15.11.26 Avyakt Bapdada
Assame
Murli
20.03.2012 Om Shanti Madhuban
“*“সন্তুষ্টতাৰ শক্তি
চেহেৰা আৰু চাল-চলনত ধাৰণ কৰি পিতা ব্ৰহ্মাৰ সমান হোৱা, সদায় আনন্দত থাকা আৰু আনন্দ
বিলোৱা”*”
আজি সন্মুখত থকাই
হওঁক বা দূৰৈত থকাই হওঁক সন্তুষ্টমণি সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তান
নিজৰ সন্তুষ্টতাৰ শক্তিৰে জিলিকি মিচিকিয়াই মিলন উদ্যাপন কৰি আছে। এই সন্তুষ্টতাৰ
শক্তি সকলোতকৈ মহান সেইবাবে ইয়াত সৰ্ব প্ৰাপ্তি আছে। সন্তুষ্টতাৰ শক্তি ধাৰণ কৰোঁতা
সন্তুষ্টমণিসকল নিজৰো প্ৰিয়, পিতাৰো প্ৰিয়, পৰিয়ালৰো প্ৰিয় কিয়নো সন্তুষ্টতা য’ত আছে
ত’ত সৰ্বশক্তি সন্তুষ্টতাত সমাহিত হৈ আছে। সন্তুষ্টতাৰ শক্তিৰ বায়ুমণ্ডল চাৰিওফালে
বিয়পি পৰে। সন্তুষ্টমণি আত্মাসকলে কেতিয়াও মায়াৰ হাতত পৰাজিত হ’ব নোৱাৰে, মায়া হাৰি
যায়। সন্তুষ্টমণি আত্মাসকলে সকলোৰে অন্তৰ নিজৰ কৰি ল’ব পাৰে। সন্তুষ্টমণি আত্মাই
মায়াই হওঁক বা প্ৰকৃতিৰ ভিন্ন ভিন্ন অস্থিৰতাক এনেকুৱা অনুভৱ কৰে যেন এটা কাৰ্টুন
চাই আছে। এনেকৈ প্ৰতিগৰাকী সন্তানে নিজক সন্তুষ্টতাৰ শক্তিৰে সম্পন্ন বুলি ভাবানে?
নিজকে সোধা যে মই সন্তুষ্টমণি হওঁনে? বহুত সন্তানে কয় কেতিয়াবা কেতিয়াবা সন্তুষ্টমণি
হৈ থাকোঁ, সদায় নহয় কিন্তু বাপদাদাৰ ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দটি ভাল নালাগে।
বাপদাদাই সদায় প্ৰতিগৰাকী সন্তানক স্নেহসহিত স্মৰণ কৰে, আনন্দ দিয়ে। গতিকে বাপদাদাৰ
এই ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দটি ভাল নালাগে, সদায় আনন্দিত। সেয়ে বাপদাদাই এইটো
বিচাৰে যে এই ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দটি পৰিৱৰ্তন কৰিব পাৰানে! ‘কেতিয়াবা’
‘কেতিয়াবা’ শব্দ ব্ৰাহ্মণৰ অভিধানতেই নাই, সদায়। গতিকে সকলো সন্তান যিসকল পিতাৰ
স্নেহী, মায়াৰ প্ৰভাৱৰ পৰা উৰ্দ্ধত গুচি গৈছে, তেওঁলোকে আজি এই ‘কেতিয়াবা’
‘কেতিয়াবা’ শব্দটি সমাপ্ত কৰিব পাৰিবানে? কৰিব পাৰিবানে? কিয়নো বাপদাদাই বহুত সময়ৰ
পৰা কৈ আছে যি কোনো অস্থিৰতা অকস্মাতে আহিব। তাৰ কাৰণে তৈয়াৰ হ’বলৈ, যদি এতিয়াও
‘কেতিয়াবা’ ‘কেতিয়াবা’ৰ সংস্কাৰ থাকে তেন্তে সদাকালৰ বাবে ৰাজ্যভাগ্যৰ অধিকাৰী হ’ব
পাৰিবা জানো? পিতা ব্ৰহ্মালৈ সকলোৰে অন্তৰৰ স্নেহ আছে। পিতা ব্ৰহ্মাৰ সৈতে
প্ৰতিশ্ৰুতি আছে যে লগত আছোঁ, লগত যাম, লগত ৰাজ্য কৰিম। এইটো প্ৰতিশ্ৰুতি দৃঢ় নহয়
জানো! কান্ধ লৰোৱা। দৃঢ়নে? কিমান দৃঢ়! পিতা ব্ৰহ্মাই কেতিয়াবা কেতিয়াবা শব্দ কৈছিল
জানো! তোমালোক সকলোকে সদায় অমৃতবেলা স্নেহসহিত স্মৰণ কৰে আৰু সদায় পিতাৰ লগত মিলি
জ্ঞানৰ কথা, স্নেহৰ কথা, উৎসাহ উদ্দীপনাৰ কথাবোৰ শুনাইছিল। যদি সকলোকে হাত দাঙিবলৈ
কয় যে বাপদাদালৈ স্নেহ আছেনে তেতিয়া সকলোৱে দুয়োখন হাত দাঙিব। নহয় জানো! দৃঢ়নে?
যেতিয়া স্নেহ আছে তেন্তে স্নেহীৰ প্ৰতিটো শব্দলৈও স্নেহ থাকিব। পিতা ব্ৰহ্মাই
কেতিয়াও শিৱ পিতাক এইটো নাই কোৱা যে কেতিয়াবা কেতিয়াবা হয়। সদায় পিতাক অনুসৰণ
কৰিছিল আৰু লগতে তোমালোককো কৰাইছিল কিয়নো পিতা ব্ৰহ্মাৰ সন্তানসকলৰ প্ৰতি গভীৰ
স্নেহ সেইবাবে তোমালোকৰ নামনো কি? ব্ৰহ্মাকুমাৰ, শিৱকুমাৰ নাম নহয়। গতিকে পিতা
ব্ৰহ্মালৈ স্নেহ অৰ্থাৎ পিতা ব্ৰহ্মাই কোৱা আৰু ব্ৰহ্মাকুমাৰ-কুমাৰীয়ে মানি লোৱা।
স্নেহ অৰ্থাৎ অৰ্পণ। তেন্তে কিহত অৰ্পিত হ’বা? তেওঁৰ আজ্ঞাত। যি ক’লে সেয়া কৰিলে
কিয়নো পিতা ব্ৰহ্মাৰ লগত শিৱপিতা আছে। অকলে নহয়। বাপদাদা, বাপদাদা বুলি কোৱা নহয়!
গতিকে আজি বাপদাদাই
‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দটি প্ৰত্যেক সন্তানৰ মুখৰ পৰা সমাপ্ত কৰিব বিচাৰিছে।
তেন্তে তোমালোক সকলো সন্তান পিতাৰ সংগী। স্নেহ আছে নহয়! স্নেহততো নিজেই নিজক
সমৰ্পিতও কৰি দিয়ে, এয়াতো কেৱল শব্দক সমৰ্পিত কৰা কিয়নো বাপদাদাই প্ৰতিগৰাকী
সন্তানক বিজয়ী ৰত্ন কৰি তুলিব বিচাৰে। তেনেহ’লে নিজক মালাৰ মণি বুলি ভাবানে? বিজয়ী
বুলি ভাবানে? বহুত সন্তানে কয় ব্ৰাহ্মণৰ সংখ্যাতো বহুত আৰু মালা 108ৰ তেন্তে 108হে
আহিব নহয়! কিন্তু যদি তোমালোক সম্পন্ন হোৱা, বিজয়ী হোৱা তেতিয়া 108ৰ মালা হ’ব এইটো
নাভাবিবা, বাপদাদাই মাজতে অংশ সংযোগো কৰি দিব। কিন্তু তোমালোক বিজয়ী হোৱা। বহুত
সন্তানে ভাবে গম নাপাওঁ, নম্বৰ পাম নে নাপাওঁ। তোমালোক যদি সম্পন্ন হোৱা তেতিয়া
পিতাই নম্বৰ দি দিবই কিয়নো পিতাৰ প্ৰতিগৰাকী সন্তানলৈ স্নেহ আছে। কৈছিলোঁ লাগিলে
কোনোবা শেষৰ সন্তান, তেওঁলৈয়ো পিতাৰ স্নেহ আছে কিয়নো সেই সন্তানে, লাগিলে স্বভাৱৰ
বশিভূত হওক কিন্তু পিতাক জানি ‘মোৰ বাবা’ বুলিতো কয়। জগতত কিমান ডাঙৰ ডাঙৰ পদাধিকাৰী
আছে তেওঁলোকে পিতাক চিনি পোৱা নাই কিন্তু তেওঁলোকে চিনি পালে, লাগিলে কোনোবা
দুৰ্বলতাৰ বশত কিন্তু পিতাকতো চিনি পালে। ‘মোৰ বাবা’ বুলিতো স্নেহেৰে কয় সেইবাবে
পিতাই আগতেও কৈছিল যে শেষৰ সন্তানটিৰ ওপৰতো পিতাৰ স্নেহতো আছেই কিন্তু তেওঁলোকৰ
ওপৰত বিশেষকৈ কল্যাণৰ দৃষ্টি, কল্যাণৰ বৃত্তিও আছে যে এই সন্তানটি কিবা নহয় কিবা
প্ৰকাৰে আগবাঢ়ি গৈ থাকক। গতিকে বাপদাদাই আজি স্পষ্টকৈ শুনাই আছে, যে তোমালোকে অন্য
কথাবোৰ নাভাবিবা এয়া কেনেকৈ হ’ব, এয়া কি হ’ব, তোমালোকে নিজক যোগ্য আত্মা কৰি তোলা।
কৰ্মযোগী আত্মা কৰি তোলা। বাকী পিতাই প্ৰতিগৰাকী সন্তানক এনেকুৱা যোগ্য সন্তান যি
হ’ব তেওঁক সৰ্ব প্ৰাপ্তিৰ বৰদানো দি আগুৱাই লৈ যাব, পিছত নাৰাখে।
গতিকে বাপদাদাই আজি
অমৃতবেলা চাৰিওফালৰ দেশ-বিদেশত পৰিক্ৰমা লগাবলৈ গ’ল। এনেইতো বাপদাদাই বেছিভাগ
পৰিক্ৰমা লগায়েই থাকে কিন্তু আজি যেতিয়া পৰিক্ৰমা লগালে, শুনাইছিলোঁ যে বাপদাদাই
যেতিয়া পৰিক্ৰমা লগাবলৈ যায় তেতিয়া বিশেষকৈ তোমালোকৰ পূৰ্বজ দাদীসকলো লগত পৰিক্ৰমা
লগাবলৈ যায়। তেন্তে পৰিক্ৰমা লগাই কি দেখিলোঁ? জানাতো তোমালোকেও। ভাল ভাল সংকল্প কৰে,
কৰিহে দেখুৱাম, হৈহে দেখুৱাম, হাতত হাত ধৰি চলিম। তেন্তে হাত কি? শিৱ পিতাৰতো
ফৰিস্তা ৰূপো নাই তেন্তে হাত কোনখন? শ্ৰীমতৰ হাত। বিদেশত হাতত হাত ধৰি চলাৰ ধুন আছে।
গতিকে ইয়াত হাত হৈছে শ্ৰীমত তেন্তে সকলো হাতত হাত দি চলোঁতা হোৱা নহয়! আছেনে শক্তি?
পিতা ব্ৰহ্মাক দেখিছা খোজে প্ৰতি শ্ৰীমতত চলি তোমালোক সকলোকে কৰি দেখুৱালে। কি কৰিব
লাগে, কেনেকৈ কৰিব লাগে, উদাহৰণ। সাকাৰত উদাহৰণ। নিৰাকাৰৰ কথাতো বাদ দিয়া কিন্তু
পিতা ব্ৰহ্মা সাকাৰত তোমালোকৰ সংগী আছিল। গতিকে যেনেকৈ পিতা ব্ৰহ্মা শ্ৰীমতৰ হাতত
হাত মিলাই ফৰিস্তা হৈ গ’ল। এনেকৈয়ে পিতাক অনুসৰণ কৰিব লাগে নহয়! পিতাক অনুসৰণ কৰাৰ
কথাটি স্মৃতিত আছে নহয়! তেন্তে অনুসৰণ কি কৰিব লাগে? সকলো কথা স্পষ্ট কৰি
দেখুৱাইছিল, পিতা ব্ৰহ্মাৰ চেহেৰা আৰু চাল-চলন সকলোৱে জানা নহয়! নিজৰ বুদ্ধিৰ
দ্বাৰাতো পিতা ব্ৰহ্মাক জাগ্ৰত কৰিব পাৰা নহয়! যি দিনচৰ্যা, যেনেকুৱা দিনচৰ্যা পিতা
ব্ৰহ্মাৰ, সাকাৰ তনত থাকি, সাকাৰতো সকলো অনুভৱ কৰিলে। পিতা ব্ৰহ্মাৰ চৰিত্ৰতো সকলোৱে
জানাই। গতিকে পিতাক অনুসৰণ কৰা। তোমালোকক দৃঢ় কৰিবলৈ পিতা ব্ৰহ্মাৰ প্ৰতি খোজ
পুনৰাবৃত্তিও কৰিছে। 8 (আঠ) খোজ পঢ়িছা নহয়, কি কি কৰিলে! মাথো তেওঁক অনুসৰণ কৰিব
লাগে। অনুসৰণ কৰা অৰ্থাৎ পিতা ব্ৰহ্মাৰ সমান হোৱা। তেন্তে ভাবা পিতালৈ স্নেহ আছে,
দুয়োগৰাকী পিতালৈ স্নেহ আছে। স্নেহ মানে আগতেও শুনাইছোঁ যে স্নেহৰ বাস্তৱিক ৰূপ পিতা
ব্ৰহ্মাই যি ক’লে আৰু সন্তানসকলে পিতাৰ দৰে কৰিলে, এয়া হ’ল সঁচা অন্তৰৰ স্নেহ।
কিছুমান সন্তানে কি কৰে? পিতা ব্ৰহ্মাৰ দৰে কৰিব লাগে, এইটো ভাবে কিন্তু আগতে কৰি
পাছত ভাবে, পিতা ব্ৰহ্মাৰ দৰেতো নকৰিলোঁ। কিন্তু কৰিতো পেলালা। অনুসৰণ কৰিবলৈ হ’লে
প্ৰথমে ভাবা, সংকল্প কৰাৰ আগতে ভাবা যে এইটো সংকল্প পিতা ব্ৰহ্মাৰ হয়নে! যদি হয়
তেন্তে বাস্তৱত কৰা। কৰি উঠি পাছত নাভাবিবা। প্ৰথমে ভাবা পাছত অনুসৰণ কৰা। পিতা
ব্ৰহ্মাক অনুসৰণ কৰা অৰ্থাৎ পিতা ব্ৰহ্মাৰ সমান হোৱা। সাহস আছেনে? অনুসৰণ কৰিবলৈ
সাহস আছে? যিসকলে ভাবা যে কৰিবই লাগে, তেওঁলোকে হাত দাঙা। প্ৰথমে ভাবিবা তাৰপাছত
কৰিবা। কৰি উঠি নাভাবিবা।
গতিকে আজি বাপদাদাই
বিশেষকৈ সন্তুষ্টতাৰ শক্তি প্ৰতিগৰাকী সন্তানৰ মাজত পিতা ব্ৰহ্মাৰ সমান হোৱাটো চাবলৈ
বিচাৰে। এই এক সন্তুষ্টতাৰ শক্তিত সকলো শক্তি আহি যায়। সেয়ে আজি বাপদাদাৰ বিশেষ
বৰদান হৈছে সন্তুষ্টতাৰ শক্তিৰে সম্পন্ন হোৱা। যিয়েই নহওক নিজৰ সন্তুষ্টতা কেতিয়াও
নেৰিবা। বহুত সন্তানে কয়, আত্মিক বাৰ্তালাপ কৰোঁ নহয়! তেতিয়া কয় সন্তুষ্ট হোৱা সহজ,
কিন্তু সন্তুষ্ট কৰাটো বৰ কঠিন। কোনোবাই কিবা কৰে আৰু তোমালোকে ভাবা যে এয়া ঠিক নহয়
তথাপিও অন্তৰত ৰাখা কিয়? এওঁ এনেকুৱা কৰে, এওঁ এনেকুৱা কৰে, এওঁৰ স্বভাৱ এনেকুৱা,
এওঁৰ এনেকুৱা …। অন্তৰত নাৰাখিবা কিয়নো তোমালোকে অন্তৰত পিতাক বহুৱাই থৈছা নহয়।
বহুৱাই থৈছা নহয়? কান্ধ লৰোৱা। বহুৱাইছা দৃঢ়নে? নে উলিয়ায়ো দিয়া বহুৱায়ো দিয়া? যদি
বহুৱাইছা তেন্তে অন্তৰত পিতাৰ লগতে কথাও ৰাখিবানে? গতিকে অন্তৰত নাৰাখিবা।
বাপদাদাই আগতেও এইটো
যুক্তি শুনাইছিল যে সদায় এনেকুৱা আত্মাৰ প্ৰতি শুভ ভাৱনা, শুভ কামনা ৰাখি নিজৰ শুভ
কামনাক কাৰ্যত লগোৱা আৰু এনেও চোৱা তোমালোকে ভাবা এওঁ ভাল কৰা নাই, তেন্তে বেয়া
বস্তু। গতিকে যদি কোনোবাই তোমালোকক বেয়া বস্তু দিয়ে তেন্তে তোমালোকে ল’বানে? গতিকে
যেতিয়া বেয়া বুলি জানিছা তেনেহ’লে বুদ্ধিত ৰখা, অন্তৰত ৰখা, বেয়া বস্তু ল’লা কিয়?
এনেকৈ নিজৰ অন্তৰত সদায় পিতাক ৰাখি পিতাৰ সমান হৈ যাবা। এয়াতো প্ৰতিশ্ৰুতি আছে নহয়,
পিতাৰ সমান হ’ব লাগে নহয়! হ’ব লাগে দৃঢ়নে? নে গম নাপাওঁ হ’ম নে নহওঁ? এনেকৈতো নাভাবা?
স্নেহ মানে পিতাক অনুসৰণ কৰা। গতিকে এতিয়া বাপদাদাই প্ৰতিগৰাকী সন্তানক শুভ কামনা,
শুভ ভাৱনা সম্পন্ন আত্মা হোৱাটো চাবলৈ বিচাৰে।
শিক্ষকসকল হ’বানে?
শিক্ষকসকলৰ প্ৰতি বাপদাদাৰ বিশেষ স্নেহ আছে। কিয় স্নেহ আছে? কিয়নো পিতাৰ গাদীত
বহিবলৈ সাহস কৰিছে। গতিকে শিক্ষকসকলৰ সাহস আছে নহয়! প্ৰতিগৰাকী শিক্ষকৰ পৰা পিতাই
এইটো বিচাৰে যে প্ৰতিগৰাকীৰে চেহেৰাত ভৱিষ্যত দৃষ্টিগোচৰ হওক। নিমিত্ত শিক্ষকসকলক
বাপদাদাই কৈ আছে কিন্তু তোমালোকো সংগী হোৱা নহয়! বাপদাদাই বোৰ্ডিঙত আগতে সৰু সৰু
সন্তানসকলকো এইটো শিক্ষা দিছিল, আনন্দময় আৰু সৌভাগ্যশালী, প্ৰত্যেকৰে চেহেৰা এনেকুৱা
হওক। গতিকে এতিয়াও বাপদাদাই এইটো বিচাৰে প্ৰতিগৰাকী সন্তানৰ চেহেৰাত দৃষ্টিগোচৰ হওক
যে এও আনন্দময় আৰু সৌভাগ্যশালী আত্মা। বাণীৰ দ্বাৰা সেৱা বহুত কৰিছা আৰু ভাল কৰিছা
তাৰ প্ৰমাণপত্ৰতো আছে কিন্তু এতিয়া নিজৰ চেহেৰা আৰু চাল-চলনৰ দ্বাৰা সেৱাত আগবাঢ়া।
যেনেকৈ কোনোবা গৰিবে লটাৰি পাই গ’লে তেতিয়া তেওঁৰ চেহেৰা আৰু চাল-চলনে কয় নহয়!
তেওঁৰ চেহেৰা দেখি সকলোৱে অনুভৱ কৰে আজি এওঁ কিবা পালে। এনেকৈয়ে তোমালোকৰ চাল-চলন
আৰু চেহেৰাৰ দ্বাৰা মানি লওক যে এওঁলোকে কিবা বিশেষ প্ৰাপ্তি কৰিছে।
তেন্তে আজি বাপদাদাই
কি বিচাৰে? পিতা ব্ৰহ্মাৰ সমান হোৱা। পিতাক অনুসৰণ কৰা কিয়নো সময়তো অস্থিৰতা আহি
গৈছে আৰু আহিবও সেইবাবে বাপদাদাই প্ৰতিগৰাকী সন্তানক এইটো শিক্ষা দিব বিচাৰে যে
সদায় আনন্দত থাকা আৰু আনন্দ বিলোৱা। যিমান আনন্দ বিলাবা সিমান আনন্দ বাঢ়িব।
তোমালোকৰ আনন্দময় দেখি অন্যও 5 মিনিটৰ বাবেতো আনন্দিত হ’ব। দুখী আত্মাসকলে যদি
তোমালোকক দেখি 5 মিনিটৰ বাবেও আনন্দিত হৈ যায় তেন্তে তেওঁলোকৰ কাৰণেতো বহুত অন্তৰৰ
পৰা পচন্দৰ কথা। গতিকে আজি বাপদাদাই প্ৰতিগৰাকী সন্তানক বিশেষ সন্তুষ্টতাৰ শক্তি
চাল-চলন আৰু চেহেৰাত ধাৰণ কৰি আৰু আনকো কৰাবলৈ বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে। বাৰু।
আজি যিসকল প্ৰথমবাৰ
আহিছা তেওঁলোক উঠা। চোৱা, তোমালোকে দেখিবলৈ পাইছা। আধা ক্লাছ প্ৰথম বাৰ অহা। হাত
দাঙা। সকলোৰে হাত চোৱা। তোমালোকৰ নতুন নতুন ভাই-ভনী কিমান তোমালোকৰ সংগী হৈছে।
অভিনন্দন, বহুত বহুত অভিনন্দন। এতিয়া যেনেকৈ ইয়ালৈকে আহি পাইছা নহয়! বাপদাদাৰ সৈতে
মিলন কৰিবলৈ আহি পাইছা, আগলৈ কি কৰিবা? পিতা ব্ৰহ্মাক অনুসৰণ কৰিবা। বাপদাদাৰো
তোমালোক সন্তানসকলক দেখি আনন্দ লাগিছে বাঃ! সন্তান আহি গ’ল! গোটেই পৰিয়ালৰো আনন্দ
লাগিছে আমাৰ ভাই ভনী আহি গ’ল, আহি গ’ল, আহি গ’ল। এতিয়া পিতা ব্ৰহ্মাক অনুসৰণ কৰা।
কেতিয়াবা কিবা হ’লে, কিবা প্ৰশ্ন হওক বা কিবা সমস্যা হওক, সমস্যাৰতো জগতখনেই। তেন্তে
তৎক্ষণাত নিজৰ শিক্ষকৰ দ্বাৰা তাৰ সমাধান কৰি লোৱা। দুদিন হৈ গ’ল, এনেকুৱা হৈছে, এয়া
নকৰিবা কিয়নো বহুত পাছত আহিছা নহয় আৰু যাবতো আগলৈ বিচৰা নহয়! পিছত থাকিবলৈ বিচৰানে?
নহয়। আগলৈ যাব বিচৰা তেন্তে আগলৈ যাবলৈ এইটো এটা কাম কৰিবা, অন্তৰত কোনো ব্যৰ্থ কথা
নাৰাখিবা। ইয়াৰ কাৰণে নিজে অমৃতবেলা পিতাৰ সৈতে মিলন কৰাৰ পাছত, এটাতো অমৃতবেলা
নিশ্চয় কৰিবা আৰু তাৰ পাছত নিজৰ গোটেই দিনৰ দিনচৰ্যাত মন ব্যস্ত থাকে, কিবা নহয় কিবা
ড্ৰিল, অনেক ড্ৰিল বাপদাদাই শিকাইছে, কিন্তু কিবা নহয় কিবা ড্ৰিল লগে লগে কৰি থাকিবা।
বাপদাদাই সকলোৰে কাৰণে কয় যে মাজে মাজে সময় উলিয়াই লাগিলে পুৰণা লাগিলে নতুন সকলোৱে
একদম অশৰীৰী হোৱাৰ ড্ৰিল নিশ্চয় কৰিবা কিয়নো আগন্তুক সময়ত চেকেণ্ডত অশৰীৰী হ’বলগীয়া
হ’ব। গতিকে এই ড্ৰিল কোনোবাই কয় সময় নাপাওঁ, যিমানেই কোনোবা ব্যস্ত নহওক, পানীৰ
পিয়াহ লাগে তেতিয়া জানো পানী খাবলৈ নুঠিবা! জৰুৰী বুলি ভাবি উঠিবা নহয়! তেন্তে এই
এক মিনিট অশৰীৰী হোৱাৰ ড্ৰিল এইটো অভ্যাস নিশ্চয় কৰিবা। সেই সময়ত অভ্যাস কৰিব
নোৱাৰিবা। কিছুমানে ভাবে নহয়, সময় আহিলে কৰি ল’ম। কিন্তু নহয়। এই জন্ম-জন্মান্তৰৰ
দেহবোধৰ অভ্যাসে সেই সময়ত অশৰীৰী হ’বলৈ নিদিয়ে সেইবাবে এতিয়াৰ পৰাই কোনো সময় উলিয়াই
গোটেই দিনটোত সময়ে সময়ে যিয়েই সময় নিশ্চিত কৰা এক চেকেণ্ডত মই অশৰীৰী আত্মা হওঁ,
আত্মা স্বৰূপত স্থিত হৈ যোৱা। দেহবোধে নিজৰ ফালে যাতে নাটানে। এইটো অভ্যাস সকলোৱে
কৰিব লাগে। লাগিলে পুৰণা লাগিলে নতুন কিয়নো বাপদাদাই কিছুদিনৰ পৰা এইটো কথা কৈ আছে।
কিন্তু কৰাতো জৰুৰী। নহ’লে শ্ৰীমতৰ হাতত হাত দি চলিব নোৱাৰিবা। তোমালোকৰ প্ৰতিশ্ৰুতি
হৈছে লগত যাম, লগত ৰাজ্যলৈ আহিম। গতিকে এইটো ড্ৰিল সকলোৱে কৰিব লাগে। বাকী নতুন
যিসকল আহিছা, আনন্দত থাকা সমৃদ্ধিশালী হোৱা, দিনে দিনে আগুৱাই গৈ থাকা। বাৰু।
চাৰিওফালৰ দূৰৈত বহি
অন্তৰত সমাহিত হওঁতা সন্তানসকলক বাপদাদায়ো চাই আছে। সকলোৰে স্নেহৰ সুবাস মধুবনলৈ আহি
আছে। গতিকে সকলোৱে এতিয়া তীব্ৰগতিৰে আগবাঢ়িব লাগে, তীব্ৰ পুৰুষাৰ্থ কৰিব লাগে,
তীব্ৰতাৰে জগতৰ লোকৰ মাজত সুখ আনিব লাগে। দুখীক সুখী কৰিব লাগে। এই সুখী কৰাৰ বাৰ্তা
দি সকলোকে সুখী কৰি তুলিব লাগে, এইটো সেৱাত তীব্ৰতা আছেও আৰু আনিবও লাগে। বাৰু।
সকলোকে অন্তৰৰ বহুত বহুত স্নেহপূৰ্ণ স্মৃতি স্বীকাৰ কৰিবা।
বৰদান:
নিজৰ আৰামো
ত্যাগ কৰি সেৱা কৰোঁতা সদায় সন্তুষ্ট, সদায় হৰ্ষিত হোৱা
সেৱাধাৰীয়ে নিজৰ
দিন-ৰাতিৰ আৰামো ত্যাগ কৰি সেৱাতে আৰাম অনুভৱ কৰে, তেওঁলোকৰ সম্পৰ্কত থাকোঁতা বা
সম্বন্ধত অহাসকলে সমীপতাৰ এনেকুৱা অনুভৱ কৰে যেন শীতলতা বা শক্তি, শান্তিৰ নিজৰাৰ
তলত বহি আছে, শ্ৰেষ্ঠ চৰিত্ৰৱান সেৱাধাৰী কামধেনু হৈ সদাকালৰ বাবে সকলোৰে মনোকামনা
পূৰ্ণ কৰি দিয়ে। এনেকুৱা সেৱাধাৰীৰ সদায় হৰ্ষিত আৰু সদায় সন্তুষ্ট থকাৰ বৰদান স্বতঃ
প্ৰাপ্ত হৈ যায়।
স্লোগান:
জ্ঞান স্বৰূপ
হ’বলৈ হ’লে সকলো সময়ত পঢ়াৰ প্ৰতি মনোযোগ দিয়া, পিতা আৰু পঢ়াৰ প্ৰতি সমান স্নেহ থাকক।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা
ব্যৰ্থ সংকল্প বা
বিকল্প যি চলে তাৰ কাৰণ এটাই শব্দ বুদ্ধিত আহে যে এয়া ‘কিয়’ হ’ল, ‘কিয়’ৰ পৰা ব্যৰ্থ
সংকল্পৰ শাৰী আৰম্ভ হৈ যায়। এই শাৰীৰ সমাপ্তিৰ পাছতহে সম্পুৰ্ণতা আহিব তেতিয়া সেই
শাৰী লাগিব। যেতিয়া ‘কিয়’ শব্দ সমাপ্ত হ’ব তেতিয়া ড্ৰামাৰ নিয়তিৰ ওপৰত একৰস স্থিৰ
হৈ থাকিবা।
বিশেষ সূচনা – মাহৰ
তৃতীয় ৰবিবাৰৰ যোগ অভ্যাস
আজি মাহৰ তৃতীয়
ৰবিবাৰ, সকলো ভাতৃ-ভগ্নীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ সন্ধ্যা 6.30 বজাৰ পৰা 7.30
বজালৈকে নিজৰ শক্তি স্বৰূপ স্থিতিত স্থিৰ হৈ, জ্ঞান সূৰ্যৰ শক্তিশালী কিৰণ নিজে
ধাৰণ কৰি সেই কিৰণৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ সেৱাত সহযোগী হওঁক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]