04.08.24    Avyakt Bapdada     Assame Murli     18.01.2001     Om Shanti     Madhuban


“*“যথাৰ্থ স্মৃতিৰ প্ৰমাণ – যথাৰ্থ স্বৰূপ হৈ শক্তিসমূহৰ দ্বাৰা সকলোৰে প্ৰতিপালন কৰা”*”


আজি সকলোৰে অন্তৰত স্মৃতি উদয় হৈ আছে। বাপদাদাৰ ওচৰতো অমৃতবেলাৰ পৰা স্নেহ আৰু স্মৃতিৰ বিভিন্ন মালাবোৰ চাৰিওফালৰ সন্তানসকলৰ ফালৰ পৰা ডিঙিত ধাৰণ হৈ আছিল। লগতে স্মৃতি আৰু স্নেহৰ অন্তৰৰ গীতো শুনি আছিল। বাপদাদা দুয়োৱে সন্তানসকলক প্ৰতিদানত ভিন্ন ভিন্ন শক্তিৰ, ভিন্ন ভিন্ন বৰদানৰ মালা পিন্ধাই আছিল। এই স্মৃতি দিৱস সাকাৰ জগতৰ মঞ্চত সন্তানসকলক সমৰ্থ স্বৰূপৰ বৰদানৰ দ্বাৰা সন্তানে পিতাক প্ৰত্যক্ষ কৰাৰ বিশেষ দিৱস কিয়নো সাকাৰ ৰূপত সেৱাৰ নিমিত্ত কৰাবৰ বাবে সন্তানসকলক সেৱাৰ মঞ্চ ৰূপী আসনত বহুওৱাৰ আৰু দ্বায়িত্বৰ মুকুট পিন্ধোৱাৰ দিন। সাকাৰ ৰূপত সেৱাৰ নিমিত্ত হোৱাৰ অভিষেক বা তিলক লগোৱাৰ দিৱস। সকলো সন্তান পিতাৰ সহযোগী হৈ নিমিত্ত হৈছে আৰু হৈ থাকিব। বাপদাদায়ো সন্তানসকল সেৱাত উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি যোৱা দেখি হৰ্ষিত হৈ আছে। প্ৰতিগৰাকী সন্তান ক্ৰমানুসৰি সাহস আৰু উৎসাহেৰে আগবাঢ়ি গৈ আছে। গৰিষ্ঠসংখ্যক সন্তান স্মৃতি আৰু সেৱাত ব্ৰতী হৈ থাকে। যেনেকৈ আজিৰ দিনটিত চাৰিওফালৰ সন্তানসকল বিশেষকৈ পিতা ব্ৰহ্মাৰ স্মৃতিত লীন হৈ থাকে, এনেকৈ পিতা ব্ৰহ্মাও বিশেষভাৱে সন্তানসকলৰ স্নেহত লীন হৈ থাকে।

আজি পিতা ব্ৰহ্মাই সন্তানসকলৰ বিশেষত্বসমূহ চাই আছিল। প্ৰতিগৰাকী সন্তানৰ বিশেষত্ব সন্মুখত অহাৰ লগে লগে পিতা ব্ৰহ্মাৰ মুখেৰে এয়াই বাণী উচ্চাৰিত হৈ আছিল - বাঃ সন্তানসকল বাঃ! চাব্বাচ সন্তানসকল চাব্বাচ! আৰু কি হ’ল? যেতিয়া পিতা ব্ৰহ্মাই বাঃ সন্তানসকল বাঃ! চাব্বাচ সন্তানসকল বুলি কৈ আছিল, তেতিয়া সকলো সন্তানৰ নয়নৰ পৰা প্ৰেমৰ গঙ্গা, যমুনা ওলাই আছিল। প্ৰতিগৰাকী সন্তান প্ৰেমৰ নদীত লীন হৈ আছিল। এয়া আছিল সূক্ষ্মলোকৰ দৃশ্য। সাকাৰ জগততো সকলো স্থানৰ নিজা নিজা স্মৃতি আৰু স্নেহৰ দৃশ্য বাপদাদাই দেখিলে। এতিয়া আগলৈ কি কৰিব লাগে? স্মৃতিতো থাকে কিন্তু যথাৰ্থ স্মৃতিৰ প্ৰমাণ হৈছে স্মৃতিৰ দ্বাৰা সমৰ্থ স্বৰূপ হোৱা। স্মৃতি অতি শ্ৰেষ্ঠ, যেতিয়াই ব্ৰাহ্মণ হ’লা তেতিয়া বাপদাদাৰ দ্বাৰা যি জন্ম সিদ্ধ অধিকাৰ প্ৰাপ্ত কৰিলা, সেয়া চেকেণ্ডৰ স্মৃতিৰ দ্বাৰাই প্ৰাপ্ত কৰিলা। অন্তৰে জানিলে, অন্তৰত, মন, বুদ্ধিত স্মৃতি উদয় হ’ল “মই বাবাৰ আৰু বাবা মোৰ”, এই স্মৃতিৰ দ্বাৰাই জন্মসিদ্ধ অধিকাৰৰ অধিকাৰী হ’লা। এই স্মৃতি সৰ্বশক্তিৰ চাবি হৈ গ’ল। এই স্মৃতি হৈছে সোণালী চাবি। মই বাবাৰ অৰ্থাৎ মই আত্মা, যেতিয়া নিশ্চয় জন্মিল যে মই আত্মা পিতাৰ সন্তান, তেন্তে নিশ্চয় হওঁতে কিমান সময় লাগিল? পাঠ্যক্ৰম পূৰা কৰোঁতে সময় লাগিল কিন্তু যেতিয়া নিশ্চয় জন্মিল তেতিয়া কিমান সময় লাগিল? চেকেণ্ডৰ চুক্তি হ’ল নহয়! চেকেণ্ডত উত্তৰাধিকাৰৰ অধিকাৰ হৈ গ’লা। অধিকাৰীতো সকলো হৈ গ’লা, সকলো অধিকাৰী হ’লা নহয় নে হৈ আছা? অধিকাৰী হৈ গ’লানে? এইটো দৃঢ়নে? বাৰু।

ডবল বিদেশীসকল উত্তৰাধিকাৰৰ অধিকাৰী হৈ গ’লানে? পাণ্ডৱ অধিকাৰী হৈ গ’লানে? দৃঢ় হোৱানে? দৃঢ় হোৱানে? দৃঢ় হোৱানে? বহুত ভাল, অধিকাৰীসকলক অভিনন্দন। অধিকাৰত বিশেষভাৱে পিতাৰ দ্বাৰা সৰ্বশক্তি পাইছানে? এখন হাত দাঙা পাইছানে? সৰ্বশক্তি পাইছা নহয়! নে কোনোবাই 8 (আঠ) টা পাইছা, কোনোবাই 6 টা পাইছা নেকি? নিজক মাষ্টৰ সৰ্বশক্তিমান বুলিও কোৱা। শক্তিমান বুলি নোকোৱা, সৰ্বশক্তিমান বুলি কোৱা। এই আগত বহাসকল সৰ্বশক্তিমান হোৱানে? বাপদাদাই ‘সৰ্ব’ শব্দটিৰ কথা সুধি আছে? সকলো সৰ্বশক্তিমান হোৱানে নে কিছুমান শক্তিমানো আছা? আছেনে কোনোবা? যিয়ে কয় মই সৰ্বশক্তিমানতো নহওঁ কিন্তু শক্তিমান হওঁ, এনেকুৱা কোনোবা আছে নেকি? নাই? কোনেও হাত দাঙা নাই। সকলো মাষ্টৰ সৰ্বশক্তিমান! বাৰু। তেন্তে হে মাষ্টৰ সৰ্বশক্তিমান, বাপদাদাই সোধে যে প্ৰকৃতিৰ, মায়াৰ, স্বভাৱ-সংস্কাৰৰ, বায়ুমণ্ডলৰ সকলো পৰিস্থিতিত সৰ্বশক্তিমান হোৱা নহয়? এই প্ৰকৃতি, মায়া, সংস্কাৰ, বায়ুমণ্ডল আৰু সঙ্গদোষ এই পাঁচোটাক নিজৰ শক্তিৰ আধাৰত অধীন কৰিছানে? এয়া 5টা মূৰ থকা সাপ, এই সাপৰ ওপৰত, 5টা মূৰৰ ওপৰত অধিকাৰী হৈ নৃত্য কৰানে? কৰানে নে কোনোবা এটা মূৰ ওলাই তোমালোকৰ ওপৰত নৃত্য কৰে? সাপেও বৰ ভালকৈ নৃত্য কৰে নহয়। গতিকে কোনোবা এটা মূৰে তোমালোকক নৃত্য দেখুৱাবলৈতো নাহে? কেতিয়াবা তাৰ খেল চাবলৈ ভালতো নালাগে? খেল চাবলৈ লাগি যোৱা। 5 ডাল সাপক ডিঙিৰ মালা কৰি ল’লানে? সৰ্প শয্যা কৰি ল’লা, নৃত্যৰ মঞ্চ কৰি ল’লানে? তোমালোকৰ অন্তিম মহাদেৱ, তপস্বী দেৱ, অশৰীৰী স্থিতি সম্পন্ন দেৱ আত্মা, ফৰিস্তা আত্মা এই স্মাৰকত এই সকলো সাপ ডিঙিৰ মালাৰ ৰূপত দেখুৱাইছে। যেতিয়া এই মালা পিন্ধে তেতিয়া পিতাৰ মালাত ভাল নম্বৰ লৈ সমীপৰ মণি হয়। বিজয় মালাৰ সমীপৰ মণি হয়।

বাপদাদাই আগতেও শুনাইছে যে বৰ্তমান সময়ত, সময় অনুসৰি বিশেষ সহন শক্তি আৰু সমস্যা বা পৰিস্থিতিৰ সন্মুখীন হোৱা শক্তি কৰ্মত আৱশ্যক। কেৱল মন আৰু বাণীত নহয়, কৰ্মতো আৱশ্যক। বাপদাদাই ফলাফলত দেখিছে যে শক্তি আছে, শক্তি নাই – এনেকুৱা নহয়। আছে, কিন্তু পাৰ্থক্য কি হৈ যায়? সময়ত যিটো শক্তি যিটো বিধিৰে কাৰ্যত প্ৰয়োগ কৰিব লাগে, সেয়া সময়ত আৰু বিধি পূৰ্বক প্ৰয়োগ কৰাত, কাৰ্যত ব্যৱহাৰ কৰাত অন্তৰ হৈ যায়। স্মৃতি আছে কিন্তু স্মৃতিক সমৰ্থ স্বৰূপত নানে। স্মৃতি অধিক, সামৰ্থ্য কেতিয়াবা কম, কেতিয়াবা ঠিকেই থাকে। স্মৃতিয়ে উত্তৰাধিকাৰৰ অধিকাৰীতো কৰি দিলে কিন্তু প্ৰত্যেক স্মৃতিৰ সামৰ্থ্যই বিজয়ী কৰি বিজয় মালাৰ সমীপৰ মণি কৰি তোলে। সামৰ্থ্যক স্বৰূপত আনা। মনত আছে, বুদ্ধিত আছে কিন্তু তোমালোকৰ স্বৰূপত সকলো কাৰ্যত, প্ৰতিটো সামৰ্থ্য প্ৰত্যক্ষ ৰূপত আহিব লাগে। তেন্তে স্মৃতি দিৱসতো বহুত ভালকৈ উদ্‌যাপন কৰিলা। এতিয়া সামৰ্থ্যক স্বৰূপত আনা। যদি কাৰোবাক দেখা তেন্তে তোমালোকৰ নয়নৰ দ্বাৰা সমৰ্থ স্বৰূপৰ অনুভৱ হওঁক। প্ৰতিষাৰ বাণীৰ দ্বাৰা অন্যও সমৰ্থ হৈ যাওঁক। সামৰ্থ্যৰ অনুভৱ কৰক। সাধাৰণ বাণী নহয়। প্ৰতিষাৰ বাণীত সামৰ্থ্যৰ যি বৰদান পাইছা সেয়া অনুভৱ কৰোৱা। মন-বুদ্ধিৰে শ্ৰেষ্ঠ সংকল্প আৰু যথাৰ্থ নিৰ্ণয় শক্তিৰ বায়ুমণ্ডল স্বৰূপত আনা। সাধাৰণ চাল-চলনতো ফৰিস্তাবোধৰ সমৰ্থ স্বৰূপ দৃষ্টিগোচৰ হওঁক। ‘ডবল লাইট’ৰ নিজৰো আৰু আনৰো অনুভৱ হওঁক। এনেকুৱা হোৱানে? গতিকে চলোঁতে-ফুৰোঁতে সমৰ্থ স্বৰূপ হোৱা আৰু আনকো সামৰ্থ্য যুগুৱা।

পিতাই আজি পিতা ব্ৰহ্মাক ফুৰালে। ক’ত ফুৰালে? পিতা ব্ৰহ্মা অব্যক্ত হোৱাৰ পাছত যিসকল দেশ-বিদেশৰ অব্যক্ত জন্ম লওঁতা আছে, সেই সকলো ব্ৰাহ্মণক দেখুৱালে। সেয়া কিমান হ’ব? সাকাৰ ৰূপতকৈ অব্যক্ত ৰূপৰ ৰচনা বহুত বেছি আছিল। প্ৰত্যেক স্থানৰ অব্যক্ত ৰচনা আত্মাসকলক সূক্ষ্মলোকত প্ৰকট কৰিলে। শুনিছা! তাত তোমালোকো আছিলা নহয়! আৰু প্ৰত্যেককে বাপদাদাই বহুত স্নেহ দিলে, সমীপৰ দৃষ্টি দিলে আৰু অব্যক্ত ৰচনাক এটা বিশেষ উপহাৰো দিলে। এতিয়া ইয়াত যিসকল বহি আছা তেওঁলোকৰ যিসকল আত্মা সাকাৰ ব্ৰহ্মাৰ পাছত ৰচনাত আহিছা, তেওঁলোকে হাত উঠোৱা। গৰিষ্ঠসংখ্যকেই, বাৰু হাত নমোৱা। বাৰু যিসকল সাকাৰ ৰূপৰ ৰচনা, তেওঁলোকে হাত উঠোৱা। বহুত কম। আজিৰ সভাত বহুত কম আছে। গতিকে বাপদাদাই প্ৰতিগৰাকী সন্তানক প্ৰকট কৰিলে, কিয়নো সংখ্যাত বহুত আছিল। ইয়াততো বহিবও নোৱাৰিব, সূক্ষ্মলোকলৈতো সকলো আহিব পাৰে। তাত যিমান ডাঙৰ স্থান লাগে সিমানে স্থান আছে। সেয়েহে বাপদাদাই সকলোকে সূক্ষ্মলোকত প্ৰকট কৰিলে অৰ্থাৎ নিমন্ত্ৰণ দি মাতিলে। সকলো বৰ আনন্দিত হৈ আছিল আৰু বাপদাদা তাতোকৈও বেছি আনন্দিত হৈ আছিল। বাপদাদাই সেই ৰত্নসকলক উপহাৰ দিলে, বহুত সুন্দৰ দাগ বিহীন হীৰাৰ বহুত চিকমিকাই থকা পদুম ফুল আছিল, য’ত এটি এটি পদুমৰ পাহিত ভিন্ন ভিন্ন শক্তিসমূহ আছিল, যিবোৰ ভিন্ন ভিন্ন ৰঙত জিলিকি আছিল। সেই দাগ বিহীন হীৰাৰ পদুম ফুল তোমালোকে প্ৰকট কৰা কিমান শোভনীয় হ’ব। প্ৰকট হ’লনে? প্ৰকট কৰিলানে? ডবল বিদেশীসকলে প্ৰকট কৰিলানে? শিক্ষকসকলে প্ৰকট কৰিলানে? পাণ্ডৱসকলে প্ৰকট কৰিলানে? আৰু মৰমৰ মাতাসকলে প্ৰকট কৰিলানে? মাতাসকল এই বিশ্ব বিদ্যালয়ৰ বিশেষত্ব। সকলো কোনটো কথাত আচম্বিত হয়? যে ইমানবিলাক মাতা আৰু শক্তি হৈ গ’ল! ইমানবিলাক মাতাই পৱিত্ৰতাৰ ব্ৰত ধাৰণ কৰি দেৱীৰ ৰূপলৈ পৰিৱৰ্তন হৈ গ’ল। সংখ্যাগৰিষ্ঠতা মাতাসকলে দেখিবলৈ পোৱা যায়। সেয়েহে বাপদাদাই আজি অব্যক্ত ৰচনাক বহুত বহুত স্নেহ দিলে আৰু সূক্ষ্মলোকত বাগিচাও প্ৰকট কৰিলে, পাহাৰো প্ৰকট কৰিলে আৰু লগতে সাগৰো প্ৰকট কৰিলে। আৰু সকলোকে খুব ফুৰালে। ফুৰাৰ স্বাধীনতা আছিল। খেল-ধেমালি নকৰিলে, বল আৰু বেট-বল নেখেলিলে। কোনোবাই সাগৰত ঢৌত ঢৌ খেলি আছিল, কোনোবাই পাহাৰৰ ওপৰত বহি আছিল, কোনোৱে বাগিচাত ঘূৰি আছিল, গতিকে আজি সূক্ষ্মলোকত অব্যক্ত ৰচনাৰ ৰঙ্গসভা আছিল। বাপদাদাই সকলোকে এইটোৱে বৰদান দিলে - সদায় সৰ্বশক্তিৰে জিয়াই থাকা, উৰি থাকা।

গতিকে বাপদাদাৰ আজিৰ স্মৃতি দিৱসৰ বিশেষ মহামন্ত্ৰ হৈছে “স্মৃতি স্বৰূপ হৈ সামৰ্থ্যক স্বৰূপত আনা” সম্পদসমূহ গুপ্ত কৰি নাৰাখিবা, প্ৰতিটো কৰ্মৰ দ্বাৰা বাহিৰত প্ৰত্যক্ষ কৰা। যি কোনো আত্মা দৃষ্টিৰেই হওঁক বা মুখৰ বাণীৰেই হওঁক নতুবা কৰ্মত একেলগে সম্পৰ্কত আহক, তেওঁলোকক সমৰ্থ হোৱাৰ সহযোগ দিয়া, সমৰ্থ স্বৰূপৰ স্নেহ দিয়া। বাপদাদাই এইটোও দেখিছে যে যিসকল নতুন নতুন সন্তান আহে, তেওঁলোকৰ ভিতৰত কোনোবা এনেকুৱাও আত্মা আছে যিসকলক বাপদাদাৰ সহযোগৰ লগতে তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ দ্বাৰা সাহস, উৎসাহ-উদ্দীপনা, সমাধান পোৱাৰ আৱশ্যকতা আছে। সৰু সৰু হয় নহয়! তথাপিও হওঁতে সৰু কিন্তু সাহস কৰি ব্ৰাহ্মণতো হৈছে নহয়! গতিকে সৰুসকলক শক্তিৰে প্ৰতিপালন কৰাৰ আৱশ্যকতা আছে। অন্য প্ৰতিপালন নহয়, শক্তি দিয়াৰ প্ৰতিপালনৰ আৱশ্যকতা আছে। গতিকে সোনকালে স্থাপনাৰ ব্ৰাহ্মণ আত্মাসকল তৈয়াৰ হৈ যাওঁক কিয়নো অতি কমেও 9 লাখতো লাগে নহয়! গতিকে শক্তিসমূহৰ সহযোগ দিয়া, শক্তিসমূহেৰে প্ৰতিপালন কৰা, শক্তিসমূহ বঢ়োৱা। বেছি আলোচনা কৰাৰ শিক্ষা নিদিবা। শক্তি দিয়া। তেওঁলোকৰ দুৰ্বলতা নাচাবা কিন্তু তেওঁলোকৰ যি বিশেষত্ব বা শক্তিৰ অভাৱ আছে সেয়া পূৰা কৰা। আজিকালি যিসকল নিমিত্ত হয় তেওঁলোক এই প্ৰতিপালনাৰ নিমিত্ত হোৱাৰ আৱশ্যকতা আছে। জিজ্ঞাসু বৃদ্ধি কৰোঁ, সেৱাকেন্দ্ৰ বৃদ্ধি কৰোঁ - এয়াতো সাধাৰণ কথা, কিন্তু প্ৰত্যেক আত্মাক পিতাৰ সহায়েৰে শক্তিশালী কৰি তোলোঁ - এতিয়া ইয়াৰ আৱশ্যকতা আছে। সেৱাতো সকলোৱে কৰি আছা আৰু নকৰাকৈ থাকিবও নোৱাৰা। কিন্তু সেৱাত শক্তি স্বৰূপৰ প্ৰকম্পন আত্মাসকলৰ অনুভৱ হওঁক, সেৱা শক্তিশালী হওঁক। সাধাৰণ সেৱাতো আজিকালিৰ জগতত বহুত কৰে কিন্তু তোমালোকৰ বৈশিষ্ট্য হ’ল শক্তিশালী সেৱা। ব্ৰাহ্মণ আত্মাসকলৰো শক্তিৰ প্ৰতিপালনৰ আৱশ্যক। বাৰু।

বাপদাদাৰ সন্মুখত দেশ-বিদেশৰ সকলো ফালৰ সন্তানসকল দূৰৈত থাকিও সন্মুখত আছে। বাপদাদাই জানে সকলোৱে এটাই শব্দ কয় – আমাৰো স্মৃতি দিবা, আমাৰো স্মৃতি দিবা। বাপদাদাৰ ওচৰত সকলোৰে স্মৃতি অহিয়েই যায়। পত্ৰৰ দ্বাৰাই হওঁক, মুখৰ দ্বাৰাই হওঁক, কাৰ্ডৰ দ্বাৰাই হওঁক বা আজিকালিৰ ই-মেইলৰ দ্বাৰাই হওঁক। বিজ্ঞানৰ সাধন বহুত হৈ গৈছে। বাপদাদাৰ ওচৰলৈ সাধনৰ দ্বাৰাও স্মৃতি আহি পায় আৰু অন্তৰৰ আৱাজেৰেও স্মৃতি আহি পায়। সকলোতকৈ সোনকালে অন্তৰৰ আৱাজ আহি পায়। গতিকে আজিৰ দিনটিত যিসকলে অন্তৰেৰে, বিভিন্ন সাধনৰ দ্বাৰা স্নেহ সহিত স্মৃতি পঠিয়াইছে সেই সকলোকে বাপদাদাই স্নেহ সহিত স্মৰণ কৰি আছে। সন্তানসকলে এবাৰ স্মৃতি পঠিয়ালে, পিতাই প্ৰতিদানত পদমগুণ স্নেহ সহিত স্মৰণ কৰি আছে। ভাল বাৰু।

চাৰিওফালৰ অন্তৰৰ সমীপৰ সমৰ্থ আত্মাসকলক, সদায় সময়ত সকলো শক্তিক স্বৰূপৰ দ্বাৰা প্ৰত্যক্ষ কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় শক্তিসমূহৰ দ্বাৰা আত্মাসকলক প্ৰতিপালন কৰাৰ নিমিত্ত হোৱা পিতাৰ সহযোগী আত্মাসকলক, সদায় প্ৰত্যেককে সাহস, উৎসাহ-উদ্দীপনা যুগুৱা উৰন্ত কলাধাৰী আত্মাসকলক, সদায় সমস্যাক সমাধানত পৰিণত কৰোঁতা বিশ্ব পৰিৱৰ্তক আত্মাসকলক, স্মৃতি স্বৰূপ তথা সমৰ্থ স্বৰূপ আত্মাসকলক বাপদাদাৰ পদমগুণ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বাৰু! আজি বিশেষ এয়া সংগম ভৱন হয় নহয়, সংগম ভৱনৰসকল আহিছে, তেওঁলোকৰো সেৱা কম নহয়। আজি বিশেষকৈ তেওঁলোকৰ স্মৃতি বাপদাদাই পাইছে। স্বাগত জনোৱাৰ সেৱাও কম নহয়। এনেয়েতো যিসকল শান্তিবনৰ সেৱাধাৰী তেওঁলোক সকলোৰে সেৱা ইজন সিজনতকৈ আগত, ভাল। জাগিবলগীয়াও হয়, ইফালে-সিফালে যাবলগীয়াও হয়, দৌৰিবলগীয়াও হয়। সন্তুষ্টও কৰিবলগীয়া হয়। অভিনন্দন। পাণ্ডৱ ভৱনৰসকলক, মধুবনৰ চাৰি ভুজা স্বৰূপ সকলোকে অভিনন্দন, অভিনন্দন, অভিনন্দন।

ডবল বিদেশীসকলে চাই আছে, আমাক বাপদাদাই একো নক’লে। ডবল বিদেশীসকলৰ প্ৰতি সকলোৰে বাপদাদা সহিত দাদীসকলৰ, সকলো ব্ৰাহ্মণৰ দুগুণ, তিনিগুণ স্নেহ আছে, কিয়? বাপদাদাই সদায় বিশেষত্ব শুনায় যে অনেক প্ৰকাৰৰ সংস্কৃতিৰ প্ৰাচীৰ ভাঙি ব্ৰাহ্মণ জীৱনত আহি গ’ল। ব্ৰাহ্মণ সংস্কৃতিৰ হৈ গ’ল আৰু এনেকুৱা নালাগেই যে এওঁলোক কোনোবা অন্য দেশৰ। নিজৰ ভাৰতৰেই আৰু সদায় হৈ থাকিব সেইবাবে ডবল বিদেশীসকলকো বহুত বহুত কোটি কোটি বাৰ অভিনন্দন। বৰ ভাল।

বৰদান:
দেহ-বোধৰ পৰা উপৰাম হৈ পৰমাত্ম স্নেহৰ অনুভৱ কৰোঁতা পদুমৰ আসনধাৰী হোৱা

পদুমৰ আসন ব্ৰাহ্মণ আত্মাসকলৰ শ্ৰেষ্ঠ স্থিতিৰ চিন। এনেকুৱা পদুমৰ আসনধাৰী আত্মাসকল এই দেহবোধৰ পৰা স্বতঃ উপৰাম হৈ থাকে। তেওঁলোকক শৰীৰৰ বোধে নিজৰ ফালে আকৰ্ষিত নকৰে। যেনেকৈ পিতা ব্ৰহ্মাৰ চলোঁতে-ফুৰোঁতে ফৰিস্তা বা দেৱতা ৰূপ সদায় স্মৃতিত থাকিল। এনেকুৱা স্বভাৱজনিত দেহী-অভিমানী স্থিতি সদায় থাকিলে তেতিয়া তেওঁক দেহ-বোধৰ পৰা উপৰাম বুলি কোৱা হয়। এনেকুৱা দেহ-বোধৰ পৰা উপৰাম হৈ থাকোঁতাসকলহে পৰমাত্ম স্নেহী হৈ যায়।

স্লোগান:
তোমালোকৰ বিশেষত্ব বা গুণসমূহ প্ৰভু প্ৰসাদ, সেয়া মোৰ বুলি ভবাটোৱেই দেহ-অভিমান।

প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

প্ৰীতি বুদ্ধি অৰ্থাৎ বুদ্ধিৰ একাগ্ৰতা আৰু প্ৰীতি একমাত্ৰ প্ৰিয়তমৰ সৈতে সদায় যুক্ত হৈ থকা। যেতিয়া এজনৰ সৈতে সদায় প্ৰীতি থাকে তেতিয়া অন্য কোনো ব্যক্তি বা বৈভৱৰ প্ৰতি প্ৰীতি যুক্ত হ’ব নোৱাৰে কিয়নো প্ৰীতি বুদ্ধি অৰ্থাৎ সদায় বাপদাদাক নিজৰ সন্মুখত অনুভৱ কৰোঁতা। এনেকৈ সন্মুখত থাকোঁতাসকল কেতিয়াও বিমুখ হ’ব নোৱাৰে।