12.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা তোমালোক সন্তানসকলৰ অলংকৰণ কৰিবলৈ আহিছে, আটাইতকৈ ভাল অলংকৰণ হৈছে পৱিত্ৰতাৰ"
প্ৰশ্ন:
পূৰা 84 জন্ম
লওঁতাসকলৰ মুখ্য চিন কি হ’ব?
উত্তৰ:
1) তেওঁলোকে পিতাৰ লগতে শিক্ষক আৰু সৎগুৰু তিনিওৰে স্মৃতিত থাকিব। এনেকুৱা নহয় যে
পিতা স্মৃতিলৈ আহিলে শিক্ষকক পাহৰি যাব। তিনিওজনকে স্মৰণ কৰিলেহে কৃষ্ণপুৰীলৈ যাব
পাৰে অৰ্থাৎ আদিৰ পৰা ভূমিকা পালন কৰিব পাৰে। 2) তেওঁলোকক কেতিয়াও মায়াৰ ধুমুহাই
পৰাজিত কৰিব নোৱাৰে।
ওঁম্শান্তি।
পিতাই প্ৰথমে
সন্তানসকলক কয় - এইটো পাহৰিতো নোযোৱা যে তোমালোক পিতাৰ সন্মুখত, শিক্ষকৰ সন্মুখত আৰু
সৎগুৰুৰ সন্মুখত বহি আছা। বাবাই নাভাবে যে সকলোৱে এইটো স্মৃতিত বহি আছে। তথাপিও
বুজোৱাতো বাবাৰ কৰ্তব্য। এয়া হৈছে অৰ্থসহিত স্মৰণ কৰা। আমাৰ বাবা বেহদৰ পিতাও হয়,
শিক্ষকো হয় আৰু যথাযথ আমাৰ সৎগুৰুও হয় যিয়ে সন্তানসকলক লগত লৈ যাব। পিতা আহিছেই
সন্তানসকলৰ অলংকৰণ কৰিবলৈ। পৱিত্ৰতাৰে অলংকৰণ কৰি আহিছে। ধনো উভৈনদী কৰি দিয়ে। ধন
দিয়ে নতুন সৃষ্টিৰ বাবে য'লৈ তোমালোক যাব লাগে। সন্তানসকলে এয়া স্মৰণ কৰিব লাগে।
সন্তানসকলে গাফিলতি কৰে যাৰ বাবে পাহৰি যায়। যি সম্পূৰ্ণ আনন্দ থাকিব লাগে সেয়া কমি
যায়। এনেকুৱা পিতাতো কেতিয়াও পোৱা নাযায়। তোমালোকে জানা - আমি নিশ্চয় বাবাৰ সন্তান
হওঁ। তেওঁ আমাক পঢ়ায় সেয়েহে শিক্ষকো নিশ্চয় হয়। আমাৰ পঢ়া হয়েই নতুন সৃষ্টি অমৰপুৰীৰ
বাবে। এতিয়া আমি সংগমযুগত বহি আছোঁ। এইটো স্মৃতি সন্তানসকলৰ নিশ্চয় থকা উচিত। অতি
দৃঢ়তাৰে স্মৰণ কৰিব লাগে। এইটোও জানা যে এই সময়ত কংসপুৰী আসুৰি সৃষ্টিত আছা। ধৰি
লোৱা কাৰোবাৰ সাক্ষাৎকাৰ হয়, কিন্তু সাক্ষাৎকাৰৰ দ্বাৰা কোনো কৃষ্ণপুৰী, তেওঁৰ
ৰাজবংশত যাব নোৱাৰে। তেতিয়াহে যাব পাৰিব যেতিয়া পিতা, শিক্ষক, গুৰু তিনিওজনকে স্মৰণ
কৰি থাকিব। এয়া আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰা হয়। আত্মায়ে কয় - হয় বাবা। বাবা
আপুনিতো সঁচা কথা কয়। আপুনি পিতাও হয় আৰু পঢ়াওঁতা শিক্ষকো হয়। পৰম আত্মাই পঢ়ায়।
লৌকিক পঢ়াও আত্মাইহে শৰীৰৰ সৈতে পঢ়ায়। কিন্তু সেই আত্মাটিও পতিত সেয়েহে শৰীৰো পতিত।
সৃষ্টিৰ মনুষ্যই এইটো গম নাপায় যে আমি নৰকবাসী।
এতিয়া তোমালোকে বুজি
পোৱা যে এতিয়াতো আমি নিজৰ ধামলৈ যাম। এইখন তোমালোকৰ নিজৰ ধাম নহয়। এইখন হৈছে ৰাৱণৰ
পৰৰ ধাম। তোমালোকৰ ধামততো অপাৰ সুখ আছে। কংগ্ৰেছী লোকসকলে এনেকৈ নুবুজে - আমি পৰৰ
ৰাজ্যত আছোঁ। আগতে মুছলমানৰ ৰাজ্যত আছিল, পাছত খ্ৰীষ্টিয়ানৰ ৰাজ্যত আহিল। এতিয়া
তোমালোকে জানা যে আমি নিজৰ ৰাজ্যলৈ যাম। আগতে আমি ৰাৱণৰাজ্যকে নিজৰ ৰাজ্য বুলি
ভাবিছিলোঁ। এইটো পাহৰি গ’লোঁ যে আমি আগতে ৰামৰাজ্যত আছিলোঁ। পুনৰ 84 জন্মৰ চক্ৰত অহা
বাবে ৰাৱণৰাজ্যত দুখী হৈ গ’লোঁ। পৰৰ ৰাজ্যততো দুখেই হয়। এই গোটেই জ্ঞান বুদ্ধিত
থাকিব লাগে। পিতাতো নিশ্চয় স্মৃতিলৈ আহিব। কিন্তু তিনিওজনকে স্মৰণ কৰিব লাগে। এই
জ্ঞানো মনুষ্যইহে ল'ব পাৰে। জন্তুৱেতো নপঢ়ে। এইটোও তোমালোক সন্তানসকলে বুজি পোৱা যে
তাত (স্বৰ্গত) কোনো বেৰিষ্টাৰী আদিৰ পঢ়া-শুনা নাথাকে। পিতাই ইয়াতে তোমালোকক মালামাল
কৰি আছে কিন্তু সকলোতো ৰজা নহয়। বেপাৰো হয়তো চলিব কিন্তু তাত তোমালোকৰ বহুত ধন থাকে।
লোকচান আদি হোৱাৰ নিয়ম নাথাকে। লুট-পাত আদি তাত নহয়। নামেই হৈছে স্বৰ্গ। এতিয়া
তোমালোক সন্তানসকলৰ স্মৃতিত উদয় হৈছে যে আমি স্বৰ্গত আছিলোঁ আকৌ পুনৰ্জন্ম লৈ লৈ
অৱনমিত হ’লোঁ। পিতাই কাহানিও তেওঁলোককে শুনায়। 84 জন্ম যদি লোৱা নাই তেন্তে মায়াই
পৰাজিত কৰি দিব। এয়াও পিতাই বুজাই থাকে। মায়াৰ ধুমুহা কিমান প্ৰবল। বহুতকে মায়াই
হৰুৱাবলৈ চেষ্টা কৰে, আগলৈ তোমালোকে বহুত দেখিবা, শুনিবা। পিতাৰ ওচৰত সকলোৰে চিত্ৰ
থকা হ'লে তোমালোকক আচম্বিত কৰি দিলেহেঁতেন - এওঁ ইমান দিন আহিল, পিতাৰ হ'ল আকৌ
মায়াই গ্ৰাস কৰি পেলালে। মৰি গ'ল, মায়াৰ লগত মিলি গ'ল। ইয়াত এই সময়ত কোনোবাই শৰীৰ
এৰিলে এইখন সৃষ্টিতে আহি জন্ম লয়। তোমালোকে শৰীৰ এৰিলে বাবাৰ লগত বেহদৰ ঘৰলৈ যাবা।
তাত বাবা, মম্মা, সন্তান সকলো আছে। পৰিয়াল এনেকুৱাই হয়। মূললোকত পিতা আৰু ভাই ভাই
থাকে, আৰু কোনো সম্বন্ধ নাথাকে। ইয়াত হৈছে পিতা আৰু ভাই-ভনী, আকৌ বৃদ্ধি হৈ গৈ থাকে।
খুড়া, মামা আদি বহুত সম্বন্ধ হৈ যায়। এই সংগমযুগত তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ হোৱা
গতিকে ভাই-ভনী হোৱা। শিৱবাবাক স্মৰণ কৰিলে ভাই ভাই হোৱা। এই সকলো কথা ভালদৰে
স্মৃতিত ৰাখিব লাগে। বহুত সন্তানে পাহৰি যায়। পিতাইতো বুজাই থাকে। পিতাৰ কৰ্তব্য
হৈছে সন্তানসকলক শিৰৰ ওপৰত উঠোৱা (পিতাতকৈও শ্ৰেষ্ঠ কৰি তোলা), সেয়েহে নমস্কাৰ জনাই
থাকে। অৰ্থও বুজায় দিয়ে। ভক্তি কৰা সাধু-সন্ত আদি কোনেও তোমালোকক জীৱনমুক্তিৰ
মাৰ্গ-দৰ্শন নকৰে, তেওঁলোকে মুক্তিৰ বাবেই পুৰুষাৰ্থ কৰি থাকে। তেওঁলোক হয়েই
নিবৃত্তি মাৰ্গৰ। তেওঁলোকে ৰাজযোগ কেনেকৈ শিকাব। ৰাজযোগ হয়েই প্ৰবৃত্তি মাৰ্গৰ।
প্ৰজাপিতা ব্ৰহ্মাৰ চাৰিখন হাত দেখুৱাইছে তেন্তে প্ৰবৃত্তি মাৰ্গ নহ'ল জানো। ইয়াত
পিতাই এওঁলোকক তুলি লৈছে সেয়েহে নাম ৰাখিছে ব্ৰহ্মা আৰু সৰস্বতী। ড্ৰামাত কেনেকৈ
নিৰ্ধাৰিত হৈ আছে চোৱা। বানপ্ৰস্থ অৱস্থাতে মনুষ্য গুৰুৰ শৰণাপন্ন হয়, 60 বছৰৰ পাছত।
এওঁৰো 60 বছৰ পাছত পিতাই প্ৰৱেশ কৰি পিতা, শিক্ষক আৰু গুৰু হৈ গ'ল। এতিয়াতো নিয়মো
বেয়া হৈ গ'ল। সৰু সন্তানকো গুৰুৰ শৰণাপন্ন কৰি দিয়ে। এওঁতো হৈছেই নিৰাকাৰ। এওঁ
তোমালোক আত্মাসকলৰ পিতাও হয়, শিক্ষক আৰু সৎগুৰুও হয়। নিৰাকাৰী সৃষ্টিক আত্মাসকলৰ
সৃষ্টি বুলি কোৱা হয়। এনেকৈতো নকয় যে সৃষ্টিয়ে নাই। শান্তিধাম বুলি কোৱা হয়। তাত
আত্মাসকল থাকে। যদি পৰমাত্মাৰ নাম, ৰূপ, দেশ, কাল নাই বুলি কয়, তেন্তে সন্তানসকল আকৌ
ক'ৰ পৰা আহিব।
তোমালোক সন্তানসকলে
এতিয়া বুজি পোৱা - এই বিশ্বৰ ভূগোল-বুৰঞ্জী কেনেকৈ পুনৰাবৃত্তি হয়। চৈতন্যৰহে
বুৰঞ্জী থাকে, ভূগোলতো হৈছে জড় বস্তুৰ। তোমালোক আত্মাসকলে এইটো জানা যে আমি
কেতিয়ালৈকে ৰাজত্ব কৰোঁ। বুৰঞ্জীৰ গায়ন কৰা হয় যাক কাহানি বুলি কোৱা হয়। ভূগোল হৈছে
দেশৰ। চৈতন্যই ৰাজ্য কৰে, জড় বস্তুৱেতো ৰাজত্ব নকৰে। কিমান সময়ৰপৰা অমুকৰ ৰাজ্য
আছিল, খ্ৰীষ্টিয়ানে ভাৰতত কেতিয়াৰ পৰা কেতিয়ালৈকে ৰাজ্য কৰিছিল। এই বিশ্বৰ
ভূগোল-বুৰঞ্জী কোনেও নাজানেই। এনেকৈ কয় যে সত্যযুগৰতো লাখ বছৰ হ'ল। এই সময়চোৱাত কোনে
ৰাজ্য কৰি গ'ল, কিমান সময় ধৰি ৰাজ্য কৰিলে - এয়া কোনেও নাজানে। ইয়াক বুৰঞ্জী বুলি
কোৱা হয়। আত্মা হৈছে চৈতন্য, শৰীৰ হৈছে জড়। গোটেই খেলখনেই জড় আৰু চৈতন্যৰ। মনুষ্য
জীৱনেই উত্তম বুলি গায়ন কৰা হয়। লোক গণনাও মনুষ্যৰে কৰা হয়। জন্তুবোৰকতো কোনেও
গণিবও নোৱাৰে। গোটেই খেলখন তোমালোকক লৈয়ে হয়। ভূগোল-বুৰঞ্জীও তোমালোকেই শুনা। পিতা
এওঁৰ শৰীৰত আহি তোমালোকক সকলো কথা বুজায়, ইয়াক বেহদৰ ভূগোল-বুৰঞ্জী বুলি কোৱা হয়।
এই জ্ঞান নথকাৰ বাবে তোমালোক কিমান অবুজ হৈ গ’লা। মনুষ্য হৈ সৃষ্টিৰ ভূগোল-বুৰঞ্জী
যদি নাজানে তেন্তে সেই মনুষ্য কি কামৰ। এতিয়া তোমালোকে পিতাৰ দ্বাৰা বিশ্বৰ
ভূগোল-বুৰঞ্জী শুনি আছা। এই পঢ়া কিমান ভাল, কোনে পঢ়ায়? পিতাই। পিতাহে উচ্চতকৈও উচ্চ
পদ দিওঁতা হয়। এই লক্ষ্মী-নাৰায়ণৰ আৰু যিসকল তেওঁলোকৰ লগত স্বৰ্গত বাস কৰে,
তেওঁলোকৰ পদ উচ্চতকৈ উচ্চ নহয় জানো। তাত বেৰিষ্টাৰী আদিতো নকৰে। তাততো মাত্ৰ শিকিব
লাগে। কলা-কৌশল নিশিকিলে ঘৰ আদি কেনেকৈ নিৰ্মাণ কৰিব। এজনে আনজনক কলা-কৌশল শিকায়।
নহ'লে ইমান ঘৰ আদি কোনে নিৰ্মাণ কৰিব। আপোনাআপুনিতো হৈ নাযাব। এই সকলো ৰহস্য এতিয়া
তোমালোক সন্তানসকলৰ বুদ্ধিতো হৈছে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। তোমালোকে জানা যে এই
চক্ৰ ঘূৰি থাকে, ইমান সময় আমি ৰাজ্য কৰিছিলোঁ, আকৌ ৰাৱণৰাজ্যত আহিলোঁ। জগতৰ লোকে এই
কথাবোৰ নাজানে যে আমি এতিয়া ৰাৱণৰাজ্যত আছোঁ। এনেকৈ কয় যে বাবা আমাক ৰাৱণৰাজ্যৰ পৰা
মুক্ত কৰা। কংগ্ৰেছীসকলে খ্ৰীষ্টিয়ানৰ ৰাজ্যৰ পৰা নিজক স্বাধীন কৰিলে। এতিয়া আকৌ কয়
যে ভগৱান আমাক মুক্ত কৰা। স্মৃতিত আহে নহয় যে কোনেও এইটো নাজানে যে এনেকৈ কিয় কয়।
এতিয়া তোমালোকে বুজিছা যে গোটেই সৃষ্টিতে ৰাৱণৰাজ্য, সকলোৱে কয় যে ৰামৰাজ্য লাগে,
তেন্তে ৰাৱণৰাজ্যৰ পৰা মুক্ত কোনে কৰিব? এনেকৈ ভাবে যে ঈশ্বৰ পিতাই মুক্ত কৰি
মাৰ্গ-দৰ্শক হৈ লৈ যাব। ভাৰতবাসীৰ ইমান বোধশক্তি নাই। এইখনতো একেবাৰে তমোপ্ৰধান।
তেওঁলোকে ইমান দুখো নাপায় আৰু ইমান সুখো নাপায়। ভাৰতবাসী সকলোতকৈ সুখীও হয় আৰু
সকলোতকৈ বেছি দুখীও হয়। হিচাপ আছে নহয়। এতিয়া কিমান দুখ! যিসকল ধাৰ্মিক মনৰ তেওঁলোকে
স্মৰণ কৰে - হে ঈশ্বৰ পিতা, মুক্তিদাতা। তোমালোকৰো অন্তৰত আছে যে বাবা আহি আমাৰ দুখ
হৰণ কৰক আৰু সুখধামলৈ লৈ যাওঁক। তেওঁলোকে কয় – শন্তিধামলৈ লৈ ব’লক। তোমালোকে ক’বা –
শান্তিধাম আৰু সুখধামলৈ লৈ ব’লা। এতিয়া পিতা আহিছে গতিকে বহুত আনন্দিত হ'ব লাগে।
ভক্তিমাৰ্গত কাণেৰে শুনি কিমান ৰস পায়। তাত আচল কথা একো নাই। একেবাৰে আটাত নিমখৰ
পৰিমাণৰ নিচিনা। চণ্ডিকা দেৱীৰো মেলা লাগে। এতিয়া চণ্ডিকাৰ মেলা আকৌ কিয় লাগে? চণ্ডী
কাক কোৱা হয়? বাবাই শুনাইছে - চণ্ডালৰ জন্মও ইয়াৰ মাজৰ পৰাই লয়। ইয়াতে থাকি, খাই বৈ
কিবা অলপ দি পুনৰ কয় - মই যি দিলোঁ উভতাই দিয়া। মই এইবোৰ নামানো। সংশয় জন্মি যায়,
তেন্তে তেওঁলোক গৈ কি হ'বগৈ। এনেকুৱা চণ্ডিকাৰো মেলা লাগে। তথাপিও সত্যযুগীতো হয়গৈ।
অলপ সময়ৰ বাবে সহায়কাৰী হ’ল সেই বাবে স্বৰ্গত আহি গ'ল। সেই ভক্তসকলেতো এইবোৰ নাজানে,
জ্ঞানতো কাৰোৰে নাই। চিত্ৰ সন্মিলিত গীতাৰ পৰা তেওঁলোকে কিমান টকা উপাৰ্জন কৰে।
আজিকালিতো চিত্ৰ দেখি বহুত প্ৰেমিক হৈ যায়। সেইবোৰক কলা বুলি ভাবে। মনুষ্যই কি জানে
দেৱতাসকলৰ চিত্ৰ কেনেকুৱা হয়! তোমালোক আচলতে কিমান সুন্দৰ আছিলা। আকৌ কি হৈ গ'লা।
তাত কোনো অন্ধ, কণা আদি নাথাকে। দেৱতাসকলৰ স্বাভাৱিক সৌন্দৰ্য থাকে। তাত প্ৰাকৃতিক
সুন্দৰতা থাকে। সেয়েহে পিতায়ো সকলো বুজাই উঠি কয় - সন্তানসকল, পিতাক স্মৰণ কৰা। পিতা,
পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। তিনিওতা ৰূপক স্মৰণ কৰিলে তিনিওপ্ৰকাৰৰ
উত্তৰাধিকাৰ পাবা। পাছত অহাসকলে তিনিওটা ৰূপক স্মৰণ কৰিব নোৱাৰিব। তেনেকৈ মুক্তিত
গুচি যাবগৈ।
পিতাই বুজাইছে -
সূক্ষ্মলোক আদিত যি দেখা পোৱা সেয়াতো সকলো সাক্ষাৎকাৰৰ কথা। বাকী ভূগোল-বুৰঞ্জী সকলো
ইয়াৰে। ইয়াৰ আয়ুসৰ বিষয়ে কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে
তোমালোকে আকৌ যিকোনো লোককে বুজাব পাৰা। প্ৰথমতে পিতাৰ পৰিচয় দিব লাগে। সেই বেহদৰ
পিতা হৈছে সৰ্বোচ্চ। লৌকিক পিতাক পৰমাত্মা বা পৰম আত্মা বুলি কেতিয়াও কোৱা নহয়।
পৰমতো এজনেই যাক ভগৱান বুলি কোৱা হয়। তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ সেয়েহে তোমালোকক জ্ঞান
শিকায়। এই ঈশ্বৰীয় জ্ঞান হৈছে উপাৰ্জনৰ উৎস। জ্ঞানো উত্তম, মধ্যম আৰু কনিষ্ঠ নাথাকে
জানো। পিতা হৈছে উচ্চতকৈও উচ্চ, সেয়েহে পঢ়াও উচ্চতকৈও উচ্চ। পদো উচ্চ। বুৰঞ্জী,
ভূগোলতো তৎক্ষণাৎ জানি লয়। বাকী স্মৃতিৰ যাত্ৰাত যুদ্ধ চলে। ইয়াত (স্মৃতিৰ যাত্ৰাত)
হাৰিলে তেতিয়া তোমালোক জ্ঞানতো হাৰি যোৱা। হাৰি আঁতৰি গ’লে, জ্ঞানৰ পৰাও আঁতৰি যায়।
পুনৰ যেনেকুৱা আছিল তেনেকুৱা হৈ যায় আৰু আগতকৈও বেয়াহে হৈ যায়। পিতাৰ আগত আহিলে,
চলনত দেহ-অভিমান তৎক্ষণাৎ ওলাই পৰে। ব্ৰাহ্মণৰ মালাও আছে, কিন্তু বহুতেই নাজানে যে
আমি কেনেকৈ ক্ৰম অনুসাৰে ইয়াত বহোঁ। দেহ-অভিমান আছে নহয়। নিশ্চয়তা থকাসকল অপাৰ
আনন্দিত হ’ব। কাৰ নিশ্চয় আছে যে মই এই শৰীৰ এৰি ৰাজকুমাৰ হ’মগৈ? (সকলোৱে হাত উঠালে)।
সন্তানসকল ইমান আনন্দিত হৈ থাকে। তোমালোক সকলোৰেতো পূৰা দৈৱীগুণ থাকিব লাগে, যিহেতু
নিশ্চয়তা আছে। নিশ্চয়বুদ্ধিৰ অৰ্থাৎ বিজয় মালাত ৰ্গঁথা যোৱা অৰ্থাৎ ৰাজকুমাৰ হোৱা।
এনেকুৱা দিন আহিব, যেতিয়া আতাইতকৈ বেছি বিদেশীসকল আবুলৈ আহিব আৰু বাকী সকলো
তীৰ্থযাত্ৰা আদি এৰি দিব। তেওঁলোকে ভাৰতৰ ৰাজযোগ শিকিব বিচাৰে। কোন হয়, যিয়ে স্বৰ্গ
স্থাপনা কৰিলে। পুৰুষাৰ্থ কৰা হয়, কল্প পূৰ্বে যদি এইটো হৈছিল তেন্তে নিশ্চয়
সংগ্ৰাহালয় তৈয়াৰ হৈ যাব। বুজাব লাগে আমি এনেকুৱা প্ৰদৰ্শনী নিয়মীয়াকৈ অনুষ্ঠিত
কৰিব বিচাৰো। 4-5 বছৰৰ কাৰণে লীজত ঘৰ লৈও অনুষ্ঠিত কৰিব পাৰি। আমি ভাৰতৰে সেৱা কৰোঁ,
সুখধাম স্থাপনাৰ অৰ্থে। ইয়াৰ দ্বাৰা বহুতৰ কল্যাণ হ’ব। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অপাৰ
আনন্দত থাকিবলৈ সদায় যাতে এইটো স্মৃতিত থাকে যে স্বয়ং পিতাই আমাৰ অলংকৰণ কৰাই আছে,
তেওঁ আমাক প্ৰচুৰ ধন দিয়ে। আমি নতুন সৃষ্টি, অমৰপুৰীৰ কাৰণে পঢ়ি আছোঁ।
(2) বিজয়মালাত গঁথা
যাবলৈ নিশ্চয়বুদ্ধিৰ হৈ দৈৱীগুণ ধাৰণ কৰিব লাগে। যি দিলা সেয়া উভতাই লোৱাৰ সংকল্প
যাতে কেতিয়াও নাহে। সংশয়বুদ্ধিৰ হৈ নিজৰ পদ হেৰুৱাব নালাগে।
বৰদান:
ক্ৰোধী আত্মাক
দয়াৰ শীতল জলেৰে গুণ দান দিওঁতা বৰদানী আত্মা হোৱা
তোমালোকৰ সন্মুখত
কোনোবা ক্ৰোধ ৰূপী অগ্নিত জ্বলি আহক, তোমালোকক গালি দিয়ক, নিন্দা কৰক... এনেকুৱা
আত্মাকো নিজৰ শুভ ভাৱনা, শুভ কামনাৰ দ্বাৰা, বৃত্তিৰ দ্বাৰা, স্থিতিৰ দ্বাৰা গুণ
দান আৰু সহনশীলতাৰ শক্তিৰ বৰদান দিয়া। ক্ৰোধী আত্মা পৰৰ বশীভূত হয়, এনেকুৱা পৰৰ
বশীভূত আত্মাক দয়াৰ শীতল জলেৰে শান্ত কৰি দিয়া, এয়া তোমালোক বৰদানী আত্মাসকলৰ
কৰ্তব্য। চৈতন্য ৰূপত তোমালোকৰ মাজত এনেকুৱা সংস্কাৰ আছে সেইবাবেতো জড় চিত্ৰসমূহৰ
দ্বাৰা ভক্তসকলে বৰদান প্ৰাপ্ত কৰে।
স্লোগান:
স্মৃতিৰ দ্বাৰা সৰ্ব শক্তিৰ সম্পদৰ অনুভৱ কৰোঁতাসকলেই শক্তি সম্পন্ন হয়।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
যিমানেই বাধা নাহক
কিয় “এক বল এক ভৰসা”ৰ আধাৰত সফলতা প্ৰাপ্ত হৈ আছে আৰু হৈ থাকিব। য’ত সৰ্ব শক্তিমান
পিতাৰ সান্নিধ্য আছে ত’ত এই সৰু সৰু কথাবোৰ এনেকৈ সমাপ্ত হৈ যায় যেন একো নাছিলেই।
অসম্ভৱো সম্ভৱ হৈ যায় কিয়নো সৰ্বশক্তিমানৰ সন্তান হৈ গ’লা মাখনৰ পৰা চুলি পৃথক কৰা
দৰে সকলো কথা সিদ্ধ হৈ যায়।