22.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এয়া তোমালোকৰ অতিকৈ মূল্যৱান সময়, এই সময়ত তোমালোক সম্পূৰ্ণৰূপে পিতাৰ সহায়কাৰী হোৱা, সহায়কাৰী সন্তানেহে উচ্চ পদ পায়"

প্ৰশ্ন:
সেৱাধাৰী সন্তানে কোনটো অজুহাত দেখুৱাব নোৱাৰে?

উত্তৰ:
সেৱাধাৰী সন্তানে এইটো অজুহাত নেদেখুৱাব যে বাবা ইয়াত গৰম, ইয়াত ঠাণ্ডা সেইকাৰণে মই সেৱা কৰিব নোৱাৰোঁ। অলপ গৰম হ’লে বা ঠাণ্ডা পৰিলে তাৰ প্ৰতি স্পৰ্শকাতৰ হ’ব নালাগে। এনেকুৱা নহয় যে মইতো সহ্যই কৰিব নোৱাৰোঁ। এই দুখধামত দুখ-সুখ, গৰম-ঠাণ্ডা, নিন্দা-স্তুতি সকলো সহ্য কৰিব লাগে। অজুহাত দেখুৱাব নালাগে।

গীত:
ধীৰজ ধৰ মনুৱা….. (ধৈৰ্য ধৰা হে মন…..)

ওঁম্শান্তি।
সন্তানসকলেহে জানে যে সুখ আৰু দুখ কাক কোৱা হয়। এই জীৱনত সুখ কেতিয়া পোৱা যায় আৰু দুখ কেতিয়া পোৱা যায় সেয়াও কেৱল তোমালোক ব্ৰাহ্মণসকলেহে পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানা। এইখন হয়েই দুখৰ সৃষ্টি। ইয়াত অলপ সময়ৰ বাবে দুখ-সুখ, স্তুতি-নিন্দা সকলো সহ্য কৰিবলগীয়া হয়। এই সকলোবোৰৰ পৰা উৰ্দ্ধত থাকিব লাগে। কাৰোবাৰ অলপ গৰম লাগিলে কয় - মই ঠাণ্ডাত থাকিব বিচাৰোঁ। এতিয়া সন্তানসকলেতো গৰম অথবা ঠাণ্ডাত সেৱা কৰিব লাগে নহয়। এই সময়ত এনেকুৱা কম-বেছি দুখ হ’লেও সেয়া নতুন কথা নহয়। এইখন হয়েই দুখধাম। এতিয়া তোমালোক সন্তানসকলে সুখধামত যাবলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। এয়াতো তোমালোকৰ অতিকৈ মূল্যৱান সময়। ইয়াত অজুহাত দেখুৱাব নোৱাৰা। বাবাই সেৱাধাৰী সন্তানসকলৰ কাৰণে কয়, যিসকলে সেৱা কৰিব নাজানেই, তেওঁলোকতো কোনো কামৰ নহয়। ইয়াত পিতা আহিছে কেৱল ভাৰতকে নহয় গোটেই বিশ্বক সুখধাম কৰি তুলিবলৈ। তেন্তে ব্ৰাহ্মণ সন্তানসকলেই পিতাৰ সহায়কাৰী হ’ব লাগে। পিতাৰ আগমন হৈছে গতিকে তেওঁৰ মতত চলিব লাগে। ভাৰত যি স্বৰ্গ আছিল সেই ভাৰতেই এতিয়া নৰক হৈ গ’ল, তাক আকৌ স্বৰ্গ কৰি গঢ়ি তুলিব লাগে। এইটোও এতিয়া জানিব পাৰিছা। সত্যযুগত এই পৱিত্ৰ ৰজাসকলৰ ৰাজ্য আছিল, বহুত সুখী আছিল আকৌ অপৱিত্ৰ ৰজাও হয়, ঈশ্বৰৰ অৰ্থে দান-পুণ্য কৰিলে তেতিয়া তেওঁলোকেও শক্তি পায়। এতিয়াতো হয়েই প্ৰজাৰ ৰাজ্য। কিন্তু এওঁলোকে কোনো ভাৰতৰ সেৱা কৰিব নোৱাৰে। ভাৰতৰ অথবা জগতৰ সেৱাতো একমাত্ৰ বেহদৰ পিতাইহে কৰে। এতিয়া পিতাই সন্তানসকলক কয় - মৰমৰ সন্তানসকল, এতিয়া মোৰ সৈতে সহায়কাৰী হোৱা। কিমান মৰমেৰে বুজায়, আত্ম-অভিমানী সন্তানসকলে বুজি পায়। দেহ-অভিমানীয়ে কি সহায় কৰিব পাৰিব কিয়নো মায়াৰ শিকলিত বান্ধ খাই আছে। এতিয়া পিতাই নিৰ্দেশনা দিছে যে সকলোকে মায়াৰ শিকলিৰ পৰা, গুৰুসকলৰ শিকলিৰ পৰা মুক্ত কৰা। তোমালোকৰ বেপাৰেই হৈছে এইটো। পিতাই কয় - যিসকল মোৰ ভাল সহায়কাৰী হ’ব, পদো তেওঁলোকেই পাব। পিতাই নিজেই সন্মুখত কয় - মই যি হওঁ, যেনেকুৱা হওঁ সাধাৰণ হোৱাৰ কাৰণে মোক সম্পূৰ্ণকৈ নাজানে। পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে - এইটো নাজানে। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল, এইটোও কোনেও নাজানে। এতিয়া তোমালোকে বুজি পোৱা যে কেনেকৈ এওঁলোকে ৰাজ্য পালে আকৌ কেনেকৈ হেৰুৱালে। মনুষ্যতো একেবাৰে তুচ্ছ বুদ্ধিৰ। এতিয়া পিতা আহিছে সকলোৰে বুদ্ধিৰ তলা খুলিবলৈ, পাথৰ (অপৱিত্ৰ) বুদ্ধিৰ পৰা পাৰস (পৱিত্ৰ) বুদ্ধিৰ কৰিবলৈ। বাবাই কয় - এতিয়া সহায়কাৰী হোৱা। জগতৰ লোকে খোদাৰ সহায়কাৰী বুলি কয় কিন্তু সহায়কাৰীতো নহয়েই। খোদা আহি যিসকলক পৱিত্ৰ কৰি তোলে তেওঁলোককহে কয় যে এতিয়া আনকো নিজৰ সমান কৰি তোলা। শ্ৰীমতত চলা। পিতা আহিছেই পৱিত্ৰ স্বৰ্গবাসী কৰি তুলিবলৈ।

তোমালোক ব্ৰাহ্মণ সন্তানসকলে জানা এয়া হ’ল মৃত্যু লোক। বহি থাকোতেই অকস্মাৎ মৃত্যু হৈ থাকে তেনেহ’লে কিয়নো আমি আগতেই পৰিশ্ৰম কৰি পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ নিজৰ ভৱিষ্যত জীৱন গঢ়ি নলওঁ। মনুষ্যৰ যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া ভাবে এতিয়া ভক্তিত লাগি যাওঁ। যেতিয়ালৈকে বানপ্ৰস্থ অৱস্থা নহয় তেতিয়ালৈকে খুব ধন আদি উপাৰ্জন কৰে। এতিয়া তোমালোক সকলোৰেতো বানপ্ৰস্থ অৱস্থাই হয়। তেনেহ’লে কিয়নো পিতাৰ সহায়কাৰী হৈ যাব নালাগে। অন্তৰক সুধিব লাগে মই পিতাৰ সহায়কাৰী হওঁনে। সেৱাধাৰী সন্তানসকলতো প্ৰসিদ্ধ হয়। ভাল পৰিশ্ৰম কৰে। যোগযুক্ত হৈ থাকিলে সেৱা কৰিব পাৰিব। স্মৃতিৰ শক্তিৰেই গোটেই সৃষ্টিক পৱিত্ৰ কৰি তুলিব লাগে। তোমালোক গোটেই সৃষ্টিক পৱিত্ৰ কৰি তোলাৰ বাবে নিমিত্ত হৈছা। তোমালোকৰ কাৰণে আকৌ পৱিত্ৰ সৃষ্টিও নিশ্চয় লাগে, সেইকাৰণে পতিত সৃষ্টিৰ বিনাশ হ’ব লাগে। এতিয়া সকলোকে এয়াই কৈ থাকা যে দেহ-অভিমান এৰা। এজন পিতাকেই স্মৰণ কৰিবা। তেৱেঁই পতিত-পাৱন। সকলোৱে স্মৰণো তেওঁকেই কৰে। সাধু-সন্ত আদি সকলোৱে আঙুলিৰে এনেকৈ ইঙ্গিত দিয়ে যে পৰমাত্মা এজনেই, তেৱেঁই সকলোকে সুখ দিওঁতা। ঈশ্বৰ অথবা পৰমাত্মা বুলি কয় কিন্তু তেওঁক কোনেও নাজানে।

কোনোবাই গণেশক, কোনোবাই হনুমানক, কোনোবাই নিজৰ গুৰুক স্মৰণ কৰি থাকে। এতিয়া তোমালোকে জানা সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ। ভক্তিমাৰ্গো আধাকল্প চলিব লাগে। ডাঙৰ ডাঙৰ ঋষি-মুনি সকলোৱে “নেতি নেতি” (নাজানোঁ- জানোঁ) বুলি কৈ আহিছে। অৰ্থাৎ ৰচয়িতা আৰু ৰচনাক আমি নাজানোঁ। পিতাই কয় - তেওঁলোক ত্ৰিকালদৰ্শীতো নহয়। বীজৰূপ, জ্ঞানৰ সাগৰতো এজনেই। তেওঁ আহেও ভাৰততেই। শিৱজয়ন্তীও পালন কৰে আৰু গীতা জয়ন্তীও পালন কৰে। গতিকে শ্ৰীকৃষ্ণক স্মৰণ কৰে। শিৱকতো নাজানেই। শিৱবাবাই কয় - পতিত-পাৱন জ্ঞানৰ সাগৰতো মই হওঁ। শ্ৰীকৃষ্ণৰ কাৰণেতো এনেকৈ ক'ব নোৱাৰে। গীতাৰ ভগৱান কোন? এইখন বহুত ভাল চিত্ৰ। পিতাই এই চিত্ৰ আদি সকলো তৈয়াৰ কৰায়, সন্তানসকলৰ কল্যাণৰ কাৰণেই। শিৱবাবাৰ মহিমাতো সম্পূৰ্ণকৈ লিখিব লাগে। সকলো তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে। ওপৰৰ পৰা যিয়েই আহে তেওঁ পৱিত্ৰই হয়। পৱিত্ৰ নোহোৱাকৈ কোনেও যাব নোৱাৰে। মুখ্য কথা হৈছে পৱিত্ৰ হোৱাৰ। সেইখন হয়েই পৱিত্ৰ ধাম, য'ত সকলো আত্মা নিবাস কৰে। ইয়াত তোমালোকে ভূমিকা পালন কৰি কৰি পতিত হৈ গৈছা। যি সকলোতকৈ অধিক পৱিত্ৰ আছিল তেওঁলোকেই আকৌ পতিত হৈ গৈছে। দেৱী-দেৱতা ধৰ্মৰ নাম-চিহ্নই নাইকিয়া হৈ গ'ল। দেৱী-দেৱতা ধৰ্ম সলনি কৰি হিন্দু ধৰ্ম নাম ৰাখি দিলে। তোমালোকেই স্বৰ্গৰ ৰাজ্য লোৱা আৰু পুনৰ হেৰুওৱা। পৰাজয় আৰু জয়ৰ খেল। মায়াৰ হাতত পৰাজয় মানেই পৰাজয়, মায়া জয় কৰা মানেই জয়। মনুষ্যইতো ৰাৱণৰ ইমান ডাঙৰ চিত্ৰ কিমান খৰচ কৰি তৈয়াৰ কৰে আকৌ এদিনতেই শেষ কৰি দিয়ে। শত্ৰু হয় নহয়। কিন্তু এয়াতো পুতলাৰ খেল হৈ গ'ল। শিৱবাবাৰো চিত্ৰ তৈয়াৰ কৰি পূজা কৰি আকৌ ভাঙি পেলায়। দেৱীসকলৰ চিত্ৰও এনেকৈ তৈয়াৰ কৰি আকৌ গৈ ডুবাই দিয়ে। একোৱেই বুজি নাপায়। এতিয়া তোমালোক সন্তানসকলে বেহদৰ ইতিহাস-ভূগোলক জানা যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। সত্যযুগ-ত্ৰেতাৰ বিষয়ে কোনেও নাজানে। দেৱতাসকলৰ গ্লানিৰ চিত্ৰ তৈয়াৰ কৰি দিছে।

পিতাই বুজায় - মৰমৰ সন্তানসকল, বিশ্বৰ মালিক হ'বৰ কাৰণে পিতাই তোমালোকক যি নিয়ম শুনাইছে সেই নিয়মত চলা, স্মৃতিত থাকি ভোজন ৰান্ধিবা, যোগযুক্ত হৈ খাবা। পিতাই নিজে কয় - মোক স্মৰণ কৰিলে তোমালোক পুনৰ বিশ্বৰ মালিক হৈ যাবাগৈ। পিতাও পুনৰাই আহিছে। এতিয়া সম্পূৰ্ণকৈ বিশ্বৰ মালিক হ'ব লাগে। পিতা-মাতাক অনুসৰণ কৰা। কেৱল পিতাতো থাকিব নোৱাৰে। সন্ন্যাসীসকলে কয় - আমি সকলো পিতা। আত্মাই পৰমাত্মা, সেয়াতো ভুল হৈ যায়। ইয়াত মাতা পিতা দুয়োৱে পুৰুষাৰ্থ কৰে। পিতা-মাতাক অনুসৰণ কৰা - এই কথাষাৰো ইয়াৰেই। এতিয়া তোমালোকে জানা যি বিশ্বৰ মালিক আছিল, পৱিত্র আছিল, এতিয়া তেওঁলোক অপৱিত্ৰ হ’ল। পুনৰাই পৱিত্ৰ হৈ আছে। আমিও তেওঁৰ শ্ৰীমতত চলি এই পদ প্ৰাপ্ত কৰোঁ। তেওঁ এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা নিৰ্দেশনা দিয়ে সেইমতে চলিব লাগে, অনুসৰণ নকৰে কেৱল বাবা বাবা বুলি কৈ মুখ মিঠা কৰে। অনুসৰণ কৰোঁতাসকলকহে সুসন্তান বুলি ক'ব নহয়। এইটো জানা যে মম্মা-বাবাক অনুসৰণ কৰিলে আমি ৰাজ্যত যাম। এয়া বুদ্ধিৰে বুজিবলগীয়া কথা। পিতাই কেৱল কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। বচ্ যিকোনো লোককে এইটো বুজোৱা - তোমালোকে কেনেকৈ 84 জন্ম লৈ লৈ অপৱিত্ৰ হৈ গৈছা। এতিয়া পুনৰ পৱিত্র হ’ব লাগে। যিমান স্মৰণ কৰিবা সিমানে পৱিত্র হৈ গৈ থাকিবা। বেছিকৈ স্মৰণ কৰোঁতাসকলহে নতুন সৃষ্টিত পোন-প্ৰথমে আহিব। আকৌ আনকো নিজৰ সমান কৰি তুলিব লাগে। প্ৰদৰ্শনীত বাবা-মম্মা বুজাবলৈ যাব নোৱাৰে। বাহিৰৰ পৰা কোনোবা ডাঙৰ ব্যক্তি আহিলে তেতিয়া তেওঁক চাবৰ কাৰণে কিমান অনেক মনুষ্য যায় যে এয়া কোন আহিছে। এয়াতো কিমান গুপ্ত। পিতাই কয় - মই এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা কওঁ, মইহে এই সন্তানটিৰ বাবে দায়বদ্ধ। তোমালোকে সদায় বুজিবা যে শিৱবাবাই কয়, তেওঁ পঢ়ায়। তোমালোকে শিৱবাবাকহে চাব লাগে, এওঁক (ব্ৰহ্মাক) চাব নালাগে। নিজক আত্মা বুলি বুজিবা আৰু পৰমাত্মা পিতাক স্মৰণ কৰিবা। আমি আত্মা। আত্মাতেই গোটেই ভূমিকা নিহিত হৈ আছে। এই জ্ঞান বুদ্ধিত মন্থন কৰি থাকিব লাগে। কেৱল জগতৰ কথাই যদি বুদ্ধিত থাকে তাৰমানে একোৱেই নাজানে। একেবাৰে নিকৃষ্ট। কিন্তু এনেকুৱা সকলৰো কল্যাণতো কৰিবই লাগে। স্বৰ্গলৈতো যাব কিন্তু উচ্চ পদ নাপাব। শাস্তি খাই যাব। উচ্চ পদ কেনেকৈ পাব, সেয়াতো পিতাই বুজাইছে। এটা হৈছে স্বদৰ্শন চক্ৰধাৰী হ’বা আৰু আনকো তেনেকুৱা কৰি তুলিবা। ভাল যোগীও হ’বা আৰু তেনেকুৱা কৰি তুলিবা। পিতাই কয় - মোক স্মৰণ কৰা। তোমালোকে আকৌ কোৱা - বাবা আমি পাহৰি যাওঁ। লাজ নালাগে! বহুত আছে যিয়ে সঁচা কথা নকয়, একেবাৰে পাহৰি যায়। পিতাই বুজাইছে - যিয়েই নাহক প্ৰথমে তেওঁক পিতাৰ পৰিচয় দিবা। এতিয়া 84ৰ চক্ৰ পূৰা হ’বৰ হ'ল, উভতি যাব লাগে। ৰামো গ'ল ৰাৱণো গ'ল...…... ইয়াৰো অৰ্থ কিমান সহজ। নিশ্চয় সংগমযুগেই হ'ব যেতিয়া ৰাম আৰু ৰাৱণৰ পৰিয়াল থাকে। এইটোও জানা যে সকলো বিনাশ হৈ যাব, বাকী অলপ থাকিব। কেনেকৈ তোমালোকে ৰাজ্য প্ৰাপ্ত কৰা, সেয়াও অলপ আগলৈ গৈ সকলো গম পাই যাবা। আগতেইতো সকলো নুশুনাওঁ নহয়। তেতিয়াতো সেয়া খেল হ’ব নোৱাৰে। তোমালোকে সাক্ষী হৈ চাব লাগে। সাক্ষাৎকাৰ হৈ গৈ থাকিব। এই 84ৰ চক্ৰক জগতত কোনেও নাজানে।

এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি উভতি যাম। ৰাৱণৰাজ্যৰ পৰা এতিয়া ছুটি পাইছোঁ। আকৌ নিজৰ ৰাজধানীত আহিম। বাকী আৰু কেইটামান দিন আছে। এই চক্ৰ ঘূৰি থাকে নহয়। অনেক বাৰ এই চক্ৰ পৰিক্ৰমা লগাইছোঁ, এতিয়া পিতাই কয় - যি কৰ্মবন্ধনত বান্ধ খাই আছা সেয়া পাহৰি যোৱা। গৃহস্থালিত থাকিও পাহৰি যোৱা। এতিয়া নাটক পূৰা হ'ব, নিজৰ ঘৰলৈ যাব লাগে, এই মহাভাৰতৰ যুদ্ধৰ পাছতহে স্বৰ্গৰ দ্বাৰ মুকলি হ’ব সেয়েহে বাবাই কয় - এইটো নাম বহুত ভাল, “স্বৰ্গৰ দ্বাৰ”। কোনোৱে কয় - যুদ্ধ আদিতো চলি আহি আছে। তেওঁলোকক কোৱা, ক্ষেপণাস্ত্ৰৰ যুদ্ধ কেতিয়া হৈছিল, এয়া ক্ষেপণাস্ত্ৰৰ অন্তিম যুদ্ধ। 5000 বছৰ পূৰ্বেও যেতিয়া যুদ্ধ হৈছিল তেতিয়াও এই যজ্ঞ ৰচা হৈছিল। এই পুৰণি সৃষ্টিৰ এতিয়া বিনাশ হ’ব লাগে। নতুন ৰাজধানী স্থাপনা হৈ আছে।

তোমালোকে এই আত্মিক পাঠ ৰাজ্য-ভাগ্য ল’বৰ কাৰণে পঢ়া। তোমালোকৰ বেপাৰ হ'ল আত্মিক। পাৰ্থিৱ (লৌকিক) বিদ্যাতো কামত নাহে, শাস্ত্ৰ আদিও কামত নাহিব তেন্তে কিয়নো এইটো বেপাৰত লাগি নাযাওঁ। পিতাইতো বিশ্বৰ মালিক কৰি তোলে। বিচাৰ কৰা উচিত - কোনটো পঢ়াত লাগি যাওঁ। সেয়াতো কেইটামান ডিগ্ৰীৰ কাৰণে পঢ়ে। তোমালোকেতো ৰাজ্য-ভাগ্য ল’বৰ কাৰণে পঢ়া। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। সেই পঢ়া পঢ়িলে চানাও (নগণ্য প্ৰাপ্তি) পোৱা নে নোপোৱা, সেয়া জানা জানো। কোনোবাই শৰীৰ ত্যাগ কৰিলে চানাও গ'ল। এই উপাৰ্জনতো লগত যাব। মৃত্যুতো শিৰত থিয় হৈ আছে। প্ৰথমে আমি নিজৰ সম্পূৰ্ণ উপাৰ্জন কৰি লওঁ। এই উপাৰ্জন কৰোঁতে কৰোঁতে সৃষ্টিয়েই বিনাশ হৈ যাব। তোমালোকৰ পঢ়া সম্পূৰ্ণ হ'লে তেতিয়াহে বিনাশ হ'ব। তোমালোকে জানা যে যি মনুষ্য মাত্ৰ আছে, তেওঁলোকৰ মুঠিত চানা আছে। তাকেই বান্দৰৰ দৰে সাৱটি বহি আছে। তোমালোকে এতিয়া ৰত্ন লৈ আছা। এই চানাৰ প্ৰতি থকা মমত্ব ত্যাগ কৰা। যেতিয়া ভালদৰে বুজি পায় তেতিয়াহে এই চানা মুঠি ত্যাগ কৰে। এয়াতো সকলো ছাই হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক পাঠ পঢ়িব আৰু পঢ়াব লাগে। অবিনাশী জ্ঞান ৰত্নৰে নিজৰ মুঠি ভৰাব লাগে। চানাৰ পিছত নিজৰ সময় নষ্ট কৰিব নালাগে।

(2) এতিয়া নাটক পূৰা হ'ব, সেয়েহে নিজক কৰ্মবন্ধনৰ পৰা মুক্ত কৰিব লাগে। স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে আৰু আনকো তেনেকুৱা কৰি তুলিব লাগে। মাতা-পিতাক অনুকৰণ কৰি ৰাজকীয় পদৰ অধিকাৰী হ'ব লাগে।

বৰদান:
সংকল্পকো পৰীক্ষা কৰি ব্যৰ্থৰ ৰ্পুঁজি সমাপ্ত কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা

শ্ৰেষ্ঠ সেৱাধাৰী তেওঁ যাৰ প্ৰতিটো সংকল্প শক্তিশালী। এটিও সংকল্প ক’তো যাতে ব্যৰ্থত নাযায়। কিয়নো সেৱাধাৰী অৰ্থাৎ বিশ্বৰ মঞ্চত ভূমিকা পালন কৰোঁতা। গোটেই বিশ্বই তোমালোকক নকল কৰে, যদি তোমালোকে এটা ব্যৰ্থ সংকল্প কৰিলা তেন্তে সেয়া কেৱল নিজৰ প্ৰতি কৰা নকৰিলা কিন্তু অনেকৰ নিমিত্ত হৈ গ’লা সেই কাৰণে এতিয়া ব্যৰ্থৰ পুঁজি সমাপ্ত কৰি শ্ৰেষ্ঠ সেৱাধাৰী হোৱা।

স্লোগান:
সেৱাৰ বায়ুমণ্ডলৰ লগতে বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল গঢ়া।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সংগমযুগ হয়েই সংযুক্ত হৈ থকাৰ যুগ। পিতাৰ পৰা অকলশৰীয়া হ’ব নোৱাৰা। সদাকালৰ সংগী হোৱা। সদায় পিতাৰ লগত থকা অৰ্থাৎ সদায় সন্তুষ্ট হৈ থকা। পিতা আৰু তোমালোক সদায় সংযুক্ত, সংযুক্তৰ শক্তি বহুত বেছি, এটা কাৰ্যৰ সলনি হাজাৰ কাৰ্য কৰিব পাৰা কিয়নো হাজাৰ ভুজাধাৰী পিতা তোমালোকৰ লগত আছে।