23.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ ওচৰলৈ পুনৰুজ্জীৱিত হ’বলৈ আহা, পিতাক পালে ভক্তিমাৰ্গৰ সকলো ভাগৰ দূৰ
হৈ যায়"
প্ৰশ্ন:
তোমালোক
সন্তানসকলক পিতাই কোনটো বিধিৰে পুনৰুজ্জীৱিত কৰে?
উত্তৰ:
1) বাবাই জ্ঞান শুনাই শুনাই তোমালোকক পুনৰুজ্জীৱিত কৰি দিয়ে। 2) স্মৃতিৰেও তোমালোক
সন্তানসকল পুনৰুজ্জীৱিত হৈ যোৱা। বাস্তৱত সত্যযুগ হৈছে সঁচা বিশ্ৰামপুৰী। তাত কোনো
অপ্ৰাপ্ত বস্তু নাথাকে, যাক প্ৰাপ্ত কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। 3) শিৱবাবাৰ
কোলাত আহিয়েই তোমালোক সন্তানসকলে বিশ্ৰাম পাই যোৱা। সমস্ত ভাগৰ দূৰ হৈ যায়।
ওঁম্শান্তি।
পিতাই বহি
বুজায়, লগতে এই দাদায়ো (ব্ৰহ্মাবাবায়ো) বুজে কিয়নো পিতাই এই দাদাৰ দ্বাৰা বুজায়।
যেনেকৈ তোমালোকে বুজা, তেনেকৈ এই দাদায়ো বুজে। দাদাক ভগৱান বুলি কোৱা নহয়, এয়া হৈছে
ভগৱানুবাচ (ভগৱানৰ বাণী)। পিতাই কি বুজায়? দেহী-অভিমানী হোৱা, কিয়নো নিজক আত্মা বুলি
নুবুজিলে পৰমপিতা পৰমাত্মাক স্মৰণ কৰিব নোৱাৰে। এই সময়ততো সকলো আত্মাই পতিত। পতিতকে
মনুষ্য বুলি কোৱা হয়, পাৱনক দেৱতা বুলি কোৱা হয়। এয়া অতি সহজে বুজিবলগীয়া আৰু আনক
বুজাবলগীয়া কথা। মনুষ্যইহে আহ্বান জনায় - হে পতিতক পাৱন কৰি তোলোঁতা আহক।
দেৱী-দেৱতাসকলে এনেকৈ কেতিয়াও নকয়। পতিত-পাৱন পিতা পতিতসকলৰ আহ্বানত আহে। আত্মাসকলক
পাৱন কৰি আকৌ পাৱন নতুন সৃষ্টিও স্থাপনা কৰে। আত্মায়ে পিতাক আহ্বান জনায়। শৰীৰেতো
আহ্বান নজনায়। পাৰলৌকিক পিতা যিজন সৰ্বদা পাৱন, তেওঁকেই সকলোৱে স্মৰণ কৰে। এইখন হৈছে
পুৰণি সৃষ্টি। পিতাই নতুন পাৱন সৃষ্টি ৰচনা কৰে। কিছুমানতো এনেকুৱাও আছে যিয়ে কয় -
আমাৰতো ইয়াতেই অপাৰ সুখ, ধন-সম্পত্তি বহুত আছে। তেওঁলোকে ভাবে - আমাৰ কাৰণে এইখনেই
স্বৰ্গ। তেওঁলোকে তোমালোকৰ কথা কেনেকৈ মানিব? কলিযুগী সৃষ্টিক স্বৰ্গ বুলি ভবা -
এইটোও হৈছে বুদ্ধিহীনতা। ইমান জৰ্জৰিত অৱস্থা হৈ গৈছে। তথাপিও মনুষ্যই কয় - আমিতো
স্বৰ্গত বহি আছোঁ। সন্তানসকলে নুবুজালে তেতিয়া পিতাইতো ক'ব - তোমালোক পাথৰ বুদ্ধিৰ
নেকি? আনক বুজাব নোৱাৰানে? নিজে যেতিয়া পাৰসবুদ্ধিৰ হ’ব তেতিয়াহে আনকো তেনেকুৱা কৰি
তুলিব। পুৰুষাৰ্থ ভালদৰে কৰিব লাগে, ইয়াত কোনো লাজৰ কথা নাই। কিন্তু মনুষ্যৰ
বুদ্ধিত আধাকল্পৰ যি ওলোটা মত ভৰি আছে সেইবোৰ সহজে পাহৰি নাযায়। যেতিয়ালৈকে পিতাক
যথাৰ্থ ৰীতিৰে চিনি নাপায়, তেতিয়ালৈকে সেই শক্তি আহিব নোৱাৰে। পিতাই কয় - এই
বেদ-শাস্ত্ৰ আদিৰ দ্বাৰা মনুষ্যৰ একো শুধৰণি নহয়। দিনে-প্ৰতিদিনে আৰুহে অৱনতি হৈ গৈ
আছে। সতোপ্ৰধানৰ পৰা তমোপ্ৰধানহে হৈছে। এয়া কাৰো বুদ্ধিত নাই যে আমিয়েই সতোপ্ৰধান
দেৱী-দেৱতা আছিলোঁ, কেনেকৈ তললৈ আহিলোঁ। কোনেও অলপো নাজানে আৰু 84 জন্মৰ সলনি 84
লাখ জন্ম বুলি কৈ দিলে তেন্তে জানিবনো কেনেকৈ। পিতাৰ বাহিৰে জ্ঞানৰ পোহৰ দিওঁতা আন
কোনো নাই। সকলোৱে ইজনে-সিজনক দেখি দুৱাৰে দুৱাৰে হাবাথুৰি খাই ফুৰে। অৱনমিত হৈ হৈ
একেবাৰে তলত পৰি গ'ল, সকলো শক্তি শেষ হৈ গ'ল। বুদ্ধিত শক্তিও নাই যে পিতাক যথাৰ্থ
ৰূপত জানিব। পিতাহে আহি সকলোৰে বুদ্ধিৰ তলা খোলে। তেন্তে কিমান পুনৰুজ্জীৱিত হৈ যায়।
পিতাৰ ওচৰত সন্তানসকল পুনৰুজ্জীৱিত হ'বলৈ আহে। ঘৰত বিশ্ৰাম পোৱা নাযায় জানো! পিতাক
পালে ভক্তিমাৰ্গৰ সকলো ভাগৰ দূৰ হৈ যায়। সত্যযুগকো বিশ্ৰামপুৰী বুলি কোৱা হয়। তাত
তোমালোকে কিমান বিশ্ৰাম পোৱা। কোনো অপ্ৰাপ্ত বস্তু নাই যাৰ বাবে পৰিশ্ৰম কৰিবলগীয়া
হয়। ইয়াত যেনেকৈ পিতাই পুনৰুজ্জীৱিত কৰে তেনেকৈ দাদায়ো কৰে। শিৱবাবাৰ কোলাত আহি
কিমান বিশ্ৰাম পোৱা যায়। বিশ্ৰাম মানেই হৈছে শান্তি। মনুষ্যও ভাগৰি গ’লে বিশ্ৰাম লয়।
কোনোবা ক'ৰবাত, কোনোবা আন ক'ৰবাত বিশ্ৰাম ল'বলৈ যায় নহয়। কিন্তু সেই বিশ্ৰামত কোনো
সজীৱতা নাথাকে। ইয়াততো পিতাই তোমালোকক কিমান জ্ঞান শুনাই পুনৰুজ্জীৱিত কৰে। পিতাৰ
স্মৃতিৰেও কিমান পুনৰুজ্জীৱিত হয় আৰু তমোপ্ৰধানৰপৰা সতোপ্ৰধানো হৈ যোৱা। সতোপ্ৰধান
হ'বৰ কাৰণে ইয়াত পিতাৰ ওচৰলৈ আহা। পিতাই কয় - মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰা।
পিতাই বুজাইছে যে গোটেই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, সকলো আত্মাই কেনেকৈ ক'ত বিশ্ৰাম
পায়। তোমালোক সন্তানসকলৰ দায়িত্ব হৈছে - সকলোকে পিতাৰ বাৰ্তা দিয়া। পিতাই কয় - মোক
স্মৰণ কৰা তেতিয়া এই উত্তৰাধিকাৰৰ তোমালোক মালিক হৈ যাবা। পিতাই এই সংগমযুগত নতুন
স্বৰ্গৰ সৃষ্টি ৰচনা কৰে। য'ত তোমালোক গৈ মালিক হোৱাগৈ। আকৌ দ্বাপৰত মায়া ৰাৱণৰ
দ্বাৰা তোমালোক অভিশপ্ত হোৱা, তেতিয়া পৱিত্ৰতা, সুখ, শান্তি, ধন আদি সকলো শেষ হৈ
যায়। কেনেকৈ লাহে লাহে শেষ হৈ যায় তাকো পিতাই বুজাইছে। দুখধামত জানো বিশ্ৰাম ল'ব
পাৰি। সুখধামত বিশ্ৰামেই বিশ্ৰাম। মনুষ্যক ভক্তিয়ে কিমান ভাগৰুৱা কৰি দিয়ে।
জন্ম-জন্মান্তৰ ভক্তি কৰি কিমান ভাগৰি পৰে। কেনেকৈ একদম কঙাল হৈ গ'লা, এই সকলো
ৰহস্য পিতাই বহি বুজায়। নতুনকৈ কোনোবা আহিলে তেওঁলোকক কিমান বুজাবলগীয়া হয়। প্ৰতিটো
কথা মনুষ্যই কিমান ভাবে। ভাবে ক'ৰবাত যাতে যাদু হৈ নাযায়। হেৰ’ তোমালোকেইতো কোৱা যে
ভগৱান যাদুকৰ। সেয়েহে পিতাই কয় – হয়, মই যথাৰ্থতে যাদুকৰ হওঁ। কিন্তু সেই যাদু নহয়
যাৰ দ্বাৰা মনুষ্য ভেড়া-ছাগলী হৈ যায়। এয়া বুদ্ধিৰ দ্বাৰা বুজা যায়, এওঁতো একেবাৰে
ভেড়া ছাগলীৰ দৰে। গায়নো আছে – ছাগলীয়ে স্বৰ্গৰ সংগীত কি বুজিব…..। এই সময়ততো সকলো
মনুষ্য যেন ভেড়া-ছাগলীৰ দৰে। এই সকলোবোৰ কথা ইয়াৰেই। এই সময়ৰেই গায়ন। কল্পৰ শেষতো
মনুষ্যই বুজিব নোৱাৰে। চণ্ডীকাৰ কিমান ডাঙৰ মেলা লাগে। তেওঁ কোন আছিল? এনেকৈ কয় যে
তেওঁ এগৰাকী দেৱী আছিল। এনেকুৱা নামতো তাত নাথাকে। সত্যযুগত কিমান ভাল সুন্দৰ নাম
থাকে। সত্যযুগী সম্প্ৰদায়ক শ্ৰেষ্ঠাচাৰী বুলি কোৱা হয়। কলিযুগী সম্প্ৰদায়কতো কিমান
ছিঃ ছিঃ উপাধি দিয়া হয়। এতিয়াৰ মনুষ্যক শ্ৰেষ্ঠ বুলি কোৱা নহয়। দেৱতাসকলক শ্ৰেষ্ঠ
বুলি কোৱা হয়। গায়নো আছে - মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে।
মনুষ্যৰ পৰা দেৱতা, দেৱতাৰ পৰা মনুষ্য কেনেকৈ হয়, এই ৰহস্য পিতাই তোমালোকক বুজাইছে।
সেইখনক দৈৱী সৃষ্টি, আৰু এইখনক মনুষ্য সৃষ্টি বুলি কোৱা হয়। দিনক পোহৰ, ৰাতিক
অন্ধকাৰ বুলি কোৱা হয়। জ্ঞান হৈছে পোহৰ, ভক্তি হৈছে অন্ধকাৰ। অজ্ঞান নিদ্ৰা বুলি
কোৱা হয় নহয়। তোমালোকেও বুজি পোৱা যে আগতে আমি একোৱেই নাজানিছিলোঁ সেইবাবে “নেতি
নেতি” (নাজানো নাজানো) বুলি কৈছিলোঁ অৰ্থাৎ আমি নাজানোঁ। এতিয়া তোমালোকে বুজিছা -
আমিওতো প্ৰথমতে নাস্তিক আছিলোঁ। বেহদৰ (গোটেই জগতৰ) পিতাকে চিনি পোৱা নাছিলোঁ। তেওঁ
হৈছে প্ৰকৃত অবিনাশী বাবা। তেওঁক সকলো আত্মাৰ পিতা বুলি কোৱা হয়। তোমালোক সন্তানসকলে
জানা - এতিয়া আমি সেই বেহদৰ পিতাৰ হৈছোঁ। পিতাই সন্তানসকলক গুপ্ত জ্ঞান দিয়ে। এই
জ্ঞান মনুষ্যই ক'তো পাব নোৱাৰে। আত্মাও হৈছে গুপ্ত, গুপ্ত জ্ঞান আত্মাই ধাৰণ কৰে।
আত্মাইহে মুখৰ দ্বাৰা জ্ঞান শুনায়। আত্মাইহে গুপ্ত পিতাক গুপ্তভাৱে স্মৰণ কৰে।
পিতাই কয় - সন্তানসকল,
দেহ-অভিমানী নহ’বা। দেহ-অভিমানৰ ফলত আত্মাৰ শক্তি শেষ হৈ যায়। আত্ম-অভিমানী হ'লে
আত্মাত শক্তি জমা হয়। পিতাই কয় – ড্ৰামাৰ ৰহস্য যথা ৰীতিৰে বুজি চলিব লাগে। এই
অবিনাশী ড্ৰামাৰ ৰহস্য যিয়ে ভালদৰে জানে, তেওঁ সদায় হৰ্ষিত হৈ থাকে। বৰ্তমান সময়ত
মনুষ্যই ওপৰলৈ যাবৰ বাবে কিমান চেষ্টা কৰে, ভাবে যে ওপৰত সৃষ্টি আছে। শাস্ত্ৰত
শুনিছে যে ওপৰত সৃষ্টি আছে, সেয়েহে ওপৰত গৈ চাব বিচাৰে। তাত সৃষ্টি স্থাপনা কৰি
বৰ্তি থকাৰ চেষ্টা কৰে। সৃষ্টিখনতো বহুত জনবহুল হৈ গ’ল নহয়। ভাৰতত কেৱল এটাই আদি
সনাতন দেৱী-দেৱতা ধৰ্ম আছিল আৰু কোনো খণ্ড আদি নাছিল। পাছলৈ কিমান জনবহুল হৈ গ’ল।
তোমালোকে বিচাৰ কৰা যে ভাৰতৰ কিমান সৰু টুকুৰা এটাত দেৱতাসকল থাকে। যমুনাৰ পাৰতে
পৰিস্থান আছিল য'ত লক্ষ্মী-নাৰায়ণে ৰাজ্য কৰিছিল। কিমান সুন্দৰ শোভনীয়, সতোপ্ৰধান
সৃষ্টি আছিল। প্ৰাকৃতিক সৌন্দৰ্য্য আছিল। আত্মাতেই সকলো চমৎকাৰ থাকে। সন্তানসকলক
শ্ৰীকৃষ্ণৰ জন্ম কেনেকৈ হয় দেখুওৱা হৈছিল। গোটেই কোঠাতে যেন পোহৰ হৈ যায়। সেয়েহে
পিতাই বহি সন্তানসকলক বুজায়, এতিয়া তোমালোকে পৰিস্থানলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি
আছা। বাকী এনেকুৱা নহয় যে পুখুৰীত ডুব মাৰিলে পৰী হৈ যাবাগৈ। এইবোৰ সকলো মিছা নাম
ৰাখি দিছে। লাখ লাখ বছৰ বুলি কোৱাৰ বাবে একেবাৰে সকলো পাহৰি গ'ল। এতিয়া তোমালোক
পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে অভুল হৈ আছা। বিচাৰ কৰা হয় - ইমান সূক্ষ্ম আত্মাই শৰীৰৰ
দ্বাৰা কিমান ডাঙৰ ভূমিকা পালন কৰে, আকৌ যেতিয়া আত্মা শৰীৰৰ পৰা ওলাই যায় তেতিয়া
শৰীৰৰ কি অৱস্থা হয় চোৱা। আত্মাইহে ভূমিকা পালন কৰে। এয়া কিমান ডাঙৰ বিচাৰ কৰাৰ কথা।
গোটেই বিশ্বৰ ভাৱৰীয়াসকলে (আত্মাসকলে) নিজৰ কৰ্মকাণ্ড অনুসৰি ভূমিকা পালন কৰে। অলপো
হীনডেঢ়ি হ'ব নোৱাৰে। হুবহু গোটেই ভূমিকা পুনৰাবৃত্তি হৈ আছে। এই ক্ষেত্ৰত সংশয় উদয়
হ’ব নোৱাৰে। প্ৰত্যেকৰে বুদ্ধিত পাৰ্থক্য হ’ব পাৰে কিয়নো আত্মা মন-বুদ্ধি সহিত নহয়
জানো। সন্তানসকলে জানে যে আমি বৃত্তি ল’ব লাগিব সেয়েহে অন্তৰ আনন্দিত হৈ থাকে। ইয়াতো
ভিতৰলৈ আহিয়ে লক্ষ্য-উদ্দেশ্য আগত দেখাৰ লগে লগে আনন্দতো নিশ্চয় লাগিব। এতিয়া
তোমালোকে জানা যে আমি এয়া (দেৱী-দেৱতা) হ'বৰ বাবে ইয়াত পঢ়োঁ। এনেকুৱা কোনো বিদ্যালয়
নাই য'ত পৰৱৰ্তী জন্মৰ লক্ষ্য-উদ্দেশ্য চাব পাৰে। তোমালোকে লক্ষ্য কৰা যে আমি
লক্ষ্মী-নাৰায়ণৰ দৰে হৈ আছোঁ। এতিয়া আমি সংগমযুগত আছোঁ য'ত ভৱিষ্যতে এওঁলোকৰ দৰে
লক্ষ্মী-নাৰায়ণ হ’বলৈ পঢ়ি আছোঁ। এয়া কিমান গুপ্ত পঢ়া। লক্ষ্য-উদ্দেশ্যক দেখি কিমান
আনন্দিত হ'ব লাগে। আনন্দৰ পাৰাপাৰ নাই। বিদ্যালয় বা পাঠশালা এনেকুৱাই হ'ব লাগে। হওতে
কিমান গুপ্ত, কিন্তু শক্তিশালী পাঠশালা। পঢ়া যিমানেই উচ্চ সিমানেই সা-সুবিধাও থাকে।
কিন্তু তোমালোকে ইয়াত মজিয়াত বহি পঢ়া। আত্মাই পঢ়িবলগীয়া হয় সেয়া লাগিলে মজিয়াত বহিয়ে
পঢ়া বা আসনত বহিয়ে পঢ়া, কিন্তু আনন্দত জপিয়াই থাকা যে এই পঢ়াত উত্তীৰ্ণ হৈ এয়া (লক্ষ্মী-নাৰায়ণ)
হ'মগৈ। এতিয়া তোমালোক সন্তানসকলক পিতা আহি নিজৰ পৰিচয় দিছে যে মই এওঁৰ (ব্ৰহ্মাৰ)
শৰীৰত প্ৰৱেশ কৰি তোমালোকক পঢ়াওঁ। পিতাই দেৱতাসকলকতো নপঢ়ায়। দেৱতাসকলৰ এই জ্ঞাননো
ক'ত থাকে। মনুষ্যতো বিবুদ্ধিত পৰে যে দেৱতাসকলৰ এই জ্ঞান নাই। দেৱতাসকলেই এই জ্ঞানৰ
দ্বাৰা দেৱতা হয়। দেৱতা হোৱাৰ পাছত আকৌ জ্ঞানৰ কি দৰকাৰ। লৌকিক পঢ়াৰ দ্বাৰা
বেৰিষ্টাৰ হৈ গ’ল, উপাৰ্জন কৰিবলৈ লাগি গ’ল, তাৰপাছত আকৌ বেৰিষ্টাৰী পঢ়িব জানো? ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী
ড্ৰামাৰ ৰহস্য যথাৰ্থভাৱে জানি হৰ্ষিত হৈ থাকিব লাগে। এই ড্ৰামাখনত প্ৰতিগৰাকী
ভাৱৰীয়াৰ নিজা নিজা ভূমিকা আছে, যি হুবহু পালন কৰি আছে।
(2) লক্ষ্য-উদ্দেশ্য
সন্মুখত ৰাখি আনন্দত জপিয়াব লাগে। বুদ্ধিত থাকিব লাগে যে এই পঢ়াৰ দ্বাৰা এনেকুৱা
লক্ষ্মী-নাৰায়ণ হ'মগৈ।
বৰদান:
স্মৃতি আৰু
সেৱাৰ শক্তিশালী আধাৰেৰে তীব্ৰগতিত আগবাঢ়ি যাওঁতা মায়াজিৎ হোৱা
ব্ৰাহ্মণ জীৱনৰ আধাৰ
হৈছে স্মৃতি আৰু সেৱা, এই দুয়োটা আধাৰ সদায় শক্তিশালী হৈ থাকিলে তেতিয়া তীব্ৰগতিত
আগবাঢ়ি গৈ থাকিব। যদি সেৱা বহুত আছে, স্মৃতি দুৰ্বল বা স্মৃতি বহুত ভাল, সেৱা কম
তেতিয়াও তীব্ৰগতিত যাব নোৱাৰে। স্মৃতি আৰু সেৱা দুয়োটাতে তীব্ৰগতি লাগে। স্মৃতি আৰু
নিঃস্বাৰ্থ সেৱা একেলগে থাকিলে তেতিয়া মায়াজিৎ হ’বলৈ সহজ। প্ৰতিটো কৰ্মত, কৰ্মৰ
সমাপ্তিৰ আগেয়ে সদায় বিজয় দেখা দিব।
স্লোগান:
এই সংসাৰখনক অলৌকিক খেল আৰু পৰিস্থিতিসমূহক অলৌকিক খেলৰ সামগ্ৰী বুলি বুজি চলা।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সকলোতকৈ সহজ সদায়
সন্তুষ্ট হৈ থকাৰ বিধি হৈছে – সদায় কিবা নহয় কিবা বিশেষ প্ৰাপ্তি নিজৰ সন্মুখত ৰাখা।
পিতাৰ পৰা কি কি পালা, কিমান পালা, নিজৰ প্ৰাপ্তিসমূহক চোৱা – জ্ঞান ৰূপী সম্পদ
কিমান প্ৰাপ্ত হৈছে, যোগৰ দ্বাৰা শক্তিসমূহ, দিব্যগুণসমূহ কিমান প্ৰাপ্ত হৈছে,
বাস্তৱিক নিচাত, আনন্দত থকাৰ প্ৰাপ্তি কিমান হৈছে? কেতিয়াবা কিবা কেতিয়াবা আন কিবা
প্ৰাপ্তি সন্মুখত ৰাখি সন্তুষ্ট হৈ থাকা।