11.08.24    Avyakt Bapdada     Assame Murli     04.02.2001     Om Shanti     Madhuban


“*“সময় অনুসৰি স্বৰাজ্য অধিকাৰী হৈ সকলো আত্মিক সাধন তীব্ৰগতিৰে কাৰ্যত লগোৱা”*”


আজি বাপদাদাই বিশ্বৰ সকলোফালৰ স্বৰাজ্য অধিকাৰী সন্তানসকলৰ ৰাজ্য সভা চাই আছেহঁক। প্ৰতিগৰাকী স্বৰাজ্য অধিকাৰী, পৱিত্ৰতাৰ ‘লাইট’ৰ মুকুটধাৰী, অধিকাৰৰ স্মৃতিৰ তিলকধাৰী, নিজৰ নিজৰ ভ্ৰূকুটিৰ অকাল আসনধাৰী ৰূপত দেখিবলৈ পোৱা গৈছে। এই সময়ত যিমানে স্বৰাজ্য অধিকাৰী অনুভৱ কৰা সিমানে ভৱিষ্যত বিশ্ব ৰাজ্য অধিকাৰী হোৱাই। “মই কোন” বা “মোৰ ভৱিষ্যত কি?” সেয়া এতিয়াৰ স্বৰাজ্যৰ স্থিতিৰ দ্বাৰা নিজে চাব পাৰা।

বাপদাদাই প্ৰতিগৰাকী সন্তানৰ নিত্য স্বৰাজ্য অধিকাৰীৰ স্থিতি চাই আছিল। নিৰন্তৰ সকলো কৰ্ম কৰি, লৌকিক অলৌকিক কাৰ্য কৰি স্বৰাজ্য অধিকাৰীৰ নিচা কিমান সময় আৰু কিমান শতাংশ থাকে? কিয়নো বহুত সন্তানে নিজৰ স্বৰাজ্যৰ স্মৃতি সংকল্প ৰূপত স্মৃতিলৈ আনে – মই আত্মা অধিকাৰী হওঁ, এটা হৈছে সংকল্পত ভবা। বাৰে বাৰে স্মৃতি সজীৱ কৰা - মই হওঁ। দ্বিতীয়তে হৈছে - অধিকাৰৰ স্বৰূপত নিজক অনুভৱ কৰা আৰু এই কৰ্মেন্দ্ৰিয় ৰূপী কৰ্মচাৰী মন-বুদ্ধি-সংস্কাৰ ৰূপী সহযোগী সংগীসকলৰ ওপৰত ৰাজ্য কৰা, অধিকাৰ চলোৱা। যেনেকৈ তোমালোক সকলো সন্তান অনুভৱী হোৱা যে সকলো সময়ত বাপদাদাই শ্ৰীমতত চলাই আছে আৰু তোমালোক সকলো শ্ৰীমত অনুসৰি চলি আছা। চলাওঁতাই চলাই আছে, চলোঁতা চলি আছে। তেনেকৈ হে স্বৰাজ্য অধিকাৰী আত্মাসকল, তোমালোকৰ স্বৰাজ্যত তোমালোকৰ সকলো কৰ্মেন্দ্ৰিয় অৰ্থাৎ কৰ্মচাৰী তোমালোকৰ মন-বুদ্ধি-সংস্কাৰ সহযোগী সংগীসকল তোমালোকৰ আদেশ অনুসৰি চলি আছেনে? এটা বা দুটা কৰ্মেন্দ্ৰিয়ই অলপ দুষ্টালিতো নকৰে? তোমালোকৰ ৰাজ্য বিধি আৰু আদেশেৰে শৃংখলাবদ্ধ হৈ চলাৰ পৰিৱৰ্তে স্নেহ আৰু বিধিৰে শৃংখলাবদ্ধভাৱে যথাৰ্থ ৰীতিৰে চলি আছেনে? কি ভাবা? চলি আছেনে নে অলপ অমনোযোগী হয়? যেতিয়া কোৱাই মোৰ হাত, মোৰ সংস্কাৰ, মোৰ বুদ্ধি, মোৰ মন, তেন্তে মোৰ ওপৰত ‘মই’ৰ অধিকাৰ আছেনে? নে কেতিয়াবা ‘মোৰ’ অধিকাৰী হৈ যায়, কেতিয়াবা ‘মই’ অধিকাৰী হৈ যায়। সময় অনুসৰি এতিয়া সদায় আৰু সহজে অকাল আসনধাৰী হোৱা তেতিয়াহে অন্য আত্মাসকলক পিতাৰ দ্বাৰা জীৱনমুক্তি আৰু মুক্তিৰ অধিকাৰ তীব্ৰগতিৰে প্ৰাপ্ত কৰাব পাৰিবা।

সময়ৰ আহ্বান এতিয়া তীব্ৰগতিৰ আৰু বেহদৰ। সৰু আখৰা দেখিলা, শুনিলা। একেলগে বেহদৰ নক্সা দেখিলা নহয়। আৰ্তনাদো বেহদৰ, মৃত্যুও বেহদৰ, মৰাসকলৰ লগতে জীয়াই থকাসকলো নিজৰ জীৱনত দুশ্চিন্তাত মৰি আছে। এনেকুৱা সময়ত তোমালোক স্বৰাজ্য অধিকাৰী আত্মাসকলৰ কাম কি? পৰীক্ষা কৰা যেনেকৈ স্থূল সাধনৰ বাবে কোৱা হয় - ভূমিকম্প আহিলে এইটো কৰিবা, ধুমুহা আহিলে এইটো কৰিবা, জুই লাগিলে এইটো কৰিবা, তেনেকৈ তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ যি সাধন আছে - সৰ্বশক্তি, যোগবল, স্নেহৰ চুম্বক, এই সকলো সাধন সময়ৰ বাবে সাজু আছেনে? সৰ্বশক্তি আছেনে? কাৰোবাক শান্তিৰ শক্তি লাগে আৰু যদি তোমালোকে আন কোনো শক্তি দি দিয়া তেন্তে তেওঁ সন্তুষ্ট হ’বনে? যেনেকৈ কাৰোবাক পানী লাগে আৰু তোমালোকে তেওঁক 36 প্ৰকাৰৰ ভোজন দি দিয়া তেন্তে তেওঁ সন্তুষ্ট হ’বনে? গতিকে সদাপ্ৰস্তুত হোৱা কেৱল নিজে অশৰীৰী হোৱাৰ কথা নহয়। সেয়াতো হ’বই লাগিব। কিন্তু যি সাধন স্বৰাজ্য অধিকাৰেৰে প্ৰাপ্ত হৈছে, পৰমাত্ম উত্তৰাধিকাৰ প্ৰাপ্ত হৈছে সেই সকলো অধিকাৰ সদাপ্ৰস্তুত আছেনে? এনেকুৱাতো নহয় যেনেকৈ বাতৰিত শুনা যে যি যন্ত্ৰ এই সময়ত লাগে সেয়া বিদেশৰ পৰা অনাৰ পাছত কাৰ্যত লগোৱা হ’ল। গতিকে সাধন সদাপ্ৰস্তুত নহ’ল নহয়! সকলো সাধন সময়ত কাৰ্যত লগাব নোৱাৰিলে। কিমান লোকচান হৈ গ’ল।

তেন্তে হে বিশ্ব কল্যাণী, বিশ্ব পৰিৱৰ্তক আত্মাসকল সকলো সাধন সদাপ্ৰস্তুত আছেনে? সৰ্বশক্তি তোমালোকৰ আদেশমতে চলেনে? আদেশ দিলা অৰ্থাৎ সংকল্প কৰিলা - নিৰ্ণয় শক্তি। তেতিয়া চেকেণ্ডৰো কম সময়ত নিৰ্ণয় শক্তি হাজিৰ হৈ যাওঁক, কওঁক স্বৰাজ্য অধিকাৰী হাজিৰ। এনেকৈ আদেশমতে চলেনে? নে এক মিনিট নিজৰ মাজত আনিবলৈ লাগিব তাৰপাছত আনক দিব পাৰিবা? যদি সময়ত কাৰোবাক যি লাগে সেয়া দিব নোৱাৰা তেতিয়া কি হ’ব? সকলো সন্তানৰ অন্তৰত এইটো সংকল্পতো চলিয়েই আছে - আগলৈ কি হ’ব আৰু কি কৰিব লাগিব? হ’বতো বহুত কিবাকিবি। শুনালোঁ নহয় এয়াতো আখৰা। এয়া 6 মাহৰ প্ৰস্তুতিৰ সৰু ঘণ্টা বাজিছে, ডাঙৰ ঘণ্টা বজা নাই। প্ৰথমে ঘণ্টা বাজিব, তাৰপাছত নাগাৰা বাজিব। ভয় কৰিবা নেকি? অলপ অলপ ভয় কৰিবা নেকি? শক্তি স্বৰূপ আত্মাসকলৰ কি স্বৰূপ দেখুওৱা হৈছে? শক্তিসকলক (শক্তি স্বৰূপত পাণ্ডৱো আহি গ’ল শক্তিসকলো আহি গ’ল) সদায় কাৰোবাক 4 খন হাত কাৰোবাক 6 খন হাত কাৰোবাক 8 (আঠ) খন হাত, কাৰোবাক 16 খন হাত, সাধাৰণ ৰূপত নেদেখুৱায়। এই হাতবোৰ সৰ্ব শক্তিৰ সূচক সেয়েহে সৰ্বশক্তিমানৰ দ্বাৰা প্ৰাপ্ত নিজৰ শক্তিসমূহ জাগ্ৰত কৰা। ইয়াৰ বাৰে এনেকৈ নাভাবিবা যে সময় আহিলে জাগ্ৰত হৈ যাব কিন্তু গোটেই দিনটোত নিজৰ প্ৰতি ভিন্ন ভিন্ন শক্তিসমূহ প্ৰয়োগ কৰি চোৱা। সকলোতকৈ প্ৰথম অভ্যাস স্বৰাজ্য অধিকাৰ গোটেই দিনটোত কিমানলৈকে কাৰ্যত প্ৰয়োগ হয়? মইতো হওঁৱেই আত্মা মালিক, এনেকুৱা নহয়। মালিক হৈ আদেশ দিয়া আৰু পৰীক্ষা কৰা যে প্ৰতিটো কৰ্মেন্দ্ৰিয় মোৰ অৰ্থাৎ ৰজাৰ স্নেহ আৰু বিধি অনুসৰি চলেনে? আদেশ দিলা মধুৰতা স্বৰূপ হ’ব লাগে আৰু সমস্যা অনুসৰি ক্ৰোধৰ মহাৰূপ নহ’লেও কিন্তু সূক্ষ্ম ৰূপতো আৱেশ বা খিংখিঙিয়া স্বভাৱৰ হৈ গ’লা, তেন্তে এয়া জানো আদেশ? আদেশ অনুসৰি হ’ল জানো?

আদেশ দিবা মই নম্ৰ হ’ব লাগে আৰু বায়ুমণ্ডল অনুসৰি ভাবিবা কিমান দূৰ অবদমন কৰি চলিম, অলপতো দেখুৱাব লাগে। কি ময়েই অবদমিত হৈ থাকিব লাগে নেকি? ময়েই মৰিব লাগে! ময়েই সলনি হ’ব লাগে? এয়া জানো স্নেহ আৰু আদেশ? সেয়েহে বিশ্বৰ প্ৰতি, আৰ্তনাদ কৰি থকা দুখী আত্মাসকলৰ প্ৰতি দয়া কৰাৰ পূৰ্বে নিজৰ ওপৰত দয়া কৰা। নিজৰ অধিকাৰ চম্ভালা। আগলৈ তোমালোকে চাৰিওফালে শক্তিৰ কিৰণ দিয়াৰ, প্ৰকম্পন দিয়াৰ, মনৰ দ্বাৰা বায়ুমণ্ডল গঢ়াৰ কাৰ্য কৰিব লাগিব। আগতেও শুনাইছোঁ। যে এতিয়ালৈকে যিয়েই য’লৈকে সেৱাৰ নিমিত্ত হৈছে, বহুত ভাল কৰিছে আৰু কৰিবও কিন্তু এতিয়া সময় অনুসৰি তীব্ৰগতি আৰু বেহদ সেৱাৰ আৱশ্যকতা আছে। গতিকে এতিয়া প্ৰথমে প্ৰতিটো দিন পৰীক্ষা কৰা যে স্বৰাজ্য অধিকাৰী কিমান হৈ আছোঁ? আত্মাই যাতে মালিক হৈ কৰ্মেন্দ্ৰিয়সমূহক চলায়। স্মৃতি স্বৰূপ হৈ থাকক যে মই মালিকে এই সংগীসকলৰ দ্বাৰা, সহযোগীসকলৰ দ্বাৰা কাৰ্য কৰাই আছোঁ। স্বৰূপত নিচা থাকক তেতিয়া স্বতঃ সকলো কৰ্মেন্দ্ৰিয় তোমালোকৰ আগত “হয় হাজিৰ, হয় হজুৰ” স্বতঃ কৰিব। পৰিশ্ৰম কৰিবলগীয়া নহ’ব। আজি ব্যৰ্থ সংকল্প দূৰ কৰা, আজি সংস্কাৰ দূৰ কৰা, আজি নিৰ্ণয় শক্তি প্ৰকট কৰা। একেবাৰতে সকলো কৰ্মেন্দ্ৰিয় আৰু মন-বুদ্ধি-সংস্কাৰে তোমালোকে যি বিচৰা, সেয়া কৰিব। এতিয়া কোৱা নহয় - বাবা বিচাৰোতো এয়াই কিন্তু এতিয়া ইমান হোৱা নাই... পাছত ক’বা যিটো বিচাৰোঁ সেয়া হৈ গ’ল, সহজ। তেন্তে বুজিলা কি কৰিব লাগে? নিজৰ অধিকাৰৰ সিদ্ধি কাৰ্যত লগোৱা। সংস্কাৰক আদেশ দিয়া। সংস্কাৰে তোমালোকক কিয় আদেশ দিয়ে? সংস্কাৰ দূৰ নহয় কিয়? তোমালোকৰ আদেশ অনুসৰি চলিবলৈ সংস্কাৰ বান্ধ খাই আছে। মালিকবোধ জাগ্ৰত কৰা। গতিকে আনৰ সেৱাৰ বহুত বহুত বহুত আৱশ্যকতা আছে। এয়াতো একোৱেই নহয়, বহুত স্পৰ্শকাতৰ সময় আহিবই। এনেকুৱা সময়ত তোমালোকে উৰন্ত কলাৰ দ্বাৰা ফৰিস্তা হৈ চাৰিওফালে পৰিক্ৰমা লগাই, যিয়ে শান্তি বিচাৰে, যিয়ে আনন্দ বিচাৰে, যিয়ে সন্তুষ্টি বিচাৰে, ফৰিস্তা ৰূপত শক্তিৰ কিৰণ দিবলৈ পৰিক্ৰমা লগাবা আৰু তেওঁলোকে অনুভৱ কৰিব। যেনেকৈ এতিয়া অনুভৱ কৰে নহয়, পানী পাই গ’লোঁ বহুত তৃষ্ণা নিবাৰণ হ’ল। ভোজন পাই গ’লোঁ, টম্বু পাই গ’লোঁ, অৱলম্বন পাই গ’লোঁ। এনেকৈ অনুভৱ কৰিব ফৰিস্তাসকলৰ দ্বাৰা শান্তি পাই গ’লোঁ, শক্তি পাই গ’লোঁ, আনন্দ পাই গ’লোঁ। তেনেকৈ অন্তঃবাহক অৰ্থাৎ অন্তিম স্থিতি, শক্তিশালী স্থিতি তোমালোকৰ অন্তিম বাহন হ’ব। আৰু চাৰিওফালে পৰিক্ৰমা লগাই সকলোকে শক্তি দিবা, সাধন দিবা। নিজৰ ৰূপ সন্মুখত আহেনে? প্ৰকট কৰা। কিমান ফৰিস্তাই পৰিক্ৰমা লগাই আছে! শক্তিৰ কিৰণ দি আছে, তেতিয়া ক’ব তোমালোকে এটা গীত বজোৱা নহয়- শক্তিসকল আহি গ’ল.. শক্তিসকলৰ দ্বাৰাই সৰ্বশক্তিমান স্বতঃ সিদ্ধ হৈ যাব। শুনিলা।

যি এতিয়ালৈকে কৰিলা, যি চলিল সেয়া সময় অনুসৰি ভালতকৈও ভাল হ’ল। এতিয়া আগলৈ আৰু ভালতকৈও ভাল হ’বই। বাৰু। ভীতগ্ৰস্ত হোৱাতো নাই। সংবাদ শুনি, দেখি ভীতগ্ৰস্ত হ’বা নেকি? এয়াতো একোৱে নহয়। তোমালোকৰ সকলো আছে আৰু এয়া একোৱে নহয়। কিন্তু তথাপিও তোমালোকৰে ভাতৃ-ভগ্নী সেয়েহে তেওঁলোকৰ সেৱা কৰাটোও ভাল। এতিয়া ৰাজ্য অধিকাৰ, অকাল আসনত বহি থাকা, তল-ওপৰ নহ’বা তেতিয়া চাবা প্ৰশাসনৰো সাক্ষাৎকাৰ হ’ব - এওঁলোকেই, এওঁলোকেই, এওঁলোকেই হয়। আসনৰ পৰা অৱনমিত নহ’বা। অধিকাৰ নেৰিবা, অধিকাৰ সকলো সময়তে চলোৱা, নিজৰ ওপৰত, আনৰ ওপৰত নহয়। আনৰ ওপৰত নচলাবা। বাৰু।

নতুন নতুন সন্তানো বহুত আহিছে। বৃদ্ধিতো হ’বই। যিসকল এইটো কল্পত এইবাৰ প্ৰথমবাৰ আহিছে তেওঁলোকে হাত উঠোৱা। ভাল কৰিলা। সাহস কৰি আহি গ’লা গতিকে উপস্থিত হৈ গ’লা নহয়। যিসকল থাকি গ’ল তেওঁলোক তাতে বহি গ’ল আৰু একোৱে নহ’ল। সাহসৰ বহুত আৱশ্যক। যিকোনো কাৰ্যত সাহস কৰিলে বুজিবা সফলতা আছেই। যদি সাহস কম তেন্তে সফলতা কম সেয়েহে সাহস আৰু নিৰ্ভয়তা, ভয় নকৰিবা, এয়া কি হৈ আছে। কোনোবা মৰি আছে তেন্তে তেওঁ মৰি আছে ভয় তোমালোকে কৰিছা। নিৰ্ভীক হোৱা। ঠিক আছে তেওঁলোকক শক্তিৰ সহযোগ দিয়া, সেই আত্মাসকলক দয়াৰ ভাৱনাৰে সহযোগ দিয়া, ভয় নকৰিবা। ভয় সকলোতকৈ ডাঙৰতকৈও ডাঙৰ ভূত। বাকী ভূত আঁতৰিব পাৰে, ভয়ৰ ভূত কাচিৎহে দূৰ হয়। কোনো কথাৰ ভয়, কেৱল মৃত্যুৰ ভয় নহয়, বহুত কথাৰ ভয় থাকে। যি অনেক প্ৰকাৰৰ ভয় আছে, নিজৰ দুৰ্বলতাৰ বাবেও ভয় থাকে। সেই সকলো কথাত নিৰ্ভীক হোৱাৰ যি সাধন আছে, সেয়া হ’ল সদায় নিকা অন্তৰ, সঁচা অন্তৰ। তেতিয়া ভয় কেতিয়াও নাহিব। নিশ্চয় অন্তৰত কিবা কথা সমাহিত হৈ আছে যাৰ বাবে ভয় হয়। নিকা অন্তৰ, সঁচা অন্তৰৰ হ’লে চাহাব ৰাজী আৰু সকলো ৰাজী।

বাৰু, নতুনকৈ অহা সন্তানসকলক, নৱজীৱনত পৰমাত্ম ভাগ্য প্ৰাপ্ত কৰাৰ বাবে অভিনন্দন। বাৰু। বিদেশৰো বহুত আহিছে। বিদেশৰ দলে হাত উঠোৱা। (প্ৰায় 700 আহিছে। আহিলা ভাল কৰিলা। স্বাগতম।

মহাৰাষ্ট্ৰ, অন্ধপ্ৰদেশৰ সেৱা:- মহাৰাষ্ট্ৰৰসকলে হাত উঠোৱা। (4 হাজাৰ আহিছে) তেন্তে 4 হাজাৰক 4 পদমবাৰ অভিনন্দন। ভাল কৰিলা, প্ৰতিটো দলৰে সেৱাৰ নিজা নিজা শোভা আছে কিয়নো সেৱাৰ আগতেতো পৰিয়ালৰ সন্মুখত সমীপত অহাৰ সোণালী সুযোগ পোৱা যায়। সুযোগ পোৱা যায় নহয়? নহ’লে কোনেনো সুধিব মহাৰাষ্ট্ৰৰ নে অন্ধ্ৰৰ? কিন্তু সেৱাৰ বিশেষ সুযোগ ল’লে পৰিয়ালৰ, দাদীসকলৰ, দাদাসকলৰ সন্মুখত আহে। আৰু আনন্দিতও হয়, কিয় আনন্দিত হয়, কাৰণ কি? চোৱা সেৱাকেন্দ্ৰত কিমানৰ সেৱা কৰা? খুব বেছি 50-100ৰ, আৰু ইয়াত যেতিয়া সেৱা কৰা তেতিয়া হাজাৰ হাজাৰৰ সেৱা কৰা আৰু হাজাৰৰ সেৱাৰ প্ৰতিদানত সকলোৰে “বহুত ভাল সেৱা কৰিলে, বহুত ভাল সেৱা কৰিলে” এয়া আশীৰ্বাদ প্ৰাপ্ত হয় নহয়। এই আশীৰ্বাদসূচক বচন উচ্চাৰিত হয়। সেই আশীৰ্বাদে এটাতো বৰ্তমান সময়ত আনন্দিত কৰে আৰু দ্বিতীয়তে জমাও হয়। ডবল লাভ হয় সেয়েহে যিসকলে সেৱা কৰিলে গতিকে সেৱাৰ ফল আনন্দও প্ৰাপ্ত হ’ল আৰু জমা পুঁজিও বাঢ়িল। ডবল লাভ হৈ গ’ল নহয়! এতিয়া গৰিষ্ঠসংখ্যক উপ-মণ্ডলে ভালকৈ শিকিও ল’লে, অভ্যাস হৈ গ’ল। ভাল কৰিলা, অভিনন্দন। (100 গৰাকী কুমাৰীৰ সমৰ্পণ পৰ্ব আছে)। বাৰু 100 গৰাকী কুমাৰী উঠা। সকলোৱে চোৱা। য’তে টি.ভি. আছে ত’ত দেখুওৱা। ভাল কথা, এনেয়েতো সমৰ্পিততো হোৱাই। কিন্তু সমৰ্পণৰ দৃঢ় মোহৰ লাগিব লাগে। এই সৰ্বশক্তিমান চৰকাৰৰ মোহৰ নাইকিয়া হ’ব নোৱাৰে। দৃঢ় হোৱা নহয়! দৃঢ়! দৃঢ়নে? যিসকলে ভাবা বহুত বহুত বহুত দৃঢ় তেওঁলোকে এনেকৈ হাত লৰোৱা। বহুত দৃঢ়নে? মহাৰাষ্ট্ৰৰসকল আছে। কিবা মহানতাতো দেখুৱাবা নহয়! বহুত ভাল, বাপদাদাৰ ফালৰ পৰা বহুত বহুত অনেক কোটিবাৰ অভিনন্দন, শুভেচ্ছা থাকিল। বাৰু।

এতিয়া এক চেকেণ্ডত ফৰিস্তা হৈ বিশেষকৈ য’ত এই ভূমিকম্প হৈছে, তাৰ চাৰিওফালে ফৰিস্তা হৈ উৰন্ত কলাৰ দ্বাৰা শান্তি, শক্তি আৰু সন্তুষ্টিৰ কিৰণ বিয়পাই আহা। পৰিক্ৰমা লগাই আহা আৰু এক চেকেণ্ডত। সকলোৱে পৰিক্ৰমা লগাই আহা। বাৰু। (ড্ৰিল)

চাৰিওফালৰ দেশ-বিদেশৰ ফৰিস্তা ৰূপত বিৰাজমান, স্ব-অধিকাৰী সন্তানসকলক সদায় স্নেহ আৰু বিধিৰে নিজৰ সহযোগী, সূক্ষ্ম আৰু স্থূল সহযোগী সংগীসকলক চলাওঁতা, সদায় বাপদাদাৰ দ্বাৰা প্ৰাপ্ত আত্মিক সাধনসমূহক সদাপ্ৰস্তুত কৰোঁতা, মই আত্মা ৰজা হৈ ৰাজ্য অধিকাৰৰ অনুভৱ কৰোঁতা, সদায় উৰন্ত কলাৰ দ্বাৰা ফৰিস্তা ৰূপেৰে চাৰিওফালে কিৰণ দিওঁতা শক্তি স্বৰূপ আত্মাসকলক সদায় নিকা অন্তৰ, সঁচা অন্তৰেৰে নিৰ্ভয়, নিৰাকাৰী স্থিতিৰ অনুভৱ কৰোঁতা বিশ্ব কল্যাণী, বিশ্ব পৰিৱৰ্তক আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰ প্ৰতি:- তোমালোক সকলো আনন্দিত হৈ আছা নহয়, আমাৰ নিমিত্ত দাদীসকল, দাদাসকল সন্মুখত আহিছে সেয়েহে অনন্দিত হৈছা নহয়! নে তোমালোকো আহিব খোজা? আৰু সন্মুখত থকাই ভাল। সন্মুখত থকাসকলক বেছিকৈ চায়। ইয়াতো এনেকৈ কৰিব লাগিব। আৰু সন্মুখত থকাসকলকতো বাৰে বাৰে চাই আছে।

বাৰু, (জগদীশ ভাইৰ প্ৰতি) সকলো ঠিকে আছেনে। সকলোতকৈ ভাল কথা হ’ল নিজৰ শৰীৰ সহিত পিতাক অৰ্পণ কৰি দিলা। এনেয়েতো পিতাক নিজৰ সকলো দি দিছা। দি দিছা নহয় নে দিব লাগিব? তোমালোকে, নিমিত্ত আত্মাসকলেতো দি দিলা, সেইবাবে তোমালোকক সাকাৰ ৰূপত অনুসৰণ কৰি আছে। সাকাৰ ৰূপত মহাৰথীসকলক দেখি সকলোৱে শক্তি লাভ কৰে। তেন্তে এই গোটেই দলটি কি হয়? শক্তিৰ স্ৰোত। হয় নহয়! (দাদী জানকীয়ে কৈ আছে চলাওঁতাজন বৰ ৰমণীয়) ৰমণীয় নোহোৱাহেঁতেন ইমান বৃদ্ধি কেনেকৈ হ’লহেঁতেন। পিতাই কয় - চলোঁতাসকলো পিতাতকৈ অধিক বুদ্ধিমান আৰু চতুৰ।

বাৰু, সকলোৱে সদায় এটা শব্দ অন্তৰেৰে গাই থাকে “মোৰ বাবা”। এই গীতটি সকলোৱে গাব জানা নহয়। “মোৰ বাবা”, এই গীতটি গাব জানানে? সহজ হয় নহয়! মোৰ বুলি ক’লা আৰু আপোন কৰি ল’লা, পিতাই কয় - সন্তানসকল পিতাতকৈও হুচিয়াৰ। কিয়? ভগৱানক বান্ধি ল’লে। (দাদী জানকীৰ প্ৰতি) বান্ধিলা নহয়! তেন্তে বান্ধোঁতাজন শক্তিশালী হ’ল নে বান্ধোনত আহোঁতাজন? কোন শক্তিশালী হ’ল? বান্ধ খাওঁতাজনে কেৱল তোমালোকক উপায় শুনাই দিলে যে এনেকৈ বান্ধা তেতিয়া বান্ধ খাই যাম। বাৰু, ওঁম্‌ শান্তি।

বৰদান:
নিজক নিমিত্ত বুলি বুজি ব্যৰ্থ সংকল্প আৰু ব্যৰ্থ বৃত্তিৰ পৰা মুক্ত হৈ থাকোঁতা বিশ্বকল্যাণকাৰী হোৱা

মই বিশ্ব কল্যাণৰ কাৰ্যৰ অৰ্থে নিমিত্ত হওঁ - এইটো দায়িত্বৰ স্মৃতিত থাকা তেতিয়া কেতিয়াও কাৰো প্ৰতি বা নিজৰ প্ৰতি ব্যৰ্থ সংকল্প বা ব্যৰ্থ বৃত্তি থাকিব নোৱাৰে। দ্বায়িত্বশীল আত্মাই এটাও অকল্যাণকাৰী সংকল্প কৰিব নোৱাৰে, এক চেকেণ্ডো ব্যৰ্থ বৃত্তি ধাৰণ কৰিব নোৱাৰে কিয়নো তেওঁলোকৰ বৃত্তিৰে বায়ুমণ্ডলৰ পৰিৱৰ্তন হয় সেয়েহে সকলোৰে প্ৰতি তেওঁলোকৰ শুভ ভাৱনা, শুভ কামনা স্বতঃ থাকে।

স্লোগান:
অজ্ঞানৰ শক্তি হৈছে ক্ৰোধ আৰু জ্ঞানৰ শক্তি হৈছে শান্তি।

প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যিহেতু জীৱন্তে মৰি গ’লা, নতুন জন্ম, নতুন সংস্কাৰ ধাৰণ কৰিলা তেন্তে পুৰণা সংস্কাৰ ৰূপী বস্ত্ৰৰ প্ৰতি প্ৰীতি কিয়? যিটো বস্তু পিতাৰ প্ৰিয় নহয় সেয়া সন্তানৰ প্ৰিয় কিয়? সেয়েহে প্ৰীতি বুদ্ধিৰ হৈ ভিতৰৰ ত্ৰুটি, দুৰ্বলতা, নিৰ্বলতা আৰু কোমলতাৰ পুৰণি হিচাপ সদাকালৰ বাবে সমাপ্ত কৰি বিজয়ী হোৱা। ৰত্ন খোদিত চোলা এৰি জৰ্জৰিত চোলাৰ প্ৰতি প্ৰীতি নাৰাখিবা।