04.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই তোমালোকক অবিনাশী জ্ঞান ৰত্ন দান দিয়ে, তোমালোকে আকৌ আনকো দান দি থাকা, এই
দানেৰে সৎগতি হৈ যাব"
প্ৰশ্ন:
কোনটো নতুন
মাৰ্গৰ বিষয়ে তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে?
উত্তৰ:
ঘৰৰ মাৰ্গ বা স্বৰ্গলৈ যোৱাৰ মাৰ্গ এতিয়া পিতাৰ দ্বাৰা তোমালোকে পাইছা। তোমালোকে
জানা যে শান্তিধাম আমাৰ আত্মাসকলৰ ঘৰ, স্বৰ্গ বেলেগ, শান্তিধাম বেলেগ। এইটো নতুন
মাৰ্গৰ বিষয়ে তোমালোকৰ বাহিৰে কোনেও নাজানে। তোমালোকে কোৱা এতিয়া কুম্ভকৰ্ণৰ নিদ্ৰা
এৰা, চকু মেলা, পাৱন হোৱা। পাৱন হ’লেহে ঘৰলৈ যাব পাৰিবা।
গীত:
জাগ চজনিয়াঁ
জাগ….. (জাগা প্ৰিয়তমাসকল জাগা….)
ওঁম্শান্তি।
ভগৱানুবাচ।
এয়াতো পিতাই বুজাইছে যে মনুষ্য বা দেৱতাসকলক ভগৱান বুলি কোৱা নহয় কাৰণ এওঁলোকৰ
সাকাৰী ৰূপ আছে। বাকী পৰমপিতা পৰমাত্মাৰ আকাৰী বা সাকাৰী ৰূপ নাই সেইকাৰণে তেওঁক
শিৱ পৰমাত্মায়ে নমঃ বুলি কোৱা হয়। জ্ঞানৰ সাগৰ তেওঁ এজনেই। কোনো মনুষ্যৰ জ্ঞান
থাকিব নোৱাৰে। কিহৰ জ্ঞান? ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান অথবা আত্মা আৰু
পৰমাত্মাৰ এই জ্ঞান কাৰো নাই। সেয়েহে পিতা আহি জগায় - হে প্ৰিয়তমাসকল, হে ভক্তি
কৰোঁতাসকল জাগা। সকলো পুৰুষ অথবা স্ত্ৰী হ’ল ভক্তি কৰোঁতা। ভগৱানক স্মৰণ কৰে। সকলো
কইনাই এজন দৰাক স্মৰণ কৰে। সকলো প্ৰিয়তমাই অৰ্থাৎ আত্মাই পৰমপিতা পৰমাত্মা প্ৰিয়তমক
স্মৰণ কৰে। সকলোৱেই সীতা, ৰাম হ’ল এজন পৰমপিতা পৰমাত্মা। ‘ৰাম’ বুলি কিয় কয়?
ৰাৱণৰাজ্য নহয় জানো। সেইকাৰণে তাৰ তুলনাত ৰামৰাজ্য বুলি কোৱা হয়। ৰাম হ’ল পিতা, যাক
ঈশ্বৰ বুলিও কয়, ভগৱান বুলিও কয়। তেওঁৰ আচল নাম হ’ল শিৱ। সেইকাৰণে এতিয়া কয় - জাগা,
এতিয়া নৱযুগ আহি আছে। পুৰণা শেষ হৈ আছে। এই মহাভাৰতৰ যুদ্ধৰ পাছত সত্যযুগ স্থাপনা
হ’ব আৰু এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হ’ব। পুৰণা কলিযুগ শেষ হৈ আহিছে সেইকাৰণে পিতাই
কয় - সন্তানসকল, কুম্ভকৰ্ণৰ নিদ্ৰা এৰা। এতিয়া চকু মেলা। নতুন সৃষ্টি আহি আছে। নতুন
সৃষ্টিক স্বৰ্গ, সত্যযুগ বুলি কোৱা হয়। এয়া হ’ল নতুন মাৰ্গ। এই ঘৰ বা স্বৰ্গলৈ
যোৱাৰ মাৰ্গৰ বিষয়ে কোনেও নাজানে। স্বৰ্গ বেলেগ, শান্তিধাম য’ত আত্মাসকল থাকে,
সেয়াও বেলেগ। এতিয়া পিতাই কয় - উঠা, তোমালোক ৰাৱণৰাজ্যত পতিত হৈ গৈছা। এই সময়ত এটিও
পৱিত্ৰ আত্মা থাকিব নোৱাৰে। পুণ্য আত্মা বুলি কোৱা নহ’ব। যদিও মনুষ্যই দান-পুণ্য কৰে,
কিন্তু এটিও পৱিত্ৰ আত্মা নাই। ইয়াত কলিযুগত পতিত আত্মাসকল আছে, সত্যযুগত পৱিত্ৰ
আত্মাসকল থাকে, সেইকাৰণে কয় - হে শিৱবাবা, আহি আমাক পৱিত্ৰ আত্মা কৰি তোলক। এয়া
পৱিত্ৰতাৰ কথা। এই সময়ত পিতা আহি তোমালোক সন্তানসকলক অবিনাশী জ্ঞান ৰত্ন দান দিয়ে।
পিতাই কয় - তোমালোকেও আনক দান দি থাকা তেতিয়া 5 বিকাৰৰ গ্ৰহণ আঁতৰি যাব। 5 বিকাৰৰ
দান দিয়া তেতিয়া দুখৰ গ্ৰহণ আঁতৰি যাব। পৱিত্ৰ হৈ সুখধামলৈ গুচি যাবা। 5 বিকাৰৰ
ভিতৰত প্ৰথম হ’ল কাম, তাক এৰি পৱিত্ৰ হোৱা। নিজেই কয় - হে পতিত-পাৱন, আমাক পৱিত্ৰ
কৰি তোলক। পতিত বুলি বিকাৰীক কোৱা হয়। এই সুখ আৰু দুখৰ খেল ভাৰতৰ কাৰণেই। পিতা
ভাৰততেই আহি সাধাৰণ শৰীৰত প্ৰৱেশ কৰে আকৌ বহি এওঁৰো জীৱন বৃত্তান্ত শুনায়। এয়া হৈছে
সকলো ব্ৰাহ্মণ-ব্ৰাহ্মণী, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। তোমালোকে সকলোকে পৱিত্ৰ হোৱাৰ
যুক্তি (উপায়) শুনোৱা। ব্ৰহ্মাকুমাৰ আৰু কুমাৰীসকল, তোমালোক বিকাৰত যাব নোৱাৰা।
তোমালোক ব্ৰাহ্মণসকলৰ এয়া এটাই জন্ম। দেৱতা বৰ্ণত তোমালোকে 20 জন্ম লোৱা, বৈশ্য,
শূদ্ৰত 63 জন্ম। ব্ৰাহ্মণ বৰ্ণত এয়া এটাই অন্তিম জন্ম, যিটো জন্মতে পৱিত্ৰ হ’ব লাগে।
পিতাই কয় - পৱিত্ৰ হোৱা। পিতাৰ স্মৃতিৰে অথবা যোগবলৰ দ্বাৰা বিকৰ্ম ভস্ম হ’ব। এই এটা
জন্ম পৱিত্ৰ হ’ব লাগে। সত্যযুগততো কোনো পতিত নাথাকে। এতিয়া এই অন্তিম জন্ম পাৱন হ’লে
তেতিয়া 21 জন্ম পাৱন হৈ থাকিবা। পাৱন আছিলা, এতিয়া পতিত হৈছা। পতিত হয় সেইকাৰণেতো
আহ্বান জনায়। পতিত কোনে কৰিলে? ৰাৱণৰ আসুৰি মতে। মোৰ বাহিৰে তোমালোক সন্তানসকলক
ৰাৱণৰাজ্যৰ পৰা, দুখৰ পৰা কোনেও উদ্ধাৰ কৰিব নোৱাৰে। সকলো কাম চিতাত বহি ভস্ম হৈ
গৈছে। মই আহি জ্ঞান চিতাত বহুৱাবলগীয়া হয়। জ্ঞান জল চটিয়াবলগীয়া হয়। সকলোৰে সৎগতি
কৰিব লাগে। যিসকলে ভালদৰে পঢ়ে তেওঁলোকৰে সৎগতি হয়। বাকী সকলো শান্তিধামলৈ গুচি যায়।
সত্যযুগত কেৱল দেৱী-দেৱতাসকলহে থাকে, তেওঁলোকেই সৎগতি পায়। বাকী সকলোৱে গতি অথবা
মুক্তি পায়। 5 হাজাৰ বছৰ পূৰ্বে এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। লাখ লাখ বছৰৰ কথা
নহয়। এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল, মোক পিতাক স্মৰণ কৰা। ‘মনমনাভৱ’ শব্দটি
প্ৰসিদ্ধ। ভগৱানুবাচ - কোনো দেহধাৰীক ভগৱান বুলি কোৱা নহয়। আত্মাসকলেতো এটা শৰীৰ এৰি
আন এটা শৰীৰ লয়। কেতিয়াবা স্ত্ৰী, কেতিয়াবা পুৰুষ হয়। ভগৱান কেতিয়াও জন্ম-মৃত্যুৰ
খেলত নাহে। এয়া ড্ৰামা অনুসৰি নিৰ্ধাৰিত হৈ আছে। এটা জন্ম আন এটা জন্মৰ লগত নিমিলে।
আকৌ তোমালোকৰ এইটো জন্ম পুনৰাবৃত্তি হ’ব তেতিয়া এয়াই কৰ্মকাণ্ড হ’ব, এইটোৱে চেহেৰা
আকৌ ল’বা। এই ড্ৰামা অনাদি ৰচি থোৱা আছে। এয়া সলনি হ’ব নোৱাৰে। শ্ৰীকৃষ্ণৰ সত্যযুগত
যি শৰীৰ আছিল সেয়া আকৌ তাত পাব। সেই আত্মাটিতো এতিয়া ইয়াত আছে। তোমালোকে এতিয়া জানা
আমিয়ে আকৌ সেয়া হ’মগৈ। এই লক্ষ্মী-নাৰায়ণৰ চেহেৰা সঠিক নহয়। আকৌ তেনেকুৱাই চিত্ৰ
আকিঁব। এই কথাবোৰ নতুন কোনেও বুজিব নোৱাৰে। ভালদৰে যেতিয়া কাৰোবাক বুজাবা তেতিয়া
84ৰ চক্ৰক জানিব আৰু বুজিব যথাযথ প্ৰত্যেক জন্মতে নাম, ৰূপ, চেহেৰা আদি বেলেগ বেলেগ
হয়। এতিয়া এয়া হৈছে এওঁৰ অন্তিম 84তম জন্মৰ চেহেৰা সেইকাৰণে নাৰায়ণৰ চেহেৰা প্ৰায়
এনেকুৱাই দেখুৱাইছে। নহ’লে মনুষ্যই বুজিব নোৱাৰিব।
তোমালোক সন্তানসকলে
জানা - মম্মা-বাবাই এই লক্ষ্মী-নাৰায়ণ হয়গৈ। ইয়াততো 5 তত্ত্ব পৱিত্ৰ নহয়। এই শৰীৰ
সকলো পতিত। সত্যযুগত শৰীৰো পৱিত্ৰ হয়। শ্ৰীকৃষ্ণক আটাইতকৈ সুন্দৰ বুলি কয়।
প্ৰাকৃতিক সৌন্দৰ্য থাকে। ইয়াত বিলাতত যদিও বগা বৰণীয়া মনুষ্য আছে কিন্তু তেওঁলোকক
দেৱতা বুলি ক’ব জানো। দৈৱীগুণতো নাই। পিতাই কিমান ভালকৈ বুজায়। এয়া হ’ল উচ্চতকৈও
উচ্চ পঢ়া, যাৰ দ্বাৰা তোমালোকৰ কিমান উচ্চ উপাৰ্জন হয়। প্ৰচুৰ হীৰা-মুকুতা, ধন থাকে।
তাততো হীৰা-মুকুতাৰ মহল আছিল। এতিয়া সেই সকলোবোৰ লোপ হৈ গ’ল। তেন্তে তোমালোক কিমান
ধনৱান হৈ যোৱা। 21 জন্মৰ বাবে সীমাহীন উপাৰ্জন হয়, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিব
লাগে। আত্মা-অভিমানী হ’ব লাগে, আমি আত্মা, এই পুৰণা শৰীৰ এৰি এতিয়া নিজৰ ঘৰলৈ উভতি
যাব লাগে। পিতা এতিয়া লৈ যাবলৈ আহিছে। আমি আত্মাসকলে এতিয়া 84 জন্ম পূৰা কৰিছোঁ,
এতিয়া আকৌ পৱিত্ৰ হ’ব লাগে, পিতাক স্মৰণ কৰিব লাগে। নহ’লে বিনাশৰ সময়, শাস্তি খাই
উভতি যাবা। হিচাপ-নিকাচতো সকলোৱে নিষ্পত্তি কৰিবই লাগিব। ভক্তিমাৰ্গত কাশীত গৈ
জীৱঘাত কৰিছিল তেতিয়াও কোনেও মুক্তি নাপালে। সেয়া হ’ল ভক্তিমাৰ্গ, এয়া হ’ল
জ্ঞানমাৰ্গ। ইয়াত জীৱঘাত কৰাৰ দৰকাৰ নাথাকে। সেয়া হ’ল জীৱ-ঘাত। তথাপি ভাৱনা থাকে
যাতে মুক্তি পায় সেইকাৰণে পাপৰ হিচাপ-নিকাচ নিষ্পত্তি হৈ পুনৰ আৰম্ভ হয়। এতিয়াতো
কাশীত গৈ জীৱঘাত কৰাৰ কাচিৎহে কোনোবাই সাহস কৰে। বাকী মুক্তি বা জীৱনমুক্তি পাব
নোৱাৰে। পিতাৰ বাহিৰে জীৱনমুক্তি কোনেও দিব নোৱাৰে। আত্মাসকল আহি থাকে আকৌ উভতি
কেনেকৈ যাব? পিতাহে আহি সকলোৰে সৎগতি কৰি উভতাই লৈ যাব। সত্যযুগত বহুত কম মনুষ্য
থাকে। আত্মাতো কেতিয়াও বিনাশ নহয়। আত্মা অবিনাশী, শৰীৰ বিনাশী। সত্যযুগত আয়ুস
দীঘলীয়া হয়। দুখৰ কথা নাই। এটা শৰীৰ এৰি আন এটি লয়। যেনেকৈ সাপৰ দৃষ্টান্ত আছে, তাক
মৰা বুলি কোৱা নহয়। দুখৰ কথা নাই। এইটো বুজি পায় যে এতিয়া সময় পূৰা হ’ল, এইটো শৰীৰ
এৰি অন্য এটা ল’ম। তোমালোক সন্তানসকলে এই শৰীৰৰ পৰা উপৰাম হোৱাৰ অভ্যাস ইয়াতেই কৰিব
লাগে। আমি আত্মা, এতিয়া আমি ঘৰলৈ যাব লাগে আকৌ নতুন সৃষ্টিলৈ আহিম, নতুন শৰীৰ ল’ম,
এইটো অভ্যাস কৰা। তোমালোকে জানা যে আত্মাই 84টা শৰীৰ ধাৰণ কৰে। মনুষ্যই আকৌ 84 লাখ
বুলি কৈ দিছে। পিতাৰ কাৰণেতো আকৌ গণনাতীত পাথৰ শিলগুটি সকলোতে আছে বুলি কৈ দিয়ে।
ইয়াকে ধৰ্মৰ গ্লানি বুলি কোৱা হয়। মনুষ্য স্বচ্ছ বুদ্ধিৰ পৰা তুচ্ছ বুদ্ধিৰ হৈ যায়।
এতিয়া পিতাই তোমালোকক স্বচ্ছ বুদ্ধিৰ কৰি তোলে। স্মৃতিৰে স্বচ্ছ হৈ যোৱা। পিতাই কয়
- এতিয়া নৱযুগ আহি আছে, তাৰ লক্ষণ এই মহাভাৰতৰ যুদ্ধ। এয়া সেয়াই ক্ষেপণাস্ত্ৰৰ
যুদ্ধ, যাৰ দ্বাৰা অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল, তেন্তে নিশ্চয়
ভগৱানেই হ’ব নহয়। শ্ৰীকৃষ্ণ ইয়ালৈ কেনেকৈ আহিব পাৰে? জ্ঞানৰ সাগৰ নিৰাকাৰ নে
শ্ৰীকৃষ্ণ? শ্ৰীকৃষ্ণৰ এই জ্ঞানেই নাথাকিব। এই জ্ঞানেই লোপ হৈ যায়। তোমালোকৰো আকৌ
ভক্তিমাৰ্গত চিত্ৰ তৈয়াৰ কৰিব। তোমালোক পূজ্যসকলেই পূজাৰী হোৱা, কলা কম হৈ যায়।
আয়ুসো কম হৈ গৈ থাকে কিয়নো ভোগী হৈ যোৱা। তাত হৈছে যোগী। এনেকুৱা নহয় যে কাৰোবাৰ
স্মৃতিত যোগযুক্ত হোৱা। তাত হয়েই পৱিত্ৰ। শ্ৰীকৃষ্ণকো যোগেশ্বৰ বুলি কয়। এই সময়ত
শ্ৰীকৃষ্ণৰ আত্মাই পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি আছে। শ্ৰীকৃষ্ণৰ আত্মা এই সময়ত যোগেশ্বৰ
হয়, সত্যযুগত যোগেশ্বৰ বুলি নক’ব। তাততো ৰাজকুমাৰ হয়। গতিকে তোমালোকৰ শেষলৈ এনেকুৱা
অৱস্থা হোৱা উচিত যাতে একমাত্ৰ পিতাৰ বাহিৰে আন কোনো শৰীৰৰ স্মৃতি নাথাকে। শৰীৰৰ পৰা
আৰু পুৰণি সৃষ্টিৰ পৰা মমত্ব যাতে নোহোৱা হৈ যায়। সন্ন্যাসী পুৰণি সৃষ্টিতেই থাকে
কিন্তু ঘৰ-সংসাৰৰ প্ৰতি মমত্ব আঁতৰাই দিয়ে। ব্ৰহ্মক ঈশ্বৰ বুলি ভাবি তাৰ সৈতে
যোগসূত্ৰ গঢ়ে। নিজকে ব্ৰহ্মজ্ঞানী, তত্ত্বজ্ঞানী বুলি কয়। ভাবে যে আমি ব্ৰহ্মত লীন
হৈ যাম। পিতাই কয় এই সকলোবোৰ ভুল। শুদ্ধতো মই হওঁ, মোকেই সত্য বুলি কোৱা হয়।
সেইকাৰণে পিতাই বুজায়
- স্মৃতিৰ যাত্ৰা বহুত দৃঢ় হ’ব লাগে। জ্ঞানতো অতি সহজ। আত্মা-অভিমানী হ’বলৈয়ে
পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয় - কাৰো দেহ যাতে স্মৃতিলৈ নাহে, এয়া হ’ল ভূতৰ স্মৃতি,
ভূত পূজা। মইতো অশৰীৰী, তোমালোকে মোক স্মৰণ কৰিব লাগে। এই দুচকুৰে দেখিও বুদ্ধিৰে
পিতাক স্মৰণ কৰা। পিতাৰ নিৰ্দেশনা অনুসৰি চলা তেতিয়া ধৰ্মৰজাৰ শাস্তিৰ পৰা ৰক্ষা
পাবা। পৱিত্ৰ হ’লে শাস্তি শেষ হৈ যাব, বহুত উচ্চ লক্ষ্য। প্ৰজা হোৱাতো সহজ, তাৰ
ভিতৰতো চহকী প্ৰজা, গৰিব প্ৰজা কি কি হ’ব পাৰা, সকলো বুজায়। অন্তিমত তোমালোকৰ
বুদ্ধিৰ যোগসূত্ৰ পিতা আৰু ঘৰৰ সৈতে থাকিব লাগে। যেনেকৈ ভাৱৰীয়াৰ নাটকত ভূমিকা শেষ
হ’লে তেতিয়া বুদ্ধি ঘৰলৈ গুচি যায়। এয়া হ’ল বেহদৰ কথা। সেয়া হৈছে হদৰ (সীমিত) আমদানি,
এয়া হ’ল বেহদৰ (অসীমিত) আমদানি। ভাল ভাৱৰীয়াৰ আমদানিও বহুত নহয় জানো। সেয়েহে পিতাই
কয় - গৃহস্থালিত থাকিও বুদ্ধিযোগ তাত লগাব লাগে। লৌকিকত সেয়া ইজন-সিজনৰ
প্ৰেমিক-প্ৰেমিকা হয়। ইয়াততো সকলো প্ৰেমিকা এজন প্ৰেমিকৰ। তেওঁকেই সকলোৱে স্মৰণ কৰে।
আচৰিত পথিক নহয়নে। এই সময়ত সকলো দুখৰ পৰা মুক্ত কৰি সৎগতিত লৈ যাবলৈ আহিছে। তেওঁক
কোৱা হয় প্ৰকৃত প্ৰেমিক। সেইসকল ইজন-সিজনৰ শৰীৰৰ প্ৰেমত পৰে, বিকাৰৰ কথা নাই। তাক
কোৱা হ’ব দেহ-অভিমানৰ যোগ। সেয়া ভূতৰ স্মৃতি হৈ গ’ল। মনুষ্যক স্মৰণ কৰা মানে 5 ভূতক,
প্ৰকৃতিক স্মৰণ কৰা। পিতাই কয় - প্ৰকৃতিক পাহৰি মোক স্মৰণ কৰা, পৰিশ্ৰম কৰিবলগীয়া
হয় আকৌ দৈৱীগুণো লাগে। কাৰোবত্ৰ ওপৰত প্ৰতিশোধ লোৱা, এইটোও আসুৰি গুণ। সত্যযুগত
এটাই ধৰ্ম থাকে, প্ৰতিশোধৰ কথা নাই। সেয়া হৈছেই অদ্বৈত দেৱতা ধৰ্ম যিটো শিৱবাবাৰ
বাহিৰে কোনেও প্ৰতিষ্ঠা কৰিব নোৱাৰে। সূক্ষ্মলোকবাসী দেৱতাসকলক ফৰিস্তা বুলি কোৱা
হ’ব। এই সময়ত তোমালোক হৈছা ব্ৰাহ্মণ তাৰপাছত ফৰিস্তা হ’বাগৈ। আকৌ ঘৰলৈ উভতি যাবা
পুনৰ নতুন সৃষ্টিলৈ আহি দৈৱীগুণ সম্পন্ন মনুষ্য অৰ্থাৎ দেৱতা হ’বা। এতিয়া শূদ্ৰৰ পৰা
ব্ৰাহ্মণ হোৱা। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নহ’লে তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা।
এয়া হ’ল প্ৰজাপিতা ব্ৰহ্মা আৰু মম্মা, এওঁলোকেই আকৌ লক্ষ্মী-নাৰায়ণ হয়। এতিয়া চোৱা
তোমালোকক জৈনসকলে কয় - আমাৰ জৈন ধৰ্ম সকলোতকৈ পুৰণা। এতিয়া বাস্তৱত মহাবীৰ বুলিতো
আদি দেৱ ব্ৰহ্মাকহে কয়। ব্ৰহ্মাই হয়, কিন্তু কোনোবা জৈন মুনি আহিল আৰু তেওঁলোকে
মহাবীৰ নাম ৰাখি দিলে। এতিয়া তোমালোক সকলো মহাবীৰ নোহোৱা জানো। মায়াৰ ওপৰত বিজয়ী হৈ
আছা। তোমালোক সকলো বাহাদুৰ হৈ যোৱা। প্ৰকৃত মহাবীৰ-মহাবীৰঙ্গনা তোমালোক হোৱা।
তোমালোকৰ নাম হ’ল শিৱ শক্তি, সিংহৰ ওপৰত আৰোহণ কৰা, আৰু মহাৰথীসকল হাতীৰ ওপৰত।
তথাপিও পিতাই কয় - বহুত উচ্চ লক্ষ্য। এজন পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব, আৰু
কোনো মাৰ্গ নাই। যোগবলেৰে তোমালোকে বিশ্বত ৰাজ্য কৰা। আত্মাই কয়, মই এতিয়া ঘৰলৈ যাব
লাগে, এইখন পুৰণি সৃষ্টি, এয়া হ’ল বেহদৰ সন্ন্যাস। গৃহস্থালিত থাকি পৱিত্ৰ হ’ব লাগে
আৰু চক্ৰক বুজি পালে চক্ৰৱৰ্তী ৰজা হৈ যাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ধৰ্মৰজাৰ
শাস্তিৰ পৰা ৰক্ষা পাবৰ কাৰণে কাৰো শৰীৰক স্মৰণ কৰিব নালাগে, এই দুচকুৰে সকলো দেখিও
একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে, অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। পাৱন হ’ব লাগে।
(2) মুক্তি আৰু
জীৱনমুক্তিৰ মাৰ্গ সকলোকে দেখুৱাব লাগে। এতিয়া নাটক পূৰা হ’ল – ঘৰলৈ যাব লাগে - এইটো
স্মৃতিৰে বেহদৰ (সীমাহীন) আমদানি জমা কৰিব লাগে।
বৰদান:
এক চেকেণ্ডৰ
বাজীৰে গোটেই কল্পৰ ভাগ্য গঢ়োঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা
এই সংগমৰ সময়ৰ বৰদান
প্ৰাপ্ত হৈছে যি বিচৰা, যেনেকুৱা বিচৰা, যিমান বিচৰা সিমান ভাগ্য গঢ়িব পাৰা কিয়নো
ভাগ্য বিধাতা পিতাই ভাগ্য গঢ়াৰ চাবি সন্তানসকলৰ হাতত দিছে। শেষৰ গৰাকীয়েও তীব্ৰগতিৰে
গৈ প্ৰথম স্থানত আহিব পাৰে। কেৱল সেৱাৰ বিস্তাৰত নিজৰ স্থিতি চেকণ্ডত সাৰ স্বৰূপ কৰি
তোলাৰ অভ্যাস কৰা। এতিয়াই যদি নিৰ্দেশনা পোৱা যে চেকেণ্ডত মাষ্টৰ বীজ হৈ যোৱা তেতিয়া
যাতে সময় নালাগে। এক চেকেণ্ডৰ বাজীৰে গোটেই কল্পৰ ভাগ্য গঢ়িব পাৰা।
স্লোগান:
দ্বৈত সেৱাৰ দ্বাৰা বায়ুমণ্ডল শক্তিশালী কৰি তোলা তেতিয়া প্ৰকৃতি দাসী হৈ যাব।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
অনেক বৃক্ষৰ ডাল এতিয়া
এডালেই চন্দনৰ বৃক্ষ হৈ গ’ল। মনুষ্যই কয় - দুই চাৰিগৰাকী মাতাও একেলগে থাকিব নোৱাৰে
আৰু এতিয়া মাতাসকলে গোটেই বিশ্বত একতা স্থাপনা কৰাৰ নিমিত্ত হৈছে। মাতাসকলেই
ভিন্নতাত একতা আনিছে। দেশ ভিন্ন, ভাষা ভিন্ন ভিন্ন, সংস্কৃতি ভিন্ন ভিন্ন কিন্তু
তোমালোকে ভিন্নতাক একতাত লৈ আনিছা।