18.08.24    Avyakt Bapdada     Assame Murli     20.02.2001     Om Shanti     Madhuban


“*“শিৱ জয়ন্তী, ব্ৰত লোৱা আৰু সৰ্ব সমৰ্পণ হোৱাৰ স্মাৰক”*”


আজি ত্ৰিমূৰ্তি ৰচয়িতা শিৱ পিতাই নিজৰ পূজ্য শালগ্ৰামসকলক সাক্ষাৎ কৰিবলৈ আহিছেহঁক। সাক্ষাৎতো কৰিব লাগে লগতে আজি উদ্‌যাপনো কৰিব লাগে। তোমালোক সকলো বিশ্বৰ চাৰিওফালৰ পৰা বাপদাদাৰ জয়ন্তী বৰ উৎসাহ-উদ্দীপনাৰে উদ্‌যাপন কৰিবলৈ আহি উপস্থিত হৈছা। সন্তানসকলে কয় - পিতাৰ জয়ন্তী উদ্‌যাপন কৰিবলৈ আহিছোঁ আৰু পিতাই কয় - সন্তানসকলৰ জয়ন্তী উদ্‌যাপন কৰিবলৈ আহিছোঁ। তোমালোক সকলোৱে নিজৰ অলৌকিক জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছা। গোটেই কল্পত এনেকুৱা অনন্য আৰু স্নেহী জন্মদিন কেতিয়াও হোৱা নাই। গোটেই কল্পত এনেকুৱা জন্মদিন উদ্‌যাপন কৰা দেখিছানে যিটো পিতাৰো হয় আৰু লগতে সন্তানসকলৰো হয়? কিয়নো বিশ্ব পৰিৱৰ্তনৰ কাৰ্যত শিৱ পিতা ব্ৰহ্মা দাদাৰ লগতে ব্ৰাহ্মণো নিশ্চয় লাগে। ব্ৰাহ্মণ অবিহনে যজ্ঞ সফল নহয় সেইবাবে পিতা আৰু সন্তানসকলৰ একেলগে জন্মদিন হয় অৰ্থাৎ জয়ন্তী হয়। সেয়েহে সন্তানসকলে অন্তৰেৰে পিতাক অভিনন্দন জনাই আছে আৰু পিতাই প্ৰতি গৰাকী ব্ৰাহ্মণ সন্তানক অলৌকিক জন্মৰ অনেক কোটিতকৈও অধিক অন্তৰৰ আশীৰ্বাদৰ লগতে অভিনন্দন জনাই আছে। তেন্তে অভিনন্দন, অভিনন্দন, অভিনন্দন! (সকলোৱে হাত জোকাৰিলে) বৰ ভাল – এখন হাতৰ চাপৰি ভাল লাগে, দুহাতৰ নহয়। বহুত আনন্দিত হৈ আছা নহয় সেয়েহে হাত নৰয়, চাপৰি মাৰিবলৈ ধৰে।

জগতত ভক্ত লোকসকলেও শিৱ জয়ন্তী বৰ ধুমধামেৰে উদ্‌যাপন কৰে। কিন্তু তেওঁলোকে উদ্‌যাপন কৰে এদিনৰ জাগৰণ বা এদিনৰ ব্ৰত ৰাখি। তোমালোক সন্তানসকলে অজ্ঞানতাৰ টোপনিৰ পৰা জাগৰণৰ সংকল্প এদিনৰ বাবে কৰা নাই, জাগৰণ তেওঁলোকেও কৰে কিন্তু তোমালোকে সংগমযুগৰ এটা হীৰাতুল্য জন্ম জাগৰণ কৰিছা আৰু কৰি আছা। জাগি গ’লা নহয়, এতিয়া আকৌ শুইতো নোযোৱা নহয়! নে অলপ অলপ শুই যাবা! বাৰু শুই নোযোৱা তেন্তে অলপ কলমটিয়াই থাকিবা! এই জাগৰণ এনেকুৱা জাগৰণ যে নিজেতো জাগেই কিন্তু আনকো জগায়। জ্ঞানৰ জীৱনত জাগৰণ মানে অন্ধকাৰৰ পৰা আলোকত অহা। এই অলৌকিক জাগৰণ সকলোৰে ভাল লাগে নহয়! যেতিয়াৰ পৰা জন্ম হ’ল, জয়ন্তী উদ্‌যাপন কৰিলা তেতিয়াৰ পৰা কি কি ব্ৰত ল’লা? স্মৃতিত আছে নহয়! সন্তানে কয় স্মৃতিনো কি, আমাৰ স্বভাৱসিদ্ধ জীৱনেই ব্ৰতৰ হৈ গ’ল। পৱিত্ৰ আহাৰ, পৱিত্ৰ ব্যৱহাৰ আৰু পৱিত্ৰ বিচাৰ এনেকুৱা জীৱন হৈ গ’ল। এমাহৰ কাৰণে নহয়, দুমাহৰ কাৰণে নহয়, জীৱনেই ব্ৰত ধাৰণ কৰোঁতা হৈ গ’ল। স্বভাৱসিদ্ধ হৈ গ’ল আৰু চৰিত্ৰ হৈ গ’ল। পৱিত্ৰতাৰ স্বভাৱ হৈ গ’ল নহয়! স্বভাৱ হৈ গ’ল নে গঠন কৰিবলগীয়া হয়? হৈ গ’ল নহয়? কেৱল কান্ধ লৰোৱা বচ্‌। হৈ গ’ল? অপৱিত্ৰতা স্বভাৱৰ পৰা সমাপ্ত হৈ গ’ল আৰু পৱিত্ৰতা জীৱনত সমাহিত হৈ গ’ল। এনেকুৱা হীৰাতুল্য জয়ন্তী উদ্‌যাপন কৰিলা বা শালগ্ৰাম জয়ন্তী উদ্‌যাপন কৰিলা। চাৰিওফালৰ দেশ-বিদেশৰ সন্তানেও সমানে সমানে উদ্‌যাপন কৰি আছে। বাপদাদাই চাই আছে যে চাৰিওফালে পিতাৰ লগত আৰু তোমালোকৰ লগত তেওঁলোকো কিমান আনন্দিত হৈ আছে।

আজিৰ দিনটিত বিশেষকৈ ভক্তসকলে তোমালোকৰ স্মাৰক হিচাপে বলিও দিয়ে। তোমালোক সকলোৱে মন-বচন-কৰ্মৰে পিতাৰ আগত সমৰ্পণ হোৱা, তাৰেই স্মাৰক হিচাপে ভক্তসকলে নিজক বলি নিদিয়ে, ছাগলী বলি দিয়ে। অন্য একো নাপালে, ছাগলীহে কিয় পালে? তাৰো ৰহস্য তোমালোকে জানা কিয়নো সকলোতকৈ ডাঙৰ দেহ-অভিমানৰ কাৰণ হ’ল “মই বোধ”। এই “মই বোধ” যেতিয়া অৰ্পণ কৰি দিয়া তেতিয়াহে ব্ৰাহ্মণ হোৱা। ছাগলীয়েও কি কৰে? “মে, মে…” গতিকে এয়া দেহ-অভিমানৰ “মই বোধ”ৰ চিন আৰু দেহ-অভিমানৰ “মই বোধ” বহুত সূক্ষ্মও আৰু ভিন্ন ভিন্ন প্ৰকাৰৰো হয়। সকলোতকৈ প্ৰথমৰ “মই বোধ” হৈছে – মই শৰীৰ, অমুক হওঁ। আকৌ আগলৈ যোৱা তেতিয়া সম্বন্ধত আবদ্ধ হোৱাৰো ভিন্ন ভিন্ন “মই বোধ” আছে। আৰু আগলৈ যোৱা তেতিয়া ভিন্ন ভিন্ন পদমৰ্যাদাৰো “মই বোধ” আছে। তাতোকৈও সূক্ষ্ম নিজৰ বিশেষত্বৰ মই বোধে ওপৰৰ পৰা তললৈ লৈ আনে। বিশেষত্ব প্ৰত্যেকৰে আছে, এনেকুৱা কোনো মনুষ্য আত্মা নাই যাৰ স্থূলই হওঁক বা সূক্ষ্মই হওঁক কোনো বিশেষত্ব নাই, এনেকুৱা নহয়। জ্ঞানী জীৱনতো প্ৰত্যেক ব্ৰাহ্মণৰ অতি কমেও এটা বিশেষত্ব অৱশ্যে আছে, কিন্তু জ্ঞানী জীৱনত বিশেষত্ব পৰমাত্ম দান, পৰমাত্মাৰ উপহাৰ। যেতিয়া পৰমাত্মাৰ দানক দেহ-অভিমানৰ বশীভূত হৈ “মই বোধ”ত আনে, মই এনেকুৱা, এই মাৰ্জিত অভিমান সকলোতকৈ ডাঙৰ “মই বোধ”। গতিকে সমৰ্পণতো হৈছাই কিন্তু আগলৈ কি চাব লাগে?

শিক্ষকসকলে সকলোৱে নিজক কি বুলি কয়? সমৰ্পিত হোৱা নহয়! শিক্ষকসকল সকলো সমৰ্পিতনে? বাৰু প্ৰবৃত্তিত থকাসকল সমৰ্পিতনে? হয় নে নহয়? পাণ্ডৱসকল সমৰ্পিতনে? বৰ ভাল, অভিনন্দন। আগলৈ কি কৰিব লাগে? সমৰ্পিততো হৈ গ’লা, বৰ ভাল। এতিয়া আগলৈ এইটো পৰীক্ষা কৰিব লাগে, কওঁনে কি? তোমালোকে ক’বা সমৰ্পিততো হ’লোঁ নহয় আকৌ কি কৰিব লাগে? এটা হ’ল সমৰ্পণ আৰু আগলৈ হ’ল সৰ্ব সমৰ্পণ। সৰ্ব শব্দটিৰ প্ৰতি বিশেষ মনোযোগ দিয়া নিজৰ মন-বুদ্ধি-সংস্কাৰ সহিত সমৰ্পণ কিয়নো যিমানে আগবাঢ়ি যোৱা, পুৰুষাৰ্থত তীব্ৰগতিৰে খোজ দিয়া আৰু দিওঁ আছা কিন্তু বৰ্তমান বায়ুমণ্ডল অনুসৰি ব্ৰাহ্মণ জীৱনতো মন আৰু বুদ্ধিৰ ওপৰত ব্যৰ্থৰ প্ৰভাৱ, বেয়া নহয়, বেয়া শেষ হ’ল কিন্তু ব্যৰ্থ আৰু নকাৰাত্মকৰ প্ৰভাৱ বেছিকৈ আছে, সেইবাবে যথাৰ্থ আৰু সত্য নিৰ্ণয় ল’বলৈ উপলব্ধি কৰাৰ শক্তি কম হৈ যায়। বোধ শক্তিৰে উপলব্ধি হয় – হয় এইটো ভুল, এইটো ঠিক নহয় কিন্তু এটা হ’ল বিবেকেৰে কৰা উপলব্ধি, আনটো হ’ল অন্তৰেৰে কৰা উপলব্ধি। যদি অন্তৰেৰে যি কোনো কথা উপলব্ধি কৰি ল’লা তেন্তে জগত সলনি হৈ যাওঁক কিন্তু স্বয়ং পৰিৱৰ্তন নহ’ব। আৰু সংস্কাৰ, পুৰণা 63 জন্মৰ হোৱাৰ কাৰণে স্বভাৱসিদ্ধ হৈ গ’ল, যাক অন্য শব্দত কোৱা এয়া ভুল নহয়, মোৰ স্বভাৱহে। তেন্তে পুৰণা সংস্কাৰ কিছু আঁতৰে, কিছু অবদমিত হৈ যায় আকৌ প্ৰকট হৈ যায়। কিন্তু সৰ্ব সমৰ্পণৰ অৰ্থ হৈছে- মনৰ ভাৱ আৰু ভাৱনা প্ৰত্যেক আত্মাৰ প্ৰতি পৰিৱৰ্তন হৈ যাওঁক, যাক বাপদাদাই কয় যেনেকুৱাই আত্মা নহওঁক, ভিন্ন ভিন্নতো হ’বই, এয়া কল্পবৃক্ষ, ভিন্ন ভিন্ন নহ’লে শোভা নাথাকিব কিন্তু প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভ কামনা যাতে থাকে। অশুভ ভাৱনাকো পৰিৱৰ্তন কৰি শুভ ভাৱনা ৰাখিবা আৰু শুভ ভাৱনা দিবা। প্ৰত্যেক আত্মাৰ প্ৰতি শুভ কামনা আৰু শুভ কামনা, এওঁ অৱশ্যে পৰিৱৰ্তন হ’ব। এনেকুৱা নহয় যে এওঁতো পৰিৱৰ্তনেই নহয়, তেওঁৰ প্ৰতি বিচাৰক হৈ ৰায় নিদিবা, এওঁ পৰিৱৰ্তন নহ’বই। যিহেতু প্ৰত্যাহ্বান জনাইছা যে প্ৰকৃতিকো পৰিৱৰ্তন কৰি সতোগুণী কৰি তুলিবই লাগিব, কৰি তুলিবই লাগিব। হ’ব নে নহয় – প্ৰশ্ন নাই, কৰিব তুলিবই লাগিব। তুলিবই লাগিব কথাষাৰৰ প্ৰতি বিশেষ মনোযোগ দিছা। তেন্তে যদি প্ৰকৃতি পৰিৱৰ্তন হ’ব পাৰে, আত্মা পৰিৱৰ্তন হ’ব নোৱাৰে জানো? আত্মাতো প্ৰকৃতিৰ পুৰুষ। তেন্তে প্ৰকৃতি পৰিৱৰ্তন হয়, পুৰুষ পৰিৱৰ্তন নহ’ব কিয়? গতিকে বৰ্তমান সময়ত এই মন-বুদ্ধি-সংস্কাৰ নিজৰো পৰিৱৰ্তন আৰু সকলোৰে পৰিৱৰ্তন – এয়াই সেৱা।

সকলোৱে সোধে – এইটো বছৰত কি কৰিব লাগে? গতিকে দ্বৈত সেৱা কৰিব লাগে। এটা হ’ল নিজক সৰ্ব সমৰ্পণ আৰু ইমান নিজক সমৰ্পণ কৰা যাতে তোমালোকৰ বায়ুমণ্ডল, তোমালোকৰ প্ৰকম্পন, তোমালোকৰ সঙ্গ, তোমালোকৰ অন্তৰৰ সহযোগ, তোমালোকৰ অন্তৰৰ আশীৰ্বাদে আনকো সহজে পৰিৱৰ্তন কৰাত সহযোগ দিয়ে। ইমানখিনি নিজক পৰিৱৰ্তন কৰিব লাগে। সৰ্ব সমৰ্পিত কৰিব লাগে। এটা এইটো সেৱা আৰু আনটো হ’ল লোক সেৱা, ফলাফলত দেখা গৈছে যে চাৰিওফালে দেশত, বিদেশত, গাওঁত সকলো ব্ৰাহ্মণ সন্তানে এতিয়ালৈকে যি সেৱা কৰিছে, পিতাৰ স্নেহত কৰিছে, তাৰ বাবেতো বাপদাদাই বহুত বহুত বহুত অভিনন্দন জনাইছে। আগলৈ কি কৰিব লাগে?

বাপদাদাই দেখিছে যিসকল ব্ৰাহ্মণ হৈছে, ব্ৰাহ্মণৰো বৃদ্ধি হৈছে আৰু তীব্ৰগতিৰে বৃদ্ধি হ’ব। কিন্তু লগতে যি লোকপ্ৰিয় সেৱা কৰিছে, বিভিন্ন প্ৰকল্পৰ দ্বাৰা সেৱা হৈ আছে, সেয়া বহুত ভাল। এতিয়া ভিন্ন ভিন্ন স্থানত সহযোগী আত্মাসকল ভাল নিমিত্ত হৈছে। সহযোগীতো বহুত ভাল, এখোজ সহযোগৰ, এটা খোজতো আগবঢ়াইছে কিন্তু দ্বিতীয় খোজটি হৈছে – সহযোগী, কৰ্মযোগী। কৰ্মযোগী বা সহযোগীও কিছু কিছু হৈছে, এয়াও বেলেগ অৱস্থা। এতিয়া যাতে এনেকুৱা আত্মাসকলে বাস্তৱত মঞ্চত ভূমিকা পালন কৰে। ‘মাইক’ মঞ্চত থাকে নহয়! গতিকে ‘মাইক’ (বাণীৰে প্ৰভাৱ পেলাওঁতা) হৈ সেৱাৰ মঞ্চত প্ৰত্যক্ষ স্বৰূপতো নিশ্চয় আহিব। তোমালোক মাইট (শক্তি), তেওঁলোক ‘মাইক’। যেনেকৈ পিতা ব্ৰহ্মা অব্যক্ত ৰূপত ‘মাইট’, আৰু তোমালোক সন্তানসকলক ‘মাইক’ কৰি তুলিলে, এনেকৈয়ে তোমালোক ‘মাইট’ হোৱা আৰু এনেকুৱা ‘মাইক’ তৈয়াৰ কৰা। বহুত ভাল ভাল আছে, আশাৰ সঞ্চাৰ কৰোঁতা তীব্ৰ গতিৰে আগবাঢ়ি যাওঁতা আছে, কেৱল এতিয়া এনেকুৱা আত্মাসকলৰ সৈতে সম্পৰ্ক বঢ়োৱাৰ আৱশ্যকতা আছে। তেওঁলোকে বিচাৰে কি কৰোঁ, কেনেকৈ কৰোঁ, তেওঁলোকক ‘মাইট’ হৈ এনেকুৱা বিধি শুনোৱা যাতে লৌকিক বৃত্তি আৰু অলৌকিক সেৱা দুয়োটাৰ সন্তুলন ৰাখি শেষত আহিও আগত, আগত আহিও আগত যোৱাৰ শাৰীত আহি যায়। এনেকুৱা হ’ব, প্ৰত্যক্ষ হ’ব। কেৱল তেওঁলোকৰ সৈতে সংযোগত থাকি শক্তি দিয়া - আত্মিকতাৰ শক্তি, প্ৰকম্পন, বায়ুমণ্ডলৰ শক্তি আৰু বিধি শুনোৱা যাতে নিমিত্ত হয় যে সন্তুলিত জীৱন বহুত ভাল আৰু সহজ। ঠিক আছে নহয়! কি কৰিব লাগে, সেয়া শুনি ল’লা নহয়!

সৰু সৰু ফুলৰ থোপাতো তৈয়াৰ কৰা। বাৰু ডাঙৰ থোপা নালাগে, 5টা ফুলৰ, 10টা ফুলৰ থোপাতো আনা। আৰু প্ৰতিটো কোণা বাপদাদাৰ নজৰত আছে। শুনিলা! পাণ্ডৱ শুনিলা! বৰ ভাল।

ডবল বিদেশীসকল জপিওৱা নাই কিন্তু উৰি আছে, গতিকে প্ৰথম ফুলৰ থোপা বিদেশীয়ে আনিব নে ভাৰতে আনিব? কোনে আনিব? নে উভয়ে লগত আনিবা? এফালে বিদেশৰ, আনফালে ভাৰতৰ, দুয়োফালৰ ফুলৰ থোপা মঞ্চত আহিব। যেনেকৈ এই উৎসৱ উদ্‌যাপন কৰা তেনেকৈ তাৰো উৎসৱ উদ্‌যাপন কৰিম, দুয়োটা ফুলৰ থোপাৰ, ভাৰতৰো বিদেশৰো। ঠিক আছে? বিদেশীৰসকলে কি ভাবা? ঠিক আছে। তেন্তে পাছৰ ‘ছিজন’ত আনিবানে? আনিবানে? ভাৰতৰসকলে আনিবানে? লৌকিক আৰু অলৌকিক বৃত্তিৰ সন্তুলন থকাসকলক আনিবা। তোমালোকৰ নিচিনা কেৱল ব্ৰাহ্মণ জীৱনধাৰী নহয়, লৌকিকো আৰু অলৌকিকো, তেওঁলোকৰ প্ৰভাৱ বেছি পৰিব। তোমালোকৰ ওচৰলৈতো দৃষ্টি ল’ব আহিব। বাৰু – কি ভাবি আছা, জয়ন্তী?

নাম ভাবি আছা নেকি? এই নিৰ্মলা, মোহনীয়ে নাম ভাবি আছা নহয়! ইয়াত পাণ্ডৱক চোৱা, ভাৰতৰ পাণ্ডৱ কিবা কম জানো, আল্লাৰ সমান। এয়া চোৱা কোনো কোনোতো বহিও আছে। এই ব্ৰায়ন সন্মুখত বহি আছে নহয়! (অষ্ট্ৰেলিয়াৰ ব্ৰায়ন ভাইৰ প্ৰতি) ফুলৰ থোপা তৈয়াৰ কৰিব লাগে নহয়! বহুত ভাল ভাল কি নাম দিয়া, এন.চি.অ’. (ৰাষ্ট্ৰীয় সমন্বয়ক কাৰ্যালয়) বাৰু। বিদেশৰ এন.চি.অ’.সকলে হাত উঠোৱা। এন.চি.অ’. হোৱা সহজ নহয়, চমৎকাৰ কৰিব লাগিব। কৰিব পাৰা কোনো ডাঙৰ কথা নহয় কিয়নো ধৰণী তৈয়াৰ হৈ আছে। বীজো সিঁচি থোৱা আছে কেৱল প্ৰতিপালনৰ পানী দিব লাগে। এতিয়া বীজক প্ৰতিপালনৰ পানী লাগে। বাৰু।

শিক্ষকো বহুত আহিছে। শিক্ষকসকলকো অভিনন্দন। তোমালোকেইতো সেৱা কৰিছা নহয়! গতিকে সেৱাৰ বাবে অভিনন্দন। বাৰু। গুজৰাটৰ কি খবৰ? (গুজৰাটত বহুত ডাঙৰ ভূমিকম্প আহিছিল) অস্থিৰতা গুজৰাটৰ পৰা আৰম্ভ হৈছে। বেছি অস্থিৰতা গুজৰাটত আৰু বিদেশতো অলপ অলপ আৰম্ভ হৈছে। ভয়তো নকৰা নহয়! ধৰণীতো কঁপে কিন্তু অন্তৰতো নকঁপে নহয়! য’ত ধৰণী কঁপিছে, লোকচান হৈছে তাৰ পৰা যিসকল আহিছা তেওঁলোক উঠা। আহমেদাবাদৰ সকলো উঠা। বাৰু। অন্তৰ কঁপিল নে ধৰণী কঁপিল? কি হ’ল? অন্তৰত অলপ ইফাল-সিফাল হ’ল নেকি? নাই হোৱা! বাহাদুৰ হোৱা। বাপদাদাই দেখিলে যে সন্তানসকলে নিজৰ সাহস আৰু পিতাৰ চত্ৰছায়াত ভাল নিজৰ খতিয়ান ৰাখিলে। কোনো অনুতীৰ্ণ হোৱা নাই, সকলো উত্তীৰ্ণ হৈ গ’ল, কোনোবা অলপ, কোনোবা বেছি। সকলো ক্ষেত্ৰতে সকলো ক্ৰমানুসৰিতো হয়েই। কিন্তু উত্তীৰ্ণ। অভিনন্দন। সকলোতকৈ বেছি স্পৰ্শকাতৰ স্থানৰ পৰা কোন আহিছা? (এগৰাকী ভূজৰ আৰু এগৰাকী ভচাউৰ ভগ্নী আহিছে) বাৰু, ভূজত তোমালোকতো হাজাৰ ভূজাধাৰীৰ সঙ্গত আছিলা। বাৰু পৰীক্ষাত উত্তীৰ্ণ হ’লা। বহুত ভাল কৰিলা। আগলৈও অস্থিৰ নহ’বা। এতিয়াতো হৈ থাকিব। ভয় নকৰিবা। (সদায় হয়) হ’বলৈ দিয়া। চোৱা পৰিৱৰ্তনতো হ’ব লাগে নহয়! গতিকে প্ৰকৃতিয়েও নিজৰ কামতো কৰিব নহয়! মনুষ্য আত্মাই যিহেতু প্ৰকৃতিক তমোগুণী কৰি তুলিলে, তেন্তে প্ৰকৃতিয়ে নিজৰ কামতো কৰিব নহয়। কিন্তু সকলো খেল, ড্ৰামাৰ খেলত এয়াও খেল। খেল দেখি নিজৰ অৱস্থা তল-ওপৰ নকৰিবা। মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলৰ স্ব-স্থিতিৰ ওপৰত পৰ-স্থিতিয়ে যাতে প্ৰভাৱ নেপেলায়। আৰুহে আত্মাসকলক মানসিক অশান্তিৰ পৰা ৰক্ষা কৰাৰ নিমিত্ত হোৱা কিয়নো মনৰ অশান্তি তোমালোকে যোগৰ দ্বাৰাহে দূৰ কৰিব পাৰা। ডাক্তৰে নিজৰ কাম কৰিব, বিজ্ঞানীয়ে নিজৰ কাম কৰিব, চৰকাৰে নিজৰ কাম কৰিব, তোমালোকৰ কাম হ’ল মনৰ অশান্তি, দুশ্চিন্তা দূৰ কৰা। দুশ্চিন্তা মুক্ত জীৱন দান দিয়া। সহযোগ দিয়া। যেনেকৈ বৰ্তমান সময়ত দেশ বিদেশৰসকলে সহযোগী হৈ সহযোগ দি আছে নহয়! এয়া বহুত ভাল কৰি আছে। ইয়াৰ দ্বাৰা সিদ্ধ হয় যে বিদেশেই হওঁক বা য’ৰেই হওঁক কিন্তু ভাৰত দেশৰ প্ৰতি স্নেহ আছে। প্ৰত্যেকেই নিজৰ নিজৰ কাৰ্যতো কৰি আছে, তোমালোকে তোমালোকৰ নিজৰ কাম কৰি আছা। যেনেকৈ জুই লাগিলে তেতিয়া অগ্নি নিৰ্বাপন কৰোঁতাসকলে ভয় নকৰে, জুই নুমুৱায়। তেন্তে তোমালোক সকলোৱেও মনৰ অশান্তিৰ জুই নিৰ্বাপন কৰোঁতা হোৱা। বাৰু।

তেন্তে গুজৰাট মজবুত হোৱা নহয়! হাজাৰ ভূজাৰ চত্ৰছায়াত আছা। য’তেই নাহক, এতিয়াতো গুজৰাটক দেখি অনুভৱী হৈ গ’লা নহয়। য’তেই নাহক। চোৱা প্ৰকৃতিক কোনেও বাধা দিব নোৱাৰে, গুজৰাটত আহিব, আবুত নাহিব, বোম্বাইত (এতিয়া মুম্বাই) নাহিব, এনেকুৱা নহয়। প্ৰকৃতি স্বতন্ত্ৰ। কিন্তু সকলোৱে নিজৰ স্ব-স্থিতি অবিচলিত আৰু নিজৰ বুদ্ধি, মনৰ যোগসূত্ৰ স্বচ্ছ কৰি ৰাখিব লাগে। যোগসূত্ৰ স্বচ্ছ হ’লে গম পাবা। বাপদাদাই আগতেও কৈছিল তেওঁলোকৰ অনাতাঁৰ যন্ত্ৰ আছে, তোমালোকৰ নিৰ্বিকাৰী বুদ্ধি আছে। কি কৰিব লাগে, কি হ’ব, ইয়াৰ নিৰ্ণয় স্পষ্ট আৰু শীঘ্ৰে হ’ব। এনেকুৱা নহয় ভাবি থাকা বাহিৰলৈ যাওঁ, ভিতৰত বহোঁ, দুৱাৰ দলিত বহোঁ, ছাদৰ ওপৰত বহোঁ, নহয়। তোমালোকৰ ভৰি সেইফালেই যাব য’ত সুৰক্ষিত হ’বা। আৰু যদি বহুত ভয়ভীত হোৱা, ভয়ভীত হ’বতো নালাগে, কিন্তু বহুত ভয়ভীত হোৱা, বহুত ভয় লাগে তেন্তে মধুবন আশ্ৰয় ঘৰ তোমালোকৰ। ভয়ভীত নহ’বা। এতিয়াতো একো হোৱা নাই, এতিয়াতো সকলো হ’ব, ভয়ভীত নহ’বা, খেল হয়। পৰিৱৰ্তন হ’ব নহয়। বিনাশ নহয়, পৰিৱৰ্তন হ’ব। সকলোৰে বৈৰাগ্য বৃত্তি জাগিব। দয়াশীল হৈ সৰ্ব শক্তিৰ কিৰণ দি দয়া কৰা। বুজিলা। ভাল বাৰু।

এতিয়া এক চেকেণ্ডত মন আৰু বুদ্ধি একাগ্ৰ কৰিব পাৰিবানে? ৰ’বলৈ ক’লেই যাতে ৰৈ যায়। এতিয়া এক চেকেণ্ডৰ কাৰণে মন আৰু বুদ্ধি একদম একাগ্ৰ বিন্দু, বিন্দুত সমাহিত হৈ যোৱা। (বাপদাদাই ড্ৰিল কৰালে)

চাৰিওফালৰ সকলো ব্ৰাহ্মণ আত্মাক, চাৰিওফালৰ সদায় দৃঢ় সংকল্পৰ ব্ৰত ৰাখোঁতা অবিচলিত আত্মাসকলক, চাৰিওফালৰ সকলো সাহস আৰু উল্লাসেৰে স্ব-সেৱা আৰু লোক কল্যাণৰ সেৱা কৰোঁতা মহান সেৱাধাৰী আত্মাসকলক, আজিৰ শিৱ জয়ন্তীৰ, হীৰাতুল্য জয়ন্তীৰ, উপৰাম আৰু স্নেহী জয়ন্তীৰ অভিনন্দন, আৰু আশীৰ্বাদৰ লগতে স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বৰদান:
পিতাৰ স্নেহ অন্তৰত ধাৰণ কৰি সৰ্ব আকৰ্ষণৰ পৰা মুক্ত হৈ থাকোঁতা সঁচা স্নেহী হোৱা

পিতাই সকলো সন্তানক একে নিচিনা স্নেহ দিয়ে কিন্তু সন্তানে নিজৰ শক্তি অনুসৰি স্নেহ ধাৰণ কৰে। যিসকলে অমৃত বেলাৰ আদি সময়ত পিতাৰ স্নেহ ধাৰণ কৰি লয়, তেতিয়া অন্তৰত পৰমাত্ম স্নেহ সমাহিত হৈ থকাৰ কাৰণে অন্য কোনো স্নেহে তেওঁলোকক আকৰ্ষিত নকৰে। যদি অন্তৰত পূৰা স্নেহ ধাৰণ নকৰে তেতিয়া অন্তৰত স্থান থকাৰ কাৰণে মায়াই ভিন্ন ভিন্ন ৰূপেৰে অনেক স্নেহত আকৰ্ষিত কৰি লয় সেইবাবে সঁচা স্নেহী হৈ পৰমাত্ম স্নেহেৰে ভৰপূৰ হৈ থাকা।

স্লোগান:
দেহ, দেহৰ পুৰণি জগত আৰু সম্বন্ধৰ পৰা ওপৰত উৰোঁতাজনেই ইন্দ্ৰপ্ৰস্থ নিবাসী।

সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ বিশেষ দয়াশীল পিতাৰ লগত নিজৰ মাষ্টৰ দয়াশীল স্বৰূপত স্থিত হৈ, সকলো আত্মাক পৱিত্ৰতাৰ বল দিয়া। পৱিত্ৰ প্ৰকম্পন বায়ুমণ্ডলত বিয়পাই দিয়াৰ সেৱা কৰা।

প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যিয়েই দৃশ্য সন্মুখত নাহক, ড্ৰামাৰ হিচাপত সকলো খেল – এইটো স্মৃতি থাকিলে তেতিয়া একৰস, বিজয়ী হৈ থাকিবা, বিচলিত নোহোৱা। যিহেতু পিতাৰ হৈ গ’লা গতিকে বিজয় তোমালোকৰ জন্ম সিদ্ধ অধিকাৰ, সেয়েহে স্মাৰকতো বিজয় মালাৰ গায়ন আৰু পূজন কৰা হয়।