08.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ‘পিতা’, ‘শিক্ষক’, ‘সৎগুৰু’ এই তিনিটা শব্দ স্মৃতিত ৰাখা তেতিয়া অনেক বিশেষত্ব আহি যাব ”

প্ৰশ্ন:
কোনসকল সন্তানৰ খোজে প্ৰতি পদমৰ (দশ লক্ষ কোটিত এক পদম) হিচাপত উপাৰ্জন জমা হৈ থাকে?

উত্তৰ:
যিয়ে নিজৰ প্ৰতিটো খোজ সেৱাৰ বাবে আগবঢ়াই থাকে, তেৱেঁই পদমৰ হিচাপত উপাৰ্জন জমা কৰে। যদি বাবাৰ সেৱাত আগবাঢ়ি নাহে তেনেহ’লে পদমৰ হিচাপত কেনেকৈ পাব? সেৱাইহে খোজে প্ৰতি পদমৰ হিচাপত আমদানি কৰাই দিয়ে, ইয়াৰ দ্বাৰাই পদ্মাপদমপতি হোৱা।

প্ৰশ্ন:
কোনটো ৰহস্য জনাৰ কাৰণে তোমালোক সন্তানসকল সকলোৰে কল্যাণকাৰী হোৱা?

উত্তৰ:
বাবাই আমাক সন্তানসকলক এইটো ৰহস্য বুজাইছে যে সকলোৰে এই এখনেই দোকান, ইয়ালৈ সকলো আহিবই লাগে। এইটো অতি গূঢ় ৰহস্য। এইটো ৰহস্য জনা সন্তানসকলহে সকলোৰে কল্যাণকাৰী হয়।

ওঁম্শান্তি।
আত্মিক পিতাৰ আত্মিক সন্তানসকল, এয়াতো সকলোৱে জানা যে বাবা আমাৰ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। সন্তানসকলে জানে, জনা সত্বেও বাৰে বাৰে পাহৰি যায়। ইয়াত যিসকল বহি আছে তেওঁলোকে জানে কিন্তু পাহৰি যায়। জগতৰ লোকেতো একেবাৰে নাজানে। পিতাই কয় - কেৱল এই তিনিটা শব্দও যদি স্মৃতিত থাকে তেতিয়াও বহুত সেৱা কৰিব পাৰা। প্ৰদৰ্শনী অথবা সংগ্ৰাহালয়ত তোমালোকৰ ওচৰলৈ বহুত আহে, ঘৰলৈও মিত্ৰ-সম্বন্ধীয় আদি বহুত আহে। কোনোবা আহিলে বুজাব লাগে যে যাক ভগৱান বুলি কোৱা হয় তেওঁ বাবাও হয়, শিক্ষকো হয় সৎগুৰুও হয়। এইটোও যদি স্মৃতিত থাকে তেতিয়াও ঠিক, অন্য কোনো যাতে স্মৃতিলৈ নাহে। অন্য কাকো এনেকৈ ক’ব নোৱাৰে। তোমালোক সন্তানসকলে জানা বাবা পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। কিমান সহজ। কিন্তু কিছুমান এনেকুৱা পাথৰ বুদ্ধিৰো আছে যিয়ে এই তিনিটা শব্দও বুদ্ধিত ধাৰণ কৰিব নোৱাৰে, পাহৰি যায়। বাবাই আমাক মনুষ্যৰ পৰা দেৱতা কৰি তোলে কিয়নো বেহদৰ পিতা হয়। যিহেতু বেহদৰ পিতা হয় তেন্তে নিশ্চয় বেহদৰ উত্তৰাধিকাৰে দিব। বেহদৰ উত্তৰাধিকাৰ আছে দেৱতাসকলৰ ওচৰত। কেৱল এইটো স্মৃতিত থাকিলেও তেতিয়া ঘৰতো বহুত সেৱা কৰিব পাৰা। কিন্তু এয়াও পাহৰি যোৱা কাৰণে কাকো শুনাব নোৱাৰে। বাৰে বাৰে পাহৰি যায় কাৰণ গোটেই কল্পতে পাহৰি আহিছা। এতিয়া পিতাই বহি বুজায়। বাস্তৱত এই জ্ঞান অতি সহজ। বাকী স্মৃতিৰ যাত্ৰাৰে সম্পূৰ্ণ হ’বলৈ যত্ন কৰিবলগীয়া হয়। বাবা আমাৰ পিতাও হয়, শিক্ষাও দিয়ে, উত্তৰাধিকাৰো দিয়ে, পৱিত্ৰও কৰি তোলে কিয়নো পিতা হৈছে পতিত-পাৱন, কেৱল কয় যে সকলোকে এইটোৱে শুনোৱা যে মোক স্মৰণ কৰা। বাবাৰ সেৱাত যদি অলপো আগবাঢ়ি নাহে তেন্তে তেওঁ আকৌ পদমৰ হিচাপত কেনেকৈ পাব! পদমপতি সেৱাৰ দ্বাৰাহে হ’ব পাৰে। সেৱাইহে প্ৰতিটো খোজত পদমৰ হিচাপত আমদানি কৰাই দিয়ে। সেৱাৰ বাবে সন্তানসকল ক’ৰ ক’ৰ পৰা দৌৰি আহে। কিমান দৌৰি ফুৰে। পদমৰ হিচাপততো তেওঁলোকেহে পাব নহয়। এয়াও বুদ্ধিয়ে কয়, প্ৰথমে শূদ্ৰক ব্ৰাহ্মণ কৰি তুলিব লাগে। ব্ৰাহ্মণেই যদি কৰি নোতোলা তেন্তে কি হ’বাগৈ! সেৱাতো কৰিব লাগে নহয়। সন্তানসকলক সেৱাৰ বতৰাও এই কাৰণেই শুনোৱা হয় যাতে প্ৰলোভিত (আকৰ্ষিত) হয়। সেৱাৰ দ্বাৰাই পদমৰ হিচাপত পোৱা যায়। মাত্ৰ এটা কথাই শুনোৱা যিটো জগতত আৰু কোনেও নাজানে। বেহদৰ পিতা, পিতা হয়। কিন্তু পিতাৰ কথা কোনেও নাজানে। মাত্ৰ এনেয়ে ঈশ্বৰ পিতা বুলি কৈ থাকে। তেওঁ শিক্ষক হয় - এইটো কাৰো বুদ্ধিত নাথাকে। বিদ্যাৰ্থীৰ বুদ্ধিত সদায় শিক্ষকৰ স্মৃতি থাকে, যিয়ে সম্পূৰ্ণ ৰীতিৰে নপঢ়ে তেওঁক অশিক্ষিত বুলি কোৱা হয়। বাবাই কয় – কোনো কথা নাই। তোমালোকে একো নপঢ়াকৈয়ে এয়াতো বুজিব পাৰা যে আমি ভাই ভাই হওঁ। আমাৰ পিতা হৈছে বেহদৰ। পিতা আহেই এক ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ, ব্ৰহ্মাৰ দ্বাৰা কৰে। কিন্তু জগতৰ লোকে একো বুজি নাপায়। ঈশ্বৰ যদি কেতিয়াও অহাই নাছিল তেন্তে তেওঁক কিয় আহ্বান জনায় যে হে মুক্তিদাতা আহক, হে পতিত-পাৱন আহক। যিহেতু পতিত-পাৱনক স্মৰণ কৰে তেন্তে আকৌ শাস্ত্ৰ কিয় পঢ়ে? তীৰ্থলৈ কিয় যায়? তাত বহি আছে জানো? কোনেও নাজানেই যিহেতু পতিত-পাৱন ঈশ্বৰ হয় তেন্তে গঙ্গা স্নান আদিৰ দ্বাৰা কোনোবা কেনেকৈ পাৱন হ’ব পাৰে। স্বৰ্গলৈ কোনোবা কেনেকৈ যাব পাৰে, জন্মতো ইয়াতেই ল’ব লাগে। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ মাজত পাৰ্থক্য নাই জানো। ইয়াক জানো সত্যযুগ বুলি ক’বা। এতিয়া কলিযুগ নহয় জানো। মনুষ্যতো একেবাৰে পাথৰ বুদ্ধিৰ। অলপ সুখ দেখিলে তাকেই স্বৰ্গ বুলি ভাবি লয়। এয়া পিতাইহে বুজায়, পিতাই কোনো গালি নিদিয়ে। পিতাই শিক্ষাও দিয়ে, সকলোকে সৎগতিও দিয়ে। ভগৱান হৈছে পিতা তেন্তে পিতাৰ পৰা নিশ্চয় কিবা পাব লাগে। ‘বাবা’ শব্দটিও এনেকুৱা যে তাৰ পৰা উত্তৰাধিকাৰৰ সুবাস নিশ্চয় আহে। লাগিলে যিমানেই ককা, মামা আদি নাথাকক কিন্তু তেওঁলোকৰ পৰা উত্তৰাধিকাৰৰ সুবাস নাহে। অন্তৰ্মুখী হৈ বিচাৰ কৰিব লাগে যে পিতাই ঠিক কথাই কয়। গুৰুৰ ওচৰত কোনো সম্পত্তি নাথাকে। তেওঁলোকেতো নিজেই ঘৰ-সংসাৰ এৰি দিয়ে। তোমালোকে বিকাৰৰ সন্ন্যাস কৰিছা। তেওঁলোকেতো কৈ দিয়ে - আমি ঘৰ-সংসাৰ এৰিছোঁ, তোমালোকে কোৱা - আমি গোটেই জগতৰ বিকাৰৰ সন্ন্যাস কৰোঁ। নতুন সৃষ্টিলৈ যোৱাতো কিমান সহজ। আমি গোটেই পুৰণি সৃষ্টিৰ, তমোপ্ৰধান সৃষ্টিৰ সন্ন্যাস কৰোঁ। সত্যযুগ হৈছে নতুন সৃষ্টি। এইটোও জানা নতুন সৃষ্টি নিশ্চয় আছিল। সকলোৱে গায়ন কৰে। স্বৰ্গ বুলি কোৱাই হয় নতুন সৃষ্টিক। কিন্তু তেওঁলোকে মাত্ৰ কৈহে দিয়ে, একো বুজি নাপায়। সেয়েহে পিতাই সন্তানসকলক কয় কেৱল বিচাৰ কৰা - বাবা, আমাৰ পিতাও হয়, শিক্ষক আৰু সৎগুৰুও হয়। সকলোকে লৈ যাব। শব্দই হৈছে দুটা – মনমনাভৱ, ইয়াতে সকলো আহি যায়, কিন্তু এয়াও পাহৰি যায়। গম নাপাওঁ বুদ্ধিত কি কি স্মৃতি থাকে। নহ’লে নিতৌ লিখি দিয়া যে ইমান সময় মই কোনটো অৱস্থাত বহি আছিলোঁ? তোমালোক পিতা, শিক্ষক, সৎগুৰুৰ সন্মুখত বহি আছা গতিকে তেৱেঁই স্মৃতিলৈ অহা উচিত। বিদ্যাৰ্থীৰ শিক্ষকহে স্মৃতিলৈ আহিব নহয়। কিন্তু ইয়াত মায়া আছে। একেবাৰে মগজেই নষ্ট কৰি দিয়ে। গোটেই ৰাজ্য-ভাগ্য লৈ লয়। তোমালোকে গমেই নোপোৱা। আহিছিল উত্তৰাধিকাৰ ল’বলৈ কিন্তু একোৱেই নাপায়। এনেকৈয়ে কোৱা নহ’ব জানো। যদিও স্বৰ্গলৈ যাব কিন্তু সেইটো জানো কিবা ডাঙৰ কথা। ইয়ালৈ আহিলা কিন্তু নপঢ়িলা, তথাপি স্বৰ্গলৈতো যাবা নহয়। ইয়াততো বহিছা। এনেকৈ ভাবে যে যি পদেই নাপাওঁ স্বৰ্গলৈ যাব লাগে। সেয়াতো পঢ়া নহ’ল। অলপো যদি শুনা তেন্তে তাৰ ফল পোৱা যায়। পঢ়াৰ দ্বাৰাতো ডাঙৰ বৃত্তি পায়। পিতাৰ পৰা উচ্চতকৈও উচ্চ পদ পাবলৈ হ’লে পুৰুষাৰ্থ কৰিব লাগে। পঢ়া স্মৃতিত থাকিলে 84ৰ চক্ৰও স্মৃতিলৈ আহিব। ইয়াত বহিলে সকলো স্মৃতিত থাকিব লাগে। কিন্তু এয়াও স্মৃতিলৈ নাহে। যদি স্মৃতিত থাকে তেন্তে কাৰোবাক শুনাবও। চিত্ৰতো সকলোৰে ওচৰত আছে। তোমালোকে শিৱৰ চিত্ৰৰ ওপৰত কাৰোবাক শুনালে তেতিয়া কেতিয়াও খং নকৰিব। কোৱা, আহিলে আমি আপোনাক শুনাম যে এই শিৱ কেনেকৈ বেহদৰ পিতা হয়, এওঁৰ লগত আপোনাৰ কি সম্বন্ধ? সেয়াতো অদৰকাৰী চিত্ৰ নহয়। শিৱৰ কাৰণে নিশ্চয় কোৱা হ’ব - এওঁ ভগৱান, ভগৱানতো নিৰকাৰে হয়। তেওঁক পিতা বুলি কোৱা হয়। তেওঁ শিক্ষাও দিয়ে। তোমালোক আত্মাসকলে শিক্ষা গ্ৰহণ কৰা। আত্মাইহে সকলো কৰে। আত্মায়ে শিক্ষকো হয়। পিতাও এই ৰথত আহি পঢ়ায়। সত্যযুগ স্থাপনা কৰে। তাত কলিযুগৰ নাম-চিহ্নই নাই। মনুষ্য ক’ৰ পৰা আহিব। সেৱাধাৰী সন্তানসকলৰ গোটেই দিন খেয়াল চলি থাকে। সেৱা নকৰে যদি বুজিবা যে বুদ্ধিয়ে নচলে। যেন মূৰ্খহে বহি আছে। পিতাক বুজিব নোৱাৰে। পতিত-পাৱন পিতাক স্মৰণ কৰিলেহে উত্তৰাধিকাৰ পাবা। স্মৰণ কৰি কৰি যদি মৰা তেন্তে পিতাৰ সকলো সম্পত্তি পাবা। বেহদৰ পিতাৰ সম্পত্তি হৈছে স্বৰ্গ।

সন্তানসকলৰ ওচৰত বেজো আছে, ঘৰলৈ মিত্ৰ-সম্বন্ধীয় আদিতো বহুত আহে। কাৰোবাৰ মৃত্যু হ’লেও বহুত আহে। তেওঁলোকৰো তোমালোকে বহুত ভাল সেৱা কৰিব পাৰা। শিৱবাবাৰ চিত্ৰতো বহুত ভাল। লাগিলে ডাঙৰেই ৰাখি দিয়া, এই ক্ষেত্ৰত কোনেও একো নকয়। এনেকৈ নকয় যে এয়া ব্ৰহ্মা। এওঁ হৈছে গুপ্ত। তোমালোকে গুপ্ত ভাৱেও বুজাব পাৰা। মাত্ৰ শিৱৰ চিত্ৰ ৰাখা আৰু সকলো চিত্ৰ আঁতৰাই দিয়া। এই শিৱবাবা হৈছে পিতা, শিক্ষক, সৎগুৰু। এওঁ আহে নতুন সৃষ্টিৰ স্থাপনা কৰিবলৈ আৰু সংগমতে আহে। এই জ্ঞানতো বুদ্ধিত আছে নহয়। কোৱা, শিৱবাবাক স্মৰণ কৰক আন কাকো স্মৰণ নকৰিব। শিৱবাবা হৈছে পতিত-পাৱন, তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া মোৰ সৈতে মিলিত হ’বা। তোমালোকে গুপ্ত সেৱা কৰিব পাৰা। এই লক্ষ্মী-নাৰায়ণ এই জ্ঞানৰ দ্বাৰাই হৈছে। তেওঁলোকে ক’ব, শিৱ বাবা নিৰাকাৰ, তেওঁ কেনেকৈ আহে? হেৰ’ আপোনালোক আত্মাসকলোতো নিৰাকাৰ, কেনেকৈ আহে? আত্মাসকলো ভূমিকা পালন কৰিবলৈ ওপৰৰ পৰা আহে নহয়। এয়াও পিতা আহি বুজায়। বলধৰ দেহত আহিবতো নোৱাৰে। তেনেহ’লে তেওঁ কেনেকৈ শুনাব? সাধাৰণ বৃদ্ধ শৰীৰত আহে। বুজাবলৈও ভাল যুক্তি লাগে। কোনোৱে কয়, আপোনালোকে ভক্তি নকৰে নেকি? তেতিয়া ক’বা, আমিতো সকলো কৰোঁ। যুক্তিৰে চলিব লাগে। কাৰোবাক উদ্ধাৰ কৰিবলৈ ভাবিব লাগে - কি যুক্তি ৰচোঁ? কাকো বিতুষ্টও কৰিব নালাগে। গৃহস্থালিত থাকি মাত্ৰ পৱিত্ৰ হৈ থাকিব লাগে। তোমালোকে কোৱা - বাবা, একো সেৱা নাপাওঁ। হেৰ’ সেৱাতো বহুত কৰিব পাৰা। গঙ্গাত গৈ বহি যোৱা। কোৱা, এই পানীত স্নান কৰিলে কি হ’ব? পাৱন হৈ যাব জানো? আপোনালোকেতো ভগৱানক কয় - হে পতিত-পাৱন আহক, আহি পাৱন কৰি তোলক। তেন্তে পতিত-পাৱন তেওঁ নে এই গংগা? এনেকুৱা নদীতো বহুত আছে। পতিত-পাৱন পিতাতো এজনেই। এই পানীৰ নদীবোৰতো সদায় আছেই। পিতাতো পাৱন কৰি তুলিবলৈ আহিবলগীয়া হয়। আহেও পুৰুষোত্তম সংগমযুগত, আহি পাৱন কৰি তোলে। তাত কোনো পতিত নাথাকে। নামেই হ’ল স্বৰ্গ, নতুন সৃষ্টি। এতিয়াতো হ’ল পুৰণি সৃষ্টি। এই সংগমযুগৰ বিষয়ে তোমালোকেহে জানা আন কোনেও বুজিব নোৱাৰে। পিতাইতো অনেক প্ৰকাৰৰ সেৱাৰ যুক্তি (উপায়) বুজায়। মূৰ্খও নহ’বা। এনেকৈ কয় যে অমৰনাথতো পাৰ চৰাই আছে। পাৰ চৰায়ে বাৰ্তা কঢ়িয়াই নিয়ে। এনেকুৱা নহয় যে পৰমাত্মাৰ বাৰ্তা ওপৰৰ পৰা পাৰ চৰায়ে আনিব। পাৰ চৰাইক শিকোৱা হয়। পাৰৰ ভৰিত বান্ধি দিলে তেতিয়া লৈ যাব। ইয়াৰ বাবে পাৰ চৰায়ে সহজে দানা খাবলৈ পায় সেয়েহে আৰু ক’তো ঘূৰি ফুৰাৰ প্ৰয়োজন নাই। তোমালোকেও ইয়াত দানা পোৱা, তোমালোকৰ বুদ্ধিত আছে বিশ্বৰ বাদশ্বাহী, যি ইয়াৰ পৰা পোৱা যায়। পাৰ চৰায়ে ভাবে সিহঁতে তাত দানা পাব সেয়েহে তালৈকে গৈ থাকে। তোমালোক হৈছা চৈতন্য, তোমালোকে অবিনাশী জ্ঞান ৰত্নৰ দানা পোৱা। শাস্ত্ৰতো আছে চৰাইয়ে সাগৰ শুকুৱাই দিলে। বহুত কথাই লিখি দিছে। মনুষ্যই তাকে সত্য বুলি কৈ থাকে। আকৌ কয় সাগৰৰ পৰা দেৱতাৰ আবিৰ্ভাৱ হ’ল। ৰত্নৰে থালী ভৰপূৰ কৰি আনিলে। সেয়াও সত্য বুলিয়ে ক’ব। এতিয়া সমুদ্ৰৰ পৰা দেৱতা কেনেকৈ আবিৰ্ভাৱ হ’ব? সমূদ্ৰত মনুষ্য বা দেৱতা থাকে জানো! একোৱে বুজি নাপায়। জন্ম-জন্মান্তৰ ভুল কথাকে পঢ়ি-শুনি আহিছে, সেয়েহে কোৱা হয় - মিছা মায়া......। সঁচা আৰু মিছা সংসাৰৰ কিমান দিন-ৰাতিৰ পাৰ্থক্য আছে! মিছা কৈ কৈ কঙাল হৈ গৈছে। তোমালোকে কিমান যুক্তিৰে বুজোৱা, তথাপিও কোটিৰ মাজত কাৰোবাৰহে বুদ্ধিত ধাৰণ হয়। এয়া হৈছে বহুত সহজ জ্ঞান আৰু সহজ যোগ। পিতা, শিক্ষক, সৎগুৰুক স্মৰণ কৰিলে তেওঁৰ বিশেষত্ববোৰো আহি যাব। নিজক পৰীক্ষা কৰিব লাগে। আমি সকলোৱে বাবাক স্মৰণ কৰোঁনে নে বুদ্ধি অন্যফালে যায়? তোমালোকৰ বুদ্ধিয়ে এতিয়া বোধশক্তি পাইছে। পিতাই কিমান মিঠা মিঠা কথা বুজায়। যুক্তি শুনায়। তোমালোকে যিকোনো লোককে বুজালে তেতিয়া তোমালোকৰ শত্ৰুও নহ’ব। শিৱবাবাহে আপোনালোকৰ পিতা, শিক্ষক, সৎগুৰু হয়, তেওঁক স্মৰণ কৰক। বুজাবলৈ যুক্তি ৰচিব লাগে। বহুতে ব্ৰহ্মাৰ চিত্ৰৰ পাছত লাগি থাকে। শিৱৰ চিত্ৰক কেতিয়াও অসন্মান নকৰে। হেৰ’ এওঁতো আত্মাসকলৰ পিতা নহয় জানো। গতিকে পিতাক স্মৰণ কৰক, ইয়াৰ দ্বাৰা বহুতে লাভাম্বিত হ’ব পাৰে। এওঁক স্মৰণ কৰিলে আপোনালোক পতিতৰ পৰা পাৱন হৈ যাবগৈ। তেওঁ হৈছে সকলোৰে পিতা। একমাত্ৰ পিতাৰ বাহিৰে অন্য কাৰো স্মৃতি আহিব নালাগে। অন্য সংগ এৰি এজনৰ সংগ ল’ব লাগে। এয়া হ’ল যিকোনো লোকৰে কল্যাণ কৰাৰ যুক্তি। পিতাক যদি স্মৰণেই কৰিব নোৱাৰা তেন্তে পাৱন কেনেকৈ হ’বা। ঘৰতো তোমালোকে বহুত সেৱা কৰিব পাৰা। বহুত মিত্ৰ-সম্বন্ধীয় আদিক তোমালোকে লগ পোৱা। ভিন্ন ভিন্ন যুক্তি ৰচা। বহুতৰে কল্যাণ কৰিব পাৰা। দোকানতো এখনেই। অন্য কোনো দোকান নাই, তেন্তে যাবানো ক’লৈ? ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গৃহস্থালিত বহুত যুক্তিৰে চলিব লাগে, কাকো বিতুষ্টও কৰিব নালাগে, পৱিত্ৰও নিশ্চয় হ’ব লাগে।

(2) এজন পিতাৰ পৰা অবিনাশী জ্ঞান ৰত্নৰ দানা লৈ নিজৰ বুদ্ধি ৰূপী জোলোঙা ভৰপূৰ কৰি ৰাখিব লাগে, বুদ্ধি দিগভ্ৰান্ত হ’ব দিব নালাগে, বাৰ্তাবাহক হৈ সকলোকে পিতাৰ বাৰ্তা দিব লাগে।

বৰদান:
বেহদৰ বৈৰাগ্য বৃত্তিৰে সকলো আকৰ্ষণৰ পৰা মুক্ত হৈ থাকোঁতা সঁচা ৰাজঋষি হোৱা

ৰাজঋষি অৰ্থাৎ এফালে ৰাজ্য আনফালে ঋষি অৰ্থাৎ বৈৰাগী। যদি ক’ৰবাত নিজৰ প্ৰতিয়ে হওঁক, ব্যক্তিৰ প্ৰতিয়ে হওঁক বা বস্তুৰ প্ৰতিয়ে হওঁক আকৰ্ষণ আছে তেন্তে ৰাজঋষি নহয়। যাৰ সংকল্পতো লেখমাত্ৰও আকৰ্ষণ আছে তেওঁৰ “দুই নাৱত দুই ভৰি” হৈ গ’ল, গতিকে তেওঁ এইফালৰো হৈ নাথাকিব আৰু সেইফালৰো হৈ নাথাকিব। সেইবাবে ৰাজঋষি হোৱা, বেহদৰ বৈৰাগী হোৱা অৰ্থাৎ একমাত্ৰ পিতা আন কোনো নাই - এইটো পাঠ দৃঢ় কৰা।

স্লোগান:
ক্ৰোধ হৈছে অগ্নিৰূপ যিয়ে নিজকো জ্বলায় আৰু আনকো জ্বলাই দিয়ে।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যি সদায় প্ৰীতি বুদ্ধিৰ তেওঁৰ মনতো শ্ৰীমতৰ বিপৰীতে ব্যৰ্থ বা নেতিবাচক সংকল্প উদয় হ’ব নোৱাৰে। এনেকৈ প্ৰীতি বুদ্ধিৰ হৈ থাকোঁতাসকলেই বিজয়ী ৰত্ন হয়। ক’তোৱেই কোনো প্ৰকাৰে কোনো দেহধাৰীৰ প্ৰতি প্ৰীতি যাতে নাথাকে, নহ’লে অপ্ৰীতিকৰ বুদ্ধিৰ তালিকাত আহি যাবা।