24.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাই তোমালোকক সংগমত যি স্মৃতি দিছে, সেয়া সোঁৱৰি থাকিলে সদায় হৰ্ষিত হৈ থাকিবা”

প্ৰশ্ন:
সদায় পাতল (বোজা মুক্ত) হৈ থকাৰ যুক্তি কি? কোনটো সাধন উপযোগ কৰিলে আনন্দিত হৈ থাকিব পাৰিবা?

উত্তৰ:
সদায় পাতল (বোজা মুক্ত)হৈ থাকিবলৈ এইটো জন্মত যি যি পাপ হৈছে, সেয়া সকলো অবিনাশী ছার্জনক শুনাই দিয়া। বাকী জন্ম-জন্মান্তৰৰ যি পাপৰ বোজা শিৰত আছে তাৰ কাৰণে স্মৃতিৰ যাত্ৰাত থাকা। স্মৃতিৰেই পাপ খণ্ডন হ'ব, তেতিয়া আনন্দিত হৈ থাকিবা। পিতাৰ স্মৃতিৰে আত্মা সতোপ্ৰধান হৈ যাব।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বুজায় - তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ, আমি ৰাজ্য কৰিছিলোঁ, আমি যথাযথ বিশ্বৰ মালিক আছিলোঁ। সেই সময়ত আৰু অন্য কোনো ধৰ্ম নাছিল। আমিয়েই সত্যযুগৰ পৰা জন্ম লৈ লৈ 84 চক্ৰ সম্পূৰ্ণ কৰিলোঁ। গোটেই বৃক্ষৰ স্মৃতি উদয় হৈছে। আমি দেৱতা আছিলোঁ আকৌ ৰাৱণৰাজ্যত অহা বাবে দেৱী-দেৱতা বুলি কোৱাৰ লায়ক হৈ নাথাকিলোঁ সেয়েহে ধর্মই বেলেগ বুলি ভাবি ল’লোঁ। আন কাৰো ধৰ্ম সলনি নহয়। যেনেকৈ যীশুখ্ৰীষ্টৰ খ্ৰীষ্টিয়ান ধৰ্ম, বুদ্ধৰ বৌদ্ধ ধৰ্মই চলি আহি থাকে। সকলোৰে বুদ্ধিত এইটো থাকে যে বুদ্ধই অমুক সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। হিন্দুসকলে নিজৰ ধৰ্মৰ বিষয়ে নাজানেই যে আমাৰ হিন্দু ধৰ্ম কেতিয়াৰ পৰা আৰম্ভ হ’ল, কোনে প্ৰতিষ্ঠা কৰিলে? লাখ লাখ বছৰ বুলি কৈ দিয়ে। গোটেই সৃষ্টি চক্ৰৰ জ্ঞান তোমালোক সন্তানসকলৰহে আছে, ইয়াকে কোৱা হয় জ্ঞান-বিজ্ঞান। তেওঁলোকে ‘বিজ্ঞান ভৱন’ নাম যদিও ৰাখি দিলে কিন্তু পিতাই তাৰ অৰ্থ বুজায় - জ্ঞান আৰু যোগ, ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান, এতিয়া তোমালোক বুজি পোৱা যে আমিও জনা নাছিলোঁ, নাস্তিক আছিলোঁ। সত্যযুগততো এই জ্ঞান নাথাকে। এতিয়া তোমালোকক শিক্ষকে পঢ়াইছে। পঢ়ি তোমালোকে ৰাজ্য-ভাগ্য পোৱা কিয়নো তোমালোকক থাকিবলৈ নতুন সৃষ্টি লাগে। এই পুৰণি সৃষ্টিততো পৱিত্ৰ দেৱী-দেৱতাই পদাৰ্পণ কৰিব নোৱাৰে। পিতা আহি তোমালোকৰ কাৰণে পুৰণি সৃষ্টিৰ বিনাশ কৰি নতুন সৃষ্টি স্থাপনা কৰে। আমাৰ কাৰণে বিনাশ নিশ্চয় হ’ব। কল্প-কল্পান্তৰ আমি এই ভূমিকা পালন কৰোঁ। বাবাই সোধে - আগতে কেতিয়া লগ পাইছিলা? তেতিয়া কয় - বাবা, প্ৰত্যেক কল্পতে লগ পাওঁ, আপোনাৰ পৰা ৰাজ্য-ভাগ্য ল’বলৈ। কল্প পূৰ্বেও বেহদ সুখৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত হৈছিল। এই সকলো কথা যি স্মৃতিলৈ আহিছে, এতিয়া সেয়া সোঁৱৰণ কৰা উচিত, যাক বাবাই স্বদৰ্শন চক্ৰ বুলি কয়। আমি আগতে সতোপ্ৰধান আছিলোঁ। এইটোও তোমালোকৰ স্মৃতি উদয় হ’ল যে প্ৰত্যেক আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। আমি আত্মা সূক্ষ্ম অবিনাশী, তাত ভূমিকাও অবিনাশী যিটো চলিয়েই থাকিব। এইখন পূৰ্ব নিৰ্ধাৰিত যি চলি আছে… ইয়াত কোনো নতুন কথা যোগ বা বিয়োগ হ’ব নোৱাৰে। কোনেও মোক্ষ প্ৰাপ্তি কৰিব নোৱাৰে। কোনোৱে মুক্তি বিচাৰে, মুক্তি বেলেগ, মোক্ষ বেলেগ। এইটোও স্মৃতিত ৰাখিব লাগে। স্মৃতিত থাকিলে আনকো সোঁৱৰাই দিবা। তোমালোকৰ কামেই হৈছে এইটো। পিতাই যি স্মৃতি সোঁৱৰাই দিছে, সেয়া আকৌ আনকো দিয়া তেতিয়া উচ্চ পদ পাব পাৰিবা। উচ্চ পদ পাবলৈ বহুত যত্ন কৰিব লাগে। মুখ্যতঃ যোগৰ ক্ষেত্ৰতেই পৰিশ্ৰম কৰিবলগীয়া হয়। এয়া হৈছে স্মৃতিৰ যাত্ৰা, যিটো পিতাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে। এতিয়া তোমালোকে মনুষ্যৰ পৰা দেৱতা হ’বলৈ পঢ়া। তোমালোকে জানা যে আমি পুনৰাই নতুন সৃষ্টিলৈ যাম। তাৰ নামেই হৈছে অমৰলোক। এয়া হৈছে মৃত্যুলোক। ইয়াত অকস্মাত বহি থাকোতেই মৃত্যু হৈ যায়। তাত মৃত্যুৰ নাম-চিহ্ন নাই কিয়নো আত্মাক বাস্তৱত কালে নাখায়। কোনো মিঠাইতো নহয় খাবলৈ। ড্ৰামা অনুসৰি যেতিয়া সময় হয় তেতিয়া আত্মা গুচি যায়। যি সময়ত যাৰ যাবলগীয়া থাকে, তেওঁ গুচি যায়। কালে ধৰি নলয়। আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা লয়। কাল বুলি একো নাই। এয়াতো বহি বহি কাহিনী ৰচি দিছে। সেয়া হৈছে অমৰলোক, তাত শৰীৰ নিৰোগী হয়। সত্যযুগত ভাৰতবাসীৰ আয়ুসো দীঘলীয়া আছিল, যোগী আছিল। যোগী আৰু ভোগীৰ পাৰ্থক্যও এতিয়া জানিবলৈ পোৱা। তোমালোকৰ আয়ুস বৃদ্ধি হৈ গৈ আছে। যিমানে তোমালোক যোগযুক্ত হৈ থাকিবা, সিমানে পাপ ভস্ম হ’ব আৰু পদো উচ্চ পাবা, আয়ুসো দীঘলীয়া হ’ব। যথা ৰজা-ৰাণী আয়ুস পূৰা কৰি দেহ ত্যাগ কৰে, প্ৰজাৰো এনেকুৱা হয়। কিন্তু পদৰ পাৰ্থক্য আছে।

এতিয়া পিতাই তোমালোকক কয় - স্বদৰ্শন চক্ৰধাৰী সন্তানসকল, এই অলংকাৰ তোমালোকৰ। গৃহস্থালিত থাকিও তোমালোক পদুম ফুলৰ দৰে হৈ থাকা। তোমালোকৰ বাহিৰে আন কোনেও থাকিব নোৱাৰে। এইটোও স্মৃতি উদয় হৈছে যে এইটো জন্মত আমি কিমান পাপ কৰিছোঁ সেই কাৰণে বাবাই কয় - সেয়া সকলো অবিনাশী ছাৰ্জনৰ আগত কৈ দিয়া তেতিয়া পাতল (বোজা মুক্ত) হৈ যাবা। বাকী জন্ম-জন্মান্তৰৰ পাপ যি শিৰত আছে তাৰ কাৰণে যোগযুক্ত হৈ থাকিব লাগে। যোগৰ দ্বাৰাই পাপ খণ্ডন হ’ব আৰু আনন্দিত হৈও থাকিবা। পিতাৰ স্মৃতিৰে সতোপ্ৰধান হৈ যাবা। যদি গম পোৱা যায় যে মই স্মৃতিৰে এনেকুৱা হ’মগৈ তেন্তে কোনেনো স্মৰণ নকৰিব। কিন্তু এয়া হৈছে যুদ্ধক্ষেত্ৰ, ইমান উচ্চ পদ পাবলৈ যত্ন কৰিবলগীয়া হয়। এইটোও সন্তানসকলৰ স্মৃতিত উদয় হৈছে যে বেহদৰ পিতাৰ পৰা আমি উচ্চতকৈও উচ্চ উত্তৰাধিকাৰ লওঁ, কল্পই কল্পই লওঁ। তোমালোকৰ ওচৰলৈ বহুত আহিব, আহি ‘মনমনাভৱ’ৰ মহামন্ত্ৰ ল’ব। ‘মনমনাভৱ’ৰ অৰ্থ হৈছে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এইটো হৈছে মহামন্ত্ৰ, মহান আত্মা হ’বৰ কাৰণে। তেওঁলোক কোনো মহাত্মা নহয়। মহাত্মা বুলিতো বাস্তৱত শ্ৰীকৃষ্ণক কোৱা হয় কিয়নো তেওঁ পৱিত্ৰ। দেৱতাসকল সদায় পৱিত্ৰ হৈ থাকে। দেৱতাসকলৰ হৈছে প্ৰবৃত্তি মাৰ্গ, সন্ন্যাসীৰ হৈছে নিবৃত্তি মাৰ্গ। স্ত্ৰীসকলেতো ঠেকা-খুন্দা খাই ফুৰিব নোৱাৰে। এই বেয়া কথাবোৰ এতিয়া কলিযুগত হ’বলৈ ধৰিছে। স্ত্ৰীকো সন্ন্যাসী কৰি লৈ যায়। তথাপিও তেওঁলোকৰ পৱিত্ৰতাৰ কাৰণেই ভাৰতৰ বহুত সহায় হৈছে। যেনেকৈ পুৰণি ঘৰত ৰং আদি কৰা হয় তেতিয়া যেন নতুন হৈ যায়। এই সন্ন্যাসীসকলেও ৰং দি কিছু ৰক্ষা কৰে। কিন্তু পিতাই কয় - সেইটো ধৰ্মই হৈছে বেলেগ, পৱিত্ৰ হয়।

ভাৰত খণ্ডতেই ইমান দেৱী-দেৱতাৰ মন্দিৰ ভক্তি আদি আছে। এয়াও হৈছে খেল, যাৰ বৃত্তান্ত তোমালোকে শুনোৱা। ভক্তিমাৰ্গৰ কাৰণে এইবোৰো নালাগে জানো। এজন শিৱৰেই কিমান নাম ৰাখি দিছে। নাম অনুসৰি মন্দিৰ নিৰ্মাণ হৈ গৈছে। অনেক মন্দিৰ আছে। কিমান খৰচ হয়। তথাপিও আধাকল্পৰ সুখহে পোৱা যায়। বহুত ধন খৰচ কৰে, মূৰ্তি ভাঙি-ছিঙি যায়। তাততো মন্দিৰ আদিৰ দৰকাৰ নাই। এইটোও এতিয়া স্মৃতিত উদয় হৈছে যে আধাকল্প ভক্তি চলে, আধাকল্প আকৌ ভক্তিৰ নাম নাই। পিতাই এই বিচিত্ৰ বৃক্ষজোপাৰ কিমান স্মৃতি সোঁৱৰাই দিয়ে। কেৱল কলিযুগৰ আয়ুসেই 40 হাজাৰ বছৰ হ’লে তেন্তে খ্ৰীষ্টিয়ান আদিৰ আয়ুসো বহুত বেছি হৈ যাব। পিতাই বুজায় - খ্ৰীষ্টিয়ান ধৰ্মৰ সীমা ইমানেই। এইটো জানে যীশুখ্ৰীষ্টৰ ইমান সময় হ’ল, অমুকৰ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ ইমান সময় হ’ল, কিন্তু পুনৰ কেতিয়া যাব? এই কথা নাজানে। কল্পৰ আয়ুসেই দীঘলীয়া কৰি দিলে। এতিয়া তোমালোকে জানা এয়াতো বিনাশৰ প্ৰস্তুতি চলি আছে। তেওঁলোকৰ হৈছে বিজ্ঞান আৰু তোমালোকৰ হৈছে শান্তি। তোমালোকে যিমান শান্তিত যাবা সিমানে তেওঁলোকে বিনাশৰ কাৰণে ভাল ভাল বস্তু তৈয়াৰ কৰি থাকিব। দিনে প্ৰতিদিনে সূক্ষ্ম বস্তু তৈয়াৰ কৰি থাকে। তোমালোকৰ অন্তৰ আনন্দিত হয় - বাবাতো আমাৰ কাৰণে নতুন সৃষ্টি স্থাপনা কৰিবলৈ আহিছে। তেন্তে আমি এই পুৰণি সৃষ্টিত থাকিম জানো। চমৎকাৰ হৈছে বাবাৰ। বাবা আপুনি স্বৰ্গ স্থাপনা কৰি চমৎকাৰ কৰে। এতিয়া তোমালোকৰ গোটেই স্মৃতি উদয় হৈছে। তেওঁলোকেতো ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। তোমালোকে জানা। তোমালোক কিমান (জ্ঞানৰ) পোহৰত আছা। মনুষ্যতো ঘোৰ অন্ধকাৰত আছে। পাৰ্থক্য আছে নহয়। জ্ঞান ৰূপী কাজল সৎগুৰুৱে লগালে, অজ্ঞান অন্ধকাৰ নাশ হ’ল। ভক্তিৰ লোকসকলে জ্ঞানক নাজানে। এতিয়া তোমালোকে ভক্তিকো জানা আৰু জ্ঞানকো জানা। গোটেই স্মৃতি উদয় হৈছে - ভক্তি কেতিয়া আৰম্ভ হয়, আকৌ কেতিয়া পূৰা হয়। পিতাই কেতিয়া জ্ঞান দিয়ে, পূৰা কেতিয়া হ’ব, সকলো স্মৃতিত আছে। ক্ৰমানুসৰিতো হয়েই। কাৰোবাৰ বহুত স্মৃতি আছে, কাৰোবাৰ কম। যাৰ বহুত স্মৃতি থাকে, তেওঁ উচ্চ পদ পাব। স্মৃতিত থাকিলেহে আনকো বুজাব। স্মৃতি অপূৰ্ব নহয়নে। আগতে তোমালোকৰ বুদ্ধিত কি আছিল। ভক্তি, জপ, তপ, তীৰ্থ কৰা, শিৰ নত কৰা, গোটেই কপালেই ক্ষয় গ’ল। ভক্তিৰ স্মৃতি আৰু জ্ঞানৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোকে এতিয়া ভক্তিক জানা কিয়নো আৰম্ভণিৰে পৰাই ভক্তি কৰিছা। এইটো জানা যে আমি প্ৰথমে শিৱৰ ভক্তি কৰিলোঁ, তাৰপাছত দেৱতাসকলৰ কৰিলোঁ। আন কাৰো এইটো স্মৃতি নাই, তোমালোকৰ ৰচনাৰ আদি মধ্য অন্ত, ভক্তি আদি সকলোৰে স্মৃতি আছে। আধাকল্প ভক্তি কৰি কৰি অধঃপতিত হৈয়ে আহিছা।

এতিয়াতো দুখৰ পাহাৰ খহিব। তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে, এই দুখৰ পাহাৰ খহাৰ আগতেই আমি স্মৃতিৰ যাত্ৰাৰে বিকৰ্ম বিনাশ কৰোঁ। সকলোকে তোমালোকে এইটোৱে বুজোৱা, তোমালোকৰ ওচৰলৈ হাজাৰ হাজাৰ আহে। ভাই-ভনীসকলক মাৰ্গ-দৰ্শন কৰাবলৈ তোমালোকে পৰিশ্ৰম কৰা। জ্ঞান আৰু ভক্তিৰ স্মৃতি উদয় হ’ল। কিয়নো তোমালোকে গোটেই ড্ৰামাখনক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানি গ’লা। যিয়ে যিমান ভালকৈ জানে তেওঁ বুজাবও পাৰে। বুজোৱাতো হৈছে সন্তানসকলৰ কাম। গায়নো আছে – সন্তানে পিতাক প্ৰত্যক্ষ কৰায়। পিতাই সন্তানসকলক বুজাব, সন্তানসকলে আকৌ ভাইসকলক বুজাব। আত্মাকে নুবুজায় জানো। ভক্তিৰ পৰা এই জ্ঞান একেবাৰে পৃথক। গায়নো আছে - এক ভগৱান আহি সকলো ভক্তক ফল দিয়ে। এজন পিতাৰে সকলো সন্তান। পিতাই কয় - মই সকলো সন্তানকে শান্তিধাম, সুখধামলৈ লৈ যাওঁ। কল্প কল্পৰ এই জ্ঞানো তোমালোকৰ এতিয়া আছে, তাত নাথাকিব। তোমালোক পতিত হোৱা গতিকে পাৱন কৰি তুলিবলৈ পিতাই তোমালোকৰ কাৰণে কিমান পৰিশ্ৰম কৰে সেই কাৰণে গায়ন আছে - উছৰ্গিত হওঁ... উৎসৰ্গিত হওঁ। কাৰ প্ৰতি? পিতাৰ প্ৰতি। পিতাই আকৌ দৃষ্টান্ত শুনায় - এওঁ কেনেকৈ উছৰ্গিত হ’ল। এইটো আৰ্হি অনুসৰণ কৰা। এওঁলোকেই আকৌ লক্ষ্মী-নাৰায়ণ হয়। যদি ইমান উচ্চ পদ পাব বিচৰা তেন্তে এনেকৈ উছৰ্গিত হ’ব লাগিব। চহকী লোক কেতিয়া উছৰ্গিত হ’ব নোৱাৰে। ইয়াততো স্বাহা কৰিবলগীয়া হয়। চহকীসকলৰ স্মৃতি নিশ্চয় আহিব। গায়নো আছে নহয় - অন্তিম সময়ত যিয়ে স্ত্রীক স্মৰণ কৰে.... ইমানবোৰ ধন কি কৰিব। কোনেও নল'বই কিয়নো সকলো নাশ হৈ যাব। ময়ো লৈ কি কৰিম। শৰীৰ সহিত সকলো নাশ হৈ যাব। তোমাৰ মৃত্যু হোৱাৰ মানে তোমাৰ কাৰণে গোটেই সৃষ্টিখনে মৰি গ’ল। এই ধন আদি একোৱেই নাথাকিব। বাকী গৰুড় পুৰাণ আদিততো ৰসাল কথা লিখি দিছে, ভয় খুৱাবৰ কাৰণে।

পিতাই কয় - এই শাস্ত্ৰ আদি হৈছে ভক্তিমাৰ্গৰ। আধাকল্প ভক্তিমাৰ্গ চলে। যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয়। কাৰোবাক সোধা - ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছা? তেতিয়া ক'ব পৰম্পৰাগতভাৱে। হেৰ’ পৰম্পৰাগতভাৱেতো ৰাৱণ নাথাকেই। গমেই নাপায় গতিকে কৈ দিয়ে পৰম্পৰাগতভাৱে। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে - ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হয়। ৰচয়িতা, ৰচনাৰ ৰহস্যও তোমালোকে বুজি পোৱা। এতিয়া পিতাই কয় - সন্তানসকল, মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হ’ব। ইজনে-সিজনক এই ক্ষেত্ৰতে সাৱধান কৰি থাকা। একেলগে ফুৰা-চকা কৰিবলৈ গ’লেও এয়াই বাৰ্তালাপ কৰা। তোমালোকৰ গোটেই জুমটোৱে এইটো স্মৃতিৰ অৱস্থাত চক্ৰ লগালে তেতিয়া তোমালোকৰ শান্তিৰ প্ৰভাৱ বহুত পৰিব। খ্ৰীষ্টিয়ান ধৰ্মযাজকসকলেও যীশুখ্ৰীষ্টৰ স্মৃতিত বহুত শান্ত হৈ চক্ৰ লগায় কোনোফালে নাচায়। তোমালোকেতো ইয়াত বহুত স্মৃতিত থাকিব পাৰা, কোনো সাংসাৰিক কাম-কাজ নাই। বায়ুমণ্ডল বহুত ভাল। বাহিৰৰ বায়ুমণ্ডলতো বহুত ছিঃ ছিঃ সেয়েহে সন্ন্যাসীসকলৰ আশ্ৰম বহুত দূৰৈত থাকে। তোমালোকৰতো হয়েই বেহদৰ সন্ন্যাস। পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এইখন হৈছে কৱৰস্থান আকৌ পৰিস্তান হ'ব। তাত হীৰা-মুকুতাৰ মহল থাকিব। এই লক্ষ্মী-নাৰায়ণ পৰিস্তানৰ মালিক আছিল। এতিয়া নহয়। পিতাই কয় - মই কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ। এই গোটেই চক্ৰ পুনৰাবৃত্তি হৈয়ে থাকে। এই সময়ত তোমালোকৰ সকলো স্মৃতি উদয় হৈছে, কাৰণ পিতাই স্মৃতি সোঁৱৰাই দিছে। আগতে একোৱেই বুদ্ধিত নাছিল। এইটো স্মৃতিৰ নিচাত যেতিয়া থাকিবা তেতিয়া সিমানেই আনন্দেৰে কাৰোবাক বুজাবও পাৰিবা। স্মৃতিত থাকি তোমালোকে ঘৰ-সংসাৰ চম্ভালিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ড্ৰামাৰ আদি-মধ্য-অন্তক ভালকৈ বুজি, স্মৃতিত থাকি অন্যকো স্মৃতি সোঁৱৰাই দিব লাগে। জ্ঞান ৰূপী কাজল লগাই অজ্ঞান অন্ধকাৰ দূৰ কৰিব লাগে।

(2) পিতা ব্ৰহ্মাৰ দৰে উছৰ্গিত হ’বলৈ পূৰা অনুসৰণ কৰিব লাগে। শৰীৰ সহিত সকলো নাশ হৈ যাব সেয়েহে ইয়াৰ আগতেই জীৱন্তে মৰিব লাগে, যাতে অন্তিম সময়ত একোৱে স্মৃতিলৈ নাহে।

বৰদান:
বিশেষত্বৰ সংস্কাৰক স্বভাৱসিদ্ধ স্বভাৱ কৰি সাধাৰণতা সমাপ্ত কৰোঁতা জীৱন্তে মৃত হোৱা

যিটো স্বভাৱ হয় সি স্বতঃ নিজৰ কাম কৰে, ভাবিবলগীয়া, গঢ়িবলগীয়া বা কৰিবলগীয়া নহয়, স্বতঃ হৈ যায়। এনেকুৱা জীৱন্তে মৃত জন্মধাৰী ব্ৰাহ্মণৰ স্বভাৱেই হৈছে বিশেষ আত্মাৰ বিশেষত্বৰ। এই বিশেষত্বৰ সংস্কাৰ স্বভাৱসিদ্ধ সংস্কাৰ হৈ যাওঁক আৰু প্ৰত্যেকৰে অন্তৰৰ পৰা উচ্চাৰিত হওঁক যে মোৰ এইটো স্বভাৱ। সাধাৰণতা অতীতৰ স্বভাৱ, এতিয়াৰ নহয়, কিয়নো নতুন জন্ম লৈ ল’লা। গতিকে নতুন জন্মৰ স্বভাৱ হৈছে বিশেষত্বৰ সাধাৰণতাৰ নহয়।

স্লোগান:
মাৰ্জিত তেওঁ যি সদায় জ্ঞান ৰত্নৰে খেলে, পাথৰৰ সৈতে নহয়।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

প্ৰতিটো মুহূৰ্তত উৎসাহ-উদ্দীপনা থাকিলে এয়াই উৰন্ত কলাৰ আধাৰ। এই উৎসাহে আহিবলগীয়া অনেক প্ৰকাৰৰ বিঘিনি সমাপ্ত কৰি সম্পন্ন হোৱাত বহুত সহযোগ কৰে। উৎসাহৰ এই শুদ্ধ আৰু দৃঢ় সংকল্পই বিজয়ী কৰি তোলাত বিশেষ শক্তিশালী অস্ত্ৰ হৈ যায়, সেয়েহে সদায় অন্তৰত উৎসাহ-উদ্দীপনা বা এই উৰন্ত কলাৰ সাধন স্থায়ী কৰি ৰাখিবা। উৎসাহ যাতে থাকে যে মই পিতাৰ সমান সৰ্ব শক্তি, সৰ্ব গুণ, সৰ্ব জ্ঞানৰ সম্পদেৰে সম্পন্ন হ’বই লাগিব।