14.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ অনাদি সম্বন্ধ হৈছে ভাই ভাইৰ, তোমালোক সাকাৰত ভাই-ভনী সেয়েহে তোমালোকৰ দৃষ্টি কেতিয়াও আসুৰিক হ'ব নোৱাৰে”

প্ৰশ্ন:
বিজয়ী অষ্ট ৰত্ন কোন হয়? তেওঁলোকৰ মূল্য কি?

উত্তৰ:
যাৰ মনত আসুৰিক খেয়াল নাথাকে, দৃষ্টি পূৰা সভ্য, তেওঁলোকেই অষ্ট ৰত্ন হয় অৰ্থাৎ কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে। তেওঁলোক ইমানেই অধিক মূল্যৱান যে কাৰোবাৰ জীৱনত গ্ৰহৰ অশুভ প্ৰভাৱ পৰিলে তেতিয়া তেওঁক অষ্ট ৰত্নৰ আঙুঠি পিন্ধায়। এনেকৈ ভাবে যে ইয়াৰ দ্বাৰা গ্ৰহৰ অশুভ প্ৰভাৱ আঁতৰি যাব। অষ্ট ৰত্ন হোৱাসকলৰ দূৰদৰ্শী বুদ্ধি হোৱাৰ কাৰণে “ভাই ভাই”ৰ স্মৃতি নিৰন্তৰ থাকে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলে জানে। তেওঁলোকৰ নাম কি? ব্ৰাহ্মণ। ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী অনেক আছে। ইয়াৰ পৰা সিদ্ধ হয় যে এওঁলোক তোলনীয়া সন্তান কিয়নো এজন পিতাৰে সন্তান। তেন্তে নিশ্চয় তোলনীয়া হ'ব। তোমালোক ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলহে তোলনীয়া সন্তান হোৱা। বহুত সন্তান আছে। এবিধ হৈছে প্ৰজাপিতা ব্ৰহ্মাৰ আৰু আনবিধ হৈছে পৰমপিতা পৰমাত্মা শিৱৰ, তেন্তে নিশ্চয় তেওঁলোকৰ মাজত সম্বন্ধ আছে কিয়নো তেওঁৰ হৈছে আত্মিক সন্তান আৰু এওঁৰ হৈছে শাৰিৰীক সন্তান। যদি তেওঁৰ হয় তেন্তে ভাই ভাই হয়। প্ৰজাপিতা ব্ৰহ্মাৰ সাকাৰ ভাই-ভনী হৈ যায়। ভাই-ভনীৰ মাজত আসুৰিক সম্বন্ধ কেতিয়াও নাথাকে। তোমালোকৰ কাৰণেও এনেকৈ কোৱা হয় যে এওঁলোকে সকলোকে ভাই-ভনী কৰি দিয়ে, যাৰ দ্বাৰা সম্বন্ধ শুদ্ধ হৈ থাকে। আসুৰিক দৃষ্টি নাযায়। কেৱল এইটো জন্মৰ কাৰণে দৃষ্টি এনেকুৱা হৈ গ'লে পাছত ভৱিষ্যতে কেতিয়াও আসুৰিক দৃষ্টি নাথাকিব। এনেকুৱা নহয় যে তাত ভনী-ভাই বুলি ভাবে। তাততো যেনেকৈ মহাৰজা-মহাৰাণী হয়, তেনেকুৱাই হয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি পুৰুষোত্তম সংগমযুগত আছোঁ আৰু আমি সকলো হৈছোঁ ভাই-ভনী। “প্ৰজাপিতা ব্ৰহ্মা” নামতো আছে নহয়। প্ৰজাপিতা ব্ৰহ্মা কেতিয়া হৈছিল - সেয়া জগতৰ লোকসকলে নাজানে। তোমালোক ইয়াত বহি আছা, এইটো জানা যে আমি পুৰুষোত্তম সংগমযুগৰ বি.কে.। এতিয়া ইয়াক ধৰ্ম বুলি কোৱা নহ'ব, এয়া কুল স্থাপনা হৈ আছে। তোমালোক হৈছা ব্ৰাহ্মণ কুলৰ। তোমালোকে ক'ব পাৰা আমি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকল নিশ্চয় এক প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। এয়া নতুন কথা নহয় জানো। তোমালোকে ক'ব পাৰা আমি বি.কে.। এনেও বাস্তৱত আমি সকলো ভাই ভাই। এজন পিতাৰ সন্তান। তেওঁৰ বাবে তোলনীয়া বুলি কোৱা নহয়। আমি আত্মাসকল তেওঁৰ অনাদি সন্তানতো হওঁৱেই। তেওঁ পৰমপিতা পৰমাত্মা “চুপ্ৰিম চ’ল”। আৰু কাৰো ক্ষেত্ৰতে 'চুপ্ৰিম' অৰ্থাৎ পৰম শব্দটি ব্যৱহাৰ কৰা নহয়। পৰম বুলি কোৱা হয় সম্পূৰ্ণ পৱিত্রজনক। এনেকৈ কোৱা নহয় যে সকলোৰে পৱিত্ৰতা আছে। পৱিত্ৰতা শিকে এই সংগমত। তোমালোকতো পুৰুষোত্তম সংগমযুগৰ নিবাসী। যেনেকৈ কলিযুগৰ নিবাসী, সত্যযুগৰ নিবাসী বুলি কোৱা হয়। সত্যযুগ, কলিযুগকতো বহুতেই জানে। যদি দূৰদৰ্শী বুদ্ধিৰ হয় তেন্তে বুজি পাব। কলিযুগ আৰু সত্যযুগৰ মাজৰ সময়খিনিক কোৱা হয় সংগমযুগ। শাস্ত্ৰত আকৌ যুগে যুগে বুলি কৈ দিলে। পিতাই কয় - মই যুগে যুগে নাহোঁ। তোমালোকৰ বুদ্ধিত এইটো থাকিব লাগে যে আমি হৈছোঁ পুৰুষোত্তম সংগমযুগৰ ব্ৰহ্মাকুমাৰ-কুমাৰী। আমি সত্যযুগতো নাই আৰু কলিযুগতো নাই। সংগমৰ পাছত সত্যযুগ নিশ্চয় আহিব।

তোমালোক এতিয়া সত্যযুগত যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। তাত পৱিত্ৰতা অবিহনে কোনো যাব নোৱাৰে। এই সময়ত তোমালোক পৱিত্র হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। সকলোতো পৱিত্ৰ নহয়। কোনোবা পতিতো থাকে। আগবাঢ়ি গৈ থাকোঁতে বাগৰি পৰে, আকৌ গোপনে আহি অমৃত পান কৰে। বাস্তৱত যিয়ে অমৃত এৰি বিহ পান কৰে, তেওঁলোকক কিছুদিনলৈ আহিব দিয়া নহয়। কিন্তু এইটোও গায়ন আছে - যেতিয়া অমৃত বিলাইছিল তেতিয়া বিকাৰী অসুৰ গোপনে আহি বহিছিল। এনেকৈ কয় যে ইন্দ্ৰসভাত এনেকুৱা অপৱিত্ৰ আহি বহিলে তেওঁ অভিশপ্ত হৈ যায়। এটা কাহানিও শুনায় যে এগৰাকী পৰীয়ে এজন বিকাৰীক লৈ আহিল, তেতিয়া তেওঁৰ কি অৱস্থা হ'ল? বিকাৰীতো নিশ্চয় অধঃপতিত হৈ যাব। এয়া বুজিবলগীয়া কথা। বিকাৰীয়ে উন্নতি কৰিব নোৱাৰে। এনেকৈ কয় যে তেওঁ গৈ পাথৰ হৈ গ’ল। এতিয়া এনেকুৱা নহয় যে মনুষ্য পাথৰ বা বৃক্ষ হৈ যায়। পাথৰবুদ্ধি হৈ গৈছে। ইয়ালৈ আহে পাৰস (পৱিত্ৰ) বুদ্ধিৰ হ'বৰ কাৰণে কিন্তু গোপনে বিহ পান কৰে গতিকে সিদ্ধ হয় যে পাথৰ বুদ্ধি হৈয়ে থাকিব। এয়া সন্মুখত বুজোৱা হয়, শাস্ত্ৰতো এনেয়ে বহি লিখিছে। নাম ৰখা হৈছে ইন্দ্ৰ সভা। য'ত পোখৰাজ পৰী, ভিন্ন ভিন্ন পৰীসকলক দেখুৱায়। ৰত্নবিলাকৰ মাজতো ক্ৰমানুসৰি থাকে নহয়। কোনোটো বহুত ভাল ৰত্ন, কোনোটো কম। কাৰোবাৰ মূল্য কম, কাৰোবাৰ বহুত। 9 ৰত্নৰ আঙুঠিও বহুত গঢ়ে। বিজ্ঞাপন দিয়ে। নামটো ৰত্নই হয়। ইয়াত বহি আছে নহয়। কিন্তু তাৰ মাজতো কোৱা হ’ব এওঁ হীৰা, এওঁ পন্না, এওঁ মাণিক, পোখৰাজো বহি আছে। ৰাতি-দিনৰ পাৰ্থক্য আছে। তাৰ মূল্যতো বহুত পাৰ্থক্য থাকে। তেনেকৈয়ে আকৌ ফুলৰ লগতো তুলনা কৰা হয়। তাৰ মাজতো ভিন্নতা আছে। সন্তানসকলে জানে কোন কোন ফুল হয়। ব্ৰাহ্মণীসকল পাণ্ডা হৈ আহে, তেওঁলোক ভাল ফুল। কিছুমান বিদ্যাৰ্থীও আকৌ বুজোৱাত বহুত তীক্ষ্ণ হৈ যায়। বাবাই ব্ৰাহ্মণীক ফুল নিদি তেওঁক দিব। শিকাওঁতাজনতকৈও তেওঁৰ গুণ বহুত ভাল। কোনোধৰণৰ বিকাৰ নাথাকে। কিছুমানৰ অৱগুণ থাকে যেনে - ক্ৰোধৰ ভূত, লোভৰ ভূত......। গতিকে পিতাই জানে যে এওঁ মন পচন্দৰ পাণ্ডা, এওঁ দ্বিতীয় নম্বৰত। কোনো কোনো পাণ্ডা ইমান মন পচন্দৰ নহয়, যিমান লৈ অহা জিজ্ঞাসুগৰাকী মন পচন্দৰ হয়। এনেকুৱাও হয় - শিকাওঁতাজন মায়াৰ হাতোৰাত আৱদ্ধ হৈ বিকাৰগ্ৰস্ত হৈ যায়। এনেকুৱাও আছে যিয়ে বহুতকে ডুবিব ধৰাৰ পৰা ৰক্ষা কৰে আৰু নিজে আৱদ্ধ হৈ মৰে। মায়া বহুত বলৱান। সন্তানসকলেও বুজি পায়, আসুৰিক দৃষ্টিয়ে বহুত প্ৰবঞ্চনা কৰে। যেতিয়ালৈকে আসুৰিক দৃষ্টি থাকে তেতিয়ালৈকে ভাই-ভনীৰ যি নিদেৰ্শনা প্ৰাপ্ত হৈছে সেয়াও চলিব নোৱাৰে। সভ্য দৃষ্টি পৰিৱৰ্তন হৈ আসুৰিক দৃষ্টি হৈ যায়। যেতিয়া আসুৰিক দৃষ্টি পৰিৱৰ্তন হৈ দৃঢ় সভ্য দৃষ্টি হৈ যায় তেতিয়া তাক কোৱা হয় কৰ্মাতীত অৱস্থা। ইমানেই নিজক পৰীক্ষা কৰিব লাগে। একেলগে থাকিও যাতে বিকাৰৰ দৃষ্টি নাযায়। ইয়াত তোমালোক হৈছা ভাই-ভনী, জ্ঞান তৰোৱাল মাজত আছে। আমিতো পৱিত্ৰ হৈ থকাৰ দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে। কিন্তু লিখে যে বাবা আকৰ্ষণ জাগে, সেইটো অৱস্থা এতিয়াও দৃঢ় হোৱা নাই। পুৰুষাৰ্থ কৰি থাকে – এয়াও যাতে নহয়। দৃষ্টি যেতিয়া একেবাৰে সভ্য হৈ যাব তেতিয়াহে বিজয় প্ৰাপ্ত হ'ব। অৱস্থা এনেকুৱা হ'ব লাগে যাতে কোনোধৰণৰ বিকাৰী সংকল্পও উদয় নহয়, ইয়াকে কৰ্মাতীত অৱস্থা বুলি কোৱা হয়। এয়াই লক্ষ্য।

কিমান অপূৰ্ব মালা হয়। 8 (আঠ) ৰত্নৰ মালাও আছে। সন্তানতো অনেক আছে। সূৰ্যবংশী-চন্দ্ৰবংশী কুল ইয়াত প্ৰতিষ্ঠা হয়। সেই সকলোকে মিলাই সম্পূৰ্ণ উত্তীৰ্ণ, বৃত্তি লওঁতা 8 (আঠ) ৰত্ন ওলায়। মাজতে আকৌ তেওঁলোকক ৰত্ন কৰি তোলোঁতা হীৰা 'শিৱ'ক ৰাখে, যিয়ে এনেকুৱা ৰত্ন গঢ়ি তুলিলে। গ্ৰহৰ অশুভ প্ৰভাৱ পৰিলে তেতিয়া 8 (আঠ) ৰত্নৰ আঙুঠি পিন্ধে। এই সময়ত ভাৰতত ৰাহুৰ দশা (অশুভ প্ৰভাৱ) চলি আছে। প্ৰথমে আছিল বৃক্ষপতিৰ অৰ্থাৎ বৃহস্পতিৰ দশা। তোমালোক সত্যযুগী দেৱতা আছিলা, বিশ্বত ৰাজ্য কৰিছিলা। আকৌ ৰাহুৰ দশা বহি গ'ল। এতিয়া তোমালোকে জানা যে আমাৰ ওপৰত বৃহস্পতিৰ দশা আছিল, নাম হৈছে বৃক্ষপতি। চমুকৈ বৃহস্পতি বুলি কোৱা হয়। আমাৰ ওপৰত যথাযথ বৃহস্পতিৰ দশা আছিল, যেতিয়া আমি বিশ্বৰ মালিক আছিলোঁ, এতিয়া ৰাহুৰ দশা বহি আছে, যাৰ বাবে আমি কড়িতুল্য হৈ গ’লোঁ। এয়াতো প্ৰত্যেকে বুজিব পাৰে। সুধিবলগীয়া কথাই নাই। গুৰু আদিক সোধে - এইটো পৰীক্ষাত উত্তীৰ্ণ হ'মনে? ইয়াতো বাবাক সোধে - মই উত্তীৰ্ণ হ'মনে? কওঁ যে যদি এনেকৈ পুৰুষাৰ্থ কৰি আগবাঢ়ি গৈ থাকা তেন্তে কিয় উত্তীৰ্ণ নহ'বা। কিন্তু মায়া বৰ বলৱান। ধুমুহাত লৈ আহিব। এই সময়ততো ঠিকেই আছে, আগলৈ গৈ ধুমুহা বহুত আহিলে তেতিয়া? এতিয়া তোমালোক যুদ্ধক্ষেত্ৰত আছা, তেন্তে মই নিশ্চয়তা কেনেকৈ দিব পাৰোঁ? আগতে মালা গাঁথিছিল, যাক 2-3 নম্বৰত থৈছিল, তেওঁলোক নাই। একেবাৰে কাঁইট হৈ গ’ল। গতিকে পিতাই কয় - ব্ৰাহ্মণৰ মালা হ'ব নোৱাৰে। যুদ্ধক্ষেত্ৰত আছা নহয়। আজি ব্ৰাহ্মণ, কালিলৈ শূদ্ৰ হৈ যায়, বিকাৰগ্ৰস্ত হ'ল মানে শূদ্ৰ হৈ গ’ল। ৰাহুৰ দশা বহি গ'ল। বৃহস্পতিৰ দশাৰ কাৰণে পুৰুষাৰ্থ কৰিছিল, বৃক্ষপতিৰে পঢ়াইছিল। আগবাঢ়ি গৈ থাকোঁতে থাকোঁতে মায়াৰ থাপৰ লাগিল, তেতিয়া ৰাহুৰ দশা বহি গ'ল। বিশ্বাসঘাতক হৈ যায়। এনেকুৱা সকলো ঠাইতে হয়। এজন ৰজাৰ ওচৰৰ পৰা আঁতৰি গৈ অন্য এজন ৰজাৰ ওচৰত গৈ শৰণ লয়। তেতিয়া তেওঁলোকেও চায় যদি এওঁ আমাৰ কামৰ হয় তেতিয়া শৰণ দি দিয়ে। এনেকৈ বহুত বিশ্বাসঘাতক হৈ যায় এৰ'প্লেনৰ সৈতে গৈ অন্য ৰজাৰ ওচৰত পায়গৈ। তেতিয়া তেওঁলোকে এৰ'প্লেন ঘূৰাই দিয়ে, তেওঁক শৰণ দি দিয়ে। এৰ'প্লেনক কেনেকৈ শৰণ দিব, সেয়াতো তেওঁলোকৰ সম্পত্তি। তেওঁলোকৰ বস্তু তেওঁলোকক ঘূৰাই দিয়ে। বাকী মনুষ্যই, মনুষ্যক শৰণ দিয়ে।

এতিয়া তোমালোক সন্তানসকল পিতাৰ শৰণত আহিছা। এনেকৈ কোৱা যে আমাৰ লাজ ৰক্ষা কৰক। দ্ৰৌপদীয়ে মিনতি কৰিছিল যে মোক এওঁলোকে নগ্ন কৰিব ওলাইছে, পতিত হোৱাৰ পৰা ৰক্ষা কৰক। সত্যযুগত কেতিয়াও নগ্ন নহয়। তাকতো কোৱাই হয় - সম্পূৰ্ণ নিৰ্বিকাৰী। সৰু শিশুসকলতো হয়েই নিৰ্বিকাৰী। এই গৃহস্থালিত থাকিও সম্পূৰ্ণ নিৰ্বিকাৰী হৈ থাকে। যদিও স্ত্ৰী-পুৰুষ একেলগে থাকে তথাপিও নিৰ্বিকাৰী হৈ থাকে, সেয়েহে কয় - আমি নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হৈ আছোঁ। সেয়া হৈছে নিৰ্বিকাৰী সৃষ্টি, তাত ৰাৱণ নাই। তাক কোৱা হয় - ৰামৰাজ্য। ৰাম বুলি শিৱবাবাক কোৱা হয়। “ৰাম নাম জপ কৰা”ৰ অৰ্থই হৈছে পিতাক স্মৰণ কৰা। “ৰাম ৰাম” বুলি যেতিয়া কয় তেতিয়া বুদ্ধিত নিৰাকাৰ জনেই থাকে। ৰাম ৰাম বুলি কয়, সীতাক এৰি দিয়ে। তেনেকৈ শ্ৰীকৃষ্ণৰ নাম লয়, ৰাধাক এৰি দিয়ে। ইয়াততো পিতা হয়েই এজন, তেওঁ কয় - মামেকম্ (কেৱল মোক) স্মৰণ কৰা‌। শ্ৰীকৃষ্ণক পতিত-পাৱন বুলি কোৱা নহয়। সৰুকালত ৰাধা-কৃষ্ণ ভাই-ভনীও নাছিল। বেলেগ বেলেগ ৰাজ্যৰ আছিল। শিশুসকলতো হয়েই শুদ্ধ। বাবায়ো কয় - শিশুসকলতো ফুল হয়, সিহঁতৰ বিকাৰী দৃষ্টি নাথাকে। যেতিয়া ডাঙৰ হয় তেতিয়া দৃষ্টি যায় সেয়েহে বালক আৰু মহাত্মাক সমান বুলি কয়। আচলতে শিশু মহাত্মাতকৈও উচ্চ। মহাত্মাই তথাপিও গম পায় যে আমি ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম হৈছোঁ। শিশুৱেীয়া গম নাপায়। সন্তান পিতাৰ হৈ গ’ল আৰু উত্তৰাধিকাৰতো আছেই। তোমালোক বিশ্বৰ ৰাজধানীৰ মালিক হোৱা। কালিৰ কথা তোমালোক বিশ্বৰ মালিক আছিলা। এতিয়া পুনৰ তোমালোক হোৱা। ইমান প্ৰাপ্তি হয়। গতিকে স্ত্রী-পুৰুষ, ভনী-ভাই হৈ পৱিত্ৰ হৈ থাকিলে সেয়া কিনো ডাঙৰ কথা। অলপ যত্নও কৰিব লাগে নহয়। হয়, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি এতিয়া বৃহস্পতিৰ দশাত যোৱা। স্বৰ্গলৈতো যায়েই আকৌ পঢ়াৰ দ্বাৰা কোনোবাই উচ্চ পদ পায়, কোনোবাই মধ্যম, কোনোবা ফুল হয়, কোনোবা আন কিবা। এইখন বাগিচা নহয় জানো। আকৌ পদো এনেকুৱাই ল'ব। এনেকুৱা ফুল হ'বৰ কাৰণে খুব পুৰুষাৰ্থ কৰিব লাগে, সেয়েহে বাবাই সন্তানসকলক দেখুৱাবৰ কাৰণে ফুল লৈ আহে। বাগিচাততো অনেক প্ৰকাৰৰ ফুল থাকে। সত্যযুগ হৈছে ফুলৰ বাগিচা আৰু এয়া হৈছে কাঁইটৰ জংঘল। এতিয়া তোমালোক কাঁইটৰ পৰা ফুল হোৱাৰ পুৰুষাৰ্থ কৰি আছা। ইজনে-সিজনক কাঁইট হৈ বিন্ধাৰ পৰা ৰক্ষা পাবলৈ পুৰুষাৰ্থ কৰি আছা, যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানে জিকিব। মূল কথা হৈছে কামৰ ওপৰত বিজয়ী হ’লেহে জগতজিৎ হ'বাগৈ। এয়াতো সন্তানসকলৰ ওপৰত থাকিল। ডেকাসকলে বহুত যত্ন কৰিবলগীয়া হয়, বৃদ্ধসকলৰ কম। বানপ্ৰস্থ অৱস্থাৰ লোকসকলৰ আৰু কম। শিশুসকলৰ বহুত কম‌।

তোমালোকে জানা যে আমি বিশ্বৰ বাদশ্বাহীৰ সম্পত্তি পাওঁ, তাৰ বাবে এটা জন্ম পৱিত্ৰ হৈ থকাত কি আপত্তি। তেওঁলোকক কোৱা হয় বাল ব্ৰহ্মচাৰী। অন্তিমলৈকে পৱিত্ৰ হৈ থাকে। যিসকল পৱিত্ৰ হৈছে, তেওঁলোকক পিতাই আকৰ্ষিত কৰে, শিশুসকলে শিশু কালতেই জ্ঞান পাই গ’লে তেতিয়া ৰক্ষা পৰিব পাৰে। শিশুসকল অবোধ কিন্তু আকৌ বাহিৰত স্কুল আদিত সংগৰ ৰং লাগি যায়। সৎ সংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। পিতাই কয় - মই তোমালোকক পাৰ কৰাই শিৱালয়লৈ লৈ যাওঁ। সত্যযুগ হৈছে একেবাৰে নতুন সৃষ্টি। বহুত কম মনুষ্য থাকে পাছত বৃদ্ধি হৈ গৈ থাকে। তাততো বহুত কম দেৱতা থাকে। গতিকে নতুন সৃষ্টিলৈ যাব কাৰণে পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ মন পচন্দৰ হ'বৰ কাৰণে গুণৱান হ'ব লাগে। ভাল ভাল গুণ ধাৰণ কৰি ফুল হ'ব লাগে। অৱগুণ আঁতৰাব লাগে। কাকোৱে কাঁইট হৈ বিন্ধিব (দুখ দিব) নালাগে।

(2) সম্পূৰ্ণ উত্তীৰ্ণ হ'বৰ কাৰণে বা বৃত্তি ল'বৰ কাৰণে এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে যাতে একোৱেই স্মৃতিলৈ নাহে, দৃষ্টি যাতে পূৰা সভ্য হৈ যায়, সদায় বৃহস্পতিৰ দশা চলি থাকে।

বৰদান:
ব্ৰাহ্মণ জীৱনত সৰ্ব সম্পদ সফল কৰি সদায় প্ৰাপ্তি সম্পন্ন হওঁতা সন্তুষ্টমণি হোৱা

ব্ৰাহ্মণ জীৱনৰ সকলোতকৈ ডাঙৰ সম্পদ হৈছে সন্তুষ্ট হৈ থকা। য'ত সৰ্ব প্ৰাপ্তি থাকে ত’ত সন্তুষ্টতা থাকে আৰু য'ত সন্তুষ্টতা থাকে ত’ত সকলো আছে। যি সন্তুষ্টতাৰ ৰত্ন তেওঁ সৰ্ব প্ৰাপ্তি স্বৰূপ হয়, তেওঁলোকৰ গীত হৈছে যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ… এনেকৈ সৰ্ব প্ৰাপ্তি সম্পন্ন হোৱাৰ বিধি হৈছে - প্ৰাপ্ত হোৱা সৰ্ব সম্পদ প্ৰয়োগ কৰা কিয়নো যিমান সফল কৰিবা সিমানে সম্পদ বাঢ়ি গৈ থাকিব।

স্লোগান:
পৱিত্ৰ হংস তেওঁলোকক কোৱা হয় যিয়ে সদায় গুণ ৰূপী মুকুতাহে গ্ৰহণ কৰে, অৱগুণ ৰূপী পাথৰ নহয়।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

বহুত সন্তানে কয় – বাবা আপুনি মায়াৰ হাত কাটি পেলোৱা, কিন্তু পিতাই মায়াৰ হাত কাটিলে যিয়ে কাটিব তেৱেঁ পাব। পিতাইতো সকলো কৰিব পাৰে। চেকেণ্ডৰ আদেশ – কিন্তু তোমালোকৰ ভৱিষ্যত কেনেকৈ গঢ় ল’ব? সেয়েহে যেনেকৈ নেপালত সৰু ল’ৰা-ছোৱালীৰ হাতত ছুৰী দি দিয়ে, নিজে কৰে কিন্তু হাত সন্তানৰ। তেনেকৈ পিতায়ো সন্তানসকলক কয় – সন্তানসকল কেৱল সাহসৰ হাত দিয়া পিতাৰ সহায়েৰে মায়াজিৎ বিজয়ী হৈ যাবা।