10.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোকৰ সকলো আশা পূৰ্ণ হয়, পেট ভৰি যায়, পিতা আহিছে তোমালোকক তৃপ্ত আত্মা কৰি তুলিবলৈ ”

প্ৰশ্ন:
এতিয়া তোমালোক সন্তানসকলে ভক্তিতো নকৰা কিন্তু ভক্ত নিশ্চয় হোৱা - কেনেকৈ?

উত্তৰ:
যেতিয়ালৈকে দেহ-অভিমান থাকে তেতিয়ালৈকে ভক্ত হোৱা। তোমালোকে জ্ঞানী হ’বলৈ পঢ়ি আছা। যেতিয়া পৰীক্ষাত উত্তীৰ্ণ হ’বা, কৰ্মাতীত হৈ যাবাগৈ তেতিয়া সম্পূৰ্ণ জ্ঞানী বুলি কোৱা হ’ব। তাৰপাছত পঢ়াৰ দৰকাৰ নাই।

ওঁম্শান্তি।
ভক্ত আৰু ভগৱান দুটা বস্তু হয় নহয়। সন্তান আৰু পিতা। ভক্ততো অনেক আছে, ভগৱান হৈছে এজন। তোমালোক সন্তানসকলৰ কাৰণে বহুত সহজ কথা যেন লাগে, আত্মাসকলে শৰীৰৰ দ্বাৰা ভক্তি কৰে, কিয়? ভগৱান পিতাক পাবৰ কাৰণে। তোমালোক ভক্তই এতিয়া ড্ৰামাখনক বুজি পাইছা। যেতিয়া পূৰা জ্ঞানী হৈ যাবা তেতিয়া ইয়াত নাথাকা। স্কুলত পঢ়ে, পৰীক্ষাত উত্তীৰ্ণ হ’ল অন্য শ্ৰেণীত গুচি যাব। এতিয়া তোমালোকক ভগৱানে পঢ়াই আছে। জ্ঞানীজনৰ পঢ়াৰ দৰকাৰ নাথাকে। ভক্তসকলক ভগৱানে পঢ়াই আছে। তোমালোকে জানা আমি আত্মাসকলে ভক্তি কৰিছিলোঁ। এতিয়া ভক্তিৰ পৰা ওলাই জ্ঞানত কেনেকৈ যাম - এয়া পিতাই শিকায়। এতিয়া ভক্তি নকৰা কিন্তু দেহ-অভিমানততো আহি যোৱা নহয়। এয়াও তোমালোকে বুজি পোৱা, সেই ভক্ত লোকসকলেতো ভগৱানকো নাজানে। নিজেই কয় - আমি নাজানো। প্ৰথম নম্বৰৰ যিজন ভক্ত, তেওঁকো পিতাই সোধে তুমি যিজন ভগৱানৰ ভক্ত আছিলা, তেওঁক জানিছিলানে? বাস্তৱত ভগৱানো এজনেই হ’ব লাগে। ইয়াততো অনেক ভগৱান হৈ গ’ল। নিজকে ভগৱান বুলি কৈ থাকে। ইয়াকে কোৱা হয় অজ্ঞান। ভক্তিত ঘোৰ অন্ধকাৰ। সেয়া হৈছেই ভক্তিমাৰ্গ। ভক্ত লোকসকলে গাই থাকে - জ্ঞান ৰূপী কাজল সৎগুৰুৱে দিলে, অজ্ঞান অন্ধকাৰ দূৰ হ’ল। জ্ঞান ৰূপী কাজল গুৰু লোকে দিব নোৱাৰে। গুৰুতো অনেক আছে। তোমালোক সন্তানসকলে জানা ভক্তিত কি কি কৰিছিলা, কাক স্মৰণ কৰিছিলা, কাক পূজা কৰিছিলা। সেই ভক্তিৰ অন্ধকাৰৰ পৰা এতিয়া তোমালোক মুক্ত হ’লা কাৰণ পিতাক জানি ল’লা। পিতাই পৰিচয় দিছে - মৰমৰ সন্তানসকল, তোমালোক হৈছা আত্মা। তোমালোকে এই শৰীৰৰ আধাৰ লৈ ভূমিকা পালন কৰি আছা। তোমালোকৰ হৈছে বেহদৰ জ্ঞান। বেহদৰ ভূমিকা পালন কৰি থাকা। তোমালোক হদৰ পৰা আঁতৰি বেহদত গুচি গৈছা। এই জগতখনো বৃদ্ধি হৈ হৈ কিমান বেহদত গুচি গৈছে। আকৌ নিশ্চয় হদত আহিব। হদৰ পৰা বেহদত, বেহদৰ পৰা হদত কেনেকৈ আহে - এতিয়া তোমালোক সন্তানসকলে জানিব পাৰা। আত্মা হৈছে সূক্ষ্ম তৰা স্বৰূপ, ইমানখিনি বুজি পায় তথাপিও ইমান ডাঙৰ লিংগ সাজি দিয়ে। তেওঁলোকেনো কি কৰিব কিয়নো সূক্ষ্ম বিন্দুকতো পূজা কৰিব নোৱাৰে। এনেকৈ কয় - ভ্ৰূকুটিৰ মাজত তৰা জিলিকে। এতিয়া সেই তৰাৰ ভক্তি কেনেকৈ কৰিব? ভগৱানৰ বিষয়েতো কোনেও নাজানে। আত্মাৰ বিষয়ে জানে। আত্মা দুই ভ্ৰূকুটিৰ মাজত থাকে। সিমানেই। এইটো বুদ্ধিত উদয় নহয় যে আত্মাইহে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। পোন প্ৰথমে তোমালোকেই পূজা কৰিছিলা। ডাঙৰ ডাঙৰ লিংগ সাজিছিলা। দিনে-প্ৰতিদিনে ৰাৱণৰো চিত্ৰ ডাঙৰ কৰি গৈ থাকে, সৰু ৰাৱণতো সাজিব নোৱাৰে। মনুষ্যতো সৰুৰ পৰা ডাঙৰ হয়। ৰাৱণক কেতিয়াও সৰু ৰূপত নেদেখুৱায়, ৰাৱণতো সৰু-ডাঙৰ নহয়। ৰাৱণ কোনো স্থূল বস্তু নহয়। ৰাৱণ 5 বিকাৰক কোৱা হয়। 5 বিকাৰৰ বৃদ্ধি হৈ গৈ থাকে কিয়নো তমোপ্ৰধান হৈ যায়। আগতে দেহ-অভিমান ইমান নাছিল, এতিয়া আকৌ বাঢ়ি গ’ল। এজনৰে পূজা কৰিলে আকৌ অন্যৰো পূজা কৰিবলৈ ল’লে। এনেকৈ বৃদ্ধি হৈ গ’ল। আত্মা তমোপ্ৰধান হৈ গ’ল। জগতত এনেকুৱা কোনো মনুষ্য নাই যাৰ বুদ্ধিত এইটো আছে যে সতোপ্ৰধান কেতিয়া হয়? আকৌ তমোপ্ৰধান কেতিয়া হয়? এই কথাবোৰত মনুষ্য একেবাৰে অজ্ঞ। জ্ঞান কোনো কঠিন নহয়। পিতা আহি একেবাৰে সহজ জ্ঞান শুনায়, পঢ়ায়। তথাপিও গোটেই পঢ়াৰ সাৰ থাকি যায় - মই আত্মা পিতাৰ সন্তান, পিতাক স্মৰণ কৰিব লাগে।

এইটোও গায়ন আছে - কোটিৰ মাজত কোনোবা, কিমান কম ওলায়। কোটিৰ মাজত কোনোবাইহে যথাৰ্থ ৰীতিৰে জানে। কাক? পিতাক। এনেকৈ ক’ব - পিতা কেতিয়াবা এনেকুৱা হয়নে? নিজৰ পিতাকতো সকলোৱে জানে। পিতাক কিয় পাহৰি গৈছে? ইয়াৰ নামেই হ’ল - বিভ্ৰান্তিৰ খেল। এজন হৈছে হদৰ পিতা, আনজন হৈছে বেহদৰ পিতা। দুয়োজন পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। হদৰ পিতাৰ পৰা কম উত্তৰাধিকাৰ পোৱা যায়। দিনে-প্ৰতিদিনে কমি গৈ থাকে। যেন একোৱেই নাই। যেতিয়ালৈকে বেহদৰ পিতা নাহে তেতিয়ালৈকে পেটেই নভৰে। পেট একেবাৰে খালী হৈ যায়, পিতা আহি পেট ভৰপূৰ কৰে। প্ৰতিটো ক্ষেত্ৰতে পেট এনেকৈ ভৰাই দিয়ে যে তোমালোক সন্তানসকলৰ কোনো বস্তুৰ প্ৰয়োজনেই নাথাকে। সকলো আশা পূৰণ কৰি দিয়ে। আত্মা তৃপ্ত হৈ যায়। যেনেকৈ ব্ৰাহ্মণক ভোজন কৰালে আত্মা তৃপ্ত হৈ যায়। এয়া হৈছে বেহদৰ তৃপ্তি। পাৰ্থক্য কিমান চোৱা। আত্মাৰ হদৰ তৃপ্তি আৰু বেহদৰ তৃপ্তিৰ মাজত পাৰ্থক্য চোৱা কিমান। পিতাক জানিলেহে তৃপ্ত হৈ যায় কাৰণ পিতাই স্বৰ্গৰ মালিক কৰি তোলে। তোমালোকে জানা যে আমি বেহদৰ পিতাৰ সন্তান, পিতাকতো সকলোৱে স্মৰণ কৰে নহয়। যদিও কোনো-কোনোৱে কয় - এয়াতো প্ৰকৃতি, আমি ব্ৰহ্মত লীন হৈ যাম। পিতাই শুনাইছে যে ব্ৰহ্মত কোনোৱেই লীন হৈ নাযায়। এয়াতো অনাদি ড্ৰামা যি ঘূৰি থাকে, ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো দৰকাৰ নাই। 4টা যুগৰ চক্ৰ ঘূৰি থাকে। হুবহু পুনৰাবৃত্তি হৈ থাকিব। পিতা এজনেই, সৃষ্টিও এখনেই। সেই লোকসকলে কিমান মগজ খটুৱাই থাকে। এনেকৈ ভাবি লয় যে চন্দ্ৰতো সৃষ্টি আছে, তৰামণ্ডলতো সৃষ্টি আছে। কিমান বিচাৰি থাকে। চন্দ্ৰটো মাটি লোৱাৰ কথা ভাবে – এয়া কেনেকৈ হ’ব পাৰে। কাক ধন দিম? ইয়াকে কোৱা হয় বিজ্ঞানৰ গৰ্ব। বাকীতো একোৱেই নাই। চেষ্টা কৰি থাকে। এয়া মায়াৰ পাম্প নহয় জানো। স্বৰ্গতকৈও বেছিকৈ জাকজমকতা কৰি দেখুৱায়। স্বৰ্গখনকতো পাহৰিয়েই গ’ল। স্বৰ্গততো সীমাহীন ধন আছিল। চোৱা এটা মন্দিৰৰ পৰাই কিমান ধন লৈ গ’ল। ভাৰততে ইমান ধন আছিল, বহুত সম্পদ ভৰপূৰ হৈ আছিল। মহম্মদ গজনৱী আহিল, লুটি লৈ গ’ল। আধাকল্পতো তোমালোক সমৰ্থ হৈ থাকা, চুৰি আদিৰ কোনো নামেই নাথাকে। ৰাৱণৰাজ্যই নাছিল। ৰাৱণৰাজ্য আৰম্ভ হোৱাৰ লগে লগে চুৰি, ডকাইতি, হাই-কাজিয়াৰ সূত্ৰপাত হ’ল। ৰাৱণৰ নাম লয়। বাকী ৰাৱণ প্ৰকৃতাৰ্থত নাই। বিকাৰৰ প্ৰৱেশতা হ’ল। ৰাৱণৰ কাৰণে মনুষ্যই কি কি কৰে। কিমান পালন কৰে। তোমালোকেও দশহৰা পালন কৰিছিলা, ৰাৱণক কেনেকৈ জ্বলায় সেয়া চাবলৈ গৈছিলা। আকৌ সোণ লুটিবলৈ যায়। হয়নো কি বস্তু, এতিয়া আচৰিত হোৱা যায়। কি হৈ গৈছিলোঁ। কিমান পূজা আদি কৰিছিলোঁ। কোনো বিশেষ দিন হ’লে কি কি কৰি থাকো। ভক্তিমাৰ্গ যেন পুতলা খেলৰ নিচিনা। সেয়াও কিমান সময় চলে, এয়া তোমালোকে জানা। আদিতে ইমান কৰা নাছিল। পাছত বৃদ্ধি হৈ হৈ এতিয়া চোৱা কেনেকুৱা অৱস্থা হৈ গ’ল। ইমান খৰচ কৰি চিত্ৰ বা মন্দিৰ আদি কিয় নিৰ্মাণ কৰে? এয়া হৈছে ধনৰ অপচয়। মন্দিৰ আদি নিৰ্মাণৰ কামত লাখ লাখ টকা খৰচ কৰে। পিতাই কিমান মৰমেৰে বহি বুজায়। মই তোমালোক সন্তানসকলক প্ৰচুৰ ধন দিছিলোঁ, সেই সকলোবোৰ ক’ত হেৰুৱালা। ৰাৱণৰ ৰাজ্যত তোমালোক কিহ’ৰ পৰা কি হৈ গৈছা। এনেকুৱা নহয় যে ঈশ্বৰৰ ইচ্ছা বুলি তোমালোক ৰাজী হৈ থাকিবা। এয়া কোনো ঈশ্বৰৰ ইচ্ছা নহয়, এয়া মায়াৰ ইচ্ছা। তোমালোকে এতিয়া ঈশ্বৰৰ পৰা ৰাজ্য-ভাগ্য পোৱা। তাততো দুখৰ কোনো কথা নাথাকে। ঈশ্বৰৰ ইচ্ছা আৰু আসুৰি ইচ্ছাৰ মাজত কিমান পাৰ্থক্য আছে। এই বুজনি তোমালোকে এতিয়া পাইছা। সেয়াও পুৰুষাৰ্থৰ ক্ৰমানুসৰি। জ্ঞানৰ ইনজেক্‌চন কাক দিয়া হয়, এয়াতো বুজি পোৱা। অমুকৰ জ্ঞানৰ ইনজেক্‌চন ভালকৈ লাগিল, অমুকৰ কমকৈ লাগিল, এওঁৰ একেবাৰেই নালাগিল। এয়াতো বাবাইহে জানে নহয়। সেৱাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। সেৱাৰ আধাৰতেই পিতাই ক’ব যে এওঁৰ ইনজেক্‌চন লগা নাই, একেবাৰে সেৱা কৰিব নাজানে। এনেকুৱাও আছে যাৰ বেছিকৈ ইনজেক্‌চন লাগিছে, কিছুমানৰতো একেবাৰে লগা নাই।

কোৱা হয় - “জ্ঞান ৰূপী কাজল সৎগুৰুৱে দিলে, অজ্ঞান অন্ধকাৰ বিনাশ হ’ল”। জ্ঞানৰ, সুখৰ সাগৰ হৈছে পৰমপিতা পৰামাত্মা। আকৌ তেওঁক শিল-পাথৰ সকলোতে আছে বুলি কৈ দিলে। সন্তানসকলৰ কিমান নিশ্চয়তা থাকিব লাগে। বেহদৰ পিতাই আমাক বেহদৰ সুখ দিয়ে। গায়নো কৰে - বেহদৰ বাবা আপুনি যেতিয়া আহিব আমি আপোনাৰ হৈ যাম। আপোনাৰ মততে চলিম। ভক্তিততো পিতাৰ বিষয়ে একেবাৰে অজ্ঞ হৈ থাকে, এই ভূমিকা এতিয়াহে চলে। এতিয়াহে পিতাই পঢ়ায়। তোমালোকে জানা যে এই পঢ়াৰ ভূমিকা পুনৰ 5 হাজাৰ বছৰ পাছত চলিব। পিতা পুনৰ 5 হাজাৰ বছৰ পাছত আহিব। আত্মাসকল পৰস্পৰ ভাই ভাই পুনৰ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। মনুষ্য সৃষ্টিৰো বৃদ্ধি হৈ থাকে। আত্মাৰো পুঞ্জ (নিদিষ্ট সংখ্যক আত্মাৰ সমষ্টি) আছে নহয়। যিমানে মনুষ্যৰ পুঞ্জ অন্ত হ’বৰ হয় সিমানে তাত আত্মাৰো পুঞ্জ হ’ব। ভাৱৰীয়া এজনো কম-বেছি নহ’ব। এয়া সকলো বেহদৰ ভাৱৰীয়া। এওঁলোকে অনাদি ভূমিকা প্ৰাপ্ত কৰিছে। এয়া আচৰিত কথা নহয়নে। এতিয়া তোমালোক সন্তানসকল কিমান বুদ্ধিমান হ’লা। এই পঢ়া কিমান উচ্চ। তোমালোকক পঢ়াওঁতাজন স্বয়ং জ্ঞান সাগৰ পিতা, বাকী সকলো হৈছে ভক্তিৰ সাগৰ। যেনেকৈ ভক্তিৰ মান আছে, তেনেকৈ জ্ঞানৰো মান আছে। ভক্তিত ঈশ্বৰৰ অৰ্থে মনুষ্যই কিমান দান পুণ্য কৰে কিয়নো কিমান ডাঙৰ ডাঙৰ বেদ শাস্ত্ৰ আদি ৰচনা কৰে ।

এতিয়া তোমালোক সন্তানসকলে ভক্তি আৰু আৰু জ্ঞানৰ মাজৰ পাৰ্থক্য বুজি পাইছা। কিমান বিশাল বুদ্ধিৰ প্ৰয়োজন। তোমালোকৰ কেতিয়াও কাৰো প্ৰতি দৃষ্টি নাযায়। তোমালোকে ক’বা - আমি এই ৰজা-ৰাণী আদিক চাওঁনে। তেওঁলোকক কি চাবলগীয়া আছে। অন্তৰত কোনো আশা নাথাকে। এয়া সকলো নাশ হৈ যাব। যাৰ ওচৰত যি আছে সকলো নাশ হৈ যাব। পেটেতো সেই দুখন ৰুটিয়ে বিচাৰে কিন্তু ইয়াৰ কাৰণে কিমান পাপ কৰে। এই সময়ত সৃষ্টিত পাপেই পাপ। পেটে বহুত পাপ কৰায়। এজনে আনজনৰ ওপৰত মিছা কলঙ্ক লগায়। ধনো বহুত উপাৰ্জন কৰে। কিমান ধন লুকাই ৰাখে। চৰকাৰে কি কৰিব পাৰে। কিন্তু কোনোবাই যিমানেই লুকুৱাই নাৰাখক, লুকাই থাকিব নোৱাৰে। এতিয়াতো প্ৰাকৃতিক দুৰ্যোগো আহিব। বাকী অলপ সময় আছে। পিতাই কয় - শৰীৰ নিৰ্বাহৰ কাৰণে সকলো কৰা তাৰ কাৰণে বাধা নাই। সন্তানসকল সীমাহীন আনন্দত থাকিব লাগে। পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিব লাগে। পিতাইতো তোমালোকক গোটেই বিশ্বৰ মালিক কৰি তোলে। ধৰণী, আকাশ সকলো নিজৰ হৈ যায়। কোনো ক্ষেত্ৰতে হদৰ (সীমাৰ) কথা নাথাকে। সন্তানসকলে জানে যে আমিয়েই মালিক আছিলোঁ। ভাৰত অবিনাশী খণ্ড বুলি গায়ন আছে। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। হদৰ পঢ়াৰো আনন্দ থাকে নহয়। এয়াতো হৈছে বেহদৰ পঢ়া। বেহদৰ পিতাই পঢ়ায়। এনেহেন পিতাক স্মৰণ কৰিব লাগে। সন্তানসকলেতো বুজি পায় - সেই পাৰ্থিৱ পেছাগত কৰ্ম আদিনো কি, একোৱে নহয়। আমি পিতাৰ পৰা কি উত্তৰাধিকাৰ লাভ কৰোঁ। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। আমিতো পাৰ্থিৱ পেছাগত কৰ্ম আদি কৰিও শিৰৰ মুকুটধাৰী হ’মগৈ। পিতা পঢ়াবলৈ আহিছে তেন্তে সন্তানসকল আনন্দিত হ’ব লাগে। সেই কাম-কাজো কৰি থাকিব লাগে। এয়াতো বুজি পোৱা, এইখন পুৰণি সৃষ্টি, ইয়াৰ বিনাশৰ কাৰণে সকলো প্ৰস্তুতি চলি আছে। এনেকুৱা কাম কৰে যে ভয় লাগি যায় কিজানি ডাঙৰ যুদ্ধ লাগি যায়। এয়া সকলো ড্ৰামা অনুসৰি হ'বই। এনেকুৱা নহয় যে ঈশ্বৰে কৰায়। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আজি নহ’লে কাইলৈ বিনাশ নিশ্চয় হ'ব। এতিয়া তোমালোকে পঢ়ি আছা। তোমালোকৰ কাৰণে নতুন সৃষ্টি নিশ্চয় লাগে। এই সকলো কথা ভিতৰি মন্থন কৰি আনন্দিত হোৱা উচিত। বাবাই এই ৰথো লৈ ল’লে, এওঁৰতো একোৱেই নাই। সকলো ত্যাগ কৰিলে। বেহদৰ বাদশ্বাহী প্ৰাপ্ত হয় তেন্তে আকৌ এইবোৰেৰে কি কৰিব। বাবাৰ গীতো ৰচনা কৰা আছে – প্ৰথমজনে (ব্ৰহ্মাই) আল্লাক পালে তেন্তে এই তুচ্ছ ৰাজপাট কি কৰিব। কম-বেছি পৰিমাণে দি একেবাৰে শেষ কৰি দিলে। শৰীৰো বাবাক দি দিলে। অহো! মইতো বিশ্বৰ মালিক হওঁ, অনেক বাৰ মালিক হৈছোঁ। কিমান সহজ। তোমালোক লাগিলে নিজৰ ঘৰতে থাকা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা তৃপ্ত আৰু বিশালবুদ্ধিৰ হ'ব লাগে যাতে কাৰো প্ৰতি দৃষ্টি আকৰ্ষিত নহয়। অন্তৰত যাতে কোনো আশা নাথাকে কাৰণ এয়া সকলো বিনাশ হৈ যাব।

(2) শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰি সীমাহীন আনন্দত থাকিব লাগে। পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিব লাগে। বুদ্ধি হদৰ পৰা আঁতৰাই বেহদত নিব লাগে।

বৰদান:
তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা সকলো বন্ধন অতিক্ৰম কৰি মনোৰঞ্জনৰ অনুভৱ কৰোঁতা ‘ডবল লাইট’ হোৱা

বহুত সন্তানে কয় এনেয়েতো মই ঠিকেই আছোঁ কিন্তু সংস্কাৰ, ব্যক্তি, বায়ুমণ্ডলৰ বন্ধন… এইবোৰ কাৰণ আছে নহয়, কিন্তু কাৰণ যিয়েই নহওঁক যেনেকুৱাই নহওঁক তীব্ৰ পুৰুষাৰ্থীয়ে সকলো কথা এনেকৈ অতিক্ৰম কৰে যেন একো নায়েই। তেওঁলোকে সদায় মনোৰঞ্জন অনুভৱ কৰে। এনেকুৱা স্থিতিকেই উৰন্ত কলা বুলি কোৱা হয় আৰু উৰন্ত কলাৰ চিন হৈছে ‘ডবল লাইট’। তেওঁলোকক কোনো প্ৰকাৰৰ বোজাই অস্থিৰতাত আনিব নোৱাৰে।

স্লোগান:
প্ৰতিটো গুণ অথবা জ্ঞানৰ কথাবোৰক নিজা সংস্কাৰ কৰি লোৱা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

একমাত্ৰ পিতাৰ প্ৰতি অন্তৰৰ সঁচা প্ৰীতি থাকিলে মায়াই কেতিয়াও অশান্ত নকৰিব। মায়া ধ্বংস হৈ যাব। কিন্তু যদি অন্তৰৰ সঁচা প্ৰীতি নাই, কেৱল পিতাৰ হাতত ধৰিছা, সংগ লোৱা নাই তেন্তে মায়াৰ দ্বাৰা আঘাত প্ৰাপ্ত হৈ থাকিবা।