04.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোকে পুৰুষোত্তম হ'বলৈ পুৰুষাৰ্থ কৰা, পুৰুষোত্তম হৈছে দেৱতাসকল, কিয়নো তেওঁলোক হৈছে পাৱন, তোমালোক পাৱন হৈ আছা”

প্ৰশ্ন:
বেহদৰ পিতাই তোমালোক সন্তানসকলক শৰণ কিয় দিছে?

উত্তৰ:
কিয়নো আমি সকলো আৱৰ্জনাৰ পাত্ৰত পৰি আছিলোঁ। পিতাই আমাক আৱৰ্জনাৰ পাত্ৰৰ পৰা উলিয়াই ফুলৰ দৰে কৰি তোলে। আসুৰি গুণধাৰীসকলক দৈৱী গুণেৰে গুণৱান কৰি তোলে। ড্ৰামা অনুসৰি পিতা আহি আমাক আৱৰ্জনাৰ পৰা উলিয়াই তুলি লৈ নিজৰ কৰি লৈছে।

গীত:
য়হ কৌন আয়া আজ সৱেৰে সৱেৰে….. (এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে…)

ওঁম্শান্তি।
ৰাতিক দিন কৰিবলৈ পিতা আহিবলগীয়া হয়। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতা আহিছে। আগতে আমি শূদ্ৰ বৰ্ণৰ আছিলোঁ, শূদ্ৰ বুদ্ধি আছিল। ‘বৰ্ণ’ৰ চিত্ৰখনো বুজাবলৈ বহুত ভাল। সন্তানসকলে জানে আমি এই বৰ্ণবোৰত কেনেকৈ পৰিক্ৰমা লগাওঁ। এতিয়া আমাক পৰমপিতা পৰমাত্মাই শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তুলিছে। কল্পই কল্পই, কল্পৰ সংগমযুগত আমি ব্ৰাহ্মণ হওঁ। ব্ৰাহ্মণক পুৰুষোত্তম বুলি কোৱা নহ’ব। পুৰুষোত্তম বুলিতো দেৱতাসকলক কোৱা হ’ব। ব্ৰাহ্মণে ইয়াত পুৰুষোত্তম হ'বৰ বাবে পুৰুষাৰ্থ কৰে। পতিতৰ পৰা পাৱন হ'বৰ বাবেই পিতাক আহ্বান জনায়। গতিকে নিজক সুধিব লাগে যে মই কিমানলৈ পৱিত্ৰ হৈছোঁ? বিদ্যাৰ্থীয়েও পঢ়াক লৈ বিচাৰ সাগৰ মন্থন নকৰে জানো। এইটো বুজি পায় যে এই পঢ়াৰ দ্বাৰা মই এয়া হ'মগৈ। তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো আছে যে এতিয়া আমি দেৱতা হ'বৰ বাবে ব্ৰাহ্মণ হৈছোঁ। এয়া হৈছে অমূল্য জীৱন কিয়নো তোমালোক ঈশ্বৰীয় সন্তান হোৱা। ঈশ্বৰে তোমালোকক ৰাজযোগ শিকাই আছে, পতিতৰপৰা পাৱন কৰি আছে। পৱিত্ৰ দেৱতা হোৱাগৈ। বৰ্ণৰ ওপৰত বুজাবলৈ বহুত ভাল। সন্ন্যাসী আদিয়ে এই কথাবোৰক মান্যতা নিদিয়ে। বাকী 84 জন্মৰ হিচাপ বুজিব পাৰে। এইটোও বুজিব পাৰে যে আমি সন্ন্যাস ধৰ্মাৱলম্বীসকলে 84 জন্ম নলওঁ। ইছলাম, বৌদ্ধ ধৰ্মাৱলম্বীসকলেও বুজিব যে তেওঁলোকে 84 জন্ম নলয়। অৱশ্যে পুনৰ্জন্ম লয়। কিন্তু কম। তোমালোকে বুজালে তৎক্ষণাৎ বুজি পাব। বুজাবলৈও যুক্তি লাগে। তোমালোক সন্তানসকল ইয়াত সন্মুখত বহি আছা গতিকে বাবাই বুদ্ধি সজীৱ কৰে, যেনেকৈ অন্য সন্তানসকলো ইয়ালৈ সজীৱ হ'বৰ বাবে আহে। তোমালোককতো নিতৌ বাবাই সজীৱ কৰে যে এয়া ধাৰণা কৰা। বুদ্ধিত এইটো খেয়ালেই চলি থাকিব লাগে যে আমি 84 জন্ম কেনেকৈ লওঁ? কেনেকৈ শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছোঁ? ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ। এতিয়া ব্ৰহ্মা ক'ৰ পৰা আহিল? পিতাই বহি বুজায় - মই এওঁৰ নাম ব্ৰহ্মা ৰাখোঁ। এয়া যি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী আছে এয়া পৰিয়াল হৈ গ’ল। তেন্তে নিশ্চয় তোলনীয়া হয়। পিতাইহে তুলি ল’ব। তেওঁক পিতা বুলি কোৱা হয়, দাদা নহয়। পিতাক পিতা বুলিয়েই কোৱা হয়। সম্পত্তি পিতাৰ পৰাই পোৱা যায়। কোনোবা খুড়া, মামা বা একে জাতিৰ হ’লেও এড’পট কৰে। যেনেকৈ পিতাই শুনাইছিল যে এগৰাকী কন্যা সন্তান আৱৰ্জনাৰ পাত্ৰত পৰি আছিল, তাইক কোনোবাই উঠাই আন কাৰোবাৰ কোলাত দিলেগৈ কিয়নো তেওঁলোকৰ নিজৰ সন্তান নাছিল। গতিকে সন্তানটি যাৰ কোলাতেই গ’ল তেওঁলোককেই মম্মা-বাবা বুলি ক’বলৈ আৰম্ভ কৰিব নহয় জনো। এয়া আকৌ হৈছে বেহদৰ কথা। তোমালোক সন্তানসকলো যেন বেহদৰ আৱৰ্জনাৰ পাত্ৰত পৰি আছিলা। বিষয় বৈতৰণী নদীত পৰি আছিলা। কিমান লেতৰা হৈ গৈছিলা। ড্ৰামা অনুসৰি পিতা আহি এই আৱৰ্জনাৰ পৰা উলিয়াই তোমালোকক এড’প্ট কৰিছে। তমোপ্ৰধানকতো আৱৰ্জনা বুলিয়েই কোৱা হ’ব। আসুৰি গুণধাৰী মনুষ্য হৈছে দেহ-অভিমানী। কাম, ক্ৰোধো বহুত ডাঙৰ বিকাৰ নহয় জানো। গতিকে তোমালোক ৰাৱণৰ বিশাল ৰিফিউজত (আৱৰ্জনাৰ মাজত) পৰি আছিলা। আচলতে তোমালোক ৰিফিউজীও (শৰণাৰ্থীও) হোৱা। এতিয়া তোমালোকে বেহদৰ পিতাৰ শৰণ লৈছা, ৰিফিউজৰ (আৱৰ্জনাৰ) পৰা ওলাই গুল গুল (ফুলৰ দৰে) দেৱতা হ'বলৈ। এই সময়ত গোটেই সৃষ্টি ৰিফিউজৰ (আৱৰ্জনাৰ) পাত্ৰত পৰি আছে। পিতা আহি তোমালোক সন্তানসকলক ৰিফিউজৰ (আৱৰ্জনাৰ) পৰা উলিয়াই নিজৰ কৰি লয়। কিন্তু আৱৰ্জনাৰ মাজত থাকোঁতাসকল এনেকৈ অভ্যস্ত হৈ গৈছে যে উলিয়াই আনিলেও আকৌ আৱৰ্জনাই ভাল পায়। পিতা আহি বেহদৰ আৱৰ্জনা পৰা উলিয়াই আনে। আহ্বানো কৰে যে বাবা আহি আমাক গুল গুল (ফুলৰ দৰে) কৰি তোলা। কাঁইটৰ জগতৰ পৰা উলিয়াই ফ্লাৱাৰ (ফুল) কৰি তোলা। খোদাৰ (ভগৱানৰ) বাগিছাত বহুওৱা। এতিয়া অসুৰৰ জংঘলত পৰি আছা। পিতাই তোমালোক সন্তানসকলক গাৰ্ডেনলৈ (ফুলৰ বাগিছালৈ) লৈ যায়। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা আকৌ দেৱতা হ'বাগৈ। এইখন দেৱতাসকলৰ ৰাজধানী। ব্ৰাহ্মণসকলৰ ৰাজ্য নাথাকে। যদিও নাম পাণ্ডৱ কিন্তু পাণ্ডৱৰ ৰাজ্য নাই। ৰাজ্য প্ৰাপ্তিৰ বাবে পিতাৰ লগত বহি আছা। বেহদৰ ৰাতি এতিয়া পূৰা হৈ বেহদৰ দিন আৰম্ভ হ'ব। গীত শুনিছা নহয় – ৰাতিপুৱাতে কোন আহিল…. ৰাতিপুৱাতে আহে ৰাতি দূৰ কৰি দিন কৰিবলৈ অৰ্থাৎ স্বৰ্গৰ স্থাপনা আৰু নৰকৰ বিনাশ কৰিবলৈ। এইটোও বুদ্ধিত থাকিলে আনন্দিত হ’বা। যিসকল নতুন সৃষ্টিত উচ্চ পদ পাবলগীয়া আছে তেওঁলোকে কেতিয়াও নিজৰ আসুৰি স্বভাৱ নেদেখুৱাব। যি যজ্ঞৰ দ্বাৰা ইমান উচ্চ হয় সেই যজ্ঞৰ বহুত মৰমেৰে সেৱা কৰিব। এনেকুৱা যজ্ঞততো হাড়ো উৎসৰ্গিত কৰিব লাগে। নিজকে চাব লাগে – এই চলনেৰে মই উচ্চ পদ কেনেকৈ পাম! অবুজ সৰু শিশুতো নহয়। বুজিব পাৰে - ৰজা কেনেকৈ, প্ৰজা কেনেকৈ হয়? বাবাই ৰথো অনুভৱী লৈছে। যিয়ে ৰজা আদিক ভালকৈ জানে। ৰজাসকলৰ দাস-দাসীসকলেও বহুত সুখ লাভ কৰে। তেওঁলোকতো ৰজাসকলৰ লগতে থাকে। কিন্তু দাস-দাসী বুলিয়েতো ক’ব। সুখতো আছে নহয় জানো। ৰজা-ৰাণীয়ে যি খাব তেওঁলোকেও সেয়া পাব। বাহিৰৰ লোকে জানো খাব পাৰিব। দাসীসকলৰ ভিতৰতো ক্ৰমানুসৰি থাকে। কোনোবা শোভিত কৰোঁতা, কোনোৱা সন্তানৰ তত্ত্বাৱধান লওঁতা, কোনোবা ঝাৰু আদি দিওঁতা। ইয়াৰ ৰজাসকলৰ ইমান দাস-দাসী আছে, তেন্তে তাত কিমান অনেক থাকিব। সকলোৰে বেলেগ বেলেগ নিজৰ নিজৰ কৰ্তব্য থাকে। থকা ঠাই বেলেগ হ'ব। তেওঁলোক কোনো ৰজা-ৰাণীৰ নিচিনাকৈ সুশোভিত হৈ নাথাকিব। যেনেকৈ চাৰ্ভেণ্ট কোৱাটাৰ (চাকৰৰ বাসগৃহ) নাথাকে জানো। ভিতৰলৈ নিশ্চয় আহিব কিন্তু থাকিব চাৰ্ভেণ্ট কোৱাটাৰত। গতিকে পিতাই ভালদৰে বুজায় যে নিজৰ ওপৰত দয়া কৰা। মই যাতে উচ্চতকৈ উচ্চ হওঁ। মই এতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছোঁ। অতি সৌভাগ্যৰ কথা। আকৌ দেৱতা হ'মগৈ। এই সংগমযুগ বহুত কল্যাণকাৰী হয়। তোমালোকৰ প্ৰতিটো কথাতে কল্যাণ নিহিত হৈ আছে। ৰন্ধনশালতো যোগযুক্ত হৈ ভোজন ৰান্ধিলে তাতো বহুতৰে কল্যাণ নিহিত হৈ আছে। শ্ৰীনাথ দ্বাৰত একেবাৰে চাইলেন্সত (মৌনতাৰে) ভোজন ৰান্ধে। শ্ৰীনাথেই স্মৃতিত থাকে। ভক্তসকল নিজৰ ভক্তিত একেবাৰে মগ্ন হৈ থাকে। তোমালোক আকৌ জ্ঞানত মগ্ন হৈ থাকিব লাগে। কৃষ্ণৰ এনেকুৱা ভক্তি কৰা হয়, সেই কথা নুসুধিবাই। বৃন্দাবনত দুগৰাকী কন্যা আছে, সম্পূৰ্ণ ভক্ত, এনেকৈ কয় যে আমি ইয়াতেই থাকিম। ইয়াতেই শৰীৰ ত্যাগ কৰিম, কৃষ্ণৰ স্মৃতিত। তেওঁলোকক বহুত কোৱা হয় যে ভাল ঘৰত গৈ থাকা, জ্ঞান লোৱা, তেওঁলোকে কয় যে আমিতো ইয়াতেই থাকিম। গতিকে তেওঁলোকক কোৱা হয় ভক্ত শিৰোমণি। কৃষ্ণৰ প্ৰতি কিমান সমৰ্পিত হৈ যায়। এতিয়া তোমালোক পিতাৰ প্ৰতি সমৰ্পিত হ'ব লাগে। পোন-প্ৰথমে আৰম্ভণিতে শিৱবাবাৰ প্ৰতি কিমান সমৰ্পিত হ’ল। অনেক আহিল। যেতিয়া ইণ্ডিয়ালৈ (ভাৰতলৈ) আহিল তেতিয়া বহুতৰে নিজৰ ঘৰ-সংসাৰ স্মৃতিলৈ আহিব ধৰিলে। কিমান গুছি গ'ল। গ্ৰহচাৰী (গ্ৰহৰ প্ৰভাৱ)তো বহুতৰ ওপৰত পৰে নহয় জানো। কেতিয়াবা কেনেকুৱা দশা, কেতিয়াবা কেনেকুৱা দশা চলে। বাবাই বুজাইছে যে কোনোবা আহিলে তেতিয়া কোৱা যে ক'লৈ আহিছে? বাহিৰত বোৰ্ড দেখিলোঁ - ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী। এয়াতো পৰিয়াল নহয় জানো। এজন হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মা। দ্বিতীয়তে আকৌ প্ৰজাপিতা ব্ৰহ্মাৰো গায়ন কৰা হৈছে। এয়া সকলো তেওঁৰ সন্তান, দাদা (ককা) হৈছে শিৱবাবা। উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়। তেওঁ ৰায় দিয়ে - মোক স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। কল্পৰ আগতেও এনেকুৱা ৰায় দিছিল। এয়া কিমান উচ্চ পঢ়া। এইটোও তোমালোকৰ বুদ্ধিত আছে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ।

তোমালোক সন্তানসকলে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়ি আছা। তোমালোকে নিশ্চয় দৈৱীগুণ ধাৰণ কৰিব লাগে। তোমালোকৰ খোৱা-বোৱা, কথা-বাৰ্তা, চলন কিমান ৰয়েল (মাৰ্জিত) হোৱা উচিত। দেৱতাসকলে কিমান কমকৈ খায়। তেওঁলোকৰ কোনো লালসা (লোভ) থাকে জানো। 36 প্ৰকাৰৰ ভোজন তৈয়াৰ হয়, কিমান কমকৈ খায়। খোৱা-বোৱাৰ প্ৰতি লালসা ৰখা - ইয়াকো আসুৰি চলন বুলি কোৱা হয়। দৈৱীগুণ ধাৰণ কৰিব লাগে গতিকে খোৱা-বোৱা বহুত শুদ্ধ আৰু সাধাৰণ হোৱা উচিত। কিন্তু মায়াও এনেকুৱা যে একেবাৰে পাথৰ বুদ্ধিৰ কৰি দিয়ে তেতিয়া পদো তেনেকুৱাই পাব। পিতাই কয় - নিজৰ কল্যাণ কৰিবলৈ দৈৱীগুণ ধাৰণ কৰিবা। যথা ৰীতি পঢ়িলে, আনকো পঢ়ালে তেতিয়া তোমালোকেই পুৰস্কাৰ পাবা। পিতাই নিদিয়ে, তোমালোকে নিজৰ পুৰুষাৰ্থৰ দ্বাৰা পোৱা। নিজক চাব লাগে কিমানলৈ মই সেৱা কৰোঁ? মই কি হ'মগৈ? এই সময়ত শৰীৰ এৰিবলগীয়া হ’লে কি পাম? বাবাক কোনোবাই সুধিলে বাবাই তৎক্ষণাৎ কৈ দিব যে এনেকুৱা এক্টিভিটিৰ (কৰ্ম কাণ্ডৰ) পৰা বুজা যায় যে এওঁ অমুক পদ পাব। পুৰুষাৰ্থ যদি নকৰেই তেন্তে কল্প-কল্পান্তৰৰ বাবে নিজৰ লোকচান কৰি দিয়ে। ভাল সেৱা কৰাসকলে নিশ্চয় ভাল পদ পাব। ভিতৰি গম পোৱা যায় যে এওঁ গৈ দাস-দাসী হ'ব। বাহিৰৰ পৰা ক’ব নোৱাৰি। স্কুলতো ষ্টুডেণ্টে বুজি পায় যে মই চিনিয়ৰ হ'ম নে জুনিয়ৰ? ইয়াতো এনেকুৱা। যিসকল চিনিয়ৰ হ’ব তেওঁলোক ৰজা-ৰাণী হ'বগৈ, জুনিয়ৰসকলে কম পদ পাব। চহকীসকলৰ মাজতো চিনিয়ৰ বা জুনিয়ৰ থাকিব। দাস-দাসীসকলৰ মাজতো চিনিয়ৰ আৰু জুনিয়ৰ থাকিব। চিনিয়ৰসকলৰ মৰ্যাদা উচ্চ হয়। ঝাৰু লগোৱা দাসীৰো কেতিয়াবা মহলৰ ভিতৰলৈ অহাৰ অনুমতি নাথাকে। এই সকলো কথা তোমালোক সন্তানসকলে ভালদৰে বুজিব পাৰা। পাচলৈ আৰু বুজি গৈ থাকিবা। উচ্চ কৰি তোলোঁতাসকলৰ আকৌ ৰিগাৰ্ডো ৰাখিব লাগে। কুমাৰকালৈ (প্ৰকাশমণি দাদী) চোৱা, তেওঁ চিনিয়ৰ হয় গতিকে তেওঁক ৰিগাৰ্ড দিয়া উচিত।

পিতাই সন্তানসকলৰ মনোযোগ আকৰ্ষণ কৰায় - যিসকল মহাৰথী সন্তান আছে, তেওঁলোকক ৰিগাৰ্ড দিবা। ৰিগাৰ্ড নিদিলে তেতিয়া নিজৰ ওপৰত পাপৰ বোজা বাঢ়ি যায়। এই সকলোবোৰ কথাৰ প্ৰতি পিতাই মনোযোগ আকৰ্ষণ কৰায়। ক্ৰমানুসৰি কাক কেনেকৈ ৰিগাৰ্ড দিয়া উচিত সেই ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। পিতাইতো সকলোকে জানে নহয় জানো। কাৰোবাক কৈ দিলে ট্ৰেইট’ৰ (বিশ্বাসঘাতক) হ'বলৈ দেৰি নকৰিব। আকৌ কুমাৰীসকল, মাতাসকলৰ ওপৰতো বান্ধোন আহি যায়। কষ্ট সহ্য কৰিবলগীয়া হয়। বেছিভাগ ক্ষেত্ৰত মাতাসকলেই লিখে - বাবা এওঁ মোক বহুত অশান্তি দিয়ে, মই কিকৰোঁ? হেৰ’, তুমি জানোৱাৰ (জন্তু) নেকি যে জৱৰদস্তি কৰিব। ভিতৰি অন্তৰে বিচাৰে সেইবাবে সোধা যে কি কৰোঁ! এই ক্ষেত্ৰততো সোধাৰো কথা নাই। আত্মা নিজৰে মিত্ৰ, নিজৰে শত্ৰু। যি বিচৰা তাকে কৰা। সোধা মানে অন্তৰৰ ইচ্ছা আছে। মুখ্য কথা হৈছেই স্মৃতিত থকা। স্মৰণেৰেই তোমালোক পাৱন হ’বাগৈ। এই লক্ষ্মী-নাৰায়ণ নাম্বাৰ ৱান (এক নম্বৰ) পাৱন নহয় জানো। মম্মাই কিমান সেৱা কৰিছিল। এনেকৈতো কোনেও ক’ব নোৱাৰে যে মই মম্মাতকৈও পাকৈত হওঁ। মম্মা জ্ঞানত সকলোতকৈ তীক্ষ্ণ আছিল। যোগৰ অভাৱ বহুতৰে আছে। স্মৃতিত থাকিব নোৱাৰে। যদি স্মৰণ নকৰা তেন্তে বিকৰ্ম কেনেকৈ বিনাশ হ’ব! বিধিয়ে কয় অন্তিম সময়ত পিতাৰ স্মৃতিত থাকিয়েই শৰীৰ ত্যাগ কৰিব লাগে। শিৱবাবাৰ স্মৃতিতে যাতে প্ৰাণ শৰীৰৰ পৰা ওলায়। এজন পিতাৰ বাহিৰে যাতে অন্য কোনো স্মৃতিলৈ নাহে। ক’তো যাতে আসক্তি নাথাকে। এইটো প্ৰেক্টিচ (অভ্যাস) কৰিবলগীয়া হয়, আমি অশৰীৰী হৈ আহিছিলোঁ আকৌ অশৰীৰী হৈ যাব লাগিব। সন্তানসকলক বাৰে বাৰে বুজাই থাকে। বহুত মিঠা (মধুৰ) হ’ব লাগে। দৈৱীগুণো থকা উচিত। দেহ-অভিমানৰ ভূত থাকে নহয়। নিজৰ ওপৰত বহুত ধ্যান ৰাখিব লাগে। বহুত মৰমেৰে চলিব লাগে। পিতাক স্মৰণ কৰিবা আৰু চক্ৰক স্মৰণ কৰিবা। চক্ৰৰ ৰহস্য কাৰোবাক বুজালে তেতিয়াও আচৰিত হৈ যাব। 84 জন্মৰ কথাই কাৰো স্মৃতিত নাথাকে তেনেস্থলত 84 লাখৰ কথা কোনোবাই কেনেকৈ স্মৃতিত আনিব পাৰিব? খেয়ালতো আহিব নোৱাৰে, এই চক্ৰৰ স্মৃতিয়েই বুদ্ধিত ৰাখা সেয়াও অতি সৌভাগ্যৰ কথা। এতিয়া এই নাটক সপূৰ্ণ হ’বৰ হৈছে। পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মা উচিত, বুদ্ধিযোগ শান্তিধাম-সুখধামত থাকিব লাগে। গীতাতো আছে ‘মনমনাভৱ’। কোনো গীতা পাঠ কৰোঁতাই ‘মনমনাভৱ’ৰ অৰ্থ নাজানে। তোমালোক সন্তানসকলে জানা - ভগৱানুবাচ, দেহৰ সকলো সম্বন্ধ এৰি নিজকে আত্মা বুলি বুজা। কোনে ক’লে? কৃষ্ণ জানো ভগৱান হয়। কোনোবাই আকৌ কয় আমিতো শাস্ত্ৰকহে মান্যতা দিওঁ। ভগৱান আহিলে তথাপিও নামানো। যথাযথ শাস্ত্ৰ পঢ়ি থাকে। ভগৱান আহিছে ৰাজযোগ শিকাই আছে, স্থাপনা হৈ আছে, এই শাস্ত্ৰ আদি সকলো হৈছেই ভক্তি মাৰ্গৰ। ভগৱানৰ প্ৰতি নিশ্চয় হ’লে তেতিয়া উত্তৰাধিকাৰ ল’বলৈ লাগি যাব, তেতিয়া ভক্তিও উৰি যাব। কিন্তু যেতিয়া নিশ্চয় হ’ব তেতিয়াহে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেৱতা হ’বৰ কাৰণে বহুত মাৰ্জিত সংস্কাৰ ধাৰণ কৰিব লাগে। খোৱা-বোৱা বহুত শুদ্ধ আৰু সাধাৰণ হ’ব লাগে। লালসা ৰাখিব নালাগে। নিজৰ কল্যাণ কৰিবৰ কাৰণে দৈৱীগুণ ধাৰণ কৰিব লাগে।

(2) নিজৰ ওপৰত ধ্যান ৰাখি, সকলোৰে লগত বৰ মৰম-চেনেহেৰে চলিব লাগে। নিজতকৈ যিসকল জ্যেষ্ঠ তেওঁলোকৰ প্ৰতি সন্মান নিশ্চয় ৰাখিব লাগে। অতি অমায়িক হ’ব লাগে। দেহ-অভিমানত আহিব নালাগে।

বৰদান:
হৈ যোৱা কথাবোৰ দয়াশীল হৈ সমাহিত কৰি লওঁতা শুভ চিন্তক হোৱা

যদি কাৰোবাৰ হৈ যোৱা দুৰ্বলতাৰ কথা কোনোবাই শুনায় তেন্তে শুভ ভাৱনাৰে কাষৰীয়া কৰি লোৱা। ব্যৰ্থ চিন্তন বা দুৰ্বলতাৰ কথা পৰস্পৰ আলোচনা কৰিব নালাগে। হৈ যোৱা কথাক দয়াশীল হৈ সমাহিত কৰি লোৱা। সমাহিত কৰি শুভ ভাৱনাৰে সেই আত্মাটিৰ প্ৰতি মনেৰে সেৱা কৰি থাকা। সংস্কাৰৰ বশীভূত হৈ কিবা ওলোটা কথা ক’লে, কৰিলে বা শুনিলে সেয়া পৰিৱৰ্তন কৰা। এজনৰ পৰা দ্বিতীয়জনলৈ, দ্বিতীয়জনৰ পৰা তৃতীয়জনলৈ এনেকৈ ব্যৰ্থ কথাৰ মালা যাতে হৈ নাযায়। এনেকৈ মনোযোগ দিয়া অৰ্থাৎ শুভ চিন্তক হোৱা।

স্লোগান:
সন্তুষ্টমণি হোৱা তেতিয়া প্ৰভুপ্ৰিয়, লোকপ্ৰিয় আৰু স্বয়ংপ্ৰিয় হৈ যাবা।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ শৰীৰ আৰু আত্মা সংযুক্ত হৈ থাকিলেহে জীৱন। যদি আত্মা শৰীৰৰ পৰা পৃথক হৈ যায় তেতিয়া জীৱন সমাপ্ত হৈ যায়। তেনেকৈ কৰ্মযোগী জীৱন অৰ্থাৎ কৰ্ম যোগ অবিহনে নহয় আৰু যোগ কৰ্ম অবিহনে নহয়। সদায় যাতে সংযুক্ত হৈ থাকে তেতিয়া সফলতা প্ৰাপ্ত হৈ থাকিব।