21.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে এতিয়া শিক্ষক হৈ সকলোকে মন বশীকৰণ মন্ত্ৰ শুনাব লাগে, এইটো তোমালোক সকলো সন্তানৰ কৰ্তব্য"

প্ৰশ্ন:
বাবাই কোনসকল সন্তানৰ একোৱে স্বীকাৰ নকৰে?

উত্তৰ:
যাৰ অহংকাৰ আছে যে মই ইমান দিওঁ, মই ইমান সহায় কৰিব পাৰোঁ, বাবাই তেওঁৰ একোৱেই গ্ৰহণ নকৰে। বাবাই কয় মোৰ হাতত চাবি আছে। দৰকাৰ হ'লে মই কাৰোবাক গৰিব কৰি দিওঁ, কাৰোবাক চহকী কৰি দিওঁ। এয়াও ড্ৰামাৰ ৰহস্য। যাৰ আজি নিজৰ ধনৰ অহংকাৰ আছে তেওঁ কালিলৈ গৰিব হৈ যায় আৰু গৰিব সন্তানে পিতাৰ কাৰ্যত নিজৰ এটি এটি পইচা সফল কৰি চহকী হৈ যায়।

ওঁম্শান্তি।
এইটো আত্মিক সন্তানসকলে জানে যে পিতা আহিছে আমাক নতুন সৃষ্টিৰ উত্তৰাধিকাৰ দিবলৈ। এইটোতো সন্তানসকলৰ দৃঢ়তা আছে নহয় যে যিমানে আমি পিতাক স্মৰণ কৰিম সিমানে পৱিত্ৰ হ'ম। যিমানে আমি ভাল শিক্ষক হ'ম সিমানে উচ্চ পদ পাম। পিতাই তোমালোকক শিক্ষকৰ ৰূপত পঢ়াবলৈ শিকায়। তোমালোকে আকৌ আনকো শিকাব লাগে। তোমালোক পঢ়োৱা শিক্ষক নিশ্চয় হোৱা বাকী তোমালোক কাৰো গুৰু হ'ব নোৱাৰা, মাত্ৰ শিক্ষক হ'ব পাৰা। গুৰু মাত্ৰ এজন সৎগুৰুহে হয় তেৱেঁই শিকায়। সকলোৰে সৎগুৰু এজনেই। তেওঁ শিক্ষক কৰি তোলে। তোমালোকে সকলোকে শিকাই ‘মনমনাভৱ’ৰ ৰাস্তা দেখুৱাই থাকা। পিতাই তোমালোকক এইটো কৰ্তব্য প্ৰদান কৰিছে যে মোক স্মৰণ কৰা আকৌ শিক্ষকো হোৱা। তোমালোকে কাৰোবাক পিতাৰ পৰিচয় দিলে তেতিয়া তেওঁৰো কৰ্তব্য হৈছে পিতাক স্মৰণ কৰা। শিক্ষকৰ ৰূপত সৃষ্টি চক্ৰৰ জ্ঞান দিব লাগে। পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। পিতাৰ স্মৃতিৰেহে পাপ নাশ হৈ যায়। সন্তানসকলে জানে যে মই পাপ আত্মা, সেইবাবে পিতাই সকলোকে কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ নাশ হৈ যাব। পিতাহে পতিত-পাৱন। যুক্তিৰে কয়- মৰমৰ সন্তানসকল, তোমালোক আত্মা পতিত হৈ গৈছা, যাৰ কাৰণে শৰীৰো পতিত হৈ গৈছে। প্ৰথমে তোমালোক পৱিত্ৰ আছিলা, এতিয়া তোমালোক অপৱিত্ৰ হৈ গৈছা। এতিয়া পতিতৰ পৰা পাৱন হোৱাৰ যুক্তিতো বহুত সহজ বুজাইছে। পিতাক স্মৰণ কৰিলে তোমালোক পৱিত্ৰ হৈ যাবা। উঠোঁতে, বহোঁতে, চলা-ফুৰা কৰোঁতে পিতাক স্মৰণ কৰা। তেওঁলোকে গংগা স্নান কৰে গতিকে গংগাক স্মৰণ কৰে। ভাবে যে গংগা পতিত-পাৱনী। গংগাক স্মৰণ কৰিলে পাৱন হৈ যাব। কিন্তু পিতাই কয় যে কোনো পাৱন হ’ব নোৱাৰে। পানীৰে কেনেকৈ পাৱন হ’ব। পিতাই কয় - মই পতিত-পাৱন। হে সন্তানসকল, দেহ সহিত দেহৰ সকলো ধৰ্ম এৰি মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ পুনৰ নিজৰ ঘৰ মুক্তিধাম পাবাগৈ। গোটেই কল্প ঘৰক পাহৰি গৈছা। পিতাক গোটেই কল্প কোনেও নাজানে। এবাৰেই পিতা নিজে আহি নিজৰ পৰিচয় দিয়ে এই মুখৰ দ্বাৰা এই মুখখনৰ কিমান মহিমা আছে। গো-মুখ বুলি কয় নহয়। সেয়া গো হৈছে জন্তু, এয়া হ’ল মনুষ্যৰ কথা।

তোমালোকে জানা যে এওঁ হৈছে বৰ-মা। যিগৰাকী মাতাৰ দ্বাৰা শিৱবাবাই তোমালোক সকলোকে তুলি লয়। তোমালোকে এতিয়া বাবা বাবা বুলি ক’বলৈ লৈছা। পিতায়ো কয় এই স্মৃতিৰ যাত্ৰাৰেহে তোমালোকৰ পাপ খণ্ডন হয়। সন্তানসকলৰ পিতা স্মৃতিলৈ আহে নহয়। তেওঁৰ চেহেৰা আদি অন্তৰত বহি যায়। তোমালোক সন্তানসকলে জানা যে যেনেকৈ আমি আত্মা তেনেকৈ তেওঁ পৰম আত্মা। চেহেৰাত আৰু কোনো পাৰ্থক্য নাই। শৰীৰৰ সম্বন্ধততো চেহেৰা আদি বেলেগ হয়, বাকী আত্মাতো একে নিচিনাই। যেনেকৈ আমি আত্মা তেনেকৈ পিতাও পৰম আত্মা। তোমালোক সন্তানসকলে জানা যে পিতা পৰমধামত থাকে, আমিও পৰমধামত থাকোঁ। পিতাৰ আত্মা আৰু আমাৰ আত্মাৰ মাজত কোনো পাৰ্থক্য নাই। তেৱোঁ বিন্দু আমিও বিন্দু। এই জ্ঞান আন কাৰো নাই। তোমালোককহে পিতাই কৈছে। পিতাৰ ক্ষেত্ৰতো কি কি কৈ দিয়ে। সৰ্বব্যাপি, পাথৰ শিলগুটিত আছে, যাৰ যি মনলৈ আহে তাকে কৈ দিয়ে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ভক্তিমাৰ্গত পিতাৰ নাম, ৰূপ, দেশ, কালক পাহৰি যায়। তোমালোকেও পাহৰি যোৱা। আত্মাই নিজৰ পিতাক পাহৰি যায়। সন্তানে পিতাক পাহৰিলে বাকী কি জানিব। তাৰমানে অনাথ হৈ গ’ল। প্ৰভুক স্মৰণেই নকৰে, প্ৰভুৰ ভূমিকাকেই নাজানে। নিজকো পাহৰি যায়। তোমালোকে ভালদৰে জানা যে যথাযথ আমি পাহৰি গৈছিলোঁ, আমি প্ৰথমতে এনেকুৱা দেৱী-দেৱতা আছিলোঁ, এতিয়া জন্তুতকৈও অধম হৈ গৈছোঁ। মুখ্য কথাটি হ'ল আমি নিজ আত্মাকে পাহৰি গৈছোঁ। এতিয়া কোনে উপলব্ধি কৰাব। কোনো জীৱ আত্মাই এইটো গম নাপায় যে আমি আত্মা কি হওঁ, কেনেকৈ গোটেই ভূমিকা পালন কৰোঁ? আমি সকলো ভাই ভাই - এইটো জ্ঞান আন কাৰো নাই। এই সময়ত গোটেই সৃষ্টিখনেই তমোপ্ৰধান হৈ গৈছে। জ্ঞান নাই। তোমালোকৰ এতিয়া জ্ঞান আছে, বুদ্ধিত উদয় হৈছে যে মই আত্মাই ইমান সময় নিজৰ পিতাৰ গ্লানি কৰি আহিছোঁ। গ্লানি কৰিলে পিতাৰ পৰা দূৰ হৈ যায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ছিৰি অৱনমিত হৈ গৈছা। মুখ্য কথা হৈ গ'ল পিতাক স্মৰণ কৰাটো। পিতাই আন একো কষ্ট নিদিয়ে। সন্তানসকলক কেৱল পিতাক স্মৰণ কৰাৰ কষ্ট দিয়ে। পিতাই কেতিয়াবা সন্তানসকলক কিবা কষ্ট দিব পাৰে জানো! বিধিয়ে নকয়। পিতাই কয় - মই একো কষ্ট নিদিওঁ। কিবা প্ৰশ্ন আদি সুধিলে কওঁ যে এইবোৰ কথাত কিয় সময় নষ্ট কৰা? কেৱল পিতাক স্মৰণ কৰা। মই আহিছোঁই তোমালোকক লৈ যাবলৈ, সেয়েহে তোমালোক সন্তানসকল স্মৃতিৰ যাত্ৰাৰে পাৱন হ'ব লাগে। বচ্‌ ময়েই পতিত-পাৱন পিতা হওঁ। পিতাই যুক্তি শুনায় - য'লৈকে যোৱা পিতাক স্মৰণ কৰিব লাগে। 84 চক্ৰৰ ৰহস্যও পিতাই বুজাই দিলে। এতিয়া নিজকে পৰীক্ষা কৰিব লাগে - কিমানলৈকে মই পিতাক স্মৰণ কৰোঁ। বচ্‌ আৰু অন্য চিন্তন কৰিব নালাগে। এয়াতো অতিকৈ সহজ। পিতাক স্মৰণ কৰিব লাগে। সন্তান অলপ ডাঙৰ হ’লে আপোনাআপুনি মা- পিতাকক স্মৰণ কৰিবলৈ ধৰে। তোমালোকেও বুজা মই আত্মা পিতাৰ সন্তান, স্মৰণ কিয় কৰিবলগীয়া হয়! কিয়নো আমাৰ যি পাপ আছে, সেয়া এই স্মৃতিৰেহে নাশ হ’ব। সেইবাবে গায়নো আছে এক চেকেণ্ডত জীৱনমুক্তি। জীৱনমুক্তিৰ আধাৰ হ’ল পঢ়া আৰু মুক্তিৰ আধাৰ হ’ল স্মৃতি। যিমানে তোমালোকে পিতাক স্মৰণ কৰিবা আৰু পঢ়াৰ প্ৰতি মনোযোগ দিবা সিমানে উচ্চ পদমৰ্যাদা পাবা। পেছাগত কাম-কাজ আদি কৰি থাকা, পিতাই মানা নকৰে। পেছাগত কাম-কাজ আদি তোমালোকে যি কৰা সেয়াও দিনে ৰাতিয়ে স্মৃতিত থাকে নহয়! গতিকে পিতাই এতিয়া এই আত্মিক ধান্দা কৰিবলৈ দিয়ে - নিজকো আত্মা বুলি বুজি মোক স্মৰণ কৰা আৰু 84 চক্ৰক স্মৰণ কৰা। মোক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান হ’বা। এইটোও বুজি পোৱা যে এতিয়া এয়া পুৰণা চোলা (শৰীৰ), পুনৰ সতোপ্ৰধান নতুন চোলা পাম। নিজৰ বুদ্ধিত নিৰন্তৰ থাকিব লাগে, যাৰ দ্বাৰা বহুত লাভ হ'ব। যেনেকৈ স্কুলত বিষয়তো বহুত থাকে, তথাপি ইংৰাজীত নম্বৰ বেছি ভাল হয়, কিয়নো ইংৰাজী হ’ল মুখ্য ভাষা। তেওঁলোকৰ প্ৰথমে ৰাজ্য আছিল, সেয়েহে সেয়া বেছিকৈ চলে। এতিয়া ভাৰতবাসী ঋণী। কোনোবা যিমানে ধনৱান নহওঁক কিন্তু বুদ্ধিত এইটোতো থাকে নহয় যে আমাৰ ৰাজ্যৰ যি মুৰব্বী তেওঁ ঋণী। তাৰমানে আমি ভাৰতবাসী ঋণী। প্ৰজাই নিশ্চয় ক’ব নহয় যে আমি ঋণী। এইটোও বোধ থাকিব লাগে নহয়, যিহেতু তোমালোকে ৰাজ্য স্থাপনা কৰি আছা। তোমালোকে জানা যে আমি সকলো ঋণৰ পৰা মুক্ত হৈ চহকী হওঁ। তাৰপাছত আধাকল্প আমি কাৰো পৰা ঋণ নলওঁ। ঋণী পতিত সৃষ্টিৰ মালিক। এতিয়া আমি ঋণীও আৰু পতিত সৃষ্টিৰ মালিকো হওঁ। আমাৰ ভাৰত এনেকুৱা - এনেকৈ গায়ন কৰে নহয়।

তোমালোক সন্তানসকলে জানা যে আমি বহুত চহকী আছিলোঁ, ৰাজকুমাৰ ৰাজকুমাৰী আছিলোঁ। এইটো স্মৃতিত থাকে, আমি এনেকুৱা বিশ্বৰ মালিক আছিলোঁ। এতিয়া একেবাৰে ঋণী আৰু পতিত হৈ গৈছোঁ। এই খেলৰ ফলাফল পিতাই শুনাই আছে। ফলাফল কি হৈছে। তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে। সত্যযুগত আমি কিমান চহকী আছিলোঁ, কোনে তোমালোকক চহকী কৰি তুলিলে? সন্তানসকলে ক’ব - বাবা, আপুনি আমাক কিমান চহকী কৰি তুলিছিল। একমাত্ৰ পিতাহে চহকী কৰি তোলোঁতা। জগতে এই কথাবোৰ নাজানে। লাখ লাখ বছৰ বুলি কৈ দিয়া বাবে সকলো পাহৰি গৈছে, একো নাজানে। তোমালোকে এতিয়া সকলো জানি গৈছা। আমি পদ্মাপদম চহকী আছিলোঁ। বহুত পৱিত্ৰ আছিলোঁ, বহুত সুখী আছিলোঁ। তাত মিছা, পাপ আদি একো নাথাকে। গোটেই বিশ্বক তোমালোকে জয় কৰিছিলা। গায়নো আছে - শিৱবাবা আপুনি যি দিয়ে সেয়া আন কোনেও দিব নোৱাৰে। কাৰো শক্তি নাই যে আধাকল্পৰ সুখ দিব পাৰে। পিতাই কয় - ভক্তিমাৰ্গতো তোমালোকৰ বহুত সুখ আৰু বহুত ধন থাকে। কিমান হীৰা, মুকুতা আছিল যিবোৰ আকৌ পাছত অহাসকলৰ হাতলৈ আহে। এতিয়াতো সেইবোৰ বস্তুৱেই দেখিবলৈ পোৱা নাযায়। তোমালোকে পাৰ্থক্য দেখিবলৈ পোৱা নহয়, তোমালোকেই পূজ্য দেৱী-দেৱতা আছিলা আকৌ তোমালোকেই পূজাৰী হৈছা। নিজেই পূজ্য, নিজেই পূজাৰী পিতা কোনো পূজাৰী নহয় কিন্তু পূজাৰী সৃষ্টিলৈতো আহে নহয়। পিতা হ'ল সৰ্বদা পূজ্য। তেওঁ কেতিয়াও পূজাৰী নহয়, তেওঁৰ ধান্দা হ'ল তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলা। ৰাৱণৰ কাম হ'ল তোমালোকক পূজাৰী কৰি দিয়া। এয়া জগতত কোনেও নাজানে। তোমালোকেও পাহৰি যোৱা। নিতৌ পিতাই বুজাই থাকে। - কাৰোবাক চহকী কৰি তোলা অথবা গৰিব কৰি দিয়া সেয়া পিতাৰ হাতত। পিতাই কয় যি চহকী তেওঁলোক গৰিব নিশ্চয় হ'ব লাগে, হ’বই। তেওঁলোকৰ ভূমিকাই এনেকুৱা। তেওঁলোক কেতিয়াও টিকি থাকিব নোৱাৰে, চহকীৰ অহংকাৰো বহুত থাকে নহয় - মই অমুক, এয়া এয়া মোৰ। অভিমান আঁতৰাবলৈ বাবাই কয় - এওঁলোক যেতিয়া দিবলৈ আহিব তেতিয়া বাবাই ক’ব - দৰকাৰ নাই। এয়া নিজৰ লগত ৰাখা। যেতিয়া প্ৰয়োজন হ'ব তেতিয়া পুনৰ লৈ ল’ব কিয়নো দেখিবলৈ পায় যে কামৰ নহয়, নিজৰ অহংকাৰ। গতিকে ল’ব বা নল’ব এয়া সকলো বাবাৰ হাতত আছে নহয়। বাবাই পইচা কি কৰিব, দৰকাৰ নাই। এয়াতো তোমালোক সন্তানসকলৰ বাবে ঘৰ সাজি আছে, আহি বাবাক সাক্ষাৎ কৰিয়ে যাব লাগে। সদায়তো থাকিব নালাগে। পইচাৰ কি দৰকাৰ থাকিব। কোনো সৈন্যবাহিনী বা বৰটোপ আদিতো নালাগে। তোমালোক বিশ্বৰ মালিক হ’বলৈ গৈছা। এতিয়া যুদ্ধক্ষেত্ৰত আছা তোমালোকে পিতাক স্মৰণ কৰাৰ বাহিৰে আৰু একোৱে নকৰা। পিতাই আদেশ দিছে - মোক স্মৰণ কৰিলে ইমান শক্তি পাবা। তোমালোকৰ এইটো ধৰ্ম বহুত সুখ দিওঁতা হয়। পিতা হ’ল সৰ্বশক্তিমান। তোমালোক তেওঁৰ হৈছা, সকলো নিৰ্ভয় কৰে স্মৃতিৰ যাত্ৰাৰ ওপৰত। ইয়াত তোমালোকে শুনা আকৌ তাৰ ওপৰত মন্থন চলে। যেনেকৈ গাই-গৰুৱে খাদ্য খাই উগাৰে, মুখ চলিয়েই থাকে। তোমালোক সন্তানসকলকো কয় - জ্ঞানৰ কথাবোৰৰ ওপৰত খুব বিচাৰ কৰা। বাবাক মই কি সুধিম। পিতাইতো কয় - মনমনাভৱ, যাৰ দ্বাৰাই তোমালোক সতোপ্ৰধান হ’বা, এইটো লক্ষ্য-উদ্দেশ্য সন্মুখত আছে।

তোমালোকে জানা - সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন হ’ব লাগে। এয়া আপোনাআপুনি অন্তৰত উদয় হ’ব লাগে। কাৰোবাৰ গ্লানি কৰা বা পাপ কৰ্ম আদি একোৱে হ’ব নালাগে। তোমালোকে কোনো ওলোটা কৰ্ম কৰিব নালাগে। এক নম্বৰ হ’ল এই দেৱী-দেৱতাসকল। পুৰুষাৰ্থৰে উচ্চ পদ পালে নহয়। তেওঁলোকৰ বাবে গায়ন কৰা হয় - অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম। কাৰোবাক মাৰা এয়া হিংসা হ’ল নহয়। পিতাই বুজায় গতিকে সন্তানসকল অন্তৰ্মুখী হৈ নিজক চাব লাগে - মই কেনেকুৱা হৈছোঁ? বাবাক মই স্মৰণ কৰোঁনে? কিমান সময় স্মৰণ কৰোঁ? ইমান অন্তৰৰ আকৰ্ষণ থাকিব লাগে যে এই স্মৃতি কেতিয়াও পাহৰিয়ে নোযোৱা। এতিয়া বেহদৰ পিতাই কয় - তোমালোক আত্মাসকল মোৰ সন্তান। তাকো তোমালোক অনাদি সন্তান। সেয়া যি প্ৰেমিক-প্ৰেমিকা থাকে তেওঁলোকৰ হৈছে শাৰীৰক স্মৃতি। যেনেকৈ সাক্ষাৎকাৰ হয় পুনৰ নোহোৱা হৈ যায় তেনেকৈ তেৱোঁ সমুখত আহি যায়। সেইটো আনন্দতেই খাওঁতে-বওঁতে স্মৰণ কৰি থাকে। তোমালোকৰ এই স্মৃতিততো বহুত বল আছে। একমাত্ৰ পিতাকহে স্মৰণ কৰি থাকিবা। আৰু তোমালোকৰ পুনৰ নিজৰ ভৱিষ্যত স্মৃতিলৈ আহিব। বিনাশৰ সাক্ষাৎকাৰো হ’ব। আগলৈ গৈ সোনকালে বিনাশৰ সাক্ষাৎকাৰ হ’ব। তেতিয়া তোমালোকে ক’বা যে এতিয়া বিনাশ হ’ব। পিতাক স্মৰণ কৰা। বাবাই এয়া সকলো ত্যাগ কৰিলে নহয়। একোৱেই যাতে অন্তিমত স্মৃতিলৈ নাহে। এতিয়াতো আমি নিজৰ ৰাজধানীলৈ যাম। নতুন সৃষ্টিলৈ নিশ্চয় যাব লাগে। যোগবলৰ দ্বাৰা সকলো পাপ ভস্ম কৰিব লাগে, ইয়াতেই বহুত পৰিশ্ৰম কৰিব লাগে। বাৰে বাৰে পিতাক পাহৰি যায় কিয়নো এয়া অতি সূক্ষ্ম বস্তু। বাবাই লিখে নহয় - জ্ঞানৰ ভোঁ ভোঁ কৰি থাকা। অৱশেষত জাগি উঠিব। যাবনো ক’লৈ। তোমালোকৰ ওচৰলৈকে আহি থাকিব। যোগ (বৃদ্ধি) হৈ গৈ থাকিব। তোমালোকৰ নাম প্ৰসিদ্ধ হৈ গৈ থাকিব। এতিয়াতো সংখ্যাত তোমালোক তাকৰ হোৱা নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞানৰ খুব বিচাৰ সাগৰ মন্থন কৰিব লাগে। যি শুনা সেয়া উগাৰিব (মন্থন কৰিব) লাগে। অন্তৰ্মুখী হৈ চাব লাগে যে পিতাৰ সৈতে এনেকৈ অন্তৰংগ হৈছোঁনে যাতে তেওঁক কেতিয়াও পাহৰিয়ে নাযাওঁ।

(2) যি কোনো প্ৰশ্ন আদি সুধি নিজৰ সময় নষ্ট নকৰি স্মৃতিৰ যাত্ৰাত থাকি নিজক পৱিত্ৰ কৰি তুলিব লাগে। অন্তিম সময়ত একমাত্ৰ পিতাৰ স্মৃতিৰ বাহিৰে যাতে অন্য কোনো বিচাৰ নাহে - এইটো অভ্যাস এতিয়াৰ পৰাই কৰিব লাগে।

বৰদান:
দৃঢ় সংকল্প ৰূপী ব্ৰতৰ দ্বাৰা বৃত্তি পৰিৱৰ্তন কৰোঁতা মহান আত্মা হোৱা

মহান হ’বৰ বাবে মুখ্য আধাৰ হৈছে ‘পৱিত্ৰতা’। এই পৱিত্ৰতাৰ ব্ৰতক প্ৰতিজ্ঞাৰ ৰূপত ধাৰণ কৰা মানেই হৈছে মহান আত্মা হোৱা। যিকোনো দৃঢ় সংকল্প ৰূপী ব্ৰতে বৃত্তি সলনি কৰি দিয়ে। পৱিত্ৰতাৰ ব্ৰত লোৱা মানে নিজৰ বৃত্তিক শ্ৰেষ্ঠ কৰি তোলা। ব্ৰত ৰাখা মানে স্থূল ৰীতিৰে সংযমী হোৱা, মনত দৃঢ় সংকল্প লোৱা। গতিকে পাৱন হোৱাৰ ব্ৰত ল’লা আৰু আমি আত্মা ভাই ভাই - এই ভাতৃত্ববোধৰ বৃত্তি ধাৰণ কৰিলা। এইটো বৃত্তিৰে ব্ৰাহ্মণ মহান আত্মা হৈ গ’লা।

স্লোগান:
ব্যৰ্থৰ পৰা ৰক্ষা পাবলৈ হ’লে মুখত দৃঢ় সংকল্প ৰূপী বুটাম লগাই দিয়া।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সংযুক্ত সেৱা অবিহনে সফলতা অসম্ভৱ। এনেকুৱা নহয় যে সেৱা কৰিবলৈ গ’লা আৰু উভতি আহি ক’বা মায়া আহি গ’ল, মানসিক স্থিতি বেয়া হৈ গ’ল, অশান্ত হৈ গ’লোঁ সেইবাবে মনোযোগ দিয়া – সেৱাত সফলতা বা সেৱাত বৃদ্ধিৰ সাধন হৈছে স্ব আৰু সকলোৰে সংযুক্ত সেৱা। কোনো সেৱাই যাতে মোৰ স্থিতি তল-ওপৰ নকৰে তাৰ প্ৰতি যাতে ধ্যান থাকে।