09.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই ব্ৰহ্মা হ’ল সৎগুৰুৰ দৰবাৰ, এই ভ্ৰূকুটিত সৎগুৰু বিৰাজমান হৈ আছে, তেৱেঁই তোমালোক সন্তানসকলৰ সৎগতি কৰে ”

প্ৰশ্ন:
পিতা নিজৰ সন্তানসকলক কোনটো গোলামিৰ পৰা মুক্ত কৰিবলৈ আহিছে?

উত্তৰ:
এই সময়ত সকলো সন্তান প্ৰকৃতি আৰু মায়াৰ গোলাম হৈ গৈছে। পিতাই এতিয়া এই গোলামিৰ পৰা মুক্ত কৰে। এতিয়া মায়া আৰু প্ৰকৃতি দুয়োটাই আমনি কৰে। কেতিয়াবা ধুমুহা, কেতিয়া দুৰ্ভিক্ষ হয়। আকৌ তোমালোক এনেকুৱা মালিক হৈ যোৱা যে গোটেই প্ৰকৃতি তোমালোকৰ গোলাম হৈ থাকে। মায়াৰ প্ৰহাৰো নহয়।

ওঁম্শান্তি।
অতিকৈ মৰমৰ আত্মিক সন্তানসকলে বুজি পায় যে বাবা পৰম পিতাও হয়, পৰম শিক্ষকো হয়। তেওঁ বিশ্বৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায় সেয়েহে পৰম গুৰুও হয়। গতিকে এয়া হৈ গ’ল সৎগুৰুৰ দৰবাৰ। দৰবাৰ থাকে নহয়। গুৰুৰ দৰবাৰ। সেয়া হ’ল কেৱল গুৰুৰ, সৎগুৰুৰ নহয়। শ্ৰী শ্ৰী 108 বুলি কোৱা হয়, সৎগুৰু বুলি লিখা নাথাকে। তেওঁলোকেতো কেৱল গুৰু বুলি কয়। এয়া হ’ল সৎগুৰু। প্ৰথমে পিতা, তাৰপাছত শিক্ষক আৰু তাৰপাছত সৎগুৰু। সৎগুৰুৱে সৎগতি দিয়ে। সত্যযুগ ত্ৰেতাত গুৰু নাথাকে কিয়নো সকলো সৎগতিত থাকে। এজন সৎগুৰু পোৱা যায় তেতিয়া বাকী সকলো গুৰুৰ নাম সমাপ্ত হৈ যায়। যিজন সকলো গুৰুৰো গুৰু তেৱেঁই পৰম। যেনেকৈ পতিৰো পতি বুলি কোৱা হয়। সকলোতকৈ উচ্চ হোৱা বাবে এনেকৈ কয়। তোমালোক পৰম পিতাৰ ওচৰত বহা – কিহৰ বাবে? বেহদৰ উত্তৰাধিকাৰ ল’বলৈ। এয়া হ’ল বেহদৰ উত্তৰাধিকাৰ। পিতাও হয় আকৌ শিক্ষকো হয়। আৰু এই উত্তৰাধিকাৰ হৈছে নতুন সৃষ্টি অমৰলোকৰ বাবে, নিৰ্বিকাৰী সৃষ্টিৰ বাবে। নিৰ্বিকাৰী সৃষ্টি নতুন সৃষ্টিক, বিকাৰী সৃষ্টি পুৰণি সৃষ্টিক কোৱা হয়। সত্যযুগক শিৱালয় বুলি কোৱা হয় কিয়নো শিৱবাবাই স্থাপনা কৰিছে। বিকাৰী সৃষ্টি ৰাৱণে স্থাপনা কৰে। এতিয়া তোমালোক সৎগুৰুৰ দৰবাৰত বহি আছা। এয়া কেৱল তোমালোক সন্তানসকলে জানা। পিতা হ’ল শান্তিৰ সাগৰ। সেই পিতা যেতিয়া আহে তেতিয়া শান্তিৰ উত্তৰাধিকাৰ দি, মাৰ্গ-দৰ্শন কৰে। বাকী জংঘলত শান্তি ক’ৰপৰা পাব সেইবাবে ৰাণীৰ হাৰৰ উদাহৰণ দিয়ে। শান্তি আত্মাৰ ডিঙিৰ হাৰ। আকৌ যেতিয়া ৰাৱণৰাজ্য হয় তেতিয়া অশান্তি হয়। ইয়াকে সুখধাম-শান্তিধাম বুলি কোৱা হয়। তাত দুখৰ কোনো কথা নাথাকে। মহিমাও সদায় সৎগুৰুৰে কৰে। গুৰুৰ মহিমা কেতিয়াও শুনা নাই। জ্ঞানৰ সাগৰ, সেই এজনেই পিতা। এনেহেন গুৰুৰ মহিমা কেতিয়াবা শুনিছানে? নাই। সেই গুৰুসকলে জগতৰ পতিত-পাৱন হ’ব নোৱাৰে। পতিত-পাৱন বুলিতো একমাত্ৰ নিৰাকাৰ বেহদৰ শ্ৰেষ্ঠ বাবাক কোৱা হয়।

এতিয়া তোমালোক সংগমত আছা। এফালে হ’ল পতিত পুৰণি সৃষ্টি, আনফালে পৱিত্ৰ নতুন সৃষ্টি। পতিত সৃষ্টিত অনেক গুৰু আছে। আগতে তোমালোকে এই সংগমযুগক নাজানিছিলা। এতিয়া পিতাই বুজাইছে – এয়া হ’ল পুৰুষোত্তম সংমযুগ। ইয়াৰ পাছত পুনৰ সত্যযুগ আহিব। চক্ৰ ঘূৰি থাকে। এইটো স্মৃতি বুদ্ধিত থকা উচিত। আমি সকলো ভাই ভাই, সেয়েহে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় পোৱা যায়। এয়া কোনেও নাজানে। কিমান ডাঙৰ ডাঙৰ পদমৰ্যাদাধাৰী মনুষ্য আছে কিন্তু একো নাজানে। পিতাই কয় – মই সকলোৰে সৎগতি কৰোঁ। এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈছা। প্ৰথমতে একো জনা নাছিলা। এই দেৱতাসকলৰ আগত গৈ তোমালোকে কৈছিলা – আমি চেতনাহীন। আমাৰ কোনো গুণ নাই, আপুনি দয়া কৰক। এতিয়া এই দেৱতাসকলৰ চিত্ৰই দয়া কৰিব জানো? এয়া নাজানেই। দয়াশীল কোন? এনেকৈ কয়ো যে হে ঈশ্বৰ পিতা, দয়া কৰক। যিকোনো দুখৰ পৰিস্থিতি আহিলে তেতিয়া পিতাক নিশ্চয় স্মৰণ কৰে। এতিয়া তোমালোকে এনেকৈ নোকোৱা। পিতা হ’ল বিচিত্ৰ। তেওঁ সন্মুখত বহে, তেতিয়াতো নমস্কাৰ জনায়। তোমালোক সকলো হৈছা চিত্ৰধাৰী। মই বিচিত্ৰ। মই কেতিয়াও চিত্ৰ ধাৰণ নকৰোঁ। মোৰ চিত্ৰৰ কিবা নাম শুনোৱাচোন! বচ্‌, শিৱবাবা বুলিয়ে ক’ব। মই এয়া (ব্ৰহ্মাৰ শৰীৰ) ঋণত লৈছোঁ। সেয়াও একেবাৰে পুৰণি। তাতেই আহি মই প্ৰৱেশ কৰোঁ। এই শৰীৰৰ মহিমা ক’ত কৰে। এয়াতো পুৰণি শৰীৰ। তুলি লৈছে তেন্তে মহিমা কৰে জানো? নকৰে। এয়াতো বুজায় – এনেকুৱা আছিল, এতিয়া পুনৰ মোৰ দ্বাৰা সুন্দৰ (পাৱন) হৈ যাব। এতিয়া পিতাই কয় – মই যি শুনাওঁ, তাৰ ওপৰত বিচাৰ কৰা, যদি মই শুদ্ধ, তেনেহ’লে শুদ্ধক স্মৃতিত ৰাখা। তেওঁৰ কথাই শুনা, অনৈতিক কথা নুশুনিবা। সেয়া আসুৰিক বুলি কোৱা হয়। বেয়া নক’বা, বেয়া নাচাবা… এই দুচকুৰে যি দেখিবলৈ পোৱা সেয়া পাহৰি যোৱা। এতিয়াতো নিজৰ ঘৰলৈ যাব লাগে। পুনৰ নিজৰ সুখধামলৈ যাম। বাকীতো এয়া সকলো যেন মৃত হৈ পৰি আছে, খন্তেকীয়া। এই পুৰণি শৰীৰো নাথাকে, এই পুৰণি সৃষ্টিও নাথাকে। আমি নতুন সৃষ্টিৰ বাবে পুৰুষাৰ্থ কৰি আছোঁ। পুনৰ বিশ্বৰ ভূগোল-বুৰঞ্জী পুনৰাবৃত্তি হ’ব। তোমালোকে নিজৰ ৰাজ্য-ভাগ্য লৈ আছা। জানা যে কল্পই কল্পই ৰাজ্য-ভাগ্য দিবলৈ পিতা আহে। তোমালোকেও কোৱা – বাবা কল্প পূৰ্বেও মিলিত হৈছিলোঁ, উত্তৰাধিকাৰ লৈছিলোঁ। নৰৰ পৰা নাৰায়ণ হৈছিলোঁ। বাকী সকলোৱে একে ধৰণৰ পদমৰ্যাদাতো পাব নোৱাৰে। ক্ৰমানুসৰিতো হয়েই। এয়া হ’ল আধ্যাত্মিক বিশ্ব বিদ্যালয়। পঢ়াওঁতা হ’ল আত্মিক পিতা, সন্তানসকলেও পঢ়ায়। কোনোবা অধ্যক্ষৰ সন্তান হ’লে তেতিয়া তেৱোঁ সেৱাত লাগি যায়। স্ত্ৰীয়েও পঢ়াবলৈ লাগি যায়। কন্যায়ো ভালদৰে পঢ়িলে তেতিয়া পঢ়াব পাৰে। কিন্তু তেওঁ অন্য ঘৰলৈ গুচি যায়। ইয়াততো কন্যাসকলে চাকৰি কৰাৰ নিয়ম নাই। নতুন সৃষ্টিত পদ পোৱাতো এই পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে। এই কথাবোৰ জগতৰ লোকে নাজানে। লিখা আছে – ভগৱানুবাচ, হে সন্তানসকল, মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। কোনো আৰ্হিতো তৈয়াৰ নকৰোঁ। যেনেকৈ দেৱীসকলৰ চিত্ৰ তৈয়াৰ কৰে। তোমালোকেতো পঢ়ি সেই পদ পোৱা। তেওঁলোকেতো পূজা কৰিবলৈ মাটিৰ চিত্ৰ তৈয়াৰ কৰে। ইয়াততো আত্মাই পঢ়ে। পাছত তোমালোকে সংস্কাৰ লৈ যাবা, গৈ নতুন সৃষ্টিত শৰীৰ ধাৰণ কৰিবা। সৃষ্টি শেষ হৈ নাযায়। কেৱল যুগ সলনি হয় – সোণালী যুগ, ৰূপালী যুগ, তাম্ৰ যুগ, লৌহ যুগ। 16 কলাৰ পৰা 14 কলা। সৃষ্টিতো সেইখনেই চলি থাকে, নতুনৰ পৰা পুৰণি হয়। এই পঢ়াৰ আধাৰত পিতাই তোমালোকক ৰজাৰো ৰজা কৰি তোলে। আন কাৰো শক্তি নাই যিয়ে এয়া পঢ়াব পাৰে। কিমান ভালদৰে বুজায়। আকৌ পঢ়ি গৈ থাকোঁতে মায়াই নিজৰ কৰি লয়। তথাপিও যিয়ে যিমান পঢ়িছে সেই অনুসৰি তেওঁলোক স্বৰ্গলৈ নিশ্চয় আহিব। উপাৰ্জন নোহোৱা হৈ নাযায়। অবিনাশী জ্ঞান ৰত্নৰ বিনাশ নহয়। আগলৈ গৈ আহিব, যাবনো ক’লৈ? এখনে দোকান নহয় জানো। আহি থাকিব। মনুষ্য যেতিয়া শ্মশানলৈ যায় তেতিয়া বহুত বৈৰাগ্য জন্মে। বচ্‌, আমিও এই শৰীৰ এনেকৈ এৰিব লাগিব, তেন্তে আমিনো পাপ কিয় কৰোঁ! পাপ কৰি কৰি আমি এনেকৈ মৰি যাম! এনেকুৱা খেয়াল আহে। তাক কোৱা হয় শ্মশানৰ খন্তেকীয়া বৈৰাগ্য। বুজিও পায় – ইয়াৰ পৰা গৈ অন্য শৰীৰ ল’ম। কিন্তু জ্ঞানতো নাই নহয়। ইয়াততো তোমালোক সন্তানসকলক বুজোৱা হয়, এই সময়ত তোমালোকে বিশেষকৈ মৰিবলৈ প্ৰস্তুতি চলাই আছা কিয়নো ইয়াত তোমালোক হৈছা অস্থায়ী, পুৰণি শৰীৰ এৰি আকৌ নতুন সৃষ্টিলৈ যাবাগৈ।

পিতাই কয় – সন্তানসকল, যিমানে তোমালোকে মোক স্মৰণ কৰিবা সিমানে পাপ খণ্ডন হৈ গৈ থাকিব। অতিকৈ সহজো হয় তেনেকৈ আকৌ কঠিনো হয়। সন্তানসকল যেতিয়া পুৰুষাৰ্থ কৰাত লাগি যায় তেতিয়া বুজে – মায়াৰ এয়া ডাঙৰ যুদ্ধ। পিতাই কয় – সহজ কিন্তু মায়াই বন্তিয়ে নুমাই দিয়ে। ‘গুলবকাৱলী’ৰ কাহিনীও আছে নহয়। মায়া মেকুৰীয়ে বন্তি নুমাই দিয়ে। ইয়াত সকলো মায়াৰ গোলাম আকৌ তোমালোকে মায়াক গোলাম কৰা। গোটেই প্ৰকৃতি তোমালোকৰ নিয়ন্ত্ৰণত থাকে। কোনো ধুমুহা নাই, দুৰ্ভিক্ষ নহয়। প্ৰকৃতিক গোলাম কৰিব লাগে। তাত কেতিয়াও মায়াই প্ৰহাৰ নকৰে। এতিয়াতো কিমান হায়ৰাণ কৰে। গায়নো আছে নহয় - মই তোমাৰ গোলাম… মায়াই আকৌ কয় তুমি মোৰ গোলাম। পিতাই কয় – এতিয়া মই তোমালোকক গোলামীৰ পৰা মুক্ত কৰিবলৈ আহিছোঁ। তোমালোক মালিক হৈ যাবা, মায়া গোলাম হৈ যাব। অলপো হায়ৰাণ নকৰিব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকে কোৱা – বাবা, মায়াই বহুত হায়ৰাণ কৰে। কিয় নকৰিব। ইয়াক কোৱাই হয় - যুদ্ধক্ষেত্ৰ। মায়াক গোলাম কৰিবলৈ তোমালোকে চেষ্টা কৰা সেয়েহে মায়ায়ো থেকেচে। কিমান হায়ৰাণ কৰে। কিমানক হৰুৱায়। কাৰোবাক একেবাৰে খাই পেলায়, গিলি থয়। যেতিয়ালৈ তোমালোক স্বৰ্গৰ মালিক নোহোৱা মায়াইতো খাই থাকিব। যেন মায়াৰ পেটত সোমাই আছা। কেৱল নেজডাল ওলাই আছে বাকী সকলো মায়াৰ ভিতৰত, যাক পিটনি বুলিও কোৱা হয়। কিমান সন্তান পিটনিত পৰি আছে। অলপো স্মৰণ কৰিব নোৱাৰে! যেনেকৈ কাছ, ভোমোৰাৰ উদাহৰণ দিয়ে, তেনেকৈ তোমালোকেও পোকবোৰক ভোঁ ভোঁ কৰি কিহৰ পৰা কি কৰিব পাৰা! একেবাৰে স্বৰ্গৰ ৰাজকুমাৰ। সন্ন্যাসীয়ে যদিও ভোমোৰাৰ উদাহৰণ দিয়ে কিন্তু তেওঁলোকে ভোঁ ভোঁ কৰি পৰিৱৰ্তন কৰে জানো। পৰিৱৰ্তন হয় সংগমত। এতিয়া এয়া হৈছে সংগমযুগ। তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা সেয়েহে যিসকল বিকাৰী মনুষ্য আছে তেওঁলোকক তোমালোকে লৈ আহা। পোকবোৰৰো কোনোবা ভোমোৰা হৈ যায়, কোনোবা মৰি যায়, কোনোবা আকৌ আধৰুৱা হৈয়ে থাকে। বাবাইতো এয়া বহুত দেখিছে। ইয়াতো কিছুমানে ভালদৰে পঢ়ে, জ্ঞানৰ পাখি গজি যায়। কাৰোবাক আধাতে মায়াই ধৰি লয় তেতিয়া কেঁচা হৈয়ে থাকি যায়। সেয়েহে এই উদাহৰণো এতিয়াৰে। আচৰিত নহয় জানো - ভোমোৰাই পোকবোৰক লৈ আহি নিজৰ সমান কৰি তুলিব। এয়া এজনেই যিয়ে নিজৰ সমান কৰি তোলে। দ্বিতীয়তে সাপৰ উদাহৰণ দিয়ে। সত্যযুগত বচ্‌ এটা শৰীৰ এৰি আন এটা লয়। তৎক্ষণাৎ সাক্ষাৎকাৰ হয়, এতিয়া শৰীৰ এৰিব লাগিব। আত্মা ওলাই গৈ অন্য গৰ্ভ মহলত বহে। এয়াও এটা উদাহৰণ দিয়ে গৰ্ভ মহলত বহি আছিল, তেওঁৰ বাহিৰলৈ ওলাবলৈ ইচ্ছা যোৱা নাছিল। তথাপিও বাহিৰলৈতো নিশ্চয় আহিবই লাগিব। এতিয়া তোমালোক সন্তানসকল সংগমযুগত আছা। জ্ঞানৰ আধাৰত এনেকুৱা পুৰুষোত্তম হোৱা। ভক্তিতো জন্ম-জন্মান্তৰ কৰিছা। সেয়েহে যিসকলে বেছি ভক্তি কৰিছে, তেওঁলোক আহি পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পদ পাব। এতিয়া তোমালোকৰ বুদ্ধিত সকলো জ্ঞান আছে। বাকী শাস্ত্ৰৰ জ্ঞান কোনো জ্ঞান নহয়। সেয়াতো হ’ল ভক্তি, তাৰ দ্বাৰা কোনো সৎগতি নহয়। সৎগতি মানে হ’ল ঘৰলৈ উভতি যোৱা। ঘৰলৈ কোনো নাযায়। পিতাই নিজে কয় – মোৰ সৈতে কোনো মিলিত নহয়। পঢ়াওঁতা, লগত লৈ যাওঁতাও নালাগে জানো। পিতাৰ কিমান খেয়াল থাকে। 5 হাজাৰ বছৰত পিতা এবাৰে আহি পঢ়ায়। তোমালোকে বাৰে বাৰে পাহৰি যোৱা যে আমি আত্মা। এইটো একেবাৰে দৃঢ় কৰি লোৱা – আমাক আত্মাসকলক পিতাই পঢ়াবলৈ আহিছে। ইয়াক কোৱা হয় আত্মিক জ্ঞান। পৰম আত্মাই আমাক আত্মাসকলক জ্ঞান দিয়ে। সংস্কাৰো আত্মাতে থাকে। শৰীৰ শেষ হৈ যায়। আত্মা হৈছে অবিনাশী।

সেয়েহে এয়া ব্ৰহ্মাৰ ভ্ৰূকুটি হৈছে সৎগুৰুৰ দৰবাৰ। এয়া এই আত্মাটিৰো দৰবাৰ। পাছত সৎগুৰু আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰে, এওঁক ৰথ বুলিও কয়, দৰবাৰ বুলিও কয়। তোমালোক সন্তানসকলে শ্ৰীমতৰ আধাৰত স্বৰ্গৰ দ্বাৰ মুকলি কৰি আছা। যিমান ভালদৰে পঢ়িবা সত্যযুগত সিমানে উচ্চ পদ পাবা। সেয়েহে পঢ়া উচিত। শিক্ষকৰ সন্তানতো বহুত বুদ্ধিমান হয়। কিন্তু কোৱা হয় নহয় যে ঘৰৰ গংগাৰ সন্মান নাই। বাবাই দেখিছে – গোটেই চহৰৰ আৱৰ্জনা আহি গংগাত পৰে, তেন্তে গংগাক পতিত-পাৱনী বুলি কোৱা হ’বনে! মনুষ্যৰ বুদ্ধি চোৱা কেনেকুৱা হৈ গৈছে। দেৱীসকলক সজাই পূজা আদি কৰি আকৌ ডুবাই দিয়ে। বহুতেতো ওপৰত ভৰি ৰাখিও ডুবায়। বংগত প্ৰথমে নিয়ম আছিল কাৰোবাৰ প্ৰাণ ওলাই যোৱাৰ সময় হ’লে তেতিয়া তেওঁক তৎক্ষণাৎ গংগালৈ লৈ গৈছিল, তাত পানীত ডুবাই ৰাখি হৰি বোল, হৰি বোল বুলি কৈ মুখত পানী ঢালি থাকিছিল, এনেকৈ প্ৰাণ এৰি দিছিল, আচৰিত নহয়নে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আৰোহণ-অৱৰোহণৰ সম্পূৰ্ণ জ্ঞান আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি শুনায়, সেয়াই শুনিব লাগে আৰু বিচাৰ কৰিব লাগে যে সঁচা কি। সঁচাকে স্মৃতিত ৰাখিব লাগে। অনৈতিক কথা শুনিবও নালাগে, ক’বও নালাগে আৰু চাবও নালাগে।

(2) পঢ়া ভালদৰে পঢ়ি নিজক ৰজাৰো ৰজা কৰি তুলিব লাগে। এই পুৰণি শৰীৰ আৰু পুৰণি সৃষ্টিত নিজক অস্থায়ী বুলি বুজিব লাগে।

বৰদান:
একাগ্ৰতা শক্তিৰে পৰৰ বশীভূত স্থিতি পৰিৱৰ্তন কৰোঁতা অধিকাৰী আত্মা হোৱা

ব্ৰাহ্মণ অৰ্থাৎ অধিকাৰী আত্মা কেতিয়াও পৰৰ বশীভূত নহয়। নিজৰ দুৰ্বল স্বভাৱ সংকাৰৰ বশীভূতও নহয় কিয়নো স্বভাৱ অৰ্থাৎ নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি আত্মিক ভাৱ থাকে। সেয়েহে দুৰ্বল স্বভাৱৰ বশীভূত হ’ব নোৱাৰে আৰু অনাদি আদি সংস্কাৰৰ স্মৃতিৰে দুৰ্বল সংস্কাৰো সহজে পৰিৱৰ্তন হৈ যায়। একাগ্ৰতা শক্তিয়ে পৰৰ বশীভূত স্থিতি পৰিৱৰ্তন কৰি মালিকবোধৰ স্থিতিৰ আসনত স্থিত কৰি দিয়ে।

স্লোগান:
ক্ৰোধ জ্ঞান স্বৰূপ আত্মাৰ বাবে মহাশত্ৰু।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যিসকল সন্তান প্ৰীতি বুদ্ধিৰ হৈ সদায় প্ৰীতিৰ ৰীতি পালন কৰে তেওঁলোকৰ গোটেই বিশ্বৰ সকলো সুখৰ প্ৰাপ্তি সদাকালৰ বাবে হয়। বাপদাদা এনেকুৱা প্ৰীতি পালন কৰোঁতা সন্তানসকলৰ দিনে-ৰাতিয়ে গুণগান কৰে, অন্য সকলোকে মুক্তিধামত বহুৱাই প্ৰীতিৰ ৰীতি পালন কৰোঁতাসকলক বিশ্বৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰায়।