰে জন্ম হয় নহয় গতিকে তেওঁলোকৰ পূজা হ’ব নোৱাৰে। পূজা দেৱতাসকলৰ হয়। যি সৰ্বদা পৱিত্ৰ হৈ থাকে। তোমালোকে জানা পিতা আহিছিল আকৌ এতিয়া সংগমত আহিছে - স্বৰ্গৰ স্থাপনা কৰিবলৈ। আকৌ দ্বাপৰৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হ’ব। ৰাৱণ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে শিৱৰ মন্দিৰ নিৰ্মাণ কৰে। এতিয়াতো চৈতন্য ৰূপত জ্ঞান শুনাই আছে। তেওঁ সত্য, চৈতন্য। তেওঁৰহে মহিমাৰ গায়ন কৰে - নিৰাকাৰক শৰীৰতো লাগে নহয়। গতিকে পিতাহে আহি বিশ্বক স্বৰ্গ কৰি তোলে, সেই স্বৰ্গত ৰাজত্ব কৰিবৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰি আছা। তোমালোক স্বৰ্গবাসী হৈ আছা। নিৰাকাৰ পৰমপিতা পৰমাত্মা হৈছে জ্ঞানৰ সাগৰ। কিন্তু শুনাব কেনেকৈ? তেওঁ কয় - মই এই শৰীৰত আহিছোঁ। নাটকত মোৰ এইটো ভূমিকা আছে। মই প্ৰকৃতিৰ আধাৰ লওঁ। এওঁ যি প্ৰথম নম্বৰৰ হয় এওঁৰেই বহুত জন্মৰ অন্তত মই আহি প্ৰৱেশ কৰোঁ আৰু এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। প্ৰথমতে এওঁলোক সকলো ভাতীত আছিল তেতিয়া বহুতক নাম দিছিল। কিন্তু বহুতে আকৌ এৰি দিলে সেইবাবে নাম ৰাখি কি লাভ? তোমালোকে সেইবোৰ নাম দেখিলে আচৰিত হ’বা। একেলগে সকলোৰে কিমান ৰমণীয় নাম আহিছিল। সন্দেশীয়ে (বার্তাবাহকে) নাম লৈ আহিছিল। সেইখন তালিকাও নিশ্চয় ৰাখিব লাগে। সন্ন্যাসীসকলেও যেতিয়া সন্ন্যাস লয় তেতিয়া তেওঁলোকৰো নাম সলনি হৈ যায়। ঘৰ-সংসাৰ ত্যাগ কৰি দিয়ে। তোমালোকে ত্যাগ নকৰা। তোমালোক আহি ব্ৰহ্মাৰ হোৱা। শিৱৰতো হোৱাই। তোমালোকে বাপদাদা বুলিয়ে কোৱা। সন্ন্যাসীসকলৰ ক্ষেত্ৰত এনেকুৱা নহয়। যদিওবা নাম সলনি হয় কিন্তু বাপদাদাক নাপায়। তেওঁলোকে কেৱল গুৰু পায়। হঠযোগী হদৰ সন্ন্যাসী আৰু ৰাজযোগী বেহদৰ সন্ন্যাসীৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। গায়নো কৰা হয় - জ্ঞান, ভক্তি আৰু বৈৰাগ্য। তেওঁলোকৰো বৈৰাগ্য আছে। কিন্তু তেওঁলোক হৈছে ঘৰ-সংসাৰৰ প্রতি বৈৰাগ্য। তোমালোকৰ গোটেই জগতখনৰ প্ৰতি বৈৰাগ্য। তেওঁলোকে গমেই নাপায় যে সৃষ্টি পৰিৱৰ্তন হয়। তোমালোকৰ হৈছে বেহদৰ বৈৰাগ্য। এইখন সৃষ্টি নাশ হ’ব। তোমালোকৰ বাবে নতুন সৃষ্টি তৈয়াৰ হৈ আছে। তালৈ যাব লাগে কিন্তু পাৱন নোহোৱাকৈতো তালৈ যাব নোৱাৰে। অন্তৰত উদয় হয় যথাযথ নতুন সৃষ্টিত দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, যিখন পিতাই এতিয়া স্থাপন কৰে। তোমালোকে জানা, শিৱবাবাক স্মৰণ কৰিলে আমি পুণ্য আত্মা হৈ যাম। হওঁতে বৰ সহজ, কিন্তু স্মৃতি পাহৰি যায়। ভক্তিমাৰ্গৰ ৰীতি-প্ৰথা একেবাৰেই বেলেগ। কোনেও নিজৰ ঘৰলৈতো উভতি যাব নোৱাৰে। সকলোৱে পুনৰ্জন্ম নিশ্চয় ল'ব লাগে। ঘৰলৈ যোৱাৰ সময় এটাই। অমুকে মোক্ষ প্ৰাপ্ত কৰিলে, এয়াতো মিছা কথা। পিতাই কয় - কোনো আত্মা মাজতে উভতি যাব নোৱাৰে। নহ'লেতো গোটেই খেল পণ্ড হৈ যাব। প্ৰত্যেকেই সতো, ৰজো, তমোত নিশ্চয় আহিব লাগে। মোক্ষৰ বাবেতো বহুত আহে, বুজোৱা হয় - মোক্ষ পোৱা নাযায়। এয়াতো অনাদি ৰচি থোৱা নাটক। সেয়া কেতিয়াও সলনি হ’ব নোৱাৰে। মাখি ইয়াৰ পৰা উৰি গ'ল আকৌ 5 হাজাৰ বছৰৰ পাছত এনেকৈয়ে উৰি যাব। এইটোতো জানে বাবা কিমান ভোলা। পতিত- পাৱন পিতা নিজৰ পৰমধামৰ পৰা আহে - ভূমিকা পালন কৰিবলৈ। তেৱেঁই বুজায় এই নাটক কেনেকৈ ৰচি থোৱা আছে, ইয়াত মুখ্য কোন কোন আছে। যেনেকৈ কোৱা নহয় যে এই জগতত সকলোতকৈ চহকী কোন? সেই ক্ষেত্রত ক্ৰমানুসৰি নাম উলিয়ায়। তোমালোকে জানা, সকলোতকৈ চহকী কোন? তেওঁলোকে ক'ব আমেৰিকা। কিন্তু তোমালোকে জানা স্বৰ্গত সকলোতকৈ চহকী হৈছে এই লক্ষ্মী-নাৰায়ণ। তোমালোকে পুৰুষাৰ্থ কৰা ভৱিষ্যতৰ বাবে, সকলোতকৈ অধিক চহকী হ'বৰ বাবে। এয়া হৈছে দৌৰ। এই লক্ষ্মী-নাৰায়ণৰ দৰে চহকী কোনোবা হ'বনে? আল্লাহ আল্লাউদ্দিনৰো কাহিনী ৰচনা কৰে। চাপৰি বজাই দিওঁতে কুবেৰৰ সম্পত্তি ওলাই গ'ল। বিভিন্ন ধৰণৰ নাটক ৰচনা কৰে। এতিয়া তোমালোকৰ বুদ্ধিত আছে - এই শৰীৰ ত্যাগ কৰি স্বৰ্গলৈ যাম। আমি অপৰিসীম সম্পদ পাম। পিতাই কয় - মোক স্মৰণ কৰিলে মায়া একদম আঁতৰি যাব। পিতাক স্মৰণ নকৰিলে তেতিয়া মায়াই অশান্ত কৰে। সন্তানসকলে কয় - বাবা আমাৰ মায়াৰ ধুমুহা বহুত আহে। বাৰু পিতাক বহুত মৰমেৰে স্মৰণ কৰা তেতিয়া ধুমুহা আঁতৰি যাব। বাকী নাটক আদি বহি ৰচনা কৰিছে। কথা একোৱেই নাই। পিতাই কিমান সহজকৈ শুনায় - কেৱল পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ যি খাদ (বিকৰ্ম বা পাপৰ লেপ) আছে সেয়া আঁতৰি যাব আৰু কোনো কষ্ট নিদিয়ে। আত্মা যি পৱিত্ৰ বিশুদ্ধ সোণ আছিল, সেই আত্মা এতিয়া অশুদ্ধ (অপৱিত্র) হৈ গৈছে, আকৌ বিশুদ্ধ হ'ব - এই স্মৃতিৰ অগ্নিৰে। অগ্নিত নিদিলে সোণ পৱিত্ৰ (শুদ্ধ) হ'ব নোৱাৰে সেয়েহে ইয়াকো যোগ অগ্নি বুলি কয়। হওতে স্মৃতিৰ কথা। তেওঁলোকেতো অনেক প্ৰকাৰৰ হঠযোগ শিকায়। তোমালোককতো পিতাই কয় - উঠোঁতে-বহোঁতে স্মৰণ কৰা। আসন আদি তোমালোক কিমানলৈকে কৰিবা। এয়াতো চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতে স্মৃতিত থাকিব লাগে। লাগিলে বেমাৰ হওঁক তথাপি ইয়াত শুইও পিতাক স্মৰণ কৰিব পাৰা। শিৱবাবাক স্মৰণ কৰা আৰু চক্র ঘূৰোৱা, বচ্‌। তেওঁলোকে আকৌ লিখিছে (অন্তিম সময়ত) গংগাৰ পাৰত থাকিব লাগে, অমৃত মুখত থাকিব লাগে। গংগাৰ পাৰততো গংগাজলহে পোৱা যায়, সেইবাবে মনুষ্য হৰিদ্বাৰত গৈ বহে। পিতাইতো কয় - তোমালোক যিকোনো স্থানতে বহা, লাগিলে বেমাৰ হওঁক কেৱল পিতাক স্মৰণ কৰা। স্বদৰ্শন চক্র ঘূৰাই থাকা, তেতিয়া প্ৰাণ শৰীৰৰ পৰা ওলাই যাওক। এইটো অভ্যাস কৰিব লাগে। সেই ভক্তিমাৰ্গৰ কথাবোৰ আৰু এই জ্ঞান মাৰ্গৰ কথাবোৰৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। পিতাৰ স্মৃতিৰে তোমালোক স্বৰ্গৰ মালিক হৈ যাবা। তেওঁলোকেতো যোদ্ধাসকলক কয় - যি যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব তেওঁ স্বৰ্গলৈ যাব। বাস্তৱত যুদ্ধ এয়াই। তেওঁলোকে কৌৰৱ, পাণ্ডৱৰ সেনাবাহিনীক দেখুৱাইছে। মহাভাৰতৰ যুদ্ধ হ'ল পাছত কি হ'ল? ফলাফল একোৱেই নাই। একেবাৰে ঘোৰ অন্ধকাৰ, একোৱে নুবুজে সেইবাবে অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। পিতা আকৌ আলোকিত কৰিবলৈ আহিছে। তেওঁক জ্ঞানৰ সাগৰ, জ্ঞানপূর্ণ বুলি কোৱা হয়। এতিয়া তোমালোকেও সম্পূৰ্ণ জ্ঞান পাইছা। সেয়া হৈছে মূললোক, য’ত তোমালোক আত্মাসকল থাকা তাক ব্ৰহ্মাণ্ড বুলিও কোৱা হয়। ইয়াত ৰুদ্ৰ যজ্ঞ ৰচে গতিকে পিতাৰ লগতে তোমালোক আত্মাসকলৰো পূজা কৰে কিয়নো তোমালোকে বহুতৰে কল্যাণ কৰা। পিতাৰ লগত তোমালোকে বিশষভাৱে ভাৰতৰ আৰু সাধাৰণভাৱে বিশ্বৰ আত্মিক সেৱা কৰা সেইবাবে পিতাৰ লগত তোমালোক সন্তানসকলৰো পূজা হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ ধুমুহা আঁতৰাবৰ বাবে পিতাক বহুত স্নেহেৰে স্মৰণ কৰিব লাগে। আত্মাক যোগ অগ্নিৰে সঁচা সোণ কৰি তুলিব লাগে।

(2) বেহদৰ বৈৰাগী হৈ এই পুৰণি সৃষ্টিক পাহৰি যাব লাগে। সৃষ্টি পৰিৱৰ্তন হৈ আছে, নতুন সৃষ্টিলৈ যাব লাগে সেইবাবে ইয়াৰ পৰা সন্ন্যাস ল’ব লাগে।

বৰদান:
খোজে প্ৰতি সাৱধান হৈ পদমৰ হিচাপত (অনেক কোটি) উপাৰ্জন জমা কৰোতা, পদমপতি হোৱা

পিতাই সন্তানসকলক অতি উচ্চ স্থিতিত থকাৰ সাৱধানবাণী শুনাই আছে, গতিকে এতিয়া অলপো গাফিলতি কৰাৰ সময় নাই, এতিয়াতো খোজে প্ৰতি সাৱধান হৈ, প্ৰতিটো খোজত পদমৰ হিচাপত উপাৰ্জন কৰি পদমপতি হ’ব লাগে। যেনেকৈ নাম আছে ‘পদমাপদম ভাগ্যশালী’, তেনেকুৱা কৰ্মও হ’ব লাগে। এটা খোজো যাতে পদমৰ উপাৰ্জন অবিহনে নিদিয়া। সেইবাবে বহুত ভাবি-চিন্তি শ্ৰীমত অনুসৰিহে প্ৰতিটো খোজ দিয়া, শ্ৰীমতত নিজৰ মত মিহলি নকৰিবা।

স্লোগান:
মন আদেশ অনুসৰি চলোৱা, তেতিয়া ‘মনমনাভৱ’ স্থিতি স্বতঃ থাকিব।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

স্মৃতি শক্তিশালী কৰিবলৈ বিস্তাৰত গ’লে সাৰৰ স্থিতিৰ অভ্যাস যাতে কম নহয়, বিস্তাৰত যাতে সাৰ পাহৰি নোযোৱা। খোৱা-বোৱা কৰা, সেৱা কৰা, কিন্তু অনাসক্তবোধ পাহৰি নাযাবা। সাধনা অৰ্থাৎ শক্তিশালী স্মৃতি। নিৰন্তৰ পিতাৰ সৈতে অন্তৰৰ সম্বন্ধ। কেৱল যোগত বহি যোৱাটোকে সাধনা বুলি নকয়, যেনেকৈ শৰীৰেৰে বহা তেনেকৈ অন্তৰ, মন আৰু বুদ্ধি যাতে এক পিতাৰ সৈতে পিতাৰ লগত বহি (একাগ্ৰ হৈ) যায়। এনে একাগ্ৰতাইহে অগ্নি প্ৰজ্বলিত কৰিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]