06.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া বিকৰ্ম কৰা বন্ধ কৰা কিয়নো এতিয়া তোমালোকে বিকৰ্মাজিৎ চন আৰম্ভ কৰিব লা গে”

প্ৰশ্ন:
প্ৰত্যেক ব্ৰাহ্মণ সন্তানে কোনটো কথাত পিতাক অৱশ্যে অনুকৰণ কৰিব লাগে?

উত্তৰ:
যেনেকৈ পিতা স্বয়ং শিক্ষক হৈ তোমালোকক পঢ়ায়, তেনেকৈ প্ৰত্যেকে পিতাৰ সমান শিক্ষক হ’ব লাগে। যিয়ে পঢ়ে তেওঁ আনক পঢ়াব লাগে। তোমালোক শিক্ষকৰ সন্তান শিক্ষক, সৎগুৰুৰ সন্তান সৎগুৰুও হোৱা। তোমালোকে সত্যখণ্ড স্থাপনা কৰিব লাগে। তোমালোক সত্যৰ নাওত আছা, তোমালোকৰ নাও টুলুংভুটুং কৰিব কিন্তু ডুবিব নোৱাৰে।

ওঁম্শান্তি।
আত্মিক পিতাই বহি সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। আত্মাসকলক সোধে কিয়নো এয়া হৈছে নতুন জ্ঞান। মনুষ্যৰ পৰা দেৱতা হোৱাৰ এয়া হৈছে নতুন জ্ঞান অথবা পঢ়া। এয়া তোমালোকক কোনে পঢ়ায়? সন্তানসকলে জানে আত্মিক পিতাই আমাক সন্তানসকলক ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়। এইটো পাহৰিব নালাগে। তেওঁ হৈছে পিতা আকৌ পঢ়ায় সেইবাবে শিক্ষকো হৈ গ’ল। এয়াও তোমালোকে জানা যে আমি নতুন সৃষ্টিৰ কাৰণেই পঢ়োঁ। প্ৰতিটো কথাত নিশ্চয়তা থকা উচিত। নতুন সৃষ্টিৰ বাবে পঢ়াওঁতা পিতাই হয়। মূল কথাটিয়েই পিতাৰ হৈ গ’ল। পিতাই আমাক ব্ৰহ্মাৰ দ্বাৰা এই শিক্ষা দিয়ে। কাৰোবাৰ দ্বাৰাতো দিব নহয়। গায়নো কৰা হৈছে - ভগৱানে ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ শিকায়। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে, যিটো দেৱী-দেৱতা ধৰ্ম এতিয়া নাই। এতিয়াতো হৈছে কলিযুগ। গতিকে এইটো সিদ্ধ হয় যে স্বৰ্গৰ স্থাপনা হৈ আছে। স্বৰ্গত কেৱল দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলহে থাকিব, বাকী ইমানবোৰ ধৰ্ম নাথাকিব অৰ্থাৎ বিনাশ হৈ যাব কিয়নো সত্যযুগত আৰু কোনো ধৰ্মই নাছিল। এই কথাবোৰ তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, এতিয়াতো অনেক ধৰ্ম আছে। এতিয়া আকৌ পিতাই আমাক মনুষ্যৰ পৰা দেৱতা কৰি তোলে, কিয়নো এতিয়া হৈছে সংগমযুগ। এয়াতো বুজাবৰ বাবে অতি সহজ কথা। ত্ৰিমূৰ্তিৰ চিত্ৰতো দেখুৱায় - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। কিহৰ? স্থাপনা নিশ্চয় নতুন সৃষ্টিৰে হ’ব, পুৰণিৰতো নহয়। সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে নতুন সৃষ্টিত দৈৱী গুণধাৰী দেৱতাসকলহে থাকে। গতিকে এতিয়া আমিও গৃহস্থালিত থাকি দৈৱীগুণ ধাৰণ কৰিব লাগে। প্ৰথমে কাম বিকাৰৰ ওপৰত বিজয়ী হৈ নিৰ্বিকাৰী হ’ব লাগে। কালিলৈকে এই দেৱী-দেৱতাসকলৰ আগত গৈ কৈছিলাও যে আপুনি সম্পূৰ্ণ নিৰ্বিকাৰী, আমি বিকাৰী। নিজকে বিকাৰী অনুভৱ কৰিছিলা কিয়নো বিকাৰত গৈছিলা। এতিয়া পিতাই কয় - তোমালোকো এনেকুৱা নিৰ্বিকাৰী হ’ব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে। এই কাম, ক্ৰোধ আদি বিকাৰ যদিহে আছে তেন্তে দৈৱীগুণধাৰী বুলি কোৱা নহ’ব। বিকাৰত যোৱা, ক্ৰোধ কৰা এইবোৰ আসুৰি গুণ। দেৱতাসকলৰ লোভ থাকিব জানো? তাত পাঁচ বিকাৰ নাথাকে। এইখন হয়েই ৰাৱণৰ সৃষ্টি। ৰাৱণৰ জন্ম হয় ত্ৰেতা আৰু দ্বাপৰৰ সংগমত। যিদৰে এয়া পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ সংগম, তেনেকৈ সেয়াও সংগম হৈ যায়। এতিয়া ৰাৱণৰাজ্যত বহুত দুখ, বেমাৰ আছে, ইয়াক কোৱাই হয় - ৰাৱণৰাজ্য। ৰাৱণক প্ৰত্যেক বছৰে জ্বলায়। বাম (বিকাৰী) মাৰ্গত যোৱা বাবে বিকাৰী হৈ যায়। এতিয়া তোমালোক নিৰ্বিকাৰী হ’ব লাগে। ইয়াতে দৈৱীগুণ ধাৰণ কৰিব লাগে। যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল পায়। সন্তানসকলৰ দ্বাৰা এতিয়া কোনো বিকৰ্ম হ’ব নালাগে।

এজন হৈছে ৰজা বিকৰ্মাজিৎ, দ্বিতীয়জন হৈছে ৰজা বিক্ৰম। এয়া হয়েই বিক্ৰম চন। অৰ্থাৎ ৰাৱণ বিকাৰীসকলৰ চন। এয়া কোনেও নুবুজে। কল্পৰ আয়ুসৰ বিষয়েও কোনেও নাজানে। আচলতে বিকৰ্মাজিৎ দেৱতাসকলহে হয়। 5 হাজাৰ বছৰত 2500 বছৰ হ’ল ৰজা বিক্ৰমৰ, 2500 বছৰ ৰজা বিকৰ্মাজিতৰ। আধা হ’ল বিক্ৰমৰ। তেওঁলোকে যদিও কয় কিন্তু একোৱে নাজানে। তোমালোকে ক’বা বিকৰ্মাজিৎ চন এক বছৰৰ পৰা আৰম্ভ হয় আকৌ 2500 বছৰ পাছত বিক্ৰম চন আৰম্ভ হয়। এতিয়া বিক্ৰম চন পূৰা হ’ব আকৌ তোমালোক বিকৰ্মাজিৎ মহাৰজা-মহাৰাণী হৈ আছা। যেতিয়া হৈ যাবা তেতিয়া বিকৰ্মাজিৎ বৰ্ষ আৰম্ভ হৈ যাব। এই সকলোবোৰ তোমালোকেহে জানা। তোমালোকক কয় - ব্ৰহ্মাক কিয় বহুৱাই ৰাখিছে। হেৰ’ এওঁৰ বাবে আপোনালোকৰ কি সমস্যা হৈছে? আমাক পঢ়াওঁতাজনতো এওঁ নহয়। আমিতো শিৱবাবাৰ পৰা পঢ়োঁ। এৱোঁ তেওঁৰ (শিৱবাবাৰ) পৰা পঢ়ে। পঢ়াওঁতাজনতো হৈছে জ্ঞানৰ সাগৰ, তেওঁ হৈছে বিচিত্ৰ, তেওঁৰ চিত্ৰ অৰ্থাৎ শৰীৰ নাথাকে। তেওঁক কোৱাই হয় - নিৰাকাৰ। তাত নিৰাকাৰী আত্মাসকল থাকে। আকৌ ইয়ালৈ আহি সাকাৰী হয়হি। পৰমপিতা পৰমাত্মাক সকলোৱে স্মৰণ কৰে। তেওঁ হৈছে আত্মাসকলৰ পিতা। লৌকিক পিতাৰ ক্ষেত্ৰত ‘পৰম’ শব্দটি ব্যৱহাৰ কৰা নহয়। এইটো বুজিবলগীয়া কথা নহয় জানো। স্কুলৰ বিদ্যাৰ্থীয়ে পঢ়াৰ প্ৰতি মনোযোগ দিয়ে। যেতিয়া কোনো পদ লাভ কৰে, বেৰিষ্টাৰ (উকীল) আদি হৈ যায় তেতিয়া পঢ়া বন্ধ কৰে। বেৰিষ্টাৰ হোৱাৰ পাছত আকৌ পঢ়িব জানো? নপঢ়ে, পঢ়া পূৰা হৈ যায়। তোমালোকৰো দেৱতা হোৱাৰ পাছত পঢ়াৰ প্ৰয়োজন নাথাকে। 2500 বছৰ দেৱতাসকলৰ ৰাজ্য চলে। এই কথাবোৰ তোমালোক সন্তানসকলেহে জানা। তোমালোকে আকৌ আনক বুজাব লাগে। এইটোও খেয়াল থাকিব লাগে। নপঢ়োৱা যদি তেন্তে কেনেকৈ শিক্ষক হ’লা! তোমালোক সকলো শিক্ষক, শিক্ষকৰ সন্তান নোহোৱা জানো গতিকে তোমালোকো শিক্ষক হ’ব লাগে। তেন্তে পঢ়াবলৈ কিমান শিক্ষক লাগে? যেনেকৈ পিতা, শিক্ষক, সৎগুৰু ঠিক তেনেকৈ তোমালোকো হৈছা শিক্ষক। সৎগুৰুৰ সন্তান সৎগুৰু। তেওঁলোক কোনো সৎগুৰু নহয়। তেওঁলোক গুৰুৰ সন্তান গুৰু। সৎ মানে সঁচা। সঁচাখণ্ড বুলিও ভাৰতক কোৱা হৈছিল, এয়া মিছাখণ্ড। সঁচাখণ্ড বাবাইহে স্থাপনা কৰে, তেওঁ হৈছে সত্য সাই বাবা। যেতিয়া আচল পিতা আহে তেতিয়া মিছাও বহুত ওলায়। গায়নো আছে নহয় - নাও টুলুংভুটুং কৰিব, ধুমুহা আহিব, কিন্তু নুডুবে। সন্তানসকলক বুজোৱা হয় - মায়াৰ ধুমুহা বহুত আহিব। সেইবোৰলৈ ভয় কৰিব নালাগে। সন্ন্যাসী লোকসকলে তোমালোকক এনেকৈ কেতিয়াও নকয় যে মায়াৰ ধুমুহা আহিব। তেওঁলোকে নাজানেই, নাও কেনেকৈ পাৰলৈ লৈ যাব।

তোমালোক সন্তানসকলে জানা যে ভক্তিৰ দ্বাৰা সৎগতি নহয়। অৱনমিতহে হৈ গৈ থাকে। যদিও কয় ভগৱান আহি ভক্তসকলক ভক্তিৰ ফল দিয়ে। ভক্তিতো নিশ্চয় কৰিব লাগে। বাৰু, ভগৱান আহি ভক্তিৰ কি ফল দিব? নিশ্চয় সৎগতি দিব। এনেকৈ কয় কিন্তু কেতিয়া আৰু কেনেকৈ দিব - এইটো নাজানে। তোমালোকে কাৰোবাক সুধিলে ক’ব যে এয়াতো অনাদি চলি আহিছে। পৰম্পৰাগতভাৱে চলি আহিছে। ৰাৱণক কেতিয়াৰ পৰা জ্বলাবলৈ আৰম্ভ কৰিছে? তেতিয়া ক’ব – পৰম্পৰাগতভাৱে। তোমালোকে বুজালে কয় - এওঁলোকৰ জ্ঞানতো কিবা নতুন। যিসকলে কল্প পূৰ্বে বুজিছিল সেইসকলে তৎক্ষণাৎ বুজি পাব। ব্ৰহ্মাৰ কথাই বাদ দিয়া। শিৱবাবাৰ জন্মতো হয়, যাক শিৱৰাত্ৰি বুলিও কোৱা হয়। পিতাই বুজায় - মোৰ জন্ম দিব্য আৰু অলৌকিক। প্ৰাকৃতিক মনুষ্যৰ দৰে জন্ম নহয় কিয়নো তেওঁলোক সকলো গৰ্ভৰ পৰা জন্ম লয়, শৰীৰধাৰী হয়। মইতো গৰ্ভত প্ৰৱেশ নকৰোঁ। এই জ্ঞান পৰমপিতা পৰমাত্মা, জ্ঞান সাগৰৰ বাহিৰে আন কোনেও দিব নোৱাৰে। জ্ঞান সাগৰ বুলি কোনো মনুষ্যক কোৱা নহয়। এই উপমা হয়েই নিৰাকাৰৰ। নিৰাকাৰ পিতাই আত্মাসকলক পঢ়ায়, বুজায়। তোমালোক সন্তানসকলে এই ৰাৱণৰাজ্যত ভূমিকা পালন কৰি কৰি দেহ-অভমানী হৈ গৈছা। আত্মাই সকলোবোৰ কৰে। এই জ্ঞান নাইকিয়া হৈ গৈছে। এয়াতো হৈছে কৰ্মেন্দ্ৰিয়। মই হৈছোঁ আত্মা, যদি মই বিচাৰো এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰাওঁ নহ’লে নকৰাওঁ। নিৰাকাৰী সৃষ্টিত শৰীৰ অবিহনে বহি থাকে। এতিয়া তোমালোকে নিজৰ ঘৰৰ বিষয়েও জানি গ’লা। তেওঁলোকে আকৌ ঘৰকে ঈশ্বৰ বুলি মানি লয়। তেওঁলোক হৈছে ব্ৰহ্ম জ্ঞানী, তত্ব জ্ঞানী। এনেকৈ কয় - ব্ৰহ্মত লীন হৈ যাম। যদি কয় ব্ৰহ্মত নিবাস কৰিম তেতিয়া ঈশ্বৰ বেলেগ হ’ব। এওঁলোকে ব্ৰহ্মকে ঈশ্বৰ বুলি কৈ দিয়ে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাকো পাহৰি যায়। যিজন পিতাই বিশ্বৰ মালিক কৰি তোলে তেওঁক স্মৰণ কৰিব নালাগে জানো কিয়নো তেৱেঁই স্বৰ্গ স্থাপনা কৰোঁতা। এতিয়া তোমালোক হৈছা পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণ। তোমালোক উত্তম পুৰুষ হোৱাগৈ। কনিষ্ঠ পুৰুষে উত্তম পুৰুষৰ আগত মূৰ দোৱায়। দেৱতাসকলৰ মন্দিৰলৈ গৈ কিমান মহিমা গায়। এতিয়া তোমালোকে জানা যে আমিয়ে দেৱতা হওঁগৈ। এয়াতো অতি সহজ কথা। বিৰাট ৰূপৰ বিষয়েও শুনাইছে। বিৰাট চক্ৰ আছে নহয়। তেওঁলোকেতো কেৱল গায়ন কৰে – ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়…..। লক্ষ্মী-নাৰায়ণ আদিৰ চিত্ৰতো আছে নহয়। পিতা আহি সকলোকে শুধৰায়। তোমালোককো শুধৰাই আছে কিয়নো ভক্তিমাৰ্গত জন্ম-জন্মান্তৰে তোমালোকে যিবোৰ কৰি আহিছা সেয়া ভুল সেই কাৰণে তোমালোক তমোপ্ৰধান হৈ গ’লা। এতিয়া হয়েই ভ্ৰষ্টাচাৰী সৃষ্টি। ইয়াত দুখেই দুখ কিয়নো ৰাৱণৰ ৰাজ্য, সকলো বিকাৰী। ৰাৱণৰাজ্য হৈছে ভ্ৰষ্টাচাৰী, ৰামৰাজ্য হৈছে শ্ৰেষ্ঠাচাৰী। এয়া হৈছে কলিযুগ, সেয়া সত্যযুগ। এয়া বুজিবলগীয়া কথা নহয় জানো। এওঁক কেতিয়াবা শাস্ত্ৰ হাতত লোৱা দেখিছা জানো। নিজৰো জ্ঞান দিলে, ৰচনাৰো বুজনি দিছে। শাস্ত্ৰৰ কথা সেইসকলৰ বুদ্ধিত থাকে যিসকলে পঢ়ি আনক শুনায়। গতিকে সকলোৰে সুখদাতা হৈছে একমাত্ৰ শিৱবাবা। তেৱেঁই উচ্চতকৈও উচ্চ পিতা, তেওঁক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। বেহদৰ পিতাই নিশ্চয় বেহদৰ উত্তৰাধিকাৰ দিয়ে। 5 হাজাৰ বছৰ পূৰ্বে তোমালোক স্বৰ্গবাসী আছিলা। এতিয়া হৈছা নৰকবাসী। ৰাম বুলি পিতাক কোৱা হয়। সেইজন ৰাম নহয় যাৰ সীতা হৰণ হৈছিল। তেওঁ জানো সৎগতি দাতা, সেইজন ৰাম ৰজা আছিল। মহাৰজাও নাছিল। মহাৰজা আৰু ৰজাৰ ৰহস্যও বুজাইছে – মহাৰজা হৈছে 16 কলা সম্পন্ন, ৰজা হৈছে 14 কলা সম্পন্ন। ৰাৱণৰাজ্যতো ৰজা, মহাৰজা থাকে। মহাৰজা বহুত চহকী, ৰজা কম চহকী। তেওঁলোকক সূৰ্যবংশী, চন্দ্ৰবংশী বুলি কোৱা নহয়। ইয়াৰ ভিতৰত চহকীসকলে ‘মহাৰজা’ আৰু কম চহকীসকলে ‘ৰজা’ খিতাপ পায়। এতিয়াতো হয়েই প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। নাথ বা গৰাকী কোনো নাই। ৰজাক প্ৰজাসকলে অন্নদাতা জ্ঞান কৰিছিল। এতিয়াতো তাৰো অন্ত পৰিল। বাকী প্ৰজাসকলৰ চোৱা কি অৱস্থা! কাজিয়া-পেচাল আদি কিমান। এতিয়া তোমালোকৰ বুদ্ধিত আদিৰ পৰা অন্তলৈকে গোটেই জ্ঞান আছে। ৰচিয়তা পিতা এতিয়া বাস্তৱত আছে, যাক লৈ আকৌ ভক্তিমাৰ্গত কাহিনী ৰচিব। এতিয়া তোমালোকো বাস্তৱত আছা। আধাকল্প তোমালোকে ৰাজ্য কৰিবা আকৌ পাছত কাহিনী হৈ যাব। চিত্ৰতো থাকে। কাৰোবাক সোধা - তেওঁলোকে কেতিয়া ৰাজ্য কৰিছিল? তেতিয়া লাখ লাখ বছৰ বুলি কৈ দিব। সন্ন্যাসীসকল হৈছে নিবৃত্তি মাৰ্গৰ, তোমালোক হৈছা পৱিত্ৰ গৃহস্থ আশ্ৰমৰ। আকৌ অপৱিত্ৰ গৃহস্থ আশ্ৰমত যাব লাগে। স্বৰ্গৰ সুখক কোনেও নাজানে। নিবৃত্তি মাৰ্গৰ লোকে কেতিয়াও প্ৰবৃত্তি মাৰ্গৰ বিষয়ে শিকাব নোৱাৰে। আগতে জংঘলত বাস কৰিছিল, তেওঁলোকৰ শক্তি আছিল। জংঘলতে তেওঁলোকক খাদ্য দিছিলগৈ। এতিয়া সেই শক্তিয়ে নাইকিয়া হৈ গ’ল। যেনেকৈ তোমালোকৰো তাত ৰাজ্য কৰাৰ শক্তি আছিল, এতিয়া সেই শক্তি ক’ত আছে। সেইসকলেই নোহোৱা জানো। এতিয়া সেই শক্তি নাই। ভাৰতবাসীৰ যি আচল ধৰ্ম আছিল এতিয়া সেই ধৰ্ম নাই। অধৰ্ম হৈ গ’ল। পিতাই কয় - মই আহি ধৰ্ম প্ৰতিষ্ঠা, অধৰ্মৰ বিনাশ কৰোঁ। অধৰ্মীসকলক ধৰ্মৰ পথত লৈ আনো। অৱশিষ্ট যিসকল থাকে সেইসকলৰ বিনাশ হৈ যাব। তথাপি পিতাই সন্তানসকলক বুজায় যে সকলোকে পিতাৰ পৰিচয় দিয়া। পিতাকহে দুখ-হৰ্তা, সুখ-কৰ্তা বুলি কোৱা হয়। যেতিয়া বহুত দুখী হোৱা তেতিয়াহে পিতা আহি সুখী কৰি তোলে। এয়াও অনাদি ৰচি থোৱা খেল। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰুষোত্তম সংগমযুগত উত্তম পুৰুষ হ’বৰ কাৰণে আত্ম-অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। সত্য পিতাক পাইছা গতিকে কোনো ধৰণৰ অসত্য, ভ্ৰষ্টাচাৰী কাম কৰিব নালাগে।

(2) মায়াৰ ধুমুহালৈ ভয় কৰিব নালাগে। সদায় যাতে এইটো স্মৃতি থাকে যে সত্যৰ নাও টুলুংভুটুং কৰিব কিন্তু নুডুবে। সৎগুৰুৰ সন্তান সৎগুৰু হৈ সকলোৰে নাও পাৰ কৰাব লাগে।

বৰদান:
সহজ যোগৰ সাধনাৰ দ্বাৰা সাধনবোৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা প্ৰয়োগী আত্মা হোৱা

সাধন থাকিলেও সাধনবোৰ ব্যৱহাৰ কৰোঁতে যোগৰ স্থিতি যাতে তল-ওপৰ নহয়। যোগী হৈ প্ৰয়োগ কৰা ইয়াকে উপৰাম বুলি কোৱা হয়। থকা সত্ত্বেও নিমিত্ত মাত্ৰ, অনাসক্ত ৰূপত প্ৰয়োগ কৰা। যদি ইচ্ছা থাকে তেন্তে সেই ইচ্ছাই ভাল হ’বলৈ নিদিব। পৰিশ্ৰম কৰাতেই সময় গুচি যাব। সেই সময়ত তোমালোকে সাধনাত থাকিবলৈ প্ৰয়াস কৰিবা আৰু সাধনে নিজৰ ফালে আকৰ্ষিত কৰিব সেইবাবে প্ৰয়োগী আত্মা হৈ সহজযোগৰ সাধনাৰ দ্বাৰা সাধনবোৰৰ ওপৰত অৰ্থাৎ প্ৰকৃতিৰ ওপৰত বিজয়ী হোৱা।

স্লোগান:
নিজে সন্তুষ্ট হৈ থাকি, সকলোকে সন্তুষ্ট কৰা মানেই সন্তুষ্টমণি হোৱা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যেনেকৈ সূৰ্যৰ ফালে চালে সূৰ্যৰ কিৰণ অৱশ্যে আহে তেনেকৈ যদি জ্ঞান সূৰ্য পিতাৰ সদায় সন্মুখত থাকা অৰ্থাৎ সঁচা প্ৰীতি বুদ্ধি থাকে তেন্তে জ্ঞান সূৰ্যৰ সকলো গুণৰ কিৰণ নিজৰ মাজত অনুভৱ কৰিবা। এনেকুৱা প্ৰীতি বুদ্ধিৰ সন্তানসকলৰ চেহেৰাত অন্তৰ্মুখতাৰ ৰেঙণি আৰু লগতে সংগমযুগৰ বা ভৱিষ্যতৰ সকলো স্বমানৰ ৰেঙনি থাকে।