15.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা তোমালোকক প্ৰকৃত স্বতন্ত্ৰতা প্ৰদান কৰিবলৈ আহিছে, যমদূতৰ শাস্তিৰ পৰা আৰু ৰাৱণৰ পৰতন্ত্ৰতাৰ পৰা মুক্ত কৰিবলৈ আহিছে”

প্ৰশ্ন:
পিতা আৰু তোমালোক সন্তানসকলৰ বুজনিৰ মাজত মুখ্য পাৰ্থক্য কি?

উত্তৰ:
পিতাই যেতিয়া বুজায় তেতিয়া 'মৰমৰ সন্তান' বুলি কৈ বুজায়, যাৰ বাবে পিতাৰ কথাৰ বাণে লক্ষ্য ভেদ কৰে। তোমালোক সন্তানসকলে পৰস্পৰ ভাইসকলক বুজোৱা, 'মৰমৰ সন্তান' বুলি ক'ব নোৱাৰা। পিতা উচ্চ সেয়েহে তেওঁৰ কথাৰ প্ৰভাৱ পৰে। তেওঁ সন্তানসকলক উপলব্ধি কৰায় - সন্তানসকল, তোমালোকৰ লাজ নালাগেনে, তোমালোক পতিত হৈ গ’লা, এতিয়া পাৱন হোৱা।

ওঁম্শান্তি।
বেহদৰ আত্মিক পিতাই বেহদৰ আত্মিক সন্তানসকলক বহি বুজায়, এতিয়া এয়া বেহদৰ পিতা আৰু বেহদৰ সন্তানসকলেহে জানে। অন্য কোনেও বেহদৰ পিতাকো নাজানে আৰু নিজক বেহদৰ সন্তান বুলিও নাভাবে। ব্ৰহ্মাৰ মুখ বংশাৱলীয়েহে জানে আৰু মানে। আন কোনেও মানি ল’বও নোৱাৰিব। ব্ৰহ্মাও নিশ্চয় লাগে, যাক আদি দেৱ বুলি কোৱা হয়, যাৰ শৰীৰত পিতাৰ প্ৰৱেশ হয়। পিতা আহি কি কৰে? কয় যে পাৱন হ'ব লাগে। পিতাৰ শ্ৰীমত হৈছে নিজক আত্মা বুলি নিশ্চয় কৰা। সন্তানসকলক আত্মাৰ পৰিচয়ো দিয়া হৈছে। আত্মা ভ্ৰূকুটিৰ মধ্যত বাস কৰে। পিতাই বুজায় যে আত্মা অবিনাশী, ইয়াৰ আসন হৈছে এই বিনাশী শৰীৰ। এই কথাবোৰতো তোমালোকে জানা যে আমি সকলো আত্মা পৰস্পৰ ভাই ভাই এজন পিতাৰ সন্তান। ঈশ্বৰ সৰ্বব্যাপি বুলি কোৱাটো ভুল। তোমালোকে ভাল ৰীতিৰে বুজোৱা, প্ৰত্যেকৰে ভিতৰত 5 ভূতৰ প্ৰৱেশ হৈ আছে গতিকে কিছুমানে বুজি পায় যে এওঁলোকে ঠিকেই কৈছে। আমি ভাই ভাই গতিকে নিশ্চয় পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা উচিত। কিন্তু ইয়াৰ পৰা বাহিৰলৈ গ’লে তেতিয়া মায়াৰ ধুমুহাত গুচি যায়। কোনোবা বিৰলজনহে তিষ্ঠি থাকে। সকলো ঠাইতে এইটো অৱস্থা হয়। কোনোবাই অলপ ভালকৈ বুজি পালে তেতিয়া বেছিকৈ বুজিবলৈ চেষ্টা কৰে। এতিয়া তোমালোকে সকলোকে বুজাব পাৰা। যদি কোনোবাই বেছি ধ্যান নিদিয়ে তেন্তে কোৱা হ'ব এওঁ পুৰণি ভক্ত নহয়। এই কথাবোৰতো বুজোঁতাজনেহে বুজিব। কোনোবাই বুজি নাপালে তেতিয়া বুজাবও নোৱাৰিব। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, কোনোবা ভাল ব্যক্তি হ’লে তেন্তে তেওঁক বুজাবলৈ তেনেকুৱা ভালজনকে পঠিওৱা হয়। কিজানি অলপ বুজি পায়েই। এইটোতো জানা যে ডাঙৰ ব্যক্তিয়ে ইমান সোনকালে নুবুজিব। অৱশ্যে হয়, মতামত দিয়ে - এওঁৰ বুজনি বহুত ভাল। পিতাৰ পূৰা পৰিচয় দিয়ে কিন্তু নিজৰ সময়েই বা ক'ত। তোমালোকে কোৱা - বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব।

এতিয়া তোমালোকে বুজি পোৱা যে পিতাই পোনপটীয়াকৈ আমাৰ অৰ্থাৎ আত্মাসকলৰ সৈতে কথা পাতে। পোনপটীয়াকৈ শুনিলে বাণে ভালকৈ লক্ষ্য ভেদ কৰে। তেওঁলোকে বি.কে.ৰ দ্বাৰা শুনে। ইয়াত পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা পোনপটীয়াকৈ বুজায় - হে সন্তানসকল, তোমালোকে পিতাৰ কথা নামানা। তোমালোকেতো কাকো এনেকৈ ক'ব নোৱাৰিবা নহয়। তাততো পিতা নাই। ইয়াত পিতা বহি আছে, পিতাই কথা পাতে। সন্তানসকল, তোমালোকে পিতাৰ কথাও নামানিবানে! অজ্ঞান কালতো পিতাৰ বুজনি আৰু ভাইৰ বুজনি মাজত পাৰ্থক্য থাকে। ভাইৰ ইমান প্ৰভাৱ নপৰে যিমান পিতাৰ প্ৰভাৱ পৰে। পিতা তথাপিও উচ্চ নহ’ল জানো, গতিকে ভয় থাকিব। তোমালোককো পিতাই বুজায় - মোক নিজৰ পিতাক স্মৰণ কৰা। তোমালোকৰ লাজ নালাগেনে, তোমালোকে বাৰে বাৰে মোক পাহৰি যোৱা। পিতাই পোনপটীয়াকৈ কয় সেয়েহে তাৰ প্ৰভাৱ সোনকালে পৰে। হেৰ’, পিতাৰ কথা নামানা! বেহদৰ পিতাই কয় - এইটো জন্ম নিৰ্বিকাৰী হোৱা তেতিয়া 21 জন্ম নিৰ্বিকাৰী হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হ'বা। এইটো নামানা। পিতাই কোৱা কথাৰ বাণে গভীৰত আঘাত কৰে। পাৰ্থক্যতো থাকে। এনেকুৱাও নহয় যে বাবাই সদায় নতুনসকলক লগ কৰি থাকিব। ওলট-পালট প্ৰশ্ন সোধে। বুদ্ধিত ধাৰণ নহয় কিয়নো এয়া হৈছে একেবাৰে নতুন কথা। ‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম লিখি দিছে। তেওঁতো হ'ব নোৱাৰে। এতিয়া ড্ৰামা অনুসৰি তোমালোকৰ বুদ্ধিত ধাৰণ হৈছে। তোমালোক সন্তানসকল দৌৰ মাৰা যে আমি বাবাৰ ওচৰলৈ যাওঁ, পোনপটীয়াকৈ মুৰুলী শুনোঁ। তাততো ভাইসকলৰ পৰা শুনিছিলোঁ, এতিয়া বাবাৰ পৰা শুনোঁ। পিতাৰ প্ৰভাৱ পৰে। সন্তান সন্তান বুলি কৈ কথা পাতে। সন্তানসকল, তোমালোকৰ লাজ নালাগে! পিতাক স্মৰণ নকৰা! পিতাৰ প্ৰতি তোমালোকৰ স্নেহ নাই! কিমান স্মৰণ কৰা? বাবা, এক ঘণ্টা। হেৰ’, নিৰন্তৰ স্মৰণ কৰিলেহে তোমালোকৰ পাপ খণ্ডন হ’ব। জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে। পিতাই সন্মুখত বুজায় - তোমালোকে পিতাৰ কিমান গ্লানি কৰিছা। তোমালোকৰ মোকৰ্দমা চলিব লাগে। বাতৰিকাকতত কাৰোবাৰ গ্লানি কৰিলে তেওঁলোকৰ ওপৰত মোকৰ্দমা চলায় নহয়। এতিয়া পিতাই সোঁৱৰাই দিয়ে - তোমালোকে কি কি কৰিছিলা। পিতাই বুজায় - ড্ৰামা অনুসৰি ৰাৱণৰ সংগত এয়া হ'ল। এতিয়া ভক্তিমাৰ্গ সকলো পূৰা হ'ল, অতীত হৈ গ'ল, মাজত কোনো বাধা দিওঁতাতো নাথাকে। দিনে-প্ৰতিদিনে অৱনমিত হৈ হৈ বুদ্ধি তমোপ্ৰধান বুদ্ধিৰ মূৰ্খ হৈ যায়। যাক পূজা কৰে, তেওঁক য'তে-ত'তে আছে বুলি কৈ দিয়ে। ইয়াক কোৱা হয় বেহদৰ অজ্ঞানতা। বেহদৰ সন্তানসকলৰ বেহদৰ অজ্ঞানতা। এফালে শিৱবাবাৰ পূজা কৰে, অন্যফালে সেই পিতাকেই সৰ্বব্যাপি বুলি কয়। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে যে ইমানেই অজ্ঞান হৈ গ’লোঁ যে পিতাৰেই গ্লানি কৰি দিলোঁ। এতিয়া তোমালোক সন্তানসকলে বুজি পাইছা গতিকে এতিয়া ভিকহুৰ পৰা ৰাজকুমাৰ হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। শ্ৰীকৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ, তেওঁৰ বাবে আকৌ কয় 16108 গৰাকী ৰাণী আছিল, সন্তান আছিল! এতিয়া তোমালোকৰতো লাজ লাগিব। কোনোবাই পাপ কৰিলে তেতিয়া ভগৱানৰ আগত গৈ কাণত ধৰি কয় - হে ভগৱান, ডাঙৰ ভুল হৈ গ'ল, দয়া কৰক, ক্ষমা কৰক। তোমালোকে কিমান ডাঙৰ ভুল কৰিছা। পিতাই বুজায় - ড্ৰামাত এনেকৈয়ে আছে। যেতিয়া এনেকুৱা হ’বা তেতিয়াহে মই আহিম।

এতিয়া পিতাই কয় - তোমালোকে সকলো ধৰ্মৰ লোকৰে কল্যাণ কৰিব লাগে। পিতা যিয়ে সকলোৰে কল্যাণ কৰে, তেওঁৰ বাবে সকলো ধৰ্মৰ লোকে সৰ্বব্যাপি বুলি কৈ দিয়ে। এয়া ক'ৰ পৰা শিকিলে। ভগৱানুবাচ, মই সৰ্বব্যাপি নহওঁ। তোমালোকৰ কাৰণে অন্যৰো এনেকুৱা অৱস্থা হৈ গ'ল। আহ্বান জনায় - হে পতিত-পাৱন.... কিন্তু বুজি নাপায়। আমি যেতিয়া ঘৰৰ পৰা পোন-প্ৰথমে আহিছিলোঁ তেতিয়া পতিত আছিলোঁ জানো? দেহ-অভিমানী হোৱাৰ কাৰণে পতিত হ’লা। যি ধৰ্মৰ লোকেই নাহক, তেওঁলোকক সুধিব লাগে - আপোনাৰ পৰমপিতা পৰমাত্মাৰ পৰিচয় আছেনে, তেওঁ কোন? ক'ত বাস কৰে? তেতিয়া ক'ব - ওপৰত নতুবা সৰ্বব্যাপি বুলি ক’ব। পিতাই কয় - তোমালোকৰ বাবে গোটেই সৃষ্টি দেউলীয়া হৈ গ'ল। নিমিত্ত তোমালোক হোৱা। সকলোকে বুজাবলগীয়া হয়। যদিও ড্ৰামা অনুসৰি হয় কিন্তু তোমালোক পতিততো হৈ গ'লা নহয়। সকলো পাপ আত্মা। এতিয়া পুণ্য আত্মা হ'বৰ কাৰণে আহ্বান জনায়। সকলো ধৰ্মৰ লোকেই মুক্তিধাম ঘৰলৈ যাব লাগে। তাত পৱিত্ৰতা আছে‌। এয়াও ড্ৰামা ৰচি থোৱা আছে, যে পিতা আহি বুজায়। এই জ্ঞান সকলো ধৰ্মৰ কাৰণে। বাবাৰ ওচৰলৈ এটা বাতৰি আহিছিল, কোনোবা আচাৰ্যই কৈছিল আপোনালোক সকলো আত্মাতেই পৰমাত্মা আছে বুলি নমস্কাৰ জনাইছোঁ। এতিয়া ইমানবোৰ পৰমাত্মা আছে জানো? একোৱেই বুজি নাপায়। যিসকলে ভক্তি বেছিকৈ কৰা নাই, তেওঁলোক টিকি থাকিব নোৱাৰে। সেৱাকেন্দ্ৰতো কোনোবা কিমান সময়, কোনোবা কিমান সময় থাকে। ইয়াৰ পৰা বুজিব লাগে যে ভক্তি কমকৈ কৰিছে সেয়েহে টিকি থাকিব নোৱাৰে। তথাপিও যাবনো ক'লৈ। অন্য কোনো দোকানতো নাই। এনেকুৱা কি যুক্তি ৰচোঁ যাৰ দ্বাৰা মনুষ্যই সোনকালে বুজি পাব। এতিয়াতো সকলোকে বাৰ্তা দিব লাগে। এইটো ক'ব লাগে যে পিতাক স্মৰণ কৰা। তোমালোকেই পূৰা স্মৰণ কৰিব নোৱাৰা তেন্তে তোমালোকৰ বাণে কেনেকৈ লক্ষ্য ভেদ কৰিব সেয়েহে বাবাই কয় যে খতিয়ান ৰাখা। মুখ্য কথা হৈছেই পাৱন হোৱাৰ। যিমান পাৱন হ'বা সিমান জ্ঞান ধাৰণ হ'ব। আনন্দিতো হ'বা। সন্তানসকলতো বহুত আনন্দিত হ'ব লাগে - আমি সকলোকে উদ্ধাৰ কৰিম। পিতাহে আহি সৎগতি কৰে। পিতাৰতো দুখ আৰু সুখৰ কথাই নাই। এয়া ড্ৰামা ৰচি থোৱা আছে। তোমালোকৰতো একোৱেই দুখ থাকিব নালাগে। পিতাক পালা আৰু কি, কেৱল পিতাৰ মতত চলিব লাগে। এই বুজনিও এতিয়াহে পোৱা, সত্যযুগত নোপোৱা। তাততো জ্ঞানৰ কথাই নাই। ইয়াত তোমালোকে বেহদৰ পিতাক পাইছা গতিকে স্বৰ্গতকৈও বেছি আনন্দিত হ'ব লাগে।

পিতাই কয় - বিদেশতো গৈ তোমালোকে এয়া বুজাব লাগে। সকলো ধৰ্মৰ লোকৰ ওপৰত তোমালোকৰ দয়া ওপজে। সকলোৱে কয় - হে ভগৱান দয়া কৰক, আশীৰ্বাদ কৰক, দুখৰ পৰা মুক্ত কৰক। কিন্তু একোৱেই বুজি নাপায়। পিতাই অনেক প্ৰকাৰৰ যুক্তি শুনাই থাকে। সকলোকে এইটো শুনাব লাগে যে তোমালোক ৰাৱণৰ কাৰাগাৰত আৱদ্ধ হৈ আছা। এনেকৈ কয় যে স্বতন্ত্ৰতা প্ৰাপ্ত হওঁক, কিন্তু বাস্তৱত স্বতন্ত্ৰতা কাক কোৱা হয়, এয়া কোনেও নাজানে। ৰাৱণৰ কাৰাগাৰত সকলো আৱদ্ধ হৈ আছে। এতিয়া সঁচা স্বতন্ত্ৰতা দিবলৈ পিতা আহিছে। তথাপিও ৰাৱণৰ কাৰাগাৰত পৰতন্ত্ৰ হৈ পাপ কৰি থাকে। প্ৰকৃত স্বতন্ত্ৰতা কোনটো? সেয়া মনুষ্যক শুনাব লাগে। তোমালোকে বাতৰিকাকততো দিব পাৰা - ইয়াত ৰাৱণৰ ৰাজ্যত স্বতন্ত্ৰতা আছে জানো। বহুত চমুকৈ লিখিব লাগে। বেছি বিস্তাৰত কোনেও বুজি নাপাব। কোৱা, তোমালোকৰ স্বতন্ত্ৰতা ক'ত আছে, তোমালোকতো ৰাৱণৰ কাৰাগাৰত আৱদ্ধ হৈ আছা। তোমালোকৰ বিদেশত যেতিয়া প্ৰভাৱ বিস্তাৰ হ’ব তেতিয়া ইয়াত তৎক্ষণাৎ বুজি পাব। ইজনে-সিজনক বেৰি ধৰি থাকে। তেন্তে এয়া স্বতন্ত্ৰতা হ'ল জানো? স্বতন্ত্ৰতাতো পিতাই তোমালোকক দি আছে। ৰাৱণৰ কাৰাগাৰৰ পৰা স্বতন্ত্ৰ কৰি আছে। তোমালোকে জানা যে তাত আমি বহুত স্বতন্ত্ৰ, বহুত চহকী হওঁ। কাৰো দৃষ্টিও নপৰে। পাছলৈ যেতিয়া দুৰ্বল হৈ গ’লা তেতিয়া তোমালোকৰ ধনৰ ওপৰত সকলোৰে দৃষ্টি পৰিল। মহম্মদ গজনবীয়ে আহি মন্দিৰ লুটাৰ লগে লগে তোমালোকৰ স্বতন্ত্ৰতা পূৰা হৈ গ'ল। ৰাৱণৰ ৰাজ্যত পৰতন্ত্ৰ হৈ গ’লা। এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। এতিয়া প্ৰকৃত স্বতন্ত্ৰতা প্ৰাপ্ত কৰি আছা। তেওঁলোকেতো স্বতন্ত্ৰতাক বুজিয়েই নাপায়। গতিকে এইটো কথাও যুক্তিৰে বুজাব লাগে। যিসকলে কল্প পূৰ্বে স্বতন্ত্ৰতা প্ৰাপ্ত কৰিছিল, তেওঁলোকেই মানিব। তোমালোকে যেতিয়া বুজোৱা তেতিয়া কিমান তৰ্ক-বিতৰ্ক কৰে, যেন মূৰ্খহে। সময় নষ্ট কৰিলে তেতিয়া কথা পতাৰ ইচ্ছা নাথাকে।

পিতা আহি স্বতন্ত্ৰতা প্ৰদান কৰে। ৰাৱণৰ পৰতন্ত্ৰতাত দুখ বহুত। সীমাহীন দুখ। পিতাৰ ৰাজ্যত আমি কিমান স্বতন্ত্ৰ হওঁ। স্বতন্ত্ৰতা তাক কোৱা হয় - যেতিয়া আমি পৱিত্ৰ দেৱতা হওঁ তেতিয়া ৰাৱণৰাজ্যৰ পৰা মুক্ত হৈ যাওঁ। প্ৰকৃত স্বতন্ত্ৰতা পিতাহে আহি প্ৰদান কৰে। এতিয়াতো পৰৰ দেশত সকলো দুখী। স্বতন্ত্ৰতা প্ৰাপ্ত কৰাৰ এয়া পুৰুষোত্তম সংগমযুগ। তেওঁলোকেতো কয় বিদেশী (ইংৰাজ) চৰকাৰ গ'ল গতিকে আমি স্বতন্ত্ৰ হ'লোঁ। এতিয়া তোমালোকে জানা যেতিয়ালৈকে পাৱন নহওঁ তেতিয়ালৈকে স্বতন্ত্ৰ বুলি কোৱা নহ'ব। আকৌ যমদূতৰ শাস্তি ভুগিবলগীয়া হ’ব। পদো ভ্ৰষ্ট হৈ যাব। পিতা ঘৰলৈ লৈ যাবলৈ আহে। তাত সকলো স্বতন্ত্ৰ হৈ থাকে। তোমালোকে সকলো ধৰ্মৰ লোককে বুজাব পাৰা – তোমালোক হৈছা আত্মা, মুক্তিধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছা। সুখধামৰ পৰা আকৌ দুখধাম তমোপ্ৰধান সৃষ্টিত আহি গ'লা। পিতাই কয় - তোমালোক মোৰ সন্তান, ৰাৱণৰ হোৱা জানো। মই তোমালোকক ৰাজ্য-ভাগ্য দি গৈছিলোঁ। তোমালোক নিজৰ ৰাজ্যত কিমান স্বতন্ত্ৰ আছিলা। এতিয়া পুনৰ তালৈ যাবৰ কাৰণে পাৱন হ'ব লাগে। তোমালোক কিমান ধনৱান হৈ যোৱা। তাত টকা-পইচাৰ কোনো চিন্তা নাই। গৰিব হ’লেও টকা-পইচাৰ চিন্তা নাই। সুখী হৈ থাকে। চিন্তা ইয়াত হয়। বাকী ৰাজধানীত ক্ৰমানুসৰি পদ আছে। সকলো সূৰ্যবংশী ৰজাসকলৰ দৰে হ'ব জানো। যিমান যত্ন কৰিবা সিমানে পদ। তোমালোক হৈছা সকলো ধৰ্মৰ লোকৰেই সেৱা কৰোঁতা। বিদেশৰ লোকসকলকো বুজাব লাগে - আপোনালোক সকলো ভাই ভাই হয় নহয়। সকলো শান্তিধামত থাকে। এতিয়া ৰাৱণৰাজ্যত আছে। এতিয়া ঘৰলৈ যোৱাৰ ৰাস্তা তোমালোকক দেখুৱাওঁ, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। এনেকৈ কয়ো যে ভগৱানে সকলোকে মুক্তি দিয়ে। কিন্তু এইটো বুজি নাপায় যে কেনেকৈ মুক্তি দিয়ে। সন্তানসকল বিভ্ৰান্ত হৈ গ’লে তেতিয়া কয় - বাবা আমাক মুক্ত কৰি নিজৰ ঘৰলৈ লৈ যাওঁক। যেন তোমালোক ঘন-কুঁৱলীত জংঘলত বিভ্ৰান্ত হৈ গৈছিলা। ৰাস্তাৰ সন্ধান পোৱা নাছিলা। আকৌ মুক্তিদাতাক পালা, ৰাস্তা দেখুৱালে। বেহদৰ পিতাকো কয় - বাবা, আমাক মুক্ত কৰক। আপুনি ব'লক, আমিও আপোনাৰ পিছে পিছে যাম। পিতাৰ বাহিৰে অন্য কোনেও ৰাস্তা নেদেখুৱায়। কিমান শাস্ত্ৰ পঢ়িছিল, তীৰ্থত ঠেলা-গঁতা খাইছিল কিন্তু ভগৱানক নাজানিলে তেন্তে আকৌ বিচাৰিব ক’ত। সৰ্বব্যাপি হয় তেন্তে কেনেকৈ মিলিত হ’ব। কিমান অজ্ঞান অন্ধকাৰত আছে। সকলোৰে স‍ৎগতি দাতা এজনেই পিতা, তেৱেঁই আহি তোমালোকক অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাক পাইছা সেইকাৰণে কোনো কথাৰেই চিন্তা কৰিব নালাগে। তেওঁৰ মতত চলি, বেহদৰ বিচাৰ বুদ্ধি সম্পন্ন হৈ আনন্দেৰে সকলোকে উদ্ধাৰ কৰাৰ নিমিত্ত হ’ব লাগে।

(2) যমদূতৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ বা প্ৰকৃত স্বতন্ত্ৰতা পাবলৈ পাৱন নিশ্চয় হ'ব লাগে। জ্ঞান উপাৰ্জনৰ উৎস, ইয়াক ধাৰণ কৰি ধনৱান হ'ব লাগে।

বৰদান:
জ্ঞানৰ ‘লাইট-মাইট’ৰে ভুলক শুদ্ধলৈ পৰিৱৰ্তন কৰোঁতা জ্ঞানী আত্মা হোৱা

জ্ঞানক “লাইট-মাইট” বুলি কোৱা হয়। য'ত লাইট অৰ্থাৎ জ্ঞানৰ কিৰণ থাকে যে এইটো ভুল, এইটো শুদ্ধ, এয়া অন্ধকাৰ, এয়া কিৰণ, এয়া ব্যৰ্থ, এয়া সমৰ্থ - গতিকে ভুল বুলি বুজি পোৱাসকলে ভুল কৰ্ম বা সংকল্পৰ বশীভূত হ'ব নোৱাৰে। জ্ঞান স্বৰূপ আত্মা অৰ্থাৎ বিচাৰ বুদ্ধি সম্পন্ন, জ্ঞান স্বৰূপ, কেতিয়াও এনেকৈ ক'ব নোৱাৰে যে এনেকুৱা হ'বতো লাগে… কিন্তু তেওঁলোকৰ ভুলক শুদ্ধলৈ পৰিৱৰ্তন কৰাৰ শক্তি থাকে।

স্লোগান:
যি সদায় শুভ-চিন্তক আৰু শুভ-চিন্তনত থাকে তেওঁ ব্যৰ্থ চিন্তনৰ পৰা মুক্ত হৈ যায়।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যেনেকৈ কাৰোবাৰ ওপৰত কাৰোবাত হাত অৰ্থাৎ আশীষ থাকিলে তেওঁ নিৰ্ভীক আৰু শক্তি স্বৰূপ হৈ যায়, যিকোনো কঠিন কাৰ্য কৰিবলৈও প্ৰস্তুত হৈ যায়। এইটো ৰীতিৰে শ্ৰীমত ৰূপী হাত সদায় নিজৰ ওপৰত অনুভৱ কৰা তেতিয়া কোনো কঠিন পৰিস্থিতি বা মায়াৰ বিঘিনিলৈ ভয় নকৰা। হাতৰ সহায়েৰে, সাহসেৰে সন্মুখীন হ’বা - এয়া সহজে অনুভৱ কৰিবা। চিত্ৰবোৰতো ভক্তসকলৰ মস্তকত ভগৱানৰ হাত দেখুৱায়, গতিকে তোমালোক সন্তানসকলৰ মস্তক অৰ্থাৎ বুদ্ধিত যদি শ্ৰীমত ৰূপী হাত আছে তেন্তে হাত আৰু সান্নিধ্য থকা বাবে সদায় বিজয়ী হৈ থাকিবা।