02.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
পুৰণি পতিত সৃষ্টিৰ প্ৰতি তোমালোকৰ বেহদৰ বৈৰাগ্য ওপজিব লাগে কিয়নো তোমালোক পৱিত্ৰ
হ’ব লাগে, তোমালোকৰ আৰোহণ কলাৰ দ্বাৰা সকলোৰে কল্যাণ হয়”
প্ৰশ্ন:
কোৱা হয়, আত্মা
নিজৰেই শত্ৰু, নিজৰেই মিত্ৰ, সঁচা মিত্ৰতা কি?
উত্তৰ:
এজন পিতাৰ শ্ৰীমতত সদায় চলি থকা - এয়াই হৈছে সঁচা মিত্ৰতা। সঁচা মিত্ৰতা হ’ল এজন
পিতাক স্মৰণ কৰি পৱিত্ৰ হোৱা আৰু পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লোৱা। এই মিত্ৰতা কৰাৰ
যুক্তি পিতাইহে শুনায়। সংগমযুগতহে আত্মা নিজৰ মিত্ৰ হয়।
গীত:
তুনে ৰাত
গঁৱাই চ’ কে, দিন গঁৱাই খা কে….. (তুমি ৰাতি শুই কটালা, দিন খাই কটালা….)
ওঁম্শান্তি।
হওঁতে এই গীতটি
ভক্তিমাৰ্গৰ, গোটেই জগতত যিবিলাক গীত গায় বা শাস্ত্ৰ পঢ়ে, তীৰ্থলৈ যায়, সেয়া সকলো
হৈছে ভক্তিমাৰ্গ। জ্ঞানমাৰ্গ কাক কোৱা কয়, ভক্তিমাৰ্গ কাক কোৱা হয়, এয়া তোমালোক
সন্তানসকলেহে বুজি পোৱা। বেদ, শাস্ত্ৰ, উপনিষদ আদি এয়া সকলো হৈছে ভক্তিৰ। আধাকল্প
ভক্তি চলে আৰু আধাকল্প আকৌ জ্ঞানৰ প্ৰালব্ধ চলে। ভক্তি কৰি কৰি অৱনমিত হ’বই লাগে।
84 পুনৰ্জন্ম লৈ তললৈ নামি আহে। আকৌ এটা জন্মত তোমালোকৰ আৰোহণ কলা হয়। ইয়াক
জ্ঞানমাৰ্গ বুলি কোৱা হয়। জ্ঞানৰ কাৰণে গায়ন কৰা হৈছে যে এক চেকেণ্ডত জীৱনমুক্তি।
ৰাৱণৰাজ্য যি দ্বাপৰৰ পৰা চলি আহিছে, সেয়া শেষ হৈ আকৌ ৰামৰাজ্য স্থাপনা হয়। ড্ৰামাত
যেতিয়া তোমালোকৰ 84 জন্ম পূৰা হয় তেতিয়া আৰোহণ কলাৰ দ্বাৰা সকলোৰে উন্নতি হয়। এই
কথাষাৰ ক’ৰবাত নহয় ক’ৰবাত কোনোবা শাস্ত্ৰত আছে। যেতিয়া আৰোহণ কলা হয় তেতিয়া সকলোৰে
কল্যাণ হয়। সকলোৰে সৎগতি কৰোঁতাতো এজনেই পিতা। সন্ন্যাসী উদাসীতো অনেক প্ৰকাৰৰ আছে।
বহুত মত-মতান্তৰ আছে। যেনেকৈ শাস্ত্ৰত লিখা আছে কল্পৰ আয়ুস লাখ লাখ বছৰ, এতিয়া
শঙ্কৰাচাৰ্যই মত দিলে 10 হাজাৰ বছৰ…. কিমান পাৰ্থক্য হৈ যায়। কোনোৱে আকৌ ক’ব ইমান
হাজাৰ। কলিযুগত অনেক মনুষ্য, অনেক মত, অনেক ধৰ্ম। সত্যযুগত হয়েই এক মত। এই পিতাই বহি
তোমালোক সন্তানসকলক সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। শুনাওঁতেও কিমান সময় লাগে।
শুনায়েই থাকে। এনেকৈ ক’ব নোৱাৰে যে আগতে কিয় এই সকলোবোৰ নুশুনালে। স্কুলত পঢ়া
ক্ৰমানুসৰি হয়। সৰু ল’ৰা-ছোৱালীৰ কৰ্মেন্দ্ৰিয় অপৈণত হৈ থাকে সেয়েহে সিহঁতক কমকৈ
শিকোৱা হয়। আকৌ যিমানে কৰ্মেন্দ্ৰিয় পৈণত হৈ যাব, বুদ্ধিৰ তলা খুলি গৈ থাকিব। শিকোৱা
পাঠবোৰ ধাৰণ কৰি গৈ থাকিব। সৰু ল’ৰা-ছোৱালীৰ বুদ্ধিত একো ধাৰণ হ’ব নোৱাৰে। ডাঙৰ হ’লে
তেতিয়া আকৌ আইনজ্ঞ, বিচাৰক আদি হয়, ইয়াতো এনেকুৱাই। কাৰোবাৰ বুদ্ধিত ভালকৈ ধাৰণ হয়।
পিতাই কয় - মই আহিছোঁ পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। গতিকে এতিয়া পতিত সৃষ্টিৰ প্ৰতি
বৈৰাগ্য জন্মিব লাগে। আত্মা পাৱন হৈ গ’লে তেতিয়া আৰু পতিত সৃষ্টিত থাকিব নোৱাৰে।
পতিত সৃষ্টিত আত্মাও পতিত, মনুষ্যও পতিত। পাৱন সৃষ্টিত মনুষ্যও পাৱন, পতিত সৃষ্টিত
মনুষ্যও পতিত হৈ থাকে। এইখন হয়েই ৰাৱণৰ ৰাজ্য। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা।
এয়া গোটেই বুদ্ধিৰে বুজিবলগীয়া জ্ঞান। এই সময়ত সকলোৰে পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধি।
তোমালোক সন্তানসকলেতো পিতাক স্মৰণ কৰা। অন্তৰত পিতাৰ প্ৰতি মৰম আছে। আত্মাত পিতাৰ
প্ৰতি মৰম আছে, সন্মান আছে কাৰণ পিতাক জানে। ইয়াত তোমালোক সন্মুখত আছা। শিৱবাবাৰ পৰা
শুনি আছা। তেওঁ মনুষ্য সৃষ্টিৰ বীজৰূপ, জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ, আনন্দৰ সাগৰ। গীতা
জ্ঞান দাতা পৰমপিতা ত্ৰিমূৰ্তি শিৱ পৰমাত্মাৰ বাণী। ‘ত্ৰিমূৰ্তি’ শব্দটি নিশ্চয়
লিখিব লাগে কাৰণ ত্ৰিমূৰ্তিৰতো গায়ন আছে নহয়। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা তেন্তে
নিশ্চয় ব্ৰহ্মাৰ দ্বাৰাই জ্ঞান শুনাব নহয়। শ্ৰীকৃষ্ণইতো এনেকৈ নক’ব যে শিৱ
ভগৱানুবাচ। প্ৰেৰণাৰে একো নহয় আৰু শ্ৰীকৃষ্ণৰ শৰীৰত শিৱবাবাই প্ৰৱেশো নকৰে।
শিৱবাবাতো পৰৰ দেশত আহে। সত্যযুগতো শ্ৰীকৃষ্ণৰ দেশ নহয় জানো। গতিকে দুয়োৰে মহিমা
বেলেগ বেলেগ। মুখ্য কথাই হৈছে এইটো।
সত্যযুগত গীতাতো
কোনেও নপঢ়ে। ভক্তিমাৰ্গততো জন্ম-জন্মান্তৰ পঢ়ে। জ্ঞানমাৰ্গততো সেয়া হ’ব নোৱাৰে।
ভক্তিমাৰ্গত জ্ঞানৰ কথাবোৰ নাথাকে। এতিয়া ৰচয়িতা পিতাইহে ৰচনাৰ আদি-মধ্য-অন্তৰ
জ্ঞান দিয়ে। মনুষ্যতো ৰচয়িতা হ’ব নোৱাৰে। মনুষ্যই ক’ব নোৱাৰে যে মই ৰচয়িতা হওঁ।
পিতাই নিজেই কয় - মই মনুষ্য সৃষ্টিৰ বীজৰূপ হওঁ। মই জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ,
সকলোৰে সৎগতি দাতা। শ্ৰীকৃষ্ণৰ মহিমাই বেলেগ। গতিকে এই পাৰ্থক্য সম্পূৰ্ণকৈ লিখিব
লাগে। যাতে মনুষ্যই পঢ়িলেই তৎক্ষণাৎ বুজি পায় যে গীতাৰ জ্ঞান দাতা শ্ৰীকৃষ্ণ নহয়,
যদি এইটো কথা স্বীকাৰ কৰি লয় তেন্তে এয়া তোমালোকৰ বিজয় হ’ল। মনুষ্যই শ্ৰীকৃষ্ণক লৈ
কিমান হায়ৰাণ হয়, যেনেকৈ শিৱৰ ভক্তই শিৱৰ কাৰণে ডিঙি কাটি দিবলৈ সাজু হৈ যায়, বচ্
আমি শিৱৰ ওচৰলৈ যাব লাগে, তেনেকৈ তেওঁলোকে (শ্ৰীকৃষ্ণৰ ভক্তই) ভাবে শ্ৰীকৃষ্ণৰ ওচৰলৈ
যাব লাগে। কিন্তু শ্ৰীকৃষ্ণৰ ওচৰলৈ যাব নোৱাৰে। শ্ৰীকৃষ্ণৰ প্ৰতি উচৰ্গিত হৈ যোৱাৰ
কথা নাথাকে। দেৱীসকলৰ প্ৰতি উচৰ্গিত হয়। দেৱতাসকলৰ প্ৰতি কেতিয়াও কোনো উচৰ্গিত নহয়।
তোমালোক দেৱী নোহোৱা জানো। তোমালোক শিৱবাবাৰ হৈছা সেয়েহে শিৱবাবাৰ প্ৰতি উচৰ্গিত
হোৱা। শাস্ত্ৰত হিংসাত্মক কথা লিখি দিছে। তোমালোকতো শিৱবাবাৰ সন্তান। তন-মন-ধন
অৰ্পিত কৰি দিয়া, আৰু কোনো কথা নাই সেইকাৰণে শিৱ আৰু দেৱীসকলৰ প্ৰতি উচৰ্গিত হয়।
এতিয়া চৰকাৰে শিৱ কাশীত উচৰ্গিত (কাশীত গৈ আত্মঘাতী) হোৱাতো বন্ধ কৰি দিছে। এতিয়া
সেই তৰোৱালেই নাই। ভক্তিমাৰ্গত যি আপোনঘাতী হয় এয়াও যেন নিজৰ সৈতে শত্ৰুতা কৰাৰ
উপায়। মিত্ৰতা কৰাৰ এটাই মাত্ৰ উপায় আছে যিটো পিতাই কয় - পাৱন হৈ পিতাৰ পৰা পূৰা
উত্তৰাধিকাৰ লোৱা। এজন পিতাৰ শ্ৰীমতত চলি থাকা, এয়াই হৈছে মিত্ৰতা। ভক্তিমাৰ্গত
জীৱাত্মা নিজৰেই শত্ৰু। আকৌ পিতা আহি জ্ঞান দিয়ে তেতিয়া জীৱাত্মা নিজৰ মিত্ৰ হয়।
আত্মা পৱিত্ৰ হৈ পিতাৰ পৰা উত্তৰাধিকাৰ লয়, সংগমযুগত পিতা আহি প্ৰত্যেক আত্মাকে
মিত্ৰ কৰি তোলে। আত্মা নিজৰ মিত্ৰ হয়, শ্ৰীমত পালে তেতিয়া বুজে আমি পিতাৰ মততহে
চলিম। নিজৰ মতত আধাকল্প চলিলা। এতিয়া শ্ৰীমতত চলি সৎগতি পাব লাগে, এই ক্ষেত্ৰত নিজৰ
মত চলিব নোৱাৰে। পিতাইতো কেৱল মত দিয়ে। তোমালোক দেৱতা হ’বলৈ অহা নাই জানো। ইয়াত ভাল
কৰ্ম কৰিলে তেতিয়া পৰৱৰ্তী জন্মতো অমৰলোকত ভাল ফল পাবা। এইখনতো হয়েই মৃত্যুলোক। এইটো
ৰহস্যও তোমালোক সন্তানসকলেহে জানা। সেয়াও ক্ৰমানুসৰি। কাৰোবাৰ বুদ্ধিত ভালদৰে ধাৰণ
হয়, কোনোবাই ধাৰণ কৰিব নোৱাৰিলে শিক্ষকে কি কৰিব পাৰে। শিক্ষকৰ পৰা কৃপা বা
আশীৰ্বাদ বিচাৰিব জানো! শিক্ষকেতো পঢ়াই নিজৰ ঘৰলৈ গুচি যায়। স্কুললৈ আহি প্ৰথমে
ঈশ্বৰক প্ৰাৰ্থনা জনায় - হে খোদা মোক উত্তীৰ্ণ কৰাই দিয়া তেতিয়া মই ভোগ আগবঢ়াম।
শিক্ষকক কেতিয়াও নকয় যে আশীৰ্বাদ কৰক। এই সময়ত পৰমাত্মা আমাৰ পিতাও হয় আৰু শিক্ষকো
হয়। পিতাৰ আশীৰ্বাদতো সদায় থাকেই। পিতাকে সন্তান বিচাৰে, সন্তান আহিলে তেওঁক ধন দিম।
তেন্তে এয়া আশীৰ্বাদ নহ’ল জানো। এইটো এটা নিয়ম। সন্তানে পিতাকৰ পৰা উত্তৰাধিকাৰ পায়।
এতিয়াতো তমোপ্ৰধানহে হৈ গৈ থাকে। যেনেকুৱা পিতা তেনেকুৱা সন্তান। দিনে-প্ৰতিদিনে
প্ৰতিটো বস্তু তমোপ্ৰধান হৈ গৈ থাকে। তত্ত্বও তমোপ্ৰধান হৈ গৈ থাকে। এইখন হয়েই
দুখধাম। এতিয়াও যদি 40 হাজাৰ বছৰ আৰু আয়ুস আছে তেন্তে কি অৱস্থা হৈ যাব। মনুষ্যৰ
বুদ্ধি একেবাৰে তমোপ্ৰধান হৈ গৈছে।
এতিয়া তোমালোক
সন্তানসকল বুদ্ধিৰে পিতাৰ সৈতে যোগযুক্ত হোৱা বাবে দীপ্তি আহি গ’ল। পিতাই কয় -
যিমান স্মৃতিত থাকিবা সিমান দীপ্তি বাঢ়ি যাব। স্মৃতিৰ দ্বাৰা আত্মা পৱিত্ৰ হয়।
দীপ্তি বাঢ়ি গৈ থাকে। স্মৰণেই যদি নকৰা তেন্তে কিৰণ নাপাবা। স্মৃতিৰ দ্বাৰা দীপ্তি
বাঢ়ি গৈ থাকিব। স্মৰণ নকৰিলে আৰু কোনো বিকৰ্ম কৰিলে তেতিয়া দীপ্তি কম হৈ যাব।
তোমালোকে সতোপ্ৰধান হ’বলৈ পুৰুষাৰ্থ কৰা। এইবোৰ অতিকৈ বুজিবলগীয়া কথা। স্মৃতিৰ
দ্বাৰাহে তোমালোক আত্মা পৱিত্ৰ হৈ গৈ থাকিবা। তোমালোকে লিখিবও পাৰা এই ৰচয়িতা আৰু
ৰচনাৰ জ্ঞান শ্ৰীকৃষ্ণই দিব নোৱাৰে। সেয়াতো হ’ল প্ৰালব্ধ। এইটোও লিখি দিব লাগে যে
84তম অন্তিম জন্মত শ্ৰীকৃষ্ণৰ আত্মাই আকৌ জ্ঞান লৈ আছে আকৌ প্ৰথম নম্বৰত যাব। পিতাই
এইটোও বুজাইছে সত্যযুগত 9 লাখহে হ’ব, আকৌ তাৰ পৰা বৃদ্ধিও হ’ব নহয়। দাস-দাসীও বহুত
থাকিব, যিয়ে পূৰা 84 জন্ম লয়। 84 জন্মৰহে হিচাপ উলিওৱা হয়। যিসকল ভালদৰে পৰীক্ষাত
উত্তীৰ্ণ হ’ব তেওঁলোক প্ৰথমতে আহিব। যিমান দেৰিকৈ যাব তেতিয়া ঘৰ পুৰণা বুলিতো ক’ব
নহয়। নতুন ঘৰ সজা হয় আকৌ দিনে-প্ৰতিদিনে আয়ুস কমি গৈ থাকিব। তাততো সোণৰ মহল হয়,
সেয়াতো পুৰণা হ’ব নোৱাৰে। সোণতো সদায় জিলিকিয়েই থাকিব। তথাপিও পৰিস্কাৰ নিশ্চয়
কৰিবলগীয়া হয়। অলংকাৰো লাগিলে শুদ্ধ সোণেৰেই গঢ়োৱা তথাপি পাছত উজ্জ্বলতা কম হৈ যায়,
আকৌ তাক পলিচ কৰাব লাগে। তোমালোক সন্তানসকলৰ সদায় এইটো আনন্দ থাকিব লাগে যে আমি
নতুন সৃষ্টিলৈ যাওঁ। এইখন নৰকত এয়া অন্তিম জন্ম। এই দুচকুৰে যি দেখা পোৱা যায়, এইটো
জানা এয়া পুৰণি সৃষ্টি, পুৰণা শৰীৰ। এতিয়া আমি সত্যযুগ নতুন সৃষ্টিত নতুন শৰীৰ ল’ব
লাগে। 5 তত্ত্বও নতুন হ’ব। এনেকৈ বিচাৰ সাগৰ মন্থন চলিব লাগে। এয়া পঢ়া নহয় জানো।
অন্তলৈকে তোমালোকৰ এই পঢ়া চলিব। পঢ়া বন্ধ হ’লে বিনাশ হৈ যাব। গতিকে নিজকে বিদ্যাৰ্থী
বুলি বুজি এইটো আনন্দত থাকিব লাগে যে ভগৱানে আমাক পঢ়ায়। এইটো জানো কম আনন্দৰ কথা।
কিন্তু তাৰ সমানে সমানে মায়ায়ো ওলোটা কাম কৰাই লয়। 5-6 বছৰ পৱিত্ৰ হৈ থাকে আকৌ
মায়াই বগৰাই দিয়ে। এবাৰ বাগৰি পৰিলে আকৌ সেইটো অৱস্থা হ’ব নোৱাৰে। মই বাগৰি অৱনমিত
হৈ গ’লোঁ তেতিয়া নিজৰ ওপৰতে ঘৃণা ওপজে। এতিয়া তোমালোক সন্তানসকলে সকলো স্মৃতি ৰাখিব
লাগে। এইটো জন্মত যি পাপ কৰিছা, প্ৰত্যেক আত্মাই নিজৰ জীৱনৰ কথাতো জানে নহয়। কোনোবা
ভোদা বুদ্ধিৰ, কোনোবা বিশাল বুদ্ধিৰ হয়। সৰুকালত হৈ যোৱা কথাবোৰৰ স্মৃতিতো থাকে নহয়।
এই বাবায়ো সৰুকালৰ ইতিহাস শুনায় নহয়। বাবাৰ সেই ঘৰ আদিও (পাকিস্তানৰ কথা) স্মৃতিত
আছে। কিন্তু এতিয়া তাততো সকলো নতুন ঘৰ নিৰ্মাণ হৈ গৈছে। 6 বছৰৰ পৰা ধৰি নিজৰ জীৱন
কাহিনী স্মৃতিত থাকে। যদি পাহৰি যোৱা তেন্তে ভোদা বুদ্ধিৰ বুলি কোৱা হ’ব। পিতাই কয়
- নিজৰ জীৱন কাহিনী লিখা। জীৱনৰ কথা নহয় জানো। গম পোৱা যায় জীৱনত কিমান চমৎকাৰ আছিল।
গান্ধী, নেহেৰু আদিৰ কিমান ডাঙৰ ডাঙৰ কিতাপ লিখে। বাস্তৱত তোমালোকৰ জীৱন বহুত
মূল্যৱান। এয়া হৈছে অপূৰ্ব জীৱন। এয়া হৈছে অতিকৈ মূল্যৱান, অমূল্য জীৱন। ইয়াৰ মূল্য
কৈ শেষ কৰিব নোৱাৰি। এই সময়ত তোমালোকেহে সেৱা কৰা। এই লক্ষ্মী-নাৰায়ণে একো সেৱা নকৰে।
তোমালোকৰ জীৱন বহুত মূল্যৱান, যিহেতু আনৰো জীৱন এনেকৈ গঢ়ি তোলাৰ সেৱা কৰা। যিয়ে ভাল
সেৱা কৰে তেওঁ গায়ন যোগ্য হয়। বৈষ্ণৱ দেৱীৰো মন্দিৰ আছে নহয়। এতিয়া তোমালোক সঁচা
বৈষ্ণৱ হোৱা। বৈষ্ণৱ মানে যি পৱিত্ৰ। এতিয়া তোমালোকৰ খোৱা-বোৱাও বৈষ্ণৱ। প্ৰথম
নম্বৰৰ বিকাৰৰ ক্ষেত্ৰত তোমালোকতো বৈষ্ণৱ (পৱিত্ৰ) হোৱাই। জগত অম্বাৰ এই সকলো
সন্তান ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হয় নহয়। ব্ৰহ্মা আৰু সৰস্বতী। বাকীসকল হ’ল
তেওঁলোকৰ সন্তান। ক্ৰমানুসৰি দেৱীসকলো আছে, যাৰ পূজা হয়। বাকী যি ইমান ভূজা আদি দি
দিছে সেয়া সকলো অৰ্থহীন। তোমালোকে বহুতকে নিজৰ সমান কৰি গঢ়ি তোলা সেইকাৰণে ভূজাবোৰ
দি দিছে। ব্ৰহ্মাকো 100 ভূজাধাৰী, হাজাৰ ভূজাধাৰী দেখুৱায়। এই সকলোবোৰ ভক্তিমাৰ্গৰ
কথা। তোমালোকক আকৌ পিতাই কয় - দৈৱীগুণো ধাৰণ কৰিব লাগে। কাকো দুখ নিদিবা। কাকো
ওলট-পালট ৰাস্তা দেখুৱাই সৰ্বনাশ নকৰিবা। এটাই মুখ্য কথা বুজাব লাগে যে পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰক। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গায়ন বা
পূজনৰ যোগ্য হ’বলৈ দৃঢ় বৈষ্ণৱ হ’ব লাগে। খোৱা-বোৱাৰ শুদ্ধিৰ লগতে পৱিত্ৰ হৈ থাকিব
লাগে। এই অমূল্য জীৱনটোত সেৱা কৰি বহুতৰে জীৱন শ্ৰেষ্ঠ কৰি গঢ়ি তুলিব লাগে।
(2) পিতাৰ সৈতে এনেকৈ
যোগযুক্ত হৈ থাকিব লাগে যাতে আত্মাৰ দীপ্তি বাঢ়ি গৈ থাকে। কোনো বিকৰ্ম কৰি দীপ্তি
কম কৰিব নালাগে। নিজৰ সৈতে মিত্ৰতা কৰিব লাগে।
বৰদান:
স্ব-স্থিতিৰ
আসনত স্থিৰ হৈ থাকি পৰিস্থিতিসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা মাষ্টৰ ৰচয়িতা হোৱা
যিকোনো পৰিস্থতি
প্ৰকৃতিৰ দ্বাৰা আহে সেয়েহে পৰিস্থিতি হৈছে ৰচনা আৰু স্ব-স্থিতিত থাকোঁতাজন হৈছে
ৰচয়িতা। মাষ্টৰ ৰচয়িতা বা মাষ্টৰ সৰ্বশক্তিমান কেতিয়াও পৰাজিত হ’ব নোৱাৰে। অসম্ভৱ।
যদি কোনোবাই নিজৰ আসন ত্যাগ কৰে তেতিয়া পৰাজিত হয়। আসন ত্যাগ কৰা অৰ্থাৎ শক্তিহীন
হোৱা। আসনৰ আধাৰত শক্তি স্বতঃ আহে। যি আসনৰ পৰা নামি আহে তেওঁৰ মায়াৰ ধূলি লাগি যায়।
বাপদাদাৰ অতিকৈ মৰমৰ, জীৱন্তে মৃত জন্মধাৰী ব্ৰাহ্মণে কেতিয়াও দেহ অভিমানৰ মাটিত
খেলিব নোৱাৰে।
স্লোগান:
দৃঢ়তাই কাঢ়া সংস্কাৰকো মমৰ দৰে গলাই (সমাপ্ত কৰি) দিয়ে।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ জ্ঞান স্বৰূপ
হোৱা তেনেকৈ স্নেহ স্বৰূপ হোৱা, জ্ঞান আৰু স্নেহ দুয়োটা সংযুক্ত হৈ থাকক কিয়নো
জ্ঞান হৈছে বীজ আৰু স্নেহ হৈছে পানী। যদি বীজে পানী নাপায় তেন্তে ফল নিদিব। জ্ঞানৰ
লগতে অন্তৰৰ স্নেহ থাকিলে প্ৰাপ্তিৰ ফল পাবা।