14.11.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ৰাতিপুৱাই উঠি পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা, অমৃতবেলাৰ সময় বহুত ভাল”

প্ৰশ্ন:
আজ্ঞাকাৰী সন্তানসকলৰ লক্ষণ কি হ’ব?

উত্তৰ:
আজ্ঞাকাৰী সন্তানে – উচ্চতকৈও উচ্চ পিতাৰ মহাবাক্যক শিৰোধাৰ্য কৰিব অৰ্থাৎ নিজৰ জীৱনত ধাৰণ কৰিব। তেওঁলোকৰ চাল-চলন অতি মাৰ্জিত হ’ব। তেওঁলোক বৰ ধৈৰ্যশালী হ’ব। তেওঁলোকৰ বিশ্বৰ মালিক হোৱাৰ গুপ্ত নিচা থাকিব। আজ্ঞাকাৰী সন্তানে নিজৰ কোনো কৰ্মৰ দ্বাৰা বাপদাদাৰ অপমান হ’বলৈ নিদিব। অপমান কৰোঁতা অৰ্থাৎ অৱজ্ঞা কৰোঁতা সন্তানে বহুত অহিত কৰে। আজ্ঞাকাৰী সন্তানে সদায় পিতাক অনুসৰণ কৰে, কেতিয়াও ওলোটা কৰ্ম নকৰে।

গীত:
ছৌড় ভী দে আকাছ চিংহাচন...... (আকাশ সিংহাসন এৰি দিয়া……)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে দুটি কলি শুনিলে। এতিয়া সন্তানসকলে ইয়াৰ অৰ্থ বুজিয়েই গ’ল যে পিতা ইয়াত আছে। পিতাই বহি সত্য কথা বুজায় কিয়নো প্ৰতিটো কথা মনুষ্যই জ্ঞানৰ বিষয়ে বা ঈশ্বৰক পোৱাৰ বিষয়ে যি কয়, সেয়া ভুল। এতিয়া গীতটিৰ কলি শুনিলা – এৰি দিয়া আকাশ সিংহাসন… কিন্তু আকাশ সিংহাসন কি, এয়া কোনেও গম নাপায়। পতিত-পাৱনতো আহিবই লাগে। কোনোৱে কয় - ভগৱান নাই। কোনোৱে কয় - সকলো ভগৱানেই ভগৱান। আহিব কিয়? এয়াতো তোমালোক সন্তানসকলে জানিছা যে পিতা আহিছে আকৌ এই ভক্তিমাৰ্গৰ গায়ন আদি শুনিবলৈ ভাল নালাগে। পতিত-পাৱন আহি নিজৰ পৰিচয় দি, ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। বাকী জগতত এই কথাবোৰ কোনেও বুজিব নোৱাৰে। ইয়াতো কিমান মতধাৰী ব্যক্তি আছে। কয় যে মনুষ্য পৱিত্ৰ হ’ব, এইটো হ’ব নোৱাৰে। সেয়াও যেতিয়ালৈকে ভগৱান নাহে তেতিয়ালৈকে পৱিত্ৰ কেনেকৈ হ’ব পাৰে। পৰমাত্মাহে আহি শিক্ষা দিয়ে আৰু প্ৰলোভনো দিয়ে যে ইয়াত কিমান শ্ৰেষ্ঠ প্ৰাপ্তি হয়। তোমালোকে জানা পিতাই কয় – মোৰ হৈ শ্ৰীমতত নচলিলে শাস্তি খাব লাগিব। যেনেকৈ পিতাকে নিজৰ সন্তানসকলৰ চলন ঠিক নেদেখিলে তেতিয়া চৰিয়াই দিয়ে, এইজন পিতাই চৰ নামাৰে। কেৱল বুজায় – প্ৰতিজ্ঞা তেজেৰেও লিখি দিয়ে, তথাপিও হাৰি যায়। মনুষ্যই গমেই নাপায় যে পৱিত্ৰ হ’লে কি পোৱা যায়। পতিত বুলি কাক কোৱা হয়। পিতাই বুজায় - যি বিকাৰত যায় তেওঁ পতিত। মনুষ্যই ভাবে বিকাৰ ত্যাগ কৰাতো অসম্ভৱ। কোৱা - দেৱী-দেৱতাসকলতো সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। চিত্ৰ দেখুৱাব লাগে। এইখন নিৰ্বিকাৰী সৃষ্টি আছিল নহয়। পৱিত্ৰতা আছিল তেতিয়া ভাৰত কিমান চহকী আছিল, শিৱালয় আছিল। মনুষ্যৰ এইটো চিন্তা থাকে যে বিকাৰ অবিহনে সৃষ্টি কেনেকৈ বৃদ্ধি হ’ব। হেৰ’ চৰকাৰ চিন্তিত হৈ গৈছে যে সৃষ্টি (জনসংখ্যা) নাবাঢ়ক তথাপিও প্ৰত্যেক বছৰে কিমান মনুষ্য বৃদ্ধি হৈ থাকে। কম হোৱাতো বহুত কঠিন। ইয়াত বেহদৰ পিতাই কয় - যদি তোমালোক পৱিত্ৰ হোৱা তেন্তে মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিম। আমদানি বহুত বেছি। সন্তানসকলে জানে যথাযথ মায়াজীৎ হ’লে আমি জগতজীৎ হ’মগৈ। ৰাৱণক জিনি ৰামৰাজ্য পাম। তাত এই বিকাৰ থাকিব নোৱাৰে। সেই বিকাৰবোৰক তোমালোকে জিনি ল’লা নহয়। এই কথাবোৰ কিছুমানে কাচিৎহে বুজি পায়, কয় - ইয়াৰ অবিহনে সৃষ্টি কেনেকৈ চলিব! এনেকুৱা কথা যিসকলে কয় বুজিব লাগে এওঁলোক আদি সনাতন ধৰ্মৰ নহয়। য’তেই তোমালোকে ভাষণ দিয়া - তেতিয়া ক’বা ভগৱানুবাচ, ভগৱানে কয় কাম মহাশত্ৰু হয়, তাৰ ওপৰত বিজয়ী হ’লে তোমালোক জগতজীৎ হ’বা। বুজনি একেবাৰে সৰল। কিন্তু তথাপিও তেওঁলোকে বুজি নাপায়, নহ’লে বুজাওঁতাসকলৰ বুদ্ধি নাই। বাবাইতো বুজি পায় সন্তানসকলে টকাটোৰ 5 অনাও কাচিৎহে শিকিছে নতুবা নিজে পূৰা যোগী হোৱা নাই সেয়েহে শক্তি নাপায়। স্মৃতিৰ দ্বাৰাহে শক্তি পোৱা যায়, বাবা সৰ্বশক্তিমান হৰ্তা-কৰ্তা নহয় জানো। যোগযুক্ত হৈ থাকিলে শক্তিও পাব। যোগতো বহুত সন্তানৰ একেবাৰে কম। সঁচা কথা কোনেও নিলিখে। স্মৃতিৰ খতিয়ান টুকি ৰাখিব সেইটোও কঠিন। শিক্ষকেই খতিয়ান নাৰাখে তেন্তে বিদ্যাৰ্থীয়ে কেনেকৈ ৰাখিব। বহুত বিদ্যাৰ্থী যোগত বহুত তীক্ষ্ণ। মুখ্য কথা হ’ল পিতাক স্মৰণ কৰিব লাগে। ‘যোগ’ শব্দটি শাস্ত্ৰৰ। মনুষ্যই শুনি বিবুদ্ধিত পৰে। কয় যোগ শিকাওঁক। হেৰ’ যোগ কিবা শিকিবলগীয়া আছে জানো। ৰাতিপুৱা সোনকালে উঠি নিজেই স্মৰণ কৰিব লাগে, ইয়াত শিক্ষকৰ কি দৰকাৰ যে বহি শিকাব সেইকাৰণে স্মৰণ কৰা শব্দটি ঠিক। যোগ শিকাৰ কথা নাই। এইটো অভ্যাস গঠন কৰিব নালাগে। পিতাই কয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। অমৃতবেলা স্মৰণ কৰাতো ভাল। ভক্তিও ৰাতিপুৱা উঠি কৰে। এৱোঁতো (ব্ৰহ্মাই) পিতাক স্মৰণ কৰে। স্মৰণ কিয় কৰে? কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। যদিও ভক্তিমাৰ্গতো শিৱক স্মৰণ কৰে কিন্তু – তেওঁলোকে এইটো গম নাপায় যে শিৱৰ পৰা কি পোৱা যাব। এইটো কেৱল তোমালোক সন্তানসকলেহে জানা। এতিয়া পিতাই শ্ৰীমত দিয়ে যে নিজৰ কল্যাণ কৰিবৰ বাবে মোক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰাহে শক্তি আহে। শক্তিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ’ব। জ্ঞানেৰে বিকৰ্ম বিনাশ নহ’ব। জ্ঞানৰ দ্বাৰা পদ পাবা। পতিতৰ পৰা পাৱন হয় স্মৃতিৰ দ্বাৰা। বহুত সন্তান এই ক্ষেত্ৰত বিফল হয়। বহুত ভাল মহাৰথীয়েও 5 অনাও কাচিৎহে স্মৰণ কৰে। কোনোবাইতো এক পইচাও স্মৰণ নকৰে, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। বুজনিতো সোনকালে শিকি লয় কিন্তু নাও তেতিয়াহে পাৰ হ’ব যেতিয়া স্মৃতিত থাকিব। তেতিয়াহে জন্ম-জন্মান্তৰৰ বিকৰ্ম বিনাশ হ’ব, আকৌ পুণ্য আত্মা হৈ যাব। পিতাক আহ্বান কৰে - আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক। পাৱনতো অনেক হয় কিন্তু উচ্চ উত্তৰাধিকাৰ তেওঁলোকে পাব যিসকল ভালদৰে স্মৃতিত থাকিব। তোমালোকতকৈ বান্ধোনত থকা যিসকল আছে তেওঁলোকে বেছি স্মৰণ কৰে। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ’ব পাৰে। গতিকে যেতিয়া কোনোবাই কয় যে পৱিত্ৰ হৈ থকাতো অসম্ভৱ তেন্তে তেওঁৰ সৈতে কথাও পাতিব নালাগে। নিৰ্বিকাৰী ভাৰত আছিল গতিকে সতোপ্ৰধান আছিল, কিন্তু চহকীসকলৰ বুদ্ধিত এই জ্ঞান ধাৰণেই কাচিৎহে হয় কিয়নো স্মৃতিত থকাতেই পৰিশ্ৰম হয়।

পিতাই কয় - গৃহস্থ ব্যৱহাৰত থাকি তাতো দায়িত্ব পালন কৰি থাকা। বাস্তৱত নিয়ম অতি কাঢ়া। তোমালোকে জন্ম-জন্মান্তৰতো পাপ আত্মাসকলক দান দি পাপ আত্মা হৈ থাকিলা। এতিয়া তোমালোকে পাপ আত্মাক পইচা দিব নোৱাৰা, কিন্তু ককাৰ উত্তৰাধিকাৰ হয় সেয়েহে দিবলগীয়া হয় সেইকাৰণে পিতাই কয় - প্ৰথমে সকলো (লৌকিকৰ) কাম নিষ্পত্তি কৰি তাৰপাছত সমৰ্পণ হৈ যোৱা। এনেকুৱাও কোটিৰ মাজত কোনোবা ওলায়। বহুত উচ্চ লক্ষ্য। পিতাক অনুসৰণ কৰিব লাগে। নষ্টোমোহা হোৱাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়, অতি পৰিশ্ৰম কৰিবলগীয়া হয়। বিশ্বৰ মালিক হোৱা; কিমান উচ্চ প্ৰাপ্তি। কল্পই কল্পই যিসকল বিশ্বৰ মালিক হৈছিল, তেওঁলোকেই পুনৰ হয়। নাটকৰ (ড্ৰামাৰ) ৰহস্যও কম সংখ্যকৰহে বুদ্ধিত ধাৰণ হয়। চহকীয়েতো কাচিৎহে উন্নতি কৰিব পাৰে। গৰিবেতো তৎক্ষণাৎ কৈ দিয়ে - বাবা এই সকলোবোৰ আপোনাৰ আকৌ তেওঁলোকে সেৱাও কৰিব লাগে। পৱিত্ৰ হ’বলৈ স্মৃতিতো থাকিব লাগে। নহ’লেতো বহুত শাস্তি খাবলগীয়া হ’ব। শাস্তি খালেতো পদো কম হৈ যাব। শাস্তি তেওঁলোকে খায় যিসকলে স্মৰণ নকৰে। জ্ঞান লাগিলে যিমানেই ধাৰণ নকৰক, তাৰ দ্বাৰা বিকৰ্ম বিনাশ নহ’ব। শাস্তি খাই অলপ পদ পোৱা - সেয়া জানো কিবা উত্তৰাধিকাৰ হ’ল। পিতাৰ পৰাতো পূৰা উত্তৰাধিকাৰ ল’বৰ কাৰণে পিতাৰ আজ্ঞাকাৰী হ’ব লাগে। উচ্চতকৈ উচ্চ পিতাৰ মহাবাক্য শিৰোধাৰ্য কৰিব লাগে। কৃষ্ণৰ আত্মায়ো এই সময়ত উত্তৰাধিকাৰ লৈ আছে। এই লক্ষ্মী-নাৰায়ণৰ বহুত জন্মৰ অন্তত মই পুনৰাই তেওঁলোকক পঢ়াই উত্তৰাধিকাৰ দিওঁ। তোমালোকৰ মাজতো ৰাজকুমাৰ-ৰাজকুমাৰী হওঁতা থাকিব নহয় জানো। ৰাজকীয় ঘৰৰ লোকৰ চাল-চলন বহুত ধৈৰ্যশীল হয়। গুপ্ত নিচা থাকে। বাবা কিমান সাধাৰণভাৱে থাকে। জানে যে অলপ সময় বাকী আছে। মইতো গৈ বিশ্বৰ মহাৰজা হ’ব লাগে। এৱোঁ পতিত আছিল। এওঁতো বাবাৰ ৰথ হয়, সেয়েহে ইয়াত গাদীত (চন্দলীত) বহিবলগীয়া হয়। নহ’লে বাবা ক’ত বহিব। এৱোঁ তোমালোকৰ দৰে বিদ্যাৰ্থী হয়। পঢ়ে। বহুত সন্তান আছে - পিতাক চিনি নাপায়। পিতাৰ লগত ধৰ্মৰজাও আছে। পিতাই কয় – যদি মোৰ আজ্ঞা নামানা, মোৰ অপমান কৰা তেন্তে ধৰ্মৰজাই বহুত শাস্তি দিব। প্ৰত্যক্ষভাৱে মোৰ অথবা মোৰ সন্তানৰ তোমালোকে অৱজ্ঞা কৰা। পিতাৰ এজনেই অতি মৰমৰ সন্তান আছে। মৰমতো আছে নহয় জানো। এওঁৰ অপমান কৰিলেতো কিমান শাস্তি খাবলগীয়া হ’ব। অলপ আপদ আহিবলৈ দিয়া তেতিয়া দেখিবা কিমান আঁতৰি গুচি যায়। তোমালোক সকলো দৌৰি (পলাই) আহিছা, এওঁ কোনো যাদু আদি কৰা নাই। যাদুকৰ হৈছে শিৱবাবা। বহুত আছে - যাৰ এইটোও ধ্যানত নাহে যে এওঁৰ শৰীৰত শিৱবাবা আহে। শিৱবাবাৰ আগত আমি কিবা ওলোটা কৰি দিলে তেতিয়া পিতাই ক’ব এওঁ অযোগ্য সন্তান। এওঁৰ শৰীৰত দুজন আছে সেইকাৰণে চিঠিত লিখে - বাপদাদা। কিন্তু এই ক্ষেত্ৰতো সন্তানসকলে নুবুজে যে বাপদাদা কেনেকৈ একত্ৰিত হৈ আছে। পিতাই দাদাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। নিজেই এইটো উনুকিয়াই দিব লাগে। আপোনালোকে জানেনে বাপদাদা কোন হয়? যদি কোনোবাই সোধে যে আপোনালোকে বাপদাদা বুলি কাক কয়? পিতা-দাদা এজনৰ নাম হ’ব নোৱাৰে। গতিকে সন্তানসকলে যুক্তিৰে বুজাব লাগে। যেতিয়া তোমালোকে কাৰোবাক বুজোৱা তেতিয়া তেওঁৰ বুদ্ধিত যাতে ধাৰণ হয় যে শিৱাবাবাই দাদাৰ দ্বাৰা উত্তৰাধিকাৰ দিয়ে। এতিয়া বিনাশতো হ’বই। তাৰ আগতেই ৰাজযোগ শিকাই আছে, আপোনালোকেও শিকক। আধাকল্প যিজন পিতাক আহ্বান কৰিলে তেওঁৰ আগমন হৈছে জ্ঞান দিবলৈ। তথাপিও কয় – বুজিবলৈ আহৰি নাই। তেন্তে ক’বা - আপুনি দেৱী-দেৱতা ধৰ্মৰ নহয়। আপোনাৰ ভাগ্যত স্বৰ্গৰ সুখ নাই। বাকী ইয়াত কোনো নতশিৰতো হ’ব নালাগে। সন্ন্যাসীসকলৰ আগত চৰণত নিশ্চয় পৰিব। এয়াতো গুপ্ত হয় নহয় জানো। আগলৈ গৈ বহুত প্ৰভাৱ পৰিব। সেই সময়ত ভিৰ বহুত হ’ব। ভিৰত কিমান মনুষ্যৰ মৃত্যু হয়। প্ৰধান মন্ত্ৰী আদিৰ দৰ্শন কৰিবলৈ কিমান ভিৰত থিয় হৈ যায়। ইয়াত কিমান গুপ্তভাৱে বহি আছে, সন্তানসকলৰ সৈতে। ইয়াত দেখিব কাক? এওঁৰ বিষয়েতো জানে যে হীৰাৰ বেপাৰী আছিল। শাস্ত্ৰবোৰতো আছে - ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি কেনেকৈ ৰচিলে? পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি ৰচনা কৰোঁ। এয়াও লিখা আছে কিন্তু পাথৰবুদ্ধিৰসকলে বুজি নাপায়। পিতা আহি সন্তানসকলক পতিতৰ পৰা পাৱন কৰি স্থানান্তৰ কৰে। বাকী কোনো নতুন ৰচনা ৰচে জানো। এয়া হৈছে পতিতক পাৱন কৰি তোলাৰ যুক্তি। বিৰাট ৰূপৰ চিত্ৰ নিশ্চয় থকা উচিত। চিত্ৰ ডাঙৰ হ’লে বুজোৱাতো সহজ হ’ব। পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ কৰি তোলা, এইটো কিবা সহজ কথা জানো। কিছুমানতো এনেকুৱা গৰম তাৱাৰ দৰে (বুদ্ধিহীন) যে চাই গুচি যায়। প্ৰজা হ’বলগীয়া হ’লেও কিবা নহয় কিবা বুদ্ধিত ধাৰণ হ’ব। আমিয়ে ব্ৰাহ্মণ, আমিয়ে দেৱতা, আমিয়েই সেয়া হওঁ ইয়াৰ অৰ্থ বাবাই কিমান ভালকৈ বুজাইছে। তেওঁলোকে কয় আত্মাই পৰমাত্মা। বচ্‌। ইয়াত তোমালোকে জানা আমি আত্মা হয়েই। আমি আত্মা প্ৰথমে ব্ৰাহ্মণ আকৌ আমিয়েই দেৱতা, আমিয়ে ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ। আমি কিমান বৰ্ণৰ হওঁ! 84ৰ চক্ৰ পৰিক্ৰমা লগাওঁ। বাকী যিসকল পাছত আহে - তেওঁলোকৰ মোটামুটি কিমান জন্ম হ’ব! হিচাব উলিয়াব পাৰা। চিত্ৰ বহুত ভাল বাবাৰ অন্তৰ পচন্দৰ তৈয়াৰ কৰিব লাগে। দুই চাৰিগৰাকী ভাল সন্তান থকা উচিত, যিসকলে চিত্ৰ তৈয়াৰ কৰাত সহায় কৰিব। বাবাই খৰচ দিবলৈ প্ৰস্তুত, আকৌ ভঁৰাল বাবাই নিজেই ভৰপূৰ কৰাব। বাবাই কয় - মুখ্য চিত্ৰ ট্ৰান্সলাইটৰ (আলোকিত) বনাব লাগে। মনুষ্যই দেখি আনন্দিত হ’ব। সকলো প্ৰদৰ্শনী এনেকুৱা হোৱা উচিত। কিন্তু সন্তানসকলক থিয় কৰাবলৈ বাবাই পৰিশ্ৰম কৰিবলগীয়া হয়।

পিতাৰ স্মৃতি হৈছে মুখ্য। স্মৃতিৰ দ্বাৰাই তোমালোকে পতিতৰ পৰা পাৱন সৃষ্টিৰ মালিক হৈ যাবাগৈ। অন্য কোনো উপায় নাই। চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা। চক্ৰক স্মৰণ কৰিব লাগে। তোমালোকৰ স্বভাৱ অতি মাৰ্জিত হ’ব লাগে। আগবাঢ়ি গৈ থাকোঁতে কাৰোবাক লোভে, কাৰোবাক মোহে ধৰি লয়। কোনোবা মন পচন্দৰ বস্তুৰ প্ৰতি আকৰ্ষিত হৈ আছে, নাপালে বেমাৰ হৈ যাব। সেইকাৰণে কোনো অভ্যাস থাকিব নালাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ কল্যাণ কৰিবৰ বাবে পিতাৰ আজ্ঞা পালন কৰিব লাগে। বাপদাদাৰ কেতিয়াও অৱজ্ঞা কৰিব নালাগে। কোনো লোভ, মোহৰ অভ্যাস থাকিব নালাগে।

(2) নিজৰ স্বভাৱ অতি মাৰ্জিত কৰি তুলিব লাগে। পুৱাতে অমৃতবেলা উঠি পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে।

বৰদান:
সকলো আত্মাক শক্তি দান দিওঁতা মাষ্টৰ বীজৰূপ হোৱা

অনেক ভক্ত আত্মাৰূপী পাত যিবোৰ শুকাই গৈছে, মৰহি গৈছে তেওঁলোকক আকৌ নিজৰ বীজৰূপ অৱস্থাৰ দ্বাৰা শক্তি দান দিয়া। তেওঁলোকক সৰ্ব প্ৰাপ্তি কৰোৱাৰ আধাৰ হৈছে তোমালোকৰ "ইচ্ছা মাত্ৰম্‌ অবিদ্যা" স্থিতি। যেতিয়া নিজে ইচ্ছা মাত্ৰম্‌ অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ) হ’বা তেতিয়া অন্য আত্মাসকলৰ সকলো ইচ্ছা পূৰ্ণ কৰিব পাৰিবা। ইচ্ছা মাত্ৰম্‌ অবিদ্যা অৰ্থাৎ সম্পূৰ্ণ শক্তিশালী বীজৰূপ স্থিতি। সেয়ে মাষ্টৰ বীজৰূপ হৈ ভক্তসকলৰ কাতৰোক্তি শুনা, প্ৰাপ্তি কৰোৱা।

স্লোগান:
সদায় পৰম আত্মাৰ ছত্ৰছায়াত থকাটোৱেই অলৌকিক জীৱনৰ সুৰক্ষাৰ সাধন।


অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:

এই সময়ক অমূল্য বুলি বুজি প্ৰয়োগ কৰা তেতিয়া সম্পূৰ্ণ হ’ব পাৰিবা। সম্পূৰ্ণ হোৱাত ব্যৰ্থ সংকল্প যিয়ে বাধাৰ সৃষ্টি কৰে তাৰ পৰা হাত সাৰিবলৈ কেতিয়াও ভিতৰি বা বাহ্যিক বিশ্ৰাম নল’বা। বিশ্ৰামত নাথাকিলে ব্যৰ্থত নাযাব। দ্বিতীয়তে নিজক সদায় অতিথি বুলি বুজিবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]