20.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিত থকাৰ অভ্যাস কৰা তেতিয়া সদায় হৰ্ষিত মুখৰ, প্ৰফুল্লিত হৈ থাকিবা, পিতাৰ
সহায় পাই থাকিবা, কেতিয়াও জঁই পৰি নোযোৱা"
প্ৰশ্ন:
তোমালোক
সন্তানসকলে এই ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন কোনটো নিচাত কটাব লাগে?
উত্তৰ:
সদায় নিচা থাকিব লাগে যে আমি এই পঢ়া পঢ়ি ৰাজকুমাৰ-ৰাজকুমাৰী হ’মগৈ। এইটো জীৱন
হাঁহি-ধেমালি কৰি, জ্ঞানৰ নৃত্য কৰি কটাব লাগে। সদায় উত্তৰাধিকাৰী হৈ ফুল হ’বলৈ
পুৰুষাৰ্থ কৰি থাকা। এয়া হৈছে ৰাজকুমাৰ-ৰাজকুমাৰী হোৱা কলেজ। ইয়াত পঢ়িবও লাগে আৰু
পঢ়াবও লাগে, প্ৰজাও তৈয়াৰ কৰিব লাগে তেতিয়াহে ৰজা হ’ব পাৰিবা। পিতাতো জ্ঞানযুক্ত
হয়েই, তেওঁৰ পঢ়াৰ দৰকাৰ নাই।
গীত:
বচপন কে দিন
ভূলা ন দেনা … (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা …)
ওঁম্শান্তি।
এই গীতটি
বিশেষকৈ সন্তানসকলৰ বাবে। হওঁতে চিনেমাৰ গীত কিন্তু কিছুমান গীত তোমালোকৰ কাৰণেই।
যিসকল সু-সন্তান তেওঁলোকে গীত শুনাৰ সময়ত তাৰ অৰ্থ নিজৰ অন্তৰত উপলব্ধি কৰিব লাগে।
পিতাই বুজায় - মোৰ মৰমৰ সন্তানসকল, কাৰণ তোমালোক সন্তান হৈছা। যিহেতু সন্তান হ’লা
গতিকে উত্তৰাধিকাৰো স্মৃতিত থাকে। সন্তানেই যদি নোহোৱা তেন্তে পৰিশ্ৰম কৰি স্মৰণ
কৰিব লাগে। সন্তানসকলৰ স্মৃতি থাকে যে আমি ভৱিষ্যতে পিতাৰ উত্তৰাধিকাৰ ল’ম। এয়া
হয়েই ৰাজযোগ, প্ৰজাযোগ নহয়। আমি ভৱিষ্যতে ৰাজকুমাৰ-ৰাজকুমাৰী হ’মগৈ। আমি তেওঁৰ
সন্তান বাকী যিসকল মিত্ৰ-সম্বন্ধীয় আদি আছে সেই সকলোকে পাহৰিবলগীয়া হয়। এজনৰ বাহিৰে
অন্য কোনো যাতে স্মৃতিলৈ নাহে। শৰীৰো যাতে স্মৃতিলৈ নাহে। দেহ-অভিমান এৰি
দেহী-অভিমানী হ’ব লাগে। দেহ-অভিমানত আহিলেই অনেক প্ৰকাৰৰ সংকল্প-বিকল্পই ওলোটাই
পেলাই দিয়ে। স্মৃতিত থকাৰ অভ্যাস কৰি থাকিলে তেতিয়া সদায় হৰ্ষিত মুখৰ, প্ৰফুল্লিত
ফুলৰ দৰে হৈ থাকিবা। স্মৃতি বিস্মৃতি হ’লেই ফুল জঁই পৰি যায়। সন্তানে সাহস ৰাখিলে
পিতাই সহায় কৰে। সন্তানেই যদি নোহোৱা তেন্তে পিতাই কোনটো কথাত সহায় কৰিব? কাৰণ
তেওঁলোকৰ মাতা-পিতা হ’ল ৰাৱণ মায়া, গতিকে অৱনমিত হোৱাত ৰাৱণৰ সহায় পাব। গতিকে এই
গোটেই গীতটি তোমালোক সন্তানসকলক লৈয়ে ৰচা হৈছে – “বচপন কে দিন ভুলা ন দেনা…”। পিতাক
স্মৰণ কৰিব লাগে, যদি স্মৰণ নকৰা তেন্তে আজি হাঁহিবা কাইলৈ আকৌ কান্দি থাকিবা।
স্মৃতিত থাকিলে সদায় হৰ্ষিত মুখৰ হৈ থাকিবা। তোমালোক সন্তানসকলে জানা এখনেই ‘গীতা’
শাস্ত্ৰ, য’ত কিছুমান শব্দ ঠিকেই আছে। লিখা আছে যে যুদ্ধক্ষেত্ৰত মৰিলে স্বৰ্গলৈ
যাব। কিন্তু ইয়াত হিংসক যুদ্ধৰ কথাতো নাই। তোমালোক সন্তানসকলে পিতাৰ পৰা শক্তি লৈ
মায়াৰ ওপৰত বিজয় হ’ব লাগে। তেন্তে নিশ্চয় পিতাক স্মৰণ কৰিব লাগে তেতিয়াহে তোমালোক
স্বৰ্গৰ মালিক হ’বাগৈ। তেওঁলোকে আকৌ স্থূল অস্ত্ৰ আদি দেখুৱাই দিছে। ‘জ্ঞান কটাৰী’,
‘জ্ঞান বাণ’ আদি শব্দ শুনিছে সেয়েহে স্থূল ৰূপত অস্ত্ৰ দি দিছে। বাস্তৱত এয়া হ’ল
জ্ঞানৰ কথা। বাকী ইমান ভূজা আদিতো কাৰো নাথাকে। গতিকে এয়া হ’ল যুদ্ধক্ষেত্ৰ। যোগত
থাকি শক্তি লৈ বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ
স্মৃতিলৈ আহিব। উত্তৰাধিকাৰীয়েই সম্পত্তি লয়। উত্তৰাধিকাৰী নহ’লে আকৌ প্ৰজা হৈ যায়।
এয়া হৈছেই ৰাজযোগ, প্ৰজাযোগ নহয়। এই বুজনি পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে।
পিতাই কয় - মই এই
সাধাৰণ শৰীৰৰ আধাৰ লৈ আহিবলগীয়া হয়। প্ৰকৃতিৰ আধাৰ নোলোৱাকৈ তোমালোক সন্তানসকলক
ৰাজযোগ কেনেকৈ শিকাওঁ? আত্মাই শৰীৰ ত্যাগ কৰিলে তেতিয়া কোনো বাৰ্তালাপ হ’ব নোৱাৰে।
আকৌ যেতিয়া শৰীৰ ধাৰণ কৰিব, শিশুটি অলপ ডাঙৰ হ’ব তেতিয়া বাহিৰলৈ ওলাব আৰু বুদ্ধি
উদয় হ’ব। শিশুসকলতো পৱিত্ৰই হয়, সিহঁতৰ বিকাৰ নাথাকে। সন্ন্যাসী লোকসকলে ছিৰি বগায়
আকৌ তললৈ নামে। নিজৰ জীৱনক বুজিব পাৰে। শিশুতো পৱিত্ৰ হয়েই, সেইকাৰণে শিশু আৰু
মহাত্মা একে সমান বুলি গায়ন কৰা হয়। তোমালোক সন্তানসকলে জানা এই শৰীৰ এৰি আমি
ৰাজকুমাৰ-ৰাজকুমাৰী হ’মগৈ। আগতেও আমি হৈছিলোঁ, এতিয়া আকৌ হ’মগৈ। বিদ্যাৰ্থীৰ এনেকুৱা
খেয়াল চলি থাকে। এইটোও সেইসকলৰ বুদ্ধিত উদয় হ’ব যিসকল সন্তান হ’ব, আৰু বিশ্বাসী,
আজ্ঞাকাৰী হৈ শ্ৰীমতত চলিব। নহ’লে শ্ৰেষ্ঠ পদ পাব নোৱাৰে। শিক্ষকতো জ্ঞানযুক্ত হয়েই।
এনেকুৱা নহয় যে তেওঁ পঢ়ি উঠি আকৌ পঢ়ায়। নহয়, শিক্ষকতো জ্ঞানযুক্ত হয়েই। তেওঁক
জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আন কোনেও নাজানে।
প্ৰথমেতো নিশ্চয় জন্মিব লাগে যে তেওঁ পিতা। যদি কাৰোবাৰ ভাগ্যত নাই তেনেহ’লে অন্তৰত
খুদুৱনি লাগি থাকিব। গম নাপাব। বাবাই বুজাইছে, যেতিয়া তোমালোক পিতাৰ কোলাত আহিবা
তেতিয়া এই বিকাৰৰ বেমাৰ আৰু বেছি জোৰেৰে বাহিৰলৈ ওলাব। বৈদ্য লোকেও কয় – বেমাৰ উথলি
আহিব। পিতায়ো কয় - তোমালোক সন্তান হ’লে তেতিয়া দেহ-অভিমানৰ আৰু কাম-ক্ৰোধ আদিৰ
বেমাৰ বাঢ়িব। নহ’লে পৰীক্ষা কেনেকৈ হ’ব? কোনোবা কথাত বিবুদ্ধিত পৰিলে সুধি থাকিবা।
যেতিয়া তোমালোক পালোৱান হোৱা তেতিয়া মায়াই খুব জোৰেৰে ঘোচা মাৰে। তোমালোক
মুষ্টিযুদ্ধত আছা। যদি সন্তান নহয় তেন্তে মুষ্টিযুদ্ধৰ কথা নাই। তেওঁলোকেতো নিজৰেই
সংকল্প-বিকল্পৰ জালত সোমাই পৰে, কাৰো সহায় নাপায়। পিতাই বুজায় - মম্মা-বাবা বুলি
কৈছা যেতিয়া পিতাৰ সন্তান হ’ব লাগে, তাৰপাছত এইটো অন্তৰত দৃঢ় হৈ যায় যে এওঁ আমাৰ
আত্মিক পিতা। বাকী এয়া হৈছে যুদ্ধক্ষেত্ৰ, ইয়াত ভয় কৰিব নালাগে যে ক’ব নোৱাৰো মায়াৰ
ধূমুহাত তিষ্ঠি থাকিব পাৰিম নে নোৱাৰিম? তেনেকৈ ভবাজনক দুৰ্বল বুলি কোৱা হয়। ইয়াত
সিংহৰ দৰে হ’ব লাগে। পুৰুষাৰ্থৰ কাৰণে ভাল মত ল’ব লাগে। পিতাক সুধিব লাগে। বহুত
সন্তানে নিজৰ অৱস্থাৰ বিষয়ে লিখি পঠিয়ায়। পিতাইহে প্ৰমাণপত্ৰ দিব লাগিব। এওঁৰ (ব্ৰহ্মাৰ)
পৰা লুকুৱালেও শিৱবাবাৰ পৰা লুকুৱাব নোৱাৰি। বহুত আছে যিয়ে লুকুৱায় কিন্তু তেওঁৰ পৰা
একো লুকাই নাথাকে। ভালৰ ভাল ফল, বেয়াৰ বেয়া ফল। সত্যযুগ-ত্ৰেতাততো সকলো ভালেই হয়।
ভাল-বেয়া পাপ-পুণ্য ইয়াত থাকে। তাত দান-পুণ্যও কৰা নহয়। সেয়া হয়েই প্ৰালব্ধ। ইয়াত
আমি সম্পূৰ্ণ সমৰ্পিত হওঁ তেতিয়া প্ৰতিদানত বাবাই 21 জন্মৰ কাৰণে দি দিয়ে। পিতাক
অনুসৰণ কৰিব লাগে। যদি ওলোটা কাম কৰা তেন্তে পিতাৰ নামো বদনাম কৰিবা সেইকাৰণে শিক্ষা
দিব লগা হয়। জ্ঞানী-যোগীও সকলো হ’ব লাগে। আমাক আত্মাসকলক পিতাই পঢ়াইছে আকৌ বৰষিবও (আনকো
পঢ়াবও) লাগে। সঁচা ব্ৰাহ্মণে সঁচা ‘গীতা’ শুনাব লাগে। অন্য কোনো শাস্ত্ৰৰ কথা নাই।
মুখ্য হ’ল ‘গীতা’। বাকী সকলো সতি-সন্ততি। তাৰ পৰা কাৰো কল্যাণ নহয়। মোক কোনেও নাপায়।
মইহে আহি পুনৰাই সহজ জ্ঞান, সহজ যোগ শিকাওঁহি। সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে ‘গীতা’,
সেই সঁচা ‘গীতা’ৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। শ্ৰীকৃষ্ণয়ো ‘গীতা’ৰ দ্বাৰা
উত্তৰাধিকাৰ পালে, ‘গীতা’ৰো পিতা যিজন ৰচয়িতা, তেওঁ উত্তৰাধিকাৰ দিয়ে। বাকী ‘গীতা’
শাস্ত্ৰৰ পৰা উত্তৰাধিকাৰ নাপায়। ৰচয়িতা হ’ল এজন, বাকী সকলো তেওঁৰ ৰচনা। প্ৰথম
নম্বৰৰ শাস্ত্ৰ হ’ল ‘গীতা’, গতিকে পাছত যিবোৰ শাস্ত্ৰ ৰচা হয় সেইবিলাকৰ পৰাও
উত্তৰাধিকাৰ পাব নোৱাৰে। উত্তৰাধিকাৰ সন্মুখতে পোৱা যায়। মুক্তিৰ উত্তৰাধিকাৰতো
সকলোৱে পাব, সকলোৱে উভতি যাব লাগিব। বাকী স্বৰ্গৰ উত্তৰাধিকাৰ পঢ়াৰ দ্বাৰা পোৱা যায়।
আকৌ যিয়ে যিমান পঢ়িব। পিতাই সন্মুখত পঢ়ায়। যেতিয়ালৈকে নিশ্চয় নহয় যে কোনে পঢ়াইছে
তেন্তে কি বুজিব? কি প্ৰাপ্তি কৰিব পাৰিব? তথাপিও পিতাৰ পৰা শুনি থাকিলে জ্ঞানৰ
বিনাশ নহয়। যিমান সুখ পাব আকৌ আনকো সুখ দিব। প্ৰজা তৈয়াৰ কৰিলে তেতিয়া নিজে ৰজা হৈ
যাব।
আমাৰ হৈছে বিদ্যাৰ্থী
জীৱন। হাঁহি-ধেমালি কৰি, জ্ঞানৰ নৃত্য কৰি আমি গৈ ৰাজকুমাৰ হ’মগৈ। বিদ্যাৰ্থীয়ে জানে
আমি ৰাজকুমাৰ হ’মগৈ সেয়েহে আনন্দৰ সীমা থাকিব নালাগে। এইখনতো ৰাজকুমাৰ-ৰাজকুমাৰীৰ
কলেজ। তাত ৰাজকুমাৰ-ৰাজকুমাৰীৰ বাবে পৃথক কলেজ থাকিব। বিমানত উঠি যাব। তাৰ বিমানো
সম্পূৰ্ণ নিৰাপদ, কেতিয়াও ভাঙিব নোৱাৰে। কেতিয়াও কোনো প্ৰকাৰৰ দুৰ্ঘটনা হ’বলগীয়া
নাই। এই সকলোবোৰ বুজিবলগীয়া কথা। এফালে পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ ৰাখিব লাগে,
আনফালে পিতাক সকলো খবৰ জনাব লাগে যে কোন কোন কাঁইটৰ পৰা কলি হৈছে? পিতাৰ সৈতে পূৰা
সম্বন্ধ ৰাখিব লাগে যাতে আকৌ শিক্ষকেও নিৰ্দেশনা দি থাকে। কোনে কোনে উত্তৰাধিকাৰী
হৈ ফুল হ’বলৈ পুৰুষাৰ্থ কৰি আছে? কাঁইটৰ পৰা কলি হয় আকৌ ফুল তেতিয়াহে হ’ব যেতিয়া
সন্তান হ’ব। নহ’লে কলি কলিয়েই হৈ থাকিব অৰ্থাৎ প্ৰজাত আহি যাব। এতিয়া যিয়ে যেনেকুৱা
পুৰুষাৰ্থ কৰিব, তেনেকুৱাই পদ পাব। এনেকুৱা নহয় যে এজন দৌৰিলে আমি তেওঁৰ নেজত ধৰি
ল’ম। ভাৰতবাসীয়ে এনেকৈ ভাবে। কিন্তু নেজত ধৰাৰ কথাই নহয়, যিয়ে কৰিব তেৱেঁই পাব। যিয়ে
পুৰুষাৰ্থ কৰিব, 21 প্ৰজন্ম তেওঁৰ প্ৰালব্ধ হ’ব। বৃদ্ধতো নিশ্চয় হ’ব। কিন্তু অকাল
মৃত্যু নহয়। কিমান শ্ৰেষ্ঠ পদ। পিতাই বুজি পায় এওঁৰ ভাগ্য উদয় হৈছে, উত্তৰাধিকাৰী
হৈছে। এতিয়া পুৰুষাৰ্থী হয় আকৌ ৰিপ’টো কৰে (খতিয়ান দিয়ে), বাবা এইটো এইটো বিঘ্ন আহে,
এনেকুৱা হয়। প্ৰত্যেকেই খতিয়ান দিবলগীয়া হয়। ইমান পৰিশ্ৰম অন্য কোনো সৎসংগত নহয়।
বাবাইতো সৰু সৰু ল’ৰা-ছোৱালীকো বাৰ্তাবাহক কৰি দিয়ে। যুদ্ধত বাতৰি যোগনীয়াৰো নালাগে
জানো। এয়া হৈছে যুদ্ধক্ষেত্ৰ। তোমালোকে ইয়াত সন্মুখত শুনা সেয়েহে বহুত ভাল লাগে,
অন্তৰ আনন্দিত হৈ যায়। বাহিৰলৈ গ’ল আৰু বগলীৰ সংগ পালে তেতিয়া আনন্দ নাইকিয়া হৈ যায়।
তাত মায়াৰ ধুলি আছে সেইকাৰণে পৰিপক্ক হ’ব লাগে।
বাবাই কিমান মৰমেৰে
পঢ়ায়, কিমান সুবিধা দিয়ে। এনেকুৱাও বহুত আছে যিসকলে ভাল ভাল বুলি কৈ নোহোৱা হৈ যায়,
কোনোবা বিৰলজনহে তিষ্ঠি থাকিব পাৰে। ইয়াততো জ্ঞানৰ নিচা থাকিব লাগে। মদৰো নিচা থাকে
নহয়। কোনোবা দেউলীয়াই যদি মদ্যপান কৰে, খুব নিচা লাগিলে তেতিয়া ভাবে মইতো ৰজাৰো ৰজা।
ইয়াত তোমালোক সন্তানসকলে নিতৌ জ্ঞান অমৃতৰ পিয়লা পোৱা। ধাৰণা কৰিবৰ কাৰণে
দিনে-প্ৰতিদিনে এনেকুৱা সাৰ কথা পাই থাকা যে বুদ্ধিৰ তলাই খুলি যায় সেইকাৰণে মুৰুলী
যেনেকৈ হ’লেও পঢ়িব লাগে। যেনেকৈ নিতৌ ‘গীতা’ পাঠ কৰে নহয়। ইয়াতো নিতৌ পিতাৰ পৰা
পঢ়িব লাগে। সুধিব লাগে মোৰ উন্নতি নহয়, ইয়াৰ কাৰণ কি? আহি বুজিব লাগে। আহিবও সেইসকল
যাৰ পূৰা নিশ্চয়তা আছে যে তেওঁ আমাৰ পিতা। এনেকুৱা নহয় যে নিশ্চয় বুদ্ধিৰ হ’বলৈ
পুৰুষাৰ্থ কৰি আছোঁ। নিশ্চয়তো এবাৰতে জন্মে তাত শতাংশৰ হিচাপ নাথাকে। পিতা এজনেই,
তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। ইয়াত হাজাৰজনে পঢ়ে তথাপিও কয় নিশ্চয় কেনেকৈ কৰোঁ?
তেওঁলোকক দুৰ্ভগীয়া বুলি কোৱা হয়। সৌভাগ্যশালী তেওঁলোক যিয়ে পিতাক চিনি সেইমতে মানি
ল’ব। কোনোবা ৰজাই যদি কয় যে আহি মোৰ কোলাৰ সন্তান হৈ যোৱা তেতিয়া তেওঁৰ কোলাত অহাৰ
লগে-লগে নিশ্চয় হৈ নাযায় জানো। এনেকৈ নক’ব যে নিশ্চয় কেনেকৈ হ’ব? এয়া হৈছেই ৰাজযোগ।
পিতাতো স্বৰ্গৰ ৰচয়িতা গতিকে স্বৰ্গৰ মালিক কৰি তোলে। নিশ্চয় নাই হোৱা যদি তোমাৰ
ভাগ্যত নাই, অন্য কোনোবাই কি কৰিব পাৰিব? মানি যদি নলয় তেন্তে আকৌ ভাগ্য কেনেকৈ উদয়
হ’ব? তেওঁ লেঙেৰা হৈয়ে চলিব। বেহদৰ পিতাৰ পৰা ভাৰতবাসীয়ে কল্পই কল্পই স্বৰ্গৰ
উত্তৰাধিকাৰ পায়। দেৱতাসকল স্বৰ্গতে থাকে। কলিযুগততো ৰজা নাই। প্ৰজাৰ প্ৰজাৰ ওপৰত
ৰাজ্য। পতিত সৃষ্টি তেন্তে ইয়াক পাৱন সৃষ্টি পিতাই নকৰিলে কোনে কৰি তুলিব? ভাগ্যত
নাথাকিলে তেতিয়া বুজি নাপায়। এয়াতো একেবাৰে সহজে বুজিব পৰা কথা। লক্ষ্মী-নাৰায়ণে এই
ৰজাৰ প্ৰালব্ধ কেতিয়া পালে? নিশ্চয় পূৰ্বৰ জন্মৰ কৰ্ম সেইবাবে প্ৰালব্ধ পালে।
লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল, এতিয়া হৈছে নৰক গতিকে এনেকুৱা শ্ৰেষ্ঠ কৰ্ম অথবা
ৰাজযোগ এজন পিতাৰ বাহিৰে অন্য কোনেও শিকাব নোৱাৰে। এতিয়া সকলোৰে অন্তিম জন্ম। পিতাই
ৰাজযোগ শিকাই আছে। দ্বাপৰত জানো ৰাজযোগ শিকাব। দ্বাপৰৰ পাছত জানো সত্যযুগ আহিব।
ইয়াততো বহুত ভালকৈ বুজি যায়। বাহিৰলৈ গ’লেই খালী হৈ যায় যেনেকৈ বাকচৰ পৰা ৰত্ন ওলাই
যায় আৰু পাথৰ থাকি যায়। জ্ঞান শুনি শুনি আকৌ বিকাৰগ্ৰস্ত হ’লে তেতিয়া শেষ। বুদ্ধিৰ
পৰা জ্ঞান ৰত্ন নাইকিয়া হৈ যায়। এনেকৈয়ো বহুতে লিখে - বাবা, যত্ন কৰি কৰি আকৌ আজি
অধঃপতিত হৈ গ’লোঁ। অধঃপতিত হ’লা মানে নিজক আৰু কুল কলংকিত কৰিলা, ভাগ্য ৰেখা মচি
পেলালা। ঘৰতো সন্তানে যদি এনেকুৱা কোনো অকৰ্তব্য কৰে তেতিয়া কয় এনেকুৱা সন্তান মৰি
যোৱা হ’লেই ভাল আছিল। সেইকাৰণে ইয়াত বেহদৰ পিতাই কয় কুলাংগাৰ নহ’বা। যদি বিকাৰ দান
কৰি আকৌ ঘূৰাই লোৱা তেন্তে পদ ভ্ৰষ্ট হৈ যাব। পুৰুষাৰ্থ কৰিব লাগে, বিজয় প্ৰাপ্ত
কৰিব লাগে। আঘাত প্ৰাপ্ত হ’লে আকৌ উঠি যোৱা। বাৰে বাৰে আঘাত প্ৰাপ্ত হৈ থাকিলে হাৰি
বেহুঁচ হৈ যাবা। পিতাই বুজাওঁতেতো বহুতেই বুজায় কিন্তু বুদ্ধিত কিবা ধাৰণ হ’লেহে।
মায়া বৰ তীক্ষ্ণ। পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰিলা, যদি আকৌ অধঃপতিত হোৱা তেন্তে আঘাত বৰ
জোৰকৈ লাগে। পৱিত্ৰতাৰ দ্বাৰাই নাও পাৰ হ’ব। যেতিয়া পৱিত্ৰতা আছিল তেতিয়া ভাৰতৰ তৰা
জিলিকি আছিল। এতিয়াতো ঘোৰ অন্ধকাৰ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই
যুদ্ধক্ষেত্ৰত মায়ালৈ ভয় কৰিব নালাগে, পিতাৰ পৰা পুৰুষাৰ্থৰ কাৰণে ভাল মত লৈ ল’ব
লাগে। বিশ্বাসী, আজ্ঞাকাৰী হৈ শ্ৰীমতত চলি থাকিব লাগে।
(2) আত্মিক নিচাত
থাকিবলৈ জ্ঞান অমৃতৰ পিয়লা নিতৌ পান কৰিব লাগে। মুৰুলী নিতৌ পঢ়িব লাগে। ভাগ্যশালী
হ’বলৈ পিতাৰ প্ৰতি কেতিয়াও সংশয় আনিব নালাগে।
বৰদান:
পিতা ব্ৰহ্মাৰ
সমান জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰোঁতা কৰ্মৰ বন্ধনৰ পৰা মুক্ত হোৱা
পিতা ব্ৰহ্মাই কৰ্ম
কৰিও কৰ্মৰ বন্ধনত আৱদ্ধ নহ’ল। সম্বন্ধ পালন কৰিও সম্বন্ধৰ বন্ধনত আৱদ্ধ নহ’ল। তেওঁ
ধন আৰু সাধনৰ বন্ধনৰ পৰাও মুক্ত হৈ থাকিল, দ্বায়িত্ব পালন কৰিও জীৱনমুক্ত স্থিতিৰ
অনুভৱ কৰিলে। এনেকৈ পিতাক অনুসৰণ কৰা। কোনো ধৰণৰ অতীতৰ হিচাপ-নিকাচৰ বন্ধনত আৱদ্ধ
নহ’বা। সংস্কাৰ, স্বভাৱ, প্ৰভাৱ আৰু দমনৰ বন্ধনতো নাহিবা তেতিয়াহে কৰ্মবন্ধন মুক্ত,
জীৱনমুক্ত বুলি কোৱা হ’ব।
স্লোগান:
তমোগুণী বায়ুমণ্ডলত নিজক সুৰক্ষিত কৰি ৰাখিবলৈ সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰাৰ অভ্যাস
কৰা।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
ব্ৰাহ্মণ জীৱনত যিমান
ব্ৰাহ্মণৰ তোমালোকৰ প্ৰতি স্নেহ, সন্মান অৰ্থাৎ ‘ৰিগাৰ্ড’ থাকিব, অন্তৰেৰে সন্তুষ্ট
হ’ব সিমানে তোমালোক পূজ্য হ’বাগৈ। পূজ্যৰ প্ৰতি স্নেহ আৰু সন্মান থাকে। নিজেও
সন্তুষ্ট আৰু অন্যও সন্তুষ্ট। যদি অসন্তুষ্ট কৰোঁতাই তোমালোকক অসন্তুষ্ট কৰে তেন্তে
তোমালোকে শীতলতা ধাৰণ কৰিবা। তেওঁলোকে তোমালোকক অসন্তুষ্ট কৰক আৰু তোমালোকে
সন্তুষ্টতাৰ জল ঢালা, তেওঁলোকে জুই লগাওঁক আৰু তোমালোকে পানী ঢালা।