20.08.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
কাম-কাজ কৰিও একমাত্ৰ পিতাৰ স্মৃতিত থাকা, চলোঁতে-ফুৰোঁতে পিতা আৰু ঘৰক স্মৃতিত ৰাখা,
এয়াই তোমালোকৰ বাহদুৰী”
প্ৰশ্ন:
পিতাৰ প্ৰতি
সন্মান আৰু অসন্মান কেতিয়া আৰু কেনেকৈ হয়?
উত্তৰ:
যেতিয়া তোমালোক সন্তানসকলে পিতাক ভালকৈ স্মৰণ কৰা তেতিয়া সন্মান দিয়া। যদি কোৱা যে
স্মৰণ কৰিবলৈ আজৰি নাই তেতিয়া এয়াও যেন অসন্মান কৰা হয়। বাস্তৱত এয়া পিতাক অসন্মান
কৰা নহয়, এয়াতো নিজৰে অসন্মান কৰা হয় সেই কাৰণে কেৱল ভাষণ দিয়াত প্ৰসিদ্ধ নহ’বা
কিন্তু স্মৃতিৰ যাত্ৰাত প্ৰসিদ্ধ হোৱা, স্মৃতিত থকাৰ খতিয়ানৰ তালিকা ৰাখা।
স্মৃতিৰেই আত্মা সতোপ্ৰধান হ’বগৈ।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজায়, এয়া যি 84 চক্ৰৰ জ্ঞান বুজোৱা হয় এয়াতো হৈছে
জ্ঞান যি তোমালোক সন্তানসকলে জন্ম জন্মান্তৰে পঢ়িছা আৰু ধাৰণা কৰি আহিছা। এয়াতো
একেবাৰে সহজ, এয়া কোনো নতুন কথা নহয়।
পিতাই বহি বুজায় -
সত্যযুগৰ পৰা কলিযুগৰ অন্তিম সময়লৈকে তোমালোকে কিমান পুনৰ্জন্ম লৈছা। এই জ্ঞানতো
বুদ্ধিত ভালদৰে আছে। এয়াও এক প্ৰকাৰৰ পঢ়া, ৰচনাৰ আদি, মধ্য, অন্তক বুজিব লাগে। সেই
কথাও পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। পিতাই কয় - এই জ্ঞানতকৈও উচ্চ কথা হৈছে
স্মৃতিৰ যাত্ৰা, যাক যোগ বুলি কোৱা হয়। ‘যোগ’ শব্দটি প্ৰসিদ্ধ। কিন্তু এয়া হৈছে
স্মৃতিৰ যাত্ৰা। যেনেকৈ মনুষ্য যাত্ৰাত যায়, তেতিয়া ক’ব - মই অমুক তীৰ্থলৈ যাওঁ।
শ্ৰীনাথ বা অমৰনাথলৈ গ’লে তেতিয়া সেয়া স্মৃতিত থাকে। এতিয়া তোমালোকে জানা যে আত্মিক
পিতাইতো দীঘলীয়া যাত্ৰা শিকায় যে মোক স্মৰণ কৰা। সেই যাত্ৰাৰ পৰাতো উভতি আহে। এয়া
হৈছে সেই যাত্ৰা যিটো মুক্তিধামত গৈ নিবাস কৰিব লাগে। যদিও ভূমিকা পালন কৰিবলৈ আহিব
লাগে কিন্তু এই পুৰণি সৃষ্টিত নহয়। এই পুৰণি সৃষ্টিৰ প্ৰতি তোমালোকৰ বৈৰাগ্য জন্মিছে।
এয়া ছিঃ ছিঃ ৰাৱণৰ ৰাজ্য। গতিকে মূল কথা হৈছে স্মৃতিৰ যাত্ৰা। কোনো কোনো সন্তানে
এইটোও বুজি নাপায় যে স্মৰণ কেনেকৈ কৰিব লাগে। কোনোবাই স্মৰণ কৰে নে নকৰে - সেয়া
দেখিবলৈতো পোৱা নাযায়। পিতাই কয় - নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰিব লাগে।
এয়াতো দেখিবলৈ পোৱা বস্তু নহয়। গম পাবও নোৱাৰি। এওঁ এইটো অৱস্থাত কিমানলৈকে স্মৃতিৰ
যাত্ৰাত স্থায়ী হৈ থাকে, এয়াতো নিজেহে জানিব। যুক্তিতো বহুতকে শুনায়। কল্যাণকাৰী
পিতাই বুজাইছে - নিজক আত্মা বুলি বুজি শিৱবাবাক স্মৰণ কৰা। নিজৰ সেৱাও কৰি থাকা।
যেনেকৈ উদাহৰণ আছে – সন্তান পহৰাত থাকিলে, পৰিক্ৰমা লগাই থাকে, তেওঁলোক স্মৃতিত
থকাতো বৰ সহজ। পিতাৰ স্মৃতিৰ বাহিৰে আন একো স্মৃতিলৈ আহিব নালাগে। পিতাই উদাহৰণ দি
শুনায়, সেই স্মৃতিৰ যাত্ৰাতে আহিব, যাব লাগে। যেনেকৈ ধৰ্মযাজকসকল যায়, কিমান নীৰৱ
হৈ গৈ থাকে। গতিকে তোমালোক সন্তানসকলেও বহুত প্ৰেমেৰে পিতা আৰু ঘৰক স্মৰণ কৰিব লাগে।
এইটো হৈছে বহুত উচ্চ লক্ষ্য। ভক্ত লোকসকলেও এইটোৱেই পুৰুষাৰ্থ কৰি থাকে। কিন্তু
তেওঁলোকে এইটো নাজানে যে আমি উভতি যাব লাগিব। তেওঁলোকে বুজি লয় যেতিয়া কলিযুগ পূৰা
হ’ব, তেতিয়া যাম। তেওঁলোককো এনেকৈ শিকাওঁতা কোনো নাই। তোমালোক সন্তানসকলকতো শিকোৱা
হয়। যেনেকৈ পহৰা দি থাকিলে তেতিয়া একান্তত যিমান পিতাক স্মৰণ কৰিবা সিমান ভাল।
স্মৃতিৰ দ্বাৰাই পাপ খণ্ডন হয়। জন্ম জন্মান্তৰৰ পাপ শিৰত আছে। যিসকল প্ৰথমে
সতোপ্ৰধান হয়, ৰামৰাজ্যতো প্ৰথমে তেওঁলোক আহিব। গতিকে তেওঁলোকেই সকলোতকৈ বেছি
স্মৃতিৰ যাত্ৰাত থাকিব লাগে। কল্প কল্পৰ কথা। গতিকে এওঁলোকৰ স্মৃতিৰ যাত্ৰাত থকাৰ
ভাল সুযোগ আছে। ইয়াততো কোনো কাজিয়া-পেচাল আদিৰ কথা নাই। অহা-যোৱা কৰোঁতে অথবা বহি
থাকোঁতে একে সময়তে দুটা কাম - পহৰাও দিয়া, পিতাকো স্মৰণ কৰা। কৰ্ম কৰি থাকিও পিতাক
স্মৰণ কৰি থাকা। পহৰা দিয়াসকলৰ সকলোতকৈ বেছি লাভ হয়। দিনতে হওক বা ৰাতিয়ে হওক যিয়ে
পহৰা দিয়ে, তেওঁলোকৰ কাৰণে বহুত লাভ যদিহে স্মৃতিত থকাৰ অভ্যাস হৈ যায়। পিতাই এইটো
বহুত ভাল সেৱা দিছে, পহৰা আৰু স্মৃতিৰ যাত্ৰা। এয়াও পিতাৰ স্মৃতিত থকাৰ সুযোগ পোৱা
যায়। এয়া স্মৃতিৰ যাত্ৰাত থাকিবৰ কাৰণে ভিন্ন ভিন্ন যুক্তি শুনোৱা হয়। ইয়াত তোমালোকে
যিমান স্মৃতিত থাকিব পাৰিবা সিমান বাহিৰত পেছাগত কাম-কাজ আদিত নোৱাৰা সেই কাৰণে
মধুবনলৈ সজীব হ’ব আহে। একান্তত গৈ কোনোবা পাহাৰত বহি স্মৃতিৰ যাত্ৰাত থাকা লাগিলে
এগৰাকীয়েই যোৱা বা 2-3 গৰাকীয়েই যোৱা। ইয়াত বহুত ভাল সুযোগ পোৱা যায়। এই পিতাৰ
স্মৃতিয়ে হৈছে মুখ্য। ভাৰতৰ প্ৰাচীন যোগ অতি প্ৰসিদ্ধ। এতিয়া তোমালোকে বুজি পোৱা যে
এই স্মৃতিৰ যাত্ৰাৰে পাপ খণ্ডন হয়। আমি সতোপ্ৰধান হৈ যাম। গতিকে ইয়াত বহুত উচ্চ
পুৰুষাৰ্থ কৰিব লাগে, যেতিয়া কাম কৰিও পিতাক স্মৰণ কৰি দেখুওৱাবা সেয়াহে বাহাদুৰিৰ
কথা। কৰ্মতো কৰিবই লাগে কিয়নো তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। গৃহস্থালিত থাকিও
পেছাগত কাম-কাজ আদি কৰি বুদ্ধিত যাতে পিতাৰ স্মৃতি থাকে, ইয়াত তোমালোকৰ বহুত
উপাৰ্জন আছে। যদিও এতিয়া কোনো কোনো সন্তানৰ বুদ্ধিত সেয়া উদয় নহয়। পিতাই কৈ থাকে
খতিয়ানৰ তালিকা ৰাখা। বহুত কমেহে লিখে। পিতাই যুক্তিতো বহুত শুনায়। সন্তানে বিচাৰে
বাবাৰ ওচৰলৈ যাওঁ। ইয়াত বহুত উপাৰ্জন কৰিব পাৰে। একান্ত বহুত ভাল। পিতাই সন্মুখত বহি
বুজায় - মোক স্মৰণ কৰিলেহে পাপ খণ্ডন হ'ব কিয়নো জন্ম-জন্মান্তৰৰ পাপ শিৰত আছে।
বিকাৰৰ কাৰণে কিমান কাজিয়া হয়, বিঘিনি আহে। কয় - বাবা মোক পৱিত্ৰ হৈ থাকিব নিদিয়ে।
পিতাই কয় - সন্তানসকল, তোমালোক স্মৃতিৰ যাত্ৰাত থাকি শিৰত জন্ম-জন্মান্তৰৰ যি পাপ
আছে, সেই বোজা আঁতৰোৱা। ঘৰত বহি শিৱবাবাক স্মৰণ কৰি থাকা। স্মৰণতো যিকোনো ঠাইতে বহি
কৰিব পাৰা। য'তেই নাথাকা এইটো অভ্যাস কৰিব লাগে। যিয়েই আহে তেওঁকো পিতাৰ পৰিচয় দিয়া।
পিতাই কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, ইয়াকে যোগবল বুলি কোৱা হয়। বল মানে
সামৰ্থ্য, শক্তি। পিতাক সৰ্বশক্তিমান বুলি নকয় জানো। তেন্তে সেই শক্তি পিতাৰ পৰা
কেনেকৈ পাবা? পিতাই নিজে কয় - মোক স্মৰণ কৰা। তোমালোক অৱনমিত হৈ হৈ তমোপ্ৰধান হৈ
গৈছা গতিকে সেই শক্তি একেবাৰে নোহোৱা হৈ গৈছে। পাইটোৰ সমানো (অকণমানো) নাই।
তোমালোকৰ মাজতো কিছুমান আছে যিয়ে ভালদৰে বুজায়, পিতাক স্মৰণ কৰে।
গতিকে নিজক সুধিব লাগে
- মোৰ খতিয়ানৰ তালিকা কেনেকুৱা? পিতাইতো সকলো সন্তানকে কয়, স্মৃতিৰ যাত্ৰা হৈছে
মুখ্য। স্মৃতিৰ দ্বাৰাহে পাপ খণ্ডন হ’ব। কোনো সাৱধান কৰি দিওঁতা নাথাকিলেও পিতাক
স্মৰণ কৰিব পাৰা। লাগিলে বিদেশত অকলেই থাকা, তথাপিও স্মৃতিত থাকিব পাৰা। ধৰি লোৱা
কোনোবা বিবাহ পাশত আৱদ্ধ হৈছে, স্ত্ৰী অন্য ঠাইত থাকে, গতিকে তেওঁকো লিখিব পাৰা -
আপুনি কেৱল এটা কথাই স্মৰণ কৰা - পিতাক স্মৰণ কৰিলে জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ
যাব। বিনাশ সমাগত। পিতাই যুক্তিতো বহুত ভালদৰে বুজাই দিয়ে কোনোবাই কৰে বা নকৰে সেয়া
তেওঁৰ কথা। সন্তানসকলেও বুজি পায় যে পিতাই ৰায়তো বহুত ভাল দিয়ে। আমাৰ কাম হ'ল
মিত্ৰ-সম্বন্ধীয় আদি যাকেই লগ পোৱা যায় সকলোকে পিতাৰ পৰিচয় দিয়া। মিত্ৰই হওক বা
অন্য কোনোবাই হওক, সেৱাৰ প্ৰতি আগ্ৰহ থকা উচিত। তোমালোকৰ ওচৰত চিত্ৰতো আছে, বেজো আছে।
এয়া বহুত ভাল বস্তু। বেজে যিকোনো লোককে লক্ষ্মী-নাৰায়ণ কৰি তুলিব পাৰে। ত্রিমূৰ্তি
চিত্ৰৰ ওপৰত ভালদৰে বুজাব লাগে, তাৰ ওপৰত শিৱবাবা আছে। তেওঁলোকে ত্ৰিমূৰ্তিৰ চিত্ৰ
আঁকে, ওপৰত শিৱবাবাক নেদেখুৱায়। শিৱক নজনাৰ কাৰণে ভাৰতৰ নাও ডুবিল। এতিয়া শিৱবাবাৰ
দ্বাৰাহে ভাৰতৰ নাও পাৰ হয়। আহ্বান জনায় - পতিত-পাৱন আহি আমাক পতিতসকলক পাৱন কৰি
তোলক তথাপি আকৌ সৰ্বব্যাপি বুলি কৈ দিয়ে। কিমান ডাঙৰ ভুল। পিতাই বহি বুজায় -
তোমালোকে এনেকৈ এনেকৈ ভাষণ দিব লাগে। পিতায়ো নিৰ্দেশনা দি থাকে – এনেকৈ সংগ্ৰাহালয়
স্থাপনা কৰা, সেৱা কৰা তেতিয়া বহুত আহিব। চাৰ্কাছো ডাঙৰ ডাঙৰ চহৰত অনুষ্ঠিত কৰে নহয়।
কিমান তেওঁলোকৰ ওচৰত সামগ্ৰী থাকে। গাওঁ গাওঁৰ পৰা চাবলৈ লোক আহে সেয়েহে বাবাই কয়
তোমালোকেও এনেকুৱা সুন্দৰ সংগ্ৰহালয় স্থাপনা কৰা, যাতে দেখি আনন্দিত হৈ যায় তেতিয়া
অন্যকো গৈ শুনাব। এইটোও বুজায় যে যি সেৱা হয়, কল্প পূৰ্বৰ দৰে, কিন্তু সতোপ্ৰধান
হোৱাৰ হেপাঁহ বহুত ৰাখিব লাগে। ইয়াতেই সন্তানসকলে গাফিলতি কৰে। মায়াই বিঘিনিও এই
স্মৃতিৰ যাত্ৰাতেই আনে। নিজৰ অন্তৰক সুধিব লাগে - ইমান আমাৰ হেঁপাহ আছেনে, যত্ন
কৰোঁনে? জ্ঞানতো সাধাৰণ কথা। পিতাৰ অবিহনে 84ৰ চক্ৰৰ কথা কোনেও বুজাব নোৱাৰে। বাকী
স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। পাছলৈ যেন একমাত্ৰ পিতাৰ বাহিৰে একোৱেই স্মৃতিত নাহে।
পিতাই নিৰ্দেশনাতো পূৰ্ণ ৰূপে দিয়েই থাকে। মুখ্য কথা হৈছে স্মৰণ কৰাৰ। তোমালোকে
যিকোনো লোককে বুজাব পাৰা। যেনেকুৱা লোকেই নহওক তোমালোকে কেৱল বেজৰ ওপৰত বুজোৱা।
অন্য কাৰো ওচৰত এনেকুৱা অৰ্থ সহিত ‘মেডেল’ নাথাকে। মিলিটেৰীসকলে ভাল কাম কৰিলে
তেতিয়া তেওঁলোকে ‘মেডেল’ প্ৰাপ্ত কৰে। ৰায় চাহাবৰ ‘মেডেল’, সকলোৱে দেখে এওঁ
ভায়চৰায়ৰ (ৰাজপ্ৰতিনিধিৰ) পৰা উপাধি লাভ কৰিছে। আগতে ভায়চৰায় আছিল। এতিয়াতো
তেওঁলোকৰ কোনো শক্তি নাই। এতিয়াতো কিমান কাজিয়া লাগি থাকে। মনুষ্য বহুত হৈ গৈছে,
গতিকে তেওঁলোকৰ কাৰণে চহৰত মাটি লাগে। এতিয়া বাবাই স্বৰ্গ স্থাপনা কৰি আছে,
ইমানবিলাক সকলো শেষ হৈ বাকী কিমান কম সংখ্যক থাকিবগৈ। মাটি বহুত থাকিব। তাত সকলো
নতুন হ'ব। সেই নতুন সৃষ্টিলৈ যাবৰ কাৰণে আকৌ ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। প্ৰত্যেক
মনুষ্যই পুৰুষাৰ্থ কৰে বহুত উচ্চ পদ পাবৰ কাৰণে। কোনোবাই যদি সম্পূৰ্ণ পুৰুষাৰ্থ
নকৰে তেন্তে বুজি পায় যে অনুত্তীৰ্ণ হৈ যাব। নিজেও বুজি পায় যে মই অনুত্তীৰ্ণ হৈ
যাম তেতিয়া পঢ়া আদি সকলো এৰি চাকৰিত লাগি যায়। আজিকালিতো চাকৰিতো বহুত কঠিন নিয়ম
উলিয়াই থাকে। মনুষ্য বহুত দুখী। এতিয়া বাবাই তোমালোকক এনেকুৱা ৰাস্তা দেখুৱাই দিয়ে
যে 21 জন্ম কেতিয়াও দুখৰ নাম নাথাকিব। পিতাই কয় - কেৱল স্মৃতিৰ যাত্ৰাত থাকা। যিমান
সম্ভৱ, ৰাতি বহুত ভাল। লাগিলে বাগৰি থাকি স্মৰণ কৰা। কাৰোবাৰ আকৌ টোপনি আহি যায়।
বৃদ্ধ লোক হ’লে, বেছি সময় বহিব নোৱাৰে তেন্তে নিশ্চয় শুই পৰিব। বাগৰি থাকি পিতাক
স্মৰণ কৰি থাকিব। অন্তৰ বহুত আনন্দিত হৈ থাকিব কিয়নো বহুত উপাৰ্জন হয়। তেওঁলোকেতো
ভাবে - সময় বাকী আছে, কিন্তু মৃত্যুৰ কোনো ঠিকনা নাই। সেই কাৰণে পিতাই বুজায় -
মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। বাহিৰত চহৰত অসুবিধা হয়। ইয়ালৈ আহিলে বহুত ভাল সুযোগ
পোৱা যায়। চিন্তাৰ কোনো কথা নাই। সেইকাৰণে ইয়াত খতিয়ান বঢ়াই থাকা। তোমালোকৰ চৰিত্ৰও
ইয়াৰ দ্বাৰা শুধৰণি হৈ যাব। কিন্তু মায়া বৰ শক্তিশালী। ঘৰতে থকাসকলে ইমান মূল্য
নিদিয়ে, যিমান বাহিৰৰসকলে দিয়ে। তথাপিও এই সময়ত গোপসকলৰ ফলাফল ভাল।
কোনো কোনো কুমাৰীয়ে
লিখে – বিয়াৰ বাবে বহুত অশান্ত কৰি থাকে, কি কৰোঁ? যিসকল মজবুত হুচিয়াৰ কুমাৰী হ’ব
তেওঁলোকে কেতিয়াও এনেকৈ নিলিখে। লিখিলে বাবাই বুজি পায় যায় - ভেড়া-ছাগলী। জীৱনটোক
বচোৱা এয়াতো নিজৰ হাতত আছে। এইখন জগতত অনেক প্ৰকাৰৰ দুখ আছে। এতিয়া পিতাইতো সহজকৈ
শুনায়।
তোমালোক সন্তানসকলতো
মহান ভাগ্যশালী হোৱা, যে আহি পিতাৰ হৈছা। পিতাই কিমান উচ্চ কৰি তোলে। তথাপিও
তোমালোকে পিতাক গালি দিয়া, সেয়াও মিছা বদনাম। ইমান তমোপ্ৰধান হ’লা যে সেই বিষয়ে
নুসুধিবাই। কোনোবাই ইয়াতকৈ বেছি আৰু কি সহ্য কৰিব পাৰে। এনেকৈ কয় নহয় - বেছি দিগদাৰি
কৰিলে খতম্ কৰি দিম। সেয়েহে এয়া পিতাই বহি বুজায়। শাস্ত্ৰততো কাহিনী লিখি দিছে।
পিতাই যুক্তিতো (উপায়) বহুত সহজ শুনায়। কৰ্ম কৰি থাকিও স্মৰণ কৰা, ইয়াৰ পৰা বহুত
লাভ হয়। ৰাতিপুৱা আহি স্মৃতিত বহা। বহুত ভাল লাগিব। পিছে ইমান আগ্ৰহ নাই। শিক্ষকে
বিদ্যাৰ্থীৰ চাল-চলনৰ পৰাই বুজি পায় – এওঁ অনুত্তীৰ্ণ হ’ব। পিতায়ো বুজি পায় - এওঁ
অনুত্তীৰ্ণ হ’ব, তাকো কল্প-কল্পান্তৰৰ বাবে। যদিও ভাষণ দিয়াত বহুত হুচিয়াৰ,
প্ৰদৰ্শনীও বুজাব পাৰে, কিন্তু স্মৃতিত নাথাকে, ইয়াতেই অনুত্তীৰ্ণ হৈ যায়। এয়াও যেন
অৱজ্ঞাহে কৰে। নিজৰেই কৰে, শিৱবাবাৰতো অৱজ্ঞা নহয়। এনেকৈ কোনেও ক’ব নোৱাৰে যে মোৰ
স্মৰণ কৰিবলৈ আহৰিয়ে নাই। বাবাই মানি নলয়। স্নান কৰোঁতেও স্মৰণ কৰিব পাৰা। ভোজন
কৰোঁতেও পিতাক স্মৰণ কৰা, ইয়াত বহুত উপাৰ্জন হয়। কোনো সন্তান কেৱল ভাষণ দিয়াৰ বাবে
প্ৰসিদ্ধ, যোগ নাই। সেই অহংকাৰেও অৱনমিত কৰি দিয়ে। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সৰ্বশক্তিমান পিতাৰ পৰা শক্তি ল'বলৈ স্মৃতিৰ খতিয়ান বঢ়াব লাগে। স্মৃতিত থকাৰ
ভিন্ন ভিন্ন যুক্তি ৰচিব (উপায় উলিয়াব) লাগে। একান্তত বহি বিশেষ উপাৰ্জন জমা কৰিব
লাগে।
(2) সতোপ্ৰধান হোৱাৰ
নিচা থাকিব লাগে। গাফিলতি কৰিব নালাগে। অহংকাৰত আহিব নালাগে। সেৱাৰ চখো থাকিব লাগে,
লগতে স্মৃতিৰ যাত্ৰাতো থাকিব লাগে।
বৰদান:
সকলো পিতাক
অৰ্পণ কৰি পদুম ফুলৰ সমান উপৰাম আৰু স্নেহী হৈ থাকোঁতা ‘ডবল লাইট’ হোৱা
পিতাৰ হোৱা অৰ্থাৎ
সকলো বোজা পিতাক দি দিয়া। ‘ডবল লাইট’ৰ অৰ্থই হৈছে সকলো বোজা পিতাক অৰ্পণ কৰা। এই
শৰীৰো মোৰ নহয়। গতিকে যেতিয়া শৰীৰেই নাই তেন্তে বাকী আৰু কি থাকিল। তোমালোক সকলোৰে
প্ৰতিশ্ৰুতিয়েই হৈছে শৰীৰো তোমাৰ, মনো তোমাৰ, ধনো তোমাৰ - যেতিয়া সকলোবোৰ তোমাৰ বুলি
ক’লা তেন্তে বোজা কিহৰ সেইবাবে পদুম ফুলৰ দৃষ্টান্ত স্মৃতিত ৰাখি সদায় উপৰাম আৰু
স্নেহী হৈ থাকা তেতিয়া ‘ডবল লাইট’ হৈ যাবাগৈ।
স্লোগান:
আত্মিকতাৰে ক্ৰোধ সমাপ্ত কৰি, নিজক শৰীৰৰ স্মৃতিৰ পৰা গলাই দিওঁতাজনেই সঁচা পাণ্ডৱ।
প্ৰীতি বুদ্ধিৰ হৈ
বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:
সদায় পিতাৰ
সান্নিধ্যৰ অনুভৱ কৰি গৈ থাকা তেতিয়া বিজয়ী হৈ থাকিবা কিয়নো সান্নিধ্যৰ অনুভৱী আত্মা
প্ৰেমত লীন হৈ থাকে। তেওঁ কাৰো প্ৰভাৱত আহিব নোৱাৰে, সদায় সমৰ্থ পিতাৰ সান্নিধ্যত
থাকোঁতা সমৰ্থ আত্মাই সদায় মায়াক প্ৰত্যাহ্বান জনাই বিজয় প্ৰাপ্ত কৰি লয়। মায়া অহা
– এয়া কোনো ডাঙৰ কথা নহয়, কিন্তু মায়াই যাতে নিজৰ ৰূপ নেদেখুৱায় তেতিয়া বিজয়ী বুলি
কোৱা হ’ব।