19.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – জ্ঞানৰ ধাৰণা কৰি থাকিলে তোমালোক অন্তিম সময়ত পিতাৰ সমান হৈ যাবাগৈ, পিতাৰ সকলো শক্তি তোমালোকে হজম কৰি ল'বা”

প্ৰশ্ন:
কোন দুটা শব্দৰ স্মৃতিৰে স্বদৰ্শন চক্ৰধাৰী হ'ব পাৰা?

উত্তৰ:
‘উত্থান’ আৰু ‘পতন’, ‘সতোপ্ৰধান’ আৰু ‘তমোপ্ৰধান’, ‘শিৱালয়’ আৰু ‘বেশ্যালয়’। এই দুটা দুটা কথা স্মৃতিত থাকিলে তোমালোক স্বদৰ্শন চক্ৰধাৰী হৈ যাবাগৈ। তোমালোক সন্তানসকলে এতিয়া জ্ঞানক যথাৰ্থ ৰীতিৰে জানা। ভক্তিত জ্ঞান নাথাকে, কেৱল অন্তৰ আনন্দিত কৰা কথা কৈ থাকে। ভক্তিমাৰ্গ হয়েই অন্তৰ আনন্দিত কৰা মাৰ্গ।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক পিতাই বহি বুজায়। এতিয়া তোমালোক সন্তানসকলৰ বাবে পিতাই কয় - তোমালোক কিমান উচ্চ আছিলা। উত্থান আৰু পতনৰ এয়া খেল। তোমালোকৰ বুদ্ধিত এতিয়া আছে যে আমি কিমান উত্তম আৰু পৱিত্ৰ আছিলোঁ। এতিয়া কিমান নীচ হ'লোঁ। দেৱী-দেৱতাসকলৰ আগত গৈ তোমালোকেই কোৱা, আপোনালোক উচ্চ মই নীচ। প্ৰথমে এইটো নাজানিছিলা যে আমিয়েই উচ্চতকৈও উচ্চ আৰু নীচ হওঁ। এতিয়া পিতাই তোমালোকক কয় – মৰমৰ সন্তানসকল, তোমালোক কিমান উচ্চ পৱিত্ৰ আছিলা, আকৌ কিমান অপৱিত্ৰ হৈ গ’লা। পৱিত্ৰক উচ্চ বুলি কোৱা হয়, সেইখনক নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়। তাত তোমালোকৰ ৰাজ্য আছিল যিখন এতিয়া পুনৰ স্থাপনা কৰি আছে। পিতাই কেৱল ইংগিত দিয়ে যে তোমালোক বহুত উত্তম শিৱালয় সত্যযুগৰ নিবাসী আছিলা, আকৌ পুনৰ্জন্ম লৈ লৈ আধাতে তোমালোক বিকাৰগ্ৰস্থ হ’লা সেয়েহে বিকাৰী হ'লা। আধাকল্প পতিত আছিলা, এতিয়া তোমালোক পুনৰ নিৰ্বিকাৰী সতোপ্ৰধান হ'ব লাগে। দুটা শব্দ স্মৃতিত ৰাখিব লাগে। এতিয়া এইখন হৈছে তমোপ্ৰধান সৃষ্টি। সতোপ্ৰধান সৃষ্টিৰ চিন হৈছে এই লক্ষ্মী-নাৰায়ণ, 5 হাজাৰ বছৰৰ কথা। সতোপ্ৰধান ভাৰতত ৰাজ্য আছিল। ভাৰত বহুত উত্তম আছিল, এতিয়া কনিষ্ঠ হ'ল। নিৰ্বিকাৰীৰ পৰা বিকাৰী হওঁতে 84 জন্ম লাগিল। অৱশ্যে তাতো অলপ অলপ কলা কম হৈ গৈ থাকে। কিন্তু সম্পূৰ্ণ নিৰ্বিকাৰী বুলিয়ে নক’ব জানো। একদম সম্পূৰ্ণ নিৰ্বিকাৰী বুলি শ্ৰীকৃষ্ণক কোৱা হ’ব। তেওঁ বগা (পৱিত্ৰ) আছিল, এতিয়া ক'লা (পতিত) হৈ গৈছে। তোমালোক ইয়াত বহি আছা গতিকে বুদ্ধিত থাকিব লাগে যে আমি শিৱালয়ত বিশ্বৰ মালিক আছিলোঁ। অন্য কোনো ধৰ্মই নাছিল, কেৱল আমাৰেই ৰাজ্য আছিল, পাছত লাহে লাহে দুটা ক’লা কম হৈ গ’ল। অলপ অলপ কলা কম হৈ ত্ৰেতাত দুটা কলা কম হৈ গ'ল। পাছলৈ বিকাৰী হয় আৰু অধঃপতিত হৈ হৈ ছিঃ ছিঃ হৈ যায়। ইয়াক কোৱা হয় বিকাৰী বিশ্ব। বিষয় বৈতৰণী নদীত ডুব গৈ থাকে। তাত ক্ষীৰসাগৰত থাকে। তোমালোকে গোটেই বিশ্বৰ বুৰঞ্জী-ভূগোল, নিজৰ 84 জন্মৰ কাহানিও বুজি পাই গ'লা। আমি নিৰ্বিকাৰী আছিলোঁ, এওঁলোকৰ ৰাজ্যত আছিলোঁ, পৱিত্ৰ ৰাজ্য আছিল, ইয়াক কোৱা হয় সম্পূৰ্ণ স্বৰ্গ, তাৰপাছত ত্ৰেতাত আধা স্বৰ্গ। এইটো বুদ্ধিত আছে নহয়। পিতাহে আহি সৃষ্টিৰ আদি, মধ্য, অন্তৰ ৰহস্য বুজায়। মধ্যত ৰাৱণ আহিছে, আকৌ অন্তিমত এই বিকাৰী সৃষ্টিৰ বিনাশ হ'ব। পুনৰ আদিলৈ যাবৰ বাবে পৱিত্ৰ হ'ব লাগে। নিজক আত্মা বুলি বুজি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। নিজক দেহ বুলি নাভাবিবা। তোমালোকে ভক্তিমাৰ্গত প্ৰতিশ্ৰুতি দিছিলা - বাবা, আপুনি আহিলে মই আপোনাৰেই হৈ যাম। আত্মাই পিতাৰ লগত কথা পাতে। শ্ৰীকৃষ্ণ জানো পিতা আছিল। আত্মাসকলৰ পিতা হৈছে নিৰাকাৰ শিৱবাবা এজনেই। সেই হদৰ পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ, বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ভাৰতে লাভ কৰে, সেয়েহে সত্যযুগক শিৱালয় বুলি কোৱা হয়। শিৱবাবা আহি দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। এইটোতো সদায় স্মৃতিত ৰাখিব লাগে। এয়া আনন্দৰ কথা নহয় জানো। এতিয়া আমি পুনৰ শিৱালয়লৈ যাওঁ। কোনোবা মৰিলে কয় যে স্বৰ্গলৈ গ'ল। কিন্তু এনেকৈ কেতিয়াও কোনো নাযায়। এইবিলাক সকলো ভক্তিমাৰ্গৰ কাহিনী - অন্তৰ আনন্দিত কৰিবৰ কাৰণে। প্ৰকৃত স্বৰ্গলৈতো এতিয়া তোমালোক যাবা। তাত কোনো ৰোগ আদি নাথাকে। তোমালোক সদায় হৰ্ষিত হৈ থাকা। গতিকে পিতাই কিমান সহজকৈ সৰু সৰু সন্তানসকলক বহি বুজায়, বাহিৰত য’তেই নাথাকা তোমালোকে পদ পাব পাৰা, ইয়াত পৱিত্ৰতাতো হৈছে প্ৰথম মুখ্য কথা। খোৱা-বোৱা শুদ্ধ কৰা। দেৱতাসকলৰ সন্মুখত কেতিয়াবা চিগাৰেট, বিড়ি আদিৰ ভোগ লগোৱা জানো? ‘গ্ৰন্থ’ৰ (গুৰু গ্ৰন্থ চাহিব) আগত কেতিয়াবা কণী বা বিড়ি আদিৰ ভোগ ৰাখিছা জানো? ‘গ্ৰন্থ’ক গুৰু গোবিন্দৰ শৰীৰ বুলি ভাবে। ‘গ্ৰন্থ’ক ইমান মান দিয়ে। এয়া যেন গুৰুৰ শৰীৰ। এনেকৈ শিখসকলে ভাবে। কিন্তু গুৰু নানকে জানো বহি ‘গ্ৰন্থ’ লিখিছিল, নানকেতো অৱতাৰ ল’লে। শিখ লোকসকলৰ বৃদ্ধি হ'ল আৰু পাছত তেওঁলোকে ‘গ্ৰন্থ’ আদি লিখিলে। এজনৰ পাছত এজন পুনৰ শিখ ধৰ্মত আহি থাকিল। প্ৰথমে ‘গ্ৰন্থ’ও সৰু, হাতেৰে লিখা আছিল। এতিয়া ‘গীতা’ৰ কাৰণে ভাবে - এয়া শ্ৰীকৃষ্ণৰ ৰূপ। এনেকৈ ধৰি লোৱা যেনেকৈ নানকৰ ‘গ্ৰন্থ’, ঠিক তেনেকৈ শ্ৰীকৃষ্ণৰ ‘গীতা’ বুলি গায়ন কৰা হৈছে। শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলিয়ে কৈ থাকে। ইয়াক কোৱা হয় অজ্ঞান। জ্ঞানতো একমাত্ৰ পৰমপিতা পৰমাত্মাৰে আছে। ‘গীতা’ৰ দ্বাৰাই সৎগতি হয়। সেই জ্ঞানতো পিতাৰেই আছে। জ্ঞানৰ দ্বাৰা দিন, ভক্তিৰ দ্বাৰা ৰাতি হয়। এতিয়া পিতাই কয় - আত্মাক পৱিত্ৰ কৰি তুলিব লাগে, তাৰ কাৰণে যত্ন কৰিবলগীয়া হয়। মায়াৰ ধুমুহা ইমান শক্তিশালী ৰূপত আহে যে জ্ঞান একেবাৰে উৰি যায়। কাকো ক’বও নোৱাৰে। প্ৰথমে কাম বিকাৰেই বহুত আমনি কৰে। তাতেই সময় লাগে। হওঁতে জীৱনমুক্তি এক চেকেণ্ডৰ কথা। সন্তান জন্ম হ’ল আৰু মালিক হ’ল। তোমালোকে জানিলা শিৱবাবাৰ আগমন হৈছে আৰু উত্তৰাধিকাৰৰ অধিকাৰী হ’লা। ‘গীতা’ও শিৱবাবাইহে শুনাইছিল, তেৱেঁই কৈছে – মামেকম্‌ স্মৰণ কৰা। মই এই সাধাৰণ শৰীৰত আহোঁ। শ্ৰীকৃষ্ণ জানো সাধাৰণ। তেওঁতো যেতিয়া জন্ম লয় তেতিয়া যেন বিজুলীৰ চিকমিকনি হয়। বহুত প্ৰভাৱ পৰে সেইকাৰণে শ্ৰীকৃষ্ণৰ এতিয়ালৈকে গায়ন কৰি থাকে। বাকী শাস্ত্ৰ আদি সকলো ভক্তিমাৰ্গৰ। ইংৰাজীত ‘ফিল’চফী’ (দৰ্শন) বুলি কৈ দিয়ে। আধ্যাত্মিক জ্ঞানতো আধ্যাত্মিক পিতাইহে দিব পাৰে। নিজেই কয় - মই তোমালোকৰ আধ্যাত্মিক পিতা। জ্ঞানৰ সাগৰ। তোমালোক সন্তানসকলেও পিতাৰ পৰা শিকি আছা। জ্ঞান ধাৰণ কৰি আছা। আকৌ পাছলৈ পিতাৰ দৰে হৈ যাবাগৈ। সকলো নিৰ্ভৰ কৰে ধাৰণাৰ ওপৰত। পিতাৰ স্মৃতিৰে পাছত সেই শক্তি আহি যাব। স্মৃতিক ‘ধাৰ’ বুলি কোৱা হয়। তৰোৱালৰ মাজতো পাৰ্থক্য থাকে নহয়। কোনোবাখন তৰোৱাল 100 টকাৰো থাকে। কোনোবাখন তৰোৱাল 3-4 হাজাৰৰো থাকে। বাবাতো অনুভৱী হয়। তৰোৱালৰ বহুত মান আছে। গুৰু গোবিন্দ সিংহৰ তৰোৱালৰ কিমান মান আছে। গতিকে তোমালোক সন্তানসকলৰো যোগবল লাগিব। জ্ঞান তৰোৱালত ধাৰৰ প্ৰয়োজন। ধাৰ আহিলে তেতিয়া সোনকালে বুজি পাব। ড্ৰামা অনুসৰি তোমালোকে যত্ন কৰি থাকা। যিমানেই পিতাক স্মৰণ কৰিবা, স্মৃতিৰ দ্বাৰাই পাপ খণ্ডন হ’ব। পতিত-পাৱন পিতাইহে যুক্তি শুনাই আছে। আকৌ কল্পৰ পাছতো এনেকৈয়ে আহি তোমালোকক জ্ঞান দিব। এওঁকো সকলো ত্যাগ কৰাই এনেকৈয়ে নিজৰ ৰথ কৰি ল’ব। তোমালোক সন্তানসকল তাত কিমান আকৰ্ষিত হ’লা, কেনেকৈ সকলো দৌৰি আহিল। পিতাৰ প্ৰতি আকৰ্ষণ আছে নহয়। এতিয়া তোমালোকো এনেকুৱা সম্পূৰ্ণ হ’ব লাগে। ক্ৰমানুসৰিয়ে হ’বাগৈ। এয়া ৰাজধানী স্থাপনা হয়।

সৃ্ষ্টি চক্ৰকতো বুজি ল’লা। সত্যযুগৰ আদিৰ পৰা কলিযুগৰ অন্তলৈ। এতিয়া হৈছে সংগমযুগ। পাৱন কৰি তুলিবলৈ পিতাও নিশ্চয় আহিবলগীয়া হয়। পাৱন অৰ্থাৎ সতোপ্ৰধান। আকৌ খাদ পৰি গ’ল। এতিয়া সেই খাদ কেনেকৈ আঁতৰিব? আত্মা শুদ্ধ (পৱিত্ৰ) হ’লে অলংকাৰো শুদ্ধ অৰ্থাৎ শৰীৰ সুন্দৰ হয়। আত্মা অশুদ্ধ (অপৱিত্ৰ) হ’লে শৰীৰো পতিত হয়। জ্ঞান পোৱাৰ আগতে এৱোঁ নমন, বন্দনা কৰিছিল। লক্ষ্মী-নাৰায়ণৰ ডাঙৰ তৈলচিত্ৰ গাদীৰ ওপৰত লগাই ৰাখিছিল। তেওঁলোককে বহুত মৰমেৰে স্মৰণ কৰিছিল অন্য কাৰো স্মৃতি নাছিল। খেয়াল বাহিৰৰ ফালে গ’লে নিজকে চিকুটি দিছিল। মন কিয় দৌৰে, দৰ্শন কিয় পোৱা নাযায়। ভক্তিত আছিল নহয়। পাছত যেতিয়া বিষ্ণুৰ দৰ্শন হ’ল তেতিয়াও নাৰায়ণ হৈ গ’ল জানো। পুৰুষাৰ্থতো নিশ্চয় কৰিব লগা হয়, লক্ষ্য-উদ্দেশ্যতো সন্মুখত থিয় হৈ আছে। এয়া চৈতন্য ৰূপত আছিল, যাৰ জড় চিত্ৰ তৈয়াৰ কৰা হৈছে। পিতা আহিছে পাৱন কৰি তুলিবৰ কাৰণে, নৰৰ পৰা নাৰায়ণ কৰি তোলে। তোমালোকো তেওঁলোকৰ ৰাজধানীত আছিলা। পুনৰ এনেকুৱা হোৱাৰ পুৰুষাৰ্থ কৰি আছা গতিকে ভালদৰে অনুকৰণ কৰা উচিত। ব্ৰহ্মাক জানো দেৱতা বুলি কোৱা হয়। বিষ্ণুক দেৱতা বুলি কোৱা ঠিক। মনুষ্যইতো একো নাজানে। এনেকৈ কয় - গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু...। এতিয়া বিষ্ণু কাৰ গুৰু হ’ল? সকলোকে গুৰু বুলি কৈ থাকে। শিৱ পৰমাত্মা নমঃ তেওঁক (বিষ্ণুক) গুৰু, তেওঁক (শিৱক) পৰমাত্মা বুলি কৈ দিয়ে। সকলোতকৈ ডাঙৰতো পিতাই নহয় জানো। তেওঁৰ পৰা আমি এয়া শিকি আছোঁ বেলেগক শিকাবৰ কাৰণে। সৎগুৰুৱে যি তোমালোকক বুজায়, সেয়া তোমালোকে বেলেগক বুজোৱা। গুৰুক এনেকৈ কোৱা নহয় যে এওঁ পিতা, শিক্ষক। নহ’লেতো এই গোটেই জ্ঞান তোমালোকৰ বুদ্ধিত থাকিব লাগিছিল। আমি শিৱালয়ত আছিলোঁ, এতিয়া বেশ্যালয়ত পৰি আছোঁ। পুনৰ এতিয়া শিৱালয়লৈ যাব লাগে। যদিও কয় ব্ৰহ্মত লীন হৈ গ’ল, জ্যোতিত বিলীন হৈ গ’ল কিন্তু আত্মাতো অবিনাশী। প্ৰত্যেকতে নিজৰ নিজৰ ভূমিকা নিহিত হৈ আছে। সকলো ভাৱৰীয়া, তেওঁলোকে নিজৰ ভূমিকা পালন কৰিবই লাগে। সেয়া কেতিয়াও লোপ হৈ যাব নোৱাৰে। গোটেই সৃষ্টিত যিমান আত্মা আছে, সকলোৱে ভূমিকা পালন কৰিব লাগে। যেন নতুনকৈ দৃশ্যাগ্ৰহণ হৈ যায়। কিন্তু এয়া অনাদি দৃশ্যাগ্ৰহণ হৈয়েই আছে। এই বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হৈ থাকে। এয়া আচৰিত তৰা যি ভ্ৰূকুটিৰ মাজত জিলিকে। কেতিয়াও নুমাই নাযায়। এই জ্ঞান তোমালোকৰ আগতে নাছিল। বিশ্বৰ আশ্চৰ্য। হেভেন্‌ অথবা স্বৰ্গৰ নাম শুনি অন্তৰ আনন্দিত হৈ যায়। এতিয়াতো সত্যযুগ নহয়। এতিয়া হৈছে কলিযুগ। তেন্তে পুনৰ্জন্মও কলিযুগতেই ল’ব। সকলোতো নিশ্চয় যাব লাগে কিন্তু পতিত আত্মাসকলতো যাব নোৱাৰে। এতিয়া তোমালোক সন্তানসকল যোগবলৰ দ্বাৰা পাৱন হোৱা। পাৱন সৃষ্টি ঈশ্বৰ পিতাইহে স্থাপনা কৰে। পুনৰ ৰাৱণে নৰক কৰি দিয়ে। এয়াতো প্ৰত্যক্ষ ৰূপত দেখা যায়। ৰাৱণক জ্বলাই নহয়। মনুষ্যইতো কয় - এয়া অনাদি চলি আহিছে। কিন্তু কেতিয়াৰ পৰা আৰম্ভ হয়, এইটোও কোনেও নাজানে। আধা আধাতো কৰিব নোৱাৰি কিয়নো লাখ লাখ বছৰ বুলি কৈ দিয়ে। কলিযুগক আকৌ 40 হাজাৰ বছৰ বুলি কৈ দিয়ে। তেন্তে মনুষ্য ঘোৰ অন্ধকাৰত নাই জানো। অজ্ঞান নিদ্ৰাৰ পৰা জগোৱা বৰ কঠিন, জাগি নুঠেই। এতিয়া হৈছে সংগমযুগ যেতিয়া পিতা আহি পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। তোমালোক পৱিত্ৰ হ'লে পৱিত্ৰ সৃষ্টি স্থাপনা হৈয়েই যাব। এই পতিত সৃষ্টিয়েই শেষ হৈ যাব। এতিয়া কিমান ডাঙৰ সৃষ্টি। সত্যযুগততো সৃষ্টি বহুত সৰু হৈ যাব। এতিয়া মায়াৰ ওপৰত বিজয়ী হৈ পৱিত্ৰ নিশ্চয় হ'ব লাগে। পিতাই কয় - মায়া বহুত শক্তিশালী। পৱিত্ৰ হোৱাৰ ক্ষেত্ৰতে অনেক প্ৰকাৰৰ বিঘিনি আনে। পৱিত্ৰ হৈ থকাৰ সাহস কৰে, আকৌ মায়া আহি কি অৱস্থা কৰি দিয়ে। ঘোঁচা মাৰি বগৰাই দিয়ে। আৰ্জি থোৱা উপাৰ্জন শেষ কৰি দিয়ে। তেতিয়া আকৌ বহুত কষ্ট কৰিবলগীয়া হয়। কোনোবা আকৌ অধঃপতিত হৈ পাছত মুখেই নেদেখুৱায়, তেতিয়া ইমান উচ্চ পদ পাব নোৱাৰে। পুৰুষাৰ্থ পূৰা কৰিব লাগে। অনুত্তীৰ্ণ হ'ব নালাগে সেয়েহে কোনোৱে গন্ধৰ্ব বিবাহো কৰি দেখুৱায়। সন্ন্যাসী লোকসকলে কয় যে বিয়া পাতি পৱিত্ৰ হৈ থকা এয়াতো অসম্ভৱ। পিতাই কয় - এইটো সম্ভৱ কিয়নো প্ৰাপ্তি বহুত। এই অন্তিম এটা জন্ম তোমালোক পৱিত্ৰ হৈ থাকিলে তোমালোকে স্বৰ্গৰ বাদশ্বাহী লাভ কৰিবা। তেন্তে ইমান ডাঙৰ প্ৰাপ্তিৰ বাবে তোমালোক এটা জন্ম পৱিত্ৰ হৈ থাকিব নোৱাৰানে? কয় যে বাবা আমি নিশ্চয় থাকিম। শিখ লোকসকলেও পৱিত্ৰতাৰ খাৰু পিন্ধে। ইয়াক কোনো জৰী আদি বন্ধাৰ প্ৰয়োজন নাই। এয়াতো বুদ্ধিৰ কথা। পিতাই কয় - মামেকম্ স্মৰণ কৰা। কন্যাসকলে বহুতকে শুনায়। কিন্তু ডাঙৰ লোকসকলৰ বুদ্ধিত জানো ধাৰণ হয়। পিতাই কয় - প্ৰথমতে তেওঁলোকক ভাল ৰীতিৰে বুজোৱা - এয়া সকলো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। শিৱবাবাৰ পৰা উত্তৰাধিকাৰ পাই আছে। পতিতৰ পৰা পাৱন হ'ব লাগে। এতিয়া পিতাই কয় - মামেকম্ স্মৰণ কৰা, এনেকৈতো আন কোনেও ক'ব নোৱাৰে। প্ৰথমতে তেওঁলোকৰ বুদ্ধিত ধাৰণ কৰাব লাগে যে ভাৰত নিৰ্বিকাৰী আছিল, এতিয়া বিকাৰী, আকৌ নিৰ্বিকাৰী কেনেকৈ হ'ব? ভগৱানুবাচ মামেকম্ স্মৰণ কৰা। ইমানখিনি ক'লেও অতি সৌভাগ্যৰ কথা, কিন্তু ইমানখিনিও ক'ব নোৱাৰিব। পাহৰি যাব। বাবাই বুজাইছিল - উদ্ঘাটনতো পিতাই কৰি দিলে। বাকী তোমালোকে নিমিত্ত মাত্ৰ কৰি আছা। ভেটি তৈয়াৰ কৰি দিলে, বাকী এতিয়া সেৱাকেন্দ্ৰৰ উদ্ঘাটন হৈ থাকে। এয়াতো ‘গীতা’ৰেই কথা, ‘গীতা’তো আছে - হে সন্তানসকল, তোমালোকে কামৰ ওপৰত বিজয়ী হোৱা তেতিয়া জগতজিৎ হ'বা, 21জন্মৰ বাবে। নিজে নহ'লেও আনকতো বুজোৱা। এনেকুৱাও বহুত আছে যিয়ে আনক উঠাই নিজে অধঃপতিত হৈ যায়। কাম মহাশত্ৰু, একদম গাঁতত পেলাই দিয়ে। যিসকল সন্তান কামৰ ওপৰত বিজয়ী হয়, তেওঁলোকেই জগতজিৎ হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই অন্তিম জন্মত সৰ্ব প্ৰাপ্তিক সন্মুখত ৰাখি পাৱন হৈ দেখুৱাব লাগে। মায়াৰ বিঘিনিৰ আগত পৰাজিত হ'ব নালাগে।

(2) লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি পূৰা পুৰুষাৰ্থ কৰিব লাগে। যেনেকৈ পিতা ব্ৰহ্মাই পুৰুষাৰ্থ কৰি নৰৰ পৰা নাৰায়ণ হয়, তেনেকৈ অনুসৰণ কৰি ৰাজ সিংহাসনধাৰী হ'ব লাগে। আত্মাক সতোপ্ৰধান কৰি তুলিবলৈ পৰিশ্ৰম কৰিব লাগে।

বৰদান:
অধিকাৰী হৈ সমস্যাবোৰক খেল বুলি বুজি অতিক্ৰম কৰোঁতা মুখ্য ভূমিকা পালন কৰোঁতা হোৱা

যেনেকুৱা পৰিস্থিতিয়েই হওঁক, সমস্যাবোৰেই হওঁক কিন্তু সমস্যাবোৰৰ অধীন নহ’বা, অধিকাৰী হৈ সমস্যাবোৰক এনেকৈ অতিক্ৰম কৰা যেন খেল খেল বুলিয়েই অতিক্ৰম কৰি আছা। লাগিলে বাহিৰৰ পৰা চকুলো টোকাৰ ভূমিকাই হওঁক কিন্তু ভিতৰি বুজিব লাগে যে এয়া সকলো খেল - যাক ড্ৰামা বুলি কোৱা হয় আৰু ড্ৰামাত আমি হৈছোঁ মুখ্য ভূমিকা পালন কৰোঁতা। মুখ্য ভূমিকা পালন কৰোঁতা অৰ্থাৎ সঠিক ভূমিকা পালন কৰোঁতা সেইবাবে জটিল সমস্যাবোৰকো খেল বুলি বুজি পাতল কৰি দিয়া, কোনো বোজা যাতে নাথাকে।

স্লোগান:
সদায় জ্ঞানৰ স্মৃতিত থাকা তেতিয়া সদায় হৰ্ষিত হৈ থাকিবা, মায়াৰ আকৰ্ষণৰ পৰা বাচি যাবা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

পৱিত্ৰতাৰ সঁচা ৰাখী বন্ধা অৰ্থাৎ সংকল্প ৰূপতো পাঁচ বিকাৰৰ ওপৰত বিজয়ী হোৱা। ব্যৰ্থ সংকল্পই ক্ৰোধো উৎপন্ন কৰে তেনেকৈ কাম অৰ্থাৎ কোনো আত্মাৰ প্ৰতি যদি ব্যৰ্থ দৃষ্টিও যায় তেন্তে সেই সময়ত সেয়া পৱিত্ৰতা বুলি কোৱা নহ’ব। সেয়েহে সকলো ব্যৰ্থ সনহকল্প পিতাৰ স্নেহত উচৰ্গিত কৰি দিয়া তেতিয়া বিজয় মালাৰ মণি হ’ব পাৰিবা।