24.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বৈজয়ন্তী মালাত আহিবৰ বাবে নিৰন্তৰ পিতাক স্মৰণ কৰা, নিজৰ সময় নষ্ট নকৰিবা, পঢ়াৰ প্ৰতি পূৰা ধ্যান দিয়া”

প্ৰশ্ন:
পিতাই নিজৰ সন্তানসকলক কোনটো এটা অনুৰোধ জনায়?

উত্তৰ:
পিতাই অনুৰোধ জনায় - মৰমৰ সন্তানসকল, ভালদৰে পঢ়ি থাকা। পিতাৰ দাড়িৰ লাজ ৰক্ষা কৰিবা। এনেকুৱা কোনো বেয়া কাম নকৰিবা যাৰ দ্বাৰা পিতাৰ নাম বদনাম হয়। সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ কেতিয়াও নিন্দা নকৰাবা। প্ৰতিজ্ঞা কৰা - যেতিয়ালৈকে পঢ়া চলি থাকিব তেতিয়ালৈকে নিশ্চয় পৱিত্ৰ হৈ থাকিম।

গীত:
তুম্হে পাকে হমনে জহাঁ পা লিয়া….. (তোমাক পাই আমি গোটেই জগতখনেই পাই গলোঁ…)

ওঁম্শান্তি।
এয়া কোনে ক’লে যে তোমাক পাই গোটেই জগতৰ বাদশ্বাহী পাই গলোঁ? এতিয়া তোমালোক বিদ্যাৰ্থীও হোৱা আৰু সন্তানো হোৱা। তোমালোকে জানা যে বেহদৰ (গোটেই জগতৰ) পিতা আমাক সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে। তেওঁৰ সন্মুখত আমি বহি আছোঁ আৰু আমি ৰাজযোগ শিকি আছোঁ অৰ্থাৎ বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ-ৰাজকুমাৰী হ'বলৈ তোমালোক ইয়াত পঢ়িবলৈ আহিছা অথবা পঢ়া। এই গীতটিতো ভক্তিমাৰ্গত গোৱা হয়। বুদ্ধিৰে সন্তানসকলে জানে যে আমি বিশ্বৰ মহাৰজা-মহাৰাণী হ'মগৈ। পিতা হৈছে জ্ঞানৰ সাগৰ, সৰ্বোচ্চ আত্মিক শিক্ষকে আত্মাসকলক বহি পঢ়ায়। আত্মাই এই শৰীৰ ৰূপী কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা জানে যে আমি পিতাৰ পৰা বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ-ৰাজকুমাৰী হ'বৰ বাবে পাঠশালাত বহি আছোঁ। কিমান নিচা থাকিব লাগে। নিজৰ অন্তৰক সোধা - ইমান নিচা আমাৰ বিদ্যাৰ্থীসকলৰ আছেনে? এয়া কোনো নতুন কথাও নহয়। আমি কল্পই কল্পই বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ আৰু ৰাজকুমাৰী হ'বৰ বাবে পিতাৰ ওচৰলৈ আহোঁ। যিজন পিতা পিতাও হয়, শিক্ষকো হয়। পিতাই সুধিলে সকলোৱে কয় আমিতো সূৰ্যবংশী মুকুটধাৰী ৰাজকুমাৰ-ৰাজকুমাৰী বা লক্ষ্মী-নাৰায়ণ হ'ম। নিজৰ অন্তৰক সুধিব লাগে - আমি এনেকুৱা পুৰুষাৰ্থ কৰোঁনে? বেহদৰ পিতা যি স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে, তেওঁ আমাৰ পিতা-শিক্ষক-গুৰুও হয় তেন্তে উত্তৰাধিকাৰো নিশ্চয় সিমানেই উচ্চতকৈও উচ্চ দিব। লক্ষ্য কৰিব লাগে যে আমি ইমান আনন্দিত হৈ থাকোঁনে যে আমি আজি পঢ়ি আছোঁ, কাইলৈ মুকুটধাৰী ৰাজকুমাৰ হ'মগৈ? কিয়নো এয়া সংগম হয় নহয়। এতিয়া ইপাৰে আছা, সিপাৰে স্বৰ্গলৈ যাবৰ কাৰণে পঢ়া। তালৈতো সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন হৈহে যাবা। আমি এনেকুৱা যোগ্য হৈছোঁনে - নিজকে সুধিব লাগে। এজন ভক্ত নাৰদৰ কথা নহয়। তোমালোক সকলো ভক্ত আছিলা, এতিয়া পিতাই ভক্তিৰ পৰা এৰুৱায়। তোমালোকে জানা যে আমি পিতাৰ সন্তান হৈছোঁ তেওঁৰ পৰা উত্তৰাধিকাৰ ল'বলৈ, বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হ'বলৈ আহিছোঁ। পিতাই কয় - লাগিলে নিজৰ গৃহস্থালিতে থাকা। বানপ্ৰস্থ অৱস্থা পোৱাসকল গৃহস্থালিত থাকিবলগীয়া নহয় আৰু কুমাৰ-কুমাৰীসকলো গৃহস্থালিত নাই। তেওঁলোকৰো বিদ্যাৰ্থী জীৱন। ব্ৰহ্মচৰ্যতে পঢ়া-শুনা কৰে। এতিয়া এই পঢ়া হৈছে বহুত উচ্চ, ইয়াত সদাকালৰ বাবে পৱিত্ৰ হ'ব লাগে। তেওঁলোকেতো ব্ৰহ্মচৰ্যত থাকি পঢ়া-শুনা কৰি আকৌ বিকাৰগ্ৰস্ত হয়। ইয়াত তোমালোকে ব্ৰহ্মচৰ্যত থাকি গোটেই পঢ়া সম্পূৰ্ণ কৰা। পিতাই কয় - মই পৱিত্ৰতাৰ সাগৰ, তোমালোককো তেনেকুৱা কৰি তোলোঁ। তোমালোকে জানা - আধাকল্প আমি পৱিত্ৰ আছিলোঁ। যথাযথ পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰিছিলোঁ - বাবা আমি কিয়নো পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক নহ'ম। কিমান উচ্চ পিতা, যদিও সাধাৰণ শৰীৰ, কিন্তু আত্মাৰ নিচা বাঢ়ে নহয়। পিতা পৱিত্ৰ কৰি তুলিবৰ বাবে আহিছে। পিতাই কয় - তোমালোক বিকাৰগ্ৰস্ত হৈ হৈ বেশ্যালয়ত আহি পাইছা। তোমালোক সত্যযুগত পৱিত্ৰ আছিলা, এই ৰাধা-কৃষ্ণ পৱিত্ৰ ৰাজকুমাৰ-ৰাজকুমাৰী হয় নহয়। ৰুদ্ৰ মালাও চোৱা, বিষ্ণুৰ মালাও চোৱা। ৰুদ্ৰ মালাই গৈ বিষ্ণুৰ মালা হ'বগৈ। বৈজয়ন্তী মালাত আহিবৰ বাবে পিতাই বুজায় - প্ৰথমেতো নিৰন্তৰ পিতাক স্মৰণ কৰা, নিজৰ সময় নষ্ট নকৰিবা। এই কড়িৰ (নামমাত্ৰ প্ৰাপ্তিৰ) পিছত ঘূৰি বান্দৰ নহ'বা। বান্দৰে চানা খায়। এতিয়া তোমালোকক পিতাই ৰত্ন দি আছে। আকৌ যদি কড়ি বা চানাৰ পিছত যোৱা তেন্তে কি অৱস্থা হ'ব! ৰাৱণৰ কাৰাগাৰত গুচি যাবা। পিতা আহি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে। তেওঁ কয় - দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা নিজৰ বুদ্ধি আঁতৰাই আনা। নিজক আত্মা বুলি নিশ্চয় কৰা। পিতাই কয় - মই কল্পই কল্পই ভাৰততে আহোঁ। ভাৰতবাসী সন্তানসকলক বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ-ৰাজকুমাৰী কৰি তোলোঁ। কিমান সহজকৈ পঢ়ায়, এনেকৈও নকয় যে আহি 4-8 ঘণ্টালৈকে বহা। নহয়, গৃহস্থালিত থাকি নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। বিকাৰগ্ৰস্ত হোৱাসকলক পতিত বুলি কোৱা হয়। দেৱতাসকল পৱিত্ৰ সেইবাবে মহিমা গোৱা হয়। পিতাই বুজায় - সেয়া হৈছে অল্পকালৰ ক্ষণভংগুৰ সুখ। সন্ন্যাসীয়ে ঠিকেই কয় যে কাগ বিষ্ঠাৰ সমান সুখ। কিন্তু তেওঁলোকে এইটো নাজানে যে দেৱতাসকলৰ কিমান সুখ থাকে। নামেই হৈছে সুখধাম। এইখন হৈছে দুখধাম। এই কথাবোৰ জগতৰ কোনেও নাজানে। পিতাহে আহি কল্পই কল্পই বুজায়, দেহী-অভিমানী কৰি তোলে। নিজকে আত্মা বুলি বুজা। তোমালোক আত্মা, দেহ নহয়। তোমালোক দেহৰ মালিক হোৱা, দেহ তোমালোকৰ মালিক নহয়। 84 জন্ম লৈ লৈ এতিয়া তোমালোক তমোপ্ৰধান হৈ গৈছা। তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ দুয়ো পতিত হৈ গৈছে। দেহ-অভিমানী হোৱাৰ বাবে তোমালোকৰ দ্বাৰা পাপ হৈছে। এতিয়া তোমালোক দেহী-অভিমানী হ'ব লাগে। মোৰ লগত ঘৰলৈ উভটি যাব লাগে। আত্মা আৰু শৰীৰ দুয়োটাকে শুদ্ধ কৰিবলৈ পিতাই কয় - মনমনাভৱ। পিতাই তোমালোকক ৰাৱণৰ পৰা আধাকল্প স্বাধীনতা দিয়াইছিল, এতিয়া আকৌ স্বাধীনতা দি আছে। আধাকল্প তোমালোকে স্বাধীন হৈ ৰাজ্য কৰা। তাত 5 বিকাৰৰ নাম নাথাকে। এতিয়া শ্ৰীমতত চলি শ্ৰেষ্ঠ হ'ব লাগে। নিজক সোধা - মোৰ মাজত বিকাৰ কিমানলৈকে আছে? পিতাই কয় - এটা হৈছে মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা আৰু কোনো হাই-কাজিয়াও কৰিব নালাগে। নহ'লে তোমালোক কেনেকৈ পৱিত্ৰ হ'বা। তোমালোক ইয়াত আহিছাই পুৰুষাৰ্থ কৰি মালা গঁথা যাবলৈ। অকৃতকাৰ্য হ'লেতো মালাত আহিব নোৱাৰিবা। কল্প কল্পৰ বাদশ্বাহী হেৰুৱাই পেলাবা। তেতিয়া অন্তিমত বহুত অনুশোচনা কৰিব লাগিব। সেই পঢ়াতো ৰেজিষ্টাৰ থাকে। লক্ষণো চায়। এয়াও হৈছে পঢ়া, ৰাতিপুৱা উঠি তোমালোকে নিজেই এয়া পঢ়া। দিনততো কৰ্ম কৰিবই লাগে। আজৰি পোৱা নাযায় সেইবাবে ভক্তিও মনুষ্যই ৰাতিপুৱা উঠিয়ে কৰে। এয়াতো হৈছে জ্ঞানমাৰ্গ। ভক্তিতো পূজা কৰি থাকোঁতে বুদ্ধিত কোনোবা নহয় কোনোবা দেহধাৰীৰ স্মৃতি আহি যায়। ইয়াতো তোমালোকে পিতাক স্মৰণ কৰোঁতে আকৌ পেছাগত কাম-কাজ আদি স্মৃতিলৈ আহি যায়। যিমান পিতাৰ স্মৃতিত থাকিবা সিমানেই পাপ খণ্ডন হৈ গৈ থাকিব।

তোমালোক সন্তানসকলে যেতিয়া পুৰুষাৰ্থ কৰি কৰি একেবাৰে পৱিত্ৰ হৈ যাবা তেতিয়া এই মালা তৈয়াৰ হৈ যাব। পূৰা পুৰুষাৰ্থ নকৰিলে তেন্তে প্ৰজাত গুচি যাবা। যথা ৰীতিৰে যোগযুক্ত হ’লে, পঢ়িলে, নিজৰ টালি-টোপোলা ভৱিষ্যতৰ বাবে স্থানান্তৰ কৰি দিলে তাৰ প্ৰতিদানত ভৱিষ্যতে পাই যাবা। ঈশ্বৰৰ অৰ্থে দিলে পৰৱৰ্তী জন্মত তাৰ প্ৰতিদান পোৱা যায় নহয়। এতিয়া পিতাই কয় - মই পোনপটীয়াকৈ আহোঁ। এতিয়া তোমালোকে যি কিছু কৰা সেয়া নিজৰ বাবে। মনুষ্যই দান-পুণ্য কৰে সেয়া হৈছে আওপকীয়া। এই সময়ত তোমালোকে পিতাক বহুত সহায় কৰা। এইটো জানা যে এই টকা-পইচাতো সকলো শেষ হৈ যাব। তাতকৈ ভাল কিয়নো পিতাক সহায় নকৰোঁ। পিতাই ৰাজ্য কেনেকৈ স্থাপনা কৰিব। কোনো সৈন্যবাহিনী আদিও নাই, অস্ত্ৰ-শস্ত্ৰ আদিও নাই। সকলোবোৰ গুপ্ত। কোনো কোনোৱে কন্যাক যৌতুক গুপ্তভাৱে দিয়ে। বাকচ বন্ধ কৰি চাবি হাতত দি দিয়ে। কোনোৱে খুব প্ৰদৰ্শন কৰি দিয়ে, কোনোৱে গুপ্তভাৱে দিয়ে। পিতায়ো কয় -তোমালোক হৈছা প্ৰেমিকা, তোমালোকক মই বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। তোমালোকে গুপ্তভাৱে সহায় কৰা। এয়া আত্মাই জানে, বাহ্যিক জাকজমকতা একো নাই। এইখন হয়েই বিকাৰী পতিত সৃষ্টি। সৃষ্টিৰ বৃদ্ধি হ’বই লাগে। আত্মাসকল নিশ্চয় আহিব লাগে। জন্মতো আৰু বেছিকৈহে হ’ব। এনেকৈ কয়ো যে এইটো হিচাপত শস্য পৰ্যাপ্ত নহ’ব। এয়া হৈছে আসুৰিক বুদ্ধি। তোমালোক সন্তানসকলে এতিয়া ঈশ্বৰীয় বুদ্ধি পাইছা। ভগৱানে পঢ়ায় তেন্তে তেওঁৰ প্ৰতি কিমান সন্মান ৰাখিব লাগে। কিমান পঢ়িব লাগে। কিছুমান সন্তান আছে যাৰ পঢ়াৰ চখ নাই। তোমালোক সন্তানসকলে এইটো বুদ্ধিত ৰাখিব লাগে - আমি পিতাৰ দ্বাৰা মুকুটধাৰী ৰাজকুমাৰ-ৰাজকুমাৰী হৈ আছোঁ। এতিয়া পিতাই কয় - মোৰ মতত চলা, পিতাক স্মৰণ কৰা। সন্তানসকলে বাৰে বাৰে কয় - আমি পাহৰি যাওঁ। বিদ্যাৰ্থীয়ে যদি কয় আমি পাঠ পাহৰি যাওঁ, তেন্তে শিক্ষকে কি কৰিব! স্মৰণ নকৰিলে বিকৰ্ম বিনাশ নহ’ব। শিক্ষকে জানো সকলোৰে ওপৰত কৃপা বা আশীৰ্বাদ কৰিব যে এওঁলোক উত্তীৰ্ণ হৈ যাওঁক। ইয়াত এই আশীৰ্বাদ কৃপাৰ কথা নাই। পিতাই কয় - পঢ়া। লাগিলে পেছাগত কাম-কাজ আদি কৰা, কিন্তু পঢ়াতো জৰুৰী। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা, আনকো মাৰ্গ-দৰ্শন কৰা। অন্তৰক সুধিব লাগে যে মই কিমান পিতাক সহায় কৰোঁ? কিমানক নিজৰ সমান কৰি তোলোঁ? ত্ৰিমূৰ্তিৰ চিত্ৰতো সন্মুখত ৰখা আছে। এয়া শিৱবাবা, এয়া ব্ৰহ্মা। এই পঢ়াৰ দ্বাৰা এনেকুৱা হয়গৈ। আকৌ 84 জন্মৰ পাছত এয়া হ'বগৈ। শিৱবাবাই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি ব্ৰাহ্মণসকলক এনেকুৱা কৰি গঢ়ি আছে। তোমালোক ব্ৰাহ্মণ হৈছা। এতিয়া নিজৰ অন্তৰক সোধা - মই পৱিত্ৰ হৈছোঁনে? দৈৱীগুণ ধাৰণ কৰিছোঁনে? পুৰণি দেহক পাহৰিছোঁনে? এয়াতো পুৰণা জোতা (শৰীৰ) নহয় জানো। আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া জোতাও অতি উত্তম পাব। এই পুৰণা চোলা এৰি নতুন চোলা পিন্ধিবা, এই চক্ৰ ঘূৰি থাকে। আজি এওঁ পুৰণা জোতাত আছে, কাইলৈ দেৱতা হ’ব বিচাৰে। পিতাৰ দ্বাৰা ভৱিষ্যত আধাকল্পৰ বাবে বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হয়গৈ। আমাৰ সেই ৰাজত্ব কোনেও কাঢ়ি নিব নোৱাৰে। তেন্তে পিতাৰ শ্ৰীমতত চলিব লাগে নহয়। নিজক সোধা যে মই কিমান স্মৰণ কৰোঁ? কিমান স্বদৰ্শন চক্ৰধাৰী হৈ থাকোঁ আৰু আনকো তেনেকুৱা কৰি তোলোঁ? যিয়ে কৰিব তেঁৱেই পাব। পিতাই নিতৌ পঢ়ায়। সকলোৰে ওচৰলৈ মুৰুলী যায়। ঠিক আছে যদি নোপোৱাও 7 দিনৰ পাঠ্যক্ৰমতো কৰিলা নহয়, বুদ্ধিত জ্ঞান আহি গ'ল। প্ৰথমতেতো ভাতী তৈয়াৰ হ’ল আকৌ তাত কোনোবা পৰিপক্ক হৈ, কোনোবা অপৰিপক্ক হৈ ওলাই আহিল কিয়নো মায়াৰ ধুমুহাওতো আহে নহয়। 6-8 মাহ পৱিত্ৰ হৈ থাকি পুনৰ দেহ-অভিমানত আহি আপোনঘাতী হৈ যায়। মায়া বৰ শক্তিশালী। আধাকল্প মায়াৰ হাতত পৰাজিত হৈছা। এতিয়াও যদি পৰাজিত হোৱা তেন্তে নিজৰ পদ হেৰুৱাই পেলাবা। ক্ৰমানুসৰি পদমৰ্যাদাতো বহুত আছে নহয়! কোনোবা ৰজা-ৰাণী, কোনোবা মন্ত্ৰী (পৰামৰ্শ দাতা), কোনোবা প্ৰজা হ’ব, কাৰোবাৰ হীৰা-মণি-মুকুতাৰ মহল থাকিব। প্ৰজাৰ ভিতৰতো কোনোবা বহুত চহকী হয়। হীৰা-মণি-মুকুতাৰ মহল থাকে, ইয়াতো চোৱা চৰকাৰে প্ৰজাৰ পৰা কৰ নলয় জানো। তেন্তে প্ৰজা চহকী হ'ল নে ৰজা? অন্ধকাৰ নগৰত অন্ধসকলেই শাসক…. এয়াও এতিয়াৰে কথা। এতিয়া তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা থাকিব লাগে যে আমি বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হ’বৰ বাবে পঢ়োঁ। আমি বেৰিষ্টাৰ বা ইঞ্জিনিয়াৰ হ'ম, এইটো কেতিয়াবা স্কুলত পাহৰি যায় জানো! বহুতেতো আগবাঢ়ি গৈ থাকোঁতে মায়াৰ ধুমুহা লাগিলে পঢ়িবলৈও এৰি দিয়ে।

পিতাই নিজৰ সন্তানসকলক এটা অনুৰোধ জনায় যে মৰমৰ সন্তানসকল, ভালকৈ পঢ়িবা তেতিয়া ভাল পদ পাবা। পিতাৰ দাড়িৰ সন্মান ৰাখিবা। তোমালোকে এনেকুৱা অপকৰ্ম কৰিলে পিতাৰ নাম বদনাম কৰি দিবা। সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ নিন্দা কৰোৱাসকলে উচ্চ পদ পাব নোৱাৰিব। এই সময়ত তোমালোক হীৰাতুল্য হোৱা তেন্তে কড়িৰ পিছত পৰিব লাগে জানো। বাবাই (ব্ৰহ্মা বাবাই) সাক্ষাৎকাৰ কৰিলে আৰু ততালিকে কড়িবোৰ (স্থূল সা-সম্পত্তি) এৰি দিলে। হেৰ’ 21 জন্মৰ কাৰণে বাদশ্বাহী পাওঁ এইবোৰ আকৌ কি কৰিম! সকলো দি দিলে। মইতো বিশ্বৰ বাদশ্বাহী লৈ লওঁ। এইটোও জানা যে বিনাশ হ'ব। এতিয়া নপঢ়িলেতো বহুত পলম হৈ যাব, অনুশোচনা কৰিবলগীয়া হ’ব। সন্তানসকলৰ সকলো সাক্ষাৎকাৰ হৈ যাব। পিতাই কয়- তোমালোকে আহ্বানো জনোৱা যে হে পতিত-পাৱন আহক। এতিয়া মই পতিত সৃষ্টিত তোমালোকৰ কাৰণে আহিছোঁ আৰু তোমলোকক কওঁ - পৱিত্ৰ হোৱা। তোমালোকে আকৌ বাৰে বাৰে আৱৰ্জনাৰ মাজত পৰি যোৱা। মইতো কালৰো কাল (মহাকাল; একেলগে অনেকক লৈ যায়) হওঁ। সকলোকে লৈ যাম। স্বৰ্গলৈ যাবৰ কাৰণে পিতা আহি মাৰ্গ-দৰ্শন কৰায়। জ্ঞান দিয়ে যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। এয়া হৈছে বেহদৰ জ্ঞান। যিসকলে কল্প পূৰ্বে পঢ়িছিল তেওঁলোকেই আহি পঢ়িব, সেয়াও সাক্ষাৎকাৰ হৈ গৈ থাকিব। নিশ্চয়তা জন্মি যাব লাগে যে বেহদৰ পিতাৰ আগমন হৈছে, যিজন ভগৱানক লগ পাবলৈ ইমান ভক্তি কৰিলোঁ তেওঁ ইয়াত আহি পঢ়াই আছে। এনেকুৱা ভগৱান পিতাক আমি সাক্ষাৎতো কৰোঁ। যদিহে দৃঢ় নিশ্চয়তা আছে তেন্তে কিমান আনন্দ উল্লাসেৰে দৌৰি আহি সাক্ষাৎ কৰিব। ইয়াত প্ৰবঞ্চনা কৰা কথা নাই। এনেকুৱাও বহুত আছে যি পৱিত্ৰ নহয়, নপঢ়ে, কেৱল পিতাৰ ওচৰলৈ আহিব বিচাৰে। এনেয়ে ঘূৰিব-ফুৰিবলৈও আহি যায়। পিতাই সন্তানসকলক বুজায় - তোমালোক সন্তানসকলে গুপ্তভাৱে নিজৰ ৰাজধানী স্থাপনা কৰিব লাগে। পৱিত্ৰ হ'লে তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এই ৰাজযোগ পিতাইহে শিকায়। বাকী তেওঁলোকতো হৈছে হঠযোগী। পিতাই কয় -নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰিবা। এইটো নিচা ৰাখিবা - আমি বেহদৰ পিতাৰ দ্বাৰা বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হ'বলৈ আহিছোঁ সেয়েহে শ্ৰীমতত চলিব লাগে। মায়া এনেকুৱা যে বুদ্ধিযোগ ছিঙি দিয়ে। যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়াও সমৰ্থ। আধাকল্প হৈছে ৰামৰ ৰাজ্য, আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য। এইটোও কোনেও নাজানে। ভাল বাৰু!

বাৰু! অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় নিচা থাকিব লাগে যে আমি আজি পঢ়ি আছোঁ কাইলৈ মুকুটধাৰী ৰাজকুমাৰ-ৰাজকুমাৰী হ'মগৈ। নিজৰ অন্তৰক সুধিব লাগে - মই এনেকুৱা পুৰুষাৰ্থ কৰোঁনে? পিতাৰ প্ৰতি ইমান সন্মান আছেনে? পঢ়াৰ চখ আছেনে?

(2) পিতাৰ কৰ্তব্যত গুপ্ত সহায়কাৰী হ’ব লাগে। ভৱিষ্যতৰ কাৰণে নিজৰ টালি-টোপোলা স্থানান্তৰ কৰি দিব লাগে। কড়িৰ পিছত সময় নষ্ট নকৰি হীৰাতুল্য হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
মন-বুদ্ধিক নিজৰ মতৰ পৰা মুক্ত কৰি সূক্ষ্মলোকৰ অনুভৱ কৰোঁতা ‘ডবল লাইট’ হোৱা

কেৱল সংকল্প শক্তি অৰ্থাৎ মন আৰু বুদ্ধিক সদায় নিজৰ মতৰ পৰা খালী কৰি ৰাখা তেতিয়া ইয়াত থাকিও সূক্ষ্মলোকৰ সকলো দৃশ্যাৱলী এনেকৈ স্পষ্ট অনুভৱ কৰিবা যেনেকৈ জগতৰ যিকোনো দৃশ্য স্পষ্ট ৰূপত দেখা পোৱা যায়। এইটো অনুভূতি কৰিবলৈ নিজৰ ওপৰত কোনো বোজা নাৰাখিবা, সকলো বোজা পিতাক দি ‘ডবল লাইট’ হোৱা। মন-বুদ্ধিৰে সদায় শুদ্ধ সংকল্পৰ ভোজন গ্ৰহণ কৰা। কেতিয়াও ব্যৰ্থ সংকল্প বা নেতিবাচক সংকল্পৰ অশুদ্ধ ভোজন গ্ৰহণ নকৰিবা তেতিয়া ব্যৰ্থৰ বোজাৰ পৰা মুক্ত হৈ উচ্চ স্থিতিৰ অনুভৱ কৰিব পাৰিবা।

স্লোগান:
ব্যৰ্থত পূৰ্ণ বিৰাম লগোৱা আৰু শুভ-ভাৱনাৰ পুঁজি ভৰপূৰ কৰা।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যদি আগবাঢ়ি গৈ থাকোঁতে কেতিয়াবা অসফলতা বা কঠিনতাৰ অনুভৱ হয় তেন্তে তাৰ কাৰণ হৈছে কেৱল সহায়কাৰী হৈ যোৱা। ঈশ্বৰীয় সহায়কাৰী নোহোৱা। ঈশ্বৰক সেৱাৰ পৰা পৃথক নকৰিবা। যিহেতু নামেই হৈছে “ঈশ্বৰীয় সহায়কাৰী”, তেন্তে সংযুক্তজনক পৃথক কিয় কৰা। সদায় নিজৰ এইটো নাম স্মৃতিত ৰাখিবা তেতিয়া সেৱাত স্বতঃ ঈশ্বৰীয় যাদু ভৰি যাব।