22.12.24    Avyakt Bapdada     Assame Murli     17.03.2003     Om Shanti     Madhuban


“*“সদায় নিজৰ স্বমানত থাকিবা, সন্মান দিবা, সকলোৰে সহযোগী হ’বা আৰু সমৰ্থ কৰি তুলিবা”*”


আজি ভাগ্য বিধাতা বাপদাদাই চাৰিওফালৰ প্ৰতিগৰাকী সন্তানৰ মস্তকত ভাগ্যৰ তিনিডাল ৰেখা চাই আছেহঁক। এডাল হৈছে পৰমাত্ম প্ৰতিপালনৰ ভাগ্যৱান ৰেখা, দ্বিতীয়ডাল সৎ শিক্ষকৰ শ্ৰেষ্ঠ শিক্ষাৰ ভাগ্যৱান ৰেখা, তৃতীয়ডাল শ্ৰীমতৰ চিকমিকাই থকা ৰেখা। চাৰিওফালৰ সন্তানসকলৰ মস্তকত তিনিডাল ৰেখা বহুত ভালকৈ চিকমিকাই আছে। তোমালোকেও নিজৰ তিনিডাল ভাগ্যৰ ৰেখা দেখি আছা নহয়। যিহেতু ভাগ্য বিধাতা তোমালোক সন্তানসকলৰ পিতা হয় তেন্তে তোমালোকৰ বাহিৰে শ্ৰেষ্ঠ ভাগ্য আন কাৰ হ’ব পাৰে! বাপদাদাই দেখি আছে বিশ্বৰ অনেক কোটি আত্মা আছে কিন্তু সেই অনেক কোটিৰ মাজৰ পৰা 6 লাখ পৰিয়াল… কিমান কম! কোটিৰ মাজত কোনোবা হৈ গ’লা নহয়! এনেও প্ৰত্যেক মানৱৰ জীৱনত এই তিনিটা কথা প্ৰতিপালন, পঢ়া আৰু শ্ৰেষ্ঠ মত, তিনিওটাৰেই আৱশ্যক। কিন্তু এই পৰমাত্ম প্ৰতিপালন আৰু দেৱ আত্মাৰ বা মানৱ আত্মাৰ মত, প্ৰতিপালন, পঢ়াৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। গতিকে ইমান শ্ৰেষ্ঠ ভাগ্য যিটো সংকল্পতো নাছিল কিন্তু এতিয়া প্ৰত্যেকৰে অন্তৰে গায় – পাই গলোঁ। পাই গ’লা নে পাবা? কি ক’বা? পাই গ’লা নহয়! পিতাও এনেকুৱা সন্তানসকলৰ ভাগ্য দেখি হৰ্ষিত হয়। সন্তানে কয় বাঃ বাবা বাঃ! আৰু পিতাই কয় বাঃ সন্তান বাঃ! বচ্‌ এই ভাগ্যক কেৱল স্মৃতিত নাৰাখিবা কিন্তু সদায় স্মৃতি স্বৰূপ হৈ থাকিবা। বহুত সন্তানে বৰ ভাল কথা ভাবে কিন্তু ভাৱ স্বৰূপ হ’ব নালাগে, স্মৃতি স্বৰূপ হ’ব লাগে। স্মৃতি স্বৰূপ তথা সমৰ্থ স্বৰূপ। ভাৱ স্বৰূপ সমৰ্থ স্বৰূপ নহয়।

বাপদাদাই সন্তানসকলৰ ভিন্ন ভিন্ন লীলা দেখি মিচিকিয়াই থাকে। কোনো কোনো ভাৱ স্বৰূপ হৈ থাকে, স্মৃতি স্বৰূপ হৈ সদায় নাথাকে। কেতিয়াবা ভাৱ স্বৰূপ, কেতিয়াবা স্মৃতি স্বৰূপ। যিসকল স্মৃতি স্বৰূপ হৈ থাকে তেওঁলোক নিৰন্তৰ স্বভাৱসিদ্ধ স্বৰূপত থাকে। যিসকল ভাৱ স্বৰূপ হৈ থাকে তেওঁলোকে পৰিশ্ৰম কৰিবলগীয়া হয়। এই সংগমযুগ পৰিশ্ৰমৰ যুগ নহয়, সৰ্ব প্ৰাপ্তিৰ অনুভৱৰ যুগ। 63 জন্ম পৰিশ্ৰম কৰিলা কিন্তু এতিয়া পৰিশ্ৰমৰ ফল প্ৰাপ্ত কৰাৰ যুগ অৰ্থাৎ সময়।

বাপদাদাই চাই আছিল যে দেহবোধৰ স্মৃতিত থাকিবলৈ কি পৰিশ্ৰম কৰে – মই অমুক, মই অমুক… ইয়াৰ বাবে পৰিশ্ৰম কৰিলা জানো? স্বভাৱসিদ্ধভাৱে থাকিলা নহয়! দেহবোধৰ স্বভাৱ হৈ গ’ল নহয়! ইমান দৃঢ় স্বভাৱ হৈ গ’ল যে এতিয়াও কেতিয়াবা কেতিয়াবা বহুত সন্তানৰ আত্ম-অভিমানী হোৱাৰ সময়ত দেহবোধে নিজৰ ফালে আকৰ্ষিত কৰি লয়। ভাবে - মই আত্মা, মই আত্মা, কিন্তু দেহবোধ ইমান স্বভাৱসিদ্ধ হৈ থাকিল যে বাৰে বাৰে নিবিচাৰিলেও, নাভাবিলেও দেহবোধত আহি যায়। বাপদাদাই কয় - এতিয়া জীৱন্তে মৃত জন্মত আত্ম-অভিমানী অৰ্থাৎ দেহী-অভিমানী স্থিতিও এনেকৈয়ে স্বভাৱ আৰু স্বভাৱসিদ্ধ হওঁক। পৰিশ্ৰম কৰিবলগীয়া যাতে নহয় – মই আত্মা, মই আত্মা। যেনেকৈ কোনোবা সন্তান জন্ম হ’লে আৰু যেতিয়া তেওঁ অলপ বুজিব পৰা হয় তেতিয়া তেওঁক পৰিচয় দিয়া হয় তুমি কোন, কাৰ, এনেকৈয়ে যেতিয়া ব্ৰাহ্মণ জন্ম ল’লা তেতিয়া তোমালোক ব্ৰাহ্মণ সন্তানসকলে জন্মতেই কি পৰিচয় পালা? তোমালোক কোন? আত্মাৰ পাঠ দৃঢ় কৰোৱা হ’ল নহয়! গতিকে এইটো প্ৰথম পৰিচয় স্বভাৱসিদ্ধ স্বভাৱ হৈ যাওঁক। স্বভাৱ স্বভাৱসিদ্ধ আৰু নিৰন্তৰ থাকে, স্মৰণ কৰিবলগীয়া নহয়। তেনেকৈ প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ এতিয়া সময় অনুসৰি দেহী-অভিমানী অৱস্থা স্বভাৱসিদ্ধ হওঁক। অনেক সন্তানৰ আছে, ভাবিবলগীয়া নহয়, স্মৃতি স্বৰূপ হয়। এতিয়া নিৰন্তৰ আৰু স্বভাৱসিদ্ধ স্মৃতি স্বৰূপ হ’বই লাগিব। সকলো ব্ৰাহ্মণৰ শেষৰ অন্তিম অকণমান কাকত এইখনেইন– “নষ্টমোহা স্মৃতি স্বৰূপ”।

এইটো বছৰ কি কৰিবা? বহুত সন্তানে সোধে – এইটো বছৰত বিশেষ কি লক্ষ্য ৰাখোঁ? তেতিয়া বাপদাদাই কয় - সদায় দেহী-অভিমানী, স্মৃতি স্বৰূপ হোৱা। জীৱনমুক্তিতো প্ৰাপ্ত হ’বই কিন্তু জীৱনমুক্ত হোৱাৰ পূৰ্বে পৰিশ্ৰম মুক্ত হোৱা। এইটো স্থিতিয়ে সময় সমীপত আনিব আৰু তোমালোকৰ বিশ্বৰ সকলো ভাতৃ আৰু ভগ্নীক দুখ, অশান্তিৰ পৰা মুক্ত কৰিব। তোমালোকৰ এইটো স্থিতিয়ে আত্মাসকলৰ কাৰণে মুক্তিধামৰ দুৱাৰ মুকলি কৰিব। তেন্তে নিজৰ ভাতৃ-ভগ্নীসকলৰ প্ৰতি দয়া নাজাগেনে! চাৰিওফালে আত্মাসকলে কিমান কাতৰোক্তি কৰি আছে গতিকে তোমালোকৰ মুক্তিয়ে সকলোকে মুক্তি দিব। এইটো পৰীক্ষা কৰা – স্বভাৱসিদ্ধ স্মৃতি তথা সমৰ্থ স্বৰূপ কিমানলৈকে হৈছা? সমৰ্থ স্বৰূপ হোৱাটোৱেই ব্যৰ্থক সহজে সমাপ্ত কৰি দিব। বাৰে বাৰে পৰিশ্ৰম কৰিবলগীয়া নহ’ব।

এতিয়া এইটো বছৰ বাপদাদাই সন্তানসকলৰ স্নেহত যি কোনো সন্তানৰ যি কোনো সমস্যাত পৰিশ্ৰম কৰাটো চাব নিবিচাৰে। সমস্যা সমাপ্ত আৰু সমাধান স্বৰূপ। এইটো হ’ব পাৰেনে? কোৱা দাদীসকল হ’ব পাৰেনে? শিক্ষকসকলে কোৱা, হ’ব পাৰেনে? পাণ্ডৱ, হ’ব পাৰেনে? আকৌ অজুহাত নেদেখুৱাবা, এইটো আছিল নহয়, এইটো হ’ল নহয়! এইটো নোহোৱা হ’লে তেতিয়া নহ’লহেঁতেন! বাপদাদাই ইতিমধ্যে বহুত মিঠা মিঠা খেল দেখিছে। যিয়েই নহওঁক, হিমালয়তকৈও ডাঙৰ, এশ গুণ সমস্যাৰ স্বৰূপ হওঁক, তনৰ দ্বাৰাই হওঁক, মনৰ দ্বাৰাই হওঁক, ব্যক্তিৰ দ্বাৰাই হওঁক বা প্ৰকৃতিৰ দ্বাৰাই হওঁক সমস্যা, পৰ-স্থিতি তোমালোকৰ স্ব-স্থিতিৰ আগত একোৱেই নহয় আৰু স্ব-স্থিতিৰ সাধন হৈছে – স্বমান। স্বমান স্বভাৱসিদ্ধ ৰূপত হওঁক। যাতে স্মৃতিলৈ আনিবলগীয়া নহয়, বাৰে বাৰে পৰিশ্ৰম কৰিবলগীয়া নহয়, নহয় আচলতে মই স্বদৰ্শন চক্ৰধাৰী, মই নয়নৰ মণি, মই অন্তৰ আসনধাৰী… হওঁৱেই। অন্য কোনোবা হ’ব জানো! কল্প পূৰ্বে কোন হৈছিল? অন্য কোনোবা হৈছিল নে তোমালোকেই হৈছিলা? তোমালোকেই আছিলা, তোমালোকেই হোৱা, প্ৰত্যেক কল্পত তোমালোকেই হ’বা। এইটো নিশ্চিত। বাপদাদাই সকলোৰে চেহেৰা চাই আছে এওঁ সেই কল্পৰ পূৰ্বৰজনেই। এইটো কল্পৰ নে অনেক কল্পৰ? অনেক কল্পৰ হোৱা নহয়! হোৱানে? হাত দাঙা যিসকল প্ৰত্যেক কল্পৰ হোৱা? তেনেহ’লেতো নিশ্চিত হয় নহয়, তোমালোকেতো উত্তীৰ্ণৰ প্ৰমাণপত্ৰ পাই গ’লা নহয় নে ল’বা? পাই গ’লা নহয়? পালা নে ল’বা? কল্প পূৰ্বে পাইছিলা, এতিয়া কিয় নাপাবা। গতিকে এইটো স্মৃতি স্বৰূপ হোৱা যে প্ৰমাণপত্ৰ পালোঁ। লাগিলে সন্মান সহকাৰে উত্তীৰ্ণৰ, লাগিলে উত্তীৰ্ণৰ, এইটো পাৰ্থক্যতো হ’ব, কিন্তু ময়েই হয়। দৃঢ় হোৱা জানো! নে ৰেলগাড়ীত যাওঁতে যাওঁতে পাহৰি যাবা, উৰা জাহাজত যাওঁতে উৰি যাব? নাযায়।

যেনেকৈ চোৱা এইটো বছৰ দৃঢ় সংকল্প কৰিলা যে শিৱৰাত্ৰি চাৰিওফালে উৎসাহ-উদ্দীপনাৰে উদ্‌যাপন কৰিব লাগিব, উদ্‌যাপন কৰিলা নহয়! দৃঢ় সংকল্পৰে যি ভাবিলা সেয়া হৈ গ’ল নহয়! তেন্তে এয়া কোনটো কথাৰ চমৎকাৰ? একতা আৰু দৃঢ়তা। 67টা কাৰ্যক্ৰম কৰাৰ কথা ভাবিছিলা কিন্তু বাপদাদাই দেখিলে যে অনেক সন্তানে তাতকৈও বেছি কাৰ্যক্ৰম কৰিছে। এয়া হ’ল সমৰ্থ স্বৰূপৰ লক্ষণ, উৎসাহ-উদ্দীপনাৰ প্ৰত্যক্ষ প্ৰমাণ। স্বতঃ চাৰিওফালে কৰিলা নহয়! এনেকৈয়ে সকলো মিলি ইজনে সিজনৰ সাহস বঢ়াই এইটো সংকল্প কৰা – এতিয়া সময় সমীপত আনিবই লাগিব। আত্মাসকলক মুক্তি দিয়াব লাগিব। কিন্তু এয়া তেতিয়া হ’ব যেতিয়া তোমালোকে ভবাটো স্মৃতি স্বৰূপত আনিবা।

বাপদাদাই শুনিছে যে বিদেশীসকলৰো বিশেষ স্নেহ মিলন বা সভা আছে আৰু ভাৰতবাসীৰো সভা আছে তেন্তে সভাত কেৱল সেৱাৰ পৰিকল্পনা নকৰিবা, পৰিকল্পনা কৰিবা কিন্তু সন্তুলন ৰাখি কৰিবা। এনেকুৱা ইজন সিজনৰ সহযোগী হোৱা যাতে সকলো মাষ্টৰ সৰ্বশক্তিমান হৈ আগলৈ উৰি থাকে। দাতা হৈ সহযোগ দিয়া। পৰিস্থিতিক নাচাবা, সহযোগী হোৱা। স্বমানত থাকা আৰু সন্মান দি সহযোগী হোৱা কিয়নো যি কোনো আত্মাক যদি তোমালোকে অন্তৰেৰে সন্মান জনোৱা, এয়া অতিকৈ শ্ৰেষ্ঠ পুণ্য কিয়নো দুৰ্বল আত্মাক উৎসাহ-উদ্দীপনাত লৈ অনা এয়া কিমান শ্ৰেষ্ঠ পুণ্য! অধোগতি হোৱাজনক আৰু তলত নেপেলাবা, আকোৱালি ল’বা অৰ্থাৎ বাহিৰৰ পৰা আকোৱালি ল’ব নালাগে, আকোৱালি লোৱা অৰ্থাৎ পিতাৰ সমান কৰি তোলা। সহযোগ দিয়া।

গতিকে সুধিছা নহয় যে এইটো বছৰ কি কি কৰিব লাগিব? বচ্‌ সন্মান দিয়া আৰু স্বমানত থাকা। সমৰ্থ হৈ সমৰ্থ কৰি তোলা। ব্যৰ্থ কথাত নাযাবা। যি দুৰ্বল আত্মা হয়েই দুৰ্বল, তেওঁলোকৰ দুৰ্বলতা চাই থাকিলে সহযোগী কেনেকৈ হ’বা! সহযোগ দিয়া তেতিয়া আশীৰ্বাদ পাবা। সকলোতকৈ সহজ পুৰুষাৰ্থ হৈছে, অন্য একো কৰিব নোৱাৰিলেও সকলোতকৈ সহজ পুৰুষাৰ্থ হৈছে – দোৱা দিয়া, দোৱা লোৱা। সন্মান দিয়া আৰু মহিমা যোগ্য হোৱা। সন্মান দিওঁতাসকলেই সকলোৰে দ্বাৰা মাননীয় হয়। আৰু যিমান এতিয়া মাননীয় হ’বা, সিমানেই ৰাজ্য অধিকাৰী আৰু পূজ্য আত্মা হ’বা। দি যোৱা ল’ব নালাগে, লোৱা আৰু দিয়া এয়াতো বেপাৰীৰ কাম। তোমালোকতো দাতাৰ সন্তান। বাকী বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ সেৱা দেখি আনন্দিত হৈছে, সকলোৱে ভাল সেৱা কৰিছে। কিন্তু এতিয়া আগবাঢ়ি যাব লাগে নহয়! বাণীৰে সকলোৱে ভাল সেৱা কৰিলা, সাধনসমূহৰ দ্বাৰাও সেৱাৰ ভাল ফলাফল ওলাল। অনেক আত্মাৰ ওজৰ আপত্তিও সমাপ্ত কৰিলা। লগতে সময়ৰ তীব্ৰ গতি দেখি বাপদাদাই এইটোৱে বিচাৰে যে কেৱল কিছুসংখ্যক আত্মাৰ সেৱা কৰিব নালাগে কিন্তু বিশ্বৰ সকলো আত্মাৰ মুক্তিদাতা নিমিত্ত হৈছা তোমালোক কিয়নো পিতাৰ সঙ্গী হোৱা, সেয়েহে সময়ৰ গতি অনুসৰি এতিয়া একে সময়তে তিনিওটা সেৱা কৰিব লাগে:- প্ৰথমে বাণী, দ্বিতীয়তে নিজৰ শক্তিশালী স্থিতি আৰু তৃতীয়তে শ্ৰেষ্ঠ আত্মিক প্ৰকম্পন য’তেই সেৱা কৰা তাত এনেকুৱা আত্মিক প্ৰকম্পন বিয়পাই দিয়া যাতে প্ৰকম্পনৰ প্ৰভাৱত সহজে আকৰ্ষিত হৈ থাকে। চোৱা, এতিয়া অন্তিম জন্মতো তোমালোক সকলোৰে জড় চিত্ৰই কেনেকৈ সেৱা কৰি আছে? বাণীৰে কয় জানো? প্ৰকম্পন এনেকুৱা যে ভক্তসকলে ভাৱনাৰ ফল সহজে পাই যায়। এনেকুৱা প্ৰকম্পন শক্তিশালী হওঁক, প্ৰকম্পনত সৰ্বশক্তিৰ কিৰণ বিয়পি যাওঁক, বায়ুমণ্ডল পৰিৱৰ্তন হৈ যাওঁক। প্ৰকম্পন এনেকুৱা বস্তু যে অন্তৰত সাঁচ বহি যায়। তোমালোক সকলোৰে অনুভৱ আছে যদি কোনো আত্মাৰ প্ৰতি ভাল বা বেয়া প্ৰকম্পন তোমালোকৰ অন্তৰত বহি যায় তেন্তে কিমান সময় চলে? বহুত সময় চলে নহয়! উলিয়াব বিচাৰিলেও নোলায়, কাৰোবাৰ বেয়া প্ৰকম্পন বহি গ’লে তেতিয়া সহজে ওলায় জানো? গতিকে তোমালোকৰ সৰ্ব শক্তিৰ কিৰণৰ প্ৰকম্পনে সাঁচ বহুৱাৰ কাম কৰিব। বাণী পাহৰি যাব পাৰে, কিন্তু প্ৰকম্পনৰ সাঁচ সহজে আঁতৰি নাযায়। অনুভৱ আছে নহয়! আছেনে অনুভৱ?

গুজৰাট, বোম্বায়ে (এতিয়া মুম্বাই) যি উৎসাহ-উদ্দীপনা দেখুৱালে, তেওঁলোককো বাপদাদাই পদম পদম গুণ অভিনন্দন জনাইছে। কিয়? কি বিশেষত্ব আছিল? কিয় অভিনন্দন জনায়? অনুষ্ঠানতো ডাঙৰ ডাঙৰ কৰি থাকা কিন্তু বিশেষ অভিনন্দন কিয় জনাই আছে? কিয়নো দুয়োফালৰ বিশেষত্ব আছিল – একতা আৰু দৃঢ়তাৰ। য’ত একতা আৰু দৃঢ়তা আছে ত’ত এবছৰৰ পৰিৱৰ্তে এমাহ বছৰৰ সমান হয়। শুনিলা, গুজৰাট আৰু বোম্বাইৰসকলে। বাৰু।

এতিয়া চেকেণ্ডত জ্ঞান সূৰ্য স্থিতিত স্থিত হৈ চাৰিওফালৰ ভয়-ভীত, অস্থিৰ আত্মাসকলক, সৰ্বশক্তিৰ কিৰণ বিলোৱা। বহুত ভয়-ভীত হৈ আছে। শক্তি দিয়া, প্ৰকম্পন বিয়পাই দিয়া। বাৰু, (বাপদাদাই ড্ৰিল কৰালে)

চাৰিওফালৰ সন্তানসকলৰ ভিন্ন ভিন্ন স্নেহ ভৰা স্মৃতি আৰু বাতৰি জনাই দিয়া পত্ৰ আৰু ই-মেইল পিতাৰ ওচৰত আহি পাই গৈছে। প্ৰত্যেকেই কয় - মোৰো স্মৃতি দিব, মোৰো স্মৃতি দিব। বাপদাদাই কয় প্ৰতিগৰাকী মৰমৰ সন্তানৰ স্মৃতি বাপদাদাৰ ওচৰত আহি পাই গৈছে। দূৰৈত বহিও বাপদাদাৰ অন্তৰ আসনৰ অধিকাৰী। গতিকে তোমালোকক যিয়েই কৈছে স্মৃতি দিব, স্মৃতি দিব, সেয়া বাপদাদাৰ ওচৰত আহি পাই গৈছে। এই সন্তানসকলৰ স্নেহ আৰু পিতাৰ স্নেহেই সন্তানসকলক উৰাই আছে। বাৰু।

চাৰিওফালৰ অতি শ্ৰেষ্ঠ ভাগ্যৱান, কোটিৰ মাজত কোনোবা বিশেষ আত্মাসকলক, সদায় স্বমানত থাকোঁতা, সন্মান দিওঁতা, সেৱাধাৰী সন্তানসকলক, সদায় স্মৃতি স্বৰূপ তথা সমৰ্থ স্বৰূপ আত্মাসকলক, সদায় অবিচলিত স্থিতিৰ আসনত স্থিত সৰ্বশক্তি স্বৰূপ সন্তানসকলক বাপদাদাৰ স্নেহসহিত স্মৰণ আৰু নমস্কাৰ।

দাদীজীৰ প্ৰতি:- বাপদাদা তোমাৰ ওপৰত বিশেষভাৱে আনন্দিত হৈছে। কিয় আনন্দিত হৈছে? বিশেষ এইটো কথাত আনন্দিত হৈছে যে যেনেকৈ পিতা ব্ৰহ্মাই সকলোকে আদেশ দিছিল – এইটো কৰিব লাগে, এতিয়া কৰিব লাগে, তেনেকৈ তুমিও পিতা ব্ৰহ্মাক অনুসৰণ কৰিছা। (আপুনিও মোৰ লগত আছে) সেইটোতো হয়েই, নিমিত্ততো তুমি হ’লা নহয়। আৰু এনেকুৱা দৃঢ় সংকল্প কৰিলা যে চাৰিওফালে সফলতা প্ৰাপ্ত হ’ল, সেইবাবে তোমাৰ মাজত বহুত আত্মিক শক্তি গুপ্তভাৱে ভৰি আছে। স্বাস্থ্য ঠিকে আছে, আত্মিক শক্তি ইমান ভৰি আছে যে স্বাস্থ্য একোৱেই নহয়। চমৎকাৰ নহয় জানো!

দাদীসকলৰ মিলন দেখি সকলোৰে অন্তৰত উদয় হয় যে আমিও দাদী হোৱা হ’লে তেতিয়া মিলিত হ’লোঁহেঁতেন। তোমালোকো দাদী হ’বা। এতিয়া বাপদাদাই অন্তৰত পৰিকল্পনা কৰিছে, এতিয়া কোৱা নাই। তেন্তে যিসকল সেৱাৰ, পিতা ব্ৰহ্মাৰ সাকাৰ সময়ত সেৱাৰ আদি ৰত্ন ওলাইছিল, তেওঁলোকৰ সংগঠন মজবুত কৰিব লাগে। (কেতিয়া কৰিবা?) যেতিয়া আপুনি কৰে। এইটো দ্বায়িত্ব তোমাৰ (দাদী জানকীৰ)। তোমাৰ অন্তৰৰ সংকল্পও আছে নহয়? কিয়নো যেনেকৈ তোমালোক দাদীসকলৰ একতা আৰু দৃঢ়তাৰ সংগঠন মজবুত, তেনেকৈ আদি সেৱাৰ ৰত্নসকলৰ সংগঠন মজবুত হওঁক, ইয়াৰ বহুত আৱশ্যকতা আছে কিয়নো সেৱাতো বাঢ়িবই। গতিকে সংগঠনৰ শক্তিয়ে যি বিচাৰে সেয়া কৰিব পাৰে। সংগঠনৰ চিনৰ স্মাৰক হৈছে পাঁচ পাণ্ডৱ। পাঁচ গৰাকী কিন্তু সংগঠনৰ চিন। বাৰু – এতিয়া যিসকল সাকাৰ ব্ৰহ্মা থাকোঁতে সেৱাৰ নিমিত্তে সেৱাকেন্দ্ৰত আছা, সেৱাত ব্ৰতী হৈ আছা তেওঁলোক উঠা। ভায়ো আছে, পাণ্ডৱ অবিহনে গতি আছে জানো। ইয়াততো অলপ আছে কিন্তু আৰু আছে। সংগঠনক একেলগ কৰাৰ দ্বায়িত্ব এওঁৰ (দাদী জানকীৰ), এওঁতো (দাদী) ৰাজহাড়। বহুত ভাল ভাল ৰত্ন আছে। বাৰু। সকলো ঠিক আছে। যিয়েই কৰি থাকা কিন্তু তোমাৰ সংগঠনৰ মহানতা আছে। দুৰ্গ মজবুত। ভাল বাৰু।

বৰদান:
স্বমানৰ আসনত স্থিত হৈ সকলো পৰিস্থিতি অতিক্ৰম কৰোঁতা সদায় বিজয়ী হোৱা

সদায় নিজৰ এইটো স্বমানৰ আসনত স্থিত থাকা যে মই বিজয়ী ৰত্ন, মাষ্টৰ সৰ্বশক্তিমান – তেতিয়া যেনেকুৱা আসন তেনেকুৱা লক্ষণ আহি যায়। যি কোনো পৰিস্থিতি সন্মুখত আহিলে তেতিয়া চেকেণ্ডত নিজৰ এই আসনত স্থিত হৈ যোৱা। আসনত থকাসকলৰহে আদেশ পালন কৰা হয়। আসনত স্থিত হৈ থাকা তেতিয়া বিজয়ী হৈ যাবা। সংগমযুগ হয়েই সদায় বিজয়ী হোৱাৰ যুগ, এইটো যুগৰ বৰদান আছে, সেয়েহে বৰদানী হৈ বিজয়ী হোৱা।

স্লোগান:
সৰ্ব আসক্তিৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতাসকলেই শিৱ শক্তি পাণ্ডৱ সেনা।

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সন্তুষ্টতা অৰ্থাৎ অন্তৰ-মগজ সদায় যাতে আৰামত থাকে। সুখ-আৰামৰ স্থিতিত থাকে। সন্তুষ্টতাই পিতাৰ আৰু সকলোৰে দোৱা প্ৰাপ্ত কৰায়। সন্তুষ্ট আত্মা সময় অনুসৰি সদায় নিজক পিতা আৰু সকলোৰে দোৱাৰ বিমানত উৰি থকা অনুভৱ কৰিব। দোৱা নিবিচাৰিব, কিন্তু দোৱা স্বয়ং তেওঁলোকৰ আগত স্বতঃ আহিব। এনেকুৱা সন্তুষ্টমণি অৰ্থাৎ সিদ্ধি স্বৰূপ তপস্বী হোৱা।