12.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া ঘৰলৈ উভতি যাব লাগে সেয়েহে পিতাক স্মৰণ কৰাৰ আৰু নিজৰ চৰিত্ৰ শুধৰাবলৈ যত্ন কৰা”

প্ৰশ্ন:
অজ্ঞান নিদ্ৰাত নিদ্ৰামগ্ন কৰোৱা কথা কোনটো? তাৰ দ্বাৰা কি হানি হৈছে?

উত্তৰ:
কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কোৱা, এইটোৱে অজ্ঞান নিদ্ৰাত নিদ্ৰামগ্ন কৰোৱাৰ কথা। ইয়াৰ দ্বাৰা জ্ঞান নেত্ৰহীন হৈ গ’ল। ঘৰ বহুত দূৰৈত বুলি ভাবে। বুদ্ধিত থাকে এতিয়াতো লাখ লাখ বছৰ ইয়াতেই সুখ-দুখৰ ভূমিকা পালন কৰিব লাগে সেইবাবে পাৱন হ’বলৈ যত্ন নকৰে। তোমালোক সন্তানসকলে জানা এতিয়া ঘৰ অতি সমীপত। এতিয়া আমি যত্ন কৰি কৰ্মাতীত হ'ব লাগে।

ওঁম্শান্তি।
মৰমৰ সন্তানসকলক এতিয়া পিতাই ঘৰৰ স্মৃতি সোঁৱৰাই দিছে। ভক্তিমাৰ্গতো ঘৰক স্মৰণ কৰে কিন্তু তালৈ কেতিয়া যাব, কেনেকৈ যাব, সেয়া একোৱেই নাজানে। কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কোৱাৰ বাবে ঘৰকেই পাহৰি গ'ল। ভাবি লয় লাখ লাখ বছৰ ইয়াতেই ভূমিকা পালন কৰে সেয়েহে ঘৰক পাহৰি যায়। এতিয়া পিতাই স্মৃতি জাগ্ৰত কৰে - সন্তানসকল, ঘৰতো একেবাৰে সমীপত, এতিয়া নিজৰ ঘৰলৈ যাম! মইতো তোমালোক সন্তানসকলে আহ্বান কৰাৰ বাবে আহিছোঁ। যাবানে? কিমান সহজ কথা। ভক্তিমাৰ্গততো গমেই পোৱা নাযায় যে মুক্তিধামলৈ কেতিয়া যাম। মুক্তিকেই ঘৰ বুলি কোৱা হয়। লাখ লাখ বছৰ বুলি কোৱাৰ কাৰণে সকলো পাহৰি যায়। পিতাকো, ঘৰকো পাহৰি যায়। লাখ লাখ বছৰ বুলি কোৱাৰ কাৰণে বহুত অন্তৰ আহি যায়। যেন অজ্ঞান নিদ্ৰাত নিদ্ৰামগ্ন হৈ যায়। কোনেও বুজি নাপায়। ভক্তিমাৰ্গত ঘৰ কিমান দূৰৈত বুলি কয়। পিতাই কয় বাঃ! মুক্তিধামলৈতো এতিয়া যাব লাগে। এনেকুৱাতো নহয় যে তোমালোকে লাখ লাখ বছৰ ভক্তি কৰা। তোমালোকে নাজানাই যে ভক্তি কেতিয়াৰ পৰা আৰম্ভ হ'ল। লাখ লাখ বছৰৰ হিচাপ কৰাৰ কোনো দৰকাৰেই নাই। পিতা আৰু ঘৰক পাহৰি যায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, কিন্তু অনাহকতে ইমান দূৰ কৰি দিয়ে। এতিয়া পিতাই কয় - সন্তানসকল, ঘৰ একেবাৰে সমীপত, এতিয়া মই তোমালোকক লৈ যাবলৈ আহিছোঁ। ঘৰলৈ যাব লাগে কিন্তু পৱিত্ৰতো নিশ্চয় হ'ব লাগে। গঙ্গা স্নান আদিতো তোমালোকে কৰি আহিছা, কিন্তু পৱিত্ৰ হোৱা নাই। যদি পৱিত্ৰ হ'লাহেঁতেন, তেন্তে ঘৰলৈ গুচি গ'লাহেঁতেন, কিন্তু যিহেতু ঘৰকেই চিনি নোপোৱা সেয়েহে পৱিত্ৰতাৰ বিষয়েও একো নাজানা। আধাকল্প ধৰি ভক্তি কৰি আহিছে সেইবাবে ভক্তি এৰিব নোৱাৰে। এতিয়া পিতাই কয় - ভক্তি পূৰা হৈছে। ভক্তিত সীমাহীন দুখ থাকে। এনেকুৱা নহয় যে তোমালোক সন্তানসকলে লাখ লাখ বছৰ দুখ দেখিছা, লাখ লাখ বছৰৰ কথাই নাই। প্ৰকৃত দুখতো তোমালোকে কলিযুগত ভুগিছা যেতিয়া অতি বিকাৰত মলিয়ন হৈ যোৱা। আগতে যেতিয়া ৰজো অৱস্থাত আছিলা তেতিয়াতো অলপ বোধ আছিল, এতিয়াতো একেবাৰে অবোধ হৈ গৈছে। এতিয়া সন্তানসকলক কয় - সুখধামলৈ যাবলৈ হ’লে পাৱন হোৱা। শিৰত জন্ম-জন্মান্তৰৰ যি পাপৰ বোজা আছে, সেয়া স্মৃতিৰে দূৰ কৰা। স্মৃতিত থাকিলে বহুত আনন্দিত হৈ থাকিবা। যিজন পিতাই তোমালোকক আধাকল্পৰ বাবে সুখধামলৈ লৈ যায়, তেওঁক স্মৰণ কৰিব লাগে। পিতাই কয় - তোমালোক এনেকুৱা (লক্ষ্মী-নাৰায়ণৰ দৰে) হ'বলৈ হ’লে এফালে পৱিত্ৰ হোৱা আৰু আনফালে চৰিত্ৰ শুধৰণি কৰা। বিকাৰবোৰক ভূত বুলি কোৱা হয়, লোভৰ ভূতো কম নহয়। এই ভূত হৈছে বহুত অশুদ্ধ। মনুষ্যক একেবাৰে লেতেৰা কৰি দিয়ে। লোভেও অনেক পাপ কৰায়। 5 বিকাৰ হৈছে অতি কাঢ়া ভূত। এই সকলোবোৰ এৰিব লাগে। লোভ এৰাটোও সিমানেই কঠিন যিমান কাম বিকাৰ এৰা কঠিন। মোহ এৰাও সিমানেই কঠিন হৈ যায় যিমান কাম বিকাৰ এৰা কঠিন। এৰা নিদিয়েই। গোটেই জীৱন পিতাই বুজাই আহিছে তথাপিও মোহৰ জৰী নিছিঙেই। ক্ৰোধো কাচিৎহে আঁতৰে। এনেকৈ কয়, ল'ৰা-ছোৱালীৰ ওপৰত খং উঠে। নামতো ক্ৰোধৰেই লয় নহয়। কোনোটো ভূতেই যাতে নাহে, এইবোৰৰ ওপৰত বিজয়ী হ'ব লাগে।

পিতাই কয় - যেতিয়ালৈকে মই আছোঁ তেতিয়ালৈকে তোমালোকে পুৰুষাৰ্থ কৰি থাকা। পিতা কিমান বছৰ থাকিব? পিতাই ইমান বছৰৰ পৰা বহি বুজাই আছে, ভালেই সময় দিয়ে। সৃষ্টিচক্ৰক জনাতো বহুত সহজ। 7 দিনতে সমস্ত জ্ঞান বুদ্ধিত আহি যায়। বাকী জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হওঁতে সময় লাগে। এয়াই কঠিনতা। তাৰ বাবে বাবাই সময় দিয়ে। মায়াৰ বিৰুদ্ধাচৰণ বহুত হয়, একেবাৰে পাহৰাই দিয়ে। ইয়াত বহোঁতে গোটেই সময়খিনি জানো স্মৃতিত বহা, অনেক ফালে বুদ্ধি গুচি যায়, সেইবাবে সময় দিয়ে, যত্ন কৰি কৰ্মাতীত অৱস্থাত উপনীত হ’ব লাগে। পঢ়াতো একেবাৰে সহজ। বিচাৰ বুদ্ধি সম্পন্ন সন্তান হ'লে 7 দিনতে সমস্ত জ্ঞান বুজি ল’ব যে এই 84ৰ চক্ৰ কেনেকৈ ঘূৰে। বাকী পৱিত্ৰ হ’বলৈ যত্ন কৰিবলগীয়া হয়। ইয়াক লৈ কিমান বাদ-বিবাদ হয়। বুজি পায় কথাতো ঠিকেই আমি গ্লানি কৰিছিলোঁ যে ব্ৰহ্মাকুমাৰীয়ে ভাই-ভনী কৰি দিয়ে, কিন্তু কথাতো একেবাৰে ঠিক। যেতিয়ালৈকে আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান নহওঁ তেতিয়ালৈকে পৱিত্ৰ হৈ কেনেকৈ থাকিব পাৰিম, আসুৰিক দৃষ্টিৰ পৰা সভ্য-দৃষ্টিৰ কেনেকৈ হ’ব পাৰিম। এইটো যুক্তি বহুত ভাল - আমি ব্ৰহ্মাকুমাৰ-কুমাৰী গতিকে ভাই-ভনী হৈ গ’লোঁ। ইয়াৰ দ্বাৰা দৃষ্টি সভ্য কৰি তোলাত বহুত সহায় পোৱা যায়। ব্ৰহ্মাৰ কৰ্তব্যও আছে নহয়। ব্ৰহ্মাৰ দ্বাৰা দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা অথবা মনুষ্যক দেৱতা কৰি তোলা হয়।

পিতা আহেই পুৰুষোত্তম সংগমযুগত। সেয়েহে বুজাবলৈ কিমান কষ্ট কৰিবলগীয়া হয়। পিতাৰ পৰিচয় দিবৰ বাবেই সেৱাকেন্দ্ৰসমূহ খোলা হয়। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে। ভগৱানতো হৈছে নিৰাকাৰ। শ্ৰীকৃষ্ণতো হৈছে দেহধাৰী, তেওঁক ভগৱান বুলি ক'ব নোৱাৰি। কোৱাও হয় ভগৱান আহি ভক্তিৰ ফল দিবহি কিন্তু ভগৱানৰ পৰিচয়েই নাই। তোমালোকে কিমান বুজোৱা তথাপিও বুজি নাপায়। দেহধাৰীতো নিশ্চয় পুনৰ্জন্মত আহিব। এতিয়া তেওঁৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। আত্মাসকলে এক পৰমপিতা পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ পায়। মনুষ্যই, মনুষ্যক জীৱনমুক্তি দিব নোৱাৰে। এই উত্তৰাধিকাৰ পাবৰ বাবে তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি আছা। সেই পিতাক পাবৰ বাবে তোমালোকে কিমান হাবাথুৰি খাইছিলা। প্ৰথমেতো এজন শিৱকেই পূজা কৰিছিলা, আন কোনো ফালে যোৱা নাছিলা। সেয়া আছিল অব্যভিচাৰী ভক্তি, আনৰ মন্দিৰ আদি ইমান নাছিল। এতিয়াতো অনেক চিত্ৰ আছে, মন্দিৰ আদি নিৰ্মাণ কৰে। ভক্তিমাৰ্গত তোমালোকে কিমান কষ্ট কৰিবলগীয়া হয়। তোমালোকে জানা শাস্ত্ৰত কোনো গতি-সৎগতিৰ ৰাস্তা নাই, সেয়াতো একমাত্ৰ পিতাইহে শুনায়। ভক্তিমাৰ্গত কিমান মন্দিৰ নিৰ্মাণ কৰি থাকে। বাস্তৱত মন্দিৰ কেৱল দেৱী-দেৱতাৰহে হয় আৰু কোনো মনুষ্যৰ মন্দিৰ নাথাকে কাৰণ মনুষ্য হৈছে পতিত। পতিত মনুষ্যই পাৱন দেৱী-দেৱতাসকলৰ পূজা কৰে। হওঁতে তেওঁলোকো মনুষ্য, কিন্তু তেওঁলোকৰ দৈৱীগুণ আছে, যাৰ দৈৱীগুণ নাই সেইসকলে তেওঁলোকৰ পূজা কৰে। তোমালোক নিজেই পূজ্য আছিলা, আকৌ পূজাৰী হৈছা। মনুষ্যৰ ভক্তি কৰা মানে 5 তত্বৰ ভক্তি কৰা। শৰীৰতো 5 তত্বৰে গঠিত। এতিয়া সন্তানসকল মুক্তিধামলৈ যাব লাগে, যাৰ বাবে ইমান ভক্তি কৰিছা। এতিয়া নিজৰ লগত লৈ যাওঁ। তোমালোক সত্যযুগলৈ গুচি যাবা। পিতা আহিছেই পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ লৈ যাবৰ বাবে। পাৱন সৃষ্টি হয়েই দুখন - মুক্তি আৰু জীৱনমুক্তি। পিতাই কয় - মৰমৰ সন্তানসকল, মই কল্পই কল্পই সংগমযুগত আহোঁ। তোমালোকে ভক্তিমাৰ্গত কিমান দুখ ভোগ কৰা। গীতো আছে নহয় - চাৰিওফালে পৰিক্ৰমা লগালোঁ তথাপিও তোমাৰ পৰা দূৰৈত থাকিলোঁ.... কাৰ পৰা দূৰৈত থাকিলা? পিতাৰ পৰা। পিতাক বিচাৰি প্ৰতিটো জন্মতে ঘূৰি পৰিক্ৰমা লগালা তথাপিও পিতাৰ পৰা দূৰৈত থাকিলা সেইবাবে আহ্বান জনায় - হে পতিত পাৱন আহক, আহি পাৱন কৰি তোলক। পিতাৰ বাহিৰে আন কোনেও পাৱন কৰি তুলিব নোৱাৰে। তেন্তে এই খেলখনেই হৈছে 5 হাজাৰ বছৰৰ। ড্ৰামা অনুসৰি প্ৰত্যেকেই পুৰুষাৰ্থ কৰে, যেনেকৈ কল্প পূৰ্বে কৰিছিল, সেই অনুসৰিয়েই ৰাজধানী স্থাপনা হৈ আছে। সকলোৱেতো একে ধৰণে নপঢ়িব। এয়া পাঠশালা নহয় জানো। ৰাজযোগৰ পঢ়া। যিসকল দেৱী-দেৱতা ধৰ্মৰ হ'ব তেওঁলোক ওলাই আহিব। মূলবতনতো যি সংখ্যা আছে, সেয়া সঠিক হ'ব। কম-বেছি নহ'ব। নাটকত ভাৱৰীয়াৰ সংখ্যা নিদিষ্ট। কিন্তু বুজিব নোৱাৰে। যিমান আছে, সেয়া সঠিক আৰু তেওঁলোকে আহি ভূমিকা পালন কৰিবহি। আকৌ তোমালোক নতুন সৃষ্টিলৈ আহা। বাকী সকলো তালৈ গুচি যাব। এতিয়া কোনোবাই গণনা কৰিব খুজিলে কৰিব পাৰে। এতিয়া তোমালোকক পিতাই বহুত গূঢ় গূঢ় সাৰকথা শুনায়। আৰম্ভণি আৰু এতিয়াৰ বুজনিৰ মাজত কিমান পাৰ্থক্য আছে। পঢ়াত সময় লাগে। তৎক্ষণাৎ কোনো আই.চি.এচ. হৈ নাযায়। ক্ৰমানুসৰিহে পঢ়া হয়। পিতাই কিমান সহজকৈ বুজায় যাতে মনুষ্যৰ বুদ্ধিত সহজে ধাৰণ হ'ব পাৰে। দিনে-প্ৰতিদিনে নতুন নতুন কথা বুজাই থাকে। এতিয়া পিতাই কয় - - মোক পতিত-পাৱন পিতাক আহ্বান জনাইছা, মই আহিছোঁ গতিকে তোমালোক পাৱন হোৱাচোন। নিজক আত্মা বুলি বুজি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। পুনৰ ইয়ালৈ ভূমিকা পালন কৰিবৰ বাবে আহিব লাগিব। পিতাই কয় - আত্মা পতিত হৈছে, সেয়েহে পাৱন হোৱাৰ বাবে পতিত-পাৱন পিতাক স্মৰণ কৰে। কিমান আশ্চৰ্যজনক ইমান সূক্ষ্ম আত্মাই কিমান ভূমিকা পালন কৰে, ইয়াকে প্ৰকৃতি বুলি কোৱা হয়। আত্মা দেখিবলৈ পোৱা নাযায়। কোনোবাই কয়, মই পৰমাত্মাৰ সাক্ষাৎকাৰ কৰিব বিচাৰোঁ। পিতাই কয় - ইমান সূক্ষ্ম বিন্দুৰ তুমি কি সাক্ষাৎকাৰ কৰিবা। মোক জানিব পাৰা, বাকী দেখাতো কঠিন। আত্মাই ভূমিকা পালন কৰিবৰ বাবে এই কৰ্মেন্দ্ৰিয়বোৰ পাইছে। কিমান ভূমিকা পালন কৰে, এইটো আচৰিত কথা। আত্মাৰ কেতিয়াও ক্ষয় নহয়। এয়া হৈছে অবিনাশী ড্ৰামা। এয়া অবিনাশী পূৰ্ব-নিৰ্ধাৰিত। কেতিয়া ৰচা হৈছিল - এয়া সুধিব নোৱাৰা। ইয়াক অনাদি বুলি কোৱা হয়। মনুষ্যক সোধা ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছে? শাস্ত্ৰ কেতিয়াৰ পৰা পঢ়ি আহিছে? তেতিয়া কৈ দিয়ে অনাদি, নাজানো। বিভ্ৰান্ত হৈ আছে নহয়। পিতাই বহি বুজায়, হুবহু যেনেকৈ সন্তানসকলক পঢ়ায়।

তোমালোকে জানা যে আমি একেবাৰে অবোধ আছিলোঁ পাছত বেহদৰ বোধ আহি গ'ল। সেয়া হৈছে হদৰ পঢ়া, এয়া হৈছে বেহদৰ। আধাকল্প হৈছে দিন, আধাকল্প হৈছে ৰাতি। 21 জন্ম তোমালোকে অকণো দুখ পাব নোৱাৰা। এনেকৈ কোৱা হয় নহয় - তোমালোকৰ চুলি এডালো বেঁকা কৰিব নোৱাৰে। কোনেও দুখ দিব নোৱাৰে। নামেই হৈছে সুখধাম। ইয়াততো সুখ নাই। মূলকথা হৈছে পৱিত্ৰতাৰ। চৰিত্ৰ ভাল হ'ব লাগে।

সন্তানসকলক প্ৰতিটো কথা স্পষ্টকৈ বুজোৱা হয়। লোকচান আৰু লাভ হয় নহয়। এতিয়াতো পিতাই কয় - লাভৰ কথাই শেষ। এতিয়াতো লোকচানেই লোকচান হ'ব। বিনাশৰ সময় আহি আছে সেই সময়ত চাবা কি কি হয়। বৰষুণ নহ'লে শস্যৰ কিমান মূল্য বৃদ্ধি হয়। যদিও এনেকৈ কৈ থাকে যে 3 বছৰৰ পাছত বহুত শস্য হ'ব তথাপিও বাহিৰৰ পৰা শস্য আমদানি কৰিয়েই থাকে। এনেকুৱা সময় আহিব যেতিয়া শস্যৰ এটা দানাও পোৱা নাযাব। ইমান আপদ আহিবলগীয়া আছে, ইয়াক ঈশ্বৰীয় আপদ বুলি কোৱা হয়। বৰষুণ নহ'লে নিশ্চয় আকাল হ'ব। সকলো তত্ত্ব আদিৰ অৱনতি হ’ব। বহু ঠাইত বৰষুণে লোকচান কৰি দিয়ে।

তোমালোক সন্তানসকলে জানা পিতাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। এয়া হৈছে তোমালোকৰ লক্ষ্য-উদ্দেশ্য, তোমালোকক পুনৰ নৰৰ পৰা নাৰায়ণ কৰি তোলে। এই বেহদৰ পাঠ কেৱল বেহদৰ পিতাইহে পঢ়ায়। যিয়ে যেনেকৈ পঢ়িব, তেনেকুৱা পদেই পাব। পিতাইতো পুৰুষাৰ্থ কৰোৱায়। পুৰুষাৰ্থ কম কৰিলে পদো কম পাবা। শিক্ষকেও বিদ্যাৰ্থীক বুজায় নহয়। আনক যেতিয়া নিজৰ সমান কৰি তুলিবা, তেতিয়া গম পোৱা যায় যে এওঁ ভালকৈ পঢ়ে আৰু পঢ়ায়। মূলকথা হৈছে স্মৃতিৰ যাত্ৰা, শিৰত পাপৰ বোজা বহুত আছে, মোক স্মৰণ কৰিলে পাপ ভস্ম হ'ব। এয়া হৈছে আত্মিক যাত্ৰা। সৰু ল'ৰা-ছোৱালীকো শিকোৱা যে শিৱবাবাক স্মৰণ কৰা। সিহঁতৰো অধিকাৰ আছে। এইটো নুবুজিব যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। নহয়, কেৱল শিৱবাবাক স্মৰণ কৰিব। যত্ন কৰিলে সিহঁতৰো কল্যাণ হ'ব পাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নৰৰ পৰা নাৰায়ণ পদ প্ৰাপ্ত কৰাৰ বাবে বেহদৰ পিতাৰ পৰা বেহদৰ পাঠ পঢ়ি আনক পঢ়াব লাগে। নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।

(2) লোভ, মোহৰ যি জৰী আছে সেয়া ছিঙি পেলাবলৈ যত্ন কৰিব লাগে। নিজৰ চৰিত্ৰ এনেকৈ শুধৰাব লাগে যাতে কোনো ভূত ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।

বৰদান:
ভগৱান আৰু ভাগ্যৰ স্মৃতিৰে আনৰো ভাগ্য গঢ়ি তোলোঁতা আনন্দময় সৌভাগ্যশালী হোৱা

অমৃতবেলাৰ পৰা ৰাতিলৈকে নিজৰ ভিন্ন ভিন্ন ভাগ্য স্মৃতিলৈ আনা আৰু এইটোৱে গীত গাই থাকা বাঃ মোৰ শ্ৰেষ্ঠ ভাগ্য! যিসকল ভগৱান আৰু ভাগ্যৰ স্মৃতিত থাকে তেওঁলোকেই আনক ভাগ্যৱান কৰি তুলিব পাৰে। ব্ৰাহ্মণ মানেই হৈছে সদায় ভাগ্যৱান, সদায় সৌভাগ্যশালী। কাৰো সাহস নাই যে ব্ৰাহ্মণ আত্মাৰ আনন্দ কম কৰিব পাৰে। প্ৰত্যেকেই আনন্দময়, সৌভাগ্যশালী হোৱা। ব্ৰাহ্মণ জীৱনত আনন্দ হেৰাই যোৱা অসম্ভৱ, লাগিলে শৰীৰ এৰিবলগীয়া হওঁক কিন্তু আনন্দ হেৰাই যাব নোৱাৰে।

স্লোগান:
মায়াৰ দোলনা এৰি অতীন্দ্ৰিয় সুখৰ দোলনাত সদায় দুলি থাকা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

অনেক সন্তানে প্ৰীতি গঢ়ি লয় কিন্তু পালন ক্ৰমানুসৰি কৰে। পালন কৰাৰ ক্ষেত্ৰত শাৰী সলনি হৈ যায়। কোনোবা এটা সম্বন্ধও পালন কৰাৰ ক্ষেত্ৰত বিফল হৈ গ’লে তেতিয়াও পালন কৰাৰ তালিকাত আহিব নোৱাৰে। পালন কৰা মানে পালন কৰা। যেনেকুৱাই পৰিস্থিতি নহওঁক, মনৰে হওঁক, শৰীৰ বা সম্বন্ধেৰে হওঁক, কিন্তু কোনো আত্মা যাতে সংকল্পতো স্মৃতিলৈ নাহে, সকলো কথাত যাতে প্ৰথমে পিতাহে স্মৃতিলৈ আহে তেতিয়া প্ৰীতি বুদ্ধিৰ বিজয়ী বুলি কোৱা হ’ব।