16.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মই বিদেহী পিতাই তোমালোক দেহধাৰীসকলক বিদেহী কৰি তুলিবলৈ পঢ়ুৱাও, এয়া হৈছে নতুন কথা যিটো সন্তানসকলেহে বুজি পায়”

প্ৰশ্ন:
বাবাই এটা কথাই বাৰে বাৰে বুজোৱাৰ আৱশ্যকতা কিয় হয়?

উত্তৰ:
কিয়নো সন্তানসকলে বাৰে বাৰে পাহৰি যায়। কোনো কোনো সন্তানে কয় – বাবাইতো সেই এটা কথাই বাৰে বাৰে বুজায়। বাবাই কয় - সন্তানসকল, মই নিশ্চয় সেই এটা কথাই শুনাবলগীয়া হয় কিয়নো তোমালোকে পাহৰি যোৱা। তোমালোকক মায়াৰ ধুমুহাই হায়ৰাণ কৰে, যদি মই নিতৌ সাৱধান নকৰো তেনেহ’লে তোমালোক মায়াৰ ধুমুহাত পৰাজিত হৈ যাবা। এতিয়ালৈকে তোমালোক সতোপ্ৰধান ক’ত হৈছা? যেতিয়া হৈ যাবা তেতিয়া শুনোৱা বন্ধ কৰি দিম।

ওঁম্শান্তি।
ইয়াক বিচিত্ৰ আত্মিক পঢ়া বুলিও কোৱা হয়। নতুন সৃষ্টি সত্যযুগততো দেহধাৰীয়েহে এজনে আনজনক পঢ়ুৱায়। জ্ঞানতো সকলোৱে পঢ়ুৱায়। ইয়াতো পঢ়ুৱায়। সেয়া সকলো দেহধাৰীয়ে এজনে আনজনক পঢ়ুৱায়, এনেকুৱা কেতিয়াও নহয় যে বিদেহী পিতা বা আত্মিক পিতাই পঢ়ুৱায়। শাস্ত্ৰতো শ্ৰীকৃষ্ণ ভগৱানুবাচ (ভগৱানৰ বাণী) বুলি লিখি দিছে। সেয়াও পাৰ্থিৱ হৈ গ’ল। এই নতুন কথা শুনি বিবুদ্ধিত পৰে। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজে যে আত্মিক পিতাই আমাক আত্মাসকলক পঢ়ুৱায়। এয়া হৈছে নতুন কথা। কেৱল এই সংগমতহে পিতা নিজে আহি কয়, এওঁৰ দ্বাৰা মই তোমালোকক পঢ়ুৱাও। জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, সকলো আত্মাৰ পিতাও তেৱেঁই। এয়া বুজিবলগীয়া কথা নহয় জানো। একোতো দেখিবলৈ পোৱা নাযায়। আত্মাই হৈছে মুখ্য আৰু সেই আত্মা হৈছে অবিনাশী। শৰীৰতো হৈছে বিনাশী। এতিয়া সেই অবিনাশী আত্মাই বহি পঢ়ুৱায়। যদিও তোমালোকে সন্মুখত দেখা এয়াতো সাকাৰত শৰীৰত বহি আছে কিন্তু এয়া তোমালোকে জানা, এই জ্ঞান দেহধাৰীয়ে নিদিয়ে। জ্ঞান দিওঁতা হৈছে বিদেহী পিতা। কেনেকৈ দিয়ে? সেয়াও তোমালোকে বুজি পোৱা। মনুষ্যইতো কাচিৎহে বুজি পায়। তোমালোকে এইটো নিশ্চয়তা জন্মাবলৈ কিমান মগজ খটুৱাবলগীয়া হয়। তেওঁলোকেতো কৈ দিয়ে নিৰাকাৰৰ কোনো নাম, ৰূপ, দেশ কালেই নাই। সেই পিতাই নিজে বহি পঢ়ুৱায়। পিতাই কয় - মই সকলো আত্মাৰ পিতা, যাক তোমালোকে প্ৰত্যক্ষ কৰিব নোৱাৰা। বুজি পায় যে তেওঁ বিদেহী। জ্ঞান, আনন্দ, প্ৰেমৰ সাগৰ হয়। তেওঁ কেনেকৈ পঢ়াব। পিতাই নিজে বুজায় - মই কেনেকৈ আহোঁ, কাৰ আধাৰ লওঁ? মই কোনো গৰ্ভৰ পৰা জন্ম নলওঁ। মই কেতিয়াও মনুষ্য বা দেৱতা নহওঁ। দেৱতাসকলেও শৰীৰ ধাৰণ কৰে। মইতো সদায় অশৰীৰী হৈয়ে থাকোঁ। মোৰেই ড্ৰামাত এইটো ভূমিকা আছে যে মই কেতিয়াও পুনৰ্জন্মত নাহোঁ। গতিকে এয়া বুজিবলগীয়া কথা নহয় জানো। দেখিবলৈতো পোৱা নাযায়। তেওঁলোকেতো এনেকৈ ভাবে যে শ্ৰীকৃষ্ণ ভগৱানুবাচ। ভক্তিমাৰ্গত ৰথো কেনেকুৱা সাজিছে। পিতাই কয় - সন্তানসকল, তোমালোক বিভ্ৰান্ততো নোহোৱা? যদি একো বুজি নোপোৱা তেন্তে পিতাৰ ওচৰলৈ আহি বুজি লোৱা। এনেয়েতো পিতাই নোসোধাকৈয়ে সকলো বুজাই থাকে। তোমালোকে একো সোধাৰ দৰকাৰ নাই। মই এই পুৰুষোত্তম সংগমযুগতেই অৱতাৰ লওঁ। মোৰ জন্মও বিস্ময়কৰ। তোমালোক সন্তানসকলো আচৰিত হোৱা, কিমান উচ্চ পৰীক্ষা উত্তীৰ্ণ কৰোৱায়। বহুত ডাঙৰতকৈও ডাঙৰ বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ুৱায়। আচৰিত কথা নহয় জানো। হে আত্মাসকল, প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত মই তোমালোকৰ সেৱাত আহোঁ। আত্মাসকলক পঢ়ুৱাও নহয়। কল্পই কল্পই, কল্পৰ সংগমযুগত তোমালোকৰ সেৱা কৰিবলৈ আহোঁ। আধাকল্প তোমালোকে আহ্বান জনাই আহিছা - হে বাবা, হে পতিত-পাৱন আহক। শ্ৰীকৃষ্ণক কোনেও পতিত-পাৱন বুলি নকয়। পতিত-পাৱন বুলি পৰমপিতা পৰমাত্মাকেই কোৱা হয়। গতিকে বাবাও আহিবলগীয়া হয় পতিতসকলক পাৱন কৰি তুলিবলৈ, সেই কাৰণে কোৱা হয় - অকালমূৰ্ত-সত্য বাবা, অকালমূৰ্ত-সত্য শিক্ষক, অকালমূৰ্ত-সৎগুৰু। শিখ লোকসকলৰো বহুত ভাল শ্লোগান আছে। কিন্তু তেওঁলোকে এইটো নাজানে যে সৎগুৰু অকালমূৰ্ত কেতিয়া আহে। এয়াও গায়ন আছে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে…। কেতিয়া আহি মনুষ্যক দেৱতা কৰি তোলে? তেৱেঁই সকলোৰে সৎগতি কৰাওঁতা, এইটো দৃঢ় নিশ্চয়তা থকা উচিত। আহি কি কৰে? কেৱল কয় ‘মনমনাভৱ’। তাৰ অৰ্থও বুজায় আৰু কোনেও অৰ্থ নুবুজায়। তোমালোকক সৎগুৰু অকালমূৰ্ত পিতাই বহি এই দেহৰ দ্বাৰা বুজায় যে নিজক আত্মা বুলি বুজা, গতিকে এইটো বুজিব লাগে। বিশ্বৰ মালিক কৰি তুলিবলৈ পিতা আহিবলগীয়া হয় - তোমালোক সন্তানসকলৰ সেৱাত। পিতাই বুজায় - হে আত্মিক সন্তানসকল, তোমালোক সতোপ্ৰধান আছিলা, পাছত তমোপ্ৰধান হৈ গ’লা। এই সৃষ্টিৰ চক্ৰ ঘূৰিয়ে থাকে নহয়। পৱিত্ৰ সৃষ্টি দেৱতাসকলৰে আছিল। তেওঁলোক সকলোবোৰ ক’লৈ গ’ল? এয়া কোনেও নাজানে। বিভ্ৰান্ত হৈ আছে। পিতা আহি তোমালোকক বুদ্ধিমান কৰি তোলে। সন্তানসকল, মই এবাৰেই আহোঁ, পৱিত্ৰ সৃষ্টিত মই আহিমেই বা কিয়! তাততো কাল আহিবই নোৱাৰে। পিতাতো হৈছে কালৰো কাল। সত্যযুগত অহাৰ দৰকাৰেই নাই। তাত কালো নাহে গতিকে মহাকালো নাহে। এওঁ আহি সকলো আত্মাকে লৈ যায়। আনন্দেৰে যোৱা নহয়! হয় বাবা, আমি আনন্দ মনে যাবলৈ সাজু হৈ আছোঁ। সেইবাবেতো আপোনাক আহ্বান জনাইছিলোঁ যে এই পতিত সৃষ্টিৰ পৰা শান্তিধাম হৈ পৱিত্ৰ সৃষ্টিলৈ লৈ যোৱা। এইটো কথা বাৰে বাৰে পাহৰি নাযাবা। কিন্তু মায়া শত্ৰু থিয় হৈ আছে, বাৰে বাৰে পাহৰাই দিয়ে। মই মাষ্টৰ সৰ্বশক্তিমান, তেনেকৈ মায়াও শক্তিমান। মায়ায়ো আধাকল্প তোমালোকৰ ওপৰত ৰাজ্য কৰে, পাহৰাই দিয়ে সেই কাৰণে নিতৌ পিতাই বুজাবলগীয়া হয়, নিতৌ সজাগ নকৰিলে মায়াই বহুত লোকচান কৰি দিব। খেল হৈছে পৱিত্ৰ আৰু অপৱিত্ৰৰ। এতিয়া পিতাই কয় - নিজৰ চাল-চলন শুধৰাবলৈ পৱিত্ৰ হোৱা। কাম বিকাৰৰ কাৰণে কিমান কাজিয়া হয়।

পিতাই কয় - এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা গতিকে আত্মাকহে চাবা। এই দৈহিক নেত্ৰৰে নাচাবাই। আমি সকলো আত্মা ভাই ভাই হওঁ। আমি বিকাৰগ্ৰস্ত কেনেকৈ হওঁ। আমি অশৰীৰী হৈ আহিছিলোঁ, পুনৰ অশৰীৰী হৈ যাব লাগে। আত্মা সতোপ্ৰধান হৈ আহিছিল, সতোপ্ৰধান হৈ মৰমৰ ঘৰলৈ যাব লাগে। মুখ্য হৈছে পৱিত্ৰতাৰ কথা। মনুষ্যই কয় - সদায় সেই একে কথাই বুজাই থাকে, এইটো বাৰু ঠিক। কিন্তু যি বুজোৱা হয়, তেনেকৈ চলাচোন। ব্যৱহাৰিক জীৱনত কৰিবৰ বাবে বুজোৱা হয়। কিন্তু কোনোবা জানো সেইমতে চলে সেই কাৰণে নিতৌ বুজাবলগীয়া হয়। এনেকৈ জানো কোৱা - বাবা আপুনি নিতৌ যি বুজায় সেয়া মই ভালদৰে বুজি লৈছোঁ, এতিয়া মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাম। আপুনি এতিয়া মুক্ত। এনেকৈ জানো কোৱা? সেই কাৰণে বাবাই নিতৌ বুজাবলগীয়া হয়। কথাটো একেটাই। কিন্তু সন্তানসকলে ব্যৱহাৰিক জীৱনত নকৰে নহয়। পিতাক স্মৰণেই নকৰে। এনেকৈ কয় - বাবা বাৰে বাৰে পাহৰি যাওঁ। পিতাই বাৰে বাৰে স্মৃতিত থাকিবলৈ সোঁৱৰাই দিবলগীয়া হয়। তোমালোকেও এজনে আনজনক এয়াই বুজোৱা - নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰক তেতিয়া আপোনাৰ পাপ খণ্ডন হ’ব, আৰু অন্য কোনো উপায় নাই। আৰম্ভণিত আৰু অন্তিমত এইটো কথাই কয়। স্মৃতিৰেই সতোপ্ৰধান হ’ব লাগে। নিজেই লিখে - বাবা, মায়াৰ ধুমুহাই পাহৰাই দিয়ে। তেন্তে কি পিতাই সাৱধান কৰি নিদিব, এৰি দিব জানো? পিতাই জানে সন্তানসকল পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। যেতিয়ালৈকে সতোপ্ৰধান নোহোৱা, যাব নোৱাৰিবা। যুদ্ধৰ সৈতেও ইয়াৰ সম্বন্ধ আছে নহয়। যুদ্ধ তেতিয়াহে লাগিব, যেতিয়া তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সতোপ্ৰধান হ’বা। জ্ঞানতো হৈছে এক চেকেণ্ডৰ। বেহদৰ (অসীমৰ) পিতাক পালা, এতিয়া তেওঁৰ পৰা বেহদৰ সুখ তেতিয়াহে ল’ব পাৰিবা যেতিয়া পৱিত্ৰ হ’বা। পুৰুষাৰ্থ ভালদৰে কৰিব লাগে। কিছুমানেতো একোৱেই বুজি নাপায়। পিতাক স্মৰণ কৰাৰ বুদ্ধিকণো নাই। কেতিয়াও এই পাঠতো পঢ়া নাই। গোটেই চক্ৰত নিৰাকাৰ পিতাৰ পৰা কোনেও পঢ়া নাই। গতিকে এয়া নতুন কথা নহয় জানো। পিতাই কয় - মইতো প্ৰতি 5 হাজাৰ বছৰৰ পাছত তোমালোকক সতোপ্ৰধান কৰি তুলিবলৈ আহোঁ। যেতিয়ালৈকে সতোপ্ৰধান নোহোৱা তেতিয়ালৈকে এই পদ পাব নোৱাৰা। যেনেকৈ অন্য পঢ়াৰ ক্ষেত্ৰত অনুত্তীৰ্ণ হয় তেনেকৈ ইয়াতো অনুত্তীৰ্ণ হয়। শিৱবাবাক স্মৰণ কৰিলে কি হ’ব, একো বুজি নাপায়। পিতা আছে যেতিয়া নিশ্চয় পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত হ’ব। পিতাই এবাৰেই বুজায়, যাৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা। তোমালোক যেতিয়া দেৱতা হ’বাগৈ তেতিয়া আকৌ ক্ৰমান্বয়ে সকলোৱে ভূমিকা পালন কৰিবলৈ আহিব। এই কথাবোৰ বুঢ়ী আইতাসকলৰ বুদ্ধিত নবহে। গতিকে পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। বচ্‌, সেই শিৱবাবাই হৈছে সকলো আত্মাৰ পিতা। শৰীৰৰ পিতাতো প্ৰত্যেকৰে নিজা নিজা আছে। শিৱবাবাতো হৈছে নিৰাকাৰ, তেওঁক স্মৰণ কৰি কৰি পৱিত্ৰ হৈ দেহ ত্যাগ কৰি পিতাৰ ওচৰলৈ যাব লাগে। পিতাই বুজায়তো বহুত কিন্তু সকলোৱে একে ৰসত নুবুজে। মায়াই পাহৰাই দিয়ে। ইয়াকে যুদ্ধ বুলি কোৱা হয়। পিতাই কিমান ভালদৰে বহি বুজায়। কিমান কথাৰ স্মৃতি সোঁৱৰাই দিয়ে। মুখ্য যি ভুল হ’ল তাৰ তালিকা উলিওৱা। এটা হৈছে - পিতা সৰ্বব্যাপি বুলি কোৱাটো। ভগৱানুবাচ - মই সৰ্বব্যাপি নহওঁ। সৰ্বব্যাপি হৈছে 5 বিকাৰ, এইটো বৰ ডাঙৰ ভুল। ‘গীতা’ৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, পৰমপিতা পৰমাত্মা শিৱ। এই ভুলবোৰ শুধৰণি কৰিলে দেৱতা হৈ যাবাগৈ। কিন্তু এনেকৈ কেতিয়াও কোনো সন্তানে লিখা নাই যে এনেকৈ মই বুজালোঁ যে এই ভুলবোৰৰ কাৰণেই ভাৰত পৱিত্ৰৰ পৰা পতিত হৈ গ’ল। সেইটো কথাও ক’ব লাগে। ভগৱান সৰ্বব্যাপি কেনেকৈ হ’ব পাৰে। ভগৱানতো এজনেই যিজন হৈছে পৰম পিতা, পৰম শিক্ষক, পৰম সৎগুৰু। কোনো দেহধাৰীক পৰম পিতা, শিক্ষক, সৎগুৰু বুলি ক’ব নোৱাৰি। শ্ৰীকৃষ্ণতো গোটেই সৃষ্টিত সকলোতকৈ শ্ৰেষ্ঠ। যেতিয়া সৃষ্টি সতোপ্ৰধান হয়, তেতিয়া তেওঁ আহে আকৌ সতো অৱস্থাত ৰাম, পাছত ক্ৰমান্বয়ে নিজৰ সময়তহে আহিব। শাস্ত্ৰত দেখুৱায় যে সকলোৰে বিকাৰ লৈ লৈ ডিঙি ক’লা হৈ গ’ল। কিন্তু এতিয়া বুজাওঁতে বুজাওঁতে ডিঙিয়েই শুকাই যায়। কথাটো কিমান সৰু কিন্তু মায়া কিমান শক্তিশালী। প্ৰত্যেকে নিজৰ অন্তৰক সোধা - মই এনেকুৱা গুণৱান সতোপ্ৰধান হৈছোঁনে?

পিতাই বুজায় - যেতিয়ালৈকে বিনাশ নহয় তেতিয়ালৈকে তোমালোক কৰ্মাতীত অৱস্থাত উপনীত হ’ব নোৱাৰা। যিমানেই মগজ নখটুওৱা কিয়। গোটেই সময় শিৱবাবাক বহি স্মৰণ কৰা আৰু অন্য কোনো কথাই যাতে নাথাকে। বচ্‌, বাবা যুদ্ধৰ আগতেই মই কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰি দেখুৱাম, এনেকুৱা কোনোবা ওলাওক - এনেকুৱা ড্ৰামাত হ’বই নোৱাৰে। প্ৰথম নম্বৰততো এজনেই যাব। এৱোঁ (ব্ৰহ্মা) কয় - মই কিমান মগজ খটুৱাবলগীয়া হয়। মায়াতো আৰু বেছি শক্তিশালী হৈহে আহে। বাবাই নিজেই কয় - মোৰ একেবাৰে কাষতে শিৱবাবা বহি আছে, তথাপিও মই স্মৰণ কৰিব নোৱাৰোঁ, পাহৰি যাওঁ। বুজি পাওঁ মোৰ লগত বাবা আছে। আকৌ ময়োতো স্মৰণ কৰিব লাগে, যেনেকৈ তোমালোকে কৰা। এনেকুৱা নহয়, মইতো লগতে আছোঁ, এইটো কথাতে আনন্দিত হৈ যাব লাগে। নহয়, মোকো কয় - নিৰন্তৰ স্মৰণ কৰা। লগত থকা গতিকে তুমি শক্তিশালী হোৱা, তোমাৰতো আৰু বেছিকৈয়ে ধুমুহা আহিব। নহ’লে সন্তানসকলক কেনেকৈ বুজাব পাৰিবা। এই সকলো ধুমুহা প্ৰথমে তুমিয়ে অতিক্ৰম কৰিব লাগিব। মই তেওঁৰ ইমান সমীপত বহি থাকিও কৰ্মাতীত অৱস্থা পাব নোৱাৰো তেন্তে আকৌ অন্য কোনোবা কেনেকৈ কৰ্মাতীত হ’ব। এইটো বহুত উচ্চ লক্ষ্য। ড্ৰামা অনুসৰি সকলোৱে পুৰুষাৰ্থ কৰি থাকে। যদিও কোনোবাই ইমানখিনি যত্ন কৰি দেখুৱায় - বাবা, মই আপোনাৰ আগতেই কৰ্মাতীত অৱস্থাত উপনীত হৈ এয়া হৈ দেখুৱাম, কিন্তু হ’ব নোৱাৰে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত।

তোমালোকে বহুত পুৰুষাৰ্থ কৰিব লাগে। মুখ্য সকলো কথা হৈছে চৰিত্ৰৰ। দেৱতাসকলৰ চৰিত্ৰ আৰু পতিত মনুষ্যৰ চৰিত্ৰৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোকক বিকাৰীৰ পৰা নিৰ্বিকাৰী কৰি তোলোঁতা হৈছে শিৱবাবা। সেয়েহে এতিয়া পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিব লাগে। পাহৰি নাযাবা। বাকী অবলা বেচেৰীহঁত পৰৰ বশীভূত অৰ্থাৎ ৰাৱণৰ বশীভূত হৈ আছে গতিকে কি কৰিব পাৰে। তোমালোক হৈছা ৰাম ঈশ্বৰৰ বশ। তেওঁলোক হৈছে ৰাৱণৰ বশ। গতিকে যুদ্ধ চলি থাকে। বাকী ৰাম আৰু ৰাৱণৰ যুদ্ধ নহয়। পিতাই তোমালোক সন্তানসকলক ভিন্ন ভিন্ন প্ৰকাৰে নিতৌ বুজায় - মৰমৰ সন্তানসকল, নিজক শুধৰাই গৈ থাকা। নিতৌ ৰাতি খতিয়ন চোৱা, গোটেই দিনটোত কোনো আসুৰি আচৰণতো নকৰিলোঁ? বাগিচাত ফুলতো ক্ৰমানুসৰি থাকে নহয়। দুটা একে ধৰণৰ কেতিয়াও হ’ব নোৱাৰে। সকলো আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। প্ৰত্যেক ভাৱৰীয়াই ভূমিকা পালন কৰি থাকে। পিতাও আহি স্থাপনাৰ কাৰ্য কৰিহে এৰে। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি বিশ্বৰ মালিক কৰি তোলেই। বেহদৰ পিতা হয় নহয় গতিকে নিশ্চয় নতুন সৃষ্টিৰ উত্তৰাধিকাৰ দিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞানৰ তৃতীয় নেত্ৰৰে আত্মাকহে চাব লাগে। দৈহিক চকুৰে চাবই নালাগে। অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে ।

(2) পিতাৰ স্মৃতিৰে নিজৰ দৈৱী চৰিত্ৰ গঠন কৰিব লাগে। নিজৰ অন্তৰক সুধিব লাগে যে মই কিমানলৈকে গুণৱান হৈছোঁ? মই গোটেই দিনটোত কিবা আসুৰি আচৰণতো নকৰিলোঁ?

বৰদান:
সদায় সাৱধানে থাকি মায়াৰ মাৰ্জিত ৰূপৰ ছায়াৰ পৰা সুৰক্ষিত হৈ থাকোঁতা মায়া প্ৰতিৰোধী হোৱা

বৰ্তমান সময়ত মায়াই প্ৰকৃত বোধশক্তিক, অনুভূতি কৰাৰ শক্তিক নোহোৱা কৰি ভুলক শুদ্ধ যেন অনুভৱ কৰায়। যেনেকৈ কোনোবাই যাদুমন্ত্ৰ কৰিলে পৰৰ বশীভূত হৈ যায়, তেনেকৈ মায়াৰ মাৰ্জিত ৰূপে প্ৰকৃত সত্যক বুজিব নিদিয়ে সেইবাবে বাপদাদাই মনোযোগ দিবলৈ বিশেষভাৱে জোৰ দি আছে। এনেকৈ সাৱধান হৈ থাকা যাতে মায়াৰ ছায়াৰ পৰা সুৰক্ষিত মায়া প্ৰতিৰোধী হৈ যোৱা। বিশেষকৈ মন-বুদ্ধিক পিতাৰ চত্ৰছায়াৰ আওতাত লৈ আনা।

স্লোগান:
যি সহজযোগী তেওঁক দেখি অন্যও সহজে যোগযুক্ত হৈ যায়।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

মই হওঁৱেই কল্প পূৰ্বৰ বিজয়ী – এইটো স্মৃতিৰে নিজক সাহসী কৰি তোলা। মই সৰ্বশক্তিমান পিতাৰ সন্তান মাষ্টৰ সৰ্বশক্তিমান, এইটো স্মৃতিৰে সাহস আহি যাব। যদি কেতিয়াবা মনত দুৰ্বল সংকল্প উৎপন্ন হৈও যায় তেন্তে সেয়া তাতেই সমাপ্ত কৰি শক্তিশালী হোৱা।