25.08.24    Avyakt Bapdada     Assame Murli     04.11.2001     Om Shanti     Madhuban


“*“সত্যবাদী হোৱা আৰু সময় অনুসৰি দয়াশীল হৈ বৃত্তি, দৃষ্টি আৰু কৃতি বেহদৰ কৰি তোলাৰ দৃঢ় সংকল্পৰ বন্তি জ্বলোৱা”*”


আজি প্ৰেমৰ সাগৰ বাপদাদাই নিজৰ অতিকৈ মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা মৰমৰ সন্তানসকলৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আহিছেহঁক। তোমালোকো সকলো মিলন উদ্‌যাপন কৰিবলৈ আহিছা নহয়! দৌৰি দৌৰি আহিছা। বাপদাদাও সন্তানসকলৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ দৌৰি দৌৰি আহিছে। তোমালোক সকলো এইখন জগতৰ পৰা আহিছা আৰু বাপদাদা পৰলোক আৰু সূক্ষ্মলোকৰ পৰা আহিছে। তেন্তে সকলোতকৈ দূৰৈৰ পৰা কোন আহিছে? কোন দূৰণিৰ দেশৰ? ডবল বিদেশীসকল দূৰণিৰ দেশৰ হোৱানে? নহয়। সকলোতকৈ দূৰৈৰ, দূৰণিৰ দেশৰতো পিতাহে হয়। বাপদাদাই এইবাৰ অহা ডবল বিদেশী আৰু ভাৰতবাসী সন্তানসকলৰ এটা কথাত বৰ গৌৰৱ কৰে। কোনটো কথাত গৌৰৱ কৰে? কোৱা। বিশেষকৈ ডবল বিদেশী সন্তানসকলৰ সাহস দেখি বাপদাদা গৌৰৱান্বিত হয় যে পৰিস্থিতি যেনেকুৱাই নহওঁক পিতাৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আহি উপস্থিত হৈয়েই গ’ল। ড্ৰামাই খেলো দেখুৱালে কিন্তু পিতা আৰু সন্তানসকলৰ মিলনক ড্ৰামায়ো বাধা দি ৰাখিব নোৱাৰিলে। গতিকে এনেকুৱা সাহসী সন্তানসকলৰ ওপৰত বাপদাদাই বিশেষ বৰদান বৰষি আছে।

আজি এইটো মুহূৰ্তত যি সন্তানে যি বৰদান বিচাৰে তেওঁ সেয়া প্ৰাপ্ত কৰিব। সহজে প্ৰাপ্ত কৰিব কিন্তু বৰদানক নিতৌ অমৃতবেলা আৰু কৰ্মযোগী স্থিতিত বাৰে বাৰে অন্তৰেৰে স্মৃতিলৈ আনিবা। নিৰাশ নহ’বা। বৰদান প্ৰাপ্ত হৈছে কেৱল যেনেকৈ স্থূল নয়নৰ মধ্যত নিৰন্তৰ বিন্দু চিকমিকাই থাকে তেনেকৈ সদায় নয়নত বিন্দু ৰূপী পিতাক সমাহিত কৰি ৰাখিবা। ৰাখিব পাৰানে নে কঠিন হয়? (সহজ হয়) গতিকে যেনেকৈ স্থূল বিন্দু নিৰন্তৰ আছে তেনেকৈ নয়নত যাতে নিৰন্তৰ পিতা বিন্দু সমাহিত হৈ থাকে। সমাহিত কৰি ল’লানে? খাপ খাই গ’লনে? ওলাইতো নাযাব? যদি নয়নত নিৰন্তৰ বিন্দু ৰূপী পিতা সমাহিত হৈ থাকে তেন্তে আন কাৰো ফালে নয়ন আকৰ্ষিত নহ’ব। পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। আনফালে দৃষ্টি নাযাবই। একেবাৰে নিৰাপদ হৈ যাবা। যিয়েই নহওঁক কিন্তু নয়নত যাতে সদায় বিন্দু ৰূপী পিতাই সমাহিত হৈ থাকে। নয়নত সদায় বিন্দু ৰূপী পিতা সমাহিত হৈ থাকিলে তেতিয়া অন্তৰতো তেৱেঁই সমাহিত হৈ থাকিব। গতিকে অন্তৰত আৰু নয়নত সমাহিত হোৱাৰ বিধি হ’ল – বাপদাদা, চাহেবক ৰাজী কৰা। তেন্তে চাহেব ৰাজীনে? তোমালোকে ভাবানে বাপদাদা চাহেব তোমালোকৰ ওপৰত ৰাজী? কিমান শতাংশ ৰাজী? (কোনোবাই ক’লে 99 শতাংশ, কোনোবাই 75 শতাংশ) ধন্যবাদ।। বাপদাদাক ৰাজী কৰা বহুত সহজ। বাপদাদাক ৰাজী কৰাৰ সহজ সাধন হ’ল “সঁচা অন্তৰ”। সঁচা অন্তৰৰ হ’লে চাহেব ৰাজী হয়। প্ৰতিটো কৰ্মত সত্যবাদী। সত্যতাই মহানতা। যিসকল সঁচা অন্তৰধাৰী, তেওঁলোক সদায় সংকল্প, বাণী আৰু কৰ্মত, সম্বন্ধ-সম্পৰ্কত ৰাজযুক্ত হ’ব অৰ্থাৎ ৰহস্য বুজি কৰোঁতা, চলোঁতা, আৰু আমি কিমান দূৰ ৰাজযুক্ত হওঁ তাক চিনাক্ত কৰাৰ চিন হ’ল - যদি ৰহস্য জানে তেন্তে তেওঁ কেতিয়াও নিজৰ স্ব-স্থিতিক লৈ বিতুষ্ট নহ’ব, অৰ্থাৎ নিৰাশ নহ’ব আৰু সংকল্পৰেও, বৃত্তিৰেও, স্মৃতিৰেও, দৃষ্টিৰেও কাকো বিতুষ্ট নকৰিব, কিয়নো তেওঁ সকলোৰে আৰু নিজৰ স্বভাৱ-সংস্কাৰক জানোঁতা ৰাজযুক্ত হয়। গতিকে পিতাক ৰাজী কৰাৰ বিধি হ’ল – ৰাজযুক্ত হৈ চলা আৰু ৰাজযুক্ত অৰ্থাৎ নিজেও বিতুষ্ট নহয় আনকো বিতুষ্ট নকৰা।

সদায় সময় অনুসৰি নিজৰ মন, বুদ্ধিক সপোনতো শুভ আৰু শুদ্ধ কৰি ৰাখা। বহুত সন্তানে বাৰ্তালাপত কয় - বাপদাদাইতো শক্তি দিয়ে কিন্তু সময়ত শক্তি ব্যৱহাৰ নহয়। বাপদাদাই বিশেষ সকলো সন্তানক সংগী হোৱাৰ সম্বন্ধেৰে বিশেষ এনেকুৱা সময়ত অতিৰিক্ত সহায় কৰে, কিয়? পিতা সন্তানসকলক সম্পন্ন কৰি লগত লৈ যোৱাৰ বাবে দায়বদ্ধ। সেয়েহে পিতাই নিজৰ দায়িত্ব বিশেষকৈ এনেকুৱা সময়ত পালন কৰে কিন্তু কেতিয়াবা কেতিয়াবা সন্তানসকলৰ মনৰ ধাৰণ কৰা শক্তিৰ ‘চুইচ অফ্‌’ হৈ থাকে, তেন্তে পিতাই কি কৰিব? পিতাইতো তথাপিও ‘চুইচ অন’ কৰিবলৈ, খুলিবলৈ চেষ্টা কৰে কিন্তু সময় লাগি যায়, সেয়েহে যেতিয়া আকৌ ‘চুইচ অন’ হৈ যায় তেতিয়া কয় - কৰিবতো নালাগিছিল, কিন্তু হৈ গ’ল। সেয়েহে সদায় নিজৰ মনৰ ধাৰণ কৰা শক্তি, যাক তোমালোকে প্ৰেৰিত হোৱা বুলি কোৱা, সেই ধাৰণ কৰা বা প্ৰেৰিত হোৱা শক্তিৰ ‘চুইচ অন’ কৰি ৰাখা। মায়াই ‘অফ্‌’ কৰিবলৈ প্ৰয়াস কৰে, চেকেণ্ডত ‘অফ্‌’ কৰি গুচি যায়, সেয়েহে যিমানে সময় স্পৰ্শকাতৰ হৈ যাব, তেতিয়া আৰু হ’ব। ভয়তো নকৰা নহয়? বাপদাদাই আগতেও কৈছে যে তোমালোক সকলোৱে বৰ্ষ কিয় উদ্‌যাপন কৰিলা? কি বৰ্ষ উদ্‌যাপন কৰিলা? সংস্কাৰেৰে সংসাৰ পৰিৱৰ্তন কৰাৰ। দৃঢ় হোৱা নহয়! উদ্‌যাপন কৰিলা নহয়! নে পাহৰি গ’লা? (উদ্‌যাপন কৰি আছোঁ।) গতিকে যিহেতু সন্তানসকলে সংসাৰ পৰিৱৰ্তনৰ দৃঢ় সংকল্প কৰিলে, সেয়েহে প্ৰকৃতিয়ে পিতাক সোধে যে মই চাফা কৰাৰ প্ৰস্তুতি চলাওঁ, কিন্তু চাফা কৰোঁতা যি নিমিত্ত তেওঁ কৰি কৰি চিন্তাত পৰি যায়, দোধোৰ-মোধোৰ অৱস্থা হৈ যায় যে কৰোঁ নে নকৰোঁ। সোনকালে কৰোঁ, ধীৰে ধীৰে কৰোঁ, মই কি কৰোঁ! প্ৰকৃতিয়ে সোধে, তেতিয়া বাপদাদাই প্ৰকৃতিক কি উত্তৰ দিব? ডবল বিদেশীসকলে কোৱা। (অলপ অপেক্ষা কৰক) এয়াতো ভাল উত্তৰ নহয়। যদি ডবল বিদেশীয়ে অপেক্ষা কৰে তেন্তে নোপোৱা। এতিয়াতো উৰাজাহাজ পাই গ’লা। উৰাজাহাজত শুই শুই আহিলা নহয়। আৰামত আহি গ’লা নহয়। গোটেই সভাত কাৰোবাৰ আহোঁতে অসুবিধা হ’ল নেকি? হাত উঠোৱা। (এজনে ক’লে আমাৰ উৰাজাহাজ এবাৰ ঘূৰি গ’ল) সময়ত উপস্থিততো হৈ গ’লা। এয়া সাহসৰ কথা। যিয়ে অলপ ভয় কৰিলে তেওঁলোক থাকি গ’ল। তোমালোকে দৃঢ় সংকল্প কৰিলা, যাবই লাগিব সেয়েহে উপস্থিত হৈ গ’লা। কেৱল এগৰাকীৰে উৰাজাহাজ উভতিল, বচ্‌ সেয়াই নহয়। তাৰ কোনো কথা নাই, আকৌ ভাল পোৱা যাব। এতিয়া আগলৈ প্ৰকৃতিক, চাফা কৰোঁতাসকলক চিন্তাত নেপেলাবা কিয়নো স্থাপনা কৰোঁতাসকল এতিয়াও কেতিয়াবা কেতিয়াবা চিন্তাত পৰে। কি কৰোঁ, এনেকৈ কৰোঁ নে নকৰোঁ। ঠিক হ’ব নে ঠিক নহয়? একেবাৰে স্পষ্ট হওঁক, হয় নে নহয়। এয়া শুদ্ধ, এয়া অশুদ্ধ - স্পষ্ট হওঁক। প্ৰকৃতিয়ে তোমালোকৰ বৰ্ষ উদ্‌যাপন কৰিবৰ বাবে প্ৰস্তুতিতো চলাব। এতিয়াও কৰাই আছে কিন্তু স্থাপনাৰ নিমিত্ত হোৱা আত্মাসকলৰ এতিয়া কোনো কথাত নিজৰ প্ৰতিয়ে হওঁক বা আনৰ প্ৰতিয়ে হওঁক ভাবিবলৈ সময় লাগিব নালাগে। ছেকেণ্ডত স্পষ্টকৈ প্ৰেৰিত হওঁক। বিন্দু লগাবলৈ কিমান সময় লাগে? (চেকেণ্ড) তেন্তে যেতিয়া ব্যৱহাৰিক জীৱনত বিন্দু লগোৱা তেতিয়া চেকেণ্ড লাগেনে? কোনো কথাত বিন্দু লগাওঁতে বা বিন্দু ৰূপ স্থিতিত স্থিত হওঁতে চেকেণ্ড লাগেনে? ধৰা কিবা কথা তোমালোকৰ সন্মুখত আহি গ'ল তাত বিন্দু লগাওঁতে চেকেণ্ড লাগেনে? পাণ্ডৱৰ চেকেণ্ড লাগেনে? (কেতিয়াবা কেতিয়াবা) পাণ্ডৱসকলক বিন্দু লগাবলৈ সময় লাগে, এওঁলোকেতো কৈ আছে চেকেণ্ড লাগে? শক্তিসকলৰ শক্তি আছেনে? (পাণ্ডৱসকলে সঁচা কথা কয়) নহয়, দুয়ো সঁচা, কিয়নো তেওঁলোকৰ বিন্দু এতিয়া লাগে, তোমালোকৰ এতিয়া নালাগে, সেয়েহে পাৰ্থক্য হৈ গ’ল। বাকীতো সকলো সঁচা। সঁচা অন্তৰৰ। বাৰু।

প্ৰেক্ষাগৃহতো ভৰপূৰ হৈ আছে। (তলত পাণ্ডৱ ভৱনতো বহি আছে) তলততো বহি আছে কিন্তু বাপদাদাৰ সন্মুখত আছে। যিসকল দেশ-বিদেশত এইটো স্মৃতিত বহি আছে - বাপদাদা মধুবনলৈ আহি গ’ল, নিজৰ নিজৰ দূৰদেশী দৃষ্টি, দূৰবীণেৰে চাই আছে তেন্তে তেওঁলোকো এতিয়া বাবাৰ সন্মুখত আহি আছে যে কেনেকৈ দূৰৈত বহিও মনেৰে মধুবনত আছে। তোমালোকৰ এই সাকাৰ জগতৰ এই সাধন তল-ওপৰ হ’ব পাৰে কিন্তু এই আধ্যাত্মিক দূৰ দৃষ্টি, দূৰদৰ্শী দৃষ্টি কেতিয়াও বেয়া হ’ব নোৱাৰে। গতিকে বাপদাদাৰ সন্মুখত চাৰিওফালৰ সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলক দেখা গৈছে। বাৰু।

দীপাৱলী উদ্‌যাপন কৰিলা? সংগমযুগ হয়েই উদ্‌যাপন কৰাৰ যুগ। অন্তৰ্মুখী হৈ অতিন্দ্ৰীয় সুখৰ আনন্দ-উল্লাস কৰা। লাগিলে সেৱাত মহাদানী হৈ আত্মাসকলৰ প্ৰতি মহাদান কৰি উদ্‌যাপন কৰা, লাগিলে পৰস্পৰ বাৰ্তালাপ কৰা, নৃত্য কৰা, সমন্ধ-সম্পৰ্কৰে ইজনে সিজনৰ বিশেষত্ব চোৱা, বিশেষত্বৰ সুবাস লোৱা, সদায় উদ্‌যাপন কৰাটোৱে উদ্‌যাপন। হেৰুওৱাৰ সময় সমাপ্ত হৈ গ’ল। হেৰুৱাৰ যুগতো নহয়? এতিয়া উদ্‌যাপন কৰা আৰু উপাৰ্জন কৰাৰ যুগ, জমা কৰাৰ যুগ। গতিকে, বাপদাদাই সদায় চাই থাকে যে সন্তানসকলে উদ্‌যাপন কৰি আছে নে নাই, যিকোনো ৰূপত উদযাপন কৰিবই লাগে, কাৰণ সংগমতে হেৰুওৱা আৰু উদ্‌যাপন কৰা দুয়োটাৰে জ্ঞান আছে, সেই কাৰণেই কিবা এটা হেৰুৱাৰ পাছত উদ্‌যাপন কৰাৰ মহত্ব আছে। এতিয়া হেৰুওৱাত যতি লগোৱা। 'ষ্টপ'। হেৰুৱাব নালাগে। এটা সংকল্পও হেৰুৱাব নালাগে। উপাৰ্জন কৰাৰ সময়ত যদি হেৰুওৱা তেন্তে উপাৰ্জন কেতিয়া কৰিবা? পাছলৈতো সময় নোপোৱা। পৰীক্ষা কৰা যি সম্পদ আছে, সকলোতকৈ শ্ৰেষ্ঠ সম্পদ কি? সংকল্প, সময়, জ্ঞান ৰূপী সম্পদ প্ৰত্যক্ষ জীৱনত উপলব্ধ হওঁক। জ্ঞান শুনোৱা আৰু শুনা এইটো প্ৰথম অৱস্থা কিন্তু জ্ঞান অৰ্থাৎ 'নলেজ'। 'নলেজ'ক কি বুলি কোৱা? 'নলেজ' 'লাইট', 'মাইট' হয়, কোৱা নহয়! গতিকে জ্ঞান বা 'নলেজ'ৰ অৰ্থ হ’ল - এই সংকল্পত, বাণীত, কৰ্মত 'লাইট' আৰু 'মাইট' থকা, তেতিয়া জ্ঞানপূৰ্ণ বুলি কোৱা হ’ব।

কুমাৰীসকল জ্ঞানপূৰ্ণ হ’বাগৈ নহয়? কেৱল পাঠ্যক্ৰম কৰাওঁতা নহ'বা, ভাষণ দিওঁতা নহ’বা। তাৰ লগতে জ্ঞানৰ 'লাইট-মাইট' যাতে সংকল্প, বাণী আৰু কৰ্মত থাকে। কুমাৰীসকলৰ প্ৰতিতো বাপদাদাৰ বিষেষ স্নেহ আছে। কিয়? নিজৰ জীৱনৰ সিদ্ধান্ত লৈ ল’লা। সিদ্ধান্ত ল'লানে নে ল'বা? ভালকৈ ভাবি-গুনি ল'লা নে তাত গৈ ভাবিবা? যদি দৃঢ়তাৰে ভাবি-গুনি ল'লা তেন্তে অভিনন্দন। চোৱা ইমান তৈয়াৰ হৈ থকা হাত (সহযোগী) পাবা তোমালোকে। যিসকল কুমাৰীৰে প্ৰশিক্ষণ লৈ আছে তেওঁলোকে হাত উঠোৱা। কিমান সংখ্যক? (80) যিসকল এতিয়া সেৱাত ব্ৰতী হৈ থকা নাই, সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লোৱা নাই, তেওঁলোকে হাত উঠোৱা। গণনা কৰা, আধাসংখ্যক আছে। বাৰু ইমান হাততো (সহযোগীতো) পাবা নহয়! সোঁহাত নে বাওঁহাত? সোঁহাত হ’বা নহয়। বাৰু। কুমাৰী হোৱা নহয় সেয়েহে বাপদাদাই কুমাৰীসকলক সেৱাকেন্দ্ৰৰ ঘৰো দিয়ে আৰু বৰতো (দৰাতো) পাইছাই। সদায় ঘৰ আৰু বৰ দুয়োটাই লাগে। কুমাৰীসকলে বৰতো পাই গ'লা, এতিয়া ঘৰো পাবা, সেৱাকেন্দ্ৰ পাবা। কুমাৰসকলেও পায়। কুমাৰসকলে ভাবে আমি পিছত কিয়। পিছত নহয় আগত আছা। কুমাৰসকলৰ অবিহনেও সেৱা ক’ত হয়। যিকোনো সেৱাকেন্দ্ৰতে চোৱা, যদি কোনো পৰিশ্ৰমী কুমাৰ নাথাকে, তেন্তে ভগ্নীসকলে একো কৰিব নোৱাৰে। দুয়োৰে প্ৰয়োজন। সেয়েহে পাণ্ডৱসকলৰো নাম আছে তেনেকৈ শক্তিসকলৰো নাম আছে। দুয়োৰে নাম আছে বাৰু।

বৰ্তমান সময়ত তোমালোক প্ৰত্যেকেই আত্মাসকলৰ প্ৰতি দয়াশীল আৰু দাতা হৈ কিবা নহয় কিবা দিবই লাগে, লাগিলে মনৰ সেৱাৰ দ্বাৰা দিয়া, শুভ-ভাৱনাৰে দিয়া, শ্ৰেষ্ঠ শক্তিৰ কিৰণ দিয়াৰ বৃত্তিৰে দিয়া, আধ্যাত্মিক শক্তিসম্পন্ন বাণীৰে দিয়া নতুবা নিজৰ স্নেহ সম্পন্ন-সম্পৰ্কৰে দিয়া, কিন্তু কোনো আত্মা যাতে বঞ্চিত হৈ নাথাকে। দাতা হোৱা, দয়াশীল হোৱা। চিঞৰি আছে। পিতাৰ আগত নিজৰ নিজৰ ভাষাত চিঞৰি আছে। শান্তি দিয়া, স্নেহ দিয়া, আন্তৰিক স্নেহ দিয়া, সুখৰ কিৰণ দেখুওৱাক। তেন্তে পিতাই কেনেকৈ দিব? তোমালোক সন্তানসকলৰ দ্বাৰাই দিব নহয়! পিতাৰ তোমালোক সকলো সোঁহাত (নিকট সহযোগী) হোৱা নহয়! পাণ্ডৱ সোঁহাত হোৱানে? তোমালোক হৈছা সোঁহাতৰ স্মাৰক। গম পোৱানে কি স্মাৰক আছে? বিৰাট ৰূপৰ চিত্ৰ দেখিছা, তাত কিমান হাত দেখুৱায়? সেয়েহে তোমালোক সোঁহাতৰ চিত্ৰ হোৱা নহয়! কুমাৰীসকল, তাত তোমালোকৰ চিত্ৰ আছে নহয়? গতিকে এতিয়া পিতাই সোঁহাতৰ দ্বাৰা আত্মাসকলক সুখ-শান্তিৰ অঞ্জলিতো প্ৰাপ্ত কৰাবা নহয়! বেচেৰাসকলক যদি অঞ্জলিও নিদিয়া তেন্তে কিমান ধৰফৰাব! এতিয়া সকলো হদৰ কথাৰ পৰা উৰ্দ্ধত যোৱা। হদৰ কথাত, হদৰ সংস্কাৰত সময় নষ্ট নকৰিবা। বাপদাদাই আজিও সকলো সন্তানক, ইয়াত বহি থকাই হওঁক, সেৱাকেন্দ্ৰত বহি থকাই হওঁক বা বিদেশত থকাই হওঁক দয়াশীল ভাৱনাৰে ইংগিত দি আছে - বাপদাদাই প্ৰত্যেক সন্তানৰ হদৰ কথা, হদৰ স্বভাৱ-সংস্কাৰ, দুষ্টালি বা চতুৰালিৰ সংস্কাৰ, অমনোযোগিতাৰ সংস্কাৰ বহুত সময়ৰ পৰা দেখি আছে, বহুত সন্তানে ভাবে সকলো চলি আছে, কোনে দেখে, কোনে জানে কিন্তু এতিয়ালৈকে বাপদাদা দয়াশীল, সেয়েহে দেখিও, শুনিও দয়া কৰি আছে। কিন্তু বাপদাদাই সোধে – দয়াশীল হৈ কেতিয়ালৈকে থাকিম? কেতিয়ালৈকে? আৰু সময় লাগে নেকি? পিতাক সময়েও সোধে, আৰু কেতিয়ালৈকে? প্ৰকৃতিয়েও সোধে। তোমালোকে উত্তৰ দিয়া। এতিয়াতো কেৱল পিতাৰ ৰূপ চলি আছে, শিক্ষক আৰু সৎগুৰুতো হয়েই। কিন্তু পিতাৰ ৰূপ চলি আছে। ক্ষমাৰ সাগৰৰ ভূমিকা চলি আছে। কিন্তু যদি ধৰ্মৰজাৰ ভূমিকা চলে? কি কৰিবা? বাপদাদাই এইটোৱে বিচাৰে, ধৰ্মৰজাৰ ভূমিকা চলিলেও যাতে বাঃ সন্তানসকল! এইটোৱে আৱাজ কাণত গুঞ্জৰিত হয়। পাছত পিতাক অভিযোগ নিদিবা। বাবা আপুনি নুশুনালে, নহ’লে আমি প্ৰস্তুত হৈ গ’লোঁহেঁতেন! সেয়েহে এতিয়া হদৰ সৰু সৰু কথাত, স্বভাৱত, সংস্কাৰত সময় নষ্ট নকৰিবা। চলি আছে, চলিবই, নহয় জমা হৈ যায়। দুগুণ, তিনিগুণ, এশগুণ জমা হৈ যায়, নচলে, সেয়েহে অন্তৰত এই দৃঢ় সংকল্পৰ দীপক জ্বলোৱা। হদৰ পৰা বেহদৰ বৃত্তি, দৃষ্টি, কৃতি গঢ়ি তুলিবই লাগে, সেয়েহে বাপদাদাই কয় – গঢ়ি তুলিব লাগিব। আজি এয়া কৈ আছে গঢ়িব লাগিব, পাছত কি ক’ব? বহুত বেছি দেৰি হৈ গ’ল। সময়ক চোৱা, সেৱাক চোৱা, সেৱা বৃদ্ধি হৈ গৈ আছে, সময় আগলৈ দৌৰি আছে। কিন্তু স্বয়ং হদত আছা নে বেহদত আছা? হদৰ কথাৰ পিছত তোমালোক নদৌৰিবা। গতিকে বেহদৰ বৃত্তি, স্বমানৰ স্থিতি তোমালোকৰ পিছত দৌৰিব।

বাপদাদা এইটো বছৰত যি এতিয়ালৈকে কৰিলা, তাক লৈ সন্তুষ্ট, ধন্যবাদো জনাই আছে। কিন্তু এতিয়া সেৱাত অনুভূতি কৰাবা, অগ্নি শিখাৰ প্ৰতি উছৰ্গিত হওঁতা চগাপোক কৰি তুলিবা, লাগিলে সহযোগী কৰি তোলা নতুবা সংগী কৰি তোলা, কিবাতো হওঁক। অনুভূতিৰ খনি মুকলি কৰা। বাৰু, ইয়ালৈকে ঠিকে আছে। কিন্তু কেৱল পৰিক্ৰমা লগাওঁতা চগাপোক যাতে নহয়। অনুভূতিৰ পাঠ্যক্ৰম কৰালে দৃঢ় চগাপোক হ’ব। বহুত ভাল, স্বৰ্গ - ইমানলৈকে অুনভূতি হয়। এয়াই যথাৰ্থ জ্ঞান, ‘ন’লেজ’, ইমানলৈকে সেৱাৰ ফলাফল ঠিকে আছে। এতিয়া অনুভূতি স্বৰূপ হৈ অনুভূতি কৰোৱা। অনুভৱ কৰোঁতা অৰ্থাৎ পিতাৰ সৈতে পোনপটীয়া সমন্ধ ৰাখোঁতা। এনেকুৱা অনুভৱী চগপোক তৈয়াৰ কৰা। সহযোগী কৰিলা, তাৰবাবে অভিনন্দন আৰু সহযোগী কৰা। এয়াই স্থান, ইয়াৰ পৰা প্ৰাপ্তি হ’ব পাৰে। ইমানখিনিও মান্যতা দিয়ে কিন্তু পিতাৰ সৈতে অলপ সংযোগ স্থাপন হওঁক যাতে অগ্নিশিখাৰ পিছতেই দৌৰি থাকে। গতিকে এইটো বৰ্ষ বাপদাদাই বিশেষকৈ সেৱাত অনুভূতি কৰোৱাৰ পাঠ্যক্ৰম কৰাব বিচাৰে। ইয়াৰ দ্বাৰাই সাক্ষাৎকাৰো হ’ব আৰু সাক্ষাৎ পিতা প্ৰত্যক্ষ হ’ব। শুনিলা, কি কৰিব লাগে? পৰিকল্পনা গম পালানে? এতিয়া এইটো বছৰৰ ফলাফল চাম। বাৰু।

চাৰিওফালৰ অতি স্নেহী বাপদাদাৰ অন্তৰাসনধাৰী শ্ৰেষ্ঠ আত্মাসকলক, সদায় হদৰ স্বভাৱ, সংস্কাৰ পৰিৱৰ্তন কৰোঁতা বেহদৰ পৰিৱৰ্তক আত্মাসকলক, সদায় এটা চেকেণ্ড, এটা সংকল্পও ব্যৰ্থত নষ্ট নকৰাসকলক, জমা কৰোঁতা তীব্ৰ পুৰুষাৰ্থী সন্তানসকলক, সদায় দয়াশীল হৈ, দাতা হৈ আত্মাসকলক, ব্ৰাহ্মণ আত্মাই হওঁক বা তৃষ্ণাতুৰ আত্মাই হওঁক কিবা নহয় কিবা অঞ্জলি দিওঁতা, শক্তিৰ কিৰণ দিওঁতা, এনেকুৱা বিশাল অন্তৰধাৰী সন্তানসকলক বাপদাদাৰ বহুত বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
উৎসাহ-উদ্দীপনাৰে বিশ্ব কল্যাণৰ দ্বায়িত্ব পালন কৰোঁতা আলস্য আৰু অমনোযোগিতাৰ পৰা মুক্ত হোৱা

নতুনে হওঁক বা পুৰণাই হওঁক, ব্ৰাহ্মণ হোৱা মানে বিশ্ব কল্যাণৰ দায়িত্ব লোৱা। যেতিয়া কোনো দায়িত্ব থাকে তেতিয়া তীব্ৰগতিৰে পূৰা কৰে, দায়িত্ব নাথাকিলে তেতিয়া অমনোযোগী হৈ থাকে। দায়িত্বই আলস্য আৰু অমনোযোগিতা সমাপ্ত কৰি দিয়ে। উৎসাহ-উদ্দীপনা থকাসকল অক্লান্ত হয়। তেওঁলোকে নিজৰ চেহেৰা চলনৰ দ্বাৰা আনৰো উৎসাহ-উদ্দীপনা বঢ়াই থাকে।

স্লোগান:
সময় অনুসৰি শক্তিসমূহ প্ৰয়োগ কৰা অৰ্থাৎ জ্ঞানী আৰু যোগী আত্মা হোৱা।

সূচনা:- আজি আমাৰ সকলোৰে প্ৰাণতকৈও স্নেহী দাদী প্ৰকাশমণিজীৰ পুণ্য স্মৃতি দিৱস। যেনেকৈ দাদীজী প্ৰতিটো কৰ্মত সত্যবাদী হৈ, সঁচা অন্তৰেৰে সত্য চাহেবক ৰাজী কৰি অন্তৰ আসনধাৰী হ’ল তেনেকৈ আমিও দাদীজীৰ সমান হ’ব লাগে, এয়াই তেওঁৰ প্ৰতি স্নেহভৰা শ্ৰদ্ধাঞ্জলি।

প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

যি সংকল্প কৰিলা তাত দৃঢ় হৈ থাকা তেতিয়া বিজয়ৰ পতাকা উৰি থাকিব। দৃঢ় সংকল্পৰে সকলো সহজ হৈ যায় সেয়েহে কেতিয়াও দুৰ্বল সংকল্প নকৰিবা। সদায় আগবাঢ়ি গৈ থাকিম, বিজয়ী হ’ম – এইটো দৃঢ় সংকল্প কৰা। সকলো হদৰ পৰা নিলগত বেহদ স্বৰূপত, বেহদৰ সেৱাধাৰী হৈ থাকা। একমাত্ৰ মোৰ বাবা, দ্বিতীয় কোনো নাই, এইটো বেহদৰ ‘মোৰ’ত অনেক ‘মোৰ’ সমাহিত কৰি দিয়া তেতিয়া বিজয়ী হৈ যাবা।