03.02.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – আত্মা ৰূপী জ্যোতিত জ্ঞান-যোগৰ ঘৃত ঢালা তেতিয়া জ্যোতি জ্বলি থাকিব, জ্ঞান আৰু যোগৰ পাৰ্থক্য যথা ৰীতি বুজিব লাগে"
 

প্ৰশ্ন:
পিতাৰ কাৰ্য প্ৰেৰণাৰে চলিব নোৱাৰে, তেওঁ ইয়ালৈ আহিবই লাগে কিয়?

উত্তৰ:
কাৰণ মনুষ্যৰ বুদ্ধি একেবাৰে তমোপ্ৰধান। তমোপ্ৰধান বুদ্ধিয়ে প্ৰেৰণা গ্ৰহণ কৰিব নোৱাৰে। পিতা আহে সেইবাবে কোৱা হয় - এৰি দিয়া আকাশ সিংহাসন....।

গীত:
ছোড় ভি দে আকাশ চিংহাচন….. (এৰি দিয়া আকাশ সিংহাসন....)

ওঁম্শান্তি।
ভক্তসকলে এই গীতটি ৰচিছে। ইয়াৰ অৰ্থ কিমান ভাল। এনেকৈ কয় যে আকাশ সিংহাসন ত্যাগ কৰি আহক। এতিয়া আকাশতো হৈছে এইখন। এয়া হৈছে থকা স্থান। আকাশৰ পৰাতো কোনো বস্তু নাহে। আকাশ সিংহাসন বুলি কয়। আকাশ তত্ত্বততো তোমালোক থাকা আৰু পিতা থাকে মহাতত্ত্বত। সেইখনক ব্ৰহ্ম বা মহাতত্ত্ব বুলি কোৱা হয়, য'ত আত্মাসকল নিবাস কৰে। পিতা নিশ্চয় তাৰ পৰাই আহিব। কোনোবাতো আহিব নহয়। এনেকৈ কয় যে আহি আমাৰ জ্যোতি জগাই তোলক। গায়নো আছে - এজন হৈছে অন্ধৰ সন্তান অন্ধ আৰু আনজন সজ্জনৰ সন্তান সজ্জন। প্ৰতীক হিচাপে ধৃতৰাষ্ট্ৰ আৰু যুধিষ্ঠিৰক দেখুৱায়। এতিয়া এইসকলতো হৈছে ৰাৱণৰ সন্তান। মায়া ৰূপী ৰাৱণ নাই জানো। সকলো ৰাৱণ বুদ্ধিৰ, এতিয়া তোমালোক হৈছা ঈশ্বৰীয় বুদ্ধিৰ। পিতাই এতিয়া তোমালোকৰ বুদ্ধিৰ তলা খুলি আছে। ৰাৱণে তলা বন্ধ কৰি দিয়ে। কোনোবাই কিবা কথা বুজি নাপালে তেতিয়া কয় যে এওঁতো পাথৰবুদ্ধিৰ। পিতা আহি ইয়াত জ্যোতি জ্বলাব নহয়। প্ৰেৰণাৰে জানো কাম হয়। আত্মা যি সতোপ্ৰধান আছিল, সেই আত্মাৰ এতিয়া শক্তি কম হৈ গৈছে। তমোপ্ৰধান হৈ গৈছে। একেবাৰে নিষ্প্ৰভ হৈ গৈছে। কোনোবা মনুষ্য মৰিলে তেতিয়া দীপক জ্বলায়। এতিয়া দীপক কিয় জ্বলায়? এনেকৈ ভাবে যে জ্যোতি নুমাই গ'লে অন্ধকাৰ যাতে হৈ নাযায় সেইবাবে জ্যোতি জ্বলায়। এতিয়া ইয়াত দীপক জ্বলালে তাত কেনেকৈ পোহৰ হ'ব? একো বুজি নাপায়। এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা। পিতাই কয় - মই তোমালোকক স্বচ্ছ বুদ্ধিৰ কৰি তোলোঁ। জ্ঞান ঘৃত ঢালোঁ। এয়াও বুজাবলগীয়া কথা। জ্ঞান আৰু যোগ দুয়োটা বেলেগ বস্তু। যোগক জ্ঞান বুলি কোৱা নহ’ব। কিছুমানে ভাবে যে ভগৱানে আহি এয়াও জ্ঞান দিছে নহয় যে মোক স্মৰণ কৰা। কিন্তু ইয়াক জ্ঞান বুলি কোৱা নহয়। এয়াতো হৈছে পিতা আৰু সন্তান। সন্তানসকলে জানে যে এওঁ আমাৰ পিতা, ইয়াক জ্ঞানৰ কথা বুলি কোৱা নহয়। জ্ঞানতো হৈছে বিস্তাৰ। এয়াতো কেৱল স্মৃতি। পিতাই কয় - মোক স্মৰণ কৰা, বচ্‌। এইটোতো সাধাৰণ কথা। ইয়াক জ্ঞান বুলি কোৱা নহয়। সন্তানে জন্ম লৈছে যেতিয়া নিশ্চয় পিতাক স্মৰণ কৰিব। জ্ঞানৰ বিস্তাৰ আছে। পিতাই কয় - মোক স্মৰণ কৰা - এয়া জ্ঞান নহয়। তোমালোকে নিজেই জানা, আমি আত্মা, আমাৰ পিতা পৰম আত্মা, পৰমাত্মা। ইয়াক জানো জ্ঞান বুলি ক'ব? পিতাক আহ্বান জনায়। জ্ঞানতো হৈছে ‘ন’লেজ্‌’, যেনেকৈ কোনোৱে এম.এ. পঢ়ে, কোনোৱে বি.এ. পঢ়ে, কিমান অনেক কিতাপ পঢ়িবলগীয়া হয়। এতিয়া পিতাইতো কয় - তোমালোক মোৰ সন্তান নোহোৱা জানো, মই তোমালোকৰ পিতা হওঁ। মোৰ সৈতে যোগসূত্ৰ গঢ়া অৰ্থাৎ স্মৰণ কৰা। ইয়াক জ্ঞান বুলি কোৱা নহয়। তোমালোকতো সন্তান হোৱাই। তোমালোক আত্মাসকল কেতিয়াও বিনাশ হৈ নোযোৱা। কোনোবা মৰি গ'লে তেতিয়া তেওঁৰ আত্মাক মাতে, এতিয়া এই শৰীৰতো নাশ হৈ গ’ল। আত্মাই ভোজন কেনেকৈ খাব? ভোজনতো তথাপিও ব্ৰাহ্মণে খাব। কিন্তু এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ নিয়ম। এনেকুৱা নহয় যে আমি কোৱা বাবেই সেই ভক্তিমাৰ্গ বন্ধ হৈ যাব। সেয়াতো চলিয়ে থাকে। আত্মাইতো এটা শৰীৰ এৰি গৈ আকৌ আন এটা লয়।

সন্তানসকলৰ বুদ্ধিত জ্ঞান আৰু যোগৰ পাৰ্থক্য স্পষ্ট হ'ব লাগে। পিতাই যি কয় যে মোক স্মৰণ কৰা, এয়া জ্ঞান নহয়। এয়াতো পিতাই নিৰ্দেশনা দিয়ে, ইয়াক যোগ বুলি কোৱা হয়। জ্ঞান হৈছে সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে - তাৰ ‘ন’লেজ্‌’। যোগ অৰ্থাৎ স্মৃতি। সন্তানসকলৰ দায়িত্ব হৈছে পিতাক স্মৰণ কৰা। সেয়া হৈছে লৌকিক, এয়া হৈছে পাৰলৌকিক। পিতাই কয় - মোক স্মৰণ কৰা। তেন্তে জ্ঞান বেলেগ বস্তু হৈ গ’ল। সন্তানসকলক ক'বলগীয়া হয় জানো যে পিতাক স্মৰণ কৰা। লৌকিক পিতাতো জন্মৰ পৰাই স্মৃতিত থাকে। ইয়াত পিতাৰ স্মৃতি সোঁৱৰাই দিবলগীয়া হয়। ইয়াত পৰিশ্ৰম কৰিবলগীয়া হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা - এইটো বহুত পৰিশ্ৰমৰ কাম। সেইবাবে পিতাই কয় – যোগযুক্ত হৈ নিৰন্তৰ থাকিব নোৱাৰে। সন্তানসকলে লিখে – বাবা, স্মৃতি পাহৰি যাওঁ। এনেকৈ নকয় যে জ্ঞান পাহৰি যাওঁ। জ্ঞানতো বহুত সহজ। স্মৃতিক জ্ঞান বুলি কোৱা নহয়, স্মৃতিৰ ক্ষেত্ৰত মায়াৰ ধুমুহা বহুত আহে। যদিও জ্ঞানত কিছুমান বহুত চোকা, মুৰুলী বহুত ভালকৈ শুনায় কিন্তু পিতাই সোধে - স্মৃতিৰ খতিয়ান উলিওৱা, কিমান সময় স্মৰণ কৰা? পিতাক স্মৃতিৰ খতিয়ান যথাৰ্থ ৰীতি উলিয়াই দেখুওৱা। স্মৃতিৰে হৈছে মুখ্য কথা। পতিতইহে আহ্বান জনায় যে আহি পাৱন কৰি তোলক। মুখ্য হৈছে পাৱন হোৱাৰ কথা। ইয়াতে মায়াৰ বিঘিনি আহে। শিৱ ভগৱানুবাচ – স্মৃতিত সকলো বহুত কেঁচা। ভাল ভাল সন্তানসকল যিয়ে মুৰুলী বহুত ভালকৈ শুনায় কিন্তু স্মৃতিত একেবাৰে দুৰ্বল। যোগৰ দ্বাৰাই বিকৰ্ম বিনাশ হয়। যোগৰ দ্বাৰাই কৰ্মেন্দ্ৰিয় একেবাৰে শান্ত হ'ব পাৰে। একমাত্ৰ পিতাৰ বাহিৰে আন কোনো যাতে স্মৃতিলৈ নাহে, কোনো দেহো যাতে স্মৃতিলৈ নাহে। আত্মাই জানে যে এই গোটেই জগতখন নাশ হৈ যাব, এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। আকৌ ৰাজধানীত আহিম। এয়া সদায় বুদ্ধিত থাকিব লাগে। যি জ্ঞান পোৱা যায় সেয়া আত্মাত থাকিব লাগে। পিতাতো হৈছে যোগেশ্বৰ, যিয়ে স্মৰণ কৰিবলৈ শিকায়। বাস্তৱত ঈশ্বৰক যোগেশ্বৰ বুলি কোৱা নহয়। তোমালোক হৈছা যোগেশ্বৰ। ঈশ্বৰ পিতাই কয় - মোক স্মৰণ কৰা। এওঁ হৈছে স্মৰণ কৰিবলৈ শিকাওঁতা ঈশ্বৰ পিতা। সেই নিৰাকাৰ পিতাই শৰীৰৰ দ্বাৰা শুনায়। সন্তানসকলেও শৰীৰৰ দ্বাৰা শুনে। কিছুমানতো যোগত বহুত কেঁচা। একেবাৰে স্মৰণ নকৰে। জন্ম-জন্মান্তৰ যি পাপ আছে সকলোৰে শাস্তি খাব। ইয়াত আহি যিয়ে পাপ কৰে সেইসকলেতো আৰুহে এশগুণ বেছি শাস্তি পাব। জ্ঞান বহুত শুনায়, যোগ একেবাৰে নাই যাৰ বাবে পাপ ভস্ম নহয়, কেঁচা হৈয়ে থাকি যায় সেইবাবে সঁচা মালা 8 (আঠ)ৰহে হয়। 9 ৰত্নৰ গায়ন কৰা হয়। 108 ৰত্নৰ গায়ন কেতিয়াবা শুনিছানে? 108 ৰত্নৰ কোনো বস্তু বনোৱা নহয়। বহুত আছে যিয়ে এই কথাবোৰ পূৰা বুজি নাপায়। স্মৃতিক জ্ঞান বুলি কোৱা নহয়। জ্ঞান সৃষ্টি চক্ৰক কোৱা হয়। শাস্ত্ৰবোৰত জ্ঞান নাই, সেই শাস্ত্ৰ হৈছে ভক্তিমাৰ্গৰ। পিতাই নিজে কয় - মোক এনেকৈ পোৱা নাযায়। সাধু আদি সকলোৰে উদ্ধাৰ কৰিবলৈ মই আহোঁ। তেওঁলোকে ভাবে যে ব্ৰহ্মত লীন হৈ যাব লাগে। আকৌ পানীৰ বুৰবুৰণিৰ দৃষ্টান্ত দিয়ে। এতিয়া তোমালোকে এনেকৈ নোকোৱা। তোমালোকেতো জানা যে আমি আত্মাসকল পিতাৰ সন্তান। "মামেকম্‌ স্মৰণ কৰা" এনেকৈ কয়ো কিন্তু অৰ্থ বুজি নাপায়। যদিও কৈ দিয়ে যে আমি আত্মা, কিন্তু আত্মা কি, পৰমাত্মা কি - এই জ্ঞান একেবাৰে নাই। এয়া পিতাহে আহি শুনায়। এতিয়া তোমালোকে জানা যে সেইখন হৈছে আমাৰ আত্মাসকলৰ ঘৰ। তাত গোটেই বংশবৃক্ষ আছে। প্ৰত্যেক আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। সুখ কোনে দিয়ে, দুখ কোনে দিয়ে - এয়াও কোনেও নাজানে।

ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। 63 জন্ম তোমালোকে হাবাথুৰি খাইছা। আকৌ যেতিয়া জ্ঞান দিওঁ তেতিয়া কিমান সময় লাগে? চেকেণ্ড। এয়াতো গায়ন কৰা হৈছে যে চেকেণ্ডত জীৱনমুক্তি। এয়া তোমালোকৰ পিতা নহয় জানো, তেৱেঁই পতিত-পাৱন হয়। তেওঁক স্মৰণ কৰিলে তোমালোক পৱিত্ৰ হৈ যাবা। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ - এয়া হৈছে চক্ৰ। নামো জানে কিন্তু ইমান পাথৰবুদ্ধিৰ যে সময়ৰ বিষয়ে কোনেও গমেই নাপায়। এনেকৈ ভাবে যে ঘোৰ কলিযুগ। যদি কলিযুগ আৰু চলে তেন্তে আৰু ঘোৰ অন্ধকাৰ হৈ যাব সেইবাবে গায়ন আছে – কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছিল আৰু বিনাশ হৈ গ'ল। অকণমানো যদি জ্ঞান শুনে তেন্তে প্ৰজা হৈ যায়। ক'ত এই লক্ষ্মী-নাৰায়ণ, ক'ত প্ৰজা। পঢ়াওঁতাজনতো এজনেই। প্ৰত্যেকৰে নিজৰ নিজৰ ভাগ্য আছে। কোনোৱেতো বৃত্তি লৈ লয়, কোনোবা অকৃতকাৰ্য হৈ যায়। ৰামক কাঁড়ৰ চিহ্ন কিয় দিছে? কাৰণ অকৃতকাৰ্য হ’ল। এইখনো গীতা পাঠশালা, কিছুমানতো অলপো নম্বৰ পোৱাৰ যোগ্য নহয়। মই আত্মা বিন্দু, পিতাও বিন্দু, এনেকৈ তেওঁক স্মৰণ কৰিব লাগে। যিয়ে এই কথাবোৰ বুজিয়েই নাপায়, তেওঁ কি পদ পাব! স্মৃতিত নাথাকিলে বহুত লোকচান হৈ যায়। স্মৃতিৰ বলে বহুত চমৎকাৰ কৰে। কৰ্মেন্দ্ৰিয় একেবাৰে শান্ত, শীতল হৈ যায়। জ্ঞানৰ দ্বাৰা শান্ত নহ’ব, যোগবলৰ দ্বাৰা শান্ত হ’ব। ভাৰতবাসীয়ে আহ্বান জনায় যে আহি আমাক সেই ‘গীতা’ৰ জ্ঞান শুনাওঁক, এতিয়া কোন আহিব? শ্ৰীকৃষ্ণৰ আত্মাতো ইয়াত আছে। কোনোবা সিংহাসনত বহি আছে জানো যাক আহ্বান জনায়। কোনোবাই কয় যে মই যীশুখ্ৰীষ্টৰ আত্মাক স্মৰণ কৰোঁ। হেৰ’, তেওঁতো ইয়াতে আছে, তেওঁলোকে কি জানে যে যীশুখ্ৰীষ্টৰ আত্মা ইয়াতেই আছে, উভটি যাব নোৱাৰে। লক্ষ্মী-নাৰায়ণ, প্ৰথম নম্বৰৰসকলেও 84 জন্ম ল'ব লাগে তেন্তে বাকীসকল আকৌ কেনেকৈ উভটি যাব পাৰে। সেই সকলো হিচাপ আছে। মনুষ্যইতো যি কয় সকলো মিছা। আধকল্প হৈছে মিছাখণ্ড, আধাকল্প হৈছে সত্যখণ্ড। এতিয়াতো প্ৰত্যেককে বুজাব লাগে - এই সময়ত সকলো নৰকবাসী, আকৌ স্বৰ্গবাসীও ভাৰতবাসীয়েই হয়। মনুষ্যই কিমান বেদ, শাস্ত্ৰ, উপনিষদ আদি পঢ়ে, এইবোৰ পঢ়িলে জানো মুক্তি পাব? অৱনমিত হ’বই লাগে। সকলো বস্তু সতো, ৰজো, তমো অৱস্থাত নিশ্চয় আহে। নতুন বিশ্ব কাক কোৱা হয়, কাৰো এই জ্ঞান নাই। এয়াতো পিতাই সন্মুখত বহি বুজায়। দেৱী-দেৱতা ধৰ্ম কেতিয়া, কোনে প্ৰতিষ্ঠা কৰিলে - ভাৰতবাসীয়ে একোৱে নাজানে। সেয়েহে পিতাই বুজাইছে - জ্ঞানত যিমানেই ভাল নহওঁক কিন্তু যোগত বহুত সন্তান কৃতকাৰ্য হৈ যায়। যোগযুক্ত হৈ নাথাকিলে বিকৰ্ম বিনাশ নহয়, উচ্চ পদ নাপাব। যিয়ে যোগত মগ্ন হৈ থাকে তেওঁলোকেই উচ্চপদ পাব। তেওঁলোকৰ কৰ্মেন্দ্ৰিয় একেবাৰে শীতল হৈ যায়। দেহ সহিত সকলো পাহৰি দেহী-অভিমানী হৈ যায়। আমি অশৰীৰী হওঁ এতিয়া ঘৰলৈ যাম। উঠোঁতে-বহোঁতে এনেকৈ বুজিবা যে এতিয়া এই শৰীৰ এৰিব লাগে। আমি ভূমিকা পালন কৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। জ্ঞানতো পালোঁ, যেনেকৈ পিতাৰ জ্ঞান আছে, তেওঁতো কাকো স্মৰণ কৰিব নালাগে। স্মৰণতো তোমালোক সন্তানসকলে কৰিব লাগে। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। যোগৰ সাগৰ বুলিতো নকয়। চক্ৰৰ জ্ঞান শুনায় আৰু নিজৰো পৰিচয় দিয়ে। স্মৃতিক জ্ঞান বুলি কোৱা নহয়। স্মৃতিতো সন্তানসকলৰ আপোনাআপুনি আহি যায়। স্মৰণতো কৰিবই লাগে, নহ’লে উত্তৰাধিকাৰ কেনেকৈ পাবা? পিতা আছে যেতিয়া উত্তৰাধিকাৰ নিশ্চয় পোৱা যায়। বাকী হৈছে জ্ঞান। আমি 84 জন্ম কেনেকৈ লওঁ, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান আৰু সতোপ্ৰধানৰ পৰা তমোপ্ৰধান কেনেকৈ হওঁ, এয়া পিতাই বুজায়। এতিয়া পিতাৰ স্মৃতিৰে সতোপ্ৰধান হ'ব লাগে। তোমালোক আত্মিক সন্তানসকল আত্মিক পিতাৰ ওচৰলৈ আহিছা, তেওঁক শৰীৰৰ আধাৰতো লাগে নহয়। কয় যে মই বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ। বানপ্ৰস্থ অৱস্থাই হয়। এতিয়া পিতা আহে সেইবাবে গোটেই সৃষ্টিৰ কল্যাণ হয়। এয়া হৈছে ভাগ্যশালী ৰথ, ইয়াৰ দ্বাৰা কিমান সেৱা হয়। গতিকে এই দেহ বোধ এৰিবলৈ স্মৰণ কৰাৰ প্ৰয়োজন। ইয়াত জ্ঞানৰ কথা নাই। বেছিকৈ স্মৰণ কৰিবলৈ শিকাব লাগে। জ্ঞানতো সহজ। সৰু ল'ৰা-ছোৱালীয়েও শুনাই দিব। বাকী স্মৃতিত থকাৰ ক্ষেত্ৰতহে পৰিশ্ৰম কৰিবলগীয়া হয়। এজনৰ স্মৃতি থাকিব লাগে, ইয়াক অব্যভিচাৰী স্মৃতি বুলি কোৱা হয়। কাৰোবাৰ শৰীৰক স্মৰণ কৰা - সেয়া হৈছে ব্যভিচাৰী স্মৃতি। এই স্মৃতিৰে বাকী সকলো পাহৰি অশৰীৰী হ'ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিৰ বলেৰে নিজৰ কৰ্মেন্দ্ৰিয় শীতল, শান্ত কৰিব লাগে। সম্পূৰ্ণ উত্তীৰ্ণ হ’বলৈ যথাৰ্থ ৰীতিৰে পিতাক স্মৰণ কৰি পাৱন হ'ব লাগে।

(2) উঠোঁতে-বহোঁতে বুদ্ধিত যাতে এইটো থাকে যে এতিয়া মই এই পুৰণা শৰীৰ এৰি ঘৰলৈ উভটি যাম। যেনেকৈ পিতাৰ সকলো জ্ঞান আছে, তেনেকৈ মাষ্টৰ জ্ঞান সাগৰ হ'ব লাগে।

বৰদান:
সংযুক্ত স্বৰূপৰ স্মৃতিৰে শ্ৰেষ্ঠ স্থিতিৰ আসনত স্থিৰ হৈ থাকোঁতা সদায় সম্পন্ন হোৱা

সংগমযুগত শিৱ শক্তিৰ সংযুক্ত স্বৰূপৰ স্মৃতিত থাকিলে প্ৰতিটো অসম্ভৱ কাৰ্য সম্ভৱ হৈ যায়। এইটোৱে সৰ্ব শ্ৰেষ্ঠ স্বৰূপ। এইটো স্বৰূপত স্থিৰ হৈ থাকিলে সম্পন্ন হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়। বাপদাদাই সকলো সন্তানক সদায় সুখদায়ী স্থিতিৰ আসন দিছে। সদায় এই আসনত স্থিৰ হৈ থাকা তেতিয়া অতীন্দ্ৰিয় সুখ দোলাত দুলি থাকিবা, কেৱল বিস্মৃতিৰ সংস্কাৰ সমাপ্ত কৰা।

স্লোগান:
শক্তিশালী বৃত্তিৰে আত্মাসকলক যোগ্য আৰু যোগী কৰি তোলা।


একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

একমতৰ বাতাৱৰণ তেতিয়া হ’ব যেতিয়া সমাহিত কৰাৰ শক্তি থাকিব। গতিকে বিভিন্নতাক সমাহিত কৰি লোৱা তেতিয়া পৰস্পৰ একতাৰে সমীপত আহিব আৰু সকলোৰে আগত দৃষ্টান্ত ৰূপ হ’ব। ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্ব হৈছে - অনেক হোৱা সত্ত্বেও এক। এই একতাৰ প্ৰকম্পনে গোটেই বিশ্বত এক ধৰ্ম, এক ৰাজ্য স্থাপনা কৰিব সেই কাৰণে বিশেষভাৱে মনোযোগ দি বিভিন্নতা দূৰ কৰি একতা আনিব লাগে।