23.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – দুখ হৰ্তা, সুখ কৰ্তা পিতাক স্মৰণ কৰিলে তোমালোকৰ সকলো দুখ দূৰ হৈ যাব, অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব”

প্ৰশ্ন:
পিতাই তোমালোক সন্তানসকলক চলোঁতে-ফুৰোঁতে পিতাৰ স্মৃতিত থকাৰ নিৰ্দেশনা কিয় দিছে?

উত্তৰ:
1) কিয়নো স্মৃতিৰ দ্বাৰাহে জন্ম-জন্মান্তৰৰ পাপৰ বোজা আঁতৰিব, 2) স্মৃতিৰ দ্বাৰাহে আত্মা সতোপ্ৰধান হ'ব, 3) এতিয়াৰে পৰা স্মৃতিত থকাৰ অভ্যাস হ'লেহে অন্তিম সময়ত এজন পিতাৰ স্মৃতিত থাকিব পাৰিবা। অন্তিমৰ কাৰণেই গায়ন আছে - অন্তিম কালত যিয়ে স্ত্ৰীক স্মৰণ কৰে……. 4) পিতাক স্মৰণ কৰিলে 21 জন্মৰ সুখ সন্মুখত আহি যায়। পিতাৰ নিচিনা মিঠা বস্তু জগতত অন্য একো নাই, সেয়েহে পিতাৰ নিৰ্দেশনা হৈছে - সন্তানসকল, চলোঁতে-ফুৰোঁতে কেৱল মোকহে স্মৰণ কৰা।

ওঁম্শান্তি।
কাৰ স্মৃতিত বহি আছা? এয়া হৈছে অতিকৈ স্নেহৰ সম্বন্ধ এজন সৈতে, যিজন সকলোকে দুখৰ পৰা মুক্তি দিওঁতা। পিতাই সন্তানসকললৈ চালে সকলো পাপ খণ্ডন হৈ যায়। আত্মা সতোপ্ৰধানৰ ফালে গৈ আছে। দুখতো অপাৰ নহয় জানো। গোৱাও হয় - দুখ হৰ্তা, সুখ কৰ্তা। এতিয়া পিতাই তোমালোকক সঁচাকৈ সকলো দুখৰ পৰা মুক্তি দিবলৈ আহিছে। স্বৰ্গত দুখৰ নাম-চিহ্ন নাথাকে। এনেকুৱা পিতাক স্মৰণ কৰা অতি জৰুৰী। পিতাৰ সন্তানসকলৰ প্ৰতি মৰম থাকে নহয়, এয়াতো তোমালোকে জানা যে পিতাৰ কোনসকল সন্তানৰ প্ৰতি মৰম আছে। সন্তানসকলক বুজাইছে, নিজক আত্মা বুলি বুজা, দেহ বুলি নাভাবিবা। যি ভাল ৰত্ন তেওঁ চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰে, এইটোও (পিতাৰ স্মৃতিত থাকিবলৈ) কিয় কোৱা হয়? কিয়নো তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপৰ কলহ ভৰি আছে। গতিকে এই স্মৃতিৰ যাত্ৰাৰেহে তোমালোক পাপ আত্মাৰ পৰা পুণ্য আত্মা হৈ যাবাগৈ। এয়াও তোমালোক সন্তানসকলে জানা যে এয়া হৈছে পুৰণা শৰীৰ। দুখ আত্মাইহে পায়। শৰীৰত আঘাত লাগিলে আত্মাই দুখৰ অনুভৱ কৰে। আত্মাই কয় - মই ৰোগী, দুখী। এয়া হৈছে দুখৰ জগত। য'লৈকে নোযোৱা দুখেই দুখ। সুখধামততো দুখ থাকিব নোৱাৰে। যদি দুখৰ নাম লোৱা তেনেহ’লে তোমালোক দুখধামত আছা। সুখধামততো অলপো দুখ নাই। বাকী সময়ো অলপ আছে, এই সময়চোৱাতেই পিতাক স্মৰণ কৰাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। যিমানে স্মৰণ কৰি থাকিবা সিমানে সতোপ্ৰধান হৈ যাবা। পুৰুষাৰ্থ কৰি নিজৰ অৱস্থা এনেকৈ গঢ়ি তুলিব লাগে যাতে অন্তিমত তোমালোকৰ একমাত্ৰ পিতাৰ বাহিৰে অন্য একোৱে স্মৃতিলৈ নাহে। এটি গীতো আছে - অন্তিমত যিয়ে স্ত্ৰীক স্মৰণ কৰে…… এয়া অন্তিমৰ সময় নহয় জানো। পুৰণি সৃষ্টি দুখধামৰ অন্তৰ সময়। তোমালোকে এতিয়া সুখধামলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰা। তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। এয়াতো স্মৃতিত থকা উচিত। শূদ্ৰৰ হৈছে দুখ, আমি দুখৰ পৰা ওলাই এতিয়া আৰোহণ কৰি আছোঁ গতিকে এজন পিতাক স্মৰণ কৰিব লাগে। আটাইতকৈ মৰমৰ পিতা। তেওঁতকৈ মিঠা বস্তু কিবা আছে জানো? আত্মাই সেই পৰমপিতা পৰমাত্মাকহে স্মৰণ কৰে নহয়। সকলো আত্মাৰে পিতা, তেওঁতকৈ মিঠা বস্তু এই জগতত অন্য একোৱে থাকিব নোৱাৰে। ইমান অনেক সন্তান আছে, স্মৃতিত আনিবলৈ কিমান সময় লাগে? চেকেণ্ড। বাৰু, গোটেই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে? সেয়াও তোমালোক সন্তানসকলৰ বুদ্ধিত অৰ্থ সহিত আছে। যেনেকৈ কোনোৱে ড্ৰামা চাই আহিলে যদি কোনোবাই সোধে ড্ৰামা স্মৃতিত আছেনে? আছে বুলি কোৱাৰ লগে লগে আৰম্ভণিৰ পৰা অন্তিমলৈকে সকলো বুদ্ধিত আহি যায়। বাকী সেয়া বৰ্ণনা কৰি শুনাওঁতে সময় লাগিব। বাবা হৈছে বেহদৰ বাবা, তেওঁক স্মৰণ কৰিলেই 21 জন্মৰ সুখ সন্মুখত আহি যায়। পিতাৰ পৰা এই উত্তৰাধিকাৰ পোৱা যায়। চেকেণ্ডত পিতাৰ উত্তৰাধিকাৰ সন্তানসকলৰ সন্মুখত আহি যায়। সন্তান জন্মিল, পিতাই জানে যে উত্তৰাধিকাৰী জন্মিল। সকলো সম্পত্তি স্মৃতিলৈ আহি যাব। তোমালোকো সুকীয়া সুকীয়া সন্তান, সুকীয়া সুকীয়াভাৱে উত্তৰাধিকাৰ পোৱা নহয়। সুকীয়া সুকীয়াভাৱে স্মৰণ কৰা। আমি বেহদৰ পিতাৰ উত্তৰাধিকাৰী। সত্যযুগত এটি সন্তানে হয়। সেই এটি সন্তানেই সকলো সম্পত্তিৰ মালিক হ'ব। সন্তানসকলে পিতাক পালে আৰু চেকেণ্ডত বিশ্বৰ মালিক হ'ল। সময় নালাগে। পিতাই কয় - তোমালোকে নিজক আত্মা বুলি বুজা। নাৰী বুলি নাভাবিবা। আত্মাতো সন্তান হয় নহয়। পিতাই কয় - মোৰ সকলো সন্তানেই স্মৃতিলৈ আহে। আত্মা সকলো ভাই ভাই। যি ধৰ্মাৱলম্বীয়েই আহে, তেওঁলোকে কয় - সকলো ধৰ্মাৱলম্বীয়ে ভাই ভাই। কিন্তু বুজি নাপায়। এতিয়া তোমালোকে বুজি পোৱা যে আমি বাবাৰ অতিকৈ মৰমৰ সন্তান। পিতাৰ পৰা পূৰা বেহদৰ উত্তৰাধিকাৰ নিশ্চয় পাম। কেনেকৈ ল'ব? সেয়াও তোমালোক সন্তানসকলৰ চেকেণ্ডত স্মৃতিলৈ আহি যায়। আমি সতোপ্ৰধান আছিলোঁ, আকৌ তমোপ্ৰধান হ’লোঁ, এতিয়া পুনৰ সতোপ্ৰধান হ'ব লাগে। তোমালোকে জানা যে বাবাৰ পৰা আমি স্বৰ্গৰ সুখৰ উত্তৰাধিকাৰ ল'ব লাগে।

পিতাই কয় - নিজক আত্মা বুলি বুজা। দেহতো হৈছে বিনাশী। আত্মাইহে শৰীৰ এৰি গুচি যায়। আকৌ গৰ্ভত গৈ অন্য নতুন শৰীৰ ধাৰণ কৰে। পুতলা যেতিয়া তৈয়াৰ হয় আত্মা তেতিয়া তাত প্ৰৱেশ কৰে। কিন্তু সেয়াতো ৰাৱণৰ বশীভূত। বিকাৰৰ বশীভূত হৈ কৰাগাৰলৈ যায়। তাততো ৰাৱণ নাথাকে, দুখৰ কথাই নাই। যেতিয়া বৃদ্ধ হয় তেতিয়া জ্ঞাত হৈ যায় - এতিয়া এই শৰীৰ ত্যাগ কৰি অন্য শৰীৰত গৈ প্ৰৱেশ কৰিম। তাততো ভয়ৰ কোনো কথাই নাথাকে। ইয়াত কিমান ভয় কৰে। তাত নিৰ্ভয় হৈ থাকে। পিতাই তোমালোক সন্তানসকলক অপাৰ সুখত লৈ যায়। সত্যযুগত হৈছে অপাৰ সুখ, কলিযুগত হৈছে অপাৰ দুখ সেই কাৰণে ইয়াক দুখধাম বুলি কোৱা হয়। পিতাইতো কোনো কষ্ট নিদিয়ে। লাগিলে গৃহস্থালিতে থাকা, সন্তানৰ তত্ত্বাৱধান লোৱা, কেৱল পিতাক স্মৰণ কৰা। গুৰু গোঁসাই সকলোকে এৰি দিয়া। মইতো সকলো গুৰুতকৈ জেষ্ঠ। সেয়া সকলো মোৰ ৰচনা। মোৰ বাহিৰে অন্য কাকো পতিত-পাৱন বুলি কোৱা নহ’ব। ব্ৰহ্মা, বিষ্ণু, শংকৰক জানো পতিত-পাৱন বুলি কোৱা হ’ব? নহয়। মোৰ বাহিৰে দেৱতাসকলকো ক’ব নোৱাৰা। এতিয়া তোমালোক সন্তানসকলে গংগাক পতিত-পাৱনী বুলি ক’বানে? এই পানীৰ নদীবোৰতো সদায় বৈয়ে থাকে। গংগা, ব্ৰহ্মপুত্ৰ আদিও বৈ থাকে। ইয়াততো স্নান কৰিয়েই থাকে। বৰষুণ হ’লে বানপানী হৈ যায়। এয়াও দুখ নহ’ল জানো। বহুত দুখ, বানপানীত চোৱা কিমান মনুষ্য মৰি গ’ল। সত্যযুগত দুখৰ কথাই নাথাকে, জীৱ-জন্তুৰো দুখ নহয়, সিহঁতৰো অকাল মৃত্যু নহয়। এই ড্ৰামাখনেই এনেকৈ ৰচা আছে। ভক্তিত গায়ন কৰে - বাবা, আপুনি যেতিয়া আহিব তেতিয়া মই আপোনাৰ হৈ যাম। তেওঁতো আহে নহয়। দুখধামৰ অন্ত আৰু সুখধামৰ আদিৰ মাজৰ সময়খিনিতে আহিব, কিন্তু এইটো কোনেও নাজানে। সৃষ্টিৰ আয়ুস কিমান, এয়াও নাজানে। পিতাই কিমান সহজকৈ শুনায়। আগতে তোমালোকে জানিছিলা জানো যে সৃষ্টি চক্ৰৰ আয়ুস 5 হাজাৰ বছৰ? তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া পিতাই বুজাইছে প্ৰতিটো যুগ 1250 বছৰৰ। স্বস্তিকাত পূৰা 4 ভাগ দেখুৱায়। অলপো হীনডেঢ়ি নহয়। বিবেকেও কয় সঠিক হিচাপ হ’ব লাগে। পুৰীতো চাউলৰ ভোগ আগবঢ়ায়, তেতিয়া পূৰা 4 ভাগ নিজে নিজেই হৈ যায় - এনেকুৱা যুক্তি ৰচা আছে। তাত চাউল বহুত খায়। জগন্নাথ বুলি কোৱা বা শ্ৰীনাথ বুলি কোৱা কথা একেটাই। দুয়োকো ক’লা বৰণীয়া দেখুৱায়। শ্ৰীনাথৰ মন্দিৰত ঘিউৰ ভঁৰাল থাকে। সকলো ঘিউত ৰন্ধা ভাল ভাল বস্তু পোৱা যায়। বাহিৰত দোকান লাগি যায়। কিমান ভোগ আগবঢ়োৱা হয় চাগৈ। সকলো যাত্ৰী গৈ দোকানীৰ পৰা লৈ লয়। জগন্নাথত কেৱল চাউলেই চাউল। তেওঁ হৈছে জগতৰ নাথ, তেওঁ হৈছে শ্ৰীনাথ। সুখধাম আৰু দুখধামক দেখুৱায়। শ্ৰীনাথ সুখধামৰ আছিল, তেওঁ দুখধামৰ। ক’লা বৰণীয়াতো কাম চিতাত উঠি এই সময়ত হৈ গৈছে। জগন্নাথলৈ কেৱল চাউলৰ ভোগ আগবঢ়ায়। এওঁক গৰিব, তেওঁক চহকী ৰূপত দেখুৱায়। জ্ঞানৰ সাগৰ একমাত্ৰ পিতাই হয়। ভক্তিক কোৱা হয় অজ্ঞান, ভক্তিৰ পৰা একো পোৱা নাযায়। তাত কেৱল গুৰু লোকৰ আমদানী বহুত হয়, বুদ্ধিয়ক হ’লে, তেওঁলোকৰ পৰা কোনোবাই শিকিলে তেতিয়া তেওঁ ক’ব এওঁ মোৰ গুৰু। তেওঁ মোক এইটো শিকালে। সেয়া সকলো পাৰ্থিৱ, জন্ম লওঁতা।

এতিয়া তোমালোকৰ লগত কোন আছে? বিচিত্ৰ পিতা। তেওঁ কয় - এইটো মোৰ শৰীৰ নহয়। এইটো তোমালোকৰ দাদাৰ (ব্ৰহ্মাৰ) শৰীৰ, যিয়ে পূৰা 84 জন্ম ল’লে, এওঁৰ বহুত জন্মৰ অন্তত মই প্ৰৱেশ কৰোঁ, তোমালোকক সুখধামলৈ লৈ যাবলৈ, এওঁক গোমুখ বুলিও কয়। গোমুখলৈ কিমান দূৰ-দূৰণিৰ পৰা আহে। ইয়াতো গোমুখ আছে। পাহাৰৰ পৰা পানীতো নিশ্চয় বৈ আহিব। কুঁৱাতো নিতৌ পানী পাহাৰৰ পৰা আহে, সেয়া কেতিয়াও বন্ধ নহয়। পানী আহিয়েই থাকে। ক’ৰবাৰ পৰা নলা ওলালে তাকে গংগা জল বুলি কৈ দিব। তাত গৈ স্নান কৰে। গংগা জল বুলি ভাবে কিন্তু এই পানীৰে পতিতৰ পৰা পাৱন হ’ব জানো। পিতাই কয় - পতিত পাৱন মই হওঁ, হে আত্মাসকল, মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। দেহৰ সৈতে দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। পিতাই তোমালোকক জন্ম-জন্মান্তৰৰ পাপৰ পৰা মুক্ত কৰে। এই সময়ততো জগতত সকলোৱে পাপ কৰি থাকে, কৰ্মভোগ আছে নহয়। আগৰ জন্মত পাপ কৰিছে, 63 জন্মৰ হিচাপ-নিকাচ আছে। অলপ অলপকৈ কলা কমি যায়। যেনেকৈ চন্দ্ৰমাৰ কলা কম হৈ নাযায় জানো। এয়া আকৌ হৈছে বেহদৰ দিন-ৰাতি। এতিয়া গোটেই সৃষ্টিত, তাৰ ভিতৰতো বিশেষকৈ ভাৰতত ৰাহুৰ দশা চলি আছে। ৰাহুৰ গ্ৰহণ লাগি আছে। এতিয়া তোমালোক সন্তানসকল শ্যাম বৰণীয়াৰ পৰা সুন্দৰ হৈ আছা সেই কাৰণে শ্ৰীকৃষ্ণকো শ্যাম-সুন্দৰ বুলি কয়। সঁচাকৈয়ে ক’লা বৰণীয়া কৰি দিয়ে। কাম চিতাত উঠিছে তাৰ চিহ্ন দেখুৱাই দিছে। কিন্তু মনুষ্যৰ বুদ্ধি একেবাৰে নচলে। এজনক ক’লা, আনজনক বগা কৰি দিয়ে। এতিয়া তোমালোকে বগা (পৱিত্ৰ) হ’বলৈ পুৰুষাৰ্থ কৰি আছা। সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিলে তেতিয়াহে হ’বাগৈ, ইয়াত কষ্টৰ কোনো কথা নাই। এই জ্ঞান এতিয়া তোমালোকে শুনা পুনৰ প্ৰায় লোপ হৈ যাব। যদিও ‘গীতা’ পঢ়ি শুনাব কিন্তু এই জ্ঞানতো শুনাব নোৱাৰে। সেয়া হ’ল ভক্তিমাৰ্গৰ কিতাপ। ভক্তিমাৰ্গৰ কাৰণে বহুত সামগ্ৰী আছে, বহুত শাস্ত্ৰ আছে, কোনোবাই কিবা পঢ়ে, কোনোবাই কিবা কৰে। ৰামৰ মন্দিৰলৈও যায়, ৰামকো ক'লা কৰি দিছে। বিচাৰ কৰিব লাগে যে ক'লা বৰণীয়া কিয় কৰে? কলিকতাৰ কালীও আছে, মা মা বুলি কৈ আকুল হয়, সকলোতকৈ ক'লা তেওঁ আৰু বহুত ভয়ানক ৰূপত দেখুৱায়। তেওঁক আকৌ মাতা বুলি কয়। তোমালোকৰ এয়া জ্ঞান বাণ, জ্ঞান কটাৰী আদি আছে। গতিকে তেওঁলোকে আকৌ অস্ত্ৰ দি দিছে। বাস্তৱত কালীৰ আগত প্ৰথমে মনুষ্যক বলি দিছিল। এতিয়া চৰকাৰে বন্ধ কৰি দিছে। আগতে সিন্ধুত দেৱীৰ মন্দিৰ নাছিল। যেতিয়া বোমা ফুটিছিল তেতিয়া এজন ব্ৰাহ্মণে কৈছিল কালীয়ে মোক কৈছে - মোৰ মন্দিৰ নাই, সোনকালে নিৰ্মাণ কৰা, নহ'লে আৰু বোমা ফুটিব। বচ্, বহুত টকা একগোট হৈ গ'ল, মন্দিৰ নিৰ্মাণ হৈ গ'ল। এতিয়া চোৱা বহুত মন্দিৰ আছে। কিমান ঠাইত দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। পিতাই তোমালোকক এই সকলো কথাৰ পৰা মুক্ত কৰিবলৈ বুজায়, কাৰো গ্লানি নকৰে। পিতাই ড্ৰামাৰ বিষয়ে বুজায়। এই সৃষ্টি চক্ৰ কেনেকৈ ৰচি থোৱা আছে। যিবোৰ তোমালোকে দেখিছা সেয়া আকৌ হ'ব। যি বস্তু নাই সেয়া তৈয়াৰ কৰা হয়। তোমালোকে বুজি পালা যে আমাৰ ৰাজ্য আছিল, সেয়া আমি হেৰুৱালোঁ। এতিয়া পুনৰ পিতাই কয় - সন্তানসকল, নৰৰ পৰা নাৰায়ণ হ'বলৈ হ’লে পুৰুষাৰ্থ কৰা। ভক্তিমাৰ্গত তোমালোকে বহুত কথা শুনি আহিছা। অমৰকথা শুনিলা পিছে কোনোবা অমৰ হ’লা জানো? কোনোবাই জ্ঞানৰ তৃতীয় নেত্ৰ পালে জানো? এয়া পিতাই বহি বুজায়। এই দুচকুৰে আসুৰিক একো নাচাবা। সভ্য দৃষ্টিৰে চোৱা, আসুৰি দৃষ্টিৰে নহয়। এই পুৰণি সৃষ্টিক নাচাবা। এয়াতো নাশ হৈ যাব। পিতাই কয় - মৰমৰ সন্তানসকল, মই তোমালোকক 21 জন্মৰ কাৰণে ৰাজ্য দি যাওঁ। তাত আৰু কাৰোৰে ৰাজ্য নাথাকে। দুখৰ নাম নাই, তোমালোক বহুত সুখী আৰু ধনৱান হোৱা। ইয়াততো মনুষ্য কিমান ভোকত মৰে। তাততো গোটেই বিশ্বত তোমালোকে ৰাজত্ব কৰা। কিমান কম ভূমিৰ প্ৰয়োজন হয়। সৰু বাগিচা পাছত বৃদ্ধি হৈ হৈ কলিযুগৰ অন্তিমলৈ কিমান বিশাল হৈ যায় আৰু 5 বিকাৰ প্ৰৱেশ কৰাৰ কাৰণে সেয়া কাঁইটৰ জংঘল হৈ যায়। পিতাই কয় - কাম হৈছে মহাশত্ৰু ইয়াৰ বাবে তোমালোকে আদি, মধ্য, অন্ত দুখ পোৱা। জ্ঞান আৰু ভক্তিকো এতিয়া তোমালোকে বুজি পাইছা। বিনাশ সন্মুখত ঠিয় হৈ আছে, সেয়েহে এতিয়া শীঘ্ৰতাৰে পুৰুষাৰ্থ কৰিব লাগে। নহ'লে পাপ ভস্ম নহ'ব। পিতাৰ স্মৃতিৰেহে পাপ খণ্ডন হ’ব। পতিত-পাৱন এজনেই পিতা। কল্প পূৰ্বে যিয়ে পুৰুষাৰ্থ কৰিছিল তেওঁ কৰিয়ে দেখুৱাব। ঠাণ্ডা হৈ নাযাবা। একমাত্ৰ পিতাৰ বাহিৰে অন্য কাৰো স্মৰণ নকৰিবা। সকলো হৈছে দুখ দিওঁতা। যি সৰ্বদা সুখ দিওঁতা হয়, তেওঁক স্মৃতিত ৰাখা, এই ক্ষেত্ৰত গাফিলতি নকৰিবা। যদি স্মৰণ নকৰা তেন্তে পাৱন কেনেকৈ হ'বা? ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দুচকুৰে আসুৰিক (বেয়া) একো চাব নালাগে। পিতাই জ্ঞানৰ যি তৃতীয় নেত্ৰ দিছে, সেই সভ্য নেত্ৰৰেহে চাব লাগে। সতোপ্ৰধান হ’বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে।

(2) গৃহস্থালি চম্ভালিও মৰমৰ বস্তু পিতাক স্মৰণ কৰিব লাগে। অৱস্থা এনেকৈ গঢ়ি তুলিব লাগে যাতে অন্তিম কালত একমাত্ৰ পিতাৰ বাহিৰে অন্য একোৱেই স্মৃতিলৈ নাহে।

বৰদান:
নিজৰ শ্ৰেষ্ঠ বৃত্তিৰে বিশ্বৰ বাতাৱৰণ পৰিৱৰ্তন কৰোঁতা আধাৰমূৰ্ত হোৱা

তোমালোক সন্তানসকল কেৱল নিজৰ জীৱনৰ বাবে আধাৰ নোহোৱা কিন্তু বিশ্বৰ সকলো আত্মাৰ বাবে আধাৰ মূৰ্ত। তোমালোকৰ শ্ৰেষ্ঠ বৃত্তিৰে বিশ্বৰ বাতাৱৰণ পৰিৱৰ্তন হৈ আছে। তোমালোকৰ পৱিত্ৰ দৃষ্টিৰে বিশ্বৰ আত্মাসকল আৰু প্ৰকৃতি দুয়ো পৱিত্ৰ হৈ আছে। দৃষ্টিৰে সৃষ্টি পৰিৱৰ্তন হৈ আছে। তোমালোকৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা শ্ৰেষ্ঠাচাৰী সৃষ্টি স্থাপনা হৈ আছে। এতিয়া তোমালোক ইমান গুৰু দ্বায়িত্বৰ মুকুটধাৰী হোৱা সেইবাবে ভৱিষ্যতে মুকুট আৰু সিংহাসন প্ৰাপ্ত কৰা।

স্লোগান:
সৰ্বশক্তিমান পিতাক নিজৰ সংগী কৰি লোৱা তেতিয়া কোনো বিঘিনিয়ে তোমালোকক বাধা দি ৰাখিব নোৱাৰে।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যেতিয়া কোনো পৰিস্থিতি আহে পিতাক সংগী কৰি লোৱা তেতিয়া অনুভৱ কৰিবা যে মই অকলে নাই, মোৰ লগত বিশেষ শক্তি আছে। য’ত পিতা আছে ত’ত যিমানেই ধুমুহা নাহক সেয়া উপহাৰ হৈ যাব। নিশ্চয় বুদ্ধিৰ বিজয় – এইটো শিৰোনামৰ স্মৃতিৰে বিজয়ী হৈ যাবা।