27.08.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – চৈতন্য অৱস্থাত থাকি পিতাক স্মৰণ কৰিব লাগে, শূন্য অৱস্থাত গুচি যোৱা অথবা টোপনি যোৱা – এয়া কোনো যোগ নহয়”

প্ৰশ্ন:
তোমালোকক চকু মুদি বহিবলৈ কিয় দিয়া নহয়?

উত্তৰ:
যদি তোমালোকে চকু মুদি বহা তেন্তে দোকানৰ সকলো বস্তু চোৰে চুৰি কৰি লৈ যাব। মায়া চোৰে বুদ্ধিত একোৱেই ধাৰণা হ’বলৈ নিদিব। চকু মুদি যোগত বহিলে টোপনি আহি যাব। একো গমেই নাপাবা সেইবাবে চকু মেলি বহিব লাগে। কাম-কাজ কৰি বুদ্ধিৰে পিতাক স্মৰণ কৰিব লাগে। এই ক্ষেত্ৰত হঠযোগৰ কথা নাই।

ওঁম্শান্তি।
আত্মিক পিতাই সন্তানসকলক কয়, এৱোঁ (ব্ৰহ্মা) সন্তান নহয় জানো। দেহধাৰী সকলো সন্তান। সেয়েহে আত্মিক পিতাই আত্মাসকলক কয়, আত্মাই মুখ্য। এয়াতো ভালদৰে বুজা। ইয়াত যেতিয়া সন্মুখত বহা তেতিয়া এনেকুৱা নহয় শৰীৰৰ পৰা উপৰাম হৈ লুপ্ত হৈ যাব লাগে। শৰীৰৰ পৰা উপৰাম হৈ লুপ্ত হৈ যোৱা, এয়া কোনো স্মৃতিৰ যাত্ৰাৰ অৱস্থা নহয়। ইয়াত সজাগ হৈ বহিব লাগে। চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। পিতাই এনেকৈ নকয় যে ইয়াত বহি বেহুঁচ হৈ যোৱা। এনেকৈ বহুতে বহি বহি লুপ্ত হৈ যায়। তোমালোকেতো সজাগ হৈ বহিব লাগে আকৌ পৱিত্ৰও হ’ব লাগে। পৱিত্ৰতা অবিহনে ধাৰণা নহ’ব, কাৰোৰে কল্যাণ কৰিব নোৱাৰিবা, কাকো ক’ব নোৱাৰিবা। নিজে পৱিত্ৰ হৈ নাথাকে আৰু আনক কয়, সেয়াতো পণ্ডিত হৈ গ’ল। নিজকে বৰ সিয়ান বুলিও ভাবিব নালাগে নহ’লে পাছত সেয়াই বিবেক দংশন কৰি থাকিব। এনেকৈ নাভাবিবা যে আমি শূন্যলৈ গুচি যাওঁ। চকু বন্ধ হৈ যায়, এয়া কোনো স্মৃতিৰ অৱস্থা নহয়, এই ক্ষেত্ৰত চৈতন্য অৱস্থাত থাকি পিতাক স্মৰণ কৰিব লাগে। টোপনি যোৱা এয়া কোনো স্মৰণ কৰা নহয়। সন্তানসকলক বহুত সাৰ কথা বুজোৱা হয়। শাস্ত্ৰত দেখুওৱা হৈছে – চেতনাৰ সপ্তম অৱস্থাত গুচি যায়, তেওঁলোকৰ জগতৰ খবৰেই নাথাকে। তোমালোকৰতো জগতৰ খবৰ আছে নহয়। এইখন ছিঃ ছিঃ সৃষ্টি। পিতাক কোনেও নাজানে। যদি পিতাক জানে তেনেহ’লে সৃষ্টি চক্ৰকো জানি যাব। পিতাই শুনায় – এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। মনুষ্যই পুনৰ্জন্ম কেনেকৈ লয়। সত্যযুগত আয়ুস দীঘলীয়া হৈ গ’লেও কুৰূপ হৈ নাযায়…। তোমালোককতো পিতাই কয় – গৃহস্থালিত থাকি সজাগ হৈ থাকা। শূন্য অৱস্থাত গুচি যোৱা, এয়া কোনো অৱস্থা নহয়। পেছাগত কাম-কাজ আদিও কৰিব লাগে, গৃহস্থালিও চম্ভালিব লাগে। শূন্য হৈ যাব নালাগে। কাম-কাজ কৰি বুদ্ধিৰে পিতাক স্মৰণ কৰিব লাগে। কাম নিশ্চয় কৰিবা, চকু মেলিয়ে নকৰিবা জানো। পেছাগত কাম আদি সকলো কৰি যোৱা। বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে থাকিব লাগে। এই ক্ষেত্ৰত গাফিলতি কৰিব নালাগে। দোকানত বহি থাকোতে চকু বন্ধ হৈ গ’লে তেতিয়া কিবা বস্তু উঠাই লৈ গ’লে গমেই নাপাবা। এয়া কোনো অৱস্থা নহয়। আমি দেহৰ পৰা উপৰাম হৈ যাওঁ, এয়া সকলো হঠযোগীসকলৰ কথা। তন্ত্ৰ-মন্ত্ৰৰে সিদ্ধি পোৱাসকলে কৰে। পিতাইতো ভালদৰে বুজায়, এই ক্ষেত্ৰত চকু মুদি বহিব নালাগে। পিতাই কয় – মিত্ৰ-সম্বন্ধীয় যিসকলক তোমালোকে স্মৃতিলৈ আনি থাকা সেয়া সকলো পাহৰি যোৱা। এজন পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰ যাত্ৰা অবিহনে পাপ খণ্ডন নহয়। ভোগ লৈ যায়, সূক্ষ্মবতনত লুপ্ত (চেতনাহীন) হৈ যায়। ইয়াৰ দ্বাৰা কি হয়? যিমান সময় তাত থাকে বিকৰ্ম বিনাশ হ’ব নোৱাৰে। শিৱবাবাক স্মৰণ কৰিব নোৱাৰে। নতুবা বাবাৰ বাণীও শুনিব নোৱাৰে। সেয়েহে লোকচান হৈ যায়। কিন্তু এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে সেইবাবে যায়। আকৌ আহি মুৰুলী শুনে সেইবাবে বাবাই কয় – যোৱা, তৎক্ষণাৎ আহা, বহি নাযাবা। খেল-ধেমালি কৰাতো বাবাই বন্ধ কৰি দিছে। এয়াও দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাই নহ’ল জানো। ভক্তিমাৰ্গত কন্দা বিলাপ কৰা বহুত হয় কিয়নো অন্ধকাৰ মাৰ্গ নহয় জানো। মীৰাই ধ্যানত বৈকুণ্ঠত গুচি গৈছিল। সেয়া জানো যোগ বা পঢ়া আছিল। তাৰ দ্বাৰা জানো সৎগতি পালে? স্বৰ্গলৈ যোৱাৰ লায়ক হ’ল জানো? জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হ’ল জানো? একেবাৰে নহয়। জন্ম-জন্মান্তৰৰ পাপ পিতাৰ স্মৃতিৰ দ্বাৰাহে খণ্ডন হয়। বাকী সাক্ষাৎকাৰ আদিৰ পৰা কোনো লাভ নহয়। এয়াতো হৈছে কেৱল ভক্তি। স্মৃতিও নাই, জ্ঞানো নাই। ভক্তিমাৰ্গত এয়া শিকাওঁতা কোনো নাই সেয়েহে সৎগতিও নাপায়। যিমানে সাক্ষাৎকাৰ নহওঁক, আৰম্ভণিততো কন্যাসকল নিজে নিজে গুচি গৈছিল। মম্মা-বাবা যোৱা নাছিল। এয়াতো আৰম্ভণিতে বাবাৰ (ব্ৰহ্মাৰ) কেৱল স্থাপনা আৰু বিনাশৰ সাক্ষাৎকাৰ হৈছিল। পাছলৈতো একো হোৱা নাছিল। মই কাকোৱে নপঠিয়াওঁ। অৱশ্যে হয়, বহুৱাই লৈ কৈ দিওঁ বাবা এওঁৰ ৰছী (বুদ্ধিযোগ) টানি লোৱা। সেয়াও ড্ৰামাত থাকিলে তেতিয়া ৰছী টানিব, নহ’লে নাটানে। সাক্ষাৎকাৰতো ঢেৰ হয়। যেনেকৈ আৰম্ভণিত বহুত সাক্ষাৎকাৰ হৈছিল, পাছলৈও বহু সাক্ষাৎকাৰ হ’ব, “মিৰুৱা মৌত মলুকা চিকাৰ…” (অৰ্থাৎ চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা, সেইদৰে বিনাশৰ সময়তো মায়া আৰু প্ৰকৃতি দুয়োটাই ভয়ানক ৰূপ ল’ব। দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হ’ব আৰু মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলৰ কাৰণে বিনোদনদায়ক হ’ব)। ইমান অনেক মনুষ্য আছে, সেই সকলোৱে শৰীৰ এৰিব। শৰীৰৰ সৈতে কোনেও সত্যযুগলৈ বা শান্তিধামলৈ নাযায়। কিমান অনেক মনুষ্য আছে, সকলোৰে বিনাশ হ’ব। বাকী এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম ব্ৰহ্মাৰ দ্বাৰা প্ৰতিষ্ঠা হৈ আছে। তোমালোক কন্যাসকলে গাঁৱে গাঁৱে গৈ কিমান সেৱা কৰা। এনেকৈ কোৱা যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক। সন্ন্যাসীসকলেতো ৰাজযোগ শিকাব নোৱাৰে। পিতা অবিহনে ৰাজযোগ কোনে শিকাব? তোমালোক সন্তানসকলক পিতাই এতিয়া ৰাজযোগ শিকাই আছে। পাছত ৰাজ্য পাই যোৱা। তোমালোক অপাৰ সুখত থাকা। তাততো আকৌ স্মৰণ কৰাৰ প্ৰয়োজন নাথাকে। অকণমানো দুখ নাথাকে। আয়ুসো বেছি, শৰীৰো নিৰোগী হয়। ইয়াত কিমান দুখ। এনেকুৱাতো নহয় যে পিতাই দুখৰ কাৰণে খেল ৰচনা কৰিছে। এয়াতো সুখ-দুখ, হৰা-জিকাৰ আদি-অনাদি খেল। এই সকলো কথা সন্ন্যাসীসকলে নাজানে তেন্তে কেনেকৈ বুজাব পাৰিব। তেওঁলোকতো হৈছে ভক্তিমাৰ্গৰ শাস্ত্ৰ আদি পঢ়োঁতা। তোমালোকক কোৱা হয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। সেই সন্ন্যাসীসকলে আকৌ আত্মা বুলি ভাবি ব্ৰহ্মক স্মৰণ কৰে। ব্ৰহ্মক পৰমাত্মা বুলি ভাবে, তেওঁলোক হৈছে ব্ৰহ্ম জ্ঞানী। প্ৰকৃততে ব্ৰহ্ম হৈছে থকা স্থান। য’ত তোমালোক আত্মাসকল থাকা তেওঁলোকে আকৌ কয় - আমি তাত লীন হৈ যাম। তেওঁলোকৰ গোটেই জ্ঞানেই ওলোটা। ইয়াততো বেহদৰ পিতাই তোমালোক সন্তানসকলক পঢ়ুৱায়। তেওঁলোকে কয় – ভগৱান 40 হাজাৰ বছৰ পাছত আহিব, ইয়াকে অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। পিতাই কয় – নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কৰাওঁতাতো মই হওঁ। মই স্থাপনা কৰি আছোঁ, বিনাশো সমাগত। এতিয়া সোনকাল কৰা। পৱিত্ৰ হোৱা তেতিয়াহে পৱিত্ৰ সৃষ্টিলৈ যাবা। এয়াতো পুৰণি তমোপ্ৰধান সৃষ্টি। লক্ষ্মী-নাৰায়ণৰ ৰাজ্যতো নাই। তেওঁলোকৰ ৰাজ্য নতুন সৃষ্টিত আছিল, এতিয়া নাই। এওঁলোকে পুনৰ্জন্ম লৈ আহিছে। শাস্ত্ৰততো কি কি লিখি দিছে। শ্ৰীকৃষ্ণক অৰ্জুনৰ ঘোঁৰা গাড়ীত বহি থকা দেখুৱাইছে। এনেকুৱা নহয় যে অৰ্জুনৰ ভিতৰত শ্ৰীকৃষ্ণ বহি আছে। শ্ৰীকৃষ্ণতো দেহধাৰী আছিল নহয়, এয়া কোনো যুদ্ধ আদিৰ কথা নহয়। তেওঁলোকেতো পাণ্ডৱ আৰু কৌৰৱৰ সৈন্য বেলেগ বেলেগ কৰি দিছে। ইয়াততো তেনেকুৱা কথা নহয়। এয়া ভক্তিমাৰ্গৰ অনেক শাস্ত্ৰ। সত্যযুগত এয়া নাথাকে। তাততো জ্ঞানৰ প্ৰালব্ধ ৰাজধানী থাকে। তাত সুখেই সুখ। পিতাই নতুন সৃষ্টি স্থাপনা কৰে তেন্তে নতুন সৃষ্টিত নিশ্চয় সুখেই নহ’ব জানো। পিতাই জানো কেতিয়াবা পুৰণি ঘৰ সজায়! পিতাইতো নতুন ঘৰ সজায়, সেইখন সৃষ্টিকে সতোপ্ৰধান সৃষ্টি বুলি কোৱা হয়। এতিয়াতো সকলো তমোপ্ৰধান অপৱিত্ৰ, পৰৰ ৰাৱণৰাজ্যত বহি আছে।

ৰামতো শিৱবাবাক কোৱা হয়, ৰাম ৰাম বুলি কৈ ৰাম নামৰ দান দিয়ে। এতিয়া ক’ত ৰাম, ক’ত শিৱবাবা। এতিয়া শিৱবাবাই তোমালোক সন্তানসকলক কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। য’ৰ পৰা আহিছা ত’লৈ পুনৰ যাব লাগে, যেতিয়ালৈকে পিতাক স্মৰণ কৰি পৱিত্ৰ নোহোৱা তেতিয়ালৈ উভতিও যাব নোৱাৰিবা। তোমালোকৰ মাজতো কোনোবা বিৰলজনেহে ভালদৰে পিতাক স্মৰণ কৰে। মুখেৰেতো কোৱাৰ কথা নহয়। ভক্তিত মুখেৰে ৰাম ৰাম বুলি কয়। কোনোবাই নক’লে তেতিয়া ভাবিব এওঁ নাস্তিক। কিমান শব্দ কৰি গায়। বৃক্ষ যিমানে ডাঙৰ হয়, সিমানে ভক্তিৰ সামগ্ৰী বেছি হৈ যায়। বীজ কিমান সৰু। তোমালোকৰ কোনো বস্তু নাই, কোনো শব্দ নাই। কেৱল কয় – নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। মুখেৰে ক’বও নালাগে। লৌকিক পিতাকো সন্তানসকলে বুদ্ধিৰে স্মৰণ কৰে। বহি লৈ বাবা বাবা বুলি কৈ থাকে জানো। তোমালোকে এতিয়া জানা আত্মাসকলৰ পিতা কোন। সকলো আত্মাতো ভাই ভাই হয়। আত্মাৰতো অন্য কোনো নাম নাই। বাকী শৰীৰৰ নাম সলনি হয়। আত্মাতো আত্মাই হয়। তেৱোঁ পৰম আত্মা। তেওঁৰ নাম হ’ল শিৱ। তেওঁৰ নিজৰ শৰীৰ নাই। পিতাই কয় – যদি মোৰো নিজৰ শৰীৰ থাকিলেহেঁতেন তেন্তে পুনৰ্জন্মত আহিবলগীয়া হ’লহেঁতেন। তোমালোকক আকৌ সৎগতি কোনে দিব? ভক্তিমাৰ্গত মোক স্মৰণ কৰে। অনেক চিত্ৰ আছে। এতিয়া তোমালোক নৰকবাসীৰ পৰা স্বৰ্গবাসী হৈ যোৱা নহয়। জন্মতো নৰকতে লৈছা। স্বৰ্গৰ বাবে মৰিবা। ইয়ালৈ তোমালোক স্বৰ্গলৈ যাবৰ বাবেই আহিছা। যেনেকৈ কোনোবাই দলং আদি নিৰ্মাণ কৰিলে, তেতিয়া প্ৰথমে আধাৰশিলা স্থাপন অনুষ্ঠান উদ্‌যাপন কৰি লয় পাছত দলং নিৰ্মাণ কৰি থাকে। স্বৰ্গ স্থাপনাৰ উদ্ঘাটন (আধাৰশিলা স্থাপন অনুষ্ঠান) পিতাই কৰিলে, এতিয়া প্ৰস্তুতি চলি থাকে। ঘৰ নিৰ্মাণ কৰিবলৈ সময় লাগে জানো? চৰকাৰ ঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিলে এমাহতে ঘৰ নিৰ্মাণ কৰি দিব। বিলাতততো তৈয়াৰ কৰি থোৱা ঘৰ পোৱা যায়। স্বৰ্গততো বহুত বিশাল বুদ্ধি সতোপ্ৰধান হয়। বিজ্ঞানীসকলৰ বুদ্ধি তীক্ষ্ণ হয়। তৎক্ষণাৎ নিৰ্মাণ কৰিব, দেৱাল আদিত মণি-মুকুতাও খোদিত কৰিব। আজিকালি নকল বস্তুবোৰ চোৱা কিমান ততালিকে তৈয়াৰ কৰি থাকে। সেয়াতো আকৌ আচল বস্তুতকৈও বেছি চিক্‌মিকায়। আৰু আজিকালিৰ যন্ত্ৰৰে ততালিকে তৈয়াৰ কৰি লয়। তাত ঘৰ নিৰ্মাণ কৰিবলৈ সময় নালাগে, চাফা হওঁতে সময় লাগে। এনেকুৱা নহয় যে সোণৰ দ্বাৰকা সাগৰৰ পৰা ওলাই আহিব। সেয়েহে পিতাই কয় – খোৱা-বোৱা কৰা, কেৱল পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব, আন কোনো উপায় নাই। জন্ম-জন্মান্তৰ এই গংগা স্নান আদি কৰি আহিছা কিন্তু কোনেও মুক্তি-জীৱনমুক্তিতো নাপায়েই। ইয়াততো পিতাই পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। পিতাই কয় – ময়েই পতিত-পাৱন। তোমালোকে আহ্বান জনাইছা – হে পতিত-পাৱন বাবা আহক, আহি আমাক পাৱন কৰি তোলক। ড্ৰামা পূৰা হ’ল গতিকে সকলো ভাৱৰীয়া মঞ্চত উপস্থিত থকা উচিত। ৰচয়িতাও থকা উচিত। সকলো থিয় হৈ যায় নহয়। এয়াও এনেকুৱা। সকলো আত্মা আহি গ’লে আকৌ উভতি যাব লাগিব। এতিয়া তোমালোক তৈয়াৰ হোৱা নাই। কৰ্মাতীত অৱস্থাই হোৱা নাই তেন্তে বিনাশ কেনেকৈ হ’ব। পিতা আহেই তোমালোকক নতুন সৃষ্টিৰ বাবে পঢ়ুৱাবলৈ, তাত কাল নাথাকেই। তোমালোক কালৰ ওপৰত বিজয়ী হোৱা। কোনে বিজয়ী কৰি তোলে? কালৰো কালে। তেওঁ কিমানক লগত লৈ যায়! তোমালোক আনন্দেৰে যোৱা। এতিয়া পিতা আহিছে সকলোৰে দুখ দূৰ কৰিবলৈ সেইবাবে তেওঁৰ মহিমা গায়, ঈশ্বৰ পিতা, দুখৰ পৰা মুক্ত কৰক। শান্তিধাম-সুখধামলৈ লৈ যাওঁক। কিন্তু এয়াতো মনুষ্যই নাজানে যে এতিয়া পিতাই স্বৰ্গৰ ৰচনা কৰি আছে। তোমালোক স্বৰ্গলৈ যাবা তাত বৃক্ষ বহুত সৰু হ’ব পাছলৈ বৃদ্ধি হ’ব। এতিয়া আন সকলো ধৰ্ম আছে, সেই এটা ধৰ্ম নাই। নাম, ৰূপ, ৰাজ্য আদি সলনি হৈ যায়। প্ৰথমতে দ্বৈত মুকুট, পাছলৈ একক মুকুটধাৰী হৈ যায়। সোমনাথ মন্দিৰ নিৰ্মাণ কৰে, কিমান ধন আছিল। সকলোতকৈ ডাঙৰ মন্দিৰ এটা আছিল যাক লুটি লৈ গ’ল। পিতাই কয় – তোমালোক পদ্মাপদম ভাগ্যশালী হোৱা। খোজে প্ৰতি পিতাক স্মৰণ কৰি থাকা তেতিয়া পদম জমা হ’ব। পিতাক স্মৰণ কৰিলে ইমান উপাৰ্জন হয়। তেন্তে আকৌ এনেহেন পিতাক স্মৰণ কৰিবলৈ তোমালোকে পাহৰা কিয়? যিমানে পিতাক স্মৰণ কৰিবা, সেৱা কৰিবা সিমানে উচ্চ পদ পাবা। ভাল ভাল সন্তানসকল আগবাঢ়ি গৈ থাকোঁতে বাগৰি পৰে। মুখ ক’লা কৰিলে অৰ্জা উপাৰ্জন নোহোৱা হৈ যায়। বহুত মূল্যৱান লটাৰি হেৰুৱাই পেলায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গৃহস্থালিৰ চম্ভাল কৰি বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে ৰাখিব লাগে। গাফিলতি কৰিব নালাগে। পৱিত্ৰতাৰ ধাৰণাৰ দ্বাৰা নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে।

(2) স্মৃতিৰ যাত্ৰা আৰু পঢ়াতে উপাৰ্জন আছে, ধ্যান, সাক্ষাৎকাৰ এয়াতো হৈছে ঘূৰি ফুৰা সেইবাবে তাৰ পৰা কোনো লাভ নাই। যিমান সম্ভৱ সজাগ হৈ পিতাক স্মৰণ কৰি নিজৰ বিকৰ্ম বিনাশ কৰিব লাগে।

বৰদান:
শ্ৰেষ্ঠ স্মৃতিৰে শ্ৰেষ্ঠ স্থিতি আৰু শ্ৰেষ্ঠ বায়ুমণ্ডল গঢ়ি তোলোঁতা সকলোৰে সহযোগী হোৱা

যোগৰ অৰ্থ হৈছে শ্ৰেষ্ঠ স্মৃতিত থকা। মই শ্ৰেষ্ঠ আত্মা শ্ৰেষ্ঠ পিতাৰ সন্তান, যেতিয়া এনেকুৱা স্মৃতি থাকে তেতিয়া স্থিতি শ্ৰেষ্ঠ হৈ যায়। শ্ৰেষ্ঠ স্থিতিৰে শ্ৰেষ্ঠ বায়ুমণ্ডল স্বতঃ গঢ়ি উঠে যিয়ে অনেক আত্মাক নিজৰ ফালে আকৰ্ষিত কৰে। য’তেই তোমালোক আত্মাসকল যোগযুক্ত হৈ থাকি কৰ্ম কৰা তাৰ বাতাবৰণ, বায়ুমণ্ডলে আনকো সহযোগ দিয়ে। এনেকুৱা সহযোগী আত্মাসকলে পিতাৰ আৰু বিশ্বৰ প্ৰিয় হৈ যায়।

স্লোগান:
অচল স্থিতিৰ আসনত বহিলেহে ৰাজ্য সিংহাসন পাবা।


প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

সদায় বিজয়ী হৈ থাকিবলৈ সাক্ষী স্থিতিত স্থিত হৈ থকাৰ অভ্যাস কৰা। সাক্ষী হৈ এই দেহেৰে কৰ্ম কৰোৱা। এই সাক্ষী স্থিতিয়ে সহজ পুৰুষাৰ্থৰ অনুভৱ কৰায় কিয়নো সাক্ষী স্থিতিত কোনো ধৰণৰ বিঘিনি বা জটিলতা আহিব নোৱাৰে। অন্তিমত যেতিয়া সকলোফালে অস্থিৰতা হ’ব তেতিয়া সেই সময়ত সাক্ষী স্থিতিৰেহে বিজয়ী হ’বা।