19.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
পুৰুষোত্তম সংগমযুগ স্থানান্তৰ হোৱাৰ যুগ, এতিয়া তোমালোক কনিষ্ঠৰ পৰা উত্তম পুৰুষ
হ’ব লাগে"
প্ৰশ্ন:
পিতাৰ লগতে
কোনসকল সন্তানৰ মহিমা গায়ন কৰা হয়?
উত্তৰ:
যিসকল শিক্ষক হৈ বহুতৰ কল্যাণ কৰাৰ নিমিত্ত হয়, তেওঁলোকৰ মহিমাও পিতাৰ লগতে গায়ন কৰা
হয়। কৰণ-কৰাৱণহাৰ বাবাই সন্তানসকলৰ দ্বাৰা অনেকৰ কল্যাণ কৰায় সেয়েহে সন্তানসকলৰো
মহিমা হৈ যায়। কয় – বাবা, অমুকে মোৰ ওপৰত দয়া কৰিলে যাৰ বাবে মই কিহৰ পৰা কি হৈ গ’লোঁ!
শিক্ষক নোহোৱাকৈ আশীৰ্বাদ পাব নোৱাৰা।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক সোধে। বুজায়ো আকৌ সোধেও। এতিয়া পিতাক সন্তানসকলে জানিছে। যদিওবা
কোনোবাই সৰ্বব্যাপি বুলিও কয় কিন্তু তাৰ আগতে পিতাৰ পৰিচয় জানিব নালাগে জানো যে পিতা
কোন হয়? পৰিচয় জানি তাৰপাছত কোৱা উচিত, পিতাৰ নিবাসস্থান ক’ত? পিতাক নাজানেই তেন্তে
তেওঁৰ নিবাসস্থানৰ বিষয়ে কেনেকৈ জানিব। কৈ দিয়ে যে তেওঁতো নাম-ৰূপৰ পৰা উপৰাম,
তাৰমানে নায়েই। তেন্তে যিটো বস্তু নায়েই তেওঁৰ থকা স্থানৰ বিষয়েও কেনেকৈ বিচাৰ কৰা
যায়? এয়া এতিয়া তোমালোক সন্তানসকলে জানা। পিতাই প্ৰথমতেতো নিজৰ পৰিচয় দিছে, তাৰপাছত
থকা স্থানৰ বিষয়ে বুজোৱা হয়। পিতাই কয় – মই তোমালোকক এই ৰথৰ দ্বাৰা পৰিচয় দিবলৈ
আহিছোঁ। মই তোমালোক সকলোৰে পিতা, যাক পৰমপিতা বুলি কোৱা হয়। আত্মাকো কোনেও নাজানে।
পিতাৰ নাম, ৰূপ, দেশ, কাল নাই তেন্তে সন্তানসকল ক’ৰপৰা আহিল? পিতাই যদি নাম-ৰূপৰ পৰা
উপৰাম তেন্তে সন্তানসকল আকৌ ক’ৰপৰা আহিল? সন্তান আছে তেন্তে নিশ্চয় পিতাও আছে। এইটো
সিদ্ধ হয় যে তেওঁ নাম-ৰূপৰ পৰা উপৰাম নহয়। যিমানেই সূক্ষ্ম নহওঁক সন্তানসকলৰো
নাম-ৰূপ আছে। আকাশ সূক্ষ্ম, তথাপিও আকাশ নামটো আছে নহয়। যেনেকৈ এই আকাশ সূক্ষ্ম,
তেনেকৈ পিতাও বহুত সূক্ষ্ম। সন্তানসকলে আচৰিত তৰা বুলি বৰ্ণনা কৰে, যি এওঁৰ শৰীৰত
প্ৰৱেশ কৰে, যাক আত্মা বুলি কয়। পিতাতো থাকেই পৰমধামত, সেয়া হৈছে থকা স্থান। ওপৰফালে
দৃষ্টি যায় নহয়। আঙুলিৰে ওপৰফালে ইংগিত দি স্মৰণ কৰে। তেনেহ’লে যাক স্মৰণ কৰে,
নিশ্চয় কিবা বস্তু হ’ব। পৰমপিতা পৰমাত্মা বুলিতো কয় নহয়। তথাপিও নাম-ৰূপৰ পৰা উপৰাম
বুলি কোৱা – ইয়াক অজ্ঞানতা বুলি কোৱা হয়। পিতাক জনা, ইয়াক জ্ঞান বুলি কোৱা হয়।
এইটোও তোমালোকে বুজি পোৱা যে আগতে আমি অজ্ঞানী আছিলোঁ। পিতাকো জনা নাছিলোঁ, নিজকো
জনা নাছিলোঁ। এতিয়া বুজি পোৱা আমি আত্মা, শৰীৰ নহয়। আত্মাক অবিনাশী বুলি কোৱা হয়
তেন্তে নিশ্চয় কিবা বস্তু নহয় জানো। ‘অবিনাশী’ কোনো নাম নহয়। অবিনাশী অৰ্থাৎ যাৰ
বিনাশ নহয়। তেন্তে নিশ্চয় কিবা বস্তু হয়। সন্তানসকলক ভালদৰে বুজোৱা হৈছে, মৰমৰ
সন্তানসকল, যাক ‘সন্তান’ বুলি কয় সেই আত্মাসকল অবিনাশী। এয়া আত্মাসকলৰ পিতা পৰমপিতা
পৰমাত্মাই বহি বুজায়। এই খেল এবাৰেই হয় যেতিয়া পিতা আহি সন্তানসকলক নিজৰ পৰিচয় দিয়ে।
ময়ো ভাৱৰীয়া হওঁ। কেনেকৈ ভূমিকা পালন কৰোঁ, এয়াও তোমালোকৰ বুদ্ধিত আছে। পুৰণি অৰ্থাৎ
পতিত আত্মাক নতুন পাৱন কৰি তোলোঁ সেয়েহে তাত তোমালোকৰ শৰীৰো ফুলৰ দৰে হয়। এয়াতো
বুদ্ধিত আছে নহয়।
এতিয়া তোমালোকে ‘বাবা
বাবা’ বুলি কোৱা, এয়া ভূমিকা চলি আছে। আত্মাই কয় - আমাক সন্তানসকলক শান্তিধাম ঘৰলৈ
লৈ যাবলৈ বাবাৰ আগমন হৈছে। শান্তিধামৰ পাছত হয়েই সুখধাম। শান্তিধামৰ পাছত দুখধাম
হ’ব নোৱাৰে। নতুন সৃষ্টিত সুখ বুলিয়ে কোৱা হয়। এই দেৱী-দেৱতাসকল যদি চৈতন্য হয় আৰু
এওঁলোকক কোনোবাই সোধে আপোনালোক ক’ৰ নিবাসী, তেতিয়া ক’ব – আমি স্বৰ্গৰ নিবাসী। এতিয়া
এই জড় মূৰ্তিয়েতো ক’ব নোৱাৰে। তোমালোকেতো ক’ব পাৰা নহয়, আমি আচলতে স্বৰ্গৰ নিবাসী
দেৱী-দেৱতা আছিলোঁ আকৌ 84ৰ চক্ৰ পৰিক্ৰমা লগাই এতিয়া সংগমত আহিছোঁ। এয়া হৈছে
স্থানান্তৰ হোৱাৰ পুৰুষোত্তম সংগমযুগ। সন্তানসকলে জানে – আমি বহুত উত্তম পুৰুষ হওঁগৈ।
আমি প্ৰত্যেক 5 হাজাৰ বছৰ পাছত সতোপ্ৰধান হওঁ। সতোপ্ৰধানো ক্ৰমানুসৰি বুলি কোৱা হ’ব।
এই গোটেই ভূমিকা আত্মাৰ প্ৰাপ্ত হৈছে। এনেকৈ কোৱা নহয় যে মনুষ্যৰ ভূমিকা প্ৰাপ্ত
হৈছে। আমাৰ অৰ্থাৎ আত্মাসকলৰ ভূমিকা প্ৰাপ্ত হৈছে। মই আত্মাই 84 জন্ম লওঁ। আমি
আত্মাসকল উত্তৰাধিকাৰী, উত্তৰাধিকাৰী সদায় পুৰুষ হয়, মহিলা নহয়। গতিকে এতিয়া
তোমালোক সন্তানসকলে এইটো দৃঢ়ভাৱে বুজিব লাগে – আমি সকলো আত্মা পুৰুষ। সকলোৱে বেহদৰ
পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। হদৰ লৌকিক পিতাৰ পৰা কেৱল পুত্ৰসকলেহে উত্তৰাধিকাৰ
পায়, কন্যাসকলে নাপায়। এনেকুৱাও নহয় যে আত্মা সদায় মহিলাই হয়। পিতাই বুজায় –
তোমালোক আত্মাসকলে কেতিয়াবা পুৰুষৰ কেতিয়াবা মহিলাৰ শৰীৰ লোৱা। এই সময়ত তোমালোক সকলো
পুৰুষ। সকলো আত্মাই এজন পিতাৰ পৰা উত্তৰাধিকাৰ পায়। সকলোৱেই সন্তান। সকলোৰে পিতা
এজন। পিতায়ো কয় – হে সন্তানসকল, তোমালোক সকলো আত্মা পুৰুষ। মোৰ আত্মিক সন্তান। আকৌ
ভূমিকা পালন কৰিবলৈ পুৰুষ-মহিলা দুয়োৰে প্ৰয়োজন। তেতিয়াহে মনুষ্য সৃষ্টিৰ বৃদ্ধি
হ’ব। এই কথাবোৰ তোমালোকৰ বাহিৰে আন কোনেও নাজানে। যদিও কয় আমি সকলো ভাই ভাই কিন্তু
বুজি নাপায়।
এতিয়া তোমালোকে কোৱা
– বাবা আপোনাৰ পৰা আমি অনেক বাৰ উত্তৰাধিকাৰ লাভ কৰিছোঁ। আত্মাৰ এইটো দৃঢ় হৈ যায়।
আত্মাই পিতাক নিশ্চয় স্মৰণ কৰে – অ’ বাবা দয়া কৰক। বাবা এতিয়া আপুনি আহক, আমি সকলো
আপোনাৰ সন্তান হ’ম। দেহসহিত দেহৰ সকলো সম্বন্ধ এৰি আমি আত্মাসকলে আপোনাকে স্মৰণ
কৰিম। পিতাই বুজাইছে - নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। পিতাৰ পৰা আমি
উত্তৰাধিকাৰ কেনেকৈ পাওঁ, প্ৰত্যেক 5000 বছৰ পাছত আমি এই দেৱতা কেনেকৈ হওঁ, এয়াও জনা
উচিত নহয় জানো। স্বৰ্গৰ উত্তৰাধিকাৰ কাৰ পৰা পাওঁ, এয়া এতিয়া তোমালোকে বুজিছা।
পিতাতো স্বৰ্গবাসী নহয়, সন্তানসকলক স্বৰ্গবাসী কৰি তোলে। নিজেতো নৰকলৈহে আহে,
তোমালোকে পিতাক মাতাও নৰকলৈয়ে, যেতিয়া তোমালোক তমোপ্ৰধান হোৱা। এয়া তমোপ্ৰধান সৃষ্টি
নহয় জানো। সতোপ্ৰধান সৃষ্টি আছিল। 5000 বছৰ পূৰ্বে এওঁলোকৰ ৰাজ্য আছিল। এই কথাবোৰ,
এই পঢ়াক এতিয়া তোমালোকে জানিছা। এয়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পঢ়া। মনুষ্যৰ পৰা
দেৱতা কৰি তুলিবলৈ ভগৱানৰ সময় নালাগে.... সন্তান হ’লা আৰু উত্তৰাধিকাৰী হ’লা, পিতাই
কয় - তোমালোক সকলো আত্মা মোৰ সন্তান। তোমালোকক উত্তৰাধিকাৰ দিওঁ। তোমালোক ভাই ভাই,
নিবাস স্থান হৈছে মূলধাম অথবা নিৰ্বাণধাম, যাক নিৰাকাৰী সৃষ্টি বুলিও কয়। সকলো আত্মা
তাত থাকে। এই সূৰ্য চন্দ্ৰৰো সিপাৰে সেয়া তোমালোকৰ মৰমৰ শান্তিৰ ঘৰ, কিন্তু তাততো
বহি যাব নালাগে। বহি কি কৰিবা। সেয়াতো যেন জড় অৱস্থা হৈ গ’ল। আত্মাই যেতিয়া ভূমিকা
পালন কৰে তেতিয়া চৈতন্য বুলি কোৱা হয়। চৈতন্য হ’লেও যদি ভূমিকা পালন নকৰে তেন্তে জড়
নহ’ল জানো। তোমালোক ইয়াত থিয় হৈ যোৱা, হাত-ভৰি নচলাবা তেতিয়া জড় বস্তুৰ দৰেই হ’লা।
তাততো স্বভাৱগত শান্তি থাকে, আত্মা যেন জড়। কোনো ভূমিকা পালন নকৰে। শোভাতো ভূমিকা
পালন কৰাতে নাই জানো। শান্তিধামত কি শোভা হ’ব? আত্মা সুখ-দুখৰ আকৰ্ষণৰ পৰা উপৰাম হৈ
থাকে। যদি কোনো ভূমিকা পালন নকৰে তেনেহ’লে তাত থাকি কি লাভ? প্ৰথমে সুখৰ ভূমিকা
পালন কৰিব লাগে। প্ৰত্যেকেই প্ৰথমৰ পৰাই ভূমিকা লাভ কৰিছে। কিছুমানে কয় – আমাকতো
মুক্তি লাগে। পানীৰ বুৰবুৰণি পানীত মিলি গ’ল বচ্, আত্মা যেন নায়েই। একোৱে ভূমিকা
পালন নকৰিলে তেতিয়া জড় বুলিয়েই ক’ব। চৈতন্য হৈও জড় বস্তুৰ দৰে পৰি থাকিলে তেতিয়া কি
লাভ? ভূমিকাতো সকলোৱে পালন কৰিবই লাগে। নায়ক-নায়িকাৰ ভূমিকাক মুখ্য বুলি কোৱা হয়।
তোমালোক সন্তানসকলে নায়ক-নায়িকাৰ উপাধি পোৱা। আত্মাই ইয়াত ভূমিকা পালন কৰে। প্ৰথমতে
সুখৰ ৰাজ্য কৰে পাছত ৰাৱণৰ দুখৰ ৰাজ্যলৈ যায়। এতিয়া পিতাই কয় – তোমালোক সন্তানসকলে
সকলোকে এইটো বাৰ্তা দিয়া। শিক্ষক হৈ আনক বুজোৱা। যিসকল শিক্ষক নহয় তেওঁলোকৰ পদ কম
হ’ব। শিক্ষক হ’ব নোৱাৰিলে কাৰোবাৰ আশীৰ্বাদ কেনেকৈ পাবা? কাৰোবাক পইচা দিলে তেতিয়া
তেওঁ বহুত আনন্দিত হ’ব নহয়। অন্তৰেৰে বুজি পায় বী.কে.সকলে আমাৰ ওপৰত দয়া কৰে, আমাক
কিহ’ৰ পৰা কি কৰি তোলে! এনেয়েতো মহিমা এজন পিতাৰে কৰে – বাঃ বাবা!, আপুনি এই
সন্তানসকলৰ দ্বাৰা আমাৰ কিমান কল্যাণ কৰে! কাৰোবাৰ দ্বাৰাতো হয় নহয়। পিতা
কৰণকৰাৱনহাৰ হয়, তোমালোকৰ দ্বাৰা কৰায়। তোমালোকৰ কল্যাণ হয়। তেতিয়া তোমালোকে আকৌ
অন্য পুলি ৰোপণ কৰা। যেনেকৈ যিয়ে সেৱা কৰে, সিমানে উচ্চ পদ পায়। ৰজা হ’বলৈ হ’লে
প্ৰজাও তৈয়াৰ কৰিব লাগিব। পাছত যিসকলে ভাল নম্বৰ ল’ব তেওঁলোকো ৰজা হয়। মালা তৈয়াৰ
হয়। নিজকে সোধা উচিত মই মালাত কেই নম্বৰ হ’মগৈ। 9 ৰত্ন মুখ্য নহয় জানো। মাজত
হীৰাতুল্য কৰি গঢ়ি তোলোঁতাজন। হীৰাক মাজত ৰাখে। মালাত ওপৰত ফুলো আছে নহয়। অন্তিমত
তোমালোকে গম পাবা – কোনসকল মুখ্য দানা হয়, যি ৰাজবংশত আহিব। অন্তিমত তোমালোক সকলোৰে
সাক্ষাৎকাৰ নিশ্চয় হ’ব। দেখিবা, কেনেকৈ এই সকলোৱে শাস্তি খায়। আৰম্ভণিত দিব্য
দৃষ্টিৰে তোমালোকে সূক্ষ্মধামত দেখিছিলা। এয়াও গুপ্ত। আত্মাই শাস্তি ক’ত খায় – এয়াও
ড্ৰামাত ভূমিকা আছে। গৰ্ভ কাৰাগাৰত শাস্তি পায়। কাৰাগাৰত ধৰ্মৰজাক দেখে তেতিয়া কয় –
বাহিৰলৈ উলিওৱা। বেমাৰ আদি হয়, এয়াও কৰ্মৰ হিচাপ নহয় জানো। এই সকলো বুজিবলগীয়া কথা।
পিতাইতো নিশ্চয় সঠিক কথাই শুনাব নহয়। এতিয়া তোমালোকে সত্যনিষ্ঠ হোৱা। সত্যনিষ্ঠ বুলি
তেওঁলোকক কোৱা হয় যিসকলে পিতাৰ পৰা বহুত শক্তি লয়।
তোমালোক বিশ্বৰ মালিক
হোৱাগৈ নহয়। কিমান শক্তি থাকে। যুদ্ধ আদিৰ কথা নাই। শক্তি ক’ম হ’লে কিমান কাজিয়া হৈ
যায়। তোমালোক সন্তানসকলে আধকল্পৰ বাবে শক্তি লাভ কৰা। সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি।
একে সমান শক্তি পাব নোৱাৰে, একে সমান পদো নোপোৱা। এয়াও আগৰ পৰা নিৰ্ধাৰিত হৈ আছে।
ড্ৰামাত অনাদিৰে পৰা নিৰ্ধাৰিত হৈ আছে। কোনোবা শেষৰ ফালে আহে, এটা-দুটা জন্ম ল’লে
আৰু শৰীৰ এৰিলে। যেনেকৈ দীপাৱলীত ম’হৰ যেনেকুৱা অৱস্থা হয়, ৰাতি জন্ম লয়, ৰাতিপুৱা
মৰি যায়। সেয়াতো অগণন থাকে। মনুষ্যৰতো তথাপিও গণনা হয়। প্ৰথমতে যিসকল আত্মা আহে
তেওঁলোকৰ আয়ুস কিমান বেছি হয়! তোমালোক সন্তানসকল আনন্দিত হোৱা উচিত – আমি বহুত
দীঘলীয়া আয়ুসৰ হ’মগৈ। তোমালোকে সম্পূৰ্ণ ভূমিকা পালন কৰা। পিতাই তোমালোককে বুজায়,
তোমালোকে কেনেকৈ সম্পূৰ্ণ ভূমিকা পালন কৰা। পঢ়া অনুসৰি ওপৰৰ পৰা ভূমিকা পালন কৰিবলৈ
আহা। তোমালোকৰ এই পঢ়া হয়েই নতুন সৃষ্টিৰ বাবে। পিতাই কয় – অনেক বাৰ তোমালোকক পঢ়াওঁ।
এই পঢ়া অবিনাশী হৈ যায়। আধাকল্প তোমালোকে প্ৰালব্ধ পোৱা। সেই বিনাশী পঢ়াৰ দ্বাৰা
সুখো অল্পকালৰ বাবে পোৱা যায়। এতিয়া কোনোবা বেৰিষ্টাৰ হ’লে আকৌ কল্পৰ পাছত
বেৰিষ্টাৰ হ’ব। এয়াও তোমালোকে জানা – সকলোৰে যি ভূমিকা, সেই ভূমিকাই কল্পই কল্পই
পালন কৰি থাকিব। দেৱতা হোৱা বা শূদ্ৰ হোৱা, প্ৰত্যেকৰে সেয়াই ভূমিকা চলি থাকিব যি
কল্পই কল্পই চলিছিল। তাত কোনো পাৰ্থক্য থাকিব নোৱাৰে। প্ৰত্যেকে নিজৰ ভূমিকা পালন
কৰি থাকে। এয়া সকলো পূৰ্ব নিৰ্ধাৰিত খেল। সোধে পুৰুষাৰ্থ ডাঙৰ নে প্ৰালব্ধ ডাঙৰ?
এতিয়া পুৰুষাৰ্থ অবিহনেতো প্ৰালব্ধ পাব নোৱাৰে। ড্ৰামা অনুসৰি পুৰুষাৰ্থৰ আধাৰত
প্ৰালব্ধ পোৱা যায়। সেয়েহে গোটেই বোজা ড্ৰামাৰ ওপৰত আহি যায়। পুৰুষাৰ্থ কিছুমানে কৰে
কিছুমানে নকৰে। আহেও, তথাপিতো পুৰুষাৰ্থ নকৰিলে প্ৰালব্ধ নাপায়। গোটেই সৃষ্টিত যি
কৰ্মকাণ্ড চলে, সকলো পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। আত্মাত আগৰে পৰা আদিৰ পৰা অন্তলৈ
ভূমিকা নিৰ্ধাৰিত হৈ আছে। যেনেকৈ তোমালোক আত্মাত 84 জন্মৰ ভূমিকা আছে, হীৰাও হয়
কড়িতুল্যও হয়। এই সকলো কথা এতিয়া তোমালোকে শুনিছা। স্কুলত যদি কোনোবা উত্তীৰ্ণ নহয়
তেতিয়া কোৱা হয় – এওঁ বুদ্ধিহীন। ধাৰণা নহয়, ইয়াকে কোৱা হয় বিচিত্ৰ বৃক্ষ, বিচিত্ৰ
চাৰিত্ৰিক বৈশিষ্ট্য। এই বিচিত্ৰ বৃক্ষৰ জ্ঞান পিতাইহে বুজায়। কল্পবৃক্ষৰ ওপৰতো
বুজায়। বটবৃক্ষৰ উদাহৰণো ইয়াৰ ওপৰতে। ইয়াৰ শাখা বহুত বিয়পি যায়।
সন্তানসকলে বুজি পায়
– আমি আত্মাসকল অবিনাশী, শৰীৰতো বিনাশ হৈ যাব। আত্মাইহে ধাৰণ কৰে, আত্মাই 84 জন্ম
লয়, শৰীৰতো সলনি হৈ থাকে। আত্মা সেয়াই, আত্মাইহে ভিন্ন ভিন্ন শৰীৰ লৈ ভূমিকা পালন
কৰে। এয়া নতুন কথা নহয় জানো। তোমালোক সন্তানসকলেও এতিয়া এইটো বুজনি পাইছা। কল্প
পূৰ্বেও এনেকৈ বুজিছিলা। পিতা আহেও ভাৰততে। তোমালোকে সকলোকে বাৰ্তা দি থাকা, এনেকুৱা
কোনো নাথাকিব যিয়ে বাৰ্তা নাপাব। বাৰ্তা পোৱাতো সকলোৰে অধিকাৰ। আকৌ পিতাৰ পৰা
উত্তৰাধিকাৰো ল’ব। কিবা অলপতো শুনিব নহয় তথাপিও পিতাৰ সন্তান হয় নহয়। পিতাই বুজায় –
মই তোমালোক আত্মাসকলৰ পিতা। মোৰ দ্বাৰা এই ৰচনাৰ আদি-মধ্য-অন্তক জনা বাবে তোমালোকে
এই পদ পোৱা। বাকী সকলো মুক্তিত গুচি যায়। পিতাইতো সকলোৰে সৎগতি কৰে। গায়ন কৰে – অহো
বাবা, আপোনাৰ লীলা… কি লীলা? কেনেকুৱা লীলা? এই পুৰণি সৃষ্টিক সলনি কৰাৰ লীলা। এয়া
জনা উচিত নহয় জানো। মনুষ্যই জানিব নহয়। পিতা আহি তোমালোক সন্তানসকলকহে সকলো কথা
বুজায়। পিতা জ্ঞানেৰে পৰিপূৰ্ণ। তোমালোককো নলেজফুল কৰি তোলে। তোমালোক ক্ৰমানুসৰি
হোৱা। বৃত্তি লওঁতাক জ্ঞানেৰে পৰিপূৰ্ণ বুলিয়ে ক’ব। ভাল আৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো
স্মৃতিত থাকিব লাগে যে আমি আত্মা পুৰুষ, আমি পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল’ব
লাগে। মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়িব আৰু পঢ়াব লাগে।
(2) গোটেই সৃষ্টিত
যিয়েই কৰ্মকাণ্ড চলে, সেয়া সকলো পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াত পুৰুষাৰ্থ আৰু
প্ৰালব্ধ দুয়োটাই নিহিত হৈ আছে। পুৰুষাৰ্থ অবিহনে প্ৰালব্ধ পাব নোৱাৰি, এই কথাটি
ভালকৈ বুজিব লাগে।
বৰদান:
যিকোনো সেৱা
সঁচা মনেৰে বা নিষ্ঠাৰে কৰোঁতা সঁচা আত্মিক সেৱাধাৰী হোৱা
সেৱা যিয়েই নহওঁক সেয়া
সঁচা মনেৰে, নিষ্ঠাৰে কৰিলে তাৰ 100 নম্বৰ পোৱা যায়। সেৱাত যাতে খিংখিঙীয়া নোহোৱা,
সেৱা মাথো কৰিব লাগে বাবেই কৰিব নালাগে। তোমালোকৰ সেৱা হয়েই নষ্ট হোৱাটোক ঠিক কৰা,
সকলোকে সুখ দিয়া, আত্মাসকলক যোগ্য আৰু যোগী কৰি তোলা, অপকাৰীসকলৰ উপকাৰ কৰা, সময়ত
প্ৰত্যেককে সংগ বা সহযোগ দিয়া, এনেকুৱা সেৱা কৰোতাসকলেই সঁচা আত্মিক সেৱাধাৰী।
স্লোগান:
পৱিত্ৰতাই ব্ৰাহ্মণ জীৱনৰ নৱীনতা, এয়াই জ্ঞানৰ আধাৰ।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
এই চুড়ান্ত অধ্যয়নত
প্ৰতিগৰাকী সন্তানে তিনিখন প্ৰমাণপত্ৰ ল’ব লাগে – প্ৰথমে নিজে নিজৰ প্ৰতি সন্তুষ্ট
হৈ থকাৰ প্ৰমাণপত্ৰ। দ্বিতীয়তে বাপদাদাৰ দ্বাৰা প্ৰমাণপত্ৰ আৰু তৃতীয়তে পৰিয়ালৰ
সম্বন্ধ-সম্পৰ্কত অহাসকলৰ দ্বাৰা প্ৰমাণপত্ৰ। পৰিয়ালত যিমান ব্ৰাহ্মণ সন্তুষ্ট হ’ব
সিমানেই ভক্তসকলেও তোমালোকৰ পূজা সন্তুষ্টতাৰে কৰিব, নিয়মমাফিক নহয় অন্তৰেৰে কৰিব।