26.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণ এতিয়া ঈশ্বৰৰ কোলাত আহিছা, তোমালোক মনুষ্যৰ পৰা দেৱতা হ’বলৈ হ’লে দৈৱীগুণো লাগিব”

প্ৰশ্ন:
ব্ৰাহ্মণ সন্তানসকলে কোনটো কথাত নিজক বহুত চম্ভালিব লাগে আৰু কিয়?

উত্তৰ:
গোটেই দিনটোৰ দিনচৰ্যাত যাতে কোনো পাপ কাম নহয় ইয়াৰ পৰা নিজক চম্ভালিব লাগে কিয়নো তোমালোকৰ সন্মুখত পিতা ধৰ্মৰজাৰ ৰূপত থিয় হৈ আছে। পৰীক্ষা কৰা যে কাৰোবাক দুখতো নিদিলোঁ? শ্ৰীমতত কিমান শতাংশ চলোঁ? ৰাৱণৰ মতততো নচলোঁ? কিয়নো পিতাৰ হৈ যোৱাৰ পাছত কিবা বিকৰ্ম হ’লে একৰ বিপৰীতে এশ গুণ হৈ যায়।

ওঁম্শান্তি।
ভগৱানুবাচ। এইটোতো সন্তানসকলক বুজোৱা হৈছে, কোনো মনুষ্য বা দেৱতাক ভগৱান বুলি ক’ব নোৱাৰি। ইয়াত যেতিয়া বহা তেতিয়া বুদ্ধিত এইটো থাকে যে আমি সংগমযুগী ব্ৰাহ্মণ। এইটোও স্মৃতি সদায় কাৰো নাথাকে। নিজকে সঁচাকৈ ব্ৰাহ্মণ বুলি ভাবে, এনেকুৱাও নহয়। ব্ৰাহ্মণ সন্তানসকলে আকৌ দৈৱীগুণো ধাৰণ কৰিব লাগে। আমি সংগমযুগী ব্ৰাহ্মণ, আমি শিৱবাবাৰ দ্বাৰা পুৰুষোত্তম হৈ আছোঁ। এইটো স্মৃতিও সকলোৰে নাথাকে। বাৰে বাৰে এইটো পাহৰি যায় যে আমি পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণ। বুদ্ধিত এইটো স্মৃতি থাকিলে সেয়াও বৰ সৌভাগ্যৰ কথা। সদায় ক্ৰমানুসৰি হয়েই। সকলো নিজৰ নিজৰ বুদ্ধি অনুসাৰে পুৰুষাৰ্থী। এতিয়া তোমালোক হৈছা সংগমযুগী। পুৰুষোত্তম হ’বাগৈ। এইটো জানা যে আমি পুৰুষোত্তম তেতিয়া হ’ম যেতিয়া পিতাক অৰ্থাৎ অতিকৈ মৰমৰ পিতাক স্মৰণ কৰিম। স্মৃতিৰ দ্বাৰাই পাপ নাশ হ’ব। যদি কোনোবাই পাপ কৰে তেতিয়া তাৰ এশ গুণ হিচাপ বাঢ়ি যায়। আগতে যি পাপ কৰিছিলা তাৰ 10 শতাংশ বাঢ়িছিল। এতিয়াটো 100 শতাংশ বাঢ়ি যায় কিয়নো ঈশ্বৰীয় কোলাত আহি আকৌ পাপ নকৰা জানো। তোমালোক সন্তানসকলে জানা যে পিতাই আমাক পুৰুষোত্তম তথা দেৱতা কৰি তুলিবলৈ পঢ়ায়। এইটো স্মৃতি যাৰ স্থায়ী হৈ থাকে তেওঁলোকে অলৌকিক সেৱাও বহুত কৰি থাকিব। সদায় হৰ্ষিতমুখৰ হ’বলৈ আনকো ৰাস্তা দেখুৱাব লাগে। য’লৈকে নোযোৱা, বুদ্ধিত যাতে এইটো স্মৃতি থাকে যে আমি সংগমযুগত আছোঁ। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। তেওঁলোকে পুৰুষোত্তম মাহ বা বৰ্ষ বুলি কয়। তোমালোকে কোৱা আমি পুৰুষোত্তম সংগমযুগী ব্ৰাহ্মণ। এইটো ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে - এতিয়া আমি পুৰুষোত্তম হোৱাৰ যাত্ৰাত আছোঁ। এইটো স্মৃতিত থাকিলেও সেয়া ‘মনমনাভৱ’ই হৈ গ’ল। তোমালোক পুৰুষোত্তম হৈ আছা, পুৰুষাৰ্থ অনুসৰি আৰু কৰ্ম অনুসৰি। দৈৱীগুণো লাগে আৰু শ্ৰীমতত চলিব লাগে। নিজৰ মতততো সকলো মনুষ্যই চলে। সেয়া হয়েই ৰাৱণ মত। এনেকুৱাও নহয় যে তোমালোক সকলোৱে শ্ৰীমতত চলা। বহুত আছে যিয়ে ৰাৱণৰ মততো চলে। শ্ৰীমতত কোনোবা বেছি শতাংশ চলে, কোনোবা কম। কোনোবাই চাগে 2 শতাংশহে চলে। যদিও ইয়াতে বহি আছে তথাপি শিৱবাবাৰ স্মৃতিত নাথাকে। বুদ্ধিযোগ ক’ৰবাত নহয় ক’ৰবাত গৈ থাকিব। নিতৌ নিজক চাব লাগে যে আজি কোনো পাপ কামতো কৰা নাই? কাৰোবাক দুখতো নিদিলোঁ? নিজক বহুত চম্ভালিব লাগে কিয়নো ধৰ্মৰজাও থিয় হৈ থকা নাই জানো। এতিয়া সময়েই হৈছে হিচাপ-নিকাচ নিষ্পত্তি কৰাৰ। শাস্তিও খাব লাগে। সন্তানসকলে জানে যে আমি জন্ম-জন্মান্তৰৰ পাপী। য’তেই কোনো মন্দিৰ অথবা গুৰুৰ ওচৰলৈ বা কোনো ইষ্ট-দেৱতাৰ ওচৰলৈ যায় তেতিয়া কয় - মইতো জন্ম-জন্মান্তৰৰ পাপী, মোক ৰক্ষা কৰক, দয়া কৰক। সত্যযুগত কেতিয়াও এনেকুৱা শব্দ উচ্চাৰিত নহয়। কোনোবাই সঁচাকৈ কয় কোনোবাই মিছাকৈ কয়। ইয়াতো তেনেকুৱা। বাবাই সদায় কয় - নিজৰ জীৱন কাহিনী বাবালৈ লিখি পঠিওৱা। কোনোবাইতো একেবাৰে সঁচা কথা লিখে, কোনোবাই লুকুৱায়ো। লাজ কৰে। এয়াতো জানে - বেয়া কৰ্ম কৰিলে তাৰ ফলো বেয়া পাম। সেয়াতো হৈছে অল্পকালৰ কথা। এয়াতো বহুকালৰ কথা। বেয়া কৰ্ম কৰিলে শাস্তিও খাব আকৌ স্বৰ্গলৈও বহুত পাছত আহিব। এতিয়া সকলো গম পোৱা যায় যে কোন কোন পুৰুষোত্তম হয়। সেইখন হৈছে পুৰুষোত্তম দৈৱী ৰাজ্য। উত্তমতকৈও উত্তম পুৰুষ হোৱা নহয়। আন কোনো ঠাইত এনেকৈ কাৰোবাৰ মহিমা নকৰে। মনুষ্যইতো দেৱতাসকলৰ গুণসমূহকো নাজানে। যদিও মহিমা গায় কিন্তু ভাটৌৰ দৰে সেইবাবে বাবায়ো কয় - ভক্তসকলক বুজোৱা। ভক্তসকলে যেতিয়া নিজকে নীচ পাপী বুলি কয় তেতিয়া তেওঁলোকক সুধিবা যে যেতিয়া আপোনালোক শান্তিধামত আছিল তেতিয়া তাত পাপ কৰিছিল নেকি? তাততো সকলো আত্মা পৱিত্ৰ হৈ থাকে। ইয়াত অপৱিত্ৰ হৈছে কিয়নো তমোপ্ৰধান সৃষ্টি। নতুন সৃষ্টিততো পৱিত্ৰ হৈ থাকে। অপৱিত্ৰ কৰি তোলোঁতা হৈছে ৰাৱণ।

এই সময়ত বিশেষকৈ ভাৰতত আৰু সাধাৰণভাৱে গোটেই সৃষ্টিত ৰাৱণৰ ৰাজ্য। যথা ৰজা-ৰাণী তথা প্ৰজা। আটাইতকৈ উচ্চ, আটাইতকৈ নীচ। ইয়াত সকলো পতিত। বাবাই কয় - মই তোমালোকক পাৱন কৰি যাওঁ পুনৰ তোমালোকক কোনে পতিত কৰি দিয়ে? ৰাৱণে। এতিয়া পুনৰ তোমালোক মোৰ মতেৰে পৱিত্ৰ হৈ আছা আকৌ আধাকল্পৰ পাছত ৰাৱণৰ মতত পতিত হ’বাগৈ অৰ্থাৎ দেহ-অভিমানত আহি বিকাৰৰ বশীভূত হৈ যোৱা। ইয়াকে আসুৰি মত বুলি কোৱা হয়। ভাৰত পাৱন আছিল সেই ভাৰতেই এতিয়া পতিত হৈ গ’ল আকৌ পাৱন হ’ব লাগে। পাৱন কৰিবৰ বাবেই পতিত-পাৱন পিতা আহিবলগীয়া হয়। এই সময়ত চোৱা কিমান অনেক মনুষ্য আছে। কাইলৈ কিমান হ’ব! যুদ্ধ লাগিব, মৃত্যুতো সন্মুখতে আছে। কাইলৈ ইমানবিলাক ক’লৈ যাব? সকলোৰে শৰীৰ আৰু এই পুৰণি সৃষ্টিৰ বিনাশ হৈ যায়। এইটো ৰহস্য এতিয়া পুৰুষাৰ্থৰ ক্ৰমানুসৰি তোমালোকৰ বুদ্ধিত আছে। আমি কাৰ সন্মুখত বহি আছোঁ, এইটোও বহুতে বুজি নাপায়। একেবাৰে সাধাৰণ পদ পাওঁতা হ’ব। ড্ৰামা অনুসৰি কিয়েই বা কৰিব পাৰে, ভাগ্যত নাই। এতিয়াতো সন্তানসকলে সেৱা কৰিব লাগে, পিতাক স্মৰণ কৰিব লাগে। তোমালোক সংগমযুগী ব্ৰাহ্মণ, তোমালোক পিতাৰ সমান জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হ’ব লাগে। গঢ়ি তোলোঁতা পিতাক পাইছা নহয়। দেৱতাসকলৰ মহিমা গোৱা হয় সৰ্বগুণ সম্পন্ন……. এতিয়াতো এনেকুৱা গুণৱান কোনো নাই। সদায় নিজক সুধি থাকিবা – মই কিমানলৈকে উচ্চ পদ পোৱাৰ লায়ক হৈছোঁ? সংগমযুগক ভালদৰে স্মৰণ কৰিবা। আমি সংগমযুগী ব্ৰাহ্মণ পুৰুষোত্তম হ’বলৈ গৈ আছোঁ। শ্ৰীকৃষ্ণ নতুন সৃষ্টিৰ পুৰুষোত্তম হয় নহয়। সন্তানসকলে জানে যে আমি পিতাৰ সন্মুখত বহি আছোঁ, তেন্তে আৰু বেছিকৈহে পঢ়া উচিত। পঢ়াবও লাগে। যদি নপঢ়োৱা তেন্তে এইটো সিদ্ধ হয় যে নিজে নপঢ়া। বুদ্ধিত ধাৰণ নহয়। 5 শতাংশও ধাৰণ নহয়। এইটোও স্মৃতিত নাথাকে যে আমি সংগমযুগী ব্ৰাহ্মণ। বুদ্ধিত পিতাৰ স্মৃতি থাকিব লাগে আৰু চক্ৰ ঘূৰাই থাকিব লাগে, বুজনিতো বহুত সহজ। নিজক আত্মা বুলি বুজিব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। তেওঁ হৈছে সকলতোকৈ উচ্চ পিতা। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। আমিয়ে পূজ্য, আমিয়ে পূজাৰী, এইটো বৰ ভাল মন্ত্ৰ। তেওঁলোকে আকৌ আত্মাই পৰমাত্মা বুলি কৈ দিছে, যি কিছু কয় সেয়া একেবাৰে ভুল। আমি পৱিত্ৰ আছিলোঁ, 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই এতিয়া এনেকুৱা হৈছোঁ। এতিয়া আমি উভতি যাম। আজি ইয়াত, কাইলৈ ঘৰলৈ যাম। আমি বেহদৰ পিতাৰ ঘৰলৈ যাওঁ। এয়া হৈছে বেহদৰ নাটক যিখন এতিয়া পুনৰাবৃত্তি হ’ব। পিতাই কয় – দেহ সহিত দেহৰ সকলো ধৰ্ম পাহৰি নিজক আত্মা বুলি বুজা। এতিয়া আমি এই শৰীৰ এৰি ঘৰলৈ যাওঁ, এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা, মই আত্মা - এইটোও যদি স্মৃতিত থাকে আৰু নিজৰ ঘৰো স্মৃতিত থাকে তেন্তে বুদ্ধিৰে গোটেই সৃষ্টিৰ সন্ন্যাস হৈ গ’ল। শৰীৰৰো সন্ন্যাস, গতিকে সকলোৰে সন্ন্যাস। সেই হঠযোগীসকলে গোটেই সৃষ্টিৰ সন্ন্যাস কৰে নহয়, তেওঁলোকৰ সন্ন্যাস আধৰুৱা। তোমালোকেতো গোটেই সৃষ্টি ত্যাগ কৰিব লাগে, নিজক শৰীৰ বুলি ভাবে সেয়েহে আকৌ কৰ্মও তেনেকুৱাই কৰে। দেহ-অভিমানী হোৱাৰ বাবে চুৰ কৰা, মিছা কোৱা, পাপ কৰা..... এই সকলো অভ্যাস গঢ়ি উঠে। উচ্চ স্বৰত কথা কোৱাৰো অভ্যাস হৈ যায়, তেতিয়া আকৌ কয় – মোৰ মাতেই এনেকুৱা। এদিনত 25-30 টা পাপ কৰি লয়। মিছা কোৱাটোও পাপ নহ'ল জানো। অভ্যাস হৈ যায়। বাবাই কয় – মৃদু স্বৰত কথা ক’বলৈ শিকাচোন। স্বৰ মৃদু কৰিবলৈ বেছি সময় নালাগে। কুকুৰকো যদি প্রতিপাল কৰে তেতিয়া ভাল হৈ যায়, বান্দৰ কিমান উগ্ৰ, আকৌ কাৰোবাৰ লগত ঘনিষ্ঠ হৈ গ’লে তেতিয়া বহি লৈ নৃত্য আদিও কৰে। জীৱ-জন্তুৰো শুধৰণি হৈ যায়। জীৱ-জন্তুৰ শুধৰণি কৰোঁতা হৈছে মনুষ্য। মনুষ্যৰ শুধৰণি কৰোঁতা হৈছে পিতা। পিতাই কয়, তোমালোকো জন্তুৰ নিচিনা। সেইবাবে মোকো কাছ অৱতাৰ, বৰাহ অৱতাৰ বুলি কৈ দিয়া। তোমালোকৰ যেনেকুৱা কৰ্মকাণ্ড, তাতকৈও মোক নিকৃষ্ট কৰি দিলা। এয়াও তোমালোকে জানা, জগতৰ লোকে নাজানে। অন্তিমত তোমালোকৰ সাক্ষাৎকাৰ হ'ব। কেনেকৈ শাস্তি খায় সেয়াও তোমালোকে জানিব পাৰিবা। আধাকল্প ভক্তি কৰিলা, এতিয়া পিতাক পালা। পিতাই কয় - মোৰ মতত নচলিলে শাস্তি আৰুহে বাঢ়ি যাব সেইবাবে এতিয়া পাপ আদি কৰিবলৈ এৰা। নিজৰ খতিয়ান ৰাখিবা আকৌ তাৰ লগতে ধাৰণাৰো প্রয়োজন। কাৰোবাক বুজোৱাৰ অভ্যাসো থাকিব লাগে। প্রদৰ্শনীৰ চিত্রবোৰৰ ওপৰত চিন্তন কৰিবা। কাৰোবাক মই কেনেকৈ বুজাম। প্রথমতে এইটো বিষয় লোৱা - গীতাৰ ভগৱান কোন? জ্ঞানৰ সাগৰতো পতিত-পাৱন পৰমপিতা পৰমাত্মা। এইজন পিতা হৈছে সকলো আত্মাৰে পিতা। তেন্তে সকলোৰে পিতাৰ পৰিচয় থকা উচিত নহয় জানো। ঋষি-মুনি আদি কাৰো পিতাৰ পৰিচয়ো নাই আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয়ো নাই সেইবাবে পোন প্রথমে এইখিনি বুজাই তেওঁলোকৰ দ্বাৰা লিখোৱা যে ভগৱান এজনেই। অন্য কোনো হ’ব নোৱাৰে। মনুষ্যই নিজক ভগৱান বুলি ক’ব নোৱাৰে।

তোমালোক সন্তানসকলৰ এতিয়া নিশ্চয়তা জন্মিছে যে ভগৱান নিৰাকাৰ। পিতাই আমাক পঢ়ায়। আমি বিদ্যাৰ্থী। তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। এজনক স্মৰণ কৰিলে শিক্ষক আৰু গুৰু দুয়োৰে স্মৃতি আহিব। বুদ্ধি ইফালে-সিফালে গৈ থকা উচিত নহয়। কেৱল ‘শিৱ’ বুলিও ক’ব নালাগে, শিৱ আমাৰ পিতাও হয়, পৰম শিক্ষকো হয়, আমাক লগত লৈ যাব। সেই এজনৰে কিমান মহিমা আছে, তেওঁকেই স্মৰণ কৰিব লাগে। কোনো কোনোৱে কয় – এওঁতো বি.কে.ক গুৰু কৰি ল’লে। তোমালোক তেওঁলোকৰ গুৰুতো হোৱা নহয়। অৱশ্যে তোমালোকক পিতা বুলি নক’ব। শিক্ষক বা গুৰু বুলি ক’ব, পিতা বুলি নকয়। তিনিওটা সম্বোধনেৰে এজন পিতাকেই মাতিব। তেওঁ সকলোতকৈ উচ্চ পিতা, এওঁৰ (ব্ৰহ্মাৰ) ওপৰতো হৈছে সেইজন (শিৱবাবা) পিতা। এয়া ভালদৰে বুজাব লাগে। প্ৰদৰ্শনীত বুজাবলৈ বুদ্ধি লাগে। কিন্তু নিজৰ ইমান সাহস আছে বুলি নাভাবে। ডাঙৰ ডাঙৰ প্ৰদৰ্শনী হ’লে তেতিয়া যিসকল ভাল সেৱাধাৰী সন্তান আছে তেওঁলোক গৈ সেৱা কৰা উচিত। বাবাই মানা কৰে জানো। আগলৈ গৈ সাধু-সন্ত আদিকো তোমালোকে জ্ঞান বাণ মাৰি থাকিবা। যাবনো ক’লৈ! এখনেই দোকান। সকলোৰে সৎগতি এই দোকানৰ পৰাই হ’ব। এইখন দোকান এনেকুৱা য’ত তোমালোকে সকলোকে পৱিত্ৰ হোৱাৰ ৰাস্তা দেখুৱাই দিয়া, তাৰ পাছত তেওঁলোক পৱিত্ৰ হয় বা নহয় সেয়া তেওঁলোকৰ কথা।

তোমালোক সন্তানসকলৰ ধ্যান বিশেষভাৱে সেৱাৰ প্ৰতি থাকিব লাগে। যদিও সন্তানসকল বিচাৰ বুদ্ধি সম্পন্ন হয় কিন্তু পূৰা সেৱা নকৰিলে বাবাই বুজি লয় ৰাহুৰ দশা চলিছে। দশাতো সকলোৰে ওপৰত ঘূৰি থাকে নহয় জানো। মায়াৰ ছায়া পৰিলে পুনৰ দুদিন পাছত ঠিক হৈ যায়। সন্তানসকলে সেৱাৰ অনুভৱ কৰিব লাগে। প্ৰদৰ্শনীতো অনুষ্ঠিত কৰি থাকা, কিয়নো মনুষ্যই বুজি লৈ ততালিকে লিখি নিদিয়ে যে যথাযথ গীতা শ্ৰীকৃষ্ণই নহয়, শিৱ ভগৱানে শুনাইছিল। কোনোবাইতো কেৱল কৈ দিয়ে - এয়া বহুত ভাল। মনুষ্যৰ কাৰণে বহুত কল্যাণকাৰী, সকলোকে দেখুৱাব লাগে। কিন্তু ময়ো এই উত্তৰাধিকাৰ লওঁ….. এনেকৈ কোনেও নকয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেহ-অভিমানত আহি উচ্চ স্বৰত কথা ক’ব নালাগে। এইটো অভ্যাস ত্যাগ কৰিব লাগে। চুৰ কৰা, মিছা কথা কোৱা…. এয়া সকলো পাপ, ইয়াৰ পৰা বাচি থাকিবৰ বাবে আত্ম-অভিমানী হৈ থাকিব লাগে।

(2) মৃত্যু সমাগত সেই কাৰণে পিতাৰ শ্ৰীমতত চলি পাৱন হ’ব লাগে। পিতাৰ হোৱাৰ পাছত কোনো বেয়া কৰ্ম কৰিব নালাগে। শাস্তিৰ পৰা ৰক্ষা পাবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
লোক পচন্দ সভাৰ টিকট আৰক্ষণ কৰোঁতা ৰাজ্য সিংহাসনৰ অধিকাৰী হোৱা

যিকোনো সংকল্প বা বিচাৰ কৰিলে প্ৰথমে পৰীক্ষা কৰা যে এইটো বিচাৰ বা সংকল্প পিতাৰ পচন্দ হয়নে? যি পিতাৰ পচন্দ হয় সেয়া লোক পচন্দ স্বতঃ হৈ যায়। যদি কোনো সংকল্পত স্বাৰ্থ আছে তেন্তে মন পচন্দ বুলি কোৱা হ’ব আৰু বিশ্ব কল্যাণৰ অৰ্থে হ’লে তেতিয়া লোক পচন্দ বা প্ৰভু পচন্দ বুলি কোৱা হ’ব। লোক পচন্দ সভাৰ সদস্য হোৱা অৰ্থাৎ আইন-শৃংখলাৰ ৰাজ্য অধিকাৰ বা ৰাজ্য সিংহাসন প্ৰাপ্ত কৰি লোৱা।

স্লোগান:
পৰমাত্ম সান্নিধ্যৰ অনুভৱ কৰা তেতিয়া সকলো সহজ অনুভৱ কৰি সুৰক্ষিত হৈ থাকিবা।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ শিৱ-শক্তি সংযুক্ত ৰূপ তেনেকৈ পাণ্ডৱপতি আৰু পাণ্ডৱ এয়া সদাকালৰ সংযুক্ত ৰূপ। পাণ্ডৱপতিয়ে পাণ্ডৱ অবিহনে একোৱেই কৰিব নোৱাৰে। যিসকল এনেকৈ সংযুক্ত ৰূপত সদায় থাকে তেওঁলোকৰ আগত বাপদাদাই সাকাৰত সৰ্ব সম্বন্ধৰে সন্মুখত থাকে। য'লৈকে আহ্বান জনোৱা তাত চেকেণ্ডত হাজিৰ হৈ যায় সেই কাৰণে কয় “প্ৰভু হাজিৰ”।