07.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই তোমালোকৰ উপাৰ্জন জমা হয়, তোমালোক লোকচানৰ পৰা লাভত আহি যোৱা, বিশ্বৰ মালিক হৈ যোৱা”

প্ৰশ্ন:
সৎ সংগই উদ্ধাৰ কৰে, কুসংগই ডুবায় – ইয়াৰ অৰ্থ কি?

উত্তৰ:
যেতিয়া তোমালোক সন্তানসকলে সত্যৰ সংগ অৰ্থাৎ পিতাৰ সংগ পোৱা তেতিয়া তোমালোকৰ আৰোহণ কলা হৈ যায়। ৰাৱণৰ সংগ হৈছে কুসংগ, ৰাৱণৰ সংগত তোমালোক অৱনমিত হোৱা অৰ্থাৎ ৰাৱণে তোমালোকক ডুবাই দিয়ে, পিতাই পাৰলৈ লৈ যায়। পিতাৰো চমৎকাৰ যে চেকেণ্ডত এনেকুৱা সংগ দিয়ে যাৰ দ্বাৰা তোমালোকৰ সৎগতি হৈ যায়, সেইকাৰণে তেওঁক যাদুকৰ বুলিও কোৱা হয়।

ওঁম্শান্তি।
সন্তানসকল স্মৃতিত বহি আছিল ইয়াক স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। পিতাই কয় – ‘যোগ’ শব্দটি ব্যৱহাৰ নকৰিবা। পিতাক স্মৰণ কৰা, তেওঁ হৈছে আত্মাসকলৰ পিতা, পৰমপিতা, পতিত-পাৱন। সেই পতিত-পাৱনজনকে স্মৰণ কৰিব লাগে। পিতাই কয় – দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি একমাত্ৰ পিতাক স্মৰণ কৰা। এনেকৈ কোৱা হয় যে তোমাৰ মৃত্যু হ’ল মানে জগতখন তোমাৰ বাবে মৰি গ’ল.... দেহ সহিত দেহৰ যি সম্বন্ধ আদি দেখিবলৈ পোৱা যায়, সেয়া স্মৃতিলৈ নানিবা। একমাত্ৰ পিতাকহে স্মৰণ কৰিবা তেতিয়া তোমালোকৰ পাপ দগ্ধ হৈ যাব। তোমালোক জন্ম-জন্মান্তৰৰ পাপ আত্মা নোহোৱা জানো। এইখন হয়েই পাপ আত্মাৰ জগত। সত্যযুগ হৈছে পুণ্য আত্মাৰ জগত। এতিয়া সকলো পাপ মোচন হৈ পুণ্য কেনেকৈ জমা হ’ব? পিতাৰ স্মৃতিৰেই জমা হ’ব। আত্মাত মন-বুদ্ধি নাই জানো। গতিকে আত্মাই বুদ্ধিৰে স্মৰণ কৰিব লাগে। পিতাই কয় – তোমালোকৰ যি মিত্ৰ-সম্বন্ধীয় আছে, সেই সকলোকে পাহৰি যোৱা। সেই সকলোৱে ইজনে-সিজনক সুখ দিয়ে। এটা পাপ হৈছে কাম কটাৰী চলোৱা, আনটো পাপ আকৌ কি কৰে? যিজন পিতা সকলোৰে সৎগতি দাতা, সন্তানসকলক বেহদৰ (সীমাহীন) সুখ দিয়ে অৰ্থাৎ স্বৰ্গৰ মালিক কৰি তোলে, তেওঁক সৰ্বব্যাপি বুলি কৈ দিয়ে। এইখন হৈছে পাঠশালা, তোমালোক আহিছা এয়া পঢ়িবলৈ। এই লক্ষ্মী-নাৰায়ণ হৈছে তোমালোকৰ লক্ষ্য–উদ্দেশ্য। অন্য কোনেও এনেকৈ ক’ব নোৱাৰে। তোমালোকে জানা যে এতিয়া আমি পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হ’ব লাগে। আমিয়ে বিশ্বৰ মালিক আছিলোঁ। পূৰা 5 হাজাৰ বছৰ হ’ল। দেৱী-দেৱতাসকল বিশ্বৰ মালিক নহয় জানো। কিমান উচ্চ পদ। নিশ্চয় পিতায়ে এনেকুৱা কৰি তুলিব। পিতাকে পৰমাত্মা বুলি কোৱা হয়, তেওঁৰ আচল নাম হৈছে ‘শিৱ’। আকৌ বহুত নাম ৰাখি দিছে। যেনেকৈ বোম্বাইত (এতিয়া মুম্বাইত) ববুলনাথৰ মন্দিৰ আছে অৰ্থাৎ কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি তোলোঁতা। নহ’লেতো তেওঁৰ আচল নাম এটাই সেয়া হৈছে শিৱ, এওঁৰ শৰীৰত প্ৰৱেশ কৰিলেও তেওঁৰ নাম ‘শিৱ’। তোমালোকে এই ব্ৰহ্মাক স্মৰণ কৰিব নালাগে। এওঁতো দেহধাৰী। তোমালোকে বিদেহীক স্মৰণ কৰিব লাগে। তোমালোক আত্মাসকল পতিত হৈ গৈছা, এতিয়া পাৱন হ’ব লাগে। এনেকৈ কয়ো - মহান আত্মা, পাপ আত্মা। মহান পৰমাত্মা বুলি নকয়। নিজক পৰমাত্মা বা ঈশ্বৰ বুলিও কোনেও ক’ব নোৱাৰে। কয়ো - মহাত্মা, পৱিত্ৰ আত্মা। সন্ন্যাসীয়ে সন্ন্যাস কৰে, সেইবাবে পৱিত্ৰ আত্মা। পিতাই বুজাইছে যে তেওঁলোকেও পুৰ্নজন্ম লয়। দেহধাৰীয়ে পুৰ্নজন্ম নিশ্চয় ল’বলগীয়া হয়। বিকাৰেৰে জন্ম লৈ পুনৰ যেতিয়া বয়স্ক হৈ যায় তেতিয়া সন্ন্যাস লয়। দেৱতাসকলেতো এনেকুৱা নকৰে। তেওঁলোক হৈছে সৰ্বদা পৱিত্ৰ। পিতাই এতিয়া তোমালোকক আসুৰিকৰ পৰা দৈৱী কৰি তোলে, দৈৱীগুণ ধাৰণ কৰিলে দৈৱী সম্প্ৰদায়ৰ হ’বা। দৈৱী সম্প্ৰদায় থাকে সত্যযুগত, আসুৰি সম্প্ৰদায় থাকে কলিযুগত। এতিয়া হৈছে সংগমযুগ। এতিয়া তোমালোকে পিতাক পাইছা, পিতাই কয় - এতিয়া তোমালোকে পুনৰ দৈৱী সম্প্ৰদায়ৰ নিশ্চয় হ’ব লাগে। তোমালোক ইয়ালৈ আহিছাই দৈৱী সম্প্ৰদায়ৰ হ’বলৈ। যিসকল দৈৱী সম্প্ৰদায়ৰ তেওঁলোকৰ অথাহ সুখ থাকে। এইখন সৃষ্টিক হিংসক বুলি কোৱা হয়, দেৱতাসকল হৈছে অহিংসক।

পিতাই কয় – মৰমৰ আত্মিক সন্তানসকল, পিতাক স্মৰণ কৰা। তোমালোকৰ যিসকল গুৰু লোক আছে, তেওঁলোকো সকলো দেহধাৰী। এতিয়া তোমালোক আত্মাসকলে পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে। সুখ তেতিয়া পাবা যেতিয়া তোমালোক পুণ্য আত্মা হ’বাগৈ। 84 জন্মৰ পাছতহে তোমালোক পাপ আত্মা হৈ যোৱা। এতিয়া তোমালোকে পুণ্য জমা কৰা। যোগবলৰ দ্বাৰা পাপ নাশ কৰা। এই স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই তোমালোক বিশ্বৰ মালিক হোৱাগৈ। তোমালোক সঁচাকৈয়ে বিশ্বৰ মালিক আছিলা। সেয়া আকৌ ক’লৈ গ’ল, সেয়াও পিতাইহে শুনায়। তোমালোকে 84 জন্ম ল’লা, সূৰ্যবংশী- চন্দ্ৰবংশী হ’লা। কোৱাও হয় - ভক্তিৰ ফল ভগৱানে দিয়ে। ভগৱান বুলি কোনো দেহধাৰীক কোৱা নহয়। তেওঁ হয়েই নিৰাকাৰ শিৱ। তেওঁৰে শিৱৰাত্ৰি পালন কৰা হয় তেন্তে নিশ্চয় আহে নহয় জানো। কিন্তু কয় - মই তোমালোকৰ দৰে জন্ম নলওঁ, মই শৰীৰ লোণত ল’বলগীয়া হয়। মোৰ নিজৰ শৰীৰ নাই। যদি থাকিলহেঁতেন তাৰ নামো থাকিলহেঁতেন। ব্ৰহ্মা নামটো এওঁৰ নিজৰ। এওঁ সন্ন্যাস কৰিলে তেতিয়া ব্ৰহ্মা নাম ৰখা হ’ল। তোমালোক হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী। নহ’লে ব্ৰহ্মা ক’ৰ পৰা আহিল। ব্ৰহ্মা হৈছে শিৱৰ সন্তান। শিৱবাবাই নিজৰ সন্তান ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক জ্ঞান দিয়ে। ব্ৰহ্মা, বিষ্ণু, শংকৰো তেওঁৰে সন্তান। নিৰাকাৰ পিতাৰ সকলো সন্তান নিৰাকাৰ। আত্মাসকল ইয়ালৈ আহি শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। পিতাই কয় - মই আহোঁৱেই পতিতক পাৱন কৰি তুলিবলৈ। মই এই শৰীৰ লোণত লওঁ। শিৱ ভগৱানুবাচ নহয় জানো। শ্ৰীকৃষ্ণকতো ভগৱান বুলি ক'ব নোৱাৰি। ভগৱানতো এজনেই। শ্ৰীকৃষ্ণৰ মহিমাই ভিন্ন। প্ৰথম নম্বৰৰ দেৱতা হৈছে ৰাধা-কৃষ্ণ, যি সয়ম্বৰৰ পাছত পুনৰ লক্ষ্মী-নাৰায়ণ হয়। কিন্তু এইটো কোনেও নাজানে। ৰাধা-কৃষ্ণৰ বিষয়ে কোনেও নাজানে। তেওঁলোক আকৌ ক'লৈ গুচি যায়? ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাছত পুনৰ লক্ষ্মী-নাৰায়ণ হয়। দুয়ো বেলেগ বেলেগ মহাৰজাৰ সন্তান হয়। তাত অপৱিত্ৰতাৰ নাম নাই কিয়নো 5 বিকাৰ ৰূপী ৰাৱণেই নাই। হৈছেই ৰামৰাজ্য। এতিয়া পিতাই আত্মাসকলক কয় যে মোক স্মৰণ কৰা তেন্তে তোমালোকৰ পাপ খণ্ডন হৈ যাব। তোমালোক সতোপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈ গ’লা, লোকচান হৈ গ'ল গতিকে পুনৰ জমা কৰিব লাগে। ভগৱানক বেপাৰী বুলিও কোৱা হয়। কোনোবা বিৰলজনেহে তেওঁৰ লগত বেপাৰ কৰিব। তেওঁক যাদুকৰ বুলিও কোৱা হয়, চমৎকাৰ কৰে, যিয়ে গোটেই সৃষ্টিৰ সৎগতি কৰে। সকলোকে মুক্তি-জীৱনমুক্তি দিয়ে। যাদুৰ খেল নহয় জানো। মনুষ্যই মনুষ্যক দিব নোৱাৰে। তোমালোকে 63 জন্ম ভক্তি কৰি আহিছা, এই ভক্তিৰ দ্বাৰা কোনোবাই সৎগতি পাইছেনে? কোনোবা আছেনে যিয়ে সৎগতি দিব? থাকিবই নোৱাৰে। এজনো উভতি যাব নোৱাৰে। বেহদৰ পিতাহে আহি সকলোকে উভতাই লৈ যায়। কলিযুগত অনেক ৰজা আছে। তাত তোমালোক অতি কমসংখ্যকে ৰাজ্য কৰা। বাকী সকলো আত্মা মুক্তিত গুচি যায়। তোমালোক মুক্তিধাম হৈ জীৱনমুক্তিত যোৱা। এই চক্ৰ ঘূৰিয়ে থাকে। এতিয়া তোমালোক আত্মাসকলৰ এই সৃষ্টি চক্ৰ, ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ দৰ্শন হৈছে। তোমালোকেই এই জ্ঞানৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হোৱাগৈ। দেৱতাসকলৰ ৰাজধানী স্থাপনা হৈ গ’লে তাৰপাছত তোমালোকক জ্ঞানৰ প্ৰয়োজন নাথাকিব। ভক্তসকলক ভগৱানে আধাকল্প সুখৰ ফল দিলে, আকৌ ৰাৱণৰাজ্যত দুখৰ আৰম্ভণি হয়। লাহে লাহে ছিৰি নামে। তোমালোক সত্যযুগত থাকিলেও দিন বাগৰাৰ লগে লগে ছিৰি নামিবলগীয়া হয়। তোমালোক 16 কলা সম্পূৰ্ণ হৈ যোৱা, পিছত ছিৰি নামিয়েই থাকা। চেকেণ্ডৰ পাছত চেকেণ্ড টিক্ টিক্ সময় বাগৰি গৈ থাকে। নামিয়েই গৈ থাকে। সময় বাগৰি বাগৰি এই ঠাইত আহি উপনীত হৈছাহি। তাতো এনেকৈয়ে সময় বাগৰি গৈ থাকিব। আমি একেবাৰে ততালিকে ছিৰি আৰোহণ কৰোঁ। আকৌ ওকনিৰ সদৃশ (ধীৰ গতিৰে) ছিৰি নামোঁ।

পিতাই কয় - মই সকলোৰে সৎগতি কৰোঁতা। মনুষ্যই, মনুষ্যৰ সৎগতি কৰিব নোৱাৰে কিয়নো তেওঁলোক বিকাৰেৰে জন্মে, পতিত হয়। বাস্তৱত শ্ৰীকৃষ্ণকহে প্ৰকৃত মহাত্মা বুলি ক'ব পাৰি। এই মহাত্মা লোকসকলেতো তথাপিও বিকাৰেৰে জন্ম লৈ আকৌ সন্ন্যাস লয়। তেওঁলোকতো হৈছে দেৱতা। দেৱতাসকলতো সৰ্বদা পৱিত্ৰ। তেওঁলোকৰ কোনো বিকাৰ নাথাকে। তাকেই কোৱা হয় নিৰ্বিকাৰী সৃষ্টি, ইয়াক কোৱা হয় বিকাৰী সৃষ্টি। কোনো পৱিত্ৰতা নাই। চাল-চলন কিমান বেয়া। দেৱতাসকলৰ চাল-চলনতো বহুত ভাল হয়। সকলোৱে তেওঁলোকক নমন কৰে। তেওঁলোকৰ চৰিত্ৰ ভাল সেইবাবেতো অপৱিত্ৰ মনুষ্যই সেই পৱিত্ৰ দেৱতাসকলৰ আগত মূৰ দোৱায়। এতিয়াতো কাজিয়া-পেচাল কি কি যে লাগি থাকে। বহুত হুলস্থুল। এতিয়াতো থাকিবলৈও ঠাই নাই। বিচাৰে যাতে মনুষ্য কম হয়। কিন্তু এয়াতো পিতাৰহে কাম। সত্যযুগত বহুত কম মনুষ্য থাকে। ইমানবোৰ শৰীৰ জ্বলি যায়, বাকী সকলো আত্মা নিজৰ মৰমৰ ঘৰলৈ গুচি যায়। শাস্তিতো ক্ৰমানুসৰি নিশ্চয় ভোগে। যিয়ে পূৰা পুৰুষাৰ্থ কৰি বিজয় মালাৰ মণি হয়, তেওঁলোক শাস্তিৰ পৰা ৰক্ষা পৰে। মালা এগৰাকীৰেতো নহয়। যিয়ে তেওঁলোকক এনেকুৱা কৰি তুলিলে, তেওঁ হৈছে ফুল। তাৰপাছত হৈছে মেৰু, প্ৰবৃত্তি মাৰ্গ নহয় জানো। গতিকে যোৰাৰ মালা হয়। একক মালা নহয়। সন্ন্যাসীসকলৰ মালা নাথাকে। তেওঁলোক হৈছে নিবৃত্তি মাৰ্গৰ। তেওঁলোকে প্ৰবৃত্তি মাৰ্গৰ লোকসকলক জ্ঞান দিব নোৱাৰে। পৱিত্ৰ হ'বৰ কাৰণে তেওঁলোকৰ হৈছে হদৰ সন্ন্যাস, তেওঁলোক হৈছে হঠযোগী। এয়া হৈছে ৰাজযোগ, ৰাজ্য প্ৰাপ্ত কৰিবৰ কাৰণে পিতাই তোমালোকক এই ৰাজযোগ শিকায়। পিতা প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আহে। আধাকল্প তোমালোকে সুখত ৰাজত্ব কৰা, আকৌ ৰাৱণৰাজ্যত লাহে লাহে তোমালোক দুখী হৈ যোৱা। ইয়াক কোৱা হয় সুখ-দুখৰ খেল। তোমালোক পাণ্ডৱসকলক বিজয়ী কৰায়। এতিয়া তোমালোক হৈছা পাণ্ডা। ঘৰলৈ যাবৰ কাৰণে যাত্ৰা কৰোৱা। সেই যাত্ৰাতো মনুষ্যই জন্ম-জন্মান্তৰ কৰি আহিছে। এতিয়া তোমালোকৰ যাত্রা হৈছে ঘৰলৈ যাবৰ কাৰণে। পিতা আহি সকলোকে মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুৱায়। তোমালোক জীৱনমুক্তিত আৰু বাকী সকলো মুক্তিত গুচি যাব। হাহাকাৰৰ পাছত আকৌ জয়জয়কাৰ হৈ যায়। এতিয়া হৈছে কলিযুগৰ অন্ত। বিপদতো বহুত আহিবলগীয়া আছে, তেতিয়া সেই সময়ত তোমালোক স্মৃতিৰ যাত্ৰাত থাকিব নোৱাৰিবা কিয়নো হুলস্থুল বহুত হৈ যাব সেয়েহে পিতাই কয় - এতিয়া স্মৃতিৰ যাত্ৰা বঢ়াই গৈ থাকা তেতিয়া পাপ ভস্ম হৈ যাব আকৌ জমাও কৰা। সতোপ্ৰধানতো হোৱা। পিতাই কয় - মই প্ৰত্যেক কল্পৰ পুৰুষোত্তম সংগমযুগত আহোঁ। এয়াতো বহুত সৰু ব্ৰাহ্মণসকলৰ যুগ। ব্ৰাহ্মণৰ চিহ্ন হৈছে টিকনি। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ - এই চক্ৰ ঘূৰিয়ে থাকে। ব্ৰাহ্মণৰ বহুত সৰু কুল, এই সৰু যুগত পিতা আহি তোমালোকক পঢ়ায়। তোমালোক সন্তানো হোৱা, বিদ্যাৰ্থীও হোৱা আৰু অনুগামীও হোৱা। এজনৰে হোৱা। এনেকুৱা কোনো মনুষ্যই নাই যি পিতাও হয়, শিক্ষা দিওঁতা শিক্ষকো হয়, সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিওঁতা হয়, আকৌ লগত লৈও যাব। এনেকুৱা কোনো মনুষ্য থাকিব নোৱাৰে। এই কথাবোৰ এতিয়া তোমালোকে বুজি পোৱা। সত্যযুগত প্ৰথমে বৃক্ষ বহুত সৰু হয়, বাকী সকলো শান্তিধামলৈ গুচি যায়। পিতাক সকলোৰে সৎগতি দাতা বুলি কোৱা হয়। পিতাক আহ্বান কৰে - হে পতিত-পাৱন বাবা আহা। আনফালে আকৌ কয় - পৰমাত্মা কুকুৰ-মেকুৰী, পাথৰ-শিলগুটি সকলোতে আছে। বেহদৰ পিতাৰ অপকাৰ কৰে। পিতা যিয়ে বিশ্বৰ মালিক কৰি তোলে, তেওঁৰ অপযশ কৰে। ইয়াকে কোৱা হয় ৰাৱণৰ সংগ দোষ। সত্যৰ সংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। ৰাৱণৰ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে তোমালোক অৱনমিত হ’ব আৰম্ভ কৰা। পিতা আহি তোমালোকক আৰোহণ কলাত লৈ যায়। পিতা আহি মনুষ্যক দেৱতা কৰি তোলে সেইকাৰণে সকলোৰে কল্যাণ হৈ যায়। এতিয়াতো সকলো ইয়াতে আছে, বাকী যিসকল আছে তেওঁলোক আহি থাকে। যেতিয়ালৈকে নিৰাকাৰী সৃষ্টিৰ পৰা সকলো আত্মা আহি নাযায় তেতিয়ালৈকে তোমালোক পৰীক্ষাতো ক্ৰমান্বয়ে উত্তীৰ্ণ হৈ গৈ থাকিবা। ইয়াক কোৱা হয় আত্মিক কলেজ। আত্মিক পিতাই আত্মিক সন্তানসকলক পঢ়াবলৈ আহে, ৰাৱণৰ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে দেহ ত্যাগ কৰি অপৱিত্ৰ ৰজা হ’লা আৰু পৱিত্ৰ দেৱতাসকলৰ আগত মূৰ দোৱাবলৈ আৰম্ভ কৰিলা। আত্মাহে পতিত অথবা পাৱন হয়। আত্মা পতিত হ’লে শৰীৰৰো পতিত পোৱা যায়। সঁচা সোণত খাদ পৰিলে তেতিয়া খাদযুক্ত অলংকাৰ হৈ যায়। এতিয়া আত্মাৰ পৰা খাদ আঁতৰিব কেনেকৈ? যোগ অগ্নি লাগে, তাৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। আত্মাত ৰূপ, তাম, লো মিহলি হৈ গ’ল। এয়া হৈছে খাদ। আত্মা হৈছে সঁচা সোণ। এতিয়া ভেজাল হৈ গ’ল। সেই খাদ আঁতৰিব কেনেকৈ? এয়া হৈছে যোগ অগ্নি, জ্ঞান চিতাত বহি আছা। আগতে আছিলা কাম চিতাত। পিতাই জ্ঞান চিতাত বহুৱাইছে। জ্ঞান সাগৰ পিতাৰ বাহিৰে অন্য কোনেও জ্ঞান চিতাত বহুৱাব নোৱাৰে। মনুষ্যই ভক্তিমাৰ্গত কিমান পূজা কৰে কিন্তু কাকোৱে নাজানে। এতিয়া তোমালোকে সকলোকে জানি গ’লা। তোমালোক সকলোৱে যেতিয়া দেৱতা হোৱাগৈ তেতিয়া পূজাৰ কথাই শেষ হৈ যায়। যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়া ভক্তি আৰম্ভ হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শাস্তিৰ পৰা মুক্ত হ’বৰ কাৰণে বিজয় মালাৰ মণি হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে, আত্মিক পাণ্ডা হৈ সকলোকে শান্তিধাম ঘৰৰ যাত্ৰা কৰাব লাগে।

(2) স্মৃতিৰ যাত্ৰা বঢ়াই বঢ়াই সকলো পাপৰ পৰা মুক্ত হৈ যাব লাগে। যোগ অগ্নিৰে আত্মাক সঁচা সোণ কৰি তুলিব লাগে, সতোপ্ৰধান হ’ব লাগে।

বৰদান:
প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি সদা-প্ৰস্তুত হৈ থাকোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

নিজৰ অন্তিম মুহূৰ্তৰ কোনো ভৰসা নাই সেইবাবে প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি সদা-প্ৰস্তুত হৈ থাকা। সদা-প্ৰস্তুত অৰ্থাৎ তীব্ৰ পুৰুষাৰ্থী। এনেকৈ নাভাবিবা যে এতিয়াতো বিনাশ হবলৈ কিছু সময় লাগিব পাছত তৈয়াৰ হৈ যাম। নহয়। প্ৰতিটো মুহূৰ্তই অন্তিম মুহূৰ্ত গতিকে সদায় নিৰ্মোহী, নিৰ্বিকল্প, নিঃস্বাৰ্থ... ব্যৰ্থও যাতে নাথাকে, তেতিয়া সদা-প্ৰস্তুত বুলি কোৱা হ’ব। কিবা কাৰ্য কৰিবলৈ বাকী থাকিলে নিজৰ স্থিতি যাতে সদায় উপৰাম হৈ থাকে, যি হ’ব সেয়া ভাল হ’ব।

স্লোগান:
নিজৰ হাতত আইন তুলি লোৱাটোও ক্ৰোধৰ অংশ।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যদি সদায় এইটো স্মৃতিত থাকে যে এই শৰীৰৰ যিকোনো সময়তে বিনাশ হ’ব পাৰে তেতিয়া বিনাশ কালত এইটো স্মৃতি থাকিলে স্বতঃ প্ৰীতি বুদ্ধিৰ হৈয়েই যাবা। যেনেকৈ বিনাশ কাল আহিলে তেতিয়া অজ্ঞানীয়েও পিতাক স্মৰণ কৰাৰ প্ৰয়াস নিশ্চয় কৰে কিন্তু পৰিচয় নোহোৱা বাবে প্ৰীতি গঢ়ি নুঠে। যদি সদায় এইটো স্মৃতিত ৰাখা যে এয়া অন্তিম মুহূৰ্ত তেতিয়া এইটো স্মৃতিত থকা বাবে আন কোনো স্মৃতিলৈ নাহিব।