03.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ এই নতুন বৃক্ষজোপা অতি মিঠা, এই মিঠা বৃক্ষতে পোকে ধৰে, পোকবোৰ নাশ কৰাৰ
ঔষধ হৈছে মনমনাভৱ”
প্ৰশ্ন:
সন্মান সহকাৰে
উত্তীৰ্ণ হোৱা বিদ্যাৰ্থীসকলৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকে কেৱল এটা বিষয়তে নহয় কিন্তু সকলো বিষয়তে পূৰা মনোযোগ দিব। স্থূল সেৱাৰ
বিষয়টিও বৰ ভাল, বহুতে সুখ পায়, ইয়াৰ দ্বাৰাও নম্বৰ জমা হয়, কিন্তু তাৰ লগতে জ্ঞানৰো
প্ৰয়োজন আৰু চলনো ভাল হ’ব লাগে। দৈৱীগুণৰ ওপৰত পূৰা মনোযোগ দিয়া উচিত। জ্ঞান যোগত
সম্পূৰ্ণ হ’লে তেতিয়াহে সন্মান সহকাৰে উত্তীৰ্ণ হ’ব পাৰিবা।
গীত:
ন ৱহ হমচে জুদা
হোংগে….. (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ’ব...)
ওঁম্শান্তি।
সন্তানসকলে কি
শুনিলা? সন্তানসকলৰ অন্তৰ কাৰ সৈতে যুক্ত হৈ আছে? মাৰ্গ-দৰ্শকৰ সৈতে। মাৰ্গ-দৰ্শকে
কি কি দেখুৱায়? স্বৰ্গলৈ যোৱাৰ দ্বাৰ দেখুৱাই দিয়ে। সন্তানসকলক নামো দিছে “স্বৰ্গৰ
দ্বাৰ”। স্বৰ্গৰ দ্বাৰ কেতিয়া মুকলি কৰে? এতিয়াতো নৰক নহয় জানো। স্বৰ্গৰ দ্বাৰ কোনে
মুকলি কৰে আৰু কেতিয়া? এইবোৰ তোমালোক সন্তানসকলেহে জানা। তোমালোক সদায় আনন্দিত হৈ
থাকা। স্বৰ্গলৈ যোৱাৰ ৰাস্তা তোমালোকে জানা। মেলা প্ৰদৰ্শনীৰ দ্বাৰা তোমালোকে এয়া
দেখুৱাই দিয়া যে মনুষ্য কেনেকৈ স্বৰ্গৰ দ্বাৰলৈ যাব পাৰে। তোমালোকে বহুত চিত্ৰ অংকন
কৰিছা। পিতাই সোধে - এই সকলো চিত্ৰৰ ভিতৰত কোনখন এনেকুৱা চিত্ৰ আছে যাৰ দ্বাৰা আমি
যিকোনো ব্যক্তিকে বুজাব পাৰো যে এয়া হৈছে স্বৰ্গলৈ যোৱাৰ দ্বাৰ? গোলকৰ (সৃষ্টিচক্ৰৰ)
চিত্ৰত স্বৰ্গলৈ যোৱাৰ দ্বাৰ সিদ্ধ হয়। এয়াই শুদ্ধ। ওপৰত সেইফালে নৰকৰ দ্বাৰ, এইফালে
স্বৰ্গৰ দ্বাৰ। একেবাৰে স্পষ্ট। ইয়াৰ পৰা সকলো আত্মা শান্তিধামলৈ যায় আকৌ স্বৰ্গলৈ
আহে। এয়া হৈছে দ্বাৰ। গোটেই চক্ৰকো দ্বাৰ বুলি কোৱা নহ’ব। ওপৰত য’ত সংগম দেখুওৱা
হৈছে সেয়া হৈছে সম্পূৰ্ণ দ্বাৰ। য’ৰ পৰা আত্মাসকল ওলাই যায়, আকৌ নতুন সৃষ্টিলৈ আহে।
বাকী সকলো শান্তিধামত থাকে। কাঁড় চিনেৰে দেখুৱায় - এইখন নৰক, সেইখন স্বৰ্গ। অতি
সুন্দৰকৈ বুজাব পৰা এইখনেই সকলোতকৈ ভাল চিত্ৰ। একেবাৰে স্পষ্ট, “স্বৰ্গৰ দ্বাৰ”। এয়া
বুদ্ধিৰে বুজিবলগীয়া কথা নহয় জানো, অনেক ধৰ্মৰ বিনাশ আৰু এক ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে।
তোমালোকে জানা যে আমি সুখধামলৈ যাম, বাকী সকলো শান্তিধামলৈ গুচি যাব। দ্বাৰতো
একেবাৰে স্পষ্ট। এই গোলকহে হৈছে মুখ্য চিত্ৰ। ইয়াত নৰকৰ দ্বাৰ, স্বৰ্গৰ দ্বাৰ
একেবাৰে স্পষ্ট হৈ আছে। স্বৰ্গৰ দ্বাৰলৈ যিসকল কল্প পূৰ্বে গৈছিল সেই সকলেই যাব,
বাকী সকলো শান্তিৰ দ্বাৰলৈ গুচি যাব। নৰকৰ দ্বাৰ বন্ধ হৈ শান্তি আৰু সুখৰ দ্বাৰ
মুকলি কৰে। এইখনেই হৈছে সকলোতকৈ উত্তম চিত্ৰ। বাবাই সদায় কয় - ত্ৰিমূৰ্তি, দুটা
গোলক আৰু এই চক্ৰ হৈছে অতি উত্তম চিত্ৰ। যিয়েই আহে তেওঁলোকক প্ৰথমে এই চিত্ৰত
দেখুৱাবা যে এয়া স্বৰ্গলৈ যোৱাৰ দ্বাৰ। এয়া নৰক, এয়া স্বৰ্গ। এতিয়া নৰকৰ বিনাশ হয়।
মুক্তিৰ দ্বাৰ মুকলি কৰে। এই সময়ত আমি স্বৰ্গলৈ যাম বাকী সকলো শান্তিধামলৈ যাব।
কিমান সহজ। স্বৰ্গৰ দ্বাৰলৈ সকলোৱেতো নাযাব। তাততো এই দেৱী-দেৱতাসকলৰেই ৰাজ্য আছিল।
তোমালোকৰ বুদ্ধিত আছে যে আমি এতিয়া স্বৰ্গৰ দ্বাৰলৈ যোৱাৰ লায়ক হৈছোঁ। যিমানে
লিখা-পঢ়া কৰিবা নবাব হ’বা, কান্দিলে মাগিলে নষ্ট হ’বা। এই গোলকৰ চিত্ৰই সকলোতকৈ
ভাল, বুদ্ধিৰে বুজিব পাৰে, এবাৰ চিত্ৰ দেখাৰ পাছত বুদ্ধিৰে কাম লোৱা হয়। তোমালোক
সন্তানসকলৰ গোটেই দিন এইটো চিন্তন চলা উচিত যে কোনখন মুখ্য চিত্ৰ হ’ব, যাৰ ওপৰত আমি
ভালদৰে বুজাব পাৰিম। “গেট ৱে টু হেভেন” – এই ইংৰাজী কথাষাৰ বৰ ভাল। এতিয়াতো অনেক
ভাষা হৈ গ’ল। হিন্দী শব্দটি হিন্দুস্তানৰ পৰা ওলাইছে। হিন্দুস্তান শব্দটি কোনো
শুদ্ধ শব্দ নহয়, ইয়াৰ আচল নামতো ভাৰতেই। ভাৰতখণ্ড বুলি কয়। গলিবোৰৰ নাম সলনি কৰা হয়।
খণ্ডৰ নাম জানো সলনি কৰা হয়। মহাভাৰত শব্দটি আছে নহয়। সকলোতে ভাৰতহে স্মৃতিলৈ আহে।
গায়নো কৰে - ভাৰত আমাৰ দেশ। হিন্দু ধৰ্ম বুলি কোৱাৰ বাবে ভাষাও হিন্দী কৰি দিলে। এয়া
হৈছে অসত্য। সত্যযুগত সকলো সত্যই আছিল – পিন্ধন-উৰণ সত্য, খোৱা-বোৱা সত্য, কথা-বতৰা
সত্য। ইয়াত সকলোবোৰ মিছা হৈ গ’ল। গতিকে এই “স্বৰ্গৰ দ্বাৰ” কথাষাৰ বহুত ভাল। বলক আমি
আপোনালোকক স্বৰ্গলৈ যোৱাৰ দ্বাৰৰ বিষয়ে শুনাম। কিমান ভাষা হৈ গ’ল। পিতাই তোমালোক
সন্তানসকলক সৎগতিৰ শ্ৰেষ্ঠ মত দিয়ে। পিতাৰ মতৰ বাবে গায়ন আছে, তেওঁৰ গতি মত অনন্য।
তোমালোক সন্তানসকলক কিমান সহজ মত দিয়ে। ভগৱানৰ শ্ৰীমততহে তোমালোক চলিব লাগে।
ডাক্তৰৰ মতত চলিলে ডাক্তৰ হয়গৈ। ভগৱানৰ মতত চলিলে ভগৱান-ভগৱতী হ’ব লাগে। হয়ো
ভগৱানুবাচ (ভগৱানে কয়) সেইবাবে বাবাই কৈছিল প্ৰথমেতো এইটো সিদ্ধ কৰা যে ভগৱান কাক
কোৱা হয়। স্বৰ্গৰ মালিক নিশ্চয় ভগৱান ভগৱতীয়ে হ’ল। ব্ৰহ্মততো একো নাই। স্বৰ্গও ইয়াতে,
নৰকো ইয়াতে হয়। স্বৰ্গ-নৰক দুয়োখন একেবাৰে পৃথক। মনুষ্যৰ বুদ্ধি একেবাৰে তমোপ্ৰধান
হৈ গৈছে, একোৱে বুজি নাপায়। সত্যযুগ লাখ লাখ বছৰ বুলি কৈ দিছে, কলিযুগৰ বাবে কয় 40
হাজাৰ বছৰ বাকী আছে, একেবাৰে ঘোৰ অন্ধকাৰত আছে।
এতিয়া তোমালোক
সন্তানসকলে জানা যে পিতাই আমাক স্বৰ্গলৈ লৈ যাবৰ কাৰণে এনেকুৱা গুণৱান কৰি তোলে।
মুখ্য চিন্তা এইটোৱে হোৱা উচিত যে আমি কেনেকৈ সতোপ্ৰধান হওঁ? পিতাই কৈছে – মামেকম্
(কেৱল মোক) স্মৰণ কৰা। চলা-ফুৰা, কাম-কাজ কৰিও বুদ্ধিত যাতে এইটো স্মৃতি থাকে।
প্ৰেমিক-প্ৰমিকায়ো কৰ্মতো কৰে নহয়। ভক্তিতো কৰ্ম কৰে। বুদ্ধিত তেওঁৰ স্মৃতি থাকে।
স্মৰণ কৰিবৰ কাৰণে মালা জপে। পিতায়ো বাৰে বাৰে কয় - মোক পিতাক স্মৰণ কৰা। সৰ্বব্যাপী
বুলি কৈ দিয়ে তেন্তে আকৌ স্মৰণ কাক কৰিব? পিতাই বুজায় - তোমালোক কিমান নাস্তিক হৈ
গ’লা। পিতাকেই নাজানা। এনেকৈ কোৱাও যে “হে ঈশ্বৰ পিতা”। কিন্তু তেওঁ কোন, সেই বিষয়ে
অলপো নাজানা। আত্মাই কয় - “হে ঈশ্বৰ পিতা”। কিন্তু আত্মা কি, আত্মা বেলেগ, তেওঁক
কোৱা হয় পৰম আত্মা অৰ্থাৎ সৰ্বোচ্চ, উচ্চতকৈও উচ্চ সৰ্বোচ্চ আত্মা পৰম আত্মা। এজনো
মনুষ্য নাই যাৰ নিজ আত্মাৰ জ্ঞান আছে। মই আত্মা হওঁ, এয়া শৰীৰ। দুটা বস্তু নহয় জানো।
এই শৰীৰ পাঁচ তত্ত্বেৰে গঠিত। আত্মাতো এটা অবিনাশী বিন্দু। আত্মা কি বস্তুৰে গঠিত
হ’ব। ইমান সূক্ষ্ম বিন্দু, সাধু-সন্ত আদি কোনেও নাজানে। এওঁতো (ব্ৰহ্মা বাবাই) বহুত
গুৰুৰ শৰণ ল’লে, কিন্তু কোনেও এইটো নুশুনালে যে আত্মা কি? পৰমপিতা পৰমাত্মা কি?
এনেকুৱা নহয় যে কেৱল পৰমাত্মাকহে নাজানে। আত্মাকো নাজানে। আত্মাক জানিলে পৰমাত্মাকো
তৎক্ষণাৎ জানিব। সন্তানে নিজক জানিলে আৰু পিতাকক নাজানিলে তেন্তে কেনেকৈ চলিব পাৰিব?
তোমালোকেতো এতিয়া জানা যে আত্মা কি? ক’ত থাকে? ডাক্তৰসকলেও ইমানখিনি বুজি পায় -
আত্মা সূক্ষ্ম, এই দুচকুৰে দেখা পোৱা নাযায় আকৌ কাঁচেৰে বন্ধ কৰিলে কেনেকৈ দেখিব
পাৰিব? জগতত তোমালোকৰ দৰে জ্ঞান কাৰো নাই। তোমালোকে জানা যে আত্মা বিন্দু,
পৰমাত্মাও বিন্দু। বাকী আমি আত্মাসকল পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত হওঁ। তাততো
পতিত আত্মা নাথাকে, তাৰ পৰা সকলো পাৱন হৈ আহে, পাছত পতিত হৈ যায়। পুনৰ পিতা আহি
পাৱন কৰি তোলে, এইটো অতি সহজ কথা। তোমালোকে জানা যে আমি আত্মাসকলে 84ৰ চক্ৰ পৰিক্ৰমা
লগাই এতিয়া তমোপ্ৰধান হৈ গৈছোঁ। আমিয়েই 84 জন্ম লওঁ। এজনৰ কথাতো নহয়। পিতাই কয় - মই
এওঁক (ব্ৰহ্মাক) বুজাওঁ, তোমালোকে শুনা। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ, এওঁক শুনাওঁ।
তোমালোকেও শুনি লোৱা। এইখন হৈছে ৰথ। গতিকে বাবাই বুজাইছে যে নাম “স্বৰ্গৰ দ্বাৰ” ৰখা
উচিত। কিন্তু এই ক্ষেত্ৰতো বুজাবলগীয়া হয় যে সত্যযুগত যি দেৱী-দেৱতা ধৰ্ম আছিল সেয়া
এতিয়া প্ৰায় লোপ হৈ গৈছে। কোনেও নাজানে। খ্ৰীষ্টানসকলো প্ৰথমে সতোপ্ৰধান আছিল, আকৌ
পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হয়। বৃক্ষও নিশ্চয় পুৰণি হয়। এয়া বিচিত্ৰ ধৰ্মৰ বৃক্ষ।
বৃক্ষৰ হিচাপত বাকী সকলোবোৰ ধৰ্মৰ লোক পাছত আহে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত।
এনেকুৱা নহয় যে কাৰোবাৰ সত্যযুগলৈ অহাৰ পাল পৰিব। নহয়, এয়াতো অনাদি খেল ৰচি থোৱা আছে।
সত্যযুগত এটাই আদি সনাতন প্ৰাচীন দেৱী-দেৱতা ধৰ্ম আছিল। এতিয়া তোমালোক সন্তানসকলৰ
বুদ্ধিত আছে যে আমি স্বৰ্গলৈ গৈ আছোঁ। আত্মাই কয় - আমি তমোপ্ৰধান, তেন্তে ঘৰলৈ
কেনেকৈ যাম, স্বৰ্গলৈ কেনেকৈ যাম? তাৰ বাবে পিতাই সতোপ্ৰধান হোৱাৰ যুক্তিও শুনাইছে।
পিতাই কয় - মোকেই পতিত-পাৱন বুলি কয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা।
ভগৱানুবাচ লিখা আছে। এইটোও সকলোৱে কৈ থাকে - যীশুখ্ৰীষ্টৰ ইমান বছৰ পূৰ্বে ভাৰত
স্বৰ্গ আছিল। কিন্তু কেনেকৈ হ’ল আকৌ ক’লৈ গ’ল এয়া কোনেও নাজানে। তোমালোকেতো যথা ৰীতি
জানা। আগতে জানো এই কথাবোৰ জানিছিলা। জগতত এইটো কোনেও নাজানে যে আত্মাহে ভাল বা বেয়া
হয়। সকলো আত্মাই সন্তান। পিতাক স্মৰণ কৰে। পিতা সকলোৰে প্ৰেমিক, বাকী সকলো প্ৰেমিকা।
এতিয়া তোমালোক সন্তানসকলে জানা যে সেই প্ৰেমিকৰ আগমন হৈছে। অতি মৰমৰ প্ৰেমিক।
নহ’লেনো তেওঁক সকলোৱে কিয় স্মৰণ কৰে? এনেকুৱা কোনো মনুষ্য নাই যাৰ মুখত পৰমাত্মাৰ
নাম উচ্চাৰিত নহয়। কেৱল নাজানে। তোমালোকে জানা যে আত্মা অশৰীৰী। আত্মাসকলৰো পূজা হয়
নহয়। আমি যি পূজ্য আছিলোঁ, সেইসকলেই আকৌ নিজ আত্মাকে পূজিবলৈ ললোঁ। হ’ব পাৰে পূৰ্বৰ
জন্মত ব্ৰাহ্মণ কুলত জন্ম লৈছা। শ্ৰীনাথক ভোগ আগবঢ়ায়, পুজাৰী সকলেহে খায়। এয়া সকলো
হৈছে ভক্তিমাৰ্গ।
তোমালোক সন্তানসকলে
বুজাব লাগে - স্বৰ্গৰ দ্বাৰ মুকলি কৰোঁতাজন হৈছে পিতা। কিন্তু মুকলি কৰিব কেনেকৈ,
কেনেকৈ বুজাব? ভগৱানুবাচ গতিকে নিশ্চয় শৰীৰৰ দ্বাৰা ক’ব নহয়। আত্মাইহে শৰীৰৰ দ্বাৰা
কয়, শুনে। এই বাবাই বিশদভাৱে শুনায়। বীজ আৰু বৃক্ষ। তোমালোক সন্তানসকলে জানা যে
এইজোপা নতুন বৃক্ষ। লাহে লাহে আকৌ বৃদ্ধি হয়। তোমালোকৰ এই নতুন বৃক্ষজোপাত বহুত
পোকেও ধৰে কিয়নো এই নতুন বৃক্ষজোপা বৰ মিঠা। মিঠা বৃক্ষতহে পোক আদি কিবা কিবা লাগে
আকৌ ঔষধ দিয়া হয়। পিতায়ো ‘মনমনাভৱ’ৰ বহুত ভাল ঔষধ দিছে। মনমনাভৱ নোহোৱা বাবে পোকে
খাই পেলায়। পোকে ধৰা বস্তু কি কামত আহিব। সেয়াতো পেলাই দিয়া হয়। ক’ত উচ্চ পদ, ক’ত
নীচ পদ। পাৰ্থক্যতো আছে নহয়। মৰমৰ সন্তানসকলক বুজাই থাকে অতি অমায়িক হ’বা। কাৰো সৈতে
অপ্ৰীতিকৰ নহ’বা, মিলা-প্ৰীতিৰে থকা উচিত। তাত সিংহ আৰু ছাগলীও মিলা-প্ৰীতিৰে থাকে।
গতিকে সন্তানসকলো মিলা-প্ৰীতিৰে থাকিব লাগে। কিন্তু যদি কাৰোবাৰ ভাগ্যতেই নাই তেন্তে
পুৰুষাৰ্থ কি কৰিব! অকৃতকাৰ্য হৈ যায়। শিক্ষকেতো ভাগ্য শ্ৰেষ্ঠ কৰি তুলিবৰ কাৰণে
পঢ়ায়। শিক্ষকেতো সকলোকে পঢ়ায়। পাৰ্থক্যও তোমালোকে দেখিবলৈ পোৱা। বিদ্যাৰ্থীয়ে
শ্ৰেণীত জানিব পাৰে, কোনগৰাকী কোনটো বিষয়ত পাকৈত। ইয়াতো তেনেকুৱা। স্থূল সেৱাৰো
বিষয় আছে নহয়। যেনেকৈ ৰন্ধনশালৰ সেৱা আছে, বহুতে সুখ পায়, সকলোৱে কিমান স্মৰণ কৰে।
এইটোতো ঠিকেই, এইটো চাবজেক্টৰ পৰাও নম্বৰ পোৱা যায়। কিন্তু সন্মান সহকাৰে উত্তীৰ্ণ
হ’বলৈ হ’লে কেৱল এটা বিষয়ত নহয়, সকলো বিষয়ত পূৰা মনোযোগ দিব লাগে। জ্ঞানো লাগে, চলনো
এনেকুৱা হোৱা উচিত, দৈৱীগুণো লাগে। মনোযোগ দিয়াতো ভাল। ৰন্ধনশালৰ ওচৰলৈ কোনোবা আহিলে
যাতে কয় – ‘মনমনাভৱ’। শিৱবাবাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক স্বৰ্গৰ
মালিক হৈ যাবা। পিতাক স্মৰণ কৰি অন্যকো পৰিচয় দি থাকা। জ্ঞান আৰু যোগৰ আৱশ্যক। বৰ
সহজ। মুখ্য কথাই হৈছে এইটো। অন্ধৰ লাখুটি হ’ব লাগে। প্ৰদৰ্শনীলৈ যিকোনো লোককে লৈ
যোৱা, বলক আমি আপোনাক স্বৰ্গৰ দ্বাৰ দেখুৱাম। এয়া নৰক, সেয়া স্বৰ্গ। পিতাই কয় - মোক
স্মৰণ কৰা, পৱিত্ৰ হোৱা তেতিয়া তোমালোক পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবাগৈ। মনমনাভৱ।
হুবহু তোমালোকক গীতা শুনায় সেইবাবে বাবাই চিত্ৰ তৈয়াৰ কৰাইছে - গীতাৰ ভগৱান কোন?
স্বৰ্গৰ দ্বাৰ কোনে মুকলি কৰে? শিৱবাবাই মুকলি কৰে। শ্ৰীকৃষ্ণ সেই দ্বাৰেৰে পাৰ হৈ
যায় আকৌ নাম ৰাখি দিলে শ্ৰীকৃষ্ণৰ। মুখ্য চিত্ৰ হৈছেই দুখন। বাকীবোৰ হৈছে বিস্তাৰ।
সন্তানসকল বহুত অমায়িক হ’ব লাগে, স্নেহেৰে বাৰ্তালাপ কৰিব লাগে। মন, বচন, কৰ্মৰে
সকলোকে সুখ দিব লাগে। চোৱা ৰন্ধনশালত সেৱা কৰোঁতাসকলে সকলোকে আনন্দিত কৰে গতিকে
তেওঁলোকৰ বাবে উপহাৰো লৈ আহে। এইটোও বিষয় হয় নহয়। উপহাৰ আনি দিয়ে, তেওঁ কয় মই
আপোনাৰ পৰা কিয় ল’ম, তেতিয়া আপোনাৰ স্মৃতি আহি থাকিব। শিৱবাবাৰ ভঁৰালৰ পৰা পালে
তেতিয়া মোৰ শিৱবাবাৰ স্মৃতি থাকিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ উচ্চ
ভাগ্য গঢ়িবৰ কাৰণে পৰস্পৰ অতি মিলা-প্ৰীতিৰে, অমায়িক হৈ চলিব লাগে, কেতিয়াও
অপ্ৰীতিকৰ হ’ব নালাগে। সকলো বিষয়ত পূৰা মনোযোগ দিব লাগে।
(2) সৎগতিৰ কাৰণে
পিতাৰ যি শ্ৰেষ্ঠ মত পাইছা সেইমতে চলিব লাগে আৰু সকলোকে শ্ৰেষ্ঠ মতহে শুনাব লাগে।
স্বৰ্গলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰিব লাগে।
বৰদান:
প্ৰত্যেক
আত্মাক সাহস, উৎসাহ দিওঁতা, দয়াশীল, বিশ্ব কল্যাণকাৰী হোৱা
কেতিয়াও ব্ৰাহ্মণ
পৰিয়ালত কোনো দুৰ্বল আত্মাক, তুমি দুৰ্বল - এনেকৈ ক’ব নালাগে। তোমালোক দয়াশীল বিশ্ব
কল্যাণকাৰী সন্তানৰ মুখেৰে সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শুভ বাণী উচ্চাৰিত হ’ব লাগে,
নিৰাশ কৰা বাণী নহয়। কোনোবা যিমানেই দুৰ্বল নহওঁক, তেওঁক ইংগিত বা শিক্ষা দিবলগীয়া
হ’লেও প্ৰথমে সমৰ্থ কৰি তুলি তাৰ পাছত শিক্ষা দিয়া। প্ৰথমে ধৰণীত সাহস আৰু উৎসাহৰ
হাল বোৱা তাৰ পাছত বীজ ৰোপণ কৰা তেতিয়া সহজে প্ৰতিটো বীজৰ পৰা ফল ওলাব। ইয়াৰ দ্বাৰা
বিশ্ব কল্যাণৰ সেৱা তীব্ৰ হৈ যাব।
স্লোগান:
পিতাৰ আশীৰ্বাদ লৈ সদায় পৰিপূৰ্ণতাৰ অনুভৱ কৰা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সদায় প্ৰতিটো কৰ্ম কৰি
থাকিও নিজক কৰ্মযোগী আত্মা বুলি অনুভৱ কৰা। যিকোনো কৰ্ম কৰি থাকিও স্মৃতি পাহৰিব
নোৱাৰা। কৰ্ম আৰু যোগ - দুয়োটা সংযুক্ত হৈ যাওঁক। যেনেকৈ কোনো যুক্ত হৈ থকা বস্তুক
পৃথক কৰিব নোৱাৰি তেনেকৈ কৰ্মযোগী হোৱা।