23.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া নাটক পূৰা হ’বৰ হৈছে, ঘৰলৈ উভতি যাব লাগে, কলিযুগৰ অন্তৰ পাছত পুনৰ সত্যযুগ পুনৰাবৃত্তি হ’ব, এইটো ৰহস্য সকলোকে বুজোৱা”

প্ৰশ্ন:
আত্মাই ভূমিকা পালন কৰি কৰি ভাগৰি পৰিছে, ভাগৰি পৰাৰ মুখ্য কাৰণ কি?

উত্তৰ:
বহুত ভক্তি কৰিলে, অনেক মন্দিৰ সাজিলে, পইচা খৰচ কৰিলে, ঠেকা-খুন্দা খাই খাই সতোপ্ৰধান আত্মা তমোপ্ৰধান হৈ গ’ল। তমোপ্ৰধান হোৱাৰ কাৰণে দুখী হ’ল। যেতিয়া কিবা কথাক লৈ কোনোবা অতিষ্ঠ হয় তেতিয়া ভাগৰ লাগে। এতিয়া পিতা আহিছে সকলো ভাগৰ দূৰ কৰিবলৈ।

ওঁম্শান্তি।
আত্মিক পিতাই বহি সন্তানসকলক বুজায়, তেওঁৰ নাম কি? শিৱ। যিহেতু তোমালোক সন্তানসকল ইয়াত বহি আছা গতিকে ভালদৰে স্মৃতিত ৰাখিব লাগে। এই ড্ৰামাত সকলোৰে যি ভূমিকা আছিল, সেয়া এতিয়া পূৰা হ’ব। নাটক যেতিয়া পূৰা হ’বৰ হয় তেতিয়া সকলো ভাওৰীয়াই বুজি পায় যে আমাৰ ভূমিকা এতিয়া পূৰা হ’ল। এতিয়া ঘৰলৈ যাব লাগে। তোমালোক সন্তানসকলকো পিতাই এতিয়া বুজনি দিছে, এই বুজনি অন্য কাৰো নাই। এতিয়া তোমালোকক পিতাই বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছে। সন্তানসকল, এতিয়া নাটক পূৰা হ’বৰ হ’ল, এতিয়া পুনৰ আৰম্ভণিৰ পৰা নতুনকৈ চক্ৰ আৰম্ভ হ’ব। নতুন সৃষ্টিত সত্যযুগ আছিল। এতিয়া পুৰণি সৃষ্টিত এয়া কলিযুগৰ অন্তিম সময়। এই কথাবোৰ তোমালোকেহে জানা, যিসকলে পিতাক পাইছে। নতুন যিসকল আহে তেওঁলোককো এয়া বুজাব লাগে - এতিয়া নাটক পূৰা হ’বৰ হ’ল, কলিযুগৰ অন্তৰ পাছত পুনৰ সত্যযুগ পুনৰাবৃত্তি হ’ব লাগে। ইয়াত থকা সকলোৱে নিজৰ ঘৰলৈ উভতি যাব লাগে। এতিয়া নাটক পূৰা হ’বৰ হৈছে, ইয়াৰ পৰা মনুষ্যই বুজি লয় যে প্ৰলয় হয়। এতিয়া তোমালোকে জানা পুৰণি সৃষ্টিৰ বিনাশ কেনেকৈ হয়। ভাৰততো অবিনাশী খণ্ড, পিতাও ইয়ালৈয়ে আহে। বাকী সকলো খণ্ডৰ নাশ হৈ যাব। এইটো খেয়াল অন্য কাৰো বুদ্ধিত উদয় হ’ব নোৱাৰে। পিতাই তোমালোক সন্তানসকল বুজায়, এতিয়া নাটক পূৰা হয় আকৌ পুনৰাবৃত্তি কৰিব লাগে। আগতে নাটকৰ নামো তোমালোকৰ বুদ্ধিত নাছিল। কেৱল কোৱাতে সীমিত আছিল, এয়া হৈছে সৃষ্টি নাটক, যিখনৰ আমি ভাৱৰীয়া। আগতে যেতিয়া আমি কৈছিলোঁ তেতিয়া শৰীৰকে বুজিছিলোঁ। এতিয়া পিতাই কয় - নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে, সেয়া হৈছে মৰমৰ ঘৰ। সেই নিৰাকাৰী লোকত আমি আত্মাসকল থাকোঁ। এই জ্ঞান কোনো মনুষ্য মাত্ৰৰ নাই। এতিয়া তোমালোক সংগমত আছা। এইটো জানা যে এতিয়া আমি উভতি যাব লাগে। পুৰণি সৃষ্টি সমাপ্ত হ’লে ভক্তিও সমাপ্ত হ’ব। প্ৰথমে কোন আহে, কেনেকৈ এই ধৰ্মবোৰ ক্ৰমানুসৰি আহে, এই কথাবোৰ কোনো শাস্ত্ৰত নাই। এই পিতাই নতুন কথা বুজায়। এয়া অন্য কোনেও বুজাব নোৱাৰে। পিতাও এবাৰেই আহি বুজায়। জ্ঞান সাগৰ পিতা আহেই এবাৰ যেতিয়া নতুন সৃষ্টিৰ স্থাপনা, পুৰণি সৃষ্টিৰ বিনাশ কৰিব লাগে। পিতাৰ স্মৃতিৰ লগতে এই চক্ৰও বুদ্ধিত থাকিব লাগে। এতিয়া নাটক পূৰা হয়, আমি ঘৰলৈ যাওঁ। ভূমিকা পালন কৰি কৰি আমি ভাগৰি পৰিছোঁ। পইচাও খৰচ কৰিলোঁ, ভক্তি কৰি কৰি আমি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছোঁ। সৃষ্টিখনেই পুৰণি হৈ গ’ল। নাটকখনক পুৰণি বুলি কোৱা হ’বনে? নহয়, নাটকতো কেতিয়াও পুৰণি নহয়। নাটকতো নিত্য নতুন। এয়া চলিয়েই থাকে। বাকী সৃষ্টি পুৰণি হয়, আমি ভৱৰীয়াসকল তমোপ্ৰধান দুখী হৈ যাওঁ, ভাগৰি পৰোঁ। সত্যযুগত জানো ভাগৰি পৰিবা! কোনো কথাতে ভাগৰি পৰাৰ বা অশান্ত হোৱাৰ কথা নাথাকে। ইয়াততো অনেক প্ৰকাৰৰ অশান্তি চাবলগীয়া হয়। তোমালোকে জানা এই পুৰণি সৃষ্টি নাশ হ’ব লাগে। সম্বন্ধীয় আদি কোনো স্মৃতিলৈ আহিব নালাগে। এজন পিতাকে স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়, বিকৰ্ম বিনাশ কৰাৰ অন্য কোনো উপায় নাই। গীতাতো ‘মনমনাভৱ’ শব্দটি আছে। কিন্তু অৰ্থ কোনেও বুজিব নোৱাৰে। পিতাই কয় - মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোক বিশ্বৰ উত্তৰাধিকাৰী অৰ্থাৎ মালিক আছিলা। এতিয়া তোমালোক বিশ্বৰ উত্তৰাধিকাৰী হৈ আছা। তেন্তে কিমান আনন্দত থাকিব লাগে। এতিয়া তোমালোক কড়িৰ পৰা হীৰাতুল্য হৈ আছা। ইয়ালৈ তোমালোক আহিছাই পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ।

তোমালোকে জানা যেতিয়া কলা কম হৈ যায় তেতিয়া ফুলৰ বাগিছা মৰহি যায়। এতিয়া তোমালোক ফুলৰ বাগিছা হৈ আছা। সত্যযুগ বাগিছা হোৱা বাবে কিমান সুন্দৰ হয় পুনৰ লাহে লাহে কলা কম হৈ যায়। দুটা কলা কম হ’ল, বাগিছা মৰহি গ’ল। এতিয়াতো কাঁইটৰ জংঘল হৈ গৈছে। এতিয়া তোমালোকে জানা যে জগতৰ লোকে একোৱে গম নাপায়। এই জ্ঞান তোমালোকে পাই আছা। এয়া হৈছে নতুন সৃষ্টিৰ কাৰণে নতুন জ্ঞান। নতুন সৃষ্টি স্থাপনা হয়। স্থাপনা কৰোঁতা হৈছে পিতা। সৃষ্টিৰ ৰচয়িতা হৈছে পিতা। স্মৰণো পিতাকেই কৰে যে আহি স্বৰ্গ ৰচনা কৰক। সুখধাম ৰচিলে নিশ্চয় দুখধামৰ বিনাশ হ’ব। বাবাই নিতৌ বুজাই থাকে, সেয়া ধাৰণা কৰি আকৌ আনক বুজাব লাগে। প্ৰথমে মুখ্য কথা বুজাব লাগে - আমাৰ পিতা কোন, যাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। ভক্তিমাৰ্গতো ঈশ্বৰ পিতাক স্মৰণ কৰে যে আমাৰ দুখ হৰণ কৰি সুখ দিয়ক। গতিকে তোমালোক সন্তানসকলৰ বুদ্ধিতো স্মৃতি থাকিব লাগে। স্কুলত বিদ্যাৰ্থীৰ বুদ্ধিত জ্ঞান থাকে, ঘৰ-সংসাৰৰ কথা নাথাকে। বিদ্যাৰ্থী জীৱনত পেছাগত কাম-কাজৰ কথা নাথাকে। অধ্যয়নেই স্মৃতিত থাকে। ইয়াত আকৌ পিতাই কয় - কৰ্ম কৰি, গৃহস্থালিত থাকি এই অধ্যয়ন কৰা। এনেকৈ নকয় যে সন্ন্যাসীসকলৰ দৰে ঘৰ-সংসাৰ ত্যাগ কৰা। এয়া হয়েই ৰাজযোগ। এয়া হৈছে প্ৰবৃত্তিমাৰ্গ। সন্ন্যাসীসকলকো তোমালোকে ক’ব পাৰা যে আপোনালোকৰ হৈছে হঠযোগ। আপোনালোকে ঘৰ-সংসাৰ ত্যাগ কৰে, ইয়াত সেইটো কথা নাই। এই সৃষ্টিখনেই কেনেকুৱা লেতেৰা। চোৱা ইয়াত কি আছে! গৰিবসকল কেনেকৈ আছে। দেখিলেই ঘৃণা ওপজে। বাহিৰৰ পৰা যিসকল পৰ্যটক আদি আহে তেওঁলোককতো ভাল ভাল স্থানবোৰ দেখুৱায়, গৰিবসকল কেনেকৈ লেতেৰা ঠাইত পৰি আছে, সেইবোৰ জানো দেখুৱায়। এয়াতো হয়েই নৰক কিন্তু তাতো পাৰ্থক্যতো বহুত আছে নহয়। চহকীলোকসকল ক’ত থাকে, গৰিবসকল ক’ত থাকে, কৰ্মৰ হিচাপ আছে নহয়। সত্যযুগত এনেকুৱা মলিনতা থাকিব নোৱাৰে। তাতো পাৰ্থক্যতো থাকে নহয়। কোনোবাই সোণৰ মহল সাজিব, কোনোবাই ৰূপৰ, কোনোবাই ইটাৰ। ইয়াততো কিমান খণ্ড আছে। অকল ইউৰোপ খণ্ডই কিমান ডাঙৰ। তাততো কেৱল আমিয়েই থাকিম। এয়াও বুদ্ধিত থাকিলে তেতিয়া হৰ্ষিত মুখৰ অৱস্থা হ’ব। বিদ্যাৰ্থীৰ বুদ্ধিত পঢ়াৰেই স্মৃতি থাকে - পিতা আৰু সম্পত্তি। এইটোতো বুজোৱা হৈছে য বাকী অলপ সময় আছে। তেওঁলোকেতো কৈ দিয়ে লাখ লাখ, হাজাৰ হাজাৰ বছৰ বাকী আছে। ইয়াততো 5 হাজাৰ বছৰৰেই কথা। তোমালোক সন্তানসকলে বুজি পোৱা এতিয়া আমাৰ ৰাজধানীৰ স্থাপনা হৈ আছে। বাকী গোটেই সৃষ্টি নাশ হৈ যাব। এয়া পঢ়া হয় নহয়। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে আমি বিদ্যাৰ্থী, আমাক ভগৱানে পঢ়ায়। তেতিয়াও কিমান আনন্দিত হৈ থাকিবা। এইটো কিয় পাহৰি যোৱা! মায়া বৰ প্ৰবল, সেয়া পাহৰাই দিয়ে। স্কুলত সকলো বিদ্যাৰ্থীয়ে পঢ়ি আছে। সকলোৱে জানে যে আমাক ভগৱানে পঢ়ায়, তাততো অনেক প্ৰকাৰৰ বিদ্যা পঢ়োৱা হয়। বহুত শিক্ষক থাকে। ইয়াততো এজনেই শিক্ষক, একেই অধ্যয়ন। বাকী সহকাৰী শিক্ষকতো নিশ্চয় লাগে। স্কুল হ’ল এখন বাকী সকলো শাখা, পঢ়াওঁতা হৈছে এজন পিতা। পিতা আহি সকলোকে সুখ দিয়ে। তোমালোকে জানা - আধাকল্প আমি সুখী হৈ থাকিম। গতিকে এইটোও আনন্দ থাকিব লাগে, শিৱবাবাই আমাক পঢ়ায়। শিৱবাবাই স্বৰ্গৰে ৰচনা ৰচে। আমি স্বৰ্গৰ মালিক হ’বলৈ পঢ়োঁ। অন্তৰ কিমান আনন্দিত হৈ থকা উচিত। সেই বিদ্যাৰ্থীসকলেও খোৱা-বোৱা কৰে, ঘৰৰ সকলোবোৰ কাম-বন কৰে। অৱশ্যে হয় কোনোবাই এইটো ভাবি হোষ্টেলত থাকে যে পঢ়াৰ প্ৰতি অধিক ধ্যান দিব। চাকৰি কৰাৰ কাৰণে কুমাৰীসকল বাহিৰত থাকে। কেনেকুৱা কেনেকুৱা মনুষ্য আহে। ইয়াততো তোমালোক কিমান সুৰক্ষিত হৈ বহি আছা। কোনো ভিতৰত সোমাব নোৱাৰে। ইয়াত তোমালোকৰ কাৰো সংগ নাই। পতিতৰ লগত কথা পতাৰ দৰকাৰ নাই। তোমালোকে কাৰো মুখ চোৱাৰো দৰকাৰ নাই। তথাপিও বাহিৰত থকাসকলে তীব্ৰ বেগেৰে আগবাঢ়ি যায়। কেনেকুৱা আচৰিত কথা, বাহিৰত থকাসকলে কিমানক পঢ়াই নিজৰ সমান কৰি লৈ আহে। বাবাই খা-খবৰ সোধে - কেনেকুৱা ৰোগী লৈ আহিছা, কোনোবা বহুত বেয়া ৰোগী হ’লে তেতিয়া তেওঁক 7 দিন ভাতীত ৰখা হয়। ইয়াত কোনো শূদ্ৰক লৈ আহিব নালাগে। এয়া মধুবন যেন তোমালোক ব্ৰাহ্মণসকলৰ এখন গাওঁ। ইয়াত পিতাই তোমালোক সন্তানসকলক বুজায়, বিশ্বৰ মালিক কৰি তোলে। কোনোবা শূদ্ৰক লৈ আহিলে তেওঁ প্ৰকম্পন (বাতাৱৰণ) বেয়া কৰিব। তোমালোক সন্তানসকলৰ চলনো বহুত মাৰ্জিত হোৱা উচিত।

আগলৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব - তাত কি কি হ’ব। জন্তুবোৰো কিমান ভাল হ’ব। সকলো বস্তু ভাল হ’ব। সত্যযুগৰ কোনো বস্তু ইয়াত থাকিব নোৱাৰে। তাত আকৌ ইয়াৰ কোনো বস্তু থাকিব নোৱাৰে। তোমালোকৰ বুদ্ধিত আছে আমি স্বৰ্গৰ কাৰণে পৰীক্ষাত উত্তীৰ্ণ হৈ আছোঁ। যিমানে পঢ়িবা সেই অনুসৰি শিক্ষক হৈ আকৌ আনকো মাৰ্গ-দৰ্শন কৰাবা। সকলোৱে শিক্ষক হয়। সকলোকে শিকাব লাগে। পোন-প্ৰথমেতো পিতাৰ পৰিচয় দি শুনাব লাগে যে পিতাৰ পৰা এয়া উত্তৰাধিকাৰ পোৱা যায়। গীতা পিতাই শুনাইছে। শ্ৰীকৃষ্ণই পিতাৰ পৰা শুনি এই পদ পালে। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া ব্ৰাহ্মণো ইয়াত লাগে। ব্ৰহ্মায়ো শিৱবাবাৰ পৰা পঢ়ি থাকে। তোমালোকে এতিয়া বিষ্ণুপুৰীলৈ যাবৰ বাবে পঢ়া। এয়া হৈছে তোমালোকৰ অলৌকিক ঘৰ। লৌকিক, পাৰলৌকিক আৰু অলৌকিক। নতুন কথা নহয় জানো। ভক্তিমাৰ্গত কেতিয়াও ব্ৰহ্মাক স্মৰণ নকৰে। ‘ব্ৰহ্মাবাবা’ বুলি ক'ব কোনেও নাজানে। শিৱবাবাক স্মৰণ কৰে যে দুখৰ পৰা মুক্ত কৰক। তেওঁ (শিৱবাবা) হ’ল পাৰলৌকিক পিতা, এওঁ (ব্ৰহ্মা বাবা) আকৌ হ’ল অলৌকিক। এওঁক (ব্ৰহ্মা বাবাক) তোমালোকে সূক্ষ্মলোকতো দেখা পোৱা আকৌ ইয়াতো দেখা পোৱা। লৌকিক পিতাকতো ইয়াত দেখা পোৱা যায়, পাৰলৌকিক পিতাকতো পৰলোকতহে দেখা পোৱা যায়। এওঁ আকৌ হৈছে অলৌকিক বিস্ময়কৰ পিতা। এই অলৌকিক পিতাক বুজি পোৱাৰ ক্ষেত্ৰতে বিবুদ্ধিত পৰে। শিৱবাবাৰ কাৰণেতো ক’ব নিৰাকাৰ হয়। তোমালোকে ক’বা তেওঁ হৈছে বিন্দু। তেওঁলোকে অখণ্ড জ্যোতি বা ব্ৰহ্ম বুলি কৈ দিয়ে। অনেক মত আছে। তোমালোকৰতো এটাই মত। এজনৰ দ্বাৰাই পিতাই মত দিবলৈ আৰম্ভ কৰিলে আকৌ কিমান বৃদ্ধি হয়। গতিকে তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো থাকিব লাগে যে আমাক শিৱবাবাই পঢ়াই আছে। পতিতৰ পৰা পাৱন কৰি আছে। ৰাৱণৰাজ্যত নিশ্চয় পতিত তমোপ্ৰধান হ’বই লাগে। নামেই হ’ল পতিত সৃষ্টি। সকলো দুখীও হয় সেয়েহে পিতাক স্মৰণ কৰে যে বাবা আমাৰ দুখ দূৰ কৰি আমাক সুখ দিয়া। সকলো সন্তানৰ পিতা এজনেই। তেওঁতো সকলোকে সুখেই দিব নহয়। নতুন সৃষ্টিততো সুখেই সুখ। বাকী সকলো শান্তিধামত থাকে। এইটো বুদ্ধিত থাকিব লাগে যে এতিয়া আমি শান্তিধামলৈ যাম। যিমানেই সমীপত আহি থাকিবা সিমানেই আজিৰ সৃষ্টি কি, কাইলৈৰ সৃষ্টি কি হ’ব সকলো দেখি থাকিবা। স্বৰ্গৰ বাদশ্বাহী সমীপত দেখি থাকিবা। সেয়েহে সন্তানসকলক এইটো মুখ্য কথা বুজায় - বুদ্ধিত যাতে এইটো স্মৃতি থাকে যে আমি স্কুলত বহি আছোঁ। শিৱবাবা এই ৰথত আৰোহণ কৰি আমাক পঢ়াবলৈ আহিছে। এয়া (ব্ৰহ্মা) হৈছে ভাগীৰথ। পিতা নিশ্চয় এবাৰেই আহিব। ভাগীৰথৰ নাম কি, এইটোও কোনেও নাজানে।

ইয়াত তোমালোক সন্তানসকল যেতিয়া পিতাৰ সন্মুখত বহা তেতিয়া বুদ্ধিত যাতে এইটো স্মৃতি থাকে যে পিতাৰ আগমন হৈছে - আমাক সৃষ্টি চক্ৰৰ ৰহস্য বুজাই আছে। এতিয়া নাটক পূৰা হ’বৰ হ’ল, এতিয়া আমি যাব লাগে। এয়া বুদ্ধিত ৰখাতো কিমান সহজ কিন্তু এইখিনিও স্মৃতিত ৰাখিব নোৱাৰে। এতিয়া চক্ৰ সম্পূৰ্ণ হ’বৰ হ’ল, এতিয়া আমি যাব লাগে আকৌ নতুন সৃষ্টিত আহি ভূমিকা পালন কৰিব লাগে, আমাৰ পাছত আকৌ অমুক অমুক আহিব। তোমালোকে জানা এই গোটেই চক্ৰ কেনেকৈ ঘূৰে। সৃষ্টি কেনেকৈ বৃদ্ধি হৈ গৈ থাকে। নতুনৰ পৰা পুৰণি আকৌ পুৰণিৰ পৰা নতুন হয়। বিনাশৰ কাৰণে প্ৰস্তুতিও দেখি আছা। প্ৰাকৃতিক দুৰ্যোগো হ’ব। ইমান বোমা তৈয়াৰ কৰি ৰাখিছে সেইবোৰতো কামত আহিবই নহয়। বোমাৰেই ইমান কাম হ’ব যে মনুষ্যই আৰু যুদ্ধ কৰাৰ কোনো প্রয়োজন নাথাকিব। সৈন্যবাহিনীক তেতিয়া এৰি দিব। বোমা পেলাই যাব। তেতিয়া ইমান অনেক মনুষ্য চাকৰী হেৰুৱাই ভোকত নমৰিব জানো। এয়া সকলো হ'ব। তেতিয়া চিপাহী আদিয়ে কি কৰিব। ভূমিকম্প হৈ থাকিব, বোমা বৰ্ষণ হৈ থাকিব। ইজনে সিজনক মাৰি থাকিব। অনাহকতে তেজৰ খেলতো হ’বই। গতিকে যেতিয়া ইয়াত আহি বহা তেতিয়া এই কথাবোৰ মন্থন কৰিব লাগে। শান্তিধাম, সুখধামক স্মৰণ কৰি থাকিবা। নিজৰ অন্তৰক সোধা – মোৰ স্মৃতিলৈ কি আহে। যদি পিতাৰ স্মৃতি নাই তেন্তে নিশ্চয় বুদ্ধি আন কৰ’বাত গৈ থাকে। বিকৰ্মও বিনাশ নহ’ব, পদো কম হৈ যাব। বাৰু, যদি পিতাৰ স্মৃতি নাথাকে তেন্তে চক্ৰৰ কথা মন্থন কৰা তেতিয়াও আনন্দিত হৈ থাকিবা। কিন্তু শ্রীমতত নচলিলে, সেৱা নকৰিলে তেন্তে বাপদাদাৰ অন্তৰতো অধিষ্ঠিত হ’ব নোৱাৰে। যদি সেৱা নকৰে তেন্তে বহুতকে অতিষ্ঠ কৰি থাকে। কোনোৱেতো বহুতক নিজৰ সমান কৰি পিতাৰ ওচৰলৈ লৈ আহে। তেতিয়া বাবাই দেখি আনন্দিত হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় হৰ্ষিত হৈ থাকিবলৈ বুদ্ধিত সদায় পঢ়া আৰু পঢ়াওঁতা পিতাৰ স্মৃতি থাকিব লাগে। খোৱা-বোৱা সকলো কাম কৰি পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে।

(2) বাপদাদাৰ অন্তৰত অধিষ্ঠিত হ’বলৈ শ্ৰীমতত বহুতক নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। কাকো অতিষ্ঠ কৰিব নালাগে।

বৰদান:
অশৰীৰী বোধৰ বেজিৰে মনক নিয়ন্ত্ৰণ কৰোঁতা একাগ্ৰচিত্ত হোৱা

যেনেকৈ আজিকালি কোনোবা যদি নিয়ন্ত্ৰণত নাহে, বহুত অতিষ্ঠ কৰে, উন্মত্ত আচৰণ কৰে বা পগলা হৈ যায় তেতিয়া তেওঁক এনেকুৱা বেজি দি দিয়ে যে তেওঁ শান্ত হৈ যায়। তেনেকৈ যদি সংকল্প শক্তি তোমালোকৰ নিয়ন্ত্ৰণত নাহে তেতিয়া অশৰীৰী বোধৰ বেজি লগাই দিয়া। তেতিয়া সংকল্প শক্তি ব্যৰ্থত উন্মত্ত নহ’ব। সহজে একাগ্ৰচিত্ত হৈ যাব। কিন্তু যদি বুদ্ধিৰ লেকাম পিতাক দি পুনৰ লৈ লোৱা তেতিয়া মনে ব্যৰ্থৰ পৰিশ্ৰমত ব্ৰতী কৰাই দিয়ে। এতিয়া ব্যৰ্থৰ পৰিশ্ৰমৰ পৰা মুক্ত হৈ যোৱা।

স্লোগান:
নিজৰ পূৰ্বজ স্বৰূপ স্মৃতিত ৰাখি সকলো আত্মাৰ ওপৰত দয়া কৰা।

সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ শৰীৰ আৰু আত্মা দুয়ো সংযুক্ত হৈ কৰ্ম কৰি আছে, তেনেকৈ কৰ্ম আৰু যোগ দুয়োটা সংযুক্ত হওঁক। কৰ্ম কৰোঁতে যাতে স্মৃতি পাহৰি নোযোৱা আৰু স্মৃতিত থাকোঁতে কৰ্ম যাতে পাহৰি নোযোৱা কিয়নো তোমালোকৰ উপাধিয়েই হৈছে কৰ্মযোগী। কৰ্ম কৰি স্মৃতিত থাকোঁতাসকল সদায় উৰ্দ্ধত আৰু স্নেহী হ’ব, পাতল হ’ব। জ্ঞানৱানৰ লগতে শক্তিশালী অৱস্থাত থাকা। জ্ঞানৱান আৰু শক্তিশালী এই দুয়োটা অৱস্থা সংযুক্ত হওঁক তেতিয়া স্থাপনাৰ কাৰ্য তীব্ৰগতিৰে হ’ব।