13.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সকলোকে প্ৰথমে ‘অল্ফ’ৰ (আল্লাৰ) পাঠ দৃঢ় কৰোৱা, তোমালোক আত্মাসকল হৈছা ভাই ভাই"
প্ৰশ্ন:
কোনটো এটা
কথাত শ্রীমত, মনুষ্য মতৰ সম্পূৰ্ণ বিপৰীত?
উত্তৰ:
মনুষ্য মতে কয় যে আমি মোক্ষত গুচি যাম। শ্ৰীমতে কয় এই ড্ৰামাখন অনাদি অবিনাশী।
মোক্ষ কোনেও পাব নোৱাৰে। যদিও কোনোবাই কয় যে এই ভূমিকা পালন কৰাটো মোৰ পচন্দ নহয়,
কিন্তু এই ক্ষেত্ৰত একো কৰিব নোৱাৰে। ভূমিকা পালন কৰিবলৈ আহিবই লাগে। শ্ৰীমতেহে
তোমালোকক শ্ৰেষ্ঠ কৰি তোলে। মনুষ্য মততো অনেক প্ৰকাৰৰ আছে।
ওঁম্শান্তি।
এতিয়া এয়াতো
সন্তানসকলে জানে যে আমি বাবাৰ সন্মুখত বহি আছোঁ। পিতায়ো জানে যে সন্তানসকল মোৰ
সন্মুখত বহি আছে। এয়াও তোমালোক সন্তানসকলে জানা পিতাই আমাক শিক্ষা দিয়ে যি আকৌ
অন্যকো দিব লাগে। প্ৰথমেতো পিতাৰে পৰিচয় দিব লাগে কিয়নো সকলোৱে পিতা আৰু পিতাৰ
শিক্ষাক পাহৰি গৈছে। পিতাই এতিয়া যি পঢ়ায় এই পঢ়া আকৌ 5 হাজাৰ বছৰ পাছত পাম। এই
জ্ঞান অন্য কাৰো নাই। মুখ্য হ'ল পিতাৰ পৰিচয় তাৰপাছত এই সকলোবোৰ বুজাব লাগে। আমি
সকলো ভাই ভাই। গোটেই সৃষ্টিত যিসকল আত্মা আছে, সকলো পৰস্পৰ ভাই ভাই। সকলোৱে প্ৰাপ্ত
কৰা নিজৰ ভূমিকা এই শৰীৰৰ দ্বাৰা পালন কৰে। এতিয়াতো পিতা আহিছে নতুন সৃষ্টিলৈ লৈ
যাবৰ কাৰণে, যাক স্বর্গ বুলি কোৱা হয়। কিন্তু এতিয়া আমি সকলো ভাই পতিত হৈ গ’লোঁ,
এজনো পাৱন নাই। সকলো পতিতক পাৱন কৰি তোলোঁতা এজনেই পিতা। এইখন হয়েই পতিত বিকাৰী
ৰাৱণৰ সৃষ্টি। ৰাৱণৰ অর্থই হ'ল- 5 বিকাৰ স্ত্ৰীৰ, 5 বিকাৰ পুৰুষৰ। পিতাই বহুত
সাধাৰণ ৰীতিৰে বুজায়। তোমালোকেও এনেকৈ বুজাব পাৰা। গতিকে প্ৰথমতে এইটো বুজোৱা যে
তেওঁ হৈছে আমাৰ আত্মাসকলৰ পিতা, সকলো ভাই ভাই। সোধা যে এইটো ঠিকনে? লিখা আমি সকলো
ভাই ভাই। আমাৰ পিতাও এজন। আমাৰ অৰ্থাত সকলো আত্মাৰ তেওঁ হৈছে পৰম আত্মা। তেওঁক পিতা
বুলি কোৱা হয়। এইটো দৃঢ়ভাবে বুদ্ধিত ধাৰণ কৰা তেতিয়া সৰ্বব্যাপি আদিৰ অবান্তৰ ধাৰণা
আঁতৰি যাব। ‘অল্ফ’ৰ (পিতাৰ) বিষয়ে প্ৰথমে পঢ়াব লাগে। কোৱা, এইটো প্ৰথমে ভালদৰে বহি
লিখক - আগতে সৰ্বব্যাপি বুলি কৈছিলোঁ, এতিয়া বুজিছোঁ যে সৰ্বব্যাপি নহয়। আমি সকলো
ভাই ভাই। সকলো আত্মাই কয় –ঈশ্বৰ পিতা, পৰমপিতা পৰমাত্মা, আল্লাহ। প্ৰথমতেতো এইটো
নিশ্চয় কৰাব লাগে যে আমি হৈছোঁ আত্মা, পৰমাত্মা নহয় আৰু আমাৰ মাজত পৰমাত্মা ব্যাপী
থকা নাই। সকলোতে আত্মা ব্যাপী আছে। আত্মাই শৰীৰৰ আধাৰত ভূমিকা পালন কৰে। এইটো দৃঢ়
কৰোৱা। বাৰু, তাৰপাছত সেই পিতাই সৃষ্টি চক্ৰৰ আদি, মধ্য, অন্তৰ জ্ঞান শুনায়। পিতাইহে
শিক্ষকৰ ৰূপত বহি বুজায়। লাখ লাখ বছৰৰতো কথা নহয়। এই চক্ৰ অনাদি পূৰ্ব নিৰ্ধাৰিত।
সমান কেনেকৈ হয় – সেয়া জনা উচিত। সত্যযুগ-ত্ৰেতা অতীত হৈ গ'ল, লিখি ৰাখা। তাক ক্ৰমে
স্বর্গ আৰু অৰ্ধ স্বর্গ বুলি কোৱা হয়। তাত দেৱী-দেৱতাসকলৰ ৰাজ্য চলে। সত্যযুগত হৈছে
16 কলা, ত্ৰেতাত 14 কলা। সত্যযুগৰ প্ৰভাৱ বহুত বেছি। নামেই হৈছে ‘স্বর্গ’, ‘হেভেন’।
নতুন সৃষ্টি স্বৰ্গক কোৱা হয়। তাৰেই মহিমা কৰা উচিত। নতুন সৃষ্টিত এটাই আদি সনাতন
দেৱী-দেৱতা ধৰ্ম থাকে। নিশ্চয় জন্মাবৰ বাবে চিত্ৰও তোমালোকৰ ওচৰত আছে। এই সৃষ্টি
চক্ৰ ঘূৰিয়েই থাকে। এই কল্পৰ আয়ুসেই হৈছে 5 হাজাৰ বছৰ। এতিয়া সূৰ্যবংশী-চন্দ্ৰবংশীৰ
কথাতো বুদ্ধিত বহিছে। বিষ্ণুপুৰীয়ে সলনি হৈ ৰাম-সীতা পুৰী হয়। তেওঁলোকৰো ৰাজবংশ চলে
নহয়। দুটা যুগ পাৰ হোৱাৰ পাছত আহে দ্বাপৰযুগ। ৰাৱণৰ ৰাজ্য। দেৱতাসকল বামমাৰ্গত গুচি
গ’লে তেতিয়া বিকাৰৰ প্ৰথা হৈ যায়। সত্যযুগ-ত্ৰেতাত সকলো নির্বিকাৰী হৈ থাকে। এক আদি
সনাতন দেৱী-দেৱতা ধৰ্ম থাকে। চিত্ৰও দেখুৱাব লাগে, মৌখিক ভাৱেও বুজাব লাগে। পিতাই
আমাক শিক্ষক হৈ এনেকৈ পঢ়ায়। পিতাই নিজৰ পৰিচয় নিজে আহি দিয়ে। নিজে কয় - মই পতিতসকলক
পাৱন কৰি তুলিবলৈ আহোঁ তেন্তে মোক নিশ্চয় শৰীৰ লাগে। নহ'লে বাৰ্তালাপ কেনেকৈ কৰিম।
মই চৈতন্য, সত্য আৰু অমৰ। সতো, ৰজো, তমোত আত্মা আহে। আত্মায়ে পতিত, আত্মায়ে পাৱন হয়।
আত্মাতে সকলো সংস্কাৰ আছে। অতীতৰ কৰ্ম বা বিকৰ্মৰ সংস্কাৰ আত্মাই লৈ আহে। সত্যযুগততো
বিকৰ্ম নহয়, কৰ্ম কৰে, ভূমিকা পালন কৰে। কিন্তু সেই কৰ্ম অকৰ্ম হৈ যায়। ‘গীতা’তো
লিখা আছে। তোমালোকে এতিয়া বাস্তৱত বুজি আছা। এইটো জানা যে বাবা পুৰণি সৃষ্টিক
পৰিৱৰ্তন কৰি নতুন সৃষ্টি ৰচিবলৈ আহিছে, য'ত কৰ্ম অকৰ্ম হৈ যায়। তাকেই সত্যযুগ বুলি
কোৱা হয়। ইয়াত আকৌ এই কৰ্ম বিকৰ্মই হয় যাক কলিযুগ বুলি কোৱা হয়। তোমালোক এতিয়া
সংগমযুগত আছা। পিতাই দুয়োফালৰে কথা শুনায় যাতে সন্তানসকলে প্ৰতিটো কথা ভালদৰে বুজে
- পিতা শিক্ষকে কি বুজালে? ভালবাৰু, বাকী হৈছে গুৰুৰ কৰ্তব্য, তেওঁক আহ্বানেই জনাইছা
যে আহি আমাক পতিতসকলক পাৱন কৰি তোলক। আত্মা পাৱন হ’লে তেতিয়া শৰীৰো পাৱন হয়।
যেনেকুৱা সোণ, তেনেকুৱা অলংকাৰো তৈয়াৰ হয়। 24 কেৰেটৰ সোণ লৈ যদি খাদ মিহলি কৰা নহয়
তেন্তে অলংকাৰো তেনেকুৱা সতোপ্ৰধান হ'ব। খাদ মিহলি কৰিলে আকৌ তমোপ্ৰধান হৈ যায় কিয়নো
খাদ মিহলি হয় নহয়। প্ৰথমতে ভাৰত 24 কেৰেট খাটি সোণৰ চৰাই আছিল অৰ্থাৎ সতোপ্ৰধান
নতুন সৃষ্টি আছিল এতিয়া আকৌ তমোপ্ৰধান হৈ গ’ল। প্ৰথমে খাটি সোণ আছিল। নতুন সৃষ্টি
পৱিত্ৰ, পুৰণি সৃষ্টি অপৱিত্ৰ। খাদ পৰি গৈ থাকে। এয়া পিতাইহে বুজায় অন্য কোনো
মনুষ্য গুৰুলোকে নাজানে। আহ্বানো জনায় - আহি আমাক পাৱন কৰি তোলক। সৎগুৰুৰ কাম হৈছে
বানপ্ৰস্থ অৱস্থাত মনুষ্যক গৃহস্থীৰ পৰা কাষৰীয়া কৰা। গতিকে এই গোটেই জ্ঞান
ড্ৰামক্ৰ পৰিকল্পনা অনুসৰি পিতাহে আহি দিয়ে। তেওঁ হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ।
তেৱেঁই গোটেই বৃক্ষৰ জ্ঞান বুজায়। শিৱবাবাৰ নাম সদায় ‘শিৱ’। বাকী আত্মাসকল ভূমিকা
পালন কৰিবলৈ আহে, গতিকে ভিন্ন ভিন্ন নাম লয়। পিতাক আহ্বান জনায় কিন্তু তেওঁক নাজানে
- তোমালোকক পাৱন সৃষ্টিলৈ লৈ যাবলৈ তেওঁ কেনেকৈ ভাগ্যশালী ৰথত আহে। সেয়েহে পিতাই
বুজায় - মই তেওঁৰ শৰীৰত আহোঁ, যি বহুত জন্মৰ অন্তিম জন্মত আছে, পূৰা 84 জন্ম লয়।
ৰজাৰো ৰজা কৰি তুলিবলৈ এই ভাগ্যশালী ৰথত প্ৰৱেশ কৰিবলগীয়া হয়। প্ৰথম নম্বৰত হৈছে
শ্ৰীকৃষ্ণ। তেওঁ হৈছে নতুন সৃষ্টিৰ মালিক। আকৌ তেৱেঁই তললৈ নামে। সূৰ্যবংশী,
চন্দ্ৰবংশী, বৈশ্য, শূদ্ৰ বংশী তাৰপাছত ব্ৰহ্মা বংশী হয়। সোণৰ পৰা ৰূপলৈ……. আকৌ
তোমালোক লৌহৰ পৰা সোণ হৈ আছা। পিতাই কয় - মোক এজন পিতাক স্মৰণ কৰা। যাৰ শৰীৰত মই
প্ৰৱেশ কৰিছোঁ, এওঁৰ আত্মাততো অলপো জ্ঞান নাছিল। এওঁৰ শৰীৰত মই প্ৰৱেশ কৰোঁ, সেয়েহে
এওঁক ভাগ্যশালী ৰথ বুলি কোৱা হয়। নিজেই কয় - মই এওঁৰ বহুত জন্মৰ অন্তিম জন্মত আহোঁ।
‘গীতা’ত সঠিক শব্দ লিখা আছে। ‘গীতা’কে সকলো শাস্ত্ৰৰ শিৰোমণি বুলি কোৱা হয়।
এই সংগমযুগতে পিতা আহি
ব্ৰাহ্মণ কুল আৰু দেৱী-দেৱতা কুল প্ৰতিষ্ঠা কৰে। বাকী কুলবোৰৰ বিষয়ে সকলোৱে জানে,
এইটো কুলৰ বিষয়ে কোনেও নাজানে। বহুত জন্মৰ অন্তিম জন্মত অৰ্থাৎ সংগমযুগতহে পিতা আহে।
পিতাই কয় - মই হৈছোঁ বীজৰূপ। শ্ৰীকৃষ্ণতো হৈছে সত্যযুগৰ নিবাসী। তেওঁক অন্য স্থানতো
কোনেও দেখা পাব নোৱাৰে। পুনৰ্জন্মততো নাম, ৰূপ, দেশ, কাল সকলো সলনি হৈ যায়। প্রথমতে
সৰু শিশু সুন্দৰ হয় পাছত ডাঙৰ হয় তাৰ পাছত শৰীৰ এৰি পুনৰ শিশু হয়। এইখন হৈছে পূৰ্ব
নিৰ্ধাৰিত খেল। ড্ৰামাৰ ভিতৰত নিৰ্ধাৰিত কৰি থোৱা আছে। অন্য শৰীৰত থকা সময়ততো তেওঁক
শ্ৰীকৃষ্ণ বুলি কোৱা নহয়। সেইটো শৰীৰৰ নাম আদি আকৌ বেলেগ হ'ব। সময়, চেহেৰা, তিথি,
তাৰিখ আদি সকলো সলনি হৈ যায়। বিশ্বৰ ভূগোল-বুৰঞ্জী হুবহু পুনৰাবৃত্তি হয় বুলি কোৱা
হয়। এই ড্ৰামাখনতো পুনৰাবৃত্তি হৈ থাকে। সতো, ৰজো, তমোত আহিবই লাগে। সৃষ্টিৰ নাম,
যুগৰ নাম সকলো সলনি হৈ থাকে। এতিয়া এয়া হৈছে সংগমযুগ। মই সংগমতে আহোঁ। এই কথাবোৰ আমি
ভিতৰত দৃঢ় কৰিব লাগে। পিতা আমাৰ পিতা, শিক্ষক, গুৰু হয় যিয়ে আকৌ সতোপ্ৰধান হোৱাৰ
বহুত ভাল যুক্তি শুনায়। গীতাতো আছে যে দেহ সহিত দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজক আত্মা
বুলি বুজা। নিজৰ ঘৰলৈ নিশ্চয় উভতি যাব লাগে। ভক্তিমাৰ্গত ভগৱানৰ ওচৰত যোৱাৰ বাবে
কিমান পৰিশ্ৰম কৰে। সেয়া হৈছে মুক্তিধাম। কৰ্মৰ পৰা মুক্ত হৈ নিৰাকাৰী সৃষ্টিত গৈ
বহোঁ। ভূমিকা পালন কৰোঁতাসকল ঘৰলৈ গ'লে ভূমিকাৰ পৰা মুক্ত হৈ যায়। সকলোৱে মুক্তি
পাবলৈ বিচাৰে। কিন্তু মুক্তিতো কোনেও পাব নোৱাৰে। এই ড্ৰামাখন অনাদি-অবিনাশী। কোনোৱে
কয় এই ভূমিকা পালন কৰাতো মোৰ পচন্দ নহয়, কিন্তু এই ক্ষেত্ৰত কোনেও একো কৰিব নোৱাৰে।
এই অনাদি ড্ৰামাখন ৰচি থোৱা আছে। এগৰাকীয়েও মুক্তি পাব নোৱাৰে। সেই সকলবোৰ হৈছে
অনেক প্ৰকাৰৰ মনুষ্য মত। এয়া হৈছে শ্রীমত, শ্ৰেষ্ঠ কৰি তোলাৰ বাবে। মনুষ্যক শ্ৰেষ্ঠ
বুলি কোৱা নহয়। দেৱতাসকলক শ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁলোকৰ আগত সকলোৱে প্ৰণাম জনায়।
তেন্তে তেওঁলোক শ্ৰেষ্ঠ নহ'ল জানো। কিন্তু এইটোও কোনেও নাজানে। এতিয়া তোমালোকে বুজি
পাইছা যে আমি 84 জন্মতো ল’বই লাগে। শ্ৰীকৃষ্ণ হৈছে দেৱতা, বৈকুণ্ঠৰ ৰাজকুমাৰ। তেওঁ
ইয়ালৈ কেনেকৈ আহিব। তেওঁ গীতাও শুনোৱা নাই। কেৱল দেৱতা আছিল সেইবাবে সকলোৱে পূজা কৰে।
দেৱতা হৈছে পাৱন, নিজে হৈছে পতিত। এনেকৈ কয়ো – মোৰ নিৰ্গুণহাৰীৰ কোনো গুণ নাই............
আপুনি আমাক এনেকুৱা কৰি তোলক। শিৱৰ আগত গৈ কয় - মোক মুক্তি দিয়ক। তেওঁ কেতিয়াও
জীৱনমুক্ত, জীৱনবন্ধনত নাহেই সেয়েহে তেওঁলোকে আহ্বান জনায় - মুক্তি দিয়ক।
জীৱনমুক্তিও তেৱেঁই দিয়ে।
এতিয়া তোমালোকে বুজি
পোৱা বাবা আৰু মম্মাৰ আমি সকলো সন্তান, তেওঁ পৰা আমি প্ৰচুৰ ধন পাওঁ। মনুষ্যইতো
বুদ্ধিহীন হৈ বিচাৰিয়েই থাকে। বুদ্ধিহীন যেতিয়া নিশ্চয় দুখীয়ে নহ'ব জানো। অপাৰ দুখ
ভুগিবলগীয়া হয়। গতিকে এই সকলোবোৰ কথা সন্তানসকলে বুদ্ধিত ধাৰণ কৰা উচিত। এজন বেহদৰ
পিতাক নজনাৰ কাৰণে পৰস্পৰ মাজত কিমান কাজিয়া কৰি থাকে। অনাথ হৈ গৈছে। সেয়া হৈছে হদৰ
অনাথ, এয়া হৈছে বেহদৰ অনাথ। পিতাই নতুন সৃষ্টি স্থাপনা কৰে। এতিয়াতো হয়েই পতিত
আত্মাসকলৰ পতিত সৃষ্টি। পাৱন সৃষ্টি সত্যযুগক আৰু পুৰণি সৃষ্টি কলিযুগক কোৱা হয়।
গতিকে বুদ্ধিত এই সকলো কথা আছে নহয়। পুৰণি সৃষ্টিৰ বিনাশ হৈ যাব আকৌ নতুন সৃষ্টিলৈ
স্থানান্তৰ হৈ যাবাগৈ। এতিয়া আমি অস্থায়ী ভাবে সংগমযুগত থিয় হৈ আছোঁ। পুৰণিৰ
সৃষ্টিৰ পৰা নতুন সৃষ্টি হৈ আছে। নতুন সৃষ্টিৰ কথাও জানা। তোমালোকৰ বুদ্ধি এতিয়া
নতুন সৃষ্টিলৈ যোৱা উচিত। উঠোঁতে-বহোঁতে এইটোৱে যাতে বুদ্ধিত থাকে যে আমি পঢ়া পঢ়ি
আছোঁ। পিতাই আমাক পঢ়ায়। বিদ্যাৰ্থীসকলৰ এইটো স্মৃতিত থকা উচিত তথাপি স্মৃতি
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি থাকে। পিতায়ো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্নেহ সহিত স্মৰণ কৰে।
ভালকৈ পঢ়াসকলক নিশ্চয় শিক্ষকেও বেছি মৰম কৰিব। কিমান পাৰ্থক্য আহি যায়। এতিয়া
পিতাইতো বুজায়ে থাকে। সন্তানসকলে ধাৰণা কৰিব লাগে। এজন পিতাৰ বাহিৰে বুদ্ধি যাতে
অন্য কোনোফালে নাযায়। পিতাক স্মৰণ নকৰিলে পাপ কেনেকৈ খণ্ডন হ'ব। মায়াই বাৰে বাৰে
তোমালোকৰ বুদ্ধিযোগ খণ্ডিত কৰি দিয়ে। মায়াই বহুত প্ৰবঞ্চনা কৰে। পিতাই উদাহৰণ দিয়ে
ভক্তিমাৰ্গত মই লক্ষ্মী-নাৰায়ণৰ বহুত পূজা কৰিছিলোঁ। চিত্ৰত দেখিলোঁ লক্ষ্মীয়ে ভৰি
পিটিকি আছে গতিকে তেওঁক মুক্ত কৰি দিলোঁ। তেওঁৰ স্মৃতিত বহোঁতে বুদ্ধি ইফালে-সিফালে
গ'লে তেতিয়া নিজকে থাপৰ মাৰি দিছিলোঁ - বুদ্ধি অন্যফালে কিয় যোৱা? অৱশেষত বিনাশো
দেখিলোঁ, স্থাপনাও দেখিলোঁ। সাক্ষাৎকাৰৰ আশা পূৰ্ণ হ’ল, এয়া বুজিলোঁ যে এতিয়া নতুন
সৃষ্টি আহিব, মই এয়া হ'মগৈ। বাকী এই পুৰণি সৃষ্টিতো বিনাশ হৈ যাব। দৃঢ় নিশ্চয় হৈ
গ’ল। নিজৰ ৰাজধানীৰো সাক্ষাৎকাৰ হ’ল তেন্তে এই ৰাৱণৰ ৰাজ্য কি কৰিম, যিহেতু স্বৰ্গৰ
ৰাজ্য পাওঁ, এয়া হৈছে ঈশ্বৰীয় বুদ্ধি। ঈশ্বৰে প্ৰৱেশ কৰি এই বুদ্ধি জাগ্ৰত কৰালে।
জ্ঞানৰ কলহতো মাতাসকলে পায়, গতিকে মাতাসকলকে সকলো দি দিলোঁ আৰু ক’লোঁ – তোমালোকে
সকলো চম্ভালা, সকলোকে শিকোৱা। শিকাওঁতে শিকাওঁতে ইয়ালৈকে আহি গ’ল। ইজনে-সিজনক
শুনাওঁতে শুনাওঁতে চোৱা এতিয়া কিমান হৈ গৈছে। আত্মা পৱিত্ৰ হৈ গৈ থাকে আকৌ আত্মা
পৱিত্ৰ হৈ গ’লে শৰীৰো পৱিত্ৰ লাগে। বুজিও পায় তথাপি মায়াই পাহৰাই দিয়ে।
তোমালোকে কোৱা 7 দিন
পঢ়া তেতিয়া কয় - কাইলৈ আহিম। পিছদিনা মায়াই সমাপ্ত কৰি দিয়ে। নাহেই। ভগৱানে পঢ়ায়
তথাপি আহি ভগৱানৰ পৰা নপঢ়ে! এনেকৈ কয়ো - হয়, নিশ্চয় আহিম কিন্তু মায়াই উৰাই দিয়ে।
নিয়মীয়া হ'বলৈ নিদিয়ে। যিসকলে কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল তেওঁলোকে নিশ্চয় কৰিব
আৰু কোনো দোকান নাই। তোমালোকে পুৰুষাৰ্থ বহুত কৰা। ডাঙৰ ডাঙৰ সংগ্ৰাহালয় সাজা।
যিসকলে কল্প পূৰ্বে বুজিছিল তেওঁলোকেই বুজিব। বিনাশ হ’বই। স্থাপনাও হৈ গৈ থাকে।
আত্মাই পঢ়ি বহুত সুন্দৰ শৰীৰ ধাৰণ কৰিবগৈ। লক্ষ্য-উদেশ্য এয়াই নহয় জানো। এইটো কিয়
স্মৃতিত নাথাকে? এতিয়া আমি নতুন সৃষ্টিলৈ যাম, নিজৰ পুৰুষাৰ্থ অনুসৰি। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিত
সদায় এইটো স্মৃতি থাকিব লাগে যে এতিয়া আমি অলপ সময়ৰ কাৰণে সংগমযুগত বহি আছোঁ, পুৰণি
সৃষ্টিৰ বিনাশ হ'লে আমি নতুন সৃষ্টিলৈ স্থানান্তৰ হৈ যাম সেয়েহে ইয়াৰ পৰা বুদ্ধিযোগ
আঁতৰাই দিব লাগে।
(2) সকলো আত্মাকে
পিতাৰ পৰিচয় দি কৰ্ম, অকৰ্ম, বিকৰ্মৰ গূঢ় গতি শুনাব লাগে, প্ৰথমতে ‘অল্ফ’ৰে (পিতাৰ)
পাঠ দৃঢ় কৰাব লাগে।
বৰদান:
শ্ৰেষ্ঠ
প্ৰাপ্তিৰ প্ৰত্যক্ষফলৰ দ্বাৰা সদায় আনন্দিত হৈ থাকোঁতা সৰ্বদা স্বাস্থ্যৱান হোৱা
সংগমযুগত এতিয়াই কৰিলা
আৰু এতিয়াই শ্ৰেষ্ঠ প্ৰাপ্তিৰ অনুভৱ হল- এয়াই হৈছে প্ৰত্যক্ষফল। সকলোতকৈ শ্ৰেষ্ঠ ফল
হৈছে সমীপতাৰ অনুভৱ হোৱা। আজিকালি সাকাৰ জগতত কোৱা হয় যে ফল খোৱা তেতিয়াহে
স্বাস্থ্যৱান হৈ থাকিবা। স্বাস্থ্যৱান হৈ থকাৰ সাধন ফল বুলি কোৱা হয় আৰু তোমালোক
সন্তানসকলে প্ৰতিটো চেকেণ্ডত প্ৰত্যক্ষ ফল খায়েই থাকা সেই কাৰণে সৰ্বদা
স্বাস্থ্যৱান হোৱাই। যদি কোনোবাই তোমালোকক সোধে যে আপোনাৰ খবৰ কি, তেতিয়া ক’বা যে
চলন ফৰিস্তাৰ দৰে আৰু অৱস্থা আনন্দময়।
স্লোগান:
সকলোৰে আশীৰ্বাদৰ সম্পদেৰে সম্পন্ন হোৱা তেতিয়া পুৰুষাৰ্থত পৰিশ্ৰম কৰিবলগীয়া নহ’ব।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
য’ত একতা আছে ত’ত সহজে
সফলতা আহে কিন্তু কাৰোবাক অৱনমিত কৰিবলৈ ঐক্যতাত নাহিবা, সদায় উৰন্ত কলাত যাবা আৰু
সকলোকে লৈ যাব লাগে, এইটোৱে যাতে লক্ষ্য থাকে। সদায় আজ্ঞাকাৰী, বিশ্বাসী হৈ প্ৰতিটো
খোজত পিতাক অনুসৰণ কৰা। পিতাৰ যি গুণ সেয়াই সন্তানৰ, পিতাৰ যি কৰ্তব্য সেয়াই
সন্তানসকলৰ, পিতাৰ যি সংস্কাৰ সেয়াই সন্তানৰ… এয়াই সফলতা মূৰ্ত হোৱাৰ আধাৰ।