06.02.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পুৰণি সৃষ্টিৰ কাঁইটক নতুন সৃষ্টিৰ ফুল কৰি তোলা - এইটো তোমালোক বুদ্ধিমান মালীসকলৰ কাম"

প্ৰশ্ন:
সংগমযুগত তোমালোক সন্তানসকলে কোনটো শ্ৰেষ্ঠ ভাগ্য গঢ়া?

উত্তৰ:
কাঁইটৰ পৰা সুবাসিত ফুল হোৱা - এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। যদি কোনোবা এটাও বিকাৰ থাকে তেন্তে কাঁইট বুলি কোৱা হ’ব। যেতিয়া কাঁইটৰ পৰা ফুল হ’বা তেতিয়া সতোপ্ৰধান দেৱী-দেৱতা হ’বা। তোমালোক সন্তানসকলে এতিয়া 21 প্ৰজন্মৰ বাবে সূৰ্যবংশী ভাগ্য গঢ়িবলৈ আহিছা।

গীত:
তকদীৰ জগাকৰ আই হুঁ..... (ভাগ্য উদয় কৰি আহিছোঁ.....)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলে। এইটো হৈছে গতানুগতিক গীত কিয়নো তোমালোক হৈছা মালী, পিতা হৈছে বাগিছাৰ মালিক। এতিয়া মালীসকলে কাঁইটৰ পৰা ফুল কৰি তুলিব লাগে। এই কথাবোৰ একেবাৰে স্পষ্ট। ভক্ত ভগৱানৰ ওচৰলৈ আহিছে। এয়া সকলো ভক্ত নহয় জানো। এতিয়া জ্ঞানৰ পাঠ পঢ়িবলৈ পিতাৰ ওচৰলৈ আহিছে। এই ৰাজযোগৰ শিক্ষাৰে নতুন বিশ্বৰ মালিক হোৱা। গতিকে ভক্তসকলে কয় - আমি ভাগ্য উদয় কৰি আহিছোঁ, অন্তৰত নতুন বিশ্ব সজাই আহিছোঁ। পিতায়ো নিতৌ কয় যে মৰমৰ ঘৰ আৰু মৰমৰ বাদশ্বাহীক স্মৰণ কৰা। আত্মাই স্মৰণ কৰিব লাগে। প্ৰত্যেক সেৱাকেন্দ্ৰতে কাঁইটৰ পৰা ফুল হৈ আছে। ফুলৰ ভিতৰতো ক্ৰমানুসৰি নাথাকে জানো। শিৱক ফুল অৰ্পণ কৰে, কোনোবাই কিবা, কোনোবাই আন কিবা ফুল অৰ্পণ কৰে। গোলাপ ফুল আৰু আকন ফুলৰ মাজত ৰাতি দিনৰ পাৰ্থক্য আছে। এইখনো বাগিছা। কোনোবা নৱমালিকা ফুল, কোনোবা চম্পা, কোনোবা নাৰ্জি। কোনোবা আকনো আছে। সন্তানসকলে জানে যে এই সময়ত সকলো কাঁইট। এই সৃষ্টিখনেই কাঁইটৰ জংঘল, তেওঁলোকক নতুন সৃষ্টিৰ ফুল কৰি তুলিব লাগে। এই পুৰণি সৃষ্টিত কাঁইট আছে গতিকে গীততো কৈছে আমি পুৰণি সৃষ্টিৰ কাঁইটৰ পৰা নতুন সৃষ্টিৰ ফুল হ’বলৈ পিতাৰ ওচৰলৈ আহিছোঁ যিজন পিতাই নতুন সৃষ্টি স্থাপনা কৰি আছে। কাঁইটৰ পৰা ফুল অৰ্থাৎ দেৱী-দেৱতা হ’ব লাগে। গীতটিৰ অৰ্থ কিমান সহজ। আমি নতুন সৃষ্টিৰ বাবে ভাগ্য উদয় কৰিবলৈ আহিছোঁ। নতুন সৃষ্টি হৈছে সত্যযুগ। কাৰোবাৰ সতোপ্ৰধান ভাগ্য, কাৰোবাৰ ৰজো, তমো। কোনোবা সূৰ্যবংশী ৰজা, কোনোবা প্ৰজা, কোনোবা প্ৰজাৰো চাকৰ-নাকৰ হয়গৈ। এয়া নতুন সৃষ্টিৰ ৰাজ্য স্থাপনা হৈ আছে। স্কুলত ভাগ্য উদয় কৰিবলৈ নাযায় জানো। ইয়াততো হৈছে নতুন সৃষ্টিৰ কথা। এই পুৰণি সৃষ্টিত কি ভাগ্য উদয় কৰিব! তোমালোকে ভৱিষ্যতে নতুন সৃষ্টিত দেৱতা হ’বলৈ ভাগ্য উদয় কৰি আছা, যিসকল দেৱতাক সকলোৱে নমন কৰি আহিছে। আমিয়ে সেই পূজ্য দেৱতা আছিলোঁ আৰু আমিয়েই পূজাৰী হৈ গ’লোঁ। পিতাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায় যাক 21 প্ৰজন্ম বুলি কোৱা হয়। প্ৰজন্ম বৃদ্ধ অৱস্থালৈকে কোৱা হয়। পিতাই 21 প্ৰজন্মৰ উত্তৰাধিকাৰ দিয়ে, কিয়নো যুৱ অৱস্থাত, শৈশৱকালত বা মধ্যত কেতিয়াও অকাল মৃত্যু নহয়। সেইকাৰণে সেইখনক অমৰলোক বুলি কোৱা হয়। এইখন হৈছে মৃত্যুলোক, ৰাৱণৰাজ্য। ইয়াত সকলোৰে মাজত বিকাৰ আছে, যাৰ কোনোবা এটা বিকাৰো আছে তেন্তে কাঁইট নহ’ল জানো। পিতাই বুজিব যে মালীয়ে উত্তম সুবাসিত ফুল তৈয়াৰ কৰিব নাজানে। মালী ভাল হ’লে তেতিয়া ভাল ভাল ফুলো তৈয়াৰ কৰিব। বিজয় মালাত গঁথা যোৱাৰ লায়ক ফুল লাগে। দেৱতাসকলৰ ওচৰলৈ ভাল ভাল ফুল লৈ নাযায় জানো। উদাহৰণ স্বৰূপে ৰাণী এলিজাবেথ আহিলে তেতিয়া একেবাৰে অতি উত্তম ফুলৰ মালা তৈয়াৰ কৰি লৈ যাব। ইয়াৰ মনুষ্যতো তমোপ্ৰধান। শিৱৰ মন্দিৰলৈও যায়, বুজিও পায় যে এওঁ ভগৱান। ব্ৰহ্মা, বিষ্ণু, শংকৰকতো দেৱতা বুলি কয়। শিৱক ভগৱান বুলি কয়। তেন্তে তেওঁ উচ্চতকৈও উচ্চ নহ’ল জানো। এতিয়া শিৱৰ বাবে কয় ধতুৰা খাইছিল, ভাং খাইছিল। কিমান গ্লানি কৰে। আকন ফুলহে লৈ যায়। এতিয়া এনেহেন পৰমপিতা পৰমাত্মাৰ বাবে কি লৈ যায়! তমোপ্ৰধান কাঁইটৰ বাবে অতি উত্তম ফুল লৈ যায় আৰু শিৱৰ মন্দিৰলৈ কি লৈ যায়! গাখীৰো কেনেকুৱা অৰ্পণ কৰে? 5 শতাংশ গাখীৰ বাকী 95 শতাংশ পানী। ভগৱানক জানো গাখীৰ অৰ্পণ কৰিব লাগে - একোৱেই নাজানে। এতিয়া তোমালোকে যথা ৰীতি জানিলা। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। যিয়ে ভালকৈ জানে তেওঁক সেৱাকেন্দ্ৰৰ মুৰব্বী কৰি দিয়া হয়। সকলোৱেতো একে সমান নহয়। যদিও পঢ়া একেই, মনুষ্যৰ পৰা দেৱতা হোৱাৰেই লক্ষ্য-উদ্দেশ্য কিন্তু শিক্ষকসকলতো ক্ৰমানুসৰি হয়। বিজয় মালাত অহাৰ মুখ্য আধাৰ হৈছে পঢ়া। পঢ়াতো একেই, কিন্তু ক্ৰম অনুসৰি উত্তীৰ্ণ হয়। সকলো পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে। কোনোবাতো বিজয় মালাৰ 8 (আঠ) দানাৰ ভিতৰত আহে, কোনোবা 108ত, কোনোবা 16108 ত আহে। বংশবৃক্ষ তৈয়াৰ নকৰে জানো। যেনেকৈ বৃক্ষৰো বংশবৃক্ষ থাকে, প্ৰথমে এটা পাত, দুটা পাত, আকৌ বাঢ়ি গৈ থাকে। এয়াও বৃক্ষই হয়। বংশাৱলী থাকে, যেনেকৈ কৃপলানী বংশাৱলী আদি আদি, সেই সকলোবোৰ হৈছে হদৰ বংশাৱলী, এয়া হৈছে বেহদৰ বংশাৱলী। এওঁলোকৰ ভিতৰত প্ৰথম কোন? প্ৰজাপিতা ব্ৰহ্মা। তেওঁক কোৱা হয় গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ। কিন্তু এইটো কোনেও নাজানে। কোনো মনুষ্যই কিঞ্চিৎ মাত্ৰও নাজানে যে সৃষ্টিৰ ৰচয়িতা কোন? একেবাৰে অহল্যাৰ দৰে পাথৰ বুদ্ধিৰ। যেতিয়া এনেকুৱা হৈ যায় তেতিয়াহে পিতা আহে।

তোমালোক ইয়ালৈ অহল্যা বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ হ’বলৈ আহিছা। গতিকে জ্ঞানো ধাৰণ কৰিব লাগে নহয়। পিতাক চিনিব লাগে আৰু পঢ়াৰ খেয়াল ৰাখিব লাগে। ধৰি লোৱা আজি আহিছে, কালিলৈ অকস্মাৎ শৰীৰ এৰিলে তেতিয়া কি পদ পাব পাৰিব। জ্ঞানতো কিঞ্চিতমানো ধাৰণ নকৰিলে, অলপো নিশিকিলে তেন্তে কি পদ পাবগৈ! দিনে-প্ৰতিদিনে যিয়ে দেৰিকৈ শৰীৰ ত্যাগ কৰে তেওঁলোকে অলপ সময়হে পায়, কিয়নো সময়তো কমি গৈ থাকে, সেই তাকৰীয়া সময়ত জন্ম লৈ কি কৰিব পাৰিব। অৱশ্যে হয়, তোমালোকৰ মাজত যিয়ে যাব তেওঁ কোনো ভাল ঘৰত জন্ম ল’বগৈ। সংস্কাৰ লৈ যায় যেতিয়া সেই আত্মাটি তৎক্ষণাৎ জাগি উঠিব, শিৱবাবাক স্মৰণ কৰিবলৈ লাগি যাব। সংস্কাৰেই যদি নাই তেতিয়া কিঞ্চিতো নহ’ব। ইয়াক অতি সূক্ষ্মভাৱে বুজিব লাগে। মালীয়ে ভাল ভাল ফুল আনিলে তেওঁলোকৰ মহিমাও গোৱা হয়। ফুল তৈয়াৰ কৰাতো মালীসকলৰ কাম নহয় জানো। এনেকুৱা বহুত সন্তান আছে যিসকলে পিতাক স্মৰণ কৰিবলৈকে নাজানে। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে নহয়। ভাগ্যত নাথাকিলে তেতিয়া অলপো নুবুজে। ভাগ্যৱান সন্তানসকলেতো পিতাক যথাৰ্থভাৱে জানি লৈ তেওঁক পূৰা ৰীতি স্মৰণ কৰিব। পিতাৰ লগতে নতুন সৃষ্টিকো স্মৰণ কৰি থাকিব। গীতটিতো কৈছে নহয় - আমি নতুন সৃষ্টিৰ বাবে নতুন ভাগ্য গঢ়িবলৈ আহিছোঁ। 21 জন্মৰ বাবে পিতাৰ পৰা ৰাজ্য-ভাগ্য ল’ব লাগে। এইটো নিচা আৰু আনন্দত থাকিলে এনেকুৱা গীতৰ অৰ্থ ইঙ্গিততে বুজিব। স্কুলতো কাৰোবাৰ ভাগ্যত নাথাকিলে উত্তীৰ্ণ হ’ব নোৱাৰে। এইটোতো বহুত ডাঙৰ পৰীক্ষা। ভগৱানে নিজে বহি পঢ়ায়। এই জ্ঞান সকলো ধৰ্মৰ লোকৰ বাবে। পিতাই কয় - নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। তোমালোকে জানা যে কোনো দেহধাৰী মনুষ্যক ভগৱান বুলি ক’ব নোৱাৰি। ব্ৰহ্মা, বিষ্ণু, শংকৰকো ভগৱান বুলি কোৱা নহয়। তেওঁলোকো সূক্ষ্মলোক নিবাসী দেৱতা। ইয়াত হৈছে মনুষ্য। ইয়াত দেৱতাসকল নাই। এইখন হৈছে মনুষ্যলোক। এই লক্ষ্মী-নাৰায়ণ আদি হৈছে দৈৱী গুণধাৰী মনুষ্য, যাক দৈৱী বংশী বুলি কোৱা হয়। সত্যযুগত হৈছে সকলো দেৱী-দেৱতা, সূক্ষ্মলোকত থাকে ব্ৰহ্মা, বিষ্ণু, শংকৰ। গায়নো কৰে - ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ… আকৌ কয় - শিৱ পৰমাত্মায়ে নমঃ। শিৱক দেৱতা বুলি নকয়। আৰু মনুষ্যকো ভগৱান বুলি ক’ব নোৱাৰি। তিনিটা স্তৰ নাই জানো। আমি তৃতীয় স্তৰত আছোঁ। যিসকল সত্যযুগৰ দৈৱী গুণধাৰী মনুষ্য তেওঁলোকেই আকৌ আসুৰি গুণৰ হৈ যায়। মায়াৰ গ্ৰহণ লাগিলে ক’লা হৈ যায়। যেনেকৈ চন্দ্ৰৰো গ্ৰহণ নালাগে জানো। সেয়া হৈছে হদৰ (সীমিত) কথা, এয়া হৈছে বেহদৰ কথা। বেহদৰ দিন আৰু বেহদৰ ৰাতি। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি বুলি গায়নো কৰে। এতিয়া তোমালোকে একমাত্ৰ পিতাৰ পৰাহে পঢ়িব লাগে বাকী সকলোবোৰ পাহৰি যাব লাগে। তোমালোকে পিতাৰ পৰা পঢ়ি নতুন বিশ্বৰ মালিক হৈ যোৱা। এইখন সঁচা গীতা পাঠশালা। পাঠশালাত সদায় নাথাকে। মনুষ্যই ভাবে যে ভক্তিমাৰ্গ হৈছে ভগৱানক লাভ কৰাৰ মাৰ্গ, যিমানে বেছি ভক্তি কৰিব তেতিয়া ভগৱান ৰাজী হ’ব আৰু আহি ফল দিব। এই সকলোবোৰ কথা এতিয়া তোমালোকে বুজি পোৱা। ভগৱান এজনেই যিজনে এতিয়া ফল দি আছে। যিসকল প্ৰথম সূৰ্যবংশী পূজ্য আছিল, তেওঁলোকেই আটাইতকৈ বেছি ভক্তি কৰিছে, তেওঁলোকেই ইয়ালৈ আহিব। তোমালোকেই প্ৰথমে শিৱবাবাৰ অব্যভিচাৰী ভক্তি কৰিছিলা গতিকে নিশ্চয় তোমালোকেই প্ৰথম ভক্ত হ’লা। আকৌ অৱনমিত হৈ হৈ তমোপ্ৰধান হৈ যোৱা। তোমালোকে আধাকল্প ভক্তি কৰিছা সেইবাবে তোমালোককে প্ৰথমে জ্ঞান দিয়ে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে।

এই পঢ়াত তোমালোকে এনেকুৱা অজুহাত দেখুৱাব নোৱাৰা যে মই দূৰৈত থাকোঁ সেইকাৰণে নিতৌ পঢ়িব নোৱাৰোঁ। কোনোবাই কয় - মই 10 মাইল দূৰৈত থাকোঁ। হেৰ’ পিতাৰ স্মৃতিত তুমি 10 মাইল খোজকাঢ়ি আহিলেও কেতিয়াও ভাগৰ নালাগিব। কিমান শ্ৰেষ্ঠ সম্পদ ল’বলৈ যোৱা। মনুষ্যই তীৰ্থ দৰ্শনৰ বাবে খোজকাঢ়ি যায়, কিমান ঠেকা-খুদা খায়। এয়াতো একেখন চহৰৰে কথা। পিতাই কয় - মই ইমান দূৰৈৰ পৰা আহোঁ, তোমালোকে আকৌ কোৱা ঘৰ 5 মাইল দূৰৈত... বাঃ! সম্পদ ল’বলৈতো দৌৰি অহা উচিত। অমৰনাথলৈ কেৱল দৰ্শনৰ বাবে ক’ৰ ক’ৰ পৰা যায়। ইয়াততো অমৰনাথ বাবাই স্বয়ং পঢ়াব আহিছে। তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। তোমালোকে অজুহাত দেখুৱাই থাকা। ৰাতিপুৱা অমৃতবেলা যিকোনো লোকে আহিব পাৰে। সেই সময়ত কোনো ভয় নাথাকে। কোনোবাই তোমালোকক লুটপাতো নকৰিব। যদি কিবা বস্তু অলঙ্কাৰ আদি থাকে তেন্তে কাঢ়ি নিব। চোৰক ধন, পদাৰ্থই লাগে। কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া বহুত অজুহাত দেখুৱাই দিয়ে। নপঢ়িলে নিজৰে পদ হেৰুৱায়। পিতা ভাৰতলৈকে আহে। ভাৰতকে স্বৰ্গ কৰি তোলে। চেকেণ্ডত জীৱনমুক্তিৰ ৰাস্তা দেখুৱায়। কিন্তু কোনোবাই পুৰুষাৰ্থ কৰিলেহে। খোজেই যদি আগনবঢ়োৱা তেন্তে কেনেকৈ গৈ পাবা।

তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা। পিতাৰ ওচৰলৈ স্বৰ্গৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ, নতুন সৃষ্টি স্থাপনা হৈ আছে। স্থাপনা পূৰা হোৱা মাত্ৰকেই বিনাশ আৰম্ভ হৈ যাব। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ নহয় জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি জ্ঞান ৰূপী সম্পদ দি আছে সেয়া ধাৰণ কৰিবলৈ দৌৰি দৌৰি আহিব লাগে, এই ক্ষেত্ৰত কোনো প্ৰকাৰৰ অজুহাত দেখুৱাব নালাগে। পিতাৰ স্মৃতিত 10 মাইল খোজকাঢ়িলেও ভাগৰ নালাগিব।

(2) বিজয় মালাত গঁথা যোৱাৰ আধাৰ হৈছে পঢ়া। পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। কাইঁটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। মৰমৰ ঘৰ আৰু মৰমৰ ৰাজ্যক স্মৃতিলৈ আনিব লাগে।

বৰদান:
সংগমযুগৰ মহত্বক জানি একৰ বিপৰীতে অনেক বাৰ প্ৰতিদান প্ৰাপ্ত কৰোঁতা সৰ্ব প্ৰাপ্তি সম্পন্ন হোৱা

সংগমযুগত বাপদাদাৰ প্ৰতিজ্ঞা হৈছে - এক দিয়া লাখ লোৱা। যেনেকৈ সৰ্ব শ্ৰেষ্ঠ সময়, সৰ্ব শ্ৰেষ্ঠ জন্ম, সৰ্ব শ্ৰেষ্ঠ উপাধি এই সময়ৰ তেনেকৈ সৰ্ব প্ৰাপ্তিৰ অনুভৱ এতিয়াই হয়। এতিয়া একৰ বিপৰীতে কেৱল লাখ গুণেই পোৱা নাযায় কিন্তু যেতিয়াই বিচৰা, যেনেকৈ বিচৰা, যি বিচৰা পিতাই সেৱকৰ ৰূপত বান্ধ খাই আছে। একৰ বিপৰীতে অনেক বাৰ প্ৰতিদান পোৱা যায় কিয়নো বৰ্তমান সময়ত বৰদাতাই তোমালোকৰ। যিহেতু বীজ তোমালোকৰ হাতত আছে তেন্তে বীজৰ দ্বাৰা যি বিচৰা সেয়া চেকেণ্ডত লৈ সৰ্ব প্ৰাপ্তিৰে সম্পন্ন হব পাৰা।

স্লোগান:
যেনেকুৱা পৰিস্থিতিয়েই নহওঁক, পৰিস্থিতি আঁতৰি যাওঁক কিন্তু আনন্দ যাতে নোহোৱা হৈ নাযায়।


একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

“একতা আৰু একাগ্ৰতা”- এই দুয়োটা হৈছে কাৰ্য কৰাৰ সফলতাৰ শ্ৰেষ্ঠ বাহু। একাগ্ৰতা অৰ্থাৎ সদায় ব্যৰ্থ ৰহিত সংকল্প, নিৰ্বিকল্প। য’ত একতা আৰু একাগ্ৰতা আছে, ত’ত সফলতা ডিঙিৰ মালা হয়। বৰদাতাৰ এটি প্ৰিয় শব্দ হৈছে ‘একব্ৰতা’, এক বল এক ভৰসা। লগতে একমত, মনমত আৰু পৰমত যাতে নাথাকে, একৰস, কোনো ব্যক্তিৰ, বৈভৱৰ ৰস যাতে নাথাকে। একতা আৰু একান্তপ্ৰিয়ৰ ক্ষেত্ৰতো তেনেকুৱাই।