13.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যোগৰ দ্বাৰা তত্ত্বসমূহক পাৱন কৰি তোলাৰ সেৱা কৰা কিয়নো যেতিয়া তত্ত্বসমূহ পাৱন হ’ব তেতিয়া এই সৃষ্টিত দেৱতাসকলে পদাৰ্পণ কৰিব”

প্ৰশ্ন:
তোমালোকৰ নতুন ৰাজধানীত কোনোধৰণৰ অশান্তি হ’ব নোৱাৰে - কিয়?

উত্তৰ:
1) কিয়নো তোমালোকে সেই বাদশ্বাহী পিতাৰ দ্বাৰা উত্তৰাধিকাৰত পোৱা, 2) বৰদাতা পিতাই তোমালোক সন্তানসকলক এতিয়াই বৰদান অৰ্থাৎ উত্তৰাধিকাৰ দি দিছে, যাৰ বাবে তাত অশান্তি হ’ব নোৱাৰে। তোমালোক পিতাৰ হৈ যোৱাৰ বাবে গোটেই উত্তৰাধিকাৰ লৈ লোৱা।

ওঁম্শান্তি।
সন্তানসকলেতো জানে যে যাৰ আমি সন্তান, তেওঁক সঁচা চাহেব বুলিও কোৱা হয় সেয়েহে আজিকালি তোমালোক সন্তানসকলকো ‘চাহেবজাদে’ (প্ৰভূৰ সন্তান) বুলিও কয়। সঁচাৰ ওপৰতো এষাৰি বাক্য আছে - সঁচা খোৱা, সঁচা পিন্ধা। যদিও এয়া মনুষ্যই কোৱা কথা কিন্তু এয়া পিতাই বহি বুজায়। সন্তানসকলে জানে সকলোতকৈ উচ্চতকৈও উচ্চ পিতাই হয় যাৰ বহুত মহিমা আছে, যাক ৰচয়িতা বুলিও কয়। প্ৰথমতে সন্তানসকলৰ ৰচনা। পিতাৰ সন্তান নহয় জানো। সকলো আত্মা পিতাৰ সৈতে থাকে। সেইখনক পিতাৰ ঘৰ বুলি কোৱা হয়, মৰমৰ ঘৰ। এয়া কোনো ঘৰ নহয়। সন্তানসকলে জানে যে তেওঁ আমাৰ সকলোতকৈ মৰমৰ পিতা। শান্তিধাম হ'ল মৰমৰ ঘৰ। আকৌ সত্যযুগো মৰমৰ ঘৰ হয় কিয়নো তাত ঘৰত শান্তি থাকে। ইয়াত ঘৰত লৌকিক মা-পিতাৰো অশান্তি সেই কাৰণে গোটেই জগততে অশান্তি। তাততো ঘৰতো শান্তি আৰু গোটেই জগততো শান্তি থাকে। সত্যযুগক নতুন সৰু সৃষ্টি বুলি কোৱা হ’ব। এইখন পুৰণি কিমান ডাঙৰ সৃষ্টি। সত্যযুগত সুখ-শান্তি থাকে। কোনো হাই-কাজিয়াৰ কথা নাই কিয়নো বেহদৰ পিতাৰ পৰা শান্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈছে। গুৰু-গোঁসায়ে আশীৰ্বাদ দিয়ে - পুত্ৰৱান ভৱ, আয়ুস্মান ভৱ। এয়া কোনো নতুন আশীৰ্বাদ নিদিয়ে। পিতাৰ পৰাতো স্বতঃ উত্তৰাধিকাৰ পোৱা যায়। এতিয়া পিতাই তোমালোক সন্তানসকলক এয়া সোঁৱৰাই দিছে। সেই পাৰলৌকিক পিতাক ভক্তিমাৰ্গত সকলো ধৰ্মৰ লোকে স্মৰণ কৰে, যেতিয়া সৃষ্টিখন দুখৰ হৈ যায়। এয়া হয়েই পতিত পুৰণি সৃষ্টি। নতুন সৃষ্টিত সুখ থাকে, অশান্তিৰ নামেই নাই। এতিয়া তোমালোক সন্তানসকলতো পৱিত্ৰ গুণৱান হ’ব লাগে। নহ'লে বহুত শাস্তি খাব লাগিব। পিতা পিতাৰ লগতে ধৰ্মৰজাও হয়, হিচাপ-নিকাচ নিষ্পত্তি কৰাওঁতা। বিচাৰ সভা বহে। পাপৰ শাস্তিতো নিশ্চয় পাব লাগিব। যিয়ে ভালদৰে যত্ন কৰে, তেওঁলোকে জানো শাস্তি খাব। পাপৰ শাস্তি পোৱা যায়, যাক কৰ্মভোগ বুলি কোৱা হয়। এয়াতো ৰাৱণৰ পৰৰ ৰাজ্য, ইয়াত অপাৰ দুখ। ৰামৰাজ্যত অপাৰ সুখ থাকে। তোমালোকেতো বহুতকে বুজোৱা তাৰ ভিতৰত কোনোৱে তৎক্ষণাৎ বুজে আৰু কোনোৱে দেৰিকৈ বুজে। কমকৈ বুজিলে জানিবা তেওঁ ভক্তি দেৰিকৈ কৰিছে। যিয়ে আৰম্ভণিৰে পৰা ভক্তি কৰিছে, তেওঁলোকে জ্ঞানো সোনকালে বুজি ল’ব কিয়নো তেওঁলোক আগত যাব লাগে।

তোমালোকে জানা যে আমি আত্মাসকল মৰমৰ ঘৰৰ পৰা ইয়ালৈ আহিছোঁ। শব্দ ৰহিত, ছায়াছবি, কথাছবি আছে নহয়। সন্তান ধ্যানত গ’লে শুনায় যে তাত ছায়াছবি চলে। জ্ঞানমাৰ্গৰ সৈতে তাৰ কোনো সম্পৰ্ক নাই। মুখ্য কথা হ'ল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, বচ্‌ আৰু একো কথা নাই। পিতা নিৰাকাৰ, সন্তানো অৰ্থাৎ আত্মাও এই শৰীৰত নিৰাকাৰ, আৰু কোনো কথাই নাহে। আত্মাৰ প্ৰেম এক পৰমপিতা পৰমাত্মাৰ সৈতেই আছে। শৰীৰতো সকলো পতিত। গতিকে পতিত শৰীৰৰ সৈতে প্ৰেম হ’ব নোৱাৰে। আত্মা যদিও পাৱন হৈ যায় কিন্তু শৰীৰতো পতিত। পতিত সৃষ্টিত শৰীৰ পাৱন নহয়েই। আত্মাতো ইয়াতেই পাৱন হ’ব লাগে, তেতিয়াহে এই পুৰণি শৰীৰৰ বিনাশ হ’ব। আত্মাতো অবিনাশী। আত্মাৰ কাম হ'ল বেহদৰ পিতাক স্মৰণ কৰি পাৱন হোৱা। আত্মা পৱিত্ৰ হ’লে শৰীৰো পৱিত্ৰ লাগে। সেয়া পোৱা যাব নতুন সৃষ্টিত। আত্মাসকল পাৱন হওঁকচোন, আত্মাই এক পৰমপিতা পৰমাত্মাৰ সৈতেহে যোগসূত্ৰ গঢ়িব লাগে। বচ্‌, এই পতিত শৰীৰকতো চুবও নালাগে। এয়া আত্মাসকলৰ সৈতে পিতাই কথা পাতে। বুজিবলগীয়া কথা নহয় জানো। সত্যযুগৰ পৰা কলিযুগলৈকে শৰীৰৰ লগতেই ওলমি থাকা। যদিও তাত শৰীৰ আৰু আত্মা দুয়োটা পৱিত্ৰ, তাত বিকাৰগ্ৰস্ত নহয়, যাৰ দ্বাৰা শৰীৰ বা আত্মা বিকাৰী হ’ব। বল্লভাচাৰীও আছে, চুবলৈ নিদিয়ে। তোমালোকে জানা যে তেওঁলোকৰ আত্মা কোনো নিৰ্বিকাৰী পৱিত্ৰ নহয়। সেয়া এক বল্লভাচাৰী পন্থী যিয়ে নিজকে উচ্চ কুলৰ বুলি ভাবে, শৰীৰকো চুবলৈ নিদিয়ে। এইটো নুবুজে যে আমি বিকাৰী অপৱিত্ৰ, শৰীৰতো ভ্ৰষ্টাচাৰেৰে জন্ম হৈছে। এই কথাবোৰ পিতা আহি বুজায়। আত্মা পাৱন হৈ গৈ থাকে গতিকে শৰীৰো সলনি কৰিবলগীয়া হয়। শৰীৰ পাৱন তেতিয়াহে হ’ব যেতিয়া 5 তত্ত্ব পাৱন হ’ব। সত্যযুগত তত্ত্বও পৱিত্ৰ হয়, সেইবাবে শৰীৰো পৱিত্ৰ হয়। দেৱতাসকলে পতিত শৰীৰত, পতিত ধৰণীত পদাৰ্পণ নকৰে। তেওঁলোকৰ আত্মা আৰু শৰীৰ দুয়োটা পৱিত্ৰ, পাৱন হোৱাৰ বাবে তেওঁলোকে সত্যযুগতহে পদাৰ্পণ কৰে। এয়া হৈছে পতিত সৃষ্টি। আত্মাই পাৰলৌকিক পিতা পৰমাত্মাক স্মৰণ কৰে। এজন হৈছে শৰীৰৰ পিতা, আনজন হৈছে অশৰীৰী পিতা। আশৰীৰী পিতাক স্মৰণ কৰে কিয়নো তেওঁৰ পৰা নিশ্চয় এনেকুৱা সুখৰ উত্তৰাধিকাৰ পাইছে সেইবাবে স্মৰণ নকৰাকৈ থাকিব নোৱাৰে। যদিও এই সময়ত তমোপ্ৰধান হৈছে, তথাপি সেইজন পিতাক নিশ্চয় স্মৰণ কৰে। কিন্তু এইটো আকৌ ওলোটা শিক্ষা পায় যে ঈশ্বৰ সৰ্বব্যাপি। আকৌ মনুষ্য যে মনুষ্যই হয়গৈ এইটো কথাতো বিভ্ৰান্ত হৈ যায়। এই সকলোবোৰ ভুলৰ বিষয়ে পিতা আহি বুজায়। পিতাই এটাই ‘মনমনাভৱ’ মন্ত্ৰ দিয়ে, তাৰো অৰ্থ থকা উচিত। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। বচ্‌, এইটো নিচাতে যেন থাকা যাৰ দ্বাৰা তোমালোক পাৱন হ’ব পাৰিবা। দেৱতাসকল হৈছে পৱিত্ৰ, এতিয়া পুনৰ পিতা আহি এনেকুৱা পৱিত্ৰ কৰি তোলে। সন্মুখত লক্ষ্য-উদ্দেশ্য ৰাখি দিয়ে, যিসকল মূৰ্ত্তি গঢ়োঁতা থাকে, মনুষ্যৰ চেহেৰা চাই তেওঁলোকে তৎক্ষণাৎ তেনেকুৱা মূৰ্ত্তি গঢ়ি দিয়ে। এনেকুৱা লাগে যেন জীৱন্ত ৰূপতহে সন্মুখত বহি আছে। সেয়াতো জড় মূৰ্ত্তি। ইয়াত পিতাই তোমালোকক কয় - তোমালোক এনেকুৱা চৈতন্য লক্ষ্মী-নাৰায়ণ হ’ব লাগে। কেনেকৈ হ’বা? তোমালোক মনুষ্যৰ পৰা দেৱতা এই পঢ়া আৰু পৱিত্রতাৰ দ্বাৰা হ’বাগৈ। এইখন হয়েই মনুষ্যৰ পৰা দেৱতা হোৱাৰ স্কুল। তেওঁলোক যিসকলে মূৰ্ত্তি আদি গঢ়ে, তাক কলা বুলি কোৱা হয়। হুবহু সেই চেহেৰা আদি বনায় ইয়াত হুবহুৰ কথাই নাই। এয়াতো হৈছে জড় চিত্ৰ, তাততো তোমালোক প্ৰাকৃতিক চৈতন্য হ’বাগৈ। 5 তত্ত্বৰ চৈতন্য শৰীৰ হ’ব। এয়াতো মনুষ্যৰ জড় চিত্ৰ তৈয়াৰ কৰা হৈছে। হুবহুতো হ’ব নোৱাৰে কিয়নো দেৱতাৰ ফটোতো ল’ব নোৱাৰে। ধ্যানত যদিও সাক্ষাৎকাৰ কৰে কিন্তু ফটো ল’ব নোৱাৰে। এনেকৈ ক’ব যে মই এনেকুৱা দৰ্শন কৰিছোঁ। চিত্ৰতো নিজে বা অন্য কোনেও তৈয়াৰ কৰিব নোৱাৰে। নিজে তেতিয়াহে এনেকুৱা হ’ব যেতিয়া পিতাৰ পৰা সম্পূৰ্ণ জ্ঞান ল’ব, তেতিয়া হুবহু কল্প পূৰ্বৰ দৰে হ’ব। এয়া কেনেকুৱা প্ৰাকৃতিক বিস্ময়কৰ ড্ৰামা। পিতাই বহি এই প্ৰাকৃতিক কথাবোৰ বুজায়। মনুষ্যৰতো এইবোৰ কথা খেয়ালতো নাথাকে। তেওঁলোকৰ (দেৱী-দেৱতাৰ) আগত গৈ মূৰ দোৱায়, এনেকৈ ভাবে যে এওঁলোকে ৰাজ্য কৰি গৈছে। কিন্তু কেতিয়া? এয়া নাজানে। আকৌ কেতিয়া আহিব বা কি কৰিব, একো নাজানে। তোমালোকে জানা সূৰ্যবংশী, চন্দ্ৰবংশী যি হৈ গৈছে, সেয়া এই জ্ঞানৰ দ্বাৰা পুনৰ হুবহু নিশ্চয় হ’ব। আচৰিত নহয়নে! গতিকে এতিয়া পিতাই বুজায় - এনেকুৱা পুৰুষাৰ্থ কৰিলে তোমালোক দেৱতা হ’বাগৈ। কৰ্মকাণ্ড সেয়াই চলিব যি সত্যযুগ-ত্ৰেতাত চলিছিল। কিমান যে বিস্ময়কৰ জ্ঞান। এয়া বুদ্ধিত তেতিয়াহে থাকিব যেতিয়া অন্তৰ নিকা হ’ব। সকলোৰে বুদ্ধিত এইবোৰ কথা নাথাকে। যত্নৰ প্ৰয়োজন। যত্ন নকৰিলে কোনোবাই ফল প্ৰাপ্ত কৰিব পাৰে জানো। পিতাইতো পুৰুষাৰ্থ কৰাই থাকে। যদিও ড্ৰামা অনুসৰিয়ে হয় কিন্তু পুৰুষাৰ্থতো কৰিবলগীয়া হয়। এনেই জানো বহি থাকিব - ড্ৰামাত যদি আছে মোৰ পুৰুষাৰ্থ হৈ যাব। এনেকুৱাও জংঘলী খেয়াল কৰা ব্যক্তি বহুত থাকে - আমাৰ ভাগ্যত আছে যদি পুৰুষাৰ্থ নিশ্চয় হ’ব। হেৰ’, পুৰুষাৰ্থতো তোমালোকে কৰিব লাগে। পুৰুষাৰ্থ আৰু প্ৰালব্ধ আছে। মনুষ্যই সোধে পুৰুষাৰ্থ উচ্চ নে প্রালব্ধ উচ্চ? এতিয়া উচ্চতো প্ৰালব্ধহে হয়। কিন্তু পুৰুষাৰ্থক উচ্চত ৰখা হয় যাৰ দ্বাৰা প্ৰালব্ধ জমা হয়। প্ৰত্যেক মনুষ্য মাত্ৰেই পুৰুষাৰ্থৰ দ্বাৰাই সকলো পায়। কোনোবা এনেকুৱা পাথৰ বুদ্ধিৰো আছে যিয়ে ওলোটাকৈ বুজি লয়। বুজা যায় তেওঁৰ ভাগ্যত নাই। ভাঙি পৰে। ইয়াত সন্তানসকলক কিমান পুৰুষাৰ্থ কৰায়। ৰাতিয়ে-দিনে বুজাই থাকে। নিজৰ চৰিত্ৰ নিশ্চয় শুধৰাব লাগে।

প্ৰথম নম্বৰ চৰিত্ৰ হ'ল পাৱন হোৱা। দেৱতাতো পাৱন হয়েই। পাছত যেতিয়া অৱনমিত হয়, চৰিত্ৰ বেয়া হৈ যায় তেতিয়া একেবাৰে পতিত হৈ যায়। তোমালোকে এতিয়া জানা যে আমাৰতো অতি উত্তম চৰিত্ৰ আছিল। পাছত একেবাৰে অৱনমিত হৈ গ’ল। সকলোৰে আধাৰ হৈছে পৱিত্ৰতা, এই ক্ষেত্ৰতে বহুত কঠিনতাৰ সৃষ্টি হয়। মনুষ্যৰ দুচকুৱে (দৃষ্টিয়ে) বহুত প্ৰবঞ্চনা কৰে কিয়নো এয়া হৈছে ৰাৱণৰ ৰাজ্য। তাত চকুৱে প্ৰবঞ্চনা নকৰে। জ্ঞানৰ তৃতীয় নেত্ৰ পোৱা যায় সেয়েহে ধৰ্মই শক্তি বুলি কোৱা হয়। সৰ্বশক্তিমান পিতাহে আহি এই দেৱী-দেৱতা ধর্ম প্ৰতিষ্ঠা কৰে। কৰেতো সকলো আত্মায়ে কিন্তু মনুষ্যৰ ৰূপত কৰিব। সেই পিতা হৈছে জ্ঞানৰ সাগৰ, দেৱতাসকলতকৈ তেওঁৰ মহিমা একেবাৰে বেলেগ। তেন্তে এনেহেন পিতাক তোমালোকে কিয় স্মৰণ নকৰিবা। তেওঁকেই জ্ঞানৰ সাগৰ, বীজৰূপ বুলি কোৱা হয়। তেওঁক সত্য, চৈতন্য, আনন্দ স্বৰূপ বুলি কিয় কোৱা হয়? বৃক্ষৰ বীজ থাকে, সেই বীজো বৃক্ষৰ বিষয়ে জ্ঞাত হয় নহয়। কিন্তু সেয়া হৈছে জড় বীজ। সেই বৃক্ষৰ আত্মা যেন জড়, মনুষ্যৰ মাজত আকৌ চৈতন্য আত্মা থাকে। চৈতন্য আত্মাক জ্ঞানৰ সাগৰ বুলিও কোৱা হয়। বৃক্ষ সৰুৰ পৰা ডাঙৰ হয়। তেন্তে নিশ্চয় আত্মা আছে কিন্তু কথা ক’ব নোৱাৰে। পৰমাত্মাৰ কিমান মহিমা, জ্ঞানৰ সাগৰ… এই মহিমা আত্মাৰ নহয়, পৰম আত্মা মানে পৰমাত্মাৰ ক্ষেত্ৰত গায়ন কৰা হয়, আকৌ তেওঁক ঈশ্বৰ আদি বুলিও কয়। আচল নাম হ'ল পৰমপিতা পৰমাত্মা। পৰম অৰ্থাৎ সৰ্বোচ্চ। মহিমাও বহুত উচ্চ কৰে। এতিয়া দিনে-প্রতিদিনে মহিমাও কম হয় কিয়নো প্ৰথমে বুদ্ধি সতো আছিল পাছত ৰজো, তমোপ্ৰধান হৈ যায়। এই সকলোবোৰ কথা পিতা আহি বুজায়। মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি পুৰণি সৃষ্টিক নতুন কৰি গঢ়ি তোলোঁ। গায়নো আছে নহয় যে সত্যযুগ হৈছে সত্য, আৰু তাত যি হয় সেয়াও সত্য……… (শিখসকলৰ ‘গ্ৰন্থ চাহেব’ত উল্লেখ আছে) কিছুমান অধ্যায় বৰ ভালকৈ ৰচিছে কিয়নো তেওঁলোক তথাপি ইমান পতিত নহয়। পাছৰ ফালে অহাসকল ইমান পতিত নহয়। ভাৰতবাসীয়েই বহুত সতোপ্ৰধান আছিল, তেওঁলোকেই আকৌ বহুত জন্মৰ অন্তিমত তমোপ্ৰধান হৈছে, অন্য ধৰ্ম প্ৰতিষ্ঠাপকসকলৰ কাৰণে এনেকৈ কোৱা নহয়। বাকী ধৰ্মবোৰ বেছি সতোপ্ৰধানো নহয়, বেছি তমোপ্ৰধানো নহয়। বহুত সুখো দেখা নাই, বহুত দুখো নেদেখিব। সকলোতকৈ বেছি তমোপ্ৰধান বুদ্ধি কাৰ হৈছে? যিসকল প্ৰথমে দেৱতা আছিল, তেওঁলোকৰে সকলো ধৰ্মতকৈ বেছি অধোগতি হৈছে। যদিও ভাৰতৰ মহিমা কৰে কিয়নো বহুত পুৰণা হয়। বিচাৰ কৰিলে দেখা যায় এই সময়ত ভাৰতৰ বহুত অধোগতি হৈছে। উত্থান আৰু পতন ভাৰতৰেই হয় অৰ্থাৎ দেৱী-দেৱতাসকলৰ হয়। এয়া বুদ্ধিৰে বুজিব লাগে। আমি বহুত সুখো দেখিছোঁ যেতিয়া সতোপ্ৰধান আছিলোঁ, আকৌ দুখো বহুত দেখিছোঁ কিয়নো তমোপ্ৰধান হৈ গৈছোঁ। মুখ্য হৈছে 4 টা ধৰ্ম - দৈৱী, ইছলাম, বুদ্ধ আৰু খ্ৰীষ্টিয়ান। বাকী ইয়াৰ পৰা বৃদ্ধি হৈ গৈ আছে। এইটো ভাৰতবাসীয়েতো নাজনেই যে আমি কোন ধৰ্মৰ। ধৰ্মৰ বিষয়ে নাজনাৰ বাবে ধৰ্মই এৰি দিয়ে। বাস্তৱত সকলোতকৈ মুখ্য ধর্ম হৈছে এইটো। কিন্তু নিজৰ ধৰ্মক পাহৰি গৈছে। যিসকল জ্ঞানী আৰু বিচাৰ বুদ্ধি সম্পন্ন তেওঁলোকে ভাবে যে এওঁলোকৰ নিজৰ ধৰ্মত কোনো বিশ্বাস নাই। নহ'লে ভাৰত কি আছিল, এতিয়া কি হৈ গ’ল! পিতাই বহি বুজায় - সন্তানসকল, তোমালোক কি আছিলা! বহি গোটেই ইতিহাস বুজায়। তোমালোক দেৱতা আছিলা, আধাকল্প ৰাজ্য কৰিলা আকৌ আধাকল্পৰ পাছত ৰাৱণৰাজ্যত ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গ’লা। এতিয়া পুনৰ তোমালোক দৈৱী সম্প্ৰদায়ৰ হৈ আছা। ভগৱানুবাচ (ভগৱানে কয়), পিতাই কল্পই কল্পই তোমালোক সন্তানসকলকহে বুজনি দি ঈশ্বৰীয় সম্প্ৰদায়ৰ কৰি তোলে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শুদ্ধ অন্তৰেৰে পিতাৰ চমৎকাৰ জ্ঞান জীৱনত ধাৰণ কৰিব লাগে, পুৰুষাৰ্থৰ দ্বাৰা উচ্চ প্ৰালব্ধ জমা কৰিব লাগে। ড্ৰামা বুলি কৈ ৰৈ যাব নালাগে।

(2) ৰাৱণৰাজ্যত আসুৰি দৃষ্টিৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা পাবৰ কাৰণে জ্ঞানৰ তৃতীয় নেত্ৰৰে চোৱাৰ অভ্যাস কৰিব লাগে। পৱিত্ৰতা যিটো এক নম্বৰ চৰিত্ৰ, সেয়াহে ধাৰণ কৰিব লাগে।

বৰদান:
ব্ৰাহ্মণ জন্মৰ জন্মপত্ৰিকাক জানি সদায় আনন্দিত হৈ থাকোঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা

ব্ৰাহ্মণ জীৱন নতুন জীৱন, ব্ৰাহ্মণ আৰম্ভণিত দেৱী-দেৱতা আৰু এতিয়া হৈছে বি.কে.। ব্ৰাহ্মণৰ জন্মপত্ৰিকাত তিনিও কালেই ভালতকৈও ভাল। যি হৈ গ'ল সেয়াও ভাল আৰু যি হৈ আছে সেয়া আৰুহে ভাল আৰু যি হ'বলগীয়া আছে সেয়া বহুত বহুত ভাল। ব্ৰাহ্মণ জীৱনৰ জন্মপত্ৰিকা সদায়েই ভাল, নিশ্চয়তা আছে। সেয়েহে সদায় এইটো আনন্দত থাকা যে স্বয়ং ভাগ্য বিধাতা পিতাই ভাগ্যৰ শ্ৰেষ্ঠ ৰেখা আঁ‌কি দিলে, নিজৰ কৰি ল'লে।

স্লোগান:
একৰস স্থিতিৰ অনুভৱ কৰিবলৈ হ'লে একমাত্ৰ পিতাৰ পৰা সকলো সমন্ধৰ ৰস লোৱা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

সদায় যাতে এইটো স্মৃতি থাকে যে মই কল্পৰ কল্পৰ বিজয়ী হওঁ। অনেকবাৰ এই ভূমিকা পালন কৰিছোঁ, এতিয়া কেৱল পুনৰাবৃত্তি কৰি আছোঁ, এইটো স্মৃতিৰে কি কৰোঁ, কেনেকৈ কৰোঁ এই সকলো অভিযোগ সমাপ্ত হৈ যাব আৰু সম্পূৰ্ণ হৈ যাবা সদায় ‘ডবল লাইট’ স্বৰূপৰ স্মৃতিৰ সামৰ্থ্য থাকিলে যিকোনো অসম্ভৱ কাৰ্য সম্ভৱ হৈ যাব।