31.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা আধ্যাত্মিক, আত্মিক গুপ্ত মুক্তিবাহিনী, তোমালোকে গোটেই সৃষ্টিক মুক্ত
কৰিব লাগে, ডুবি থকা নাও পাৰ কৰিব লাগে”
প্ৰশ্ন:
সংগমত পিতাই
কোনখন বিশ্ব বিদ্যালয় খোলে যিখন গোটেই কল্পত নাথাকে?
উত্তৰ:
ৰাজ্য প্ৰাপ্ত কৰিব কাৰণে পঢ়াৰ ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয় বা কলেজ সংগমত পিতাইহে
খোলে। এনেকুৱা বিশ্ব বিদ্যালয় গোটেই কল্পত নাথাকে। এই বিশ্ব বিদ্যালয়ত পঢ়ি তোমালোক
দ্বৈত মুকুটধাৰী ৰজাৰো ৰজা হোৱা।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলক পোন-প্ৰথমে পিতাই সোধে ইয়াত আহি যেতিয়া বহা তেতিয়া নিজক আত্মা বুলি বুজি
পিতাক স্মৰণ কৰানে? কিয়নো ইয়াত তোমালোকৰ কোনো ধান্দা (পেচাগত কাম-কাজ),
মিত্ৰ-সম্বন্ধীয় আদিও নাই। তোমালোকে এইটো বিচাৰ কৰি আহা যে আমি বেহদৰ পিতাৰ সৈতে
মিলন উদযাপন কৰিবলৈ যাওঁ। কোনে কয়? আত্মাই শৰীৰৰ দ্বাৰা কয়। পাৰলৌকিক পিতাই এই শৰীৰ
ধাৰত লৈছে, এওঁৰ দ্বাৰা বুজায়। এয়া এবাৰেই হয় যেতিয়া বেহদৰ পিতা আহি শিকায়। নিজকে
আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে তোমালোকৰ নাও পাৰ হ'ব। প্ৰত্যেকৰে নাও ডুবি আছে,
যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান নাও পাৰ হ'ব। গায়ন কৰে নহয় – হে নাৱৰীয়া মোৰ নাও
পাৰত লগোৱা। বাস্তৱত প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থেৰে পাৰ হ'ব লাগে। যেনেকৈ সাঁতুৰিবলৈ
শিকায় পাচত শিকি যায় তেতিয়া নিজেই সাঁতোৰে। সেই সকলোবোৰ হৈছে পাৰ্থিৱ কথা। এয়া হৈছে
আত্মিক কথা। তোমালোকে জানা আত্মা এতিয়া বোকাৰ পিটনিত আৱদ্ধ হৈ গ'ল। ইয়াৰ ওপৰত হৰিণৰ
দৃষ্টান্তও দিয়ে। পানী বুলি ভাবি যায়, কিন্তু সেয়া হয় বোকা, গতিকে তাত আৱদ্ধ হৈ যায়।
কেতিয়াবা কেতিয়াবা পানী জাহাজ, মটৰ আদিও বোকাত আৱদ্ধ হৈ যায়। পুনৰ তেওঁলোকক মুক্ত
কৰে। তেওঁলোক সকলো হৈছে মুক্তি বাহিনী। তোমালোক হৈছা আত্মিক। তোমালোকে জানা সকলো
মায়াৰ পিটনিত বহুত আৱদ্ধ হৈ আছে, ইয়াক মায়াৰ পিটনি বুলি কোৱা হয়। পিতা আহি বুজায় -
ইয়াৰ পৰা তোমালোক কেনেকৈ ওলাব পাৰা। তেওঁ মুক্ত কৰে, তাত মনুষ্যক মনুষ্যৰ সহায় লাগে।
ইয়াততো আকৌ আত্মা গৈ পিটনিত আৱদ্ধ হৈ আছে। পিতাই ৰাস্তা দেখুৱায় ইয়াৰ পৰা তোমালোক
কেনেকৈ ওলাব পাৰা। আকৌ অন্যকো ৰাস্তা দেখুৱাব পাৰা। নিজক আৰু অন্যক ৰাস্তা দেখুৱাব
লাগে যে তোমালোকৰ নাও এই বিষয় সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ কেনেকৈ যাব। সত্যযুগক কয়
ক্ষীৰ সাগৰ অৰ্থাৎ সুখৰ সাগৰ। এয়া হৈছে দুখৰ সাগৰ। ৰাৱণে দুখৰ সাগৰত ডুবাই দিয়ে।
পিতা আহি সুখৰ সাগৰলৈ লৈ যায়। তোমালোকক আত্মিক মুক্তি বাহিনী বুলি কোৱা হয়। তোমালোকে
শ্ৰীমতত সকলোকে ৰাস্তা দেখুওৱা। প্ৰত্যেককে বুজোৱা - দুজন পিতা আছে, এজন হদৰ,
দ্বিতীয়জন বেহদৰ। লৌকিক পিতা থকা সত্ত্বেও সকলোৱে পাৰলৌকিক পিতাক স্মৰণ কৰে কিন্তু
তেওঁক একেবাৰে নাজানে। বাবাই কোনো গ্লানি নকৰে কিন্তু ড্ৰামাৰ ৰহস্য বুজায়। এয়াও
বুজাবৰ কাৰণে কয় যে এই সময়ত সকলো মনুষ্য মাত্ৰ 5 বিকাৰ ৰূপী পিটনিত আৱদ্ধ হৈ থকা
আসুৰিক সম্প্ৰদায়ৰ হয়। দৈৱী সম্প্ৰদায়ক আসুৰিক সম্প্ৰদায়ে গৈ নমস্কাৰ জনায় কিয়নো
তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী। সন্ন্যাসীসকলক নমন কৰে তেওঁলোকেও ঘৰ-সংসাৰ এৰি গুচি
যায়। পৱিত্ৰ হৈ থাকে। এই সন্ন্যাসীসকল আৰু দেৱতাসকলৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে।
দেৱতাসকলৰ জন্মও যোগবলেৰে হয়। এই কথাবোৰ কোনেও নাজানে। সকলোৱে কয় ঈশ্বৰৰ গতি-মতি
অনন্য, ঈশ্বৰৰ অন্ত পাব নোৱাৰে। কেৱল ঈশ্বৰ বা ভগৱান বুলি ক'লে ইমান স্নেহ নাজাগে।
সকলোতকৈ ভাল শব্দ হৈছে ‘পিতা’। মনুষ্যই বেহদৰ পিতাক নাজানে গতিকে যেন মাউৰা।
আলোচনীতো ওলাইছে,
মনুষ্যই কি কয় আৰু ভগৱানে কি কয়। পিতাই কোনো গালি নিদিয়ে, সন্তানসকলক বুজায় কিয়নো
পিতাইতো সকলোকে জানে। বুজাবৰ কাৰণে কয় - এওঁৰ আসুৰিক অৱগুণ আছে, নিজৰ মাজত কাজিয়া
লাগি থাকে। ইয়াততো কাজিয়া কৰাৰ দৰকাৰ নাই। তেওঁলোক হৈছে কৌৰৱ অৰ্থাৎ আসুৰিক
সম্প্ৰদায়। এয়া হৈছে দৈৱী সম্প্ৰদায়। পিতাই বুজায় - মনুষ্যই মনুষ্যক মুক্তি বা জীৱন
মুক্তিৰ কাৰণে ৰাজযোগ শিকাব এয়া হ'ব নোৱাৰে। এই সময়ত পিতাইহে তোমালোক আত্মাসকলক
শিকাই আছে। দেহ-অভিমান, দেহী-অভিমানীৰ মাজত পাৰ্থক্য চোৱা কিমান আছে। দেহ-অভিমানৰ
কাৰণে তোমালোক অৱনমিত হৈ আহিছা। পিতা এবাৰেই আহি তোমালোকক দেহী-অভিমানী কৰি তোলে।
এনেকুৱা নহয় যে তোমালোকে সত্যযুগত দেহৰ লগত সম্বন্ধ নাৰাখিবা। তাত এইটো জ্ঞানেই
নাথাকে যে মই আত্মা পৰমপিতা পৰমাত্মাৰ সন্তান হওঁ। এইটো জ্ঞান এতিয়াহে তোমালোকে
প্ৰাপ্ত কৰা যি প্ৰায় লোপ হৈ যায়। তোমালোকেহে শ্ৰীমতত চলি প্ৰালব্ধ পোৱা। পিতা আহেই
ৰাজযোগ শিকাবৰ কাৰণে। এনেকুৱা পঢ়া আৰু একো হ'ব নোৱাৰে। দ্বৈত মুকুটধাৰী ৰজাসকল
সত্যযুগত থাকে। আকৌ একক মুকুটধাৰীসকলৰ ৰাজত্বও আছে, এতিয়া সেই ৰাজত্ব নাই, প্ৰজাৰ
প্ৰজাৰ ওপৰত ৰাজত্ব। তোমালোক সন্তানসকলে এতিয়া ৰাজ্য-ভাগ্য ল’বৰ কাৰণে পঢ়া, ইয়াক
ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয় বুলি কোৱা হয়। তোমালোকৰ নামো লিখা আছে। তেওঁলোকে যদিও
নাম ৰাখে গীতা পাঠশালা। পঢ়াই কোনে? শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি কৈ দিব। এতিয়া কৃষ্ণইতো
পঢ়াব নোৱাৰে। কৃষ্ণতো নিজেই পাঠশালাত পঢ়িবলৈ যায়। ৰাজকুমাৰ- ৰাজকুমাৰীৰে কেনেকৈ
স্কুললৈ যায়, তাৰ ভাষাই বেলেগ। এনেকুৱাও নহয় যে সংস্কৃতত গীতা পঢ়িছে। ইয়াততো অনেক
ভাষা আছে। যি যেনেকুৱা ৰজা হয় তেওঁ নিজৰ ভাষা প্ৰচলন কৰে। সংস্কৃত ভাষা কোনো
ৰজাসকলৰ নহয়। বাবাই কোনো সংস্কৃত নিশিকায়। পিতাইতো ৰাজযোগ শিকায়, সত্যযুগৰ কাৰণে।
পিতাই কয় - কাম
মহাশত্ৰু হয়, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। প্ৰতিজ্ঞা কৰায়, ইয়াত যিসকল আহে তেওঁলোকক
প্ৰতিজ্ঞা কৰোৱা হয়। কাম বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলে তোমালোক জগতজিৎ হ'বা। এইটো
হৈছে মুখ্য বিকাৰ। এই হিংসা দ্বাপৰৰ পৰা চলি আহিছে, যাৰ পৰা বাম মাৰ্গ আৰম্ভ হ’ল।
দেৱতাসকল কেনেকৈ বাম মাৰ্গত যায়, তাৰো মন্দিৰ আছে। তাত বহুত ছিঃ ছিঃ চিত্ৰ অংকন
কৰিছে। বাকী বাম মাৰ্গত কেতিয়া গ'ল, তাৰ তিথি-তাৰিখতো নাই। সিদ্ধ হয় যে কাম চিতাত
বহাৰ কাৰণে ক'লা হয় কিন্তু নাম-ৰূপতো সলনি হৈ যায়। কাম চিতাত উঠাৰ কাৰণে লৌহযুগী হৈ
যায়। এতিয়াতো 5 তত্বও তমোপ্ৰধান হয় নহয় জানো, সেয়েহে শৰীৰো এনেকুৱা তমোপ্ৰধান হয়।
জন্মৰ পৰাই কোনোবা কেনেকুৱা, কোনোবা কেনেকুৱা হৈ যায়। তাততো একদম সুন্দৰ শৰীৰ হয়।
এতিয়া তমোপ্ৰধান হোৱাৰ কাৰণে শৰীৰো এনেকুৱা। মনুষ্যই ঈশ্বৰ প্ৰভু আদি ভিন্ন ভিন্ন
নামেৰে স্মৰণ কৰে কিন্তু সেই বেচেৰাহঁতে একো গম নাপায়। আত্মাই নিজৰ পিতাক স্মৰণ কৰে
- হে বাবা, আহি শান্তি দিয়া। ইয়াততো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰি আছে
তেন্তে শান্তি কেনেকৈ পাব। বিশ্বত শান্তি আছিল যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব
আছিল। কিন্তু কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিছে গতিকে মনুষ্য বেচেৰাহঁতে কেনেকৈ
বুজিব। যেতিয়া এওঁলোকৰ (দেৱতাসকলৰ) ৰাজত্ব আছিল তেতিয়া এখনেই ৰাজ্য এটাই ধৰ্ম আছিল
আৰু অন্য কোনো খণ্ডৰ ক্ষেত্ৰত এনেকৈ নকয় যে এটা ধৰ্ম এখন ৰাজ্য হওঁক। ইয়াত আত্মাই
বিচাৰে এখন ৰাজ্য হওক। তোমালোক আত্মাই জানা এতিয়া আমি এখন ৰাজ্য স্থাপন কৰি আছোঁ।
তাত গোটেই বিশ্বৰ মালিক আমি হ'ম। পিতাই আমাক সকলোবোৰ দি দিয়ে। কোনেও আমাৰ পৰা ৰাজ্য
কাঢ়ি নিব নোৱাৰে। আমি গোটেই বিশ্বৰ মালিক হৈ যাওঁ। বিশ্বত কোনো সূক্ষ্মধাম, মূলধাম
নাথাকে। এই সৃষ্টি চক্ৰ ইয়াতেই ঘূৰি থাকে। ইয়াক পিতা, যি ৰচয়িতা হয় তেৱেঁই জানে।
এনেকুৱা নহয় যে ৰচনা ৰচে। পিতা আহেই সংগমত, পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি কৰি
তুলিবলৈ। দূৰণিৰ দেশৰ পৰা বাবা আহিছে, তোমালোকে জানা নতুন সৃষ্টি আমাৰ কাৰণে তৈয়াৰ
হৈ আছে। বাবাই আমাক আত্মাসকলক শোভিত কৰি আছে। তাৰ লগতে আকৌ শৰীৰৰো শোভা হৈ যাব।
আত্মা পৱিত্ৰ হ'লে তেতিয়া শৰীৰো সতোপ্ৰধান পোৱা যাব। সতোপ্ৰধান তত্বৰ দ্বাৰা শৰীৰ
তৈয়াৰ হ'ব। এওঁলোকৰ সতোপ্ৰধান শৰীৰ হয় নহয় সেয়েহে প্ৰাকৃতিক সৌন্দৰ্য্য থাকে। গায়নো
কৰা হয় ধৰ্মই শক্তি। এতিয়া শক্তি ক'ৰ পৰা পালে? এটাই দেৱী-দেৱতাৰ ধৰ্ম আছে যাৰ পৰা
শক্তি প্ৰাপ্ত হয়। এই দেৱতাসকলেই গোটেই বিশ্বৰ মালিক হয় অন্য কোনো বিশ্বৰ মালিক নহয়।
তোমালোকে কিমান শক্তি পোৱা। লিখাও আছে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা
শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা কৰায়। এই কথাবোৰ জগতৰ কোনোবাই জানে জানো। পিতাই কয় - মই
ব্ৰাহ্মণ কুল স্থাপন কৰোঁ পুনৰ তেওঁলোকক সূৰ্যবংশী ৰাজবংশলৈ লৈ আহোঁ। যিয়ে ভালদৰে
পঢ়ে তেওঁলোক উত্তীৰ্ণ হৈ সূৰ্যবংশীত আহে। হওতে সকলো জ্ঞানৰ কথা। তেওঁলোকে আকৌ স্থূল
বাণ অস্ত্ৰ আদি দেখুৱাইছে। বাণ চলাবলৈও শিকে। সৰু ল’ৰা-ছোৱালীকো বন্দুক চলাবলৈ
শিকায়। তোমালোকৰ আকৌ হৈছে যোগৰ বাণ। পিতাই কয় মামেকম্ স্মৰণ কৰা তেতিয়া তোমালোকৰ
বিকৰ্ম বিনাশ হ'ব। হিংসাৰ কোনো কথা নাই। তোমালোকৰ পঢ়াও হৈছে গুপ্ত। তোমালোক হৈছা
আধ্যাত্মিক, আত্মিক মুক্তি বাহিনী। এইটো কোনেও নাজানে যে আত্মিক সেনা কেনেকুৱা হয়।
তোমালোক হৈছা গুপ্ত, আধ্যাত্মিক আত্মিক মুক্তি বাহিনী। গোটেই সৃষ্টিক তোমালোকে
উদ্ধাৰ কৰা। সকলোৰে নাঁও ডুবি আছে। বাকী কোনো সোণৰ লংকা নাই। এনেকুৱা নহয় যে সোণৰ
দ্বাৰকা তললৈ গুচি গ'ল, সেয়া ওলাই আহিব। নহয়, দ্বাৰকাতো এওঁলোকৰ ৰাজ্য আছিল কিন্তু
সত্যযুগত আছিল। সত্যযুগৰ ৰজাসকলৰ পোছাকেই বেলেগ হয়, ত্ৰেতাৰ বেলেগ। ভিন্ন ভিন্ন
পোছাক, ভিন্ন ভিন্ন ৰীতি-প্ৰথা থাকে। প্ৰত্যেক ৰজাৰ ৰীতি-প্ৰথা নিজৰ নিজৰ,
সত্যযুগৰতো নাম ল'লেই অন্তৰ আনন্দিত হৈ যায়। কোৱাই হয় স্বৰ্গ, পেৰাডাইজ কিন্তু
মনুষ্যই একোৱে নাজানে। মুখ্যতো হৈছে এই দেলৱাড়া মন্দিৰ। হুবহু তোমালোকৰ স্মাৰক।
আৰ্হিতো সদায় সৰুকৈ তৈয়াৰ কৰে নহয় জানো। এয়া একেবাৰে সঠিক আৰ্হি। শিৱবাবাও আছে, আদি
দেৱো আছে, ওপৰত বৈকুণ্ঠ দেখুৱাইছে। শিৱবাবা আছে যেতিয়া নিশ্চয় ৰথো থাকিব। আদি দেৱ
বহি আছে, এয়াও কোনেও নাজানে। এওঁ শিৱবাবাৰ ৰথ হয়। মহাবীৰেহে ৰাজ্য প্ৰাপ্ত কৰে।
আত্মাত শক্তি কেনেকৈ আহে, এয়াও তোমালোকে এতিয়া বুজি পোৱা। বাৰে বাৰে নিজক আত্মা বুলি
বুজা। আমি আত্মা সতোপ্ৰধান আছিলোঁ তেতিয়া পৱিত্ৰ আছিলোঁ। শান্তিধামত আৰু সুখধামত
নিশ্চয় পৱিত্ৰ হৈয়ে থাকিব। এতিয়া বুদ্ধিত উদয় হয় কিমান সহজ কথা। ভাৰত সত্যযুগত
পৱিত্ৰ আছিল। তাত অপৱিত্ৰ আত্মা থাকিব নোৱাৰে। ইমানবোৰ পতিত আত্মা ওপৰলৈ কেনেকৈ যাব।
নিশ্চয় পৱিত্ৰ হৈহে যাব। জুই লাগিব তেতিয়া সকলো আত্মা গুচি যাব। বাকী শৰীৰ থাকি যায়।
এই সকলোবোৰৰ চিহ্নও আছে। ‘হোলিকা’ৰ অৰ্থ কোনোবাই বুজি পায় জানো। গোটেই সৃষ্টি ইয়াত
স্বাহা হৈ যাব। এয়া জ্ঞান যজ্ঞ হয়। জ্ঞান শব্দটো আঁতৰাই বাকী ৰুদ্ৰ যজ্ঞ বুলি কৈ
দিয়ে। বাস্তৱত এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। এয়া ব্ৰাহ্মণৰ দ্বাৰাহে ৰচা হয়। সঁচা
অৰ্থত ব্ৰাহ্মণ তোমালোক হোৱা। প্ৰজাপিতা ব্ৰহ্মাৰতো সকলো সন্তান হয় নহয় জানো।
ব্ৰহ্মাৰ দ্বাৰাহে মনুষ্য সৃষ্টি ৰচা হয়। ব্ৰহ্মাকহে “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ”
বুলি কোৱা হয়, ইয়াৰ বংশ বৃক্ষ থাকে নহয়। যেনেকৈ বেলেগ বেলেগ জাতিৰ বংশ বৃক্ষ ৰাখে।
তোমালোকৰ বুদ্ধিত আছে যে মূলধামত আত্মাসকলৰ প্ৰণালীৱদ্ধ বংশ বৃক্ষ আছে। শিৱবাবা
তাৰপাচত ব্ৰহ্মা-বিষ্ণু-শংকৰ, তাৰপাচত লক্ষ্মী-নাৰায়ণ আদি এই সকলোবোৰ হৈছে মনুষ্যৰ
বংশ বৃক্ষ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক
মুক্তি বাহিনী হৈ নিজক আৰু সকলোকে সঠিক মাৰ্গ দৰ্শন কৰাব লাগে। গোটেই সৃষ্টিক বিষয়
সাগৰৰ পৰা মুক্ত কৰিবৰ কাৰণে পিতাৰ পূৰা পূৰা সহায়ক হ'ব লাগে।
(2) জ্ঞান-যোগেৰে
পৱিত্ৰ হৈ আত্মাক শোভিত কৰিব লাগে, শৰীৰক নহয়। আত্মা পৱিত্ৰ হ'লে শৰীৰ স্বতঃ শোভিত
হৈ যাব।
বৰদান:
কাষৰীয়া কৰাৰ
পৰিৱৰ্তে প্ৰতি মুহূৰ্তত পিতাৰ সহায় অনুভৱ কৰোঁতা নিশ্চয় বুদ্ধি বিজয়ী হোৱা
বিজয়ী হোৱাৰ বৰদানী
আত্মাই প্ৰতিটো মুহূৰ্ত নিজক সহায়ৰ ছত্ৰছায়াত অনুভৱ কৰে। তেওঁলোকৰ মনত সংকল্পমাত্ৰও
অসহায় বা অকলশৰীয়াবোধৰ অনুভৱ নহয়। কেতিয়াও উদাসীনতা বা অল্পকালৰ হদৰ বৈৰাগ্য নাহে।
তেওঁলোকে কেতিয়াও কোনো কাৰ্যৰ পৰা, সমস্যাৰ পৰা, ব্যক্তিৰ পৰা কাষৰীয়া নহয় কিন্তু
প্ৰতিটো কৰ্ম কৰিও, সন্মুখীন হৈ, সহযোগী হৈ বেহদৰ বৈৰাগ্য বৃত্তিত থাকে।
স্লোগান:
একমাত্ৰ পিতাৰ সংগত থাকা আৰু পিতাকেই নিজৰ সংগী কৰি লোৱা।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
দিব্য-বুদ্ধি ৰূপী বিমানৰ দ্বাৰা সকলোতকৈ উচ্চ শিখৰৰ স্থিতিত স্থিত হৈ, অব্যক্ত
লোকবাসী হৈ বিশ্বৰ সকলো আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শ্ৰেষ্ঠ কামনাৰ সহযোগৰ লহৰ
বিয়পোৱা। যোগৰ প্ৰয়োগৰ দ্বাৰা দুখী অশান্ত আত্মাসকলক শান্তি আৰু শক্তিৰ কিৰণ দিয়া।