22.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে গোটেই কল্পত আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিলা, এতিয়া ভূমিকা পূৰা হ’ল, ঘৰলৈ যাব লাগে”

প্ৰশ্ন:
তোমালোক সন্তানসকলে নিজৰ ভাগ্যৰ মহিমা কোনবোৰ শব্দৰে কৰা?

উত্তৰ:
আমি হৈছোঁ ব্ৰাহ্মণ টিকনি (আটাইতকৈ উচ্চ)। আমাক নিৰাকাৰ ভগৱানে বহি পঢ়ুৱায়। জগতত মনুষ্যই, মনুষ্যক পঢ়ুৱায় কিন্তু আমাক স্বয়ং ভগৱানে পঢ়ুৱায় গতিকে কিমান ভাগ্যশালী হ’লোঁ।

প্ৰশ্ন:
এই ড্ৰামাত সকলোতকৈ উচ্চ স্থান কাৰ?

উত্তৰ:
নিৰাকাৰ পিতাৰ, তেওঁ তোমালোক সকলো আত্মাৰ পিতা। সকলো আত্মা ড্ৰামাৰ সূত্ৰত বান্ধ খাই আছে। সকলোতকৈ উচ্চ স্থান হৈছে পিতাৰ।

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই সুধি আছে - মৰমৰ সন্তানসকল, নিজৰ ঘৰ শান্তিধাম স্মৃতিত আছেনে? পাহৰিতো যোৱা নাই? এতিয়া 84ৰ চক্ৰ পূৰা হ’ল, কেনেকৈ পূৰা হ’ল এয়াও তোমালোকে বুজি পাইছা। সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে এনেকৈ আৰু কোনেও সুধিব নোৱাৰে। অতিকৈ মৰমৰ সন্তানসকলক বাবাই সোধে, এতিয়া ঘৰলৈ যাবা নহয়? ঘৰলৈ গৈ পুনৰ সুখধামলৈ আহিব লাগিব। এয়া সুখধামতো নহয়। এয়া হৈছে পুৰণি সৃষ্টি, দুখধাম। সেয়া হৈছে শান্তিধাম, সুখধাম। এতিয়া এই দুখৰ পৰা মুক্ত হৈ মুক্তিধামলৈ যাব লাগে। মুক্তিধাম অথবা শান্তিধাম যেন সন্মুখতে আছে। সেয়া হৈছে ঘৰ। তাৰপাছত তোমালোক নতুন বিশ্বলৈ আহিবা, য’ত পৱিত্ৰতা, সুখ, শান্তিও থাকিব। এইটোতো বুজি পোৱা নহয়– গায়ন এয়াই কৰে। পিতাকো মাতে - হে পতিত-পাৱন, এই পতিত সৃষ্টিৰ পৰা আমাক লৈ যাওঁক, ইয়াত বহুত দুখ। আমাক সুখত লৈ যাওঁক। স্মৃতিত উদয় হয়। স্বৰ্গক সকলোৱে স্মৰণ কৰে। শৰীৰ এৰিলে, ক’ব স্বৰ্গলৈ গ’ল। স্বৰ্গীয় ঘৰলৈ প্ৰস্থান কৰিলে। কোনে প্ৰস্থান কৰিলে? আত্মাই। শৰীৰটো নাযায়। আত্মাহে যায়। এতিয়া তোমালোক সন্তানসকলেহে শান্তিধাম, সুখধামক জানা অন্য কোনেও নাজানে। তোমালোক সন্তানসকলৰ বুদ্ধিত জ্ঞান আছে - শান্তিধাম কি আৰু সুখধাম কি। তোমালোক সুখধামত আছিলা এতিয়া আকৌ দুখধামলৈ আহিছা। ছেকেণ্ড, মিনিট, ঘণ্টা, দিন, বছৰ পাৰ হৈ গ’ল। এতিয়া 5 হাজাৰ বছৰৰ কেইটামান দিন বাকী আছে। পিতাই সন্তানসকলক সোঁৱৰাই থাকে। বহুত সহজ কথা, ইয়াত বিভ্ৰান্ত হোৱাৰ কথাই নাই। আত্মাই 84 জন্ম কেনেকৈ লয়, এইটোও কোনেও নাজানে। লাখ লাখ বছৰৰ কথাতো স্মৃতিত ৰখাও কঠিন। এয়া হয়েই 5 হাজাৰ বছৰৰ কথা। বেপাৰী লোকসকলেও হিচাপৰ বহীত স্বস্তিকা আঁকে, তাক গণেশ বুলি কৈ দিয়ে। গণেশৰ চিত্ৰত হাতীৰ সুৰ দেখুৱায়। মনুষ্যই পইচা খৰচ কৰে, চিত্ৰ আদি তৈয়াৰ কৰে, ইয়াক সময়ৰ অপচয় বুলি কোৱা হয়। তোমালোকৰ কিমান শক্তি আছিল। সেয়া দিনে-প্ৰতিদিনে কম হৈ গ’ল। যেনেকৈ গাড়ীৰ পেট্ৰ’ল কম হৈ গৈ থাকে। এতিয়াতো তোমালোক বহুত দুৰ্বল হৈ গ’লা। পাঁচ হাজাৰ বছৰ পূৰ্বে ভাৰত কি আছিল, বহুত সুখ আছিল। কিমান প্ৰচুৰ ধন আছিল। এই ৰাজ্য তেওঁলোকে কেনেকৈ পালে? ৰাজযোগ শিকিছিল। ইয়াত যুদ্ধ আদিৰ কথাই নাই। ইয়াক কোৱা হয় জ্ঞানৰ অস্ত্ৰ-শস্ত্ৰ। অন্য কোনো স্থূল কথা নাই। জ্ঞানৰ অস্ত্ৰ-শস্ত্ৰ আছে। জ্ঞান, বিজ্ঞান, স্মৃতি আৰু জ্ঞানৰ কিমান ডাঙৰ শক্তিশালী অস্ত্ৰ-শস্ত্ৰ আছে। গোটেই বিশ্বত তোমালোকে ৰাজ্য কৰা। দেৱতাসকলক অহিংসক বুলি কোৱা হয়।

এতিয়া তোমালোক সন্তানসকলে মনুষ্যৰ পৰা দেৱতা হোৱাৰ শিক্ষা পাই আছা। তোমালোকে জানা আমি 5 হাজাৰ বছৰৰ পাছত বেহদৰ পিতাৰ পৰা এই বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। এয়া আত্মাৰ কথা। ইয়াত স্থূল যুদ্ধ আদিৰ কোনো কথা নাই। আত্মা পতিত হৈছে সেইকাৰণে আত্মা পাৱন হ’বলৈ পিতাক মাতে। এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল, এতিয়াতো ঘৰলৈ যাব লাগে। এইখন হৈছে জীৱ আত্মাসকলৰ জগত। সেইখন হৈছে আত্মাসকলৰ জগত। তাক জীৱ আত্মাসকলৰ জগত বুলি কোৱা নহয়। এয়া বাৰে বাৰে স্মৃতিলৈ আনিব লাগে - আমি দূৰণিৰ দেশৰ নিবাসী। আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ হৈছে ব্ৰহ্মাণ্ড। এইটোও বুদ্ধিত থাকিব লাগে যে আমি তাত থাকোঁ, এই আকাশ তত্বৰ সিপাৰে, য’ত সূৰ্য-চন্দ্ৰও নাথাকে। আমি তাৰ নিবাসী ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। 84ৰ ভূমিকা পালন কৰোঁ। সকলোৱেতো 84 জন্ম ল’ব নোৱাৰে। লাহে লাহে ওপৰৰ পৰা নামি আহি থাকে। আমি হৈছোঁ ‘অলৰাউণ্ডাৰ’। সকলো কাম কৰাজনক ‘অলৰাউণ্ডাৰ’ বুলি কোৱা হয়। তোমালোকো ‘অলৰাউণ্ডাৰ’ হোৱা। আদিৰ পৰা অন্তলৈকে তোমালোকৰ ভূমিকা আছে। এতিয়া এই চক্ৰৰ অন্তৰ সময়, তথাপিও ওপৰৰ পৰা আহি থাকে। বহুত সন্তান ওপৰতে আছে যি ওপৰৰ পৰা আহি থাকে। বৃদ্ধি হৈ গৈ থাকে।

পিতাই তোমালোক সন্তানাসকলক “আমিয়েই সেয়া”ৰ অৰ্থও বুজাইছে। সেই লোকসকলেতো কয় - মই আত্মাই পৰমাত্মা। তেওঁলোকেতো ড্ৰামাৰ আদি, মধ্য, অন্ত, সময়সীমা আদিৰ বিষয়ে একোৱে নাজানে। তোমালোকক পিতাই বুজাইছে - এই শৰীৰত তোমালোক এতিয়া ব্ৰাহ্মণ। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাই তোমালোকক তুলি লৈছে, পঢ়ুৱায়, এইটোতো স্মৃতিত থাকিব লাগে নহয়। পিতাই আমাক পঢ়ুৱাই আছে। তেওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। সকলো আত্মা এই ড্ৰামাৰ সূতাত বান্ধ খাই আছে। এতিয়া তোমালোকে জানা যে আমি আৰম্ভণিত দেৱতা আছিলোঁ, আকৌ আমিয়েই ক্ষত্ৰিয় ধৰ্মত আহিলোঁ অৰ্থাৎ সূৰ্যবংশীৰ পৰা চন্দ্ৰবংশীত আহিলোঁ, ইমান জন্ম ল’লোঁ - এই সকলোবোৰ জানিব লাগে। এই জ্ঞান প্ৰথমে তোমালোকৰ একেবাৰে নাছিল। এতিয়া পিতাই বুজাইছে, এয়া বৰ্ণৰ লুটিবাগৰ। এতিয়া পুনৰ শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা, ব্ৰাহ্মণৰ পৰা আকৌ দেৱতা হ’বা। বিৰাট ৰূপ দেখুৱায় নহয়। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে - কেনেকৈ আমি অৱনমিত হ’লোঁ আকৌ ব্ৰাহ্মণ কুলত আহিলোঁ তাৰপাছত দৈৱী কুলত আহিলোঁ। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা টিকনি। টিকনি আটাইতকৈ উচ্চ হয়। তোমালোকৰ দৰে উচ্চ কুলৰ বুলি আন কোনে ক’ব। ভগৱান পিতা আহি তোমালোকক পঢ়ুৱাই আছে। তোমালোক কিমান ভাগ্যশালী হোৱা। নিজৰ ভাগ্যৰ অলপ মহিমাতো কৰা। বহিৰত সকলো মনুষ্যই, মনুষ্যক পঢ়ুৱায়। এয়াতো হৈছে নিৰাকাৰ পিতা। এই পিতা কল্পই কল্পই এবাৰেই আহি জ্ঞান দিয়ে। পঢ়াতো প্ৰত্যেকেই পঢ়ে নহয়। আইনৰ জ্ঞান আহৰণ কৰি আইনজ্ঞ হয়। সেই সকলোবোৰ মনুষ্যই মনুষ্যক পঢ়ুৱাই আহিছে। এতিয়া এয়া হৈছে ভগৱানুবাচ (ভগৱানৰ বাণী)। মনুষ্যকতো কেতিয়াও ভগৱান বুলি কোৱা নহয়। তেওঁতো হৈছে নিৰাকাৰ। ইয়ালৈ আহি তোমালোক সন্তানসকলক পঢ়ুৱায়। পঢ়া সূক্ষ্মলোক নতুবা মূললোকত পঢ়িব নালাগে। ইয়াতহে পঢ়িব লাগে। ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। স্কুলত জানো বিদ্যাৰ্থীয়ে কেতিয়াবা ক’ব যে মই বিভ্ৰান্ত হৈ যাওঁ। মোৰ নিশ্চয় নজন্মে। পাঠ পঢ়ি নিজৰ পদামৰ্যাদা লয়। এই লক্ষ্মী-নাৰায়ণ সত্যযুগৰ আদিত বিশ্বৰ মালিক কেনেকৈ হ’ল? নিশ্চয় পিতাৰ দ্বাৰা হ’ল। পিতাইতো সঁচা কথাই শুনাব। ভগৱানে জানো মিছা ক’ব পাৰে। বহুত ডাঙৰ পৰীক্ষা। এই সময়ততো হৈছে প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। ৰজা-ৰাণী নাই। সত্যযুগত আছিল, এতিয়া কলিযুগৰ অন্তত নাই। ইয়াক কোৱা হয় পঞ্চায়তী ৰাজ্য। ‘গীতা’ত লিখি দিছে - কৌৰৱ আৰু পাণ্ডৱ। আত্মিক পাণ্ডাতো তোমালোক হোৱা। সকলোকে আত্মিক ঘৰৰ ৰাস্তা দেখুৱাই দিয়া। সেয়া হৈছে আত্মাসকলৰ আত্মিক ঘৰ। আত্মাই জন্ম লৈ ভূমিকা পালন কৰে। এই কথাবোৰ তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। ঋষি-মুনি আদি কোনেও ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। লাখ লাখ বছৰ বুলি কৈ দিয়ে। কিন্তু তাৰো কোনো পূৰা হিচাপ-নিকাচ নাই। আধা-আধাও হ’ব নোৱাৰে, পূৰা আধা সুখধাম আৰু পূৰা আধা দুখধাম। এয়া হৈছে পতিত বিকাৰী সৃষ্টি আৰু সেয়া হৈছে নিৰ্বিকাৰী।

পিতা কিমান উচ্চতকৈও উচ্চ, কিন্তু কিমান সাধাৰণ। কোনো ডাঙৰ ব্যক্তি বিষয়া আদিক সাক্ষাৎ কৰিলে তেতিয়া তেওঁক কিমান সন্মান দিয়ে। পতিত সৃষ্টিত পতিত মনুষ্যইহে পতিতসকলক সাক্ষাৎ কৰে। পাৱনতো হয়েই গুপ্ত। বাহ্যিক ৰূপত একো দেখা পোৱা নাযায়। পিতাক কোৱা হয় জ্ঞানেৰে পৰিপূৰ্ণ, আনন্দৰে পৰিপূৰ্ণ। পিতা সকলো কথাতে পূৰ্ণ সেই কাৰণে তেওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। প্ৰত্যেক মনুষ্যৰ পদৰ মহিমা বেলেগ বেলেগ। মন্ত্ৰীক মন্ত্ৰী, প্ৰধান মন্ত্ৰীক প্ৰধান মন্ত্ৰী বুলি ক’ব। এওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। সকলোতকৈ উচ্চ পদমৰ্যাদা হৈছে নিৰাকাৰ পিতাৰ, যাৰ আমি সকলো সন্তান হওঁ। তাত আমি সকলো পিতাৰ সৈতে পৰমধামত থাকোঁ। সেয়া হৈছে ঘৰ। ইয়াত সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। কোনোবাই এটা জন্মও ভূমিকা পালন কৰি উভতি যায়। পিতাই বুজায় - এয়া মনুষ্য সৃষ্টিৰ বিচিত্ৰ বৃক্ষ। এজনৰ লগত আনজন নিমিলে। আত্মাতো সকলো একে নিচিনা। বাকী শৰীৰ এটাৰ লগত আনটো নিমিলে। নাটকো দেখুৱায়, য’ত একে নিচিনা দুটি চেহেৰা দেখুৱায়, তেতিয়া বিবুদ্ধিত পৰি যায় যে ক’ব নোৱাৰো মোৰ পতি এইজন নে সেইজন? এয়াতো হৈছে বেহদৰ খেল। ইয়াত এজন আনজনৰ লগত নিমিলে। প্ৰত্যেকৰে চেহেৰা বেলেগ বেলেগ। আয়ুস যদিও একে কিন্তু চেহেৰা এনে হ’ব নোৱাৰে। প্ৰতিটো জন্মত চেহেৰা সলনি হৈ থাকে। কিমান বিশাল বেহদৰ নাটক। গতিকে তাক জানিব লাগে নহয়। গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। প্ৰত্যেকৰে ড্ৰামাত যি ভূমিকা আছে, সেয়া পালন কৰিব। ড্ৰামাত কোনো সলনি হ’ব নোৱাৰে। বেহদৰ ড্ৰামা হয় নহয়। জন্ম লৈয়ে থাকে। সকলোৰে চেহেৰা বেলেগ বেলেগ। কিমান ভিন্ন ভিন্ন চেহেৰা আছে। এই গোটেই জ্ঞান বুদ্ধিৰে বুজিব লাগে। কোনো কিতাপ আদি নাই। ‘গীতা’ৰ ভগৱানে হাতত ‘গীতা’ লৈ আহে জানো? তেওঁতো জ্ঞানৰ সাগৰ হয়, কিতাপ জানো লৈ আহিছে। কিতাপতো ভক্তিমাৰ্গত ৰচনা কৰে। গতিকে এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এটা চেকেণ্ডো আনটোৰ লগত নিমিলে। তোমালোক সন্তানসকলকতো সকলো বুজোৱা হৈছে। চক্ৰ পূৰা হৈ পুনৰ নতুনকৈ আৰম্ভ হ’ব। এতিয়া তোমালোকে পঢ়ি আছা। পিতাকো তোমালোকে জানি গ’লা। ৰচনাকো জানি গ’লা। মুললোকৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহা। কিমান বিশাল মঞ্চ, ইয়াৰ কোনো জোখ ল’ব নোৱাৰে। কোনেও ঢুকি পাব নোৱাৰে। সাগৰ আৰু আকাশৰ কোনো অন্ত পাব নোৱাৰে সেই কাৰণে অন্তহীন বুলি কোৱা হয়। আগতে ইমান চেষ্টা কৰা নাছিল, এতিয়া চেষ্টা কৰে। বিজ্ঞানো এতিয়া আছে, আকৌ কেতিয়া আৰম্ভ হ’ব? যেতিয়া তেওঁলোকৰ ভূমিকাৰ সময় হ’ব। ইমানবোৰ কথা জানো শাস্ত্ৰত আছে। শুনাওঁতাজনৰ সলনি শ্ৰোতাৰ নাম দি দিলে। এয়া ক’লা (পতিত) আত্মা, সেয়া বগা (পৱিত্ৰ) আত্মা। ক’লা আত্মাই এওঁৰ পৰা শুনি বগা হৈছে। জ্ঞানেৰে কিমান উচ্চ পদ পোৱা যায়।

এয়া হৈছে গীতা পাঠশালা। কোনে পঢ়ুৱায়? ভগৱানে ৰাজযোগ শিকায় অমৰপুৰীৰ কাৰণে সেইকাৰণে ইয়াক অমৰকথা বুলিও কোৱা হয়। নিশ্চয় সংগমযুগতে শুনাব। যিয়ে কল্প পূৰ্বে পঢ়িছিল, তেওঁলোকেই আহি পুনৰ পঢ়িব আৰু ক্ৰমানুসৰি পদ পাব। তোমালোক ইয়ালৈ কিমান বাৰ আহিছা? অগণন বাৰ। কোনোবাই যদি সোধে এই নাটক কেতিয়া আৰম্ভ হৈছে? তোমালোকে ক’বা এয়াতো অনাদি কালৰে পৰা চলি আহিছে। গণনা কৰাৰ কথা উঠিবই নোৱাৰে, সোধাৰ খেয়ালো নাহে ।

শাস্ত্ৰত হৈছে সকলো ভক্তিমাৰ্গৰ কাহিনী, যিবোৰ পঢ়ি থাকে। ইয়াততো অনেক ভাষা আছে, সত্যযুগত অনেক ভাষা আদি নাথাকে। এক ধৰ্ম, এক ভাষা, এক ৰাজ্য তোমালোকে স্থাপনা কৰি আছা। তেওঁলোকেতো শান্তি স্থাপনা কৰাৰ ৰায় দিওঁতাজনক পুৰস্কাৰ দি থাকে। শিৱবাবাই তোমালোকক গোটেই বিশ্বত শান্তি স্থাপনা কৰাৰ ৰায় দিয়ে। তেওঁক তোমালোকে কি পুৰস্কাৰ কিবা? তেওঁতো তোমালোককহে পুৰস্কাৰ দিয়ে। নলয়। এয়া বুজিবলগীয়া কথা। কালিৰ কথা, যেতিয়া এওঁলোকৰ ৰাজ্য আছিল। এতিয়াতো থাকিবলৈয়ে ঠাই নাই। তাততো দুই-তিনি মহলীয়া অট্টালিকা সজাৰো দৰকাৰ নাই। কাঠ আদিৰ দৰকাৰ নাই। তাততো সোণ-ৰূপৰ মহল থাকে। বিজ্ঞানৰ বলত সোনকালে মহল তৈয়াৰ হৈ যায়। ইয়াততো বিজ্ঞানৰ পৰা সুখো পোৱা যায়, দুখো পোৱা যায়। ইয়াৰ দ্বাৰা গোটেই সৃষ্টি শেষ হৈ যাব, ইয়াকে কোৱা হয় “পম্পিয়াৰ পতন” (মাউণ্ট ভিচুবিয়াচ আগ্নেয়গিৰী উদ্‌গীৰণৰ ফলত ৰোমান চহৰ পম্পিয়া ধংস হৈছিল)। মায়াৰ কিমান পাম্প। চহকীসকলৰ কাৰণেতো যেন স্বৰ্গহে সেই কাৰণে তেওঁলোকে তোমালোকৰ কথাও নুশুনে। আগতে তোমালোকেও জনা নাছিলা। ইয়াততো পিতাই পোনপটীয়াকৈ তোমালোকক পঢ়ুৱায়। বাহিৰত অৱশ্যে সন্তানসকলে পঢ়ুৱায়। মিত্ৰ সম্বন্ধীয় আদিও স্মৃতিলৈ আহি থাকে। ইয়াততো পিতাই বহি বুজায়। দিনে-প্ৰতিদিনে তোমালোক স্মৃতিৰ যাত্ৰাত পৰিপক্ক হৈ গৈ থাকিবা। পাছলৈ তোমালোকৰ একোৱে স্মৃতিলৈ নাহিব। কেৱল ঘৰ আৰু ৰাজধানী স্মৃতিলৈ আহিব। তেতিয়া এই চাকৰী আদি স্মৃতিলৈ নাহিব। মৃত্যু এনেকৈ হ’ব যেনেকৈ বহি থাকোতে হাৰ্টফেল হৈ যায়। দুখৰ কথা নাই। চিকিৎসালয় আদিতো একো নাথাকিব। পিতাক জানি ল’লা আৰু স্বৰ্গৰ মালিক হৈ গ’লা। তোমালোকৰতো অধিকাৰ আছে, সকলোৰে নাই কিয়নো স্বৰ্গলৈতো সকলোৱে নাহিব নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক পাণ্ডা হৈ সকলোকে আত্মিক ঘৰৰ মাৰ্গ-দৰ্শন কৰিব লাগে। জ্ঞান আৰু যোগৰ অস্ত্ৰ-শস্ত্ৰৰে গোটেই বিশ্বত ৰাজ্য কৰিব লাগে। দ্বৈত অহিংসক হ’ব লাগে।

(2) 84 জন্মৰ ‘অলৰাউণ্ড’ (আদিৰ পৰা অন্তলৈকে) ভূমিকা পালন কৰাসকল এতিয়া সকলো দিশতে ‘অলৰাউণ্ডাৰ’ (সৰ্বতোমুখী ভূমিকা পালন কৰোঁতা) হ’ব লাগে। সকলো কাম কৰিব লাগে। বেহদৰ বিচিত্ৰ ড্ৰামাত প্ৰত্যেকৰে ভূমিকা দেখিও হৰ্ষিত হৈ থাকিব লাগে।

বৰদান:
অবিনাশী উৎসাহ-উদ্দীপনাৰ দ্বাৰা ধুমুহাক উপহাৰ কৰি দিওঁতা শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মা হোৱা

উৎসাহ-উদ্দীপনাই হৈছে ব্ৰাহ্মণৰ উৰন্ত কলাৰ পাখি। এই পাখিৰে সদায় উৰি থাকা। এই উৎসাহ-উদ্দীপনাই তোমালোক ব্ৰাহ্মণসকলৰ বাবে অতি ডাঙৰ শক্তি। জীৱন নিৰস নহয়। উৎসাহ-উদ্দীপনাৰ ৰস সদায় আছে। উৎসাহ-উদ্দীপনাই জটিলতাকো সহজ কৰি দিয়ে, তেওঁলোক কেতিয়াও নিৰাশ হ’ব নোৱাৰে। উৎসাহে ধুমুহাকো উপহাৰ কৰি দিয়ে, উৎসাহে যিকোনো পৰীক্ষা অথবা সমস্যাত মনোৰঞ্জনৰ অনুভৱ কৰায়। এনেকুৱা অবিনাশী উৎসাহ-উদ্দীপনাত থাকোঁতাজনেই হৈছে শ্ৰেষ্ঠ ব্ৰাহ্মণ।

স্লোগান:
শান্তিৰ ধূপ জ্বলাই ৰাখা তেতিয়া অশান্তিৰ দুৰ্গন্ধ সমাপ্ত হৈ যাব।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

নিজৰ যিয়েই বিশেষত্ব আছে সেয়া সন্মুখত ৰাখা তেতিয়া নিজৰ ওপৰত বিশ্বাস থাকিব। দুৰ্বলতাৰ কথা বেছিকৈ নাভাবিবা তেতিয়া আনন্দেৰে আগবাঢ়ি গৈ থাকিবা। সৰ্বশক্তিমান পিতা আছে গতিকে তেওঁৰ হাতত ধৰাসকল পাৰ পাবই। লগিলে নিজে দুৰ্বলেই হওঁক কিন্তু সংগী মজবুত সেয়েহে পাৰ হৈয়েই যাব, এইটো স্মৃতিৰে বিজয়ী হোৱা আৰু আনকো বিজয়ী কৰি তোলা।