01.09.24    Avyakt Bapdada     Assame Murli     25.11.2001     Om Shanti     Madhuban


“*“আশীৰ্বাদ দিয়া আশীৰ্বাদ লোৱা, কাৰণক নিবাৰণ কৰি সমস্যাসমূহ সমাধান কৰা”*”


আজি স্নেহৰ সাগৰ বাপদাদাই নিজৰ স্নেহ স্বৰূপ সন্তানসকলৰ স্নেহৰ জৰীত আকৰ্ষিত হৈ সাক্ষাৎ কৰিবলৈ আহিছেহঁক। সন্তানসকলে আহ্বান জনালে আৰু হজুৰ হাজিৰ হৈ গ’ল। অব্যক্ত মিলনতো সদায় উদ্‌যাপন কৰি থাকে, তথাপিও সাকাৰত আহ্বান জনালা সেয়েহে বাপদাদা সন্তানসকলৰ বিশাল মেলাত উপস্থিত হৈ গৈছে। বাপদাদাৰ সন্তানসকলৰ স্নেহ, সন্তানসকলৰ মৰম দেখি আনন্দিত হয় আৰু অন্তৰৰ ভিতৰতে চাৰিওফালৰ সন্তানসকলৰ বাবে গীত গায় – “বাঃ শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকল বাঃ! ভগৱানৰ স্নেহৰ পাত্ৰ আত্মাসকল বাঃ!” ইমান শ্ৰেষ্ঠ ভাগ্য আৰু ইমান সাধাৰণ ৰূপত সহজে প্ৰাপ্ত হয়, এয়া সপোনতো ভবা নাছিল। কিন্তু আজি সাকাৰ ৰূপত ভাগ্য প্ৰত্যক্ষ কৰি আছা। বাপদাদাই দেখি আছে যে দূৰৈত বহিও সন্তানসকলে মিলন মেলা উদ্‌যাপন কৰি আছে। বাপদাদাই তেওঁলোকক দেখি মিলন উদ্‌যাপন কৰি আছে। সংখ্যাধিক মাতাসকলে সোণালী সুযোগ পাইছে আৰু বাপাদাদাও বিশেষ শক্তি সেনাক দেখি আনন্দিত হয় যে চাৰিবেৰৰ মাজত থকা মাতাসকল পিতাৰ দ্বাৰা বিশ্ব কল্যাণকাৰী হৈ, বিশ্বৰ ৰাজ্য অধিকাৰী হৈ গ’ল। হৈ গ’লা নে হৈ আছা, কি ক’বা? হৈ গ’লা নহয়! বিশ্ব ৰাজ্যৰ মাখনৰ লাড়ু তোমালোক সকলোৰে হাতত আছে নহয়! বাপদাদাই দেখিছে যে যিসকল মাতা মধুবনত উপস্থিত হৈছে তেওঁলোক এটা কথাত বহুত আনন্দিত হয়, কোনটো আনন্দ? যে বাপদাদাই আমাক মাতাসকলক বিশেষকৈ মাতিছে। তেন্তে মাতাসকললৈ বিশেষ স্নেহ আছে নহয়! নিচাৰে কয় – বাপদাদাই মাতিছে। মোক মাতিছে, মই কিয় নাহিম! বাপদাদায়ো সকলোৰে বাৰ্তালাপ শুনি থাকে, এই আনন্দৰ নিচা চাই থাকে। এনেয়েতো পাণ্ডৱো কম নহয়, পাণ্ডৱসকলৰ অবিহনেও বিশ্ব কাৰ্যৰ সমাপ্তি হ’ব নোৱাৰে। কিন্তু আজি বিশেষকৈ মাতাসকলক পাণ্ডৱসকলেও আগত ৰাখিছে।

বাপদাদাই সকলো সন্তানকে বহুত সহজ পুৰুষাৰ্থৰ বিধি শুনাই আছে। মাতাসকলক সহজ বিধি লাগে নহয়! সেয়েহে বাপদাদাই সকলো মাতাক, সন্তানসকলক কয়, সকলোতকৈ সহজ পুৰুষাৰ্থৰ সাধন হ’ল – “কেৱল চলোঁতে-ফুৰোঁতে সম্বন্ধ-সম্পৰ্কত আহি প্ৰত্যেক আত্মাক অন্তৰেৰে শুভ-ভাৱনাৰ আশীৰ্বাদ দিয়া আৰু আনৰ পৰাও আশীৰ্বাদ লোৱা” লাগিলে তোমালোকক কোনোবাই যিয়েই নিদিয়ক, অভিশাপো দিয়ক কিন্তু তোমালোকে সেই অভিশাপকো নিজৰ শুভ-ভাৱনাৰ শক্তিৰে আশীৰ্বাদলৈ পৰিৱৰ্তন কৰি দিয়া। তোমালোকৰ দ্বাৰা প্ৰত্যেক আত্মাই আশীৰ্বাদৰ অনুভৱ কৰক। সেই সময়ত অনুভৱ কৰা, যিয়ে অভিশাপ দি আছে তেওঁ এই সময়ত কিবা নহয় কিবা বিকাৰৰ বশীভূত হৈ আছে। বশীভূত আত্মাৰ প্ৰতি বা পৰৰ বশ আত্মাৰ প্ৰতি কেতিয়াও অভিশাপ নোলাব। তেওঁৰ প্ৰতি সদায় সহযোগ দিয়াৰ আশীৰ্বাদ ওলাব। কেৱল এটাই কথা স্মৃতিত ৰাখা যে মই নিৰন্তৰ এটাই কাৰ্য কৰিব লাগে – “সংকল্পৰে, বাণীৰে, কৰ্মৰে, সম্বন্ধ-সম্পৰ্কৰে আশীৰ্বাদ দিব আৰু আশীৰ্বাদ ল’ব লাগে”। যদি কোনো আত্মাৰ প্ৰতি যি কোনো ব্যৰ্থ সংকল্প বা নাকাৰাত্মক সংকল্প উদয়ো হয় তেন্তে এইটো স্মৃতিত ৰাখিবা যে মোৰ কৰ্তব্য কি! যেনেকৈ ক’ৰবাত জুই লাগি আছে আৰু অগ্নি নিৰ্বাপক লোক হ’লে তেতিয়া তেওঁলোকে জুই দেখি পানী ঢলাৰ নিজৰ কাম পাহৰি নাযায়, তেওঁলোকৰ স্মৃতিত থাকে যে আমি পানী ঢালোঁতা, জুই নিৰ্বাপন কৰোঁতা, এনেকৈয়ে যদি কোনোবাই যি কোনো বিকাৰৰ জুইৰ বশৱৰ্তী হৈ কোনো এনেকুৱা কাৰ্য কৰে যিটো তোমালোকৰ ভাল নালাগে তেতিয়া তোমালোকে নিজৰ কৰ্তব্য স্মৃতিত ৰাখিবা যে মোৰ কৰ্তব্য হৈছে যি কোনো প্ৰকাৰৰ জুই নিৰ্বাপন কৰা, আশীৰ্বাদ দিয়া। শুভ-ভাৱনাৰ ভাৱনাৰে সহযোগ দিয়া। বচ্‌ এটা শব্দ স্মৃতিত ৰাখিবা, মাতাসকলে সহজে এটা শব্দ স্মৃতিত ৰাখিব লাগে – “আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা”। মাতাসকলে এইটো কৰিব পাৰানে? (সকলো মাতাই হাত দাঙি আছে) কৰিব পাৰিবা নে কৰিবই লাগে? পাণ্ডৱে কৰিব পাৰানে? পাণ্ডৱে কয় – কৰিবই লাগে। গায়ন আছে পাণ্ডৱ অৰ্থাৎ সদায় বিজয়ী আৰু শক্তিসকল সদায় বিশ্ব কল্যাণকাৰী নামেৰে প্ৰসিদ্ধ।

বাপদাদাৰ চাৰিওফালৰ সন্তানসকলৰ পৰা এতিয়ালৈকে এটা আশা বাকী আছে। কওঁনে কোনটো আশা? জানিতো গৈছা! শিক্ষকসকলে জানি গৈছা নহয়! সকলো সন্তানে যথাশক্তি পুৰুষাৰ্থতো কৰি আছা। বাপদাদাই পুৰুষাৰ্থ দেখি মিচিকিয়াই আছে। কিন্তু এটা আশা এইটো যে পুৰুষাৰ্থত এতিয়া তীব্ৰগতি লাগে। পুৰুষাৰ্থ কৰিছা কিন্তু এতিয়া তীব্ৰগতি লাগে। ইয়াৰ বিধি হ’ল – ‘কাৰণ’ শব্দ সমাপ্ত হৈ যাওঁক আৰু সদায় নিবাৰণ স্বৰূপ হৈ যোৱা। কাৰণতো সময় অনুসৰি থাকেই আৰু থাকিবও। কিন্তু তোমালোক সকলো নিবাৰণ স্বৰূপ হোৱা কিয়নো তোমালোক সকলো সন্তানে বিশ্বক নিবাৰণ কৰি সকলোকে, গৰিষ্ঠসংখ্যক আত্মাক নিৰ্বাণধামলৈ পঠিয়াব লাগে। গতিকে যেতিয়া নিজক নিবাৰণ স্বৰূপ কৰি তুলিবা তেতিয়া বিশ্বৰ আত্মাসকলক নিবাৰণ স্বৰূপৰ দ্বাৰা সকলো সমস্যা নিবাৰণ কৰি নিৰ্বাণধামলৈ পঠিয়াব পাৰিবা। এতিয়া বিশ্বৰ আত্মাসকলে মুক্তি বিচাৰে সেয়েহে পিতাৰ দ্বাৰা মুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাওঁতা নিমিত্ত তোমালোক হোৱা। গতিকে নিমিত্ত আত্মাসকলে প্ৰথমে নিজক ভিন্ন ভিন্ন সমস্যাসমূহৰ কাৰণক নিবাৰণ কৰি মুক্ত কৰিবা তেতিয়া বিশ্বক মুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাব পাৰিবা। তেন্তে মুক্ত হোৱানে? কোনো প্ৰকাৰৰ সমস্যাৰ কাৰণ যাতে সন্মুখত নাহে, এইটো কাৰণ, এইটো কাৰণ, এইটো কাৰণ… যেতিয়া কোনো কাৰণ সন্মুখত আহে তেতিয়া চেকেণ্ডত কাৰণৰ নিবাৰণৰ বিষয়ে ভাবা, এইটো ভাবা যে যিহেতু বিশ্বৰ নিবাৰণ কৰোঁতা হওঁ তেন্তে নিজৰ সৰু-সুৰা সমস্যাসমূহ জানো নিজে নিবাৰণ কৰিব নোৱাৰো! কৰিব নোৱাৰা জানো! এতিয়াতো আত্মাসকলৰ শাৰী তোমালোকৰ আগত আহিব “হে মুক্তিদাতা মুক্তি দিয়ক” কিয়নো মুক্তিদাতাৰ পোনপটীয়া সন্তান হোৱা, অধিকাৰী সন্তান হোৱা। মাষ্টৰ মুক্তিদাতাতো হোৱা নহয়। শাৰীৰ আগত তোমালোক মাষ্টৰ মুক্তিদাতাসকলৰ ফালৰ পৰা এখন বাধাৰ দুৱাৰ বন্ধ অছে। শাৰী তৈয়াৰ আছে কিন্তু কোনখন দুৱাৰ বন্ধ আছে? পুৰুষাৰ্থত দুৰ্বল পুৰুষাৰ্থৰ, এটা শব্দৰ দুৱাৰ আছে, সেয়া হৈছে ‘কিয়’। প্ৰশ্নসূচক চিহ্ন (?) ‘কিয়’, এই ‘কিয়’ শব্দই এতিয়া শাৰী সন্মুখত নানে। সেয়েহে বাপদাদাই এতিয়া দেশ-বিদেশৰ সকলো সন্তানক এইটো স্মৃতি সোঁৱৰাই আছে যে তোমালোকে সমস্যাসমূহৰ দুৱাৰ ‘কিয়’ ইয়াক সমাপ্ত কৰা। কৰিব পাৰানে? শিক্ষকসকলে কৰিব পাৰিবানে? পাণ্ডৱে কৰিব পাৰিবানে? সকলোৱে হাত দাঙি আছা নে কোনো কোনোৱে? বিদেশীসকলতো সদাপ্ৰস্তুত হোৱা নহয়! হয় নে নহয়? যদি হয় তেন্তে পোনকৈ হাত দাঙা। কিছুমানে এনেকুৱা এনেকুৱা কৰি আছে। এতিয়া কোনো সেৱাকেন্দ্ৰত সমস্যাৰ নাম-চিহ্ন যাতে নাথাকে। এনেকুৱা হ’ব পাৰেনে? প্ৰত্যেকেই বুজিবা মই কৰিব লাগে। শিক্ষকসকলে বুজিবা মই কৰিব লাগে, বিদ্যাৰ্থীসকলে বুজিবা মই কৰিব লাগে, প্ৰবৃত্তিত থকাসকলে বুজিবা মই কৰিব লাগে, মধুবন নিবাসীয়ে বুজক আমি কৰিব লাগে। কৰিব পাৰিবা নহয়? সমস্যা শব্দটিয়েই সমাপ্ত হৈ যাওঁক, কাৰণ সমাপ্ত হৈ নিবাৰণ হৈ যাওঁক, এয়া হ’ব পাৰেনে! কি হ’ব নোৱাৰে, প্ৰথমে স্থাপনাৰ সময়ত অহা সকলো সন্তানে যি প্ৰতিশ্ৰুতি দিছিল সেয়া কৰি দেখুৱালে! অসম্ভৱক সম্ভৱ কৰি দেখুৱালে। দেখুৱালে নহয়? তেন্তে এতিয়া কিমান বছৰ হৈ গ’ল? স্থাপনাৰ কিমান বছৰ হৈ গ’ল? (65, বৰ্তমান 88) তেন্তে ইমান বছৰত অসম্ভৱৰ পৰা সম্ভৱ হ’ব নোৱাৰে জানো? হ’ব পাৰেনে? মুৰব্বী শিক্ষকসকলে হাত দাঙা। পঞ্জাৱে দঙা নাই, সন্দেহ আছে নেকি? অলপ ভাবি আছে, নাভাবিবা। কৰিবই লাগে। আনৰ কথা নাভাবিবা, প্ৰত্যেকে নিজৰ কথা ভাবা, নিজৰ কথাটো ভাবিব পাৰা নহয়? আনৰ বাদ দিয়া, নিজৰ কথা ভাবি নিজৰ কাৰণেতো সাহস কৰিব পাৰা নহয়? নে নোৱাৰা? বিদেশীসকলে সাহস কৰিব পাৰানে? (হাত দাঙিছে) অভিনন্দন। বাৰু, এতিয়া যিসকলে বুজিছা, তেওঁলোকে অন্তৰেৰে হাত উঠোৱা, দেখুৱাবলৈ নহয়। এনেকুৱা নহয় যে সকলোৱে হাত দাঙিছে সেয়েহে ময়ো দাঙি দিওঁ। যদি অন্তৰেৰে দৃঢ় সংকল্প কৰা যে কাৰণক সমাপ্ত কৰি নিবাৰণ স্বৰূপ হ’মেই, যিয়েই নহওঁক, সহন কৰিবলগীয়া হওঁক, মায়াৰ সন্মুখীন হ’বলগীয়া হওঁক, ইজনে সিজনৰ সম্বন্ধ-সম্পৰ্কত সহনো কৰিবলগীয়া হওঁক, মই সমস্যা হ’ব নালাগে। হ’ব পাৰেনে? যদি দৃঢ় নিশ্চয়তা আছে তেন্তে তেওঁলোকে পিছৰ পৰা আগলৈকে হাত উঠোৱা। (বাপদাদাই সকলোৰে হাত উঠোৱালে আৰু গোটেই দৃশ্য টি.ভি.ত দেখুৱালে) ভাল হৈছে নহয় ব্যায়াম হৈ গ’ল! হাত সেইকাৰণে উঠোৱা হয়, যেনেকৈ এতিয়া ইজনে-সিজনক দেখি হাত উঠাবলৈ উৎসাহিত হোৱা নহয়! এনেকৈয়ে যেতিয়াই কোনো সমস্যা আহে তেতিয়া সন্মুখত বাপদাদাক চাবা, অন্তৰেৰে ক’বা বাবা, আৰু বাবা হাজিৰ হৈ যাব, সমস্যা সমাপ্ত হৈ যাব। সমস্যা সন্মুখৰ পৰা আঁতৰি যাব আৰু বাপদাদা সন্মুখত হাজিৰ হৈ যাব। “মাষ্টৰ সৰ্বশক্তিমান” নিজৰ এইটো শিৰোনাম সকলো সময়ত স্মৃতিত ৰাখিবা। নহ’লে বাপদাদাই এতিয়া স্নেহ সহিত স্মৰণ কৰোঁতে মাষ্টৰ সৰ্বশক্তিমান বুলি নকৈ শক্তিমান বুলি ক’ব নেকি? শক্তিমান সন্তানসকলক স্নেহ সহিত স্মৰণ, ভাল লাগিবনে? মাষ্টৰ সৰ্বশক্তিমান, মাষ্টৰ সৰ্বশক্তিমানে কি কৰিব নোৱাৰে! কেৱল নিজৰ শিৰোনাম আৰু কৰ্তব্য স্মৃতিত ৰাখা। শিৰোনাম হ’ল “মাষ্টৰ সৰ্বশক্তিমান” আৰু কৰ্তব্য হ’ল “বিশ্ব কল্যাণকাৰী”। গতিকে সদায় নিজৰ শিৰোনাম আৰু কৰ্তব্য স্মৃতিত ৰাখিলে শক্তিসমূহ জাগ্ৰত হৈ যাব। মাষ্টৰ হোৱা, শক্তিসমূহৰো মাষ্টৰ হোৱা, আদেশ কৰা, প্ৰতিটো শক্তিক সময়ত আদেশ কৰা। এনেয়েও শক্তিসমূহ ধাৰণ কৰাও, আছেও কিন্তু কেৱল দুৰ্বলতা এইখিনিতে আহি যায় যে সময়ত ব্যৱহাৰ কৰিব নাজানা। সময় পাৰ হৈ যোৱাৰ পাছত স্মৃতিত আহে, এনেকুৱা কৰা হ’লে বহুত ভাল হ’লহেঁতেন। এতিয়া অভ্যাস কৰা যিবোৰ শক্তি সমাহিত হৈ আছে, সেয়া সময়ত ব্যৱহাৰ কৰা। যেনেকৈ এই কৰ্মেন্দ্ৰিয়সমূহক আদেশ অনুসৰি চলোৱা নহয়, হাত, ভৰি চলোৱা নহয়! তেনেকৈ প্ৰতিটো শক্তিক আদেশ অনুসৰি চলোৱা। কাৰ্যত প্ৰয়োগ কৰা। সমাহিত কৰি ৰাখা, কাৰ্যত কমকৈ প্ৰয়োগ কৰা। সময়ত কাৰ্যত প্ৰয়োগ কৰিলে শক্তিয়ে নিজৰ কাম নিশ্চয় কৰিব। আৰু আনন্দিত হৈ থাকা, কেতিয়াবা কেতিয়াবা কিছুমান সন্তানৰ চেহেৰা বৰ চিন্তান্বিত, অলপ বেছি গম্ভীৰ দেখিবলৈ পোৱা যায়। আনন্দিত হৈ থাকা, নাচা-গোৱা, তোমালোকৰ ব্ৰাহ্মণ জীৱন হয়েই আনন্দত নাচিবলৈ আৰু নিজৰ ভাগ্য আৰু ভগৱানৰ গীত গাবলৈ। গতিকে নাচ গান কৰোঁতা যিসকল হয় তেওঁলোকে এনেকুৱা গম্ভীৰ হৈ নাচিলে তেতিয়া ক’ব যে নাচিব নাজানে। গম্ভীৰতা ভাল কিন্তু অতিমাত্ৰা গম্ভীৰতা, অলপ চিন্তান্বিত যেন লাগে।

বাপদাদাইতো এতিয়া শুনিলে যে দিল্লীত উদ্‌ঘাটন হৈ আছে (9 ডিচেম্বৰ 2001ত দিল্লী গুড়গাঁওত ওঁম্ শান্তি ৰিট্ৰিট চেণ্টাৰৰ উদ্‌ঘাটন হ’ব) কিন্তু বাপদাদাই এতিয়া কোনটো উদ্‌ঘাটন চাব বিচাৰে? সেই তাৰিখতো নিৰ্ধাৰণ কৰা, এই সৰু-সুৰা উদ্‌ঘাটনতো হৈয়েই যাব। কিন্তু বাপদাদাই উদ্‌ঘাটন বিচাৰে “সকলো বিশ্বৰ মঞ্চত পিতাৰ সমান সাক্ষাৎ ফৰিস্তা সন্মুখত আহি যাওঁক আৰু আঁৰ কাপোৰ আঁতৰি যাওঁক”। এনেকুৱা উদ্‌ঘাটন তোমালোকৰো ভাল লাগে নহয়! বাৰ্তালাপতো সকলোৱে কৈ থাকে, পিতায়ো শুনি থাকে, বচ্‌ এতিয়া এইটোৱেই ইচ্ছা – পিতাক প্ৰত্যক্ষ কৰক আৰু পিতাৰো ইচ্ছা হৈছে যে প্ৰথমে সন্তান প্ৰত্যক্ষ হওঁক। পিতা সন্তানসকলৰ সৈতে প্ৰত্যক্ষ হ’ব। অকলে নহয়। গতিকে বাপদাদাই সেইটো উদ্‌ঘাটন চাব বিচাৰে। ভাল উৎসাহো আছে, যেতিয়া বাৰ্তালাপ কৰে তেতিয়া বাৰ্তালাপৰ সময়ত সকলোৰে বহুত ভাল উৎসাহ থাকে। কিন্তু যেতিয়া কৰ্মযোগী হয় তেতিয়া অলপ পাৰ্থক্য হৈ যায়। তেন্তে মাতাসকলে কি কৰিবা? মাতাসকলৰ ডাঙৰ দল আছে। আৰু মাতাসকলক দেখি বাপদাদা বহুত আনন্দিত হয়। কোনেও মাতাসকলক ইমান আগত অনা নাই কিন্তু বাপদাদাই মাতাসকল আগবাঢ়ি যোৱা দেখি আনন্দিত হয়। মাতাসকলৰ বিশেষ এইটো সংকল্প আছে যে যিটো কোনেও কৰি দেখুওৱা নাই সেয়া আমি মাতাসকলে পিতাৰ সৈতে কৰি দেখুৱাম। কৰি দেখুৱাবানে? এতিয়া এখন হাতেৰে চাপৰি বজোৱা। মাতাসকলে, সকলো কৰিব পাৰে। মাতাসকলৰ ভাল উৎসাহ আছে। একো নুবুজিলেও এইটোতো বুজি পালা নহয় যে মই বাবাৰ, বাবা মোৰ। এইটোতো বুজি পালা নহয়! মোৰ বাবা বুলিতো সকলোৱে কোৱা নহয়? বচ্‌ অন্তৰেৰে এইটো গীত গাই থাকা – মোৰ বাবা, মোৰ বাবা, মোৰ বাবা…।

বাৰু – এতিয়া বাপদাদাই এক চেকেণ্ড দিছে, সকলো সতৰ্ক হৈ বহা। বাপদাদাৰ প্ৰতি সকলোৰে 100 শতাংশ স্নেহ আছে নহয়! স্নেহতো শতাংশত নাই নহয়, 100 শতাংশ আছেনে? তেন্তে 100 শতাংশ স্নেহৰ প্ৰতিদান দিবলৈ সাজু আছানে? 100 শতাংশ স্নেহ আছে নহয়। যাৰ অলপ কম আছে, তেওঁলোকে হাত দাঙা। পাছলৈ বাচি যাবা। যদি কম আছে তেন্তে হাত দাঙা। 100 শতাংশ স্নেহ যদি নাই তেন্তে তেওঁলোকে হাত দাঙা। স্নেহৰ কথা কৈ আছোঁ। (এজন-দুজনে হাত দাঙিলে) বাৰু স্নেহ নাই, কোনো কথা নাই, হৈ যাব। যাবানো ক’লৈ, স্নেহতো কৰিবই লাগিব। বাৰু, এতিয়া সকলো সতৰ্ক হৈ বহিছা নহয়! এতিয়া সকলোৱে স্নেহৰ প্ৰতিদানত এক চেকেণ্ড পিতাৰ সন্মুখত অন্তৰ্মূখী হৈ নিজে নিজৰ অন্তৰেৰে সংকল্প কৰিব পাৰানে যে এতিয়া মই নিজৰ প্ৰতি বা আনৰ প্ৰতি সমস্যা নহওঁ। এইটো দৃঢ় সংকল্প স্নেহৰ প্ৰতিদানত কৰিব পাৰানে? যিসকলে ভাবা – যিয়েই নহওঁক, যদি কিবা হৈও যায় তেন্তে চেকেণ্ডত নিজক পৰিৱৰ্তন কৰি দিম, অন্তৰত সেইটো সংকল্প দৃঢ় কৰা, যিসকলে দৃঢ় সংকল্প কৰিব পাৰা। বাপদাদাই সহায় কৰিব কিন্তু সহায় লোৱাৰ বিধি হ’ল দৃঢ় সংকল্পৰ স্মৃতি। বাপদাদাৰ আগত সংকল্প কৰিলা, এইটো স্মৃতিৰ বিধিয়ে তোমালোকক সহযোগ দিব। তেন্তে কৰিব পাৰিবানে? কান্ধ লৰোৱা। চোৱা, সংকল্পৰে কি হ’ব নোৱাৰে, ভয় নকৰিবা, বাপদাদাৰ অতিৰিক্ত সহায় নিশ্চয় পাবা। বাৰু।

এনেকুৱা সকলো তীব্ৰ পুৰুষাৰ্থী শ্ৰেষ্ঠ আত্মাসকলক, সদায় পিতাৰ স্নেহৰ প্ৰতিদান দিওঁতা সাহসী সন্তানসকলক, সদায় নিজৰ বিশেষত্বসমূহৰ দ্বাৰা আনকো বিশেষ আত্মা কৰি তোলোঁতা পুণ্য আত্মা সন্তানসকলক, সদায় সমস্যাৰ সমাধান স্বৰূপ বিশেষ আগলৈ উৰোঁতা সন্তানসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বিদায়ৰ সময়ত:- আজি বিশেষকৈ যিসকল মধুবনত ওপৰত সুৰক্ষাৰ কাৰ্যত ব্যস্ত হৈ আছে, তেওঁলোক বাপদাদাৰ সন্মুখত আহি আছে। যজ্ঞৰ পহৰা দিওঁতাসকলৰ কৰ্তব্য বহুতেই ডাঙৰ সেয়েহে পহৰা দি আছে, দূৰৈত বহিও স্মৰণ কৰি আছে, গতিকে বাপদাদাই বিশেষকৈ যিসকল ওপৰত যি কোনো সেৱাৰ অৰ্থে বহি আছে, জ্ঞান সৰোবৰতে হওঁক, পাণ্ডৱ ভৱনতে হওঁক বা শান্তিবনতে হওঁক যিসকল পহৰা দিওঁতা আছে, তেওঁলোকক বাপদাদাই বিশেষ স্নেহ সহিত স্মৰণ কৰি আছে। সকলোৱে বহুত ভাল পৰিশ্ৰম কৰি আছে। বাৰু – সকলো দেশ-বিদেশৰ সন্তানে, যিসকলে স্নেহ সহিত স্মৃতি পঠিয়াইছে, তেওঁলোকে বুজিবা যে আমাক বিশেষ ৰূপত বাপদাদাই স্মৰণ কৰি আছে। ভাল বাৰু।

বৰদান:
পুৰণা সংস্কাৰ আৰু সংসাৰৰ সম্বন্ধৰ আকৰ্ষণৰ পৰা মুক্ত হৈ থাকোঁতা ‘ডবল লাইট’ ফৰিস্তা হোৱা

ফৰিস্তা অৰ্থাৎ পুৰণা সংস্কাৰৰ আকৰ্ষণৰ পৰা মুক্ত, সম্বন্ধৰ ৰূপতো আকৰ্ষণ থাকিব নালাগে আৰু নিজৰ দেহ বা কোনো দেহধাৰী ব্যক্তি বা কোনো বস্তুৰ প্ৰতিও আকৰ্ষণ থাকিব নালাগে, এনেকৈয়ে পুৰণা সংস্কাৰৰ আকৰ্ষণৰ পৰাও মুক্ত – সংকল্প, বৃত্তি বা বাণীৰ ৰূপত কোনো সংস্কাৰৰ আকৰ্ষণ যাতে নাথাকে। যেতিয়া এনেকৈ সৰ্ব আকৰ্ষণৰ পৰা অথবা ব্যৰ্থ সময়, ব্যৰ্থ সংগ, ব্যৰ্থ বাতাৱৰণৰ পৰা মুক্ত হ’বা তেতিয়া ‘ডবল লাইট’ ফৰিস্তা বুলি কোৱা হ’ব।

স্লোগান:
শান্তিৰ শক্তিৰে সৰ্ব আত্মাৰ প্ৰতিপালন কৰোঁতাজনেই আত্মিক সমাজ সেৱক।

“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

“ইচ্ছা মাত্ৰম অবিদ্যা” – এইটো স্থিতি দেৱতাসকলৰ নহয় তোমালোক ব্ৰাহ্মণসকলৰহে কিয়নো দেৱতা জীৱনততো ইচ্ছা অনিচ্ছাৰ প্ৰশ্নই নাই। ইয়াত ইয়াৰ জ্ঞান আছে সেয়েহে “ইচ্ছা মাত্ৰম অবিদ্যাৰ স্থিতিত থকা” ইয়াকে ব্ৰাহ্মণ-জীৱন বুলি কোৱা হয়। এই ব্ৰাহ্মণ জীৱনত সৰ্ব প্ৰাপ্তি সম্পন্ন হোৱা। সকলোৰে ইচ্ছা পূৰ্ণ কৰোঁতা কামধেনু হোৱা।