17.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বিনাশী শৰীৰৰ সৈতে প্ৰীতি নাৰাখি অবিনাশী পিতাৰ সৈতে প্ৰীতি ৰাখা তেতিয়া কন্দাৰ পৰা হাতসাৰি যাবা”

প্ৰশ্ন:
ব্যভিচাৰী প্ৰেম কি আৰু তাৰ পৰিণাম কি হয়?

উত্তৰ:
বিনাশী শৰীৰৰ প্ৰতি মোহ ৰখা এয়া হৈছে ব্যভিচাৰী প্ৰেম। যিয়ে বিনাশী বস্তুৰ প্ৰতি মোহ ৰাখে, তেওঁ কান্দে। দেহ-অভিমানৰ কাৰণে কান্দিবলগীয়া হয়। সত্যযুগত সকলো আত্ম-অভিমানী হৈ থাকে, সেয়েহে কান্দিবলগীয়া কোনো কথা নাথাকে। যিয়ে কান্দে তেওঁ হেৰুৱায়। অবিনাশী পিতাৰ অবিনাশী সন্তানসকলে এতিয়া শিক্ষা পাইছে, দেহী-অভিমানী হোৱা তেতিয়া কন্দাৰ পৰা হাতসাৰি যাবা।

ওঁম্শান্তি।
এয়াতো সন্তানসকলেহে জানে যে আত্মা অবিনাশী আৰু পিতাও অবিনাশী, গতিকে কাৰ প্ৰতি প্ৰেম ৰখা উচিত? অবিনাশী আত্মাৰ প্ৰতি। অবিনাশীৰ প্ৰতিহে প্ৰেম ৰাখিব লাগে, বিনাশী শৰীৰৰ প্ৰতি প্ৰেম ৰখা উচিত জানো। গোটেই সৃষ্টিখনেই বিনাশী, প্ৰত্যেক বস্তুৱে বিনাশী, এই শৰীৰ বিনাশী, আত্মা অবিনাশী। আত্মাৰ প্ৰেম অবিনাশী। আত্মা কেতিয়াও নমৰে, ইয়াক অব্যভিচাৰী বুলি কোৱা হয়। পিতাই কয় – তোমালোক ব্যভিচাৰী হৈ গৈছা। বাস্তৱত অবিনাশীৰ প্ৰেম অবিনাশীৰ সৈতেহে থকা উচিত। তোমালোকৰ প্ৰেম বিনাশী শৰীৰৰ সৈতে থকা বাবে কান্দিবলগীয়া হয়। অবিনাশীৰ সৈতে প্ৰেম নাই। বিনাশীৰ সৈতে প্ৰেম থাকিলে কান্দিবলগীয়া হয়। এতিয়া তোমালোকে নিজক অবিনাশী আত্মা বুলি বুজা গতিকে কন্দাৰ কথা নাই কিয়নো আত্ম-অভিমানী। গতিকে পিতাই তোমালোক সন্তানসকলক আত্ম-অভিমানী কৰি তোলে। দেহ-অভিমানী হ'লে কান্দিবলগীয়া হয়। বিনাশী শৰীৰে অন্তিমত কান্দিবলগীয়া হয়। বুজিও পায় যে আত্মাৰ মৃত্যু নহয়। পিতাই কয় - নিজক আত্মা বুলি বুজা। তোমালোক অবিনাশী পিতাৰ অবিনাশী সন্তান, তোমালোকে কন্দাৰ প্ৰয়োজন নাই। আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা শৰীৰ লৈ ভূমিকা পালন কৰে। এয়াতো খেল। তোমালোকে শৰীৰৰ প্ৰতি মোহ কিয় ৰাখা। দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিযোগ আঁতৰোৱা। নিজক অবিনাশী আত্মা বুলি বুজা। আত্মা কেতিয়াও নমৰে। গোৱাও হয় যিয়ে কান্দে তেওঁ হেৰুৱায়। আত্ম-অভিমানী হ'লেহে যোগ্য হ'বা। সেয়েহে পিতা আহি দেহ-অভিমানৰ পৰা আত্ম-অভিমানী কৰি তোলে। পিতাই কয় - তোমালোকে কেনেকৈ পাহৰি গ’লা। তোমালোকে জন্ম-জন্মান্তৰ কান্দিবলগীয়া হৈছে। পুনৰ এতিয়া তোমালোকে আত্ম-অভিমানী হোৱাৰ শিক্ষা পোৱা। পাছত কেতিয়াও তোমালোকে কান্দিবলগীয়া নহয়। এইখন হৈছে কন্দাৰ জগত, সেইখন হৈছে হঁহাৰ জগত। এইখন দুখৰ জগত, সেইখন সুখৰ জগত। পিতাই বহুত ভালকৈ শিক্ষা দিয়ে। অবিনাশী পিতাৰ অবিনাশী সন্তানসকলে শিক্ষা পায়। তেওঁলোক দেহ-অভিমানী হোৱাৰ বাবে দেহকহে চাই শিক্ষা দিয়ে। গতিকে দেহৰ স্মৃতি অহাৰ বাবে কান্দে। দেখাও পায় শৰীৰ শেষ হৈ গ’ল আকৌ তেওঁক স্মৰণ কৰিলে কি লাভ হ'ব। মাটিক জানো স্মৰণ কৰে? অবিনাশী বস্তুৱে গৈ অন্য এটা শৰীৰ ল’লে।

এয়াতো সন্তানসকলে জানে - যিয়ে ভাল কৰ্ম কৰে, তেওঁ আকৌ শৰীৰো ভাল পায়। কোনোৱে বেয়া বেমাৰী শৰীৰ পায়, সেয়াও কৰ্ম অনুযায়ী। এনেকুৱা নহয় যে ভাল কৰ্ম কৰিলে ওপৰলৈ গুচি যাব। নহয়, ওপৰলৈতো কোনেও যাব নোৱাৰে। ভাল কৰ্ম কৰিলে ভাল বুলি ক'ব। জন্ম ভাল পাব তাৰপাছততো তললৈ আহিবই লাগে। তোমালোকে জানা যে আমি ওপৰলৈ কেনেকৈ যাওঁ। কোনোৱে ভাল কৰ্মৰে মহাত্মা হ'লেও তথাপি কলা কম হৈ গৈ থাকিব। পিতাই কয় – তথাপি ঈশ্বৰক স্মৰণ কৰি ভাল কৰ্ম কৰিলে তেতিয়া তেওঁক অল্পকালৰ ক্ষণভঙ্গুৰ সুখ দিওঁ। তথাপি ছিৰিতো অৱনমিত হ’বই লাগে যদিওবা নাম ভাল হয়। ইয়াততো মনুষ্যই ভাল-বেয়া কৰ্মকো নাজানে। তন্ত্ৰ-মন্ত্ৰৰে সিদ্ধি প্ৰাপ্ত কৰোঁতাসকলক কিমান মান দিয়ে। তেওঁলোকৰ পিছত মনুষ্য যেন হাইৰাণ হৈ যায়। সকলো অজ্ঞানীয়ে হয়। ধৰি লোৱা কোনোৱে আওপকীয়াকৈ দান-পুণ্য কৰে, ধর্মশালা, হস্পিতাল স্থাপনা কৰি দিয়ে তেতিয়া পৰৱৰ্তী জন্মত ইয়াৰ প্ৰতিদান নিশ্চয় প্ৰাপ্ত কৰে। পিতাক স্মৰণ কৰে, গালিও দিয়ে তথাপি মুখেৰে ভগৱানৰ নাম উচ্চাৰণ কৰে। বাকী অজ্ঞ হোৱাৰ বাবে একো নাজানে। ভগৱানক স্মৰণ কৰি ৰুদ্ৰ পূজা কৰে, ৰুদ্ৰক ভগৱান বুলি ভাবে। ৰুদ্ৰ যজ্ঞ ৰচে। শিৱ বা ৰুদ্ৰক পূজা কৰে। পিতাই কয় - মোৰতো পূজা কৰে কিন্তু বুদ্ধিহীন হোৱা বাবে কি কি সাজে, কি কি কৰে। যিমান মনুষ্য সিমানেই তেওঁলোকৰ গুৰু। বৃক্ষত নতুন নতুন পাত, ঠাল-ঠেঙুলি আদি ওলালে তেতিয়া দেখিবলৈ কিমান শোভনীয় হয়। সতোগুণী হোৱা বাবে তেওঁলোকৰ মহিমা হয়। পিতাই কয় যে এই সৃষ্টিখন হয়েই বিনাশী বস্তুক প্ৰেম কৰোঁতা। কোনো কোনোৰ বহুত প্ৰেম থাকিলে তেতিয়া মোহত একেবাৰে পগলা হৈ যায়। ডাঙৰ ডাঙৰ ধনৱান লোক মোহৰ বশীভূত হৈ পগলা হৈ যায়। মাতাসকলৰ জ্ঞান নথকাৰ বাবে বিধবা হৈ বিনাশী শৰীৰক লৈ কিমান কান্দে, স্মৃতিত আনি থাকে। এতিয়া তোমালোকে নিজক আত্মা বুলি বুজি, আনকো আত্মা বুলি বুজি চালে অলপো দুখ নহয়। পঢ়াক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। পঢ়াত লক্ষ্য-উদ্দেশ্যও থাকে। কিন্তু সেয়া হৈছে এটা জন্মৰ বাবে। চৰকাৰৰ পৰা দৰমহা পায়। পঢ়ি উঠি ব্যৱসায় কৰে, তেতিয়া পইচা আদি পায়। ইয়াত আকৌ কথাই নতুন। তোমালোকে কেনেকৈ অবিনাশী জ্ঞান ৰত্নৰে জোলোঙা ভৰোৱা। আত্মাই ভাবে যে বাবাই আমাক অবিনাশী জ্ঞান ৰূপী সম্পদ দিয়ে। ভগৱানে পঢ়ায় তেন্তে নিশ্চয় ভগৱান-ভগৱতীয়ে কৰি তুলিব। কিন্তু বাস্তৱত এই লক্ষ্মী-নাৰায়ণক ভগৱান-ভগৱতী বুলি বুজাতো ভুল। এতিয়া তোমালোক সন্তানসকলে জানা – অহো, যেতিয়া আমি দেহ-অভিমানী হৈ যাওঁ তেতিয়া আমাৰ বুদ্ধি কিমান অধঃপতিত হৈ যায়। যেন জন্তুৰ বুদ্ধি হৈ যায়। জন্তুৰ সেৱাও বহুত ভাল হয়। মনুষ্যৰতো একোৱে নাই। প্ৰতিযোগীতাৰ ঘোঁৰা আদিৰ কিমান তত্ত্বাৱধান লোৱা হয়। ইয়াৰ মনুষ্যৰ অৱস্থা চোৱা কেনেকুৱা। কুকুৰক কিমান মৰমেৰে তত্ত্বাৱধান লয়। হাত বুলাই থাকে, লগত ৰাখি শুৱায়। চোৱা, সৃষ্টিৰ কি অৱস্থা হৈ গৈছে। তাত সত্যযুগত এনেকুৱা কৰ্মকাণ্ড নাথাকে।

গতিকে পিতাই কয় - সন্তানসকল, তোমালোকক মায়া ৰাৱণে ব্যভিচাৰী কৰি তুলিছে। ব্যভিচাৰী ৰাজ্য নহয় জানো। মনুষ্য যেতিয়া ব্যভিচাৰী হয় তেতিয়া গোটেই সৃষ্টিখনেই ব্যভিচাৰী হৈ যায়। ব্যভিচাৰী আৰু অব্যভিচাৰী সৃষ্টিৰ মাজত চোৱা কিমান পাৰ্থক্য আছে! কলিযুগৰ অৱস্থা চোৱা কেনেকুৱা! মই স্বর্গ স্থাপনা কৰি আছোঁ গতিকে মায়ায়ো নিজৰ স্বর্গ দেখুৱাব, প্ৰলোভন দিয়ে। কৃত্ৰিম ধন কিমান আছে। এনেকৈ ভাবে যে আমি ইয়াতেই স্বৰ্গত বহি আছোঁ। স্বৰ্গৰ জানো ইমান উচ্চ 100 মহলীয়া অট্টালিকা আদি থাকিব। কেনেকুৱা কেনেকুৱা ঘৰ নিৰ্মাণ কৰে, তাততো দুমহলীয়া ঘৰো নাথাকে। মনুষ্যই বহুত কম হয়। ইমান মাটি তোমালোকে কি কৰিবা। ইয়াত মাটিৰ কাৰণে মনুষ্যই কিমান হাই-কাজিয়া কৰে। তাত গোটেই মাটি তোমালোকৰেই হয়। কিমান যে ৰাতি-দিনৰ পাৰ্থক্য। সেয়া লৌকিক পিতা, এয়া পাৰলৌকিক পিতা। পাৰলৌকিক পিতাই সন্তানসকলক কি নিদিয়ে। আধাকল্প তোমালোকে ভক্তি কৰা। পিতাই স্পষ্টকৈ কয় ইয়াৰ দ্বাৰা মুক্তি পোৱা নাযায় অৰ্থাৎ মোৰ সৈতে মিলিত নহয়। তোমালোকে মুক্তিধামত মোৰ সৈতে মিলিত হোৱা। ময়ো মুক্তিধামত থাকোঁ। তোমালোকো মুক্তিধামত থাকা আকৌ তাৰ পৰা তোমালোক স্বৰ্গলৈ যোৱা। তাত স্বৰ্গত মই নাথাকোঁ। এয়াও ড্ৰামা। আকৌ হুবহু এনেকৈয়ে পুনৰাবৃত্তি হ’ব তেতিয়া এই জ্ঞান পাহৰি যাবা। প্ৰায় লোপ হৈ যাব। যেতিয়ালৈকে সংগমযুগ নাহে তেতিয়ালৈকে ‘গীতা’ৰ জ্ঞান কেনেকৈ পাব। বাকী যি শাস্ত্ৰ আদি আছে, সেয়া হৈছে ভক্তিমাৰ্গৰ শাস্ত্ৰ।

এতিয়া তোমালোকে জ্ঞান শুনি আছা। "মই বীজৰূপ", "জ্ঞানৰ সাগৰ" হওঁ। তোমালোকক একো কৰিব নিদিওঁ, চৰণতো পৰিব নিদিওঁ। কাৰ চৰণত পৰিবা। শিৱবাবাৰতো চৰণ নাই। তেনে কৰিলে সেয়াতো ব্ৰহ্মাৰ চৰণতহে পৰা হৈ যাব। মইতো তোমালোকৰ গোলাম। তেওঁক কোৱা হয় নিৰাকাৰী, নিৰহংকাৰী, সেয়াও যেতিয়া তেওঁ ভূমিকাত আহিব তেতিয়াহে নিৰহংকাৰী বুলি কোৱা হ’ব। পিতাই তোমালোকক অনেক জ্ঞান দিয়ে। এয়া হৈছে অবিনাশী জ্ঞান ৰত্নৰ দান। আকৌ যিয়ে যিমান লয়। অবিনাশী জ্ঞান ৰত্ন লৈ আকৌ অন্যকো দান কৰি যোৱা। এই ৰত্নৰ কাৰণেই কোৱা হয় – এটি এটি ৰত্ন লাখ লাখ টকাৰ সমান। খোজে প্ৰতি পদম দিওঁতাতো একমাত্ৰ পিতাহে হয়। সেৱাৰ প্ৰতি বহুত মনোযোগ থকা উচিত। তোমালোকৰ খোজ হৈছে স্মৃতিৰ যাত্ৰাৰ, ইয়াৰ দ্বাৰা তোমালোক অমৰ হৈ যোৱা। তাত মৃত্যু আদিৰ বাবে চিন্তা নাথাকে। এটা শৰীৰ এৰি অন্য এটা ল’লে। মোহজিৎ ৰজাৰ কাহিনীও নিশ্চয় শুনিছা। এয়াতো পিতাই বহি বুজায়। এতিয়া পিতাই তোমালোকক এনেকুৱা কৰি তোলে, এতিয়াৰেই কথা।

ৰক্ষাবন্ধন পৰ্বও পালন কৰে। এয়া কেতিয়াৰ চিহ্ন? কেতিয়া ভগৱানে ক’লে যে পৱিত্ৰ হোৱা? মনুষ্যই এয়া কি জানে যে নতুন সৃষ্টি কেতিয়া, পুৰণি সৃষ্টি কেতিয়া হয়? এয়াও কোনেও নাজানে। ইমানখিনি কয় যে এতিয়া কলিযুগ। সত্যযুগ আছিল, এতিয়া নাই। পুনৰ্জন্মকো মানে। 84 লাখ বুলি কৈ দিয়ে তেন্তে নিশ্চয় পুনৰ্জন্ম নহ’ল জানো। নিৰাকাৰ পিতাক সকলোৱে স্মৰণ কৰে। তেওঁ হ'ল সকলো আত্মাৰ পিতা, তেওঁহে আহি বুজায়। দেহধাৰী বাপুতো বহুত আছে। জন্তুও নিজৰ সন্তানৰ বাপু। সিহঁতৰ বাবেতো এনেকৈ কোৱা নহয় যে জন্তুৰ পিতা। সত্যযুগত কোনোধৰণৰ আৱৰ্জনা নাথাকে। যেনেকুৱা মনুষ্য তেনেকুৱা আচবাব হয়। তাত পক্ষীও অতি উত্তম হয়। সকলো ভাল ভাল বস্তু থাকিব। তাৰ ফল কিমান মিঠা আৰু ডাঙৰ হয়। আকৌ সেই সকলোবোৰ ক'লৈ যায়! মিঠা নোহোৱা হৈ তিতা হৈ যায়। তৃতীয় শ্ৰেণীৰ হৈ গ’লে বস্তুও তৃতীয় শ্ৰেণীৰ হৈ যায়। সত্যযুগ হৈছে অতি উত্তম গতিকে সকলো বস্তুও অতি উত্তম পোৱা যায়। কলিযুগত হৈছে তৃতীয় শ্ৰেণীৰ। সকলো বস্তু সতো, ৰজো, তমো… অৱস্থাৰ মাজেৰে পাৰ হয়। ইয়াততো কোনো মজা নাই। আত্মাও তমোপ্ৰধান সেয়েহে শৰীৰো তমোপ্ৰধান। এতিয়া তোমালোক সন্তানসকলৰ জ্ঞান আছে, ক'ত সেয়া, ক'ত এয়া, ৰাতি-দিনৰ পাৰ্থক্য। পিতাই তোমালোকক কিমান উচ্চ কৰি তোলে। যিমান স্মৰণ কৰিবা, স্বাস্থ্য, সম্পদ দুয়োটাই পাবা। বাকী কি লাগে। দুয়োটাৰ মাজত এটাও নাথাকিলে সুখী হোৱা নাযায়। ভাবা স্বাস্থ্য আছে, সম্পদ নাই তেন্তে কি কামৰ। গোৱাও হয় - "পইচা আছে যদি চাৰিওফালে ভ্ৰমণ কৰি আহা।" সন্তানসকলে বুজে - ভাৰত সোণৰ চৰাই (সমৃদ্ধিশালী) আছিল, এতিয়া সোণ ক'ত। সোণ, ৰূপ, তাম গ'ল, এতিয়া কাগজেই কাগজ। কাগজ পানীত উটি গ'লে পইচা ক’ৰপৰা পাব। সোণ বহুত গধুৰ হয়, সেয়া তাতে পৰি থাকে। সোণক জুয়েও জ্বলাব নোৱাৰে। গতিকে ইয়াত সকলো দুখৰ কথা। তাত এইবোৰ কথা নাথাকে। ইয়াত এতিয়া অপাৰ দুখ। পিতা তেতিয়াহে আহে যেতিয়া অপাৰ দুখ হয়, কালিলৈ পুনৰ অপাৰ সুখ হ’ব। বাবাতো কল্পই কল্পই আহি পঢ়ায়, এয়া কোনো নতুন কথা জানো। আনন্দত থাকিব লাগে। আনন্দই আনন্দ, এয়া অন্ত সময়ৰ কথা। অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা। অন্তিমলৈ তোমালোকে বহুত ভালদৰে বুজি পাই যোৱা।

প্ৰকৃত শান্তি কাক কোৱা হয়, এয়া পিতাইহে শুনায়। তোমালোকে পিতাৰ পৰা শান্তিৰ উত্তৰাধিকাৰ লোৱা। তেওঁক সকলোৱে স্মৰণ কৰে। পিতা শান্তিৰ সাগৰ। পিতাই বুজায় মোৰ ওচৰলৈ কোন আহিব পাৰে। অমুক অমুক ধৰ্ম অমুক অমুক সময়ত আহে। স্বৰ্গততো আহিব নোৱাৰে। এতিয়া সাধু-সন্ত বহুত ওলাইছে সেয়েহে তেওঁলোকৰ মহিমা হয়। পৱিত্ৰ হয় গতিকে তেওঁলোকৰ মহিমা নিশ্চয় হোৱা উচিত। এতিয়া নতুনকৈ আহিছে। পুৰণিসকলৰ ইমান মহিমা হ'ব নোৱাৰে। তেওঁলোকেতো সুখ ভোগ কৰি তমোপ্ৰধানত আহিছে। কিমান অনেক প্ৰকাৰৰ গুৰুৰ আবিৰ্ভাৱ হৈ থাকে, এই বেহদৰ বৃক্ষক কোনেও নাজানেই। পিতাই বুজায় যে ভক্তিৰ সামগ্ৰী কিমান আছে, যিমান বৃক্ষজোপা বিস্তাৰিত হৈ আছে। জ্ঞান বীজ কিমান তাকৰ। ভক্তিৰ আধাকল্প লাগে। এই জ্ঞানতো কেৱল এই অন্তিম জন্মৰ বাবে। জ্ঞান প্ৰাপ্ত কৰি তোমালোক আধাকল্পৰ বাবে মালিক হৈ যোৱা। ভক্তি বন্ধ হৈ যায়, দিন হৈ যায়। এতিয়া তোমালোক চিৰকালৰ বাবে হৰ্ষিত হোৱা, ইয়াকে কোৱা হয় ঈশ্বৰৰ অবিনাশী লটাৰি। তাৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। ঈশ্বৰীয় লটাৰি আৰু আসুৰি লটাৰিৰ মাজত কিমান পাৰ্থক্য থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তোমালোকৰ স্মৃতিৰ প্ৰতিটো খোজত পদম আছে, ইয়াৰ দ্বাৰাই অমৰ পদ প্ৰাপ্ত কৰিব লাগে। পিতাৰ পৰা যি অবিনাশী জ্ঞান ৰত্ন প্ৰাপ্ত হৈছে, সেয়া দান কৰিব লাগে।

(2) আত্ম-অভিমানী হৈ অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে। শৰীৰৰ পৰা মোহ আঁতৰাই সদায় হৰ্ষিত হৈ থাকিব লাগে, মোহজিৎ হ’ব লাগে।

বৰদান:
প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি সদায় আত্মিক আনন্দ-উল্লাসত থাকোঁতা বিশেষ আত্মা হোৱা

সংগমযুগ আত্মিক আনন্দ-উল্লাসত থকাৰ যুগ সেয়েহে প্ৰতিটো মুহূৰ্তত আত্মিক আনন্দ-উল্লাসৰ অনুভৱ কৰি থাকা, কেতিয়াও কোনো পৰিস্থিতিত বা পৰীক্ষাত জঁই পৰি নাযাবা কিয়নো বৰ্তমান অকাল মৃত্যুৰ সময়। অলপ সময়ো যদি আনন্দৰ পৰিৱৰ্তে জঁই পৰি যোৱা আৰু সেই সময়তে অন্তিম মুহূৰ্ত আহি যায় তেনেহ'লে অন্তিমৰ স্থিতি অনুসৰি কি গতি হ'ব। সেয়েহে ‘সদাপ্ৰস্তুত’ৰ পাঠ পঢ়োৱা হয়। এটি চেকেণ্ডো প্ৰতাৰণা কৰোঁতা হ'ব পাৰে। সেয়েহে নিজক বিশেষ আত্মা বুলি বুজি প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম কৰা আৰু সদায় আত্মিক আনন্দ-উল্লাসত থাকা।

স্লোগান:
অবিচলিত হ'বলৈ হ'লে ব্যৰ্থ আৰু অশুভ সমাপ্ত কৰা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

নিজৰ সৰ্ব সম্পদ অন্য আত্মাসকলৰ প্ৰতি দান কৰা – এয়াই পৰোপকাৰ কৰা। এনেকুৱা পৰোপকাৰীয়ে নিজক সৰ্ব সম্পদেৰে সম্পন্ন ‘বেগমপুৰ’ৰ বাদশ্বাহ অনুভৱ কৰিব। তেওঁলোকৰ সংকল্পতো দুখৰ সংস্কাৰ জাগ্ৰত হ’ব নোৱাৰে। ইয়াৰ বাবে বৃত্তিৰ পৰাও “মই বোধ” ত্যাগ কৰা, স্মৃতিত যাতে সদায় পিতা আৰু দাদা থাকে, মুখেৰে যাতে এয়াই বাণী উচ্চাৰিত হয় তেতিয়া বিশ্বপতি হৈ বিশ্বৰ সেৱা কৰিব পাৰিবা।