02.02.25 Avyakt Bapdada
Assame
Murli
31.12.2003 Om Shanti Madhuban
“*“এইটো বছৰ নিমিত্ত
আৰু নম্ৰচিত হৈ জমা পুঁজি বঢ়োৱা আৰু অখণ্ড মহাদানী হোৱা”*”
আজি অনেক ভূজাধাৰী
বাপদাদাই নিজৰ চাৰিওফালৰ ভূজাসকলক চাই আছেহঁক। কিছুমান ভূজা সাকাৰত সন্মুখত আছে আৰু
কিছুমান ভূজা সূক্ষ্ম ৰূপত দৃষ্টিগোচৰ হৈছে। বাপদাদাই নিজৰ অনেক ভূজাসকলক দেখি
হৰ্ষিত হৈ আছে। সকলো ভূজা ক্ৰম অনুসৰি বহুত সৰ্বতোমুখী, সদাপ্ৰস্তুত, আজ্ঞাকাৰী ভূজা।
বাপদাদাই কেৱল ইঙ্গিত দিয়ে তেতিয়া সোঁহাতে কয় – হয় বাবা, হাজিৰ বাবা, এতিয়াই বাবা।
এনেকুৱা মুৰব্বী সন্তানসকলক দেখি কিমান আনন্দ পোৱা যায়! বাপদাদাই আত্মিক গৌৰৱ কৰে
যে বাপদাদাৰ বাহিৰে অন্য কোনো ধৰ্ম আত্মা, মহান আত্মাই এনেকুৱা আৰু ইমান সহযোগী ভূজা
নাপায়। চোৱা গোটেই কল্প পৰিক্ৰমা লগোৱা এনেকুৱা ভূজা কোনোবাই পাইছেনে? সেয়েহে
বাপদাদাই প্ৰত্যেক ভূজাৰ বিশেষত্ব চাই আছেহঁক। গোটেই বিশ্বৰ পৰা নিৰ্বাচিত কৰা
বিশেষ ভূজা হোৱা, পৰমাত্ম সহযোগী ভূজা হোৱা। চোৱা আজি এই সভাগৃহতো কিমান আহি
উপস্থিত হৈছেহি। (আজি সভাগৃহত 18 হাজাৰতকৈও অধিক ভাতৃ-ভগ্নী বহি আছে) সকলোৱে নিজক
পৰমাত্ম ভূজা, এনেকুৱা অনুভৱ কৰানে? নিচা আছে নহয়!
বাপদাদা আনন্দিত হৈছে
যে চাৰিওফালৰ পৰা নৱবৰ্ষ উদ্যাপন কৰিবলৈ সকলো আহি উপস্থিত হৈ গৈছে। কিন্তু নৱবৰ্ষই
কি সোঁৱৰাই দিয়ে? নতুন যুগ, নতুন জন্ম। যিমানে অতি পুৰণা অন্তিম জন্ম সিমানেই নতুন
প্ৰথম জন্ম কিমান সুন্দৰ! এয়া ক’লা বৰণীয়া আৰু সেয়া সুন্দৰ। ইমান স্পষ্ট যেনেকৈ অজি
দিনটোত পুৰণা বছৰটিও স্পষ্ট আৰু সন্মুখত নতুন বছটিও স্পষ্ট। এনেকৈ নিজৰ নতুন যুগ,
নতুন জন্ম সন্মুখত আহিছেনে? আজি অন্তিম জন্মত আছা, কাইলৈ প্ৰথম জন্মত থাকিবা।
স্পষ্ট হৈছেনে? সন্মুখত আহেনে? যিসকল আদিৰ সন্তান তেওঁলোকে পিতা ব্ৰহ্মাৰ অনুভৱ
কৰিছে। পিতা ব্ৰহ্মাৰ যেনেকৈ নিজৰ নতুন জন্ম, নতুন জন্মৰ ৰাজকীয় শৰীৰ ৰূপী বস্ত্ৰ
সদায় সন্মুখৰ খুটীত ওলমি থকা দৃষ্টিগোচৰ হৈছিল। যিসকল সন্তান সাক্ষাৎ কৰিবলৈ যায়
তেওঁলোকে অনুভৱ কৰে, পিতা ব্ৰহ্মাৰ অনুভৱ আছিল, আজি বুঢ়া কাইলৈ শিশু হৈ যাম।
স্মৃতিত আছে নহয়! পুৰণাসকলৰ স্মৃতিত আছেনে? হয়ো আজি আৰু কালিৰ খেল। ভৱিষ্যত ইমান
স্পষ্ট অনুভৱ হওঁক। আজি স্বৰাজ্য অধিকাৰী কাইলৈ বিশ্ব ৰাজ্য অধিকাৰী। আছেনে নিচা?
চোৱা, আজি সন্তানসকল মুকুট পিন্ধি বহিছে। (ৰিট্ৰিটত অহা ডবল বিদেশী সৰু শিশুসকলে
মুকুট পিন্ধি বহি আছে) তেন্তে কি নিচা আছে? মুকুট পিন্ধিলে কি নিচা হয়? এয়া
ফৰিস্তাৰ নিচাত আছে। হাত লৰাই আছে, মই নিচাত আছোঁ।
তেন্তে এইটো বছৰ কি
কৰিবা? নতুন বছৰত কি নবীনতা কৰিবা? কিবা পৰিকল্পনা কৰিছানে? নবীনতা কি কৰিবা?
অনুষ্ঠানতো কৰি থাকা, লাখৰ হিচাপতো কৰিছা, দুই লাখৰ হিচাপতো কৰিছা, নবীনতা কি কৰিবা?
আজিকালিৰ লোক এফালে স্ব-প্ৰাপ্তি কাৰণে ইচ্ছুকো, কিন্তু সাহসৰ অভাৱ। সাহস নাই।
শুনিবলৈ বিচাৰেও, কিন্তু হোৱাৰ সাহস নাই। এনেকুৱা আত্মাসকলক পৰিৱৰ্তন কৰিবৰ কাৰণে
প্ৰথমেতো আত্মাসকলক সাহসৰ ডেউকা দিয়া। সাহসৰ ডেউকাৰ আধাৰ হ’ল অনুভৱ। অনুভৱ কৰোৱা।
অনুভৱ এনেকুৱা বস্তু, অলপমান অঞ্জলি পোৱাৰ পাছত অনুভৱ কৰিলে তেতিয়া অনুভৱৰ ডেউকা
বুলিয়ে কোৱা বা অনুভৱৰ ভৰি বুলি কোৱা তাৰ দ্বাৰা সাহসেৰে আগবাঢ়িব পাৰিব। ইয়াৰ কাৰণে
বিশেষ এইটো বছৰ নিৰন্তৰ অখণ্ড মহাদানী হ’ব লাগিব, অখণ্ড। মনৰ দ্বাৰা শক্তি স্বৰূপ
কৰি তোলা। মহাদানী হৈ মনৰ দ্বাৰা, প্ৰকম্পনৰ দ্বাৰা নিৰন্তৰ শক্তিসমূহৰ অনুভৱ কৰোৱা।
বাণীৰ দ্বাৰা জ্ঞান দান দিয়া, কৰ্মৰ দ্বাৰা গুণ দান দিয়া। গোটেই দিন লাগিলে মনেৰে,
লাগিলে বাণীৰে, লাগিলে কৰ্ম তিনিওৰে দ্বাৰা অখণ্ড মহাদানী হোৱা। সময় অনুসৰি এতিয়া
দানী নহয়, কেতিয়াবা কেতিয়াবা দান কৰিলা, নহয়, অখণ্ড দানী কিয়নো আত্মাসকলৰ আৱশ্যকতা
আছে। গতিকে মহাদানী হ’বৰ বাবে প্ৰথমে নিজৰ জমা পুঁজি পৰীক্ষা কৰা। চাৰিওটা বিষয়তে
জমাৰ পুঁজি কিমান শতাংশ আছে? যদি নিজৰ ভিতৰত জমাৰ পুঁজি নাই তেন্তে মহাদানী কেনেকৈ
হ’বা! আৰু জমাৰ পুঁজি পৰীক্ষা কৰাৰ লক্ষণ কি? মন, বাণী, কৰ্মৰ দ্বাৰা সেৱাতো কৰিলা
কিন্তু জমাৰ লক্ষণ কি – সেৱা কৰোঁতে প্ৰথমে নিজে সন্তুষ্ট। লগতে যাৰ সেৱা কৰা, সেই
আত্মাসকলে আনন্দৰ সন্তুষ্টি পালেনে? যদি দুয়োফালে সন্তুষ্ট নহয় তেতিয়া বুজিবা সেৱাৰ
পুঁজিত তোমালোকৰ সেৱাৰ ফল জমা হোৱা নাই।
বাপদাদাই কেতিয়াবা
কেতিয়াবা সন্তানসকলৰ জমাৰ পুঁজি লক্ষ্য কৰে। ক’ৰবাত ক’ৰবাত পৰিশ্ৰম বেছি, কিন্তু
জমাৰ ফল কম। কাৰণ? দুয়োপক্ষৰ সন্তুষ্টতাৰ অভাৱ। যদি সন্তুষ্টতাৰ অনুভৱ নকৰিলে,
নিজেই হওঁক বা অন্যই তেতিয়া জমাৰ পুঁজি কম হয়। বাপদাদাই জমাৰ পুঁজি বহুত সহজে
বঢ়োৱাৰ সোণালী চাবি সন্তানসকলক দিছে। জানানে সেই চাবি কি? চাবিতো পাইছা নহয়! সহজে
জমাৰ পুঁজি ভৰপূৰ কৰাৰ সোণালী চাবি হৈছে – মন-বাণী-কৰ্মৰে যিকোনো লোকৰে সেৱা কৰাৰ
সময়ত এটা হৈছে নিজৰ ভিতৰত নিমিত্ত ভাৱৰ স্মৃতি। নিমিত্ত ভাৱ, নম্ৰ ভাৱ, শুভ ভাৱ,
আত্মিক স্নেহৰ ভাৱ, যদি এই ভাৱৰ স্থিতিত স্থিৰ হৈ সেৱা কৰা তেতিয়া সহজে তোমালোকৰ এই
ভাৱৰ দ্বাৰা আত্মাসকলৰ ভাৱনা পূৰ্ণ হৈ যায়। আজিকালিৰ লোকে প্ৰত্যেকৰে ভাৱ কি, সেয়া
লক্ষ্য কৰে। নিমিত্ত ভাৱেৰে কৰি আছে, নে অভিমানৰ ভাৱেৰে! য’ত নিমিত্ত ভাৱ আছে ত’ত
নম্ৰ ভাৱ স্বতঃ আহি যায়। গতিকে পৰীক্ষা কৰা – কি জমা হ’ল? কিমান জমা হ’ল? কাৰণ এই
সময়ত সংগমযুগেই জমা কৰাৰ যুগ। তাৰপাছততো গোটেই কল্প জমাৰ প্ৰালব্ধ। তেন্তে এইটো বছৰ
কোনটো বিশেষ মনোযোগ দিব লাগে? নিজৰ নিজৰ জমা পুঁজি পৰীক্ষা কৰা। পৰীক্ষকো হোৱা,
নিৰ্মাতাও হোৱা কিয়নো সময়ৰ সমীপতাৰ দৃশ্য দেখি আছা। আৰু সকলোৱে বাপদাদাৰ আগত
প্ৰতিজ্ঞা কৰিছা যে মই সমান হ’ম। প্ৰতিজ্ঞা কৰিছা নহয়? যিসকলে প্ৰতিজ্ঞা কৰিছা,
সেইসকলে হাত দাঙা। দৃঢ়তাৰে কৰিছানে? নে শতাংশত? দৃঢ়তাৰে কৰিছা নহয়? তেন্তে পিতা
ব্ৰহ্মাৰ সমান পুঁজি জমা হ’ব লাগে নহয়! পিতা ব্ৰহ্মাৰ সমান হ’ব লাগে তেন্তে পিতা
ব্ৰহ্মাৰ বিশেষ চৰিত্ৰ কি দেখিলা? আদিৰ পৰা আৰম্ভ কৰি অন্তৰলৈকে প্ৰতিটো কথাত, ‘মই’
বুলি ক’লে নে ‘বাবা’ বুলি ক’লে? মই কৰি আছোঁ, নহয়, বাবাই কৰাই আছে। কাৰ সৈতে সাক্ষাৎ
কৰিবলৈ আহিছা? বাবাক সাক্ষাৎ কৰিবলৈ আহিছা। ‘মই’ বোধৰ অভাৱ, অবিদ্যা, এইটো দেখিলা
নহয়! দেখিলানে? প্ৰতিখন মুৰুলীত বাবা, বাবা কিমানবাৰ সোঁৱৰাই দিয়ে? তেন্তে সমান হোৱা,
ইয়াৰ অৰ্থই হৈছে প্ৰথমে ‘মোৰ’ বোধৰ অভাৱ হওঁক। আগতে শুনাইছোঁ যে ব্ৰাহ্মণৰ ‘মোৰ’
বোধো বহুত মাৰ্জিত। স্মৃতিত আছে নহয়? শুনাইছিলোঁ নহয়! সকলোৱে বিচাৰে যে বাপদাদাৰ
প্ৰত্যক্ষতা হওঁক। বাপদাদাৰ প্ৰত্যক্ষতা কৰোঁ। পৰিকল্পনা বহুত কৰা। ভাল পৰিকল্পনা
কৰা, বাপদাদা আনন্দিত হয়। কিন্তু এই মাৰ্জিত ৰূপৰ ‘মোৰ’ বোধে পৰিকল্পনাত, সফলতাত
কিছু শতাংশ কম কৰি দিয়ে। স্বভাৱসিদ্ধ সংকল্পত, বাণীত, কৰ্মত, প্ৰতিটো সংকল্পত বাবা,
বাবা যাতে স্মৃতিত থাকে। ‘মোৰ’ বোধ নহয়। বাপদাদা কৰাৱনহাৰে কৰাই আছে। জগত-অম্বাৰ
এইটোৱে বিশেষ ধাৰণা আছিল। জগত অম্বাৰ শ্লোগান স্মৃতিত আছে, পুৰণাসকলৰ স্মৃতিত থাকিব।
স্মৃতিত আছেনে? কোৱা, (ঈশ্বৰৰ হুকুমেৰে সকলো চলি আছে) এয়া আছিল জগত অম্বাৰ বিশেষ
ধাৰণা। তেন্তে নম্বৰ ল’ব লাগে, সমান হ’ব লাগে গতিকে ‘মোৰ’ বোধ শেষ হৈ যাওঁক। মুখৰ
পৰা স্বতঃ বাবা বাবা শব্দ উচ্চাৰিত হওঁক। কৰ্মত, তোমালোকৰ চেহেৰাত পিতাৰ মূৰ্ত
দৃষ্টিগোচৰ হওঁক তেতিয়া প্ৰত্যক্ষতা হ’ব।
বাপদাদাই এই মাৰ্জিত
ৰূপৰ ‘মই’ ‘মই’ৰ গীত বহুত শুনে। মই যিটো কৰিছোঁ সেইটোৱেই ঠিক, মই যিটো ভাবিছোঁ
সেইটোৱেই ঠিক, সেইটোৱেই হ’ব লাগে, এই ‘মই’ বোধে প্ৰতাৰণা কৰি দিয়ে। লাগিলে ভাবা,
লাগিলে কোৱা কিন্তু নিমিত্ত আৰু নম্ৰ ভাৱেৰে। বাপদাদাই আগতেও এটা আত্মিক ড্ৰিল
শিকাইছিল, কোনটো ড্ৰিল? এতিয়াই মালিক, এতিয়াই বালক। বিচাৰ দিওঁতে মালিক বোধ, গৰিষ্ঠ
সংখ্যকে চূড়ান্ত কৰাৰ পাছত বালক বোধ। এই মালিক আৰু বালক… এইটো আত্মিক ড্ৰিল অতিকৈ
আৱশ্যক। কেৱল বাপদাদাৰ তিনিটা শব্দৰ শিক্ষা স্মৃতিত ৰাখা – সকলোৰে স্মৃতিত আছে! মনত
নিৰাকাৰী, বাণীত নিৰহংকাৰী, কৰ্মত নিৰ্বিকাৰী। যেতিয়াই সংকল্প কৰা তেতিয়া নিৰাকাৰী
স্থিতিত স্থিত হৈ সংকল্প কৰা আৰু সকলো পাহৰি যোৱা কিন্তু এই তিনিটা শব্দ পাহৰি
নাযাবা। এই সাকাৰ ৰূপৰ তিনিটা শব্দৰ শিক্ষা হৈছে উপহাৰ। তেন্তে পিতা ব্ৰহ্মালৈ
সাকাৰ ৰূপতো স্নেহ আছিল। এতিয়াও ডবল বিদেশী বহুতে অনুভৱ শুনায় যে পিতা ব্ৰহ্মালৈ
বহুত স্নেহ আছে। দেখা নাই তথাপি স্নেহ আছে। আছেনে? হয় ডবল বিদেশীৰ পিতা ব্ৰহ্মালৈ
স্নেহ বেছি আছে নহয়? আছে নহয়? গতিকে যালৈ স্নেহ থাকে তেওঁৰ উপহাৰ বহুত যতনেৰে ৰাখে।
সৰু উপহাৰ হ’লেও, তেতিয়া যালৈ অতি স্নেহ থাকে তেওঁৰ উপহাৰ লুকুৱাই ৰাখে, যতনেৰে ৰাখে।
গতিকে যদি পিতা ব্ৰহ্মালৈ স্নেহ আছে তেনেহ’লে এই তিনিটা শব্দৰ শিক্ষালৈও স্নেহ আছে।
ইয়াৰ দ্বাৰা সম্পন্ন হোৱা বা সমান হোৱা বহুত সহজ হৈ যাব। স্মৰণ কৰা পিতা ব্ৰহ্মাই
কি ক’লে!
গতিকে নতুন বছৰত
বাণীৰ সেৱা লাগিলে কৰা, ধুমধামেৰে কৰা কিন্তু অনুভৱ কৰোৱা সেৱাৰ প্ৰতি সদায় মনোযোগ
দিবা। সকলোৱে অনুভৱ কৰক যে এই ভগ্নীগৰাকীৰ দ্বাৰা বা ভাতৃগৰাকীৰ দ্বাৰা মই শক্তিৰ
অনুভৱ কৰিলোঁ, শান্তিৰ অনুভৱ কৰিলোঁ কিয়নো অনুভৱ কেতিয়াও পাহৰিব নোৱাৰে। শুনা কথা
পাহৰি যায়। ভাল লাগে কিন্তু পাহৰি যায়। অনুভৱ এনেকুৱা বস্তু যিয়ে তেওঁক টানি তোমাৰ
ওচৰলৈ লৈ আহিব। সম্পৰ্কত থকাসকল সম্বন্ধত আহি থাকিব কিয়নো সম্বন্ধ অবিহনে
উত্তৰাধিকাৰৰ অধিকাৰী হ’ব নোৱাৰে। গতিকে অনুভৱ সম্বন্ধত আনোঁতা হয়। বাৰু।
বুজিলা, কি কৰিবা?
পৰীক্ষা কৰা, পৰীক্ষকো হোৱা, নিৰ্মাতাও হোৱা। অনুভৱ কৰোৱাৰ নিৰ্মাতা হোৱা, জমা পুঁজি
পৰীক্ষা কৰাৰ পৰীক্ষক হোৱা। বাৰু।
এতিয়া সকলোৱে কি কৰিবা?
বাপদাদাক নতুন বছৰৰ কিবা উপহাৰ দিবা নে নিদিয়া? নতুন বছৰত কি কৰা? ইজনে সিজনক উপহাৰ
দিয়া নহয়। এখন ‘কাৰ্ড’ দিয়ে, এটা উপহাৰ দিয়ে। গতিকে বাপদাদাক ‘কাৰ্ড’ নালাগে,
‘ৰেকৰ্ড’ (খতিয়ান) লাগে। সকলো সন্তানৰ ‘ৰেকৰ্ড’ এক নম্বৰ হওঁক, এইটো ‘ৰেকৰ্ড’ লাগে।
নিৰ্বিঘ্ন হোৱা, এতিয়া এই কিবা কিবি বিঘ্নৰ কথা শুনোঁ নহয়, তেতিয়া বাপদাদাৰ এটা
হাঁহি উঠা খেল স্মৃতিলৈ আহে। গম পোৱানে কোনটো হাঁহি উঠা খেল? সেইটো খেল হৈছে –
বুঢ়াসকলে পুতলাৰ খেল খেলি আছে। হওঁতে বুঢ়া কিন্তু খেলা কৰে পুতলাৰ, তেন্তে হাঁহি উঠা
খেল নহয় জানো। গতিকে এতিয়া যি সৰু-সুৰা কথাবোৰ শুনোঁ, দেখোঁ তেতিয়া এনেকুৱা লাগে,
বানপ্ৰস্থ অৱস্থাৰসকল আৰু কথা কিমান সাধাৰণ! সেয়েহে পিতাৰ এই ‘ৰেকৰ্ড’ ভাল নালাগে।
ইয়াৰ পৰিৱৰ্তে, ‘কাৰ্ড’ৰ পৰিৱৰ্তে ‘ৰেকৰ্ড’ দিয়া – নিৰ্বিঘ্ন, সৰু কথা সমাপ্ত। ডাঙৰ
কথা সৰু কৰিবলৈ শিকা আৰু সৰু কথা শেষ কৰিবলৈ শিকা। বাপদাদাই প্ৰতিগৰাকী সন্তানৰ
চেহেৰা, বাপদাদাৰ মুখ চোৱা দৰ্পণ কৰি তুলিব বিচাৰে। তোমলোকৰ দৰ্পণত বাপদাদা
দৃষ্টিগোচৰ হওঁক। গতিকে এনেকুৱা বিচিত্ৰ দৰ্পণ বাপদাদাক উপহাৰ দিয়া। জগতততো এনেকুৱা
কোনো দৰ্পণ নাই য’ত পৰমাত্মা দৃষ্টিগোচৰ হ’ব। গতিকে তোমালোকে এই নতুন বছৰত এনেকুৱা
উপহাৰ দিয়া যাতে বিচিত্ৰ দৰ্পণ হৈ যোৱা। যিয়েই দেখে, যিয়েই শুনে তেতিয়া তেওঁৰ
বাপদাদাহে দৃষ্টিগোচৰ হওঁক, শুনিবলৈ পাওঁক। পিতাৰ আৱাজ শুনিবলৈ পাওঁক। তেনেহ’লে
উপহাৰ দিবানে? দিবানে? যিসকলে দিয়াৰ দৃঢ় সংকল্প কৰিছে, সেইসকলে হাত দাঙা। দৃঢ়
সংকল্পৰ হাত দাঙা। ডবল বিদেশীসকলেও দাঙিছে। সিন্ধী দলেও দাঙি আছে। ভাবি ভাবি দাঙি
আছে।
ভাল কথা – বাপদাদাৰ
সিন্ধী দলৰ ওপৰত আশা আছে, কওঁনে কোনটো আশা আছে? এইটো আশা আছে যে সিন্ধী দলৰ পৰা এটি
এনেকুৱা ‘মাইক’ (বাণীৰে প্ৰভাৱ পেলোৱা আত্মা) ওলাওঁক যিয়ে প্ৰত্যাহ্বান জনাব যে কি
আছিলোঁ আৰু কি হৈ গলোঁ। যিয়ে সিন্ধীসকলক জগাব। বেচেৰাসকলতো বেচেৰা হয়। চিনিয়েই
নাপায়। দেশৰ অৱতাৰকে নাজানে। গতিকে সিন্ধী দলৰ পৰা এনেকুৱা ‘মাইক’ ওলাওঁক যিয়ে
প্ৰত্যাহ্বানেৰে ক’ব মই শুনাম যথাৰ্থ কি। ঠিক আছেনে? আশা পূৰা কৰিবানে? বাৰু।
চাৰিওফালৰ সদায় অখণ্ড
মহাদানী সন্তানসকলক, চাৰিওফালৰ পিতাৰ সোঁহাত, আজ্ঞাকাৰী ভূজাসকলক, চাৰিওফালৰ সদায়
আত্মাসকলক সাহসৰ ডেউকা দিওঁতা সাহসী আত্মাসকলক, চাৰিওফালৰ সদায় পিতাৰ সমান প্ৰতিটো
কৰ্মত অনুসৰণ কৰোঁতা পিতা ব্ৰহ্মা আৰু জগত অম্বাৰ শিক্ষাসমূহক সদায় বাস্তৱিক জীৱনত
ধাৰণ কৰোঁতা সন্তানসকলক বহুত বহুত স্নেহ সহিত স্মৰণ, আশীৰ্বাদ আৰু নমস্কাৰ।
ডবল বিদেশী সকলৰ প্ৰতি
আৰু ভাৰতৰ সন্তানসকলৰ প্ৰতি ডবল শুভৰাত্ৰি আৰু সুপ্ৰভাত দুয়োটাই দি আছে। যেনেকৈ
এতিয়া আনন্দিত হৈ আছা নহয়! তেনেকৈ যেতিয়াই কোনো এনেকুৱা কথা আহে তেতিয়া আজিৰ দিনটো
স্মৰণ কৰি আনন্দত নাচিবা। আনন্দৰ দোলনাত সদায় দুলি থাকিবা। কেতিয়াও যাতে দুখৰ ঢৌ
নাহে। দুখ দিওঁতাতো জগতত অনেক আত্মা আছে, তোমালোক সুখ দিওঁতা, সুখ লওঁতা, সুখদাতাৰ
সন্তান সুখ স্বৰূপ হোৱা। কেতিয়াবা সুখৰ দোলনাত দোলা, কেতিয়াবা স্নেহৰ দোলনাত দোলা,
কেতিয়াবা শান্তিৰ দোলনাত দোলা। দুলিয়েই থাকা। তলৰ মাটিত ভৰি নিদিবা। দুলিয়েই থাকিবা।
আনন্দত থাকা আৰু সকলোকে আনন্দিত কৰি ৰাখিবা আৰু আনন্দ বিলাবা। ভাল বাৰু। ওঁম্ শান্তি।
বৰদান:
ফৰিস্তাবোধৰ
স্থিতিৰে পিতাৰ স্নেহৰ প্ৰতিদান দিওঁতা সমাধান স্বৰূপ হোৱা
ফৰিস্তাবোধৰ স্থিতিত
স্থিৰ হোৱা – এয়াই পিতাৰ স্নেহৰ প্ৰতিদান, এনেকুৱা প্ৰতিদান দিওঁতাজন সমাধান স্বৰূপ
হৈ যায়। সমাধান স্বৰূপ হ’লে নিজৰ বা অন্য আত্মাসকলৰ সমস্যাসমূহ স্বতঃ সমাপ্ত হৈ যায়।
গতিকে এতিয়া এনেকুৱা সেৱা কৰাৰ সময়, লোৱাৰ লগতে দিয়াৰ সময়। সেইবাবে এতিয়া পিতাৰ
সমান উপকাৰী হৈ, কাতৰোক্তি শুনি নিজৰ ফৰিস্তা ৰূপেৰে সেই আত্মাসকলৰ ওচৰলৈ গুচি যোৱা
আৰু সমস্যাসমূহত ক্লান্ত হৈ থকা আত্মাসকলৰ ক্লান্তি দূৰ কৰা।
স্লোগান:
ব্যৰ্থৰ প্ৰতি
আওকণীয়া হোৱা, মৰ্যাদাত নহয়।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত::
পৰস্পৰ সংস্কাৰসমূহৰ
যি ভিন্নতা আছে তাক একতাত আনিব লাগে। একতাৰ কাৰণে বৰ্তমানৰ ভিন্নতা দূৰ কৰি দুটা কথা
ধাৰণ কৰিব লাগিব – এটা হ’ল – ‘একনামী’ হৈ সদায় প্ৰতিটো কথাত এজনৰেই নাম লোৱা, তাৰ
লগতে সংকল্পৰ, সময় আৰু জ্ঞান ৰূপী সম্পদৰ ‘মিতব্যয়’ কৰা। তেতিয়া ‘মই’ সমাহিত হৈ এজন
পিতাত সকলো ভিন্নতা সমাহিত হৈ যাব।