21.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক হৈছা চৈতন্য ‘লাইট-হাউচ’, তোমালোকে সকলোকে পিতাৰ পৰিচয় দিব লাগে, ঘৰৰ মাৰ্গ-দৰ্শন কৰাব লাগে”

প্ৰশ্ন:
আগলৈ গৈ কোনটো নিৰ্দেশনা কোনটো বিধিৰে অনেক আত্মাই পাব?

উত্তৰ:
আগলৈ গৈ অনেকে এইটো নিৰ্দেশনা পাব যে তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ ওচৰলৈ যোৱা তেতিয়া তোমালোকক এই বৈকুণ্ঠৰ ৰাজকুমাৰ হোৱাৰ জ্ঞান দিব। এইটো ইংগিত তেওঁলোকে ব্ৰহ্মাৰ সাক্ষাৎকাৰৰ পৰা পাব। বেছি ভাগ ক্ষেত্ৰতে ব্ৰহ্মা আৰু শ্ৰীকৃষ্ণৰে সাক্ষাৎকাৰ হয়। যেনেকৈ আৰম্ভণিত সাক্ষাৎকাৰৰ ভূমিকা চলিল, তেনেকৈ অন্তিমতো চলিব।

ওঁম্শান্তি।
আত্মিক পিতাই সন্তানসকলক সোধে, সকলোকেতো সুধিব নোৱাৰে। নলিনী কন্যাক সুধিছে যে ইয়াত কি কৰি আছা? কাৰ স্মৃতিত বহি আছা? পিতাৰ। কেৱল পিতাৰ স্মৃতিত বহি আছা নে আন কিবাও স্মৃতিলৈ আহিছে? পিতাৰ স্মৃতিৰেতো বিকৰ্ম বিনাশ হ’ব, আৰু কি স্মৃতিলৈ আনা? এইটো বুদ্ধিৰ কাম নহয় জানো। আমি আত্মাসকল নিজৰ ঘৰলৈ যাব লাগে গতিকে ঘৰকো স্মৃতিত ৰাখিব লাগে। বাৰু, আৰু কি কৰিব লাগে? ঘৰত গৈ বহি যাব লাগে জানো! বিষ্ণুৰ হাতত স্বদৰ্শন চক্ৰ দেখুৱায় নহয়। তাৰো অৰ্থ পিতাই এতিয়া বুজাইছে। ‘স্ব’ অৰ্থাৎ আত্মাৰ ‘দৰ্শন’ হ’ল, 84 জন্মৰ চক্ৰৰ। গতিকে সেই চক্ৰও ঘূৰাব লাগে। তোমালোকে জানা যে আমি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই ঘৰলৈ যাম। আকৌ তাৰ পৰা সত্যযুগত ভূমিকা পালন কৰিবলৈ আহিম। পুনৰ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাম। বিষ্ণুৰ কোনো চক্ৰ নাথাকে। তেওঁতো সত্যযুগৰ দেৱতা। বিষ্ণুপুৰী বুলিয়ে কোৱা বা লক্ষ্মী-নাৰায়ণৰ পুৰী বুলিয়ে কোৱা নতুবা স্বৰ্গ বুলিয়ে কোৱা। স্বৰ্গত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। যদি ৰাধা-কৃষ্ণৰ ৰাজ্য বুলি কোৱা তেন্তে এইটো ভুল। ৰাধা-কৃষ্ণৰ ৰাজ্য নহয় কিয়নো দুয়ো বেলেগ বেলেগ ৰাজ্যৰ ৰাজকুমাৰ-ৰাজকুমাৰী আছিল, ৰাজ্যৰ মালিকতো সয়ম্বৰৰ পাছত হয়। গতিকে এয়া যি বিষ্ণুৰ হাতত চক্ৰ দিয়া হৈছে, এই চক্ৰ হৈছে তোমালোকৰ। গতিকে ইয়াত যেতিয়া বহা তেতিয়া কেৱল শান্তিত বহিব নালাগে। প্ৰাপ্তিকো স্মৰণ কৰিব লাগে সেই কাৰণে এই চক্ৰ। পিতাই কয় – তোমালোক ‘লাইট হাউচো’ হোৱা, বাণী, চাল-চলন ‘লাইট-হাউচ’ হ’ব লাগে। এটা চকুত শান্তিধাম, আনটো চকুত সুখধাম। দুয়োখনকে স্মৃতিত ৰাখিব লাগে। স্মৃতিৰে পাপ খণ্ডন হয়। ঘৰক স্মৰণ কৰিলে ঘৰলৈ গুচি যাবা আকৌ চক্ৰকো স্মৰণ কৰিব লাগে। এই গোটেই চক্ৰৰ জ্ঞান তোমালোকে প্ৰাপ্ত কৰিছা। 84 চক্ৰ পৰিক্ৰমা লগালা। এতিয়া মৃত্যুলোকত এয়া অন্তিম জন্ম। নতুন সৃষ্টিক কোৱা হয় অমৰলোক। অমৰ অৰ্থাৎ তোমালোক সদায় জীৱিত হৈ থাকা। তোমালোক কেতিয়াও নমৰা। ইয়াততো বহি থাকোতেই হঠাৎ মৃত্যু হৈ যায়। বেমাৰ আদি হয়, তাত মৃত্যুৰ ভয় নাই কিয়নো অমৰলোক হয়। তোমালোক বৃদ্ধ হোৱা তথাপিও জ্ঞান থাকে যে আমি গৰ্ভ মহলত গৈ প্ৰৱেশ কৰিম। এতিয়া যায় গৰ্ভ কাৰাগাৰাত। তাততো গৰ্ভ মহল থাকে। তাত পাপতো নকৰে যাৰ বাবে দণ্ড ভোগ কৰিব লাগে। ইয়াততো পাপ কৰে, যাৰ কাৰণে শাস্তি ভোগ কৰি বাহিৰলৈ ওলায় তেতিয়া পুনৰ পাপ কৰিবলৈ আৰম্ভ কৰে। এয়া হৈছে পাপ আত্মাৰ সৃষ্টি। ইয়াততো দুখেই-দুখ। তাত দুখৰ নাম নাই। গতিকে এটা চকুত শান্তিধাম, আনতো চকুত সুখধামক ৰাখা। যদিও তোমালোকে জন্ম-জন্মান্তৰ জপ-তপ আদি কৰি আহিছা কিন্তু সেয়াতো জ্ঞান নহয়। সেয়া হৈছে ভক্তি। তাত কোনোধৰণৰ যুক্তিও (উপায়ো) পোৱা নাযায় যে তোমালোক এনেকৈ সতোপ্ৰধান হ'ব পাৰা। কোনেও নাজানে। কেৱল শুনিছে যে শ্ৰীকৃষ্ণ-ভগৱানুবাচ - দেহ সহিত........ এয়া হৈছে ‘গীতা’ৰ শব্দ যি পঢ়ি শুনায়। এনেকৈ নকয় যে তোমালোক এনেকুৱা হোৱা। কেৱল পঢ়ে ভগৱানে এনেকৈ কৈ গৈছিল, যেতিয়া পতিতক পাৱন কৰি তুলিবলৈ আহিছিল। কেৱল ‘গীতা’ত পৰমপিতা পৰমাত্মাৰ সলনি শ্ৰীকৃষ্ণৰ নাম লিখি দিলে। এতিয়া শ্ৰীকৃষ্ণতো ৰথী (শৰীৰধাৰী) নহয় জানো। তেওঁক ৰথ লাগে জানো? তেওঁতো নিজেই দেহধাৰী। শ্ৰীকৃষ্ণৰ নাম কোনে ৰাখিলে? যেনেকৈ জন্মৰ ষষ্ঠ দিনা সকলো সন্তানৰে নামকৰণ কৰা হয়। পিতাকতো কেৱল শিৱ বুলিয়েই কোৱা হয়। তোমালোক আত্মাসকল জন্ম-মৃত্যুত আহা তেতিয়া শৰীৰৰ নাম সলনি হয়। শিৱবাবাতো জন্ম-মৃত্যুত নাহে। তেওঁ সদায় শিৱই। বিন্দু যেতিয়া লিখা হয় তেতিয়া কয় – শিৱ। বিন্দু আত্মাতো হৈছে একেবাৰে সূক্ষ্ম। আত্মাৰ যদি সাক্ষাৎকাৰ হয় তেতিয়াও কোনেও বুজি নাপাব। দেৱীক দেখি সুখী হৈ যাব। বাৰু, পাছত কি, প্ৰাপ্তিতো একো নাই, অৰ্থহীন। কেৱল ঐকান্তিক ভক্তি কৰিলে, দৰ্শন কৰিলে তেতিয়া তাতেই সুখী হৈ যায়। বাকী মুক্তি-জীৱনমুক্তিৰতো কোনো কথাই নাই। সেয়া হৈছে সকলো ভক্তি মাৰ্গ। ইয়াত হৈছে জ্ঞান মাৰ্গ। ইয়াত সাধাৰণতে ব্ৰহ্মাৰ সাক্ষাৎকাৰ হয়, পাছত শ্ৰীকৃষ্ণৰ হ'ব। ক'ব - এই ব্ৰহ্মাৰ ওচৰলৈ যোৱা তেতিয়া তুমি কৃষ্ণপুৰী বা বৈকুণ্ঠলৈ যাব পাৰিবা। লক্ষ্মী-নাৰায়ণৰো সাক্ষাৎকাৰ হ'ব পাৰে। এনেকুৱা নহয় যে সাক্ষাৎকাৰ হ'ল মানে সৎগতি হৈ গ'ল। এয়া কেৱল ইংগিত পোৱা যায়, ইয়ালৈ যোৱা। আগলৈ গৈ বহুতৰে সাক্ষাৎকাৰ হ'ব, নিৰ্দেশনা পাব। তোমালোকৰ ত্ৰিমূৰ্তিৰ চিত্ৰও বাতৰি কাকতত প্ৰকাশ হয়, ব্ৰহ্মাকুমাৰীসকলৰ নামো ওলায়। গতিকে ব্ৰহ্মাৰে সাক্ষাৎকাৰ হ’ব যে এওঁলোকৰ ওচৰলৈ গ’লে তোমালোকে এই বৈকুন্ঠৰ ৰাজকুমাৰ হোৱাৰ জ্ঞান পাবা। যেনেকৈ অৰ্জুনৰ বিষ্ণুৰ আৰু বিনাশৰ সাক্ষাৎকাৰ হৈছিল।

পিতাই কয় যে তোমালোক কেনেকৈ পদুম ফুলৰ সমান হ’ব লাগে। কিন্তু তোমালোকতো একে অৱস্থাতে নাথাকা সেইবাবে অলংকাৰ বিষ্ণুক দি দিছে। নহ’লে দেৱতাসকলক শঙ্খৰ কি দৰকাৰ। মুখেৰে শুনোৱাকে শঙ্খ ধ্বনি বুলি কোৱা হয়। পদুম ফুলৰ ৰহস্যও পিতাই বুজায়। তোমালোক ব্ৰাহ্মণসকল এই সময়ত পদুম ফুলৰ সমান হ’ব লাগে। গদা হৈছে 5 বিকাৰ ৰূপী মায়াক জিনিবলৈ। পিতাই উপায় দিয়ে যে মামে্কম স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। শ্ৰীমতত চলি পতিত-পাৱন পিতাক স্মৰণ কৰা। কেৱল এজন পিতাৰ বাহিৰে অন্যতো কোনো পতিত-পাৱন নাই। পিতাই কয় - মোক তোমালোকে আহ্বান এইকাৰণেই কৰা যে আমাক সকলোকে এই শৰীৰৰ পৰা মুক্ত কৰি পৱিত্ৰ সৃষ্টিলৈ লৈ যোৱা। সেয়েহে পিতা আহি সকলো আত্মাক পতিতৰ পৰা পাৱন কৰি তোলে কিয়নো অপৱিত্ৰ আত্মাতো ঘৰলৈ বা স্বৰ্গলৈ যাব নোৱাৰে। পিতাই কয় - পৱিত্ৰ হ’ব বিচৰা যদি মোক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰাই তোমালোকৰ পাপ খণ্ডন হৈ গৈ থাকিব। এয়া মই নিশ্চয়তা প্ৰদান কৰিছোঁ। আহ্বান জনায় – হে পতিত-পাৱন আহক। আমাক পাৱন কৰি নতুন সৃষ্টিলৈ লৈ যাওঁক। তেন্তে কেনেকৈ যাবা? কিমান চিধা কথা শুনায়। পিতাৰ সহজ জ্ঞান আৰু সহজ কথা। কয় যে কাম-কাজ কৰিও মোক স্মৰণ কৰা। লাগিলে চাকৰি আদি কৰা, ভোজন ৰান্ধা সেয়াও মোৰ স্মৃতিত থাকি ৰান্ধা, তেতিয়া ভোজনো শুদ্ধ হ’ব, সেইবাবে গীত গোৱা হয় - ব্ৰহ্মাভোজনৰ কাৰণে দেৱতাসকলৰো ইচ্ছা জাগে। এই কন্যাসকলেও ভোগ লৈ যায়। তেন্তে তাত নিশ্চয় ৰঙ্গসভা হয়। ব্ৰাহ্মণ আৰু দেৱতাসকলৰ মেলা লাগে। ভোজন স্বীকাৰ কৰিবলৈ আহে। ব্ৰাহ্মণসকলে যেতিযা ভোজন গ্ৰহণ কৰে তেতিয়াও মন্ত্ৰ জপ কৰি থাকে। ব্ৰহ্মাভোজনৰ বহুত মহিমা আছে। সন্ন্যাসীয়েতো ব্ৰহ্মকে স্মৰণ কৰে। তেওঁলোকৰ ধৰ্মই বেলেগ। তেওঁলোক হৈছে হদৰ সন্ন্যাসী। তেওঁলোকে কয় - আমি ঘৰ-সংসাৰ, সম্পত্তি আদি সকলো ত্যাগ কৰিছোঁ। আকৌ এতিয়া ভিতৰত (চহৰত) সোমাই যায়। তোমালোকৰ হৈছে বেহদৰ সন্ন্যাস। তোমালোকে এই পুৰণি সৃষ্টিখনকে পাহৰি যোৱা। তোমালোক পুনৰ নতুন সৃষ্টিলৈ যাব লাগে। ঘৰ গৃহস্থালিত থাকিও বুদ্ধিত আছে যে এতিয়া আমি শান্তিধাম হৈ সুখধামলৈ যাব লাগে। শান্তিধামকো স্মৰণ কৰিব লাগে। পিতাক, শান্তিধাম আৰু সুখধামক স্মৰণ কৰে। এয়া আমাৰ বহুত জন্মৰ অন্তিম জন্ম। 84 জন্ম পূৰা হ'ল। সূৰ্যবংশীৰ পৰা চন্দ্ৰবংশী তাৰপাছত বৈশ্য, শূদ্ৰ বংশী হলোঁ…। তেওঁলোকে আকৌ কয় আত্মাই পৰমাত্মা, আত্মাত কোনো লেপ নালাগে কিয়নো আত্মাই পৰমাত্মা। পিতাই কয় - এয়াও তেওঁলোকৰ ওলোটা অৰ্থ। পিতাই বহি “আমিয়েই সেয়া”ৰ অৰ্থ বুজায়। আমি আত্মাসকল হৈছোঁ পৰমপিতাৰ সন্তান। প্ৰথমতে আমি স্বর্গবাসী দেৱতা আছিলোঁ পাছত চন্দ্ৰবংশী ক্ষত্ৰিয় হ’লোঁ, 2500 বছৰ পূৰা হ’ল তেতিয়া বৈশ্য, শূদ্ৰ বংশী বিকাৰী হ’লোঁ। এতিয়া আমি আটাইতকৈ উচ্চ ব্ৰাহ্মণ। ইয়াত বহি আছোঁ, যেন 84ৰ লুটিবাগৰ মৰা খেল খেলোঁ। এই লুটিবাগৰ মৰাৰো জ্ঞান আছে। আগতে তীৰ্থ আদিলৈ গ'লে এনেকৈ লুটিবাগৰ মাৰি চিহ্ন দি গৈছিল। এতিয়া তোমালোকৰতো সঁচা তীৰ্থ হৈছে - শান্তিধাম আৰু সুখধাম। তোমালোক হৈছা আত্মিক পাণ্ডা। সকলোকে ৰায় দিয়া - পিতাক স্মৰণ কৰিলে শান্তিধামলৈ গুচি যাবা। সাধু-সন্ত আদি সকলোৱে শান্তিধামলৈ যোৱাৰ বাবেই যত্ন কৰে। কিন্তু কোনেও যাব নোৱাৰে। আকৌ গোটেই থুপটোৱেই একত্ৰিত হৈ যাব। পিতাই বুজাইছে - সত্যযুগততো বহুত কমসংখ্যক আকৌ বৃদ্ধি হৈ যায়। গতিকে তোমালোক হ'লা স্বদৰ্শন চক্ৰধাৰী। দেৱতাসকল স্বদৰ্শন চক্ৰধাৰী নহয়। কিন্তু এই সময়ত তোমালোকৰ মায়াৰ সৈতে যুদ্ধ চলি আছে। সেই যুদ্ধতো যাক শক্তিশালী বুলি ভাবে তেওঁৰ ওচৰত গৈ শৰণ লয়। এতিয়া তোমালোকে কাৰ শৰণ লোৱা? স্ত্ৰী-পুৰুষ উভয়ে কয় - আমি আপোনাৰ শৰণাপন্ন হওঁ। মোৰতো একমাত্ৰ শিৱবাবা, দ্বিতীয় কোনো নাই, সকলো আত্মাৰ পিতাতো এজনেই নহয় জানো। সেই এজনৰে তোমালোক সন্তান। সাধু-সন্ততো এজনেই নাথাকে। অনেক ভগৱান হৈ যায়। যি ঘৰৰ প্ৰতি বিতুষ্ট হয় তেৱেঁই ভগৱান, আকৌ ডাঙৰ ডাঙৰ চহকী, কোটিপতি গৈ তেওঁলোকৰ শিষ্য হয় আৰু লেতেৰা খোৱা-বোৱাৰ ৰঙ্গসভা পাতে। তমোপ্ৰধান মনুষ্য নহয় জানো। হিন্দুসকলে আকৌ নিজৰ ধৰ্মকেই নাজানে।

পিতাই বুজায় তোমালোকতো বাস্তৱত হৈছা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ, কিন্তু পতিত হৈ যোৱাৰ বাবে নিজক দেৱতা বুলি ক’ব নোৱাৰা। সেই ধৰ্মই প্ৰায় লোপ হৈ গৈছে। মনুষ্য কিমান বিকাৰী আসুৰিক দৃষ্টিৰ। এগৰাকী মন্ত্ৰী বাবাৰ ওচৰলৈ আহিছিল, কৈছিল - মোৰতো দৃষ্টি আসুৰিক হৈ যায়। এতিয়া পিতাই বুজায় - সন্তানসকল, সভ্য দৃষ্টিৰ হোৱা। যেতিয়ালৈকে আসুৰিক দৃষ্টি আঁতৰি নাযায় তেতিয়ালৈকে তোমালোক পতিত। নিজক ভাই ভাই বুলি বুজিলে সেই আসুৰিক দৃষ্টি আঁতৰি যাব। আমি আত্মা আত্মা ভাই ভাই হওঁ। এজন পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। আত্মাৰ আসন হৈছে এই ভ্ৰূকুটি। ইয়াকে অকাল আসন বুলি কোৱা হয়। অকাল আত্মা এই আসনত বিৰাজমান হৈ আছে। এয়াতো মাটিৰ পুতলা। সকলো ভূমিকা আত্মাতেই ভৰি আছে। পিতাই কয় - মই 5 হাজাৰ বছৰৰ পাছত আহোঁ, তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ। তোমালোকে জানা যে আমি স্বাস্থ্য, সম্পত্তি আৰু সুখৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ। সত্যযুগত প্ৰচুৰ ধন পাওঁ। তোমালোক 21 প্ৰজন্ম দেৱতা হোৱা। বৃদ্ধ নোহোৱালৈকে কেতিয়াও কোনো নমৰে (অকাল মৃত্যু নহয়)। ইয়াততো বহি থাকোঁতেই হঠাতে মৃত্যু হয়। গৰ্ভৰ ভিতৰতো মৰে। তাততো দুখৰ নামেই নাথাকে। তাক কোৱা হয় সুখধাম, ৰামৰাজ্য। এয়া হ’ল দুখধাম ৰাৱণৰাজ্য। সত্যযুগত ৰাৱণ নাথাকেই।

গতিকে তোমালোকৰ বুদ্ধিত এই 84ৰ চক্ৰও স্মৃতিত থাকিব। বহুত আনন্দিত হৈ থাকিবা। তোমালোকে জানা যে আমি নতুন বিশ্বৰ অৰ্থাৎ সত্যযুগৰ মালিক হ’মলৈ। ‘গীতা’তো ভগৱানুবাচ আছে নহয় - হে সন্তানসকল, দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰা। নিজক আত্মা বুলি বুজি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। তোমালোকৰ প্ৰকৃত খোদা দোস্ত সেইজনেই। আল্লাহ আৱলদীনৰ নাটক, হাতমতাইৰ নাটক - সকলো এই সময়ৰে। আজিকালি মনুষ্যই কিমান চেষ্টা কৰি থাকে যে সন্তান কমকৈ জন্ম হওঁক। বেহদৰ পিতাই কিমান কম কৰি দিয়ে। গোটেই বিশ্বত, সত্যযুগত 9 লাখ জনসংখ্যা থাকিবগৈ। বাকী ইমান কোটি কোটি মনুষ্য নাথাকে। সকলো মুক্তিধাম, শান্তিধামলৈ গুচি যাব। এয়াতো বিস্ময়কৰ কথা নহয় জানো। এক দেৱী-দেৱতা ধৰ্মৰ ভেটী স্থাপনা কৰি বাকী সকলো বিনাশ কৰি দিয়ে। এই 84ৰ চক্ৰ ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে। এয়া হ’ল স্বদৰ্শন চক্ৰ। বাকী চক্ৰৰে কাৰো ডিঙি আদি কাটিব নালাগে। শাস্ত্ৰবোৰত আকৌ শ্ৰীকৃষ্ণৰ কাৰণে হিংসাত্মক কথা লিখি দিছে। সকলোকে স্বদৰ্শন চক্ৰৰে মাৰিলে। এয়াও গ্লানি কৰা নহ’ল জানো। কিমান হিংসক কৰি দিলে। তোমালোক দ্বৈত অহিংসক হৈছা। কাম-কটাৰী চলোৱা এয়াও হিংসা। দেৱতাসকলক পৱিত্ৰ বুলি কোৱা হয়। যোগবলৰ দ্বাৰা যদি বিশ্বৰ মলিক হ’ব পাৰা তেন্তে যোগবলৰ দ্বাৰা কিয় সন্তান জন্ম দিব নোৱাৰিবা। সাক্ষাৎকাৰ হ’ব এতিয়া সন্তান হ’ব। বাবাইতো বুজি পায় এতিয়া এই পুৰণা শৰীৰ এৰিম আৰু মুখত সোণৰ চামুচ হ’ব। তোমালোকেও বুজি পোৱা আমি অমৰলোকত জন্ম ল’ম তেতিয়া মুখত সোণৰ চামুচ হ’ব। গৰিব প্ৰজাও লাগে নহয়। দুখৰ কোনো কথাই নাথাকে। প্ৰজাৰ ওচৰত জানো ইমান ধন-সম্পত্তি থাকে। বাকী হয়, সুখ থাকিব, আয়ুস দীঘল হ’ব। ৰজা-ৰাণী, চহকী প্ৰজা সকলো লাগে নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ স্মৃতিত থকাৰ লগতে আনন্দিত হৈ থাকিবলৈ 84ৰ চক্ৰকো স্মৃতিত ৰাখিব লাগে। স্বদৰ্শন চক্ৰ ঘূৰাব লাগে। ঈশ্বৰক নিজৰ প্ৰকৃত বন্ধু কৰি ল’ব লাগে।

(2) দ্বৈত অহিংসক হ’বৰ কাৰণে আসুৰি দৃষ্টি পৰিৱৰ্তন কৰি সভ্য দৃষ্টি কৰিব লাগে। আমি আত্মা ভাই ভাই হওঁ, এইটো অভ্যাস কৰিব লাগে।

বৰদান:
সৰ্বশক্তিমান পিতাক সংযুক্ত ৰূপত লগত ৰাখোঁতা সফলতামূৰ্ত হোৱা

যিসকল সন্তানৰ লগত সৰ্বশক্তিমান পিতা সংযুক্ত হৈ আছে - তেওঁলোকৰ সৰ্বশক্তিৰ ওপৰত অধিকাৰ আছে আৰু য’ত সৰ্বশক্তি আছে ত’ত সফলতা নহব, এয়া অসম্ভৱ। যদি সদায় পিতাৰ সৈতে সংযুক্ত হৈ থকাৰ ক্ষেত্ৰত অভাৱ আছে তেন্তে সফলতাও কম হয়। সদায় সং দিওঁতা অবিনাশী সংগীৰ সৈতে সংযুক্ত হৈ থাকা তেতিয়া সফলতা জন্মসিদ্ধ অধিকাৰ কিয়নো সফলতা মাষ্টৰ সৰ্বশক্তিমানৰ আগে-পিছে ঘূৰি থাকে।

স্লোগান:
সঁচা বৈষ্ণৱ তেৱেঁই যিয়ে বিকাৰ ৰূপী ময়লা স্পৰ্শও নকৰে।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

সদায় যাতে স্মৃতি থাকে যে মই সৰ্বশক্তিমান পিতাৰ সন্তান মাষ্টৰ সৰ্বশক্তিমান। সৰ্ব শক্তি মোৰ অস্ত্ৰ, অলংকাৰ। অলংকাৰধাৰী আত্মা সদায় সমৰ্থ আৰু বিজয়ী হৈ থাকিব, তেওঁ কেতিয়াও কোনো পৰিস্থিতিত বিচলিত নহ’ব। সদায় একমাত্ৰ পিতা দ্বিতীয় কোনো নাই – এইটো স্মৃতিৰে মহাবীৰ হোৱা তেতিয়া বিজয়ী হৈ থাকিবা। মস্তকত বিজয়ৰ অবিনাশী তিলক চিকমিকাই থাকিব।