31.08.25    Avyakt Bapdada     Assame Murli     15.12.2006     Om Shanti     Madhuban


“*“স্মৃতি স্বৰূপ, অনুভৱী মূৰ্ত হৈ চেকেণ্ডত তীব্ৰগতিৰে পৰিৱৰ্তন কৰি
সন্মান সহকাৰে উত্তীৰ্ণ হোৱা”*”


আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ তিনিডাল বিশেষ ভাগ্যৰ ৰেখা মস্তকত চিকমিকাই থকা চাই আছেহঁক। সকলোৰে মস্তক ভাগ্যৰ ৰেখাসমূহেৰে চিকমিকাই আছে। এডাল হ’ল পৰমাত্ম প্ৰতিপালনৰ ভাগ্য ৰেখা। দ্বিতীয়তে শ্ৰেষ্ঠ শিক্ষকৰ দ্বাৰা শিক্ষাৰ ভাগ্য ৰেখা। তৃতীয়তে হৈছে সৎগুৰুৰ দ্বাৰা শ্ৰীমতৰ ভাগ্য ৰেখা। এনেয়েতো তোমালোকৰ ভাগ্য অপাৰ তথাপিও আজি এই বিশেষ তিনিডাল ৰেখা চাই আছে। তোমালোকেও নিজৰ মস্তকত চিকমিকাই থকা ৰেখাসমূহ অনুভৱ কৰি আছা নহয়! সকলোতকৈ শ্ৰেষ্ঠ হৈছে পৰমাত্ম স্নেহৰ প্ৰতিপালনৰ ৰেখা। যেনেকৈ পিতা উচ্চতকৈও উচ্চ তেনেকৈ পৰমাত্ম প্ৰতিপালনো উচ্চতকৈও উচ্চ। এই প্ৰতিপালন কিমান কম সংখ্যকৰ প্ৰাপ্ত হয়, কিন্তু তোমালোক সকলো এই প্ৰতিপালনৰ পাত্ৰ হৈছা। এই প্ৰতিপালন গোটেই কল্পত তোমালোক সন্তানসকলৰ এবাৰেই প্ৰাপ্ত হয়। এতিয়া নহ’লে কেতিয়াও প্ৰাপ্ত হ’ব নোৱাৰে। এই পৰমাত্ম প্ৰতিপালন, পৰমাত্ম স্নেহ, পৰমাত্ম প্ৰাপ্তিসমূহ কোটিৰ মাজত কোনোবা আত্মাৰহে অনুভৱ হয়। তোমালোক সকলোতো অনুভৱী হোৱা নহয়! অনুভৱ আছে? প্ৰতিপালনৰো অনুভৱ আছে, পঢ়া আৰু শ্ৰীমতৰো অনুভৱ আছে? অনুভৱী মূৰ্ত হোৱানে? তেন্তে সদায় নিজৰ মস্তকত এই ভাগ্যৰ তৰা জিলিকি থকা দেখিবলৈ পোৱা যায়, সদায় পোৱা যায়নে? নে কেতিয়াবা জিলিকি থকা তৰা স্তিমিত হৈও যায়? স্তিমিত হৈ যাব নালাগে। যদি জিলিকি থকা তৰা স্তিমিত হৈ যায় তেন্তে তাৰ কাৰণ কি? জানানে?

বাপদাদাই দেখিছে যে কাৰণ হৈছে স্মৃতি স্বৰূপ হোৱা নাই। ভাবা যে মই আত্মা, কিন্তু ভাৱ স্বৰূপ হৈছা, স্মৃতি স্বৰূপ কম হৈছা। যেতিয়ালৈকে স্মৃতি স্বৰূপ সদায় নোহোৱা তেতিয়ালৈকে সামৰ্থ্য আহিব নোৱাৰে। স্মৃতিয়েই সামৰ্থ্য আনে। স্মৃতি স্বৰূপেই সমৰ্থ স্বৰূপ সেইবাবে ভাগ্যৰ তৰা কমকৈ জিলিকে। নিজেই নিজক সোধা যে বেছি সময় ভাৱ স্বৰূপ হৈছা নে স্মৃতি স্বৰূপ হৈ থাকা? ভাৱ স্বৰূপ হ’লে বহুত ভালকৈ ভাবা, মই এয়া হওঁ, মই এয়া হওঁ, মই এয়া হওঁ… কিন্তু স্মৃতি স্বৰূপ নোহোৱাৰ কাৰণে ভাল ভাবিলেও ব্যৰ্থ সংকল্প, সাধাৰণ সংকল্প মিহলি হৈ যায়। বাস্তৱত যদি চোৱা যায় তেন্তে তোমালোকৰ অনাদি স্বৰূপ হৈছে স্মৃতি তথা সমৰ্থ স্বৰূপ। ভাৱ স্বৰূপ নহয়। আৰু আদিতো এই সময়ৰ স্মৃতি স্বৰূপৰ প্ৰালব্ধ প্ৰাপ্ত হয়। গতিকে অনাদি আৰু আদি হৈছে স্মৃতি স্বৰূপ আৰু এই সময়ৰ অন্তত সংগমৰ সময়তো স্মৃতি স্বৰূপ হোৱা। গতিকে আদি অনাদি আৰু অন্ত তিনিওকালতে স্মৃতি স্বৰূপ হোৱা। ভাৱ স্বৰূপ নোহোৱা, সেইবাবে বাপদাদাই আগতেও কৈছে যে বৰ্তমান সময়ত অনুভৱী মূৰ্ত হোৱাটো হৈছে শ্ৰেষ্ঠ স্থিতি। ভাবা যে মই আত্মা, পৰমাত্ম প্ৰাপ্তি হৈছে, কিন্তু বুজা আৰু অনুভৱ কৰা এই ক্ষেত্ৰত বহুত অন্তৰ আছে। অনুভৱী মূৰ্তজন কেতিয়াও মায়াৰ দ্বাৰা প্ৰতাৰিত হ’ব নোৱাৰে, দুখৰ অনুভূতিও কৰিব নোৱাৰে। এয়া মাজে মাজে মায়াৰ যি খেল দেখা, বা খেল খেলাও, তাৰ কাৰণ হৈছে অনুভৱী মূৰ্ত কম। অনুভৱৰ কৰ্তৃত্ব সকলোতকৈ শ্ৰেষ্ঠ। গতিকে বাপদাদাই দেখিছে যে বহুত সন্তানে ভাবে কিন্তু স্বৰূপৰ অনুভূতি কম।

আজিৰ জগতত গৰিষ্ঠসংখ্যক আত্মাই চাই আৰু শুনি ভাগৰি পৰিছে কিন্তু অনুভৱৰ দ্বাৰা প্ৰাপ্তি কৰিব বিচাৰে। গতিকে অনুভৱ কৰোৱা, অনুভৱীয়েহে কৰাব পাৰে। আৰু অনুভৱী আত্মা সদায় আগবাঢ়ি গৈ থাকিব, উৰি থাকিব কিয়নো অনুভৱী আত্মাৰ উৎসাহ-উদ্দীপনা সদায় জাগ্ৰত ৰূপত থাকে। সেয়েহে পৰীক্ষা কৰা প্ৰতিটো সাৰকথাৰ অনুভৱী মূৰ্ত হৈছানে? অনুভৱৰ কৰ্তৃত্ব তোমালোকৰ প্ৰতিটো কৰ্মত দৃষ্টিগোচৰ হয়নে? প্ৰতিষাৰ বচন, প্ৰতিটো সংকল্প অনুভৱৰ কৰ্তৃত্বৰে আছে নে কেৱল বুজাৰ আধাৰত? এটা হ’ল বুজা, আনটো হ’ল অনুভৱ কৰা। প্ৰতিটো বিষয়ত, জ্ঞানৰ সাৰকথা বৰ্ণনা কৰা, সেয়াতো বাহিৰৰ বক্তায়ো বহুত বক্তৃতা দি দিয়ে। কিন্তু প্ৰতিটো সাৰকথাৰ অনুভৱী স্বৰূপ হোৱা, এয়া হৈছে জ্ঞান স্বৰূপ আত্মা। যোগ লগাওঁতা বহুত আছে, যোগত বহা বহুত আছে, কিন্তু যোগৰ অনুভৱ অৰ্থাৎ শক্তি স্বৰূপ হোৱা আৰু শক্তি স্বৰূপৰ চিনাক্তকৰণ এয়া যে যি সময়ত যিটো শক্তিৰ আৱশ্যকতা আছে, সেই সময়ত সেইটো শক্তি আহ্বান জনাই নিৰ্বিঘ্ন স্বৰূপ হৈ যায়। যদি এটা শক্তিৰো অভাৱ আছে, বৰ্ণনা কৰা কিন্তু স্বৰূপ নোহোৱা তেতিয়াও সময়ত প্ৰতাৰিত হ’ব পাৰা। লাগে সহ্য শক্তি আৰু তোমালোকে ব্যৱহাৰ কৰিবা সন্মুখীন হোৱা শক্তি, তেন্তে যোগযুক্ত অনুভৱী স্বৰূপ বুলি কোৱা নহ’ব। চাৰিওটা বিষয়তে স্মৃতি স্বৰূপ বা অনুভৱী স্বৰূপ হোৱাৰ লক্ষণ কি হ’ব? স্থিতিত নিমিত্ত ভাৱ, বৃত্তিত সদায় শুভ ভাৱ, আত্মিক ভাৱ, নিঃস্বাৰ্থ ভাৱ। বায়ুমণ্ডলত বা সম্বন্ধ-সম্পৰ্কত সদায় বিনয়ী ভাৱ, বাণীত সদায় নিৰ্মল বাণী। এই বিশেষত্বসমূহ অনুভৱী মূৰ্তৰ সকলো সময়ত স্বভাৱসিদ্ধ স্বভাৱ হ’ব। স্বভাৱসিদ্ধ স্বভাৱ। এতিয়া বহুত সন্তানে কেতিয়াবা কেতিয়াবা কয় যে মই বিচৰা নাছিলোঁ এইটো কৰোঁ কিন্তু মোৰ পুৰণা স্বভাৱ। স্বভাৱে স্বভাৱসিদ্ধ ভাবে কাম সেয়াই কৰে, ভাবিবলগীয়া নহয়, কিন্তু স্বভাৱে স্বভাৱসিদ্ধভাবে কাম কৰে। গতিকে নিজক পৰীক্ষা কৰা – মোৰ স্বভাৱসিদ্ধ স্বভাৱ কি? যদি যিকোনো পুৰণা স্বভাৱ অংশ মাত্ৰও আছে, তেন্তে সকলো সময়ত সেয়া কাৰ্যত আহি আহি দৃঢ় সংস্কাৰ হৈ যায়। সেই পুৰণা চৰিত্ৰ, পুৰণা স্বভাৱ, পুৰণা সংস্কাৰ সমাপ্তও কৰিবলৈ বিচৰা কিন্তু কৰিব নোৱাৰা, তাৰ কাৰণ কি? জ্ঞানৱানতো সকলোতে হৈ গ’লা, কিন্তু যিটো বিচৰা যে হ’ব নালাগে, সেয়া হৈ যায়, তেনেহ’লে কাৰণ কি? পৰিৱৰ্তন কৰাৰ শক্তি কম। গৰিষ্ঠসংখ্যকৰ ক্ষেত্ৰত দেখা যায় যে পৰিৱৰ্তন শক্তিক বুজিও পায়, বৰ্ণনাও কৰে, যদি সকলোকে পৰিৱৰ্তন শক্তি বিষয়টিৰ ওপৰত লিখিবলৈ কোৱা বা ভাষণ দিবলৈ কোৱা তেতিয়া বাপদাদাই ভাবে সকলো বহুত বুদ্ধিমান, বহুত ভাল ভাষণো দিব পাৰে, লিখিবও পাৰে আৰু অন্য কোনোবা আহিলে তেওঁক বুজাইও বহুত ভালকৈ – কোনো আপত্তি নাই, পৰিৱৰ্তন কৰি লোৱা। কিন্তু নিজৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰাৰ শক্তি কিমানখিনি আছে! বৰ্তমান সময়ৰ মহত্বক জানি পৰিৱৰ্তন কৰিবলৈ সময় খৰচ কৰিব নালাগে। চেকেণ্ডত যাতে পৰিৱৰ্তন শক্তি কামত আহে কিয়নো যিহেতু বুজি পোৱা যে হ’ব নালাগে, তেন্তে বুজিও যদি পৰিৱৰ্তন কৰিব নোৱাৰা, তাৰ কাৰণ কি? ভাবা কিন্তু স্বৰূপ হোৱা নাই। ভাৱ স্বৰূপ গোটেই দিনটোত বেছি হোৱা, স্মৃতি তথা সমৰ্থ স্বৰূপ সেয়া গৰিষ্ঠসংখ্যকৰে কম।

এতিয়া তীব্ৰগতিৰ সময়, তীব্ৰ পুৰুষাৰ্থৰ সময়, সাধাৰণ পুৰুষাৰ্থৰ সময় নহয়, চেকেণ্ডত পৰিৱৰ্তনৰ অৰ্থ হৈছে – স্মৃতি স্বৰূপৰ দ্বাৰা এক চেকেণ্ডত নেতিবাচক সংকল্পৰহিত, ব্যৰ্থ সংকল্প নিবৃত্ত হৈ যাওঁক, কিয়? সময়ৰ সমাপ্তি সমীপত আনোঁতা নিমিত্ত হোৱা। গতিকে এতিয়াৰ সময়ৰ মহত্ব অনুসৰি যিহেতু জানাও যে প্ৰতিটো খোজত পদম সমাহিত হৈ আছে, তেন্তে বঢ়োৱাটো বুদ্ধিত ৰাখা কিন্তু হেৰুওৱাটোও বুদ্ধিত ৰাখা। যদি খোজে প্ৰতি পদম জমা হয়ো তেনেকৈ খোজে প্ৰতি পদম হেৰুৱাও, নে নেহেৰুওৱা? গতিকে এতিয়া এক মিনিটৰ কথাও গ’ল, আনৰ কাৰণে কোৱা এক মিনিট শান্তিত থাকা কিন্তু তোমালোকৰ বাবে চেকেণ্ডৰ কথা হ’ব লাগে। যেনেকৈ হয় আৰু নহয় ভাবিবলৈ কিমান সময় লাগে? চেকেণ্ড। সেয়েহে পৰিৱৰ্তন শক্তি ইমান তীব্ৰ হ’ব লাগে। বুজিলা ঠিক, ঠিক নহয়, যিটো ঠিক নহয় তাত বিন্দু লগাব লাগে আৰু যিটো ঠিক সেয়া বাস্তৱায়িত কৰিব লাগে। এতিয়া বিন্দুৰ মহত্বক কামত লগোৱা। তিনিটা বিন্দুকতো জানা নহয়! কিন্তু বিন্দুক সময়ত কামত লগোৱা। যেনেকৈ বিজ্ঞানীসকলে সকলো কথাত তীব্ৰগতি আনি আছে আৰু পৰিৱৰ্তনৰ শক্তিও বেছিকৈ কামত লগাই আছে। গতিকে শান্তিৰ শক্তিধাৰীসকলে এতিয়া লক্ষ্য ৰাখা যদি পৰিৱৰ্তন কৰিব লাগে, জ্ঞানৱান হোৱা তেন্তে এতিয়া চেকেণ্ডৰ গতিত শক্তিশালী হোৱা। কৰি আছোঁ, হৈ যাব… কৰিম… নহয়। হ’ব পাৰেনে নে কঠিন? কিয়নো অন্তিম সময়ত চেকেণ্ডৰ কাকত আহিব, মিনিটৰ নহয়, গতিকে চেকেণ্ডৰ অভ্যাস বহুকালৰ হ’লে তেতিয়াহে চেকেণ্ডত সন্মান সহকাৰে উত্তীৰ্ণ হ’বা নহয়! পৰমাত্ম বিদ্যাৰ্থী, পৰমাত্ম পাঠ পঢ়ি আছা, তেন্তে সন্মান সহকাৰে উত্তীৰ্ণ হ’বই লাগে নহয়! কেৱল উত্তীৰ্ণ হোৱাৰ নম্বৰ পালে তাতে কি হ’ল! সন্মান সহকাৰে উত্তীৰ্ণ। কি লক্ষ্য ৰাখিছা? যিসকলে ভাবিছা সন্মান সহকাৰে উত্তীৰ্ণ হ’ব লাগিব তেওঁলোকে হাত দাঙা, সন্মান সহকাৰে উত্তীৰ্ণ? ‘সন্মান’ শব্দটিৰ প্ৰতি মনোযোগ দিবা। বাৰু। তেনেহ’লে এতিয়া কি কৰিব লাগিব? ‘মিনিট মটৰ’তো (বিজ্ঞানৰ দ্বাৰা এনে দ্ৰুতগতিত কাম কৰা হয় যে 1 মিনিটত এখন মটৰ গাড়ী বা আন কোনো বাহন তৈয়াৰ হৈ যায়) সাধাৰণ, এতিয়া চেকেণ্ডৰ কাম।

হয় পঞ্জাৱৰসকল, এতিয়া চেকেণ্ডৰ কথা। ইয়াত এক নম্বৰ কোন হ’ব? পঞ্জাৱ। কি ডাঙৰ কথা। যিমান নিচাৰে কোৱা, বৰ ভালকৈ কোৱা, নিচাৰে কোৱা, বাপদাদাই যেতিয়া শুনে বহুত আনন্দিত হয়, এনেকৈ কোৱা – কি ডাঙৰ কথা, বাপদাদা লগত আছে। তেন্তে লগততো হৰ্তা-কৰ্তা আছে, তেন্তে এতিয়া কি কৰিব লাগে? এতিয়া তীব্ৰ হ’ব লাগিব। সেৱাতো কৰি আছা, আৰু সেৱাৰ বাহিৰে কৰিবানো কি? এনেয়ে বহি থাকিবা জানো? সেৱাতো ব্ৰাহ্মণ আত্মাসকলৰ ধৰ্ম, কৰ্ম। কিন্তু এতিয়া সেৱাৰ লগতে সমৰ্থ স্বৰূপ, যিমান সেৱাৰ উৎসাহ-উদ্দীপনা দেখুৱাইছা, বাপদাদা আনন্দিত হৈছে, অভিনন্দনো জনাইছে। কিন্তু যেনেকৈ সেৱাৰ মুকুট পাইছা নহয়! (যুৱা পদযাত্ৰী মুকুট পিন্ধি বহি আছে) মুকুট পিন্ধি আছে, চোৱা কিমান ভাল লাগিছে। এতিয়া স্মৃতি স্বৰূপ হোৱাৰ মুকুট পিন্ধি দেখুৱাবা। যুৱা দল হোৱা নহয়! তেন্তে কি চমৎকাৰ কৰিবা? সেৱাতো এক নম্বৰ আৰু সমৰ্থ স্বৰূপতো এক নম্বৰ। বাৰ্তা দিয়াটোও ব্ৰাহ্মণ জীৱনৰ ধৰ্ম আৰু কৰ্ম কিন্তু এতিয়া বাপদাদাই ইঙ্গিত দি আছে যে পৰিৱৰ্তনৰ যন্ত্ৰ তীব্ৰ কৰা। নহ’লে সন্মান সহকাৰে উত্তীৰ্ণ হোৱা কঠিন হৈ যাব। বহুকালৰ অভ্যাস লাগে। ভাবিলা আৰু কৰিলা। কেৱল ভাৱ স্বৰূপ নহ’বা, সমৰ্থ স্মৃতি তথা সমৰ্থ স্বৰূপ হোৱা। ব্যৰ্থক তীব্ৰ গতিৰে সমাপ্ত কৰা। ব্যৰ্থ সংকল্প, ব্যৰ্থ বাণী, ব্যৰ্থ কৰ্ম, ব্যৰ্থ সময় আৰু সম্বন্ধ-সম্পৰ্কতো ব্যৰ্থ বিধি, ৰীতি সকলো সমাপ্ত কৰা যেতিয়া ব্ৰাহ্মণ আত্মাসকলে তীব্ৰ গতিৰে এই নিজৰ ব্যৰ্থ সমাপ্ত কৰিব তেতিয়া আত্মাসকলৰ আশীৰ্বাদ আৰু নিজৰ পুণ্যৰ পুঁজি তীব্ৰগতিৰে জমা কৰিব।

বাপদাদাই আগতেও শুনাইছে যে বাপদাদাই তিনিটা পুঁজি পৰীক্ষা কৰে। পুৰুষাৰ্থৰ গতিৰ পুঁজি, আশীৰ্বাদৰ পুঁজি, পুণ্যৰ পুঁজি কিন্তু গৰিষ্ঠসংখ্যকৰে পুঁজি এতিয়া ভৰপূৰ নহয় সেইবাবে বাপদাদাই আজি এইটো শ্লোগান সোঁৱৰাই আছে যে এতিয়া তীব্ৰ হোৱা, তীব্ৰ পুৰুষাৰ্থী হোৱা। তীব্ৰ গতিৰে সমাপ্তি আনোঁতা হোৱা। তীব্ৰ গতিৰে মনৰ দ্বাৰা বায়ুমণ্ডল পৰিৱৰ্তন কৰোঁতা হোৱা।

বাপদাদা এটা কথাত সকলো সন্তানৰ ওপৰত বহুত আনন্দিতও হয়। কোনটো কথাত? পিতাৰ প্ৰতি সকলোৰে গভীৰ স্নেহ আছে, ইয়াৰ বাবে অভিনন্দন। কিন্তু কওঁনে কি কৰিবা! এইটো চিজনৰ সমাপ্তিলৈকে, এতিয়াতো সময় বাকী আছে, এইটো চিজনৰ সমাপ্তিলৈকে তীব্ৰ গতিৰ কিবা নহয় কিবা চমৎকাৰ কৰি দেখুওৱা। পচন্দ হৈছেনে? পচন্দ হৈছেনে? যিসকলে ভাবিছা লক্ষ্য অৰু লক্ষণ দুয়োটা স্মৃতিত ৰাখিম, তেওঁলোকে হাত দাঙা। ডবল বিদেশীসকলেও ৰাখিব, শিক্ষকসকলেও ৰাখিব আৰু যুৱাসকলেও ৰাখিব আৰু প্ৰথম শাৰীৰসকলেও ৰাখিব! তেন্তে পদম, পদম, পদমগুণ আগতীয়াকৈ অভিনন্দন। বাৰু।

এতিয়াই অভ্যাস কৰা – এক চেকেণ্ডত নেতিবাচক সংকল্প ৰহিত, ব্যৰ্থ সংকল্প ৰহিত হৈ একাগ্ৰ, একমাত্ৰ পিতা অন্য কোনো নাই, এই এটাই সংকল্পত একাগ্ৰ হৈ বহিব পাৰানে! আৰু কোনো সংকল্প যাতে উদয় নহয়। এটাই সংকল্পৰ একাগ্ৰতা শক্তিৰ অনুভৱত বহি যোৱা। সময় নলগাবা, এক চেকেণ্ডত। বাৰু।

চাৰিওফালৰ সন্তানসকলক যিসকলে বিশেষ স্নেহপূৰ্ণ স্মৃতি পঠিয়াইছে, সেই প্ৰতিগৰাকী সন্তানে নিজৰ নামত স্নেহ সহিত স্মৃতি আৰু অন্তৰৰ আশীৰ্বাদ স্বীকাৰ কৰিবা। বাপদাদাই চাই আছে যে সকলোৰে অন্তৰত উদয় হয়, আমাৰো স্মৃতি, আমাৰো স্মৃতি, কিন্তু তোমালোক সন্তানসকলে সংকল্প কৰা আৰু বাপদাদাৰ ওচৰত সেই সময়তেই আহি পাই যায় সেইবাবে সকলো সন্তানক প্ৰত্যেকৰে নাম আৰু বিশেষত্ব সম্পন্ন স্নেহসহিত স্মৰণ কৰি আছে।

তেন্তে সকলো সদায় স্মৃতি স্বৰূপ, সমৰ্থ স্বৰূপ, অনুভৱ স্বৰূপ শ্ৰেষ্ঠ সন্তানসকলক, সদায় যি শুভ ভাবিলা সেয়া ততালিকে কৰিলা, যেনেকৈ ততালিকে কৰা দানৰ মহত্ব আছে তেনেকৈ ততালিকে কৰা পৰিৱৰ্তনৰো মহত্ব আছে। গতিকে ততালিকে পৰিৱৰ্তন কৰোঁতা বিশ্ব পৰিৱৰ্তক সন্তানসকলক, সদায় পৰমাত্ম প্ৰতিপালন, পৰমাত্ম স্নেহ, পৰমাত্ম পঢ়া আৰু পৰমাত্ম শ্ৰীমত সকলো কৰ্মত ৰূপায়িত কৰোঁতা মহাবীৰ সন্তানসকলক, সদায় সাহস আৰু একাগ্ৰতা, একতাৰ দ্বাৰা এক নম্বৰ তীব্ৰ পুৰুষাৰ্থ কৰোঁতা সন্তানসকলক বাপদাদাৰ অন্তৰৰ স্নেহ সহিত স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ আৰু নমস্কাৰ।

দাদীসকলৰ প্ৰতি:- সকলোৱে ভাল ভূমিকা পালন কৰি আছে। বাপদাদা প্ৰত্যেকৰে ভূমিকা দেখি আনন্দিত হয়। সৰু সৰুসকলেও ভাল ভূমিকা পালন কৰি আছে। এনেকৈ নাভাবিবা যে মইতো সৰু। সৰুসকল ঈশ্বৰ সম। শক্তিসকলৰ নিজা ভূমিকা আছে, পাণ্ডৱসকলৰ নিজা ভূমিকা আছে। পাণ্ডৱ নহ’লে তেতিয়াও কাম নচলে, শক্তি নহ’লে তেতিয়াও কাম নচলে, সেইবাবে ভাৰতত চতুৰ্ভুজৰ স্মাৰক আছে। অন্য কোনো ধৰ্মত চতুৰ্ভুজ নেদেখুৱায় কিন্তু ভাৰতৰ স্মাৰকত চতুৰ্ভুজৰ মহত্ব আছে। গতিকে দুয়ো ভাল ভূমিকা পালন কৰি আছে কিন্তু এতিয়া খৰতকীয়া কৰিব লাগে, বচ্‌। কেতিয়াবা কেতিয়াবা অলপ ঢিলা হৈ যায়। এতিয়া ঢিলা হোৱাৰ সময় নহয়। কথাতো ভিন্ন ভিন্ন হয়েই কিন্তু আমি কথাৰ ৰহস্য বুজি ৰাজযুক্ত, যোগযুক্ত, স্নেহযুক্ত, সহযোগ যুক্ত হৈ চলিব লাগে। ভাল হ’ব নহয়। (দাদীজীৰ প্ৰতি) বৰ ভাল লাগে নহয়? চোৱা কিমান আহিছে? কিয় আহিছে? এই সকলো কিয় আহিছে! তোমাক সাক্ষাৎ কৰিবলৈ আহিছে। বাপদাদাকতো সাক্ষাৎ কৰিবলৈ আহিছে কিন্তু লগতে দাদীসকল নহ’লে তেতিয়া কয় নহয় যে মজা নালাগে। আৰু তোমালোক সকলো নহ’লে তেতিয়াও মজা নালাগে।

বৰদান:
স্মৃতিৰ বুটামৰ দ্বাৰা স্ব-কল্যাণ আৰু সকলোৰে কল্যাণ কৰোঁতা সিদ্ধি স্বৰূপ হোৱা

স্থিতিৰ আধাৰ হৈছে স্মৃতি। এইটো শক্তিশালী স্মৃতি যাতে থাকে যে “মই পিতাৰ আৰু পিতা মোৰ”। তেতিয়া এইটো স্মৃতিৰে নিজৰ স্থিতি শক্তিশালী হৈ থাকিব আৰু আনকো শক্তিশালী কৰি তুলিবা। যেনেকৈ বুটাম টিপিলে আলোক হৈ যায় তেনেকৈ এই স্মৃতিও একপ্ৰকাৰৰ বুটাম। সদায় স্মৃতি ৰূপী বুটামৰ প্ৰতি মনোযোগ থাকিলে তেতিয়া নিজৰ আৰু সকলোৰে কল্যাণ কৰি থাকিবা। নতুন জন্ম হৈছে গতিকে স্মৃতিসমূহ নতুন হওঁক। পুৰণা সকলো স্মৃতি সমাপ্ত – এইটো বিধিৰে সিদ্ধি স্বৰূপ বৰদান প্ৰাপ্ত হৈ যাব।

স্লোগান:
অতিন্দ্ৰিয় সুখৰ অনুভূতি কৰিবলৈ নিজৰ শান্ত স্বৰূপ স্থিতিত স্থিৰ হৈ থাকা।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

বাপ-দাদা প্ৰেমৰ বান্ধোনত বান্ধ খাই আছে। পৃথক হ’বলৈ বিচাৰিলেও পৃথক হ’ব নোৱাৰে, সেইবাবে ভক্তিতো বন্ধনৰ চিত্ৰ দেখুৱাইছে। বাস্তৱত প্ৰেমৰ বন্ধনত অব্যক্ত হৈও বান্ধ খাই থাকিবলগীয়া হয়। ব্যক্তৰ পৰা মুক্ত কৰিলে তথাপিও পৃথক হ’ব নোৱাৰে। এই প্ৰেমৰ জৰি মজবুত। এনেকুৱা প্ৰেম স্বৰূপ হৈ, ইজনে সিজনক প্ৰেমৰ ৰচিৰে বান্ধি সমীপ সম্বন্ধৰ বা আপোন-বোধৰ অনুভূতি কৰোৱা।