26.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শ্ৰেষ্ঠ বাবাই তোমালোক বিশিষ্ট ব্যক্তিসকলক বেছি পৰিশ্ৰম কৰিবলৈ নিদিয়ে, কেৱল দুটা শব্দ স্মৃতিত ৰাখা – ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)”

প্ৰশ্ন:
আত্মিক পিতাৰ মুখ্য কৰ্তব্য কোনটো যিটোৰ দ্বাৰাহে পিতাই আনন্দ অনুভৱ কৰে?

উত্তৰ:
আত্মিক পিতাৰ মুখ্য কৰ্তব্য হ'ল পতিতসকলক পাৱন কৰি তোলা। পিতাই পাৱন কৰি তোলাতেই বহুত আনন্দ পায়। পিতা আহেই সন্তানসকলৰ সৎগতি কৰিবলৈ, সকলোকে সতোপ্ৰধান কৰি তুলিবলৈ কিয়নো এতিয়া ঘৰলৈ যাব লাগে। কেৱল এটা পাঠ দৃঢ় কৰা - মই দেহ নহয়, আত্মা। এইটো পাঠৰ দ্বাৰাই পিতাৰ স্মৃতি থাকিব আৰু পাৱন হৈ যাবা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। তোমালোক সন্তানসকলক পৱিত্ৰ কৰি তোলোঁতে পিতাৰো আনন্দ লাগে সেয়েহে কোৱা হয় পতিত-পাৱন পিতাক স্মৰণ কৰা। সকলোৰে সৎগতি দাতা সেই এজন পিতাই হয় অন্য কোনো নাই। এইটোও তোমালোকে এতিয়া বুজি পোৱা যে এতিয়া নিশ্চয় ঘৰলৈ যাব লাগে। পুৰুষাৰ্থ বেছিকৈ কৰিবলৈ পিতাই কয় স্মৃতিৰ যাত্ৰাৰ অতি প্ৰয়োজন। স্মৃতিৰ দ্বাৰাই পৱিত্ৰ হ'বা, তাৰপাছত হৈছে পঢ়াৰ কথা। প্ৰথমতে ‘অল্ফ’ পিতাক স্মৰণ কৰা, পাছত এই বাদশ্বাহী, যাৰ কাৰণে তোমালোকক নিৰ্দেশনা দিয়ে। তোমালোকে জানা 84 জন্ম কেনেকৈ লয়। সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ যায়, ছিৰি তললৈ নামিবলগীয়া হয়। এতিয়া আকৌ সতোপ্ৰধান হ’ব লাগে। সত্যযুগ হৈছে পৱিত্ৰ সৃষ্টি, তাত এজনো পতিত নাথাকে। সত্যযুগত এই কথাবোৰ নাথাকে। মূল কথা হ'ল পৱিত্ৰ হোৱাৰ। এতিয়াতো পৱিত্ৰ হোৱা তেতিয়াহে নতুন সৃষ্টিলৈ আহিবা আৰু ৰাজ্য কৰাৰ লায়ক হ’বা। সকলো পৱিত্ৰ হ’বই লাগে, তাত পতিত নাথাকেই। যিসকলে এতিয়া সতোপ্ৰধান হ’বলৈ পুৰুষাৰ্থ কৰে তেওঁলোকেই পৱিত্ৰ সৃষ্টিৰ মালিক হ’ব। মূল কথা এটাই। পিতাক স্মৰণ কৰিলে সতোপ্ৰধান হৈ যাবা। পিতাই বেছি পৰিশ্ৰম কৰিবলৈ নিদিয়ে। কেৱল কয় - নিজক আত্মা বুলি বুজা। বাৰে বাৰে কয়- প্ৰথমে এই পাঠটি দৃঢ় কৰা - মই দেহ নহয়, মই আত্মা। মাথো সেয়াই। ডাঙৰ ব্যক্তিয়ে বেছিকৈ পঢ়ি নাথাকে, দুটা শব্দতে শুনাই দিয়ে। ডাঙৰ ব্যক্তিক কষ্ট দিয়া নহয়। তোমালোকে জানা সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ’বলৈ কিমান জন্ম লাগিছে? 63 জন্ম বুলি কোৱা নহ’ব। 84 জন্ম লাগিছে। এইটোতো নিশ্চয়তা আছে যে আমি সতোপ্ৰধান আছিলোঁ, স্বৰ্গবাসী অৰ্থাৎ সুখধামৰ মালিক আছিলোঁ। সুখধাম আছিল যিটোক আদি সনাতন দেৱী-দেৱতা ধৰ্ম বুলি কোৱা হয়। সেয়া সকলো মনুষ্য আছিল, কেৱল দৈৱীগুণ সম্পন্ন আছিল। এই সময়ত হ’ল আসুৰি গুণধাৰী মনুষ্য। এয়াতো শাস্ত্ৰত লিখি দিছে যে অসুৰ আৰু দেৱতাসকলৰ যুদ্ধ লাগিল তেতিয়া দেৱতাসকলৰ ৰাজ্য স্থাপনা হ’ল। এয়াতো পিতাই বুজায় - তোমালোক প্ৰথমতে অসুৰ আছিলা। পিতা আহি ব্ৰাহ্মণ কৰি তুলিলে, ব্ৰাহ্মণৰ পৰা দেৱতা হোৱাৰ যুক্তি শুনাইছে। বাকী অসুৰ আৰু দেৱতাসকলৰ যুদ্ধৰ কথাই নাই। দেৱতাসকলৰ কাৰণে কোৱা হয় - অহিংসা পৰম ধৰ্ম। দেৱতাসকলে কেতিয়াবা যুদ্ধ কৰে জানো। হিংসাৰ কথা হ’বই নোৱাৰে। সত্যযুগত দৈৱী ৰাজ্যত যুদ্ধ ক’ৰ পৰা আহিল। সত্যযুগৰ দেৱতা ইয়ালৈ আহি অসুৰৰ লগত যুদ্ধ কৰিব নে অসুৰে তাত দেৱতাসকলৰ ওচৰলৈ গৈ যুদ্ধ কৰিব? হ'ব নোৱাৰে। এইখন হ'ল পুৰণি সৃষ্টি, সেইখন হ'ল নতুন সৃষ্টি, আকৌ যুদ্ধ কেনেকৈ হ'ব পাৰে। ভক্তিমাৰ্গত মনুষ্যই যি শুনে তাকেই সত্য সত্য বুলি কৈ থাকে। কাৰো বুদ্ধি নচলে, একেবাৰে পাথৰ বুদ্ধিৰ। কলিযুগত হৈছে পাথৰ বুদ্ধি, সত্যযুগত হৈছে পাৰস (পৱিত্ৰ) বুদ্ধি। ৰাজ্যই হ'ল পাৰসনাথৰ। ইয়াততো ৰাজ্য নাই। দ্বাপৰৰ ৰজাসকলো অপৱিত্ৰ আছিল, ৰত্নজড়িত মুকুট আছিল, ‘লাইট’ৰ নাছিল অৰ্থাৎ পৱিত্ৰতা নাছিল। তাত (সত্যযুগত) সকলো পৱিত্ৰ আছিল। ইয়াৰ অৰ্থ এইটো নহয় যে ওপৰত কোনো ‘লাইট’ৰ মণ্ডল থাকে। নহয়। চিত্ৰত পৱিত্ৰতাৰ চিন হিচাপে ‘লাইট’ দেখুৱাইছে। এই সময়ত তোমালোকো পৱিত্ৰ হোৱা। তোমালোকৰ ‘লাইট’ ক'ত? এইটো তোমালোকে জানা যে পিতাৰ সৈতে যোগযুক্ত হৈ পৱিত্ৰ হওঁ। তাত বিকাৰৰ নাম নাই। বিকাৰী ৰাৱণৰাজ্যই শেষ হৈ যায়। ইয়াত ৰাৱণক দেখুৱায়, এইটো সিদ্ধ কৰিবলৈ যে এতিয়া ৰাৱণৰাজ্য চলি আছে। ৰাৱণক প্ৰতি বছৰে জ্বলাই থাকে, কিন্তু নজ্বলে। তোমালোকে ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰা, পাছত এই ৰাৱণ নাথাকিবই।

তোমালোক হৈছা অহিংসক। তোমালোকৰ বিজয় যোগবলৰ দ্বাৰা হয়। স্মৃতিৰ যাত্ৰাৰে তোমালোকৰ জন্ম-জন্মান্তৰৰ সকলো বিকৰ্ম এতিয়া বিনাশ হ’ব। জন্ম-জন্মান্তৰৰ অৰ্থাৎ কেতিয়াৰ পৰা? বিকৰ্ম কেতিয়া আৰম্ভ হয়। প্ৰথমেতো তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰসকলেই আহিছা। সূৰ্যবংশী পাছত চন্দ্ৰবংশীত দুটা কলা কম হৈ যায়। পাছত লাহে লাহে কলা কম হৈ গৈ থাকে। এতিয়া মূল কথা হৈছে পিতাক স্মৰণ কৰি সতোপ্ৰধান হ’ব লাগে। যিসকল কল্প পূৰ্বে সতোপ্ৰধান হৈছিল, সেইসকলেই হ’ব। আহি থাকিব। ক্ৰমানুসৰিতো হয়েই। আকৌ ড্ৰামা অনুসৰি যেতিয়া আহিব তেতিয়াও ক্ৰমানুসৰি এই দৰেই আহিব। আহি জন্ম ল’ব। ড্ৰামাখন কিমান বিচিত্ৰ ভাৱে ৰচি থোৱা আছে, ইয়াক জানিবলৈও বোধ শক্তি লাগে। যেনেকৈ তোমালোক অৱনমিত হ’লা এতিয়া আকৌ আৰোহণ কৰিব লাগে। ক্ৰমানুসৰিয়ে উত্তীৰ্ণ হ’ব আকৌ ক্ৰমানুসৰি তললৈ আহিব। তোমালোকৰ লক্ষ্য-উদ্দেশ্য হৈছে সতোপ্ৰধান হোৱাৰ। সকলোতো সম্পূৰ্ণ উত্তীৰ্ণ নহয়। 100 নম্বৰৰ পৰা আকৌ কমি গৈ থাকে সেয়েহে বহুত পুৰুষাৰ্থ কৰিব লাগে। এই পুৰুষাৰ্থতেই অনুত্তীৰ্ণ হয়। সেৱা কৰা সহজ। সংগ্ৰাহালয়ত তোমালোকে কেনেকৈ বুজোৱা তাৰপৰাই প্ৰত্যেকৰে পঢ়াৰ বিষয়ে গম পোৱা যায়। প্ৰধান শিক্ষকে দেখিব যে এওঁ ঠিককৈ নুবুজায়, তেতিয়া স্বয়ং গৈ বুজাব, আহি সহায় কৰিব। দুই-এজন ৰখীয়া ৰখা হয়, যিজনে চায় এওঁ ঠিককৈ বুজায়নে? কোনোবাই কিবা সুধিলে বিভ্ৰান্ত হৈতো নাযায়? এইটোও বুজি পায়, সেৱাকেন্দ্ৰৰ সেৱাতকৈ প্ৰদৰ্শনীৰ সেৱা ভাল হয়। প্ৰদৰ্শনীতকৈ সংগ্ৰাহালয়ত ভাল হয়। সংগ্ৰাহালয়ত ভালকৈ প্ৰদৰ্শন কৰে, আকৌ যিসকলে চাই যায় তেওঁলোকে আনক গৈ শুনাই থাকিব। এয়াতো অন্তিমলৈকে চলি থাকিব।

এই “ঈশ্বৰীয় বিশ্ব বিদ্যালয়” শব্দকেইটি ভাল। ইয়াত মনুষ্যৰ নামতো নাই। ইয়াৰ উদ্ঘাটন কোনে কৰে? পিতাই কৈছে - তোমালোকে ডাঙৰ ব্যক্তিৰ দ্বাৰা উদ্ঘাটন কৰোৱা, তেতিয়া ডাঙৰ ব্যক্তিৰ নাম শুনি বহুত আহে। এজনৰ পিছত অনেক আহি যাব সেয়েহে পিতাই দিল্লীত লিখিছে যে ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ যি মতামত আছে সেয়া ছপোৱা, তেতিয়া মনুষ্যই দেখি ক’ব - এওঁলোকৰ ওচৰলৈ ইমান ডাঙৰ ডাঙৰ ব্যক্তি যায়। এওঁলোকেতো বহুত ভাল মতামত দিয়ে। গতিকে এয়া ছপোৱাতো ভাল। ইয়াত অন্য কোনো যাদু আদিৰ কথা নাই সেয়েহে বাবাই লিখি থাকে মতামতৰ কিতাপ প্ৰকাশ কৰিব লাগে। ইয়াতো বিতৰণ কৰিব লাগে। গোৱা হয় - মিছা কায়া, মিছা মায়া..... ইয়াত সকলো আহি যায়। বহুত আছে যিয়ে কয় এয়া ৰাৱণৰাজ্য, ৰাক্ষসৰ ৰাজ্য। প্ৰথমতেতো যাৰ ৰাজ্য হয় তেওঁৰ খেয়াল অহা উচিত। এনেকৈ কয় - আমাক পতিতসকলক পাৱন কৰি তোলা। তেনেহ’লে পতিত অৱস্থাত সকলো আহি গ’ল। সকলোৱে কয় - হে পতিত-পাৱন তেন্তে নিশ্চয় পতিত নহয় জানো।

তোমালোকে এই চিত্ৰও শুদ্ধকৈ তৈয়াৰ কৰিছা যে পতিত-পাৱন পৰমপিতা পৰমাত্মা নে এই নদী-নাদবোৰ? অমৃতসৰতো পুখুৰী আছে। গোটেই পানী লেতেৰা হৈ যায়। তাকে তেওঁলোকে অমৃতৰ পুখুৰী বুলি ভাবে। ডাঙৰ ডাঙৰ ৰজাসকলে অমৃত বুলি ভাবি পুখুৰী পৰিস্কাৰ কৰায় সেয়েহে নামেই ৰাখিলে অমৃতসৰ। এতিয়া অমৃত বুলিতো গংগাজীকো কয়, পানী ইমান লেতেৰা হৈ যায় তাৰ কথাই নুসুধিবা। বাবাই এই নদী আদিত স্নান কৰিছিল। বহুত লেতেৰা পানী। আকৌ মাটি তুলি লৈ লগায়। বাবা অনুভৱী হয় নহয়। শৰীৰো পুৰণা অনুভৱী লৈছে। এওঁৰ নিচিনা অনুভৱী কোনো নহ’ব। ডাঙৰ ডাঙৰ ৰাজপ্ৰতিনিধি, ৰজা আদিৰ লগতো সাক্ষাৎকাৰ কৰাৰ অনুভৱ আছিল। যৱ, বাজৰা আদিও বেচিছিল। 4-6 অনা অৰ্জন কৰিলেই আনন্দিত হৈ গৈছিল বাল্য কালত। এতিয়া চোৱা ক’লৈ গুচি গ’ল। গাঁৱৰ ল’ৰা পাছত কি হৈ যায়! পিতায়ো কয় - মই সাধাৰণ তনত আহোঁ। তেওঁ নিজৰ জন্মৰ কথা নাজানে। কেনেকৈ 84 জন্ম লৈ আকৌ গাঁৱৰ ল’ৰা হ’ল। এয়া পিতাই বহি বুজায়। চৰিত্ৰ শ্ৰীকৃষ্ণৰো নাই, কংসৰো নাই। কলহ ফুটোৱা আদিবোৰতো শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত মিছাকৈ কয়। পিতাক চোৱা কিমান সহজকৈ কয় - অতি মৰমৰ সন্তানসকল, উঠোঁতে-বহোঁতে তোমালোকে কেৱল মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। মই উচ্চৰো উচ্চ সকলো আত্মাৰ পিতা। তোমালোকে জানা আমি সকলো ভাই ভাই, তেওঁ পিতা। আমি সকলো ভায়ে এজন পিতাক স্মৰণ কৰোঁ। তেওঁতো হৈছে ভগৱান, “হে ইশ্বৰ” বুলি কয় কিন্তু একোৱে নাজানে। পিতাই এতিয়া পৰিচয় দিছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ইয়াক ‘তা’ৰ যুগ বুলি কোৱা হয় কিয়নো পিতা আহি জ্ঞান শুনায় যাৰ দ্বাৰা উচ্চ হৈ যোৱা। আত্মায়ো শৰীৰ ধাৰণ কৰি আকৌ কথা কয়। পিতায়ো দিব্য অলৌকিক কৰ্তব্য কৰিব লাগে সেয়েহে শৰীৰৰ আধাৰ লয়। আধাকল্প মনুষ্য দুখী হয় সেয়েহে মাতি থাকে। পিতা কল্পত এবাৰেই আহে। তোমালোকে বাৰে বাৰে ভূমিকা পালন কৰা। আদি সনাতন হৈছে দেৱী-দেৱতা ধৰ্ম, সেই ভেটি এতিয়া নাই। তেওঁলোকৰ কেৱল চিত্ৰহে ৰৈ গৈছে। সেয়েহে পিতায়ো কয় - তোমালোক এই লক্ষ্মী-নাৰায়ণ হ’ব লাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত থিয় হৈ আছে। এয়া হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম। বাকী হিন্দু ধৰ্মতো কোনো ধৰ্ম নহয়। হিন্দুতো হৈছে হিন্দুস্থানৰ নাম। যেনেকৈ সন্ন্যাসীসকলে ব্ৰহ্ম অৰ্থাৎ থকা ঠাইকে ভগৱান বুলি কৈ দিয়ে। তেনেকৈ এয়া আকৌ থকা স্থানকে নিজৰ ধৰ্ম বুলি কৈ দিয়ে, আদি সনাতন জানো হিন্দু ধৰ্ম আছিল। হিন্দুসকলেতো দেৱতাসকলৰ আগত গৈ তেওঁলোকক নমস্কাৰ জনায়, মহিমা গায়, যিসকল দেৱতা আছিল, তেওঁলোকেই হিন্দু হৈ গ’ল। ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গ’ল। অন্য সকলো ধৰ্ম বৰ্তি আছে, এই দেৱতা ধৰ্মই প্ৰায় লোপ হৈ গ’ল। নিজেই পূজ্য আছিল, আকৌ পূজাৰী হৈ দেৱতাসকলৰ পূজা কৰে। কিমান বুজাবলগীয়া হয়। শ্ৰীকৃষ্ণৰ কাৰণেও কিমান বুজায়। এওঁ স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ গতিকে এতিয়া 84 জন্মও তেওঁৰ পৰাই আৰম্ভ হ’ব। পিতাই কয় - বহুত জন্মৰ অন্তিমৰো অন্তিম জন্মত মই প্ৰৱেশ কৰোঁ। তেন্তে ইয়াৰ নিশ্চয় হিচাপতো শুনাব নহয়। এই লক্ষ্মী-নাৰায়ণেই প্ৰথম নম্বৰত আহিছিল। গতিকে যি প্ৰথমতে আছিল তেৱেঁই শেষত যাব। কেৱল এগৰাকী শ্ৰীকৃষ্ণতো নাছিল, বিষ্ণু বংশাৱলীৰতো আৰু আছিল। এই কথাবোৰ তোমালোকে ভালদৰে জানা। এইটো আকৌ পাহৰি নাযাবা। এতিয়া সংগ্ৰাহালয়তো খুলিয়ে থাকে, বহুত খুলি থাকিব। বহুত লোক আহিব। যেনেকৈ মন্দিৰলৈ গৈ মূৰ দোৱায়, তোমালোকৰ ওচৰতো দেখা যায়, লক্ষ্মী-নাৰায়ণৰ চিত্ৰ থাকিলে ভক্তলোকসকলে তেওঁলোকৰ আগত পইচা ৰাখি দিয়ে। তোমালোকে কোৱা ইয়াত হৈছে বুজি লোৱাৰ কথা, পইচা ৰখাৰ কথা নাই। এতিয়া তোমালোক শিৱৰ মন্দিৰলৈ গ’লে পইচা ৰাখিবা জানো? তোমালোক যাবা বুজোৱাৰ লক্ষ্যৰে কিয়নো তোমালোকে এই সকলোৰে জীৱন কাহিনী জানা। মন্দিৰতো বহুত আছে। মুখ্য হৈছে শিৱৰ মন্দিৰ। তাত অন্য মূৰ্তিবোৰ কিয় ৰাখে? সকলোৰে আগত পইচা থৈ গ’লে আমদানি হ’ব। তেনেহ’লে সেয়া শিৱৰ মন্দিৰ বুলি কোৱা হ’ব নে শিৱৰ পৰিয়ালৰ মন্দিৰ বুলি কোৱা হ’ব। শিৱবাবাই এই পৰিয়াল ৰচিছে। সঁচা পৰিয়ালতো তোমালোক ব্ৰাহ্মণসকলৰ। শিৱবাবাৰ পৰিয়াল হৈছে শালগ্ৰাম। পাছত আমাৰ ভাই-ভনীৰ পৰিয়াল হৈ যায়। প্ৰথমতে ভাই ভাই আছিলোঁ, পাছত পিতা আহিলে ভাই-ভনী হওঁ। আকৌ তোমালোক সত্যযুগত আহা। সেয়েহে তাত পৰিয়াল আৰু ডাঙৰ হৈ যায়। তাতো বিবাহ হ’লে পৰিয়াল আৰু বৃদ্ধি হৈ যায়। ঘৰ অৰ্থাৎ শান্তিধামত থাকিলে তেতিয়া আমি ভাই ভাই হওঁ, এজন পিতা। আকৌ ইয়াত প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হওঁ আৰু কোনো সম্বন্ধ নাই, আকৌ ৰাৱণৰাজ্যত বহুত বৃদ্ধি হৈ যায়। পিতাই সকলো ৰহস্য বুজাই থাকে তথাপিও কয় - অতি মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰিলে জন্ম-জন্মান্তৰৰ পাপৰ বোজা আঁতৰি যাব। পঢ়াৰ দ্বাৰা পাপ খণ্ডন নহয়। পিতাৰ স্মৃতিহে মুখ্য। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সম্পূৰ্ণ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ কাৰণে নিজৰ বুদ্ধিক সতোপ্ৰধান পাৰস কৰি তুলিব লাগে। ভোদা বুদ্ধিৰ পৰা তীক্ষ্ণ বুদ্ধিৰ হৈ ড্ৰামাৰ বিচিত্ৰ ৰহস্যক বুজিব লাগে।

(2) এতিয়া পিতাৰ সমান দিব্য আৰু অলৌকিক কৰ্ম কৰিব লাগে। দ্বৈত অহিংসক হৈ যোগবলেৰে নিজৰ বিকৰ্ম বিনাশ কৰিব লাগে।

বৰদান:
কৰ্ম আৰু যোগৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদৰ অনুভৱ কৰোঁতা কৰ্মযোগী হোৱা

কৰ্মযোগী অৰ্থাৎ প্ৰতিটো কৰ্ম যোগযুক্ত হওঁক। কৰ্মযোগী আত্মা সদায়েই কৰ্ম আৰু যোগ একেলগে অৰ্থাৎ সন্তুলন ৰাখোঁতা হ’ব। কৰ্ম আৰু যোগৰ সন্তুলন থাকিলে প্ৰতিটো কৰ্মত পিতাৰ দ্বাৰাতো আশীৰ্বাদ পোৱাই যায় কিন্তু যাৰেই সম্বন্ধ-সম্পৰ্কত আহে তেওঁৰ পৰাও আশীৰ্বাদ পোৱা যায়। কোনোবাই ভাল কৰিলে তেতিয়া অন্তৰৰ পৰা তেওঁৰ প্ৰতি আশীৰ্বাদ ওলায় যে বহুত ভাল। বহুত ভাল বুলি কোৱাটোৱেই আৰ্শীবাদ।

স্লোগান:
ছেকেণ্ডত সংকল্পত যতি লগোৱাৰ অভ্যাসেই কৰ্মাতীত অৱস্থাৰ সমীপত আনিব।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

সংগমযুগ আনন্দৰ যুগ, এই সময়ত সকলো বিঘিনিৰ পৰা আধাকল্পৰ বাবে বিদায় হৈ যায় সেয়েহে সদায় স্মৃতিত ৰাখিবা যে আমি কল্প কল্পৰ বিজয়ী ৰত্ন। অন্তৰত যাতে বিজয়ৰ নাগাৰা বাজি থাকে। যেনেকৈ বিজয়ৰ শিঙা বাজে তেনেকৈ স্মৃতিৰে পিতাৰ সৈতে সংযোগ স্থাপন কৰিলা আৰু সদায় যাতে এই শিঙা বাজি থাকে। ভিতৰত আনন্দৰ নৃত্য চলি থাকে।